Thursday, February 21, 2013

বাংগালুৰু - এখন প্রতিশ্রুতিপূৰ্ণ চহৰত আমিবোৰ কুশঁলে আছোনে ?




উটিলৈ গৈ থাকোতে মোক কান্নাড়া গাড়ী চালক এজনে এবাৰ কথা প্রসংগত কৈছিল -"ছাৰ, স্কুল ছুটি হ'লে ল'ৰা-ছোৱালীবোৰ যিদৰে স্কুলৰ পৰা দৌৰি ওলাই আহে ঠিক তেনেকৈয়ে বাংগালুৰুলৈ মানুহ যোৱা ১০-১২ বছৰ ধৰি আহিয়েই আছে।"
আমিবোৰো এবুকু আশাক সাবটি সেই জাকৰ মাজৰে এটা হৈ বাংগালুৰুত সোমাইছিলো। বাংগালুৰুলৈ অহাৰ কিছুদিন পাছতে এজন চিনাকী দাদায়ে কৈছিল – “চিন্তা নকৰিবি। তই বাংগালুৰুলৈ আহিছ। বাংগালুৰু সহজতে কাকো উকা হাতেৰে ওভতাই নপঠাই।“ কথাষাৰ শুনাৰ লগে লগে যেন এহাজাৰ এটা ৰণুৱা ঘোৰাঁ একেলগে চেকুৰিলে মোৰ তেজত। উৎসাহৰ সেই জোৱাৰত প্রায় ৭ টা বছৰ আঙুলীৰ ফাকেৰে কেনেদৰে স্মৃতিৰ বালি হৈ সময়ৰ বুকুত জাহ গ'ল ধৰিবই নোৱাৰিলো।

Bangalore- 'A Home Away from Home'।  বাংগালুৰু দ্বীতিয়খন ঘৰ মোৰ দৰে বহু হাজাৰ অসমীয়াৰ। বাছ, বজাৰ, চপিং মল, কৰ্মক্ষেত্র সকলোতে অসমীয়াৰ উপস্থিতিয়ে নিজৰ ঘৰ, নিজৰ মানুহ, নিজৰ জন্মস্থানৰ পৰা আতঁৰি থকাৰ এক সুপ্ত অথচ গাঢ় অতৃপ্তিৰ অনুভৱৰ ছাঁত ওমলা মনটোক বেচি ভাগ সময়তে পতিয়ন নিয়াবলৈ সক্ষম হয়। কৰ্ময়ে এক মাত্র ধৰ্ম হৈ পৰে অজানিতে। প্রায় প্রতিটো অফিচতে উপস্থিত অসমীয়া চিকিউৰিটি গাৰ্ড। কম সময়তে স্থানীয় ভাষা শিকি ১২/১৪ ঘন্টা দৈনিক কাম কৰি স্থানীয়  চিকিউৰিটি গাৰ্ডৰ লগত ফেৰ মৰা দৃশ্যবোৰ দেখিলে মনটো গৌৰৱত উঠলি উঠে। চিঞৰি কবলৈ মন যায় " কোনে কয় অসমীয়া এটা এলেহুৱা জাতি বুলি?" ওৰাংৰ তিনিজন ভাই ককায়েকে মোৰ পুৰণি অফিচত চিকিউৰিটি গাৰ্ড হিচাপে  কাম কৰিছিল। এদিন নিজেই আহি ডাঙৰ ককায়েকে কৈছিল "দাদা, আমি ঘৰলৈ যাম গৈ। বহু বছৰ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিলো। বন্ধকত থকা খেতি মাটি মোকলালো, ঘৰ বনালো, এখন চেকণ্ড হেণ্ড টেম্পু কিনিলো। এতিয়া গৈ আমি তিনিও মিলি এখন দোকান খুলিম গৈ। " বাংগালুৰুৰ পৰা সিহত তিনিও হয়তো উভতিছিল মুখত এমুকোৰা হাঁহিলৈ।

