Saturday, August 13, 2016

আমাৰ অসম (Amar Asam) - 13/08/2016

চৰকাৰে পৰিবৰ্তন আনিব নোৱাৰে, হয়তো চেষ্টা কৰিব পাৰে। পৰিবৰ্তন নিজৰ ভিতৰৰ পৰা অহা বস্তু, প্রত্যোক ব্যক্তিৰ। কোনো লাইক, কমেন্টৰ আশাৰে মোৰ এই লেখা মই আপলোড কৰা নাই কিন্তু বিচাৰিছো লেখাটো এবাৰ পঢ়ক। প্রতিজন অসৎ চৰকৰী/ দলীয় কৰ্মীৰ প্রতি প্রতিবাদমুখৰ হোৱাৰ সংকল্প লওঁক। ৰাজপথৰ প্রতিবাদ বহু হ'ল, এবাৰ আহক চৰকাৰী অফিচবোৰৰ ভিতৰত হোৱা অপকৰ্মবোৰৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ সংকল্প লওঁ। আকস্মিক ভাবে হেৰাই যোৱা শৈশৱৰ অতিকৈ প্রিয় বন্ধু মুম্বইস্থিত SBI-ৰ মুখ্য কাৰ্যালয়ত -Deputy Manager হিচাপে কৰ্মৰত Ritu Saikia (বাবু)-ৰ দাহ সংস্কাৰ কৰা প্রমাণ পত্রত এটি চহী বিচাৰি তেজপুৰ পৌৰসভাত মই কি জীয়াতু ভূগিব লগা হ'ল তাৰ ফলশ্রুতি এই লেখাটি.... Amar Asam- Page-5/ 13-08-2016. http://amarasom.glpublications.in/

Wednesday, August 3, 2016

আমি ক'ত মাতিব লাগে...


 জনৈক চয়ন দাস নামৰ আধা পকা, ৰাজহুৱা মঞ্চত মন্তব্য দিব নজনা, ইংৰাজী ভাষাৰ কণমানো শব্দ জ্ঞান নথকা (শতাংশক persent বুলি যিহেতু লিখিছে), অধ্যয়ন নথকা, অসমৰ ভৌগলিক আৰু সামাজিক গাঠঁনিৰ ওপৰত নিম্নতম জ্ঞান নথকা, অসমত পূৰ্বংগীয়লোকৰ আগমণৰ (নিজৰে) বুৰঞ্জীৰ ওপৰত সম্পূৰ্ণ অজ্ঞ এজন ল'ৰাৰ ফেচবুকৰ কমেণ্ট এটাক লৈ অলপ বিতৰ্ক চকুত পৰিছে। তেওঁ 'অসমীয়া ২০% অসমীয়াইহে বিজেপিক ভোট দিছে গতিকে অসমীয়াৰ কিহৰ ফুটণি' বা 'সকলো বাংলা লগ হ'লে অসমীয়াই অসম এৰি পলাব' জাতিয় অতি লঘু, টুলুঙা, অতিহাস্যকৰ আৰু অতীতৰ পৰা শিক্ষা নোলোৱা আমাৰ কিছুমানক বাৰুকৈ "উত্তেজিত" কৰিব পৰা মন্তব্য দিছে। কোনো কোনো বাৰুকৈ জাঙুৰ খাই উঠিছে। ...শান্ত হওঁক।কাৰণ প্রথমে অসমীয়া হিচাপে অসমক বা অসমীয়া ভাষাটোৰ সন্মান নিখূঁট ৰাখিবলৈ ফেচবুকত উগ্র জাতিয়তাবাদী মন্তব্যৰে জাতিপ্রেম, ভাষাপ্রেম দেখুওঁৱাৰ বাহিৰেওঁ বাস্তব পৃথিবীখনত কিছু চোকা নজৰ ৰাখি অসমীয়া ভাষা দমণৰ যি কিছু অপচেষ্টা চলি আছে তাৰ বিৰুদ্ধে মাত মতা আৰু তেনে চেষ্টা ব্যৰ্থ কৰাৰ সময় সমাগত। তিনিতা উদাহৰণ দিম-

