Tuesday, September 30, 2014

কনফুচিয়াচ, বুদ্ধ আৰু এজাক কুকুৰ - যাযাবৰৰ দিনলিপি (১৫)


আকৌ আহিল কনফুচিয়াচ। কাজিয়াত লিপ্ত দুটা কুকুৰক ক'লে "পৰাজিত হৈওঁ পুণৰ যুঁজ দিবলৈ মন বান্ধিব পাৰতহে প্রকৃত জয়"। কনফুচিয়াচৰ জ্ঞানেৰে বিমুগ্ধ দুয়োটা কুকুৰে প্রকৃত জয় প্রাপ্তিৰ সন্মোহনত পলকতে পৰাজয় বৰণ কৰি পুণঃ পুণঃ বাৰ কাজিয়াত লিপ্তহৈ অবশেষত ইহঃ সংসাৰৰ পৰা মেলানি মাগিলে। সিঁহতৰ যুঁজৰ কোৰ্হালত প্রাণ যাওঁ যাওঁ হোৱা কনফুচিয়াচে সিহঁতৰ নিঠৰ দেহৰ নিস্তব্ধতাত মগন হৈ ক'লে, "মৌনতই আমাৰ প্রকৃত বন্ধু যি কেতিয়াওঁ আমাক বিশ্বাসঘাটকতা নকৰে।" আৰু ঈশান দিশলৈ গতি কৰিলে কাজিয়াত লিপ্ত আন দুটা কুকুৰৰ সন্ধানত। বাটত লগ পোৱা এটা পিঞ্জৰাবদ্ধ পিশাচক জ্ঞান বিলাবলৈ, অজ্ঞতাৰ আন্ধাৰ আঁতৰাবলৈ দৃঢ়মনা কনফুচিয়াচে ক'বলৈ নাপাহৰিলে, "প্রকৃত জ্ঞান নিজৰ অজ্ঞতাত আবিষ্কাৰ কৰিব পৰা ক্ষমতাত পূঞ্জীভূত।" 

বহু দিনলৈ কনফুচিয়াচ উটি বুৰি ফুৰিল সাগৰত, মহাসাগৰত, নদীত, পুখুৰীত আৰু মন কৰিলে সকলো পানীৰ ৰং বেলেগ বেলেগ। যিমান বিশাল, সিমান নীলা। বেলেগ বেলেগ ৰংৰ এই পানীবোৰ যদি একেলগ কৰি দিয়া??? এক নতুন ৰংৰ পানী উদ্ভাৱনৰ আনন্দত কনফুচিয়াচে উৰে নিশা মদ খালে আৰু বাৰংবাৰ উদ্বাউল হৈ চিঞৰি কৈ গ'ল," জীৱনটো সৰল, আমি জীৱনটোক স্ব-ইচ্ছাৰে জটিল কৰি পেলাওঁ" ..আৰু পুৱতি নিশা কনফুচিয়াচ শুই পৰিল..কুকুৰ দুটাওঁ ইতিমধ্যো মাটিত বিলীন হৈছিল।

গোলকৰ আন এক প্রান্তত বুদ্ধ সাৰে আছিল আৰু শিষ্যসকলক কৈছিল, " সুস্বাস্থ্য আহৰণ কৰাটো আমাৰ কৰ্ত্তব্য অন্যথা আমাৰ মন ও মগজু সদায় দুৰ্ব্বল আৰু অপৰিপক্ক হৈ ৰ'ব।" বুদ্ধৰ কথা কনফুচিয়াচৰ কাণত ঝংকাৰিত হ'ল আৰু ততাতৈয়াকৈ উঠি ঢলংপলংকৈ সাগৰফালে খোজ ল'লে। পিঞ্জৰাবদ্ধ পিশাচটোৰ ডাঙৰ ডাঙৰ হাঁহি কনফুচিয়াচৰ কাণত পৰিল। কনফুচিয়াচৰ খোজ দ্রুততৰ হ'ল। 

সাগৰৰ নীলা ঢাকি এজাক হিংসুক কুকুৰ কনফুচিয়াচ অভিমুখে আগবাঢ়ি আহিল...