বিহু, পূজা  বা অন্যান্য প্রায় অনুস্থানৰ পৰা বাংগালুৰুবাসী সাধাৰণতে বিৰত থাকিব লগীয়া নহয়। Assam bangalore Coordination Forum বাংগালুৰুবাসী অসমীয়া সকলৰ বাবে এটা লেখত লবলগীয়া অনুস্থান। আন এটি গুৰুত্বপূৰ্ণ অনুস্থান হৈছে  Assam Society Of Bangalore। এই গোটসমূহে বাংগালুৰুবাসী অসমীয়াক এক কৰি ৰখাত বিশেষ অৰিহনা যোগাই আহিছে।  চূড়ান্ত ব্যস্ততাৰে আৱৰা দিনবোৰ নেওচি অগতানুগতিকভাবে একত্রিত হয় অসমীয়াসকল এই অনুস্থান সমূহত একো একোটা বিশেষ সময়ত।
আমি সুখিনে বাংগালুৰুত ? এটা অতি সাধাৰণ প্রশ্ন কিন্তু এই প্রশ্নৰ উত্তৰ দিবৰ সময়ত হয়তো সকলো থমকি ৰয় এক্ষন্তেকৰ বাবে। কোনোৱে ঘৰ কিনা, কোনোৱে গাড়ী কিনা, কাৰোবাৰ নতুন সংসাৰ, কাৰোবাৰ সন্তান হোৱা বা কোনোবা বিদেশ যোৱা লেখীয়া খবৰ বোৰ প্রতিটো দিনৰে অংশ। বাংগালুৰু  এখন প্রতিশ্রুতিপূৰ্ণ চহৰ, হয়তো প্রায়বোৰৰ ক্ষেত্রতে নিজৰ প্রতিশ্রুতি ৰাখিছে। অসমীয়া ডেকা-গাভৰুৱে প্রযুক্তিবিদ্যাৰ এখন বহল পথাৰত নিজৰ বিজয় পতাকা উৰুৱাইছে।  ঘৰৰ পৰা নিলগে থকাৰ উদাস অনুভৱবোৰ যেন সকলোৱে নিজৰ মাজতে সামৰি ৰাখিছে উন্নতিৰ এই দৌৰত। উন্নতি আৰু সুখৰ এক সমানুপাতিক বৃত্ত যে সকলোৰে কাম্য। আপোনজনৰ পৰা আতঁৰি থকাৰ দূখত যেন এই বৃত্তত প্রায়ে আউল লাগে।

গোলকীকৰণৰ ঢৌঁত চিটিকি আহি এখন নতুন ঠাইত নিজৰ সু-পৰিচয় গঢ়াত ব্যস্ত থকা এজাক প্রতিশ্রুতি সম্পন্ন অসমীয়াৰ চহৰ বাংগালুৰু। চৰকাৰৰ গাত দোষ জাপি দি, আহঁতৰ তলত ঘণ্টাৰ পিছত ঘণ্টা কেৰম খেলি অথবা তিনিআলিৰ আড্ডাত সময় নষ্ট কৰাৰ বীপৰিতে কষ্টৰে-কৰ্মৰে, সততাৰে, নিষ্ঠাৰে জীৱন গঢ় দিয়াৰ কঠোৰ প্রয়াস কৰা নিবনুৱা অসমীয়াৰ আদৰ্শস্বৰূপ এজাক 'চিকিউৰিটি গাৰ্ডৰ' চহৰ বাংগালুৰু।

অসমীয়াৰ দেহ যতেই নাথাকক অসমীয়াত্বক জোকাবলৈ বিহুৰ এফাকি বা ঢোলৰ এচাপৰেই যথেষ্ট। অসমীয়াৰ গৌৰৱ, শৌৰ্য্য বিয়পক সীমাৰ পৰিধি ভাঙি। বিশ্বৰ প্রতিটো কোণত ধ্বজাবাহকহৈ ৰওক এজাক অসমীয়া। বিশ্বায়ণ হওঁক বৰদান এনেদৰেই।

অস্বস্তিকৰ অনুভৱ

News Liveৰ অনুস্থান এটা এইমাত্র চাই উঠিলো। অনুস্থান পৰিচালনা কৰা ব্যক্তিজনৰ ৰাজহুৱা মঞ্চত থাকিবলগীয়া ন্যনুতম সৌজন্যতাবোধ থকাৰ প্রয়োজন। কথা পতা বা প্রশ্ন সোধাৰ ধৰণ, শাৰীৰিক ভাৱ-ভংগীমা আৰু অনুস্থান পৰিচালনা কৰাৰ শৈলী দেখি তবধ মানিলো। ...সাংবিদকসকলৰ নিজস্বতা থকাৰ লগতে এটা পক্ষপাতিত্বহীন স্থিতি থকাটো নিত্যান্তই প্রয়োজনীয়। News Live-ৰ অনুস্থানটিত ভাগ লবলৈ অহা ব্যক্তিসকলক ধমক দিয়া আৰু মানসিক হেঁচা প্রয়োগ কৰা ধৰণ দেখি এনে লাগিল যেন ভাগ লবলৈ অহা ব্যক্তিসকল যেন পুলিচ ল'কআপতহে আছে আৰু অনুস্থান পৰিচালনা কৰা ব্যক্তিজন যেন ক্রাইম ব্রাঞ্চৰ ইনটেৰ'গেচন অফিচাৰ। :)