১) তেজপুৰৰ UCO BANK ATM-ত গ'লো। ATM-ৰ ভাষা চয়ণৰ তলিকাত আছে - English, HINDI & Bengali। মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া ভাষাটো কিয় নাই? অসমৰ সংস্কৃতিৰ প্রাণকেন্দ্র বুলি কোৱা তেজপুৰত কিয় কোনেওঁ মোৰ পূৰ্বে পতিবাদ নকৰিলে মই হিন্দীভাষি মেনেজাৰক ততাতৈয়াকৈ এখন পত্র লিখি কঠোৰ ভাষাৰে কথাতো বুজালো। সুধিলো 'মোৰ মা, দেউতা অসমৰ অসমীয়া আৰু তেওলোকে ইংৰাজী, হিন্দী বুজি নাপায় গতিকে আপোনাৰ ATM-ৰ পৰা কি ভাষাৰ আশ্রয় লৈ টকা উলিয়াব? তাৰ পিছত প্রায় দুমাহ ATM বন্ধ আছিল। ( কি কাৰণত মই নাজানো)

২) IDEA-মবাইলৰ গ্রাহক সেৱাৰ IVR-ত কেৱল English, HINDI & Bengali ভাষা। পুণৰ মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া ভাষাটো কিয় নাই??? এতিয়ালৈকে বহুবাৰ গোচৰ দিলো।

৩) easterncrescent- নামৰ এখন আলোচনীৰ সম্পাদক MB Qasmi-য়ে তেখেতৰ এখন research paper-ত অসমীয়া ভষাটোৰ বিষয়ে এইদৰে লিখিছে -
"Assamese language is a newly evolved offshoot of the rich Bengali language itself with minor changes in the script and pronunciation and keeping intact the original Bengali vocabulary."-
তেখেতে academia.edu-ৰ দৰে এখন বিশ্বসমাদৃত ই-মঞ্চত অসমীয়া ভাষাৰ এইটো পৰিচয় দিছিলে। মই তেওঁক যোগাযোগ কৰি ড. বাণিকান্ত কাকতিৰ "Assamese: Its Formation and Development".-ৰ এটা pdf কপি পঠাই পঢ়িবলৈ দিলো। মোৰ কথা হ'ল এইবো আগতে কিয় ধৰা পৰা নাছিল??? (তাৰ পিছত অৱশ্যো তেওঁৰ পেপাৰ খন academia-ত নাই)


... আৰু বহু আছে এনেকুৱা পৰিস্থিতি য'ত আমি অসমীয়া হিচাপে ব্যক্তগত পৰ্যায়ত বহু কৰিবলগীয়া আছে। আস্ফালন বহু কৰিলো। এতিয়া মুখ বন্ধ কৰি কেৱল সচেতন ভাবে আৰু একাগ্রতাৰে কৰ্ম কৰাৰ সময়। যদি চয়ন দাসৰ নিচিনা লোকে কিবা বলকিবলৈ সাহ পাইছে তেন্তে সেই সাঁহ আমি দিছো। নিজৰ জাতীয়তাবাদী আবেগক সু-সংগঠিতকৰক আৰু ফলপ্রসু দিশত জাতিতোৰ হিতৰ বাবে মনতোক গতি দিয়ক।এনে কৰিবলৈ সক্ষম হ'লে অনতিপলমে দেখিব উক্ত যুবকজনৰ দৰে মন্তব্য দিয়া লোকক তেওঁৰ বাংলা ভাই বন্ধুসকলেই উত্তম-মাধ্যম দিবলৈ আৰম্ভ কৰিব...। আমি উত্তেজিত হোৱাৰ হয়তো প্রোজন ন'হব। আচলতে মই উল্লেখ কৰা ওপৰৰ সৰু সৰু ঘটনাবোৰেই উক্ত যুবকজনৰ নিচিনা খুজি কিল খোৱা অবিবেচক লোকবোৰক সাঁহ দিয়ে। গতিকে সমাধানসূত্র নিশ্চিতই আমৰ হাততেই আছে।


https://www.facebook.com/ractim.goswami.3/posts/811803188950730?notif_t=like&notif_id=1470202865690513

আমাৰ অসম (Amar Asam) - 03/08/2016


Tuesday, August 2, 2016

ঋতু আহে, ঋতু যায়…





 