https://www.facebook.com/ractim.goswami.3/posts/272108679586853?notif_t=like

Friday, February 15, 2013

এটা সময়োপযোগী লেখা

এটা সময়োপযোগী লেখা পঢ়িলো............"ব্রাহ্মণ্যবাদ নিপাত যাওক, দীৰ্ঘজীৱী হওঁক প্রগতিশীল ব্রাহ্মণসকল আৰু তেওলোকৰ অবদান।"- ড. দেবব্রত শৰ্মা।



http://amarasom.glpublications.in/Details.aspx?id=12419&boxid=124230500

Tuesday, February 12, 2013

বিশেষ বাৰ্তা



অসমীয়া গীতৰ ৰি-মেক সম্পৰ্কে এটি পুৰণি পষ্ট দেখি কথা অলপ মনত পৰাত ৰাইজক জনাই থওঁ পাহৰাৰ আগতেই।কপিৰাইটৰ সংক্রান্তত কওঁ- মই গোৱা আৰু ৰেকৰ্ড কৰা জয়ন্ত হাজৰিকাৰ "মনৰ বাতৰিবোৰ' গীতটিৰ সংক্রান্তত জয়ন্ত হাজৰিকাৰ পুত্র ময়ূখ দাৰ লগত কথা হৈছিলো কিছুদিন আগতে। কথাখিনি বিশেষকৈ কপিৰাইটক লৈ আছিল যিহেতু মই মনতে জয়ন্ত হাজৰিকাৰ কেইটিমান গীত মোৰ কন্ঠত বাণিবদ্ধ কৰা এটা অপৈণত সপোন দেখিছিলো।ময়ূখ দায়ে আক্ষেপেৰে কৈছিল জয়ন্ত হাজৰিকাৰ গীতবোৰ 'HMV copyright protected' কিন্তু কপিৰাইট আইনৰ প্রতি আৰু শিল্পীজনৰ প্রতি টিলমাত্রও সন্মান নেদেখুৱাই অসমত বহু গায়কে কোনো অনুমতি নোলোৱাকৈ গীতবোৰৰ লগত ন্যায় নকৰাকৈ বাণিজ্যিক ভাবে বজাৰত এৰি দিয়ে। তেওঁ লগতে ক'লে যে এনেকৈ চলি থাকিলে অনাগত কেইটিমান বছৰৰ ভিতৰত জয়ন্ত হাজৰিকাৰ গীতসমূহলৈ এক চূড়ান্ত বেমেজালিৰ সৃষ্টি হ'ব। নতুন প্রজন্মৰ বাবে মুলগীতবোৰ অবিকৃতৰূপত আৰু 'মাষ্টাৰ'জনৰ নিজৰ কন্ঠতে সংৰক্ষণ আৰু প্ৰচাৰ কৰাত তেওঁ গুৰুত্ব দিয়ে। মোক তেওঁ এইটো খবৰ সাধ্যানুসাৰে ৰাষ্ট্র কৰিব দিছে যে তেওঁ আৰু তেওঁৰ মাতৃ মণিষা হাজৰিকাই গীতসূহৰ সুস্থ সংৰক্ষণৰ বাবে আৰু কপিৰাইট উলংঘাৰ বিৰুদ্ধে প্রয়োজনীয় পদক্ষেপ লবলৈ এক দৃঢ় পদক্ষেপ গ্রহণ কৰিছে।

-ৰক্তিম-

সাহিত্য.অৰ্গ বেনাৰ (ফেব্রুৱাৰী সংখ্যা)



সম্পাদক ৰাজীৱৰঞ্জণৰ সম্পাদনাত ওলাবলগীয়া সাহিত্য.অৰ্গৰ ফেব্রুৱাৰীৰ প্রেম বিশেষ সংখ্যাটিৰ বেনাৰখন প্রস্তুত কৰি উলিয়ালো..........