প্রয়াত ঋতুপৰ্ণ শইকীয়াৰ (বগা চোলা পৰিহিত)ৰ সৈতে লেখক


“গোস্বামী, ঐ পাৰিচনে নাই? চাই ল ফটাফট – ঋতু (বাবু) য়ে পিছ ফালৰ পৰা ফুচফুচাই কৈ আছে। মই কিবা এটা লিখি আছিলো আৰু সেইটো শেষ কৰি তালৈ ঘূৰি চাওঁ মানেই দশম শ্রেণীৰ ছমহীয়া পৰিক্ষাৰ বিজ্ঞানৰ প্রথম কাকতৰ গাৰ্ড পৰা মহেন্দ্র দাস চাৰে তালৈ চোঁচা লৈ আহিল আৰু তাক থিয় কৰাই লৈ ভালকৈ দুচাত মান দিলে আৰু ক’লে ‘তই লিখিব নোৱাৰ নাই, সেই লৰাটোক কিয় লিখিব দিয়া নাই? তাক আকৌ যদি আমণি দিয় মই কৈছো কিন্তু…”   এই বুলি তাক সকীয়াই দি চাৰ বেট দাল ঘূৰাই ঘূৰাই ৰুমৰ সমুখ ভাগলৈ গল গৈ।মুখ খূলিলেই চাৰৰ পৰা কোব খোৱাৰ ভয়ত মই কেৱল মোৰ তল কৰি থাকিলো।নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্রাক্-প্রাথমিক শ্রেণীৰ প্রথম দিনতোৰ পৰা তাৰ লগত একে বেঞ্চত বহা গতিকে সি ভালকৈ জানে যে  এই গোস্বামী বিজ্ঞানত এটা ‘মহা গাধ সদৃশ ।সেয়েহে সি মোক আচলতে কেনেবাকৈ তাৰ বহী দেখুৱাই-মেলি পাছ কৰাই নিবলৈ চেষ্টা কৰিছিল।কিন্তু ডাঙৰ কথাটো হ’ল চাৰৰ পৰা কোব খোৱাৰ পিছতো সি পুণঃ পুণঃ বাৰ মোক মাতি বহী দেখুৱাই বা  ফুচফুচাই প্রশ্নোত্তৰ বোৰ কবলৈ যত্ন কৰিছিলে যাতে মই কোনোমতে ফেইল নকৰো।সেয়াই আছিল ঋতু, তাৰ মন আৰু কণমানি বয়সতে থকা তাৰ হৃদয়ৰ উদাৰতা।

দুয়োৰে বিদ্যালয় পৰ্যায় শেষ হ’ল।হাইস্কুল শিক্ষান্তা পৰীক্ষাৰ পিছত স্বাভাবিকতেই মই কলা আৰু সি বিজ্ঞান পঢ়িলে।কিছু বছৰৰ পিছত সি সুখ্যাতিৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা MCA ডিগ্রী লাভ কৰি বাংগালুৰুলৈ বুলি ঢাপলি মেলিলে।কিছুদিন পিছত এদিন মোলৈ ফোন আহিল “গোস্বামী পাই গ’লো, পাই গ’লো। State bank of India-ত পাই গ’লো চাকৰি। মুম্বাই হেড অফিচত পষ্টিং as a assistant manager…” তাৰ চিঞৰত কাণ সৰি যাওঁ সৰি যাওঁ হৈছিল যদিওঁ আনন্দত ইফালে মোৰ বুকু ফুলি ফাটো ফাটো অবস্থা।কেৱল যাক যেনেকৈ, যিমান পাৰি খবৰ দি আনন্দ প্রকাশ কৰিছিলো।কম সময়তে তাৰ মুম্বাইৰ চৰকাৰী এপাৰ্টমেন্টত তাক দেখা দিবলৈ সি বাধ্য কৰালে।খুব আনন্দ কৰিছিলো এসপ্তাহ ধৰি, তাৰ আৰু তাৰ নতুন বন্ধুবোৰৰ লগত।হাজাৰ হওঁক টক্টা, বস্তাত বহি একেলগ অ, আ, ক, খ পঢ়ি ডাঙৰ হোৱা বন্ধু সি মোৰ। গৌৰব নকৰিমনে? তাৰ সফলতাত প্রাণখূলি আনন্দ নকৰিমনে? নিয়মীত যোগাযোগ থাকে যদিওঁ তাৰ মাজে মাজে কিছুমান বিশেষ ফোন কলো তাৰ পৰা পাই থাকো। এদিন তেনে এটা ফোন আহিল, “ গোস্বামী,…তই এতিয়া ডেপ্যুটি মেনেজাৰৰ লগত কথা পাতি আছ দেই…”। পদোন্নতিৰ খৱৰ আছিল সেইটো। দোপতদোপে আগুৱাইছিল সি।বিশেষ ফোন কল বোৰ আহি থাকিল আৰু এদিন বাইক, এদিন গাড়ী, এদিন বিবাহ, এদিন বিদেশ যাত্রা, এদিন সন্তান এই সকলোবোৰ সু- খবৰ কেৱল পাই গ’লো আৰু মনে প্রানে তাৰ মংগল কামনা কৰি গ’লো। সিদিনা ২১ জুলাই, কৰ্পৰেশ্যণ বেংকৰ ধুবৰীৰ শাখাৰ Assistant Manager, বাবুৰ একমাত্র ভগ্নী মুমু (উপাসনা)-ৰ জন্মদিন। পুৱাই তাইৰ পৰা ফোন কল আহিল। মই মনতে ভাবিলো তাই যি দেখিছো দকাহকা দি আমাৰ (মই আৰু পত্নী লিপি)-ৰ পৰা জন্মদিনৰ শুভেচ্ছা ল’ব। ফোন ততাতৈয়াকৈ উঠালো “ৰক্তিম দা, আমাৰ বাবু আৰু নাই নহয়…” বুলি কৈ তাই কান্দোনত ভাঙি পৰিল।পলকতে মোৰ সৰ্বশৰীৰ বজ্রপাতে যেন ছাঁই কৰি পেলালে।এটা অকল্পনীয়, অনাকংক্ষিত, অবিশ্বাস্য খবৰ মোক কিমান পৰলৈ শিল কৰি পেলালে মই ক’ব নোৱাৰো