Wednesday, February 6, 2013

অবাঞ্চিত




নিজৰ ভাব প্রকাশ কৰাৰ বা প্রতিবাদ কৰাৰ সকলোৰে একোটা নিৰ্দিষ্ট আৰু গঠনমূলক ধৰণ থাকে। গান বা এখন নাটক এটা বন্দুকতকৈ বহু শক্তশালী আৰু বহু বন্দুধাৰীয়ে ইয়াৰ আগত সেৱ মানে বা এজন মাটিৰ শিল্পীক অন্তৰৰ পৰা শ্রদ্ধা কৰে আৰু এই শ্রদ্ধাৰ পৰাই উৎপত্তি হয় সততাৰ চিৰ শক্তশালী সত্ত্বাৰ প্রতি ভয়ৰ। গীত-নাট বা আন আন সকলো কলায়ে ঐতিহাসিকভাবে বিশ্বৰ প্রতিখন দেশত গণ সংযোগৰ এক শক্তিশালী মাধ্যমৰূপে নিজৰ স্বাক্ষৰ বহন কৰি আহিছে। কিন্তু আজিৰ তাৰিখত আমাৰ দেশৰ গুৰু সংখ্যক তথাকথিত শিল্পী, বুদ্ধিজীৱীসকল নিজৰ 'টেগ' টোৰ বাবে নিজৰ 'কমফৰ্ট জ'ন' টোৰ পৰা ওলাই আহি নিজৰ প্রকৃত সামাজিক দায়িত্ব পালন কৰিবলৈ কুন্ঠাবোধ কৰে। এনে কৰিলে যেন বিৰ্তকিত হ'ব বা কোনোবাই বেয়া পাব অথবা অৰ্জা সন্মান লুপ্ত হ'ব। সহজ ভাষাত নিজে কষ্ট আৰু প্রতিভাৰে অৰ্জা পৰিচয়টো মধ্যবিত্তীয় আবেশত পলকতে এক 'ভুৱা' পৰিচয়লৈ ৰূপান্তৰিত কৰে আৰু পলকতে পংগু কৰে হাজাৰজনৰ আস্থাক। এই দায়ৰ পৰা সৰহসংখ্যক শিল্পী বা বুদ্ধিজীৱীয়েই মুক্ত নহয়, অতীতৰ পৰা এতিয়ালৈ । শিল্পী ভুৱা হ'ব পাৰে শিল্প নহয় আৰু সমাজ গঠন বা পৰিবৰ্তনত শিল্পৰ ভূমিকা অনন্য। আমাক এতিয়া শিল্পৰ সত্ত্বাত নিজকে প্রকৃতাৰ্থত উৎসৰ্গা কৰিব পৰা শিল্পীৰ প্রয়োজন। আমাক প্রয়োজন জ্ঞানৰ পোহৰেৰে যিকোনো মূল্যৰ বিনিময়ত আমাৰ সমাজখন আলোকিত কৰিবলৈ পণ লোৱা বুদ্ধিজীবীৰ। আই নৰিয়া পাটিত, ভণ্ডৰ সমবেদনা ঘাটক সম......


-ৰক্তিম-

Sunday, February 3, 2013

ফাকিবুল হুচেইন ডাঙৰীয়া আহক গড় চিকাৰ কৰিবলৈ যাওঁ






শ্রদ্ধেয় গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী ফাকিবুল হুচেইন ডাঙৰীয়া,


মই এজন অসমৰ আৰু আৰ্শ্চয্যজনকভাবে অ-বাংলাদেশী মানুহ। প্রথমেই, আপোনালৈ এটা পোনপটিয়া প্রশ্ন কৰো-

এজন মন্ত্রীৰ আগতে আপুনি এজন পিতৃ। এতিয়া ধৰক আপোনাৰ ল'ৰাক আপুনি এখন ভাল বিদ্যালয়ত ভৰ্ত্তি কৰোৱাৰ লগতে সকলো উপযোগী সা-সুবিধা দিয়াৰ পাছতো আপোনাৰ ল'ৰাই পৰীক্ষাত বেয়া কৰিলে। ধৰি ল'লো আপুনি প্রথমবাৰ ক্ষমা কৰি ল'ৰাটিক ভালকৈ পঢ়িবলৈ উদগণী জগাব। ভালকৈ পৰীক্ষা দিম বুলি আশ্বাসন দিয়াৰ পাছতো আপোনাৰ ল'ৰাই বাৰে বাৰে যদি আপোনাৰ চিন্তা নুবুজি পৰীক্ষাত নিজৰ মইমতালীৰ লগতে কাণ্ডজ্ঞানহীনতা আৰু অমনোযোগিতাৰ বাবে বেয়া কৰে তেতিয়া আপোনাৰ কি মানসিক অবস্থা হ'ব?? মোৰ বোধেৰে পিতৃ হিচাপে সেইখিনি বুজিব পৰাকৈ আপুনি নিশ্চয় সংবেদনশীল। হয়, আমাৰ সকলো নেতা নিজৰখিনি গঢ়াত আৰু নিজৰখিনিলৈ সংবেদনশীল। গতিকে ধৰি ল'লো আপুনিও হয়। এই খিনি কথা কিয় ক'লো মোৰ কবলগীয়াখিনিৰ শেষত পৰ্য্যাৰলোচনাৰ বাবে আপোনাৰ হাতত এৰিলো...অ...যদিহে আপুনি বন্যপ্রাণী প্রীতিৰ পৰা আহঁৰি পায়।

এতিয়া আহো মুল কথালৈ। মানে আপোনাৰ নতুন বছৰৰ সফলতালৈ। মই মানে এই অ-বাংলাদেশীয়ে আপোনাক জনাবলৈ পায় সুখী হৈছো যে আপোনাৰ "ডাইনামিক ৱাইল্ডলাইফ লিডাৰশ্বীপ'ৰ অধীনত নতুন বছৰৰ প্রথম মাহতেই ইতিমধ্যো ৭ তাকৈ গড়ক মাৰি পেলোৱা হৈছে। মই নিশ্চিত যে যোৱাবাৰতকৈ আপোনাৰ এইবাৰৰ পৰিসংখ্যা বহু উন্নত হ'ব। আল্লাই আপোনাৰ মংগল কৰিব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ আপুনি মানবতাবাদী। জন্তু মাৰি আপুনি মানুহৰ বসবাসৰ বাবে বনাঞ্চল উদঙাই দিছে। আটাইতকৈ ডাঙৰ কথা যে আপোনাৰ এই মানবতাবাদৰ মূল্য আছে। এই বনবাসী বোৰে আপোনাক কেতিয়াও যে দিচপুৰৰ "স্বৰ্গ-ৰথ"ৰ পৰা নামিব নিদিব। হয়, হয়। মই বিশ্বাস কৰিবলৈ বাধ্য যে ভালৰ লগত কেৱল ভাল হয়। আপুনি সঠিক কাম কৰিছে। গড়বোৰনো থাকি আমাৰ কি লাভ হৈছে? সিহতৰ ভোটাধিকাৰ থাকিলে বেলেগ কথা আছিল। তেতিয়া হয়তো আপুনি কৃত্রিম প্রজনন কৰাই বা চুবুৰীয়া ৰাজ্যৰ পৰা চোৰাং বা অবৈধকৈ আনি হ'লেও সিহতৰ সংখ্যা বৃদ্ধি কৰিলে হয়। আপুনি প্রেকটিকেল মানুহ। মই এটা কথা কঁও। আপুনি জানে ১৩ সংখ্যাটো মানুহে অমংগলীয়া বুলি ভাবে গতিকে এইটোৱে সুযোগ। মূৰ কামোৰণি কৰি ৰখা বাকী গড় কেইটাকো এনেকৈয়ে এইবছৰতে (২০১৩ চনত) চাফা হৈ যাব দিয়ক, লগতে হাতীৰ দাতঁ কেইটাও চাফা হৈ গ'লে আপোনাৰ আগুন্তুক(?) শাসনকালৰ যাত্রা একেবাৰে মাখন দৰে মিলমিলিয়া হৈ যাব। আন একো নহয়, এনে হ'লে আপুনি মানবতাবাদত একেবাৰে বিলীন হৈ যাব পাৰিব আৰু আমাৰ মৰমৰ 'কাজিৰঙা বাংলাঞ্চল'...চৰি..'কাজিৰঙা বনাঞ্চল'খন ৰাজনীতিৰ সেউজ পথাৰ হৈ পৰিব।