এপ্রিল ২৪ তাৰিখে তেজপুৰত মোৰ ২য় কণ্যাৰ জন্মদিনত সি সপৰিবাৰে উপস্থিত আছিল আৰু হাহিঁ, ধেমালী, ফূৰ্টি তামাছাৰ মাজতে কৈছিল, “ঐ গোস্বামী, এতিয়া দেউতাক হৈ গ’লোতো লাইফটোলৈ অলপ চিৰিয়াছ হ’ব লাগিব, ফাইনেনচিয়েল প্লেনিং অলপ ভালকৈ কৰিব লাগিব সি তাৰ ৫মহীয়াজনী লৈ আৰু মই মোৰ এবছৰীয়া জনীক লৈ ফটো উঠিছিলো।দুয়োৰে ইমান দিনীয়া বন্ধুত্বৰ এনাজৰীকলৈ বুকুৰ কোনোবা এটা চুক উথলি উঠিছিল।

 মই চিৰদিন তাক ‘চিৰিয়াছ হ’বলৈ আৰু সি চিৰদিন মই ‘বেছি চিৰিয়াছ  কাৰণে গালি পাৰি থাকিল। “গোস্বামী সব কথাত বেছি চিৰিয়াচ।লাইফত সকলো কথাৰ চলিউশ্যন আছে, মাথো ঠাণ্ডা মগজুৰে তাক  বিচাৰিব জানিব লাগে। মানুহ ‘বিন্দাচ হৈ থাকিব লাগে।গ’লেতো গ’লোৱেইহয়নে নহয়?” । সি গুচি গ ‘বিন্দাচ। কোনো কাৰণ নোহোৱাকৈ মাতৃ-পিতৃ, ভগ্নী-পত্নী, ৮মহীয়া কণ্যা, আমাক সকলোকে এৰি মাথো ৩৬ বছৰ বয়সতে সি গুচি গল কোনো টেনশ্যন নোলোৱাকৈ। সকলোকে জীৱনৰ সমাধানহীন এক অনন্য পৰিচক্রত পেলাই কোনো আগলীবতৰা নিদিয়াকৈ সি মাথো গুচি গ’ল।কেৱল তাৰ গা-বেয়া লাগিছিল পুৱতি নিশা, সেয়াই।পষ্টমৰ্টেমতো মৃত্যুৰ কোনো কাৰণ পৰ্যন্ত বিচাৰি পোৱা ন’গল।ঋতু, এজন ভাল খেলুৱৈ, এজন ভাল আলোকচিত্র শিল্পী, SBI-ৰ এজন নিষ্ঠাবান কৰ্মচাৰী আছিলো।সবাতোকৈ ডাঙৰ কথা পলকতে আনক আপোন কৰি ল’ব পৰা এটা বহল অথচ শিশুসুলভ মন আছিল তাৰ। তাৰ বন্ধুত্বপূৰ্ণ আচৰণ আৰু কৰ্ম দক্ষতৰ বাবে অসমৰ SBI-কৰ্মচাৰী বিশেষকৈ গুৱাহাটি মূখ্য শাখাৰ কৰ্মচাৰীৰো বৰ আপোন আছিল সি।

জীৱনৰ কঠোৰ সত্যতাৰ স্বৰূপ উদঙাই সদাই এচাঁটি স্ফুটিৰ হাঁহিৰে দেখা দিয়া  ঋতু, এটি ঋতুৰ দৰেই মেলানী মাগিলে।তাৰ জঁঠৰ, চেঁচা মুখখনত হাত বুলাই, বুলাই মই মাথো তাক সাহসৰে বিদাই দিবলৈ যত্ন কৰিলো।মই সি ছাইঁ হৈ যোৱা লৈকে তাৰ লগতে, তাৰ কাষতে থাকিলো অকলে।