...অ' আৰু এটা কথা আমাৰ কিবা এখন আইন নে নীয়মাৱলী আছে নহয়? ইংৰাজী নামটো কিবা ...অ, মনত পৰিছে THE WILD LIFE (PROTECTION) (ASSAM) RULES, 1980. এইখন কিবা কৰি সংশোধন কৰিব পাৰি নেকি চাব। বিশেষকৈ চিকাৰৰ বাবে কিবা লাইচেঞ্চৰ কথা কৈছে আৰু তাত গড়, হাতী আদিৰ চিকাৰৰ কথা উল্লেখ নাই। আপুনি আজিৰ তাৰিখত অসমৰ সৰ্বশ্রেষ্ঠ গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী তথা বনমন্ত্রী ফাকিবুল হুচেইন আৰু সেয়ে আপুনি আগভাগ লৈ গড়, হাতী আদিৰ চিকাৰ বৈধ কৰাৰ লগতে অসমৰ সকলো বনাঞ্চল আন্তৰাষ্ট্রীয় স্তৰত চিকাৰৰ বাবে মুক্ত বুলি ঘোষণা কৰি চোৰাং চিকাৰী আৰু বাণিজ্যৰ প্রতি মুকলিকৈ উদাৰনীতি গ্রহণ কৰিব লাগে। বানে প্রতিবছৰে এনেও বহু জীৱ জন্তু মাৰি নিয়ে। কেনেবাকে বানৰ পৰা বাচিলেও মানুহৰ পৰা নাবাচে। পহু হওক বা বাঘেই হওক বিনামূলীয়া কাৰণেই নেকি মূৰ্হ্হূত্ততে কাটি চিঙি গো-গ্রাসে গিলি পেলাই। মুঠতে এতিয়া অসম প্রকৃতিৰ ৰম্য ভূমি নহয় অসম প্রকৃতিৰ নিধন ভূমি । তাতকৈ বেপাৰ হওঁক। মোৰ বোধেৰে আপুনি উদাৰনীতি গ্রহণ কৰি 'লুক ইষ্ট' ...নহয়.. 'লুক ডাউন পলিচি' এনেকৈয়ে আৰম্ভ কৰি দিয়ক। তাৰ পিছত চাব কি যাদু হ'ব।

অবশ্যো এটা কথা এই সকলোবোৰ হাতে-কামে কৰি উঠি ফল ভোগ কৰে মানে পলম হৈ যাব পাৰে। মানে ২০১৩ত ন'হবও পাৰে। এটা কাম কৰিলে কেনে হয়। আপুনি নিজেই হাত কামে লাগিলে কেনে হয়? মানে চোৰাং চিকাৰী কেইটাৰ ওপৰত কিমান ভৰসা কৰিব। তাতে সিদিনা এটা ধৰাও পৰিছে। এটাই আকৌ ২ লাখ পায় কৰবাত ঘৰ বাৰী লৈছে বুলিও ৰাজহুৱাকৈ টিভিত কৈছে। অবশ্যো সি অসমীয়া ভাষা ক'ব পৰা হোৱাগৈ নাই। চীলেটি ভাষাত কোৱা কথা কেইটা সেয়ে মই ভালকৈ নুবুজিলো। আৰু কিবা কিনিছিল চাগৈ। এনেও সজ কামত দেৰি কৰিব নাপাই......হাতে-কামে লাগি যাব লাগে-

"ফাকিবুল হুচেইন ডাঙৰীয়া, আহক চিকাৰ কৰিবলৈ যাওঁ কাজিৰঙা বাংলাঞ্চলত......"



- ফাকিবুল হুচেইন ডাঙৰীয়া, এটা কথা সুৱঁৰাই দিলো যে আপুনি কাৰোবাৰ পিতৃ অথবা কাৰোবাৰ নেতা হোৱাৰ আগতে আপুনি কাৰোবাৰ পুত্র।আপুনি অসমী আইৰ পুত্র। আপোনাক আইৰ বুকুৰ সেউজখিনিক যতনাই ৰাখিবলৈ ৰাইজে দিয়া দায়িত্বভাগ পালনত বাৰে বাৰে বিফল হৈছে । আপুনি নিজৰ আইক বিশ্বাসঘাটকতা কৰিছে। এজনী মাতৃ গড়ৰ গৰ্ভৰ ৪৫০ দিনীয়া মাতৃত্বৰ আবেগক আপুনি বুঢ়া আঙুলী দেখুৱাইছে।

..নিজৰ ল'ৰাটিকো হয়তো আপুনি ক'লে হয়-

"তোৰ বাবে মই সকলো কৰিছো। যি লাগে তাকে দিছো। তই কেনেকৈ পঢ়, কেনেকৈ লিখ তোৰ কথা। মোক এইবাৰ এটা ভাল ফলাফল লাগে। এইবাৰ তই বেয়া কৰিলে তোক স্কুলৰ পৰা উলিয়াই দিব........"


-ৰক্তিম-

আজি গণ-অধিকাৰৰ সাহিত্য শিতানত প্রকাশিত মোৰ এটি গল্প...


Wednesday, January 30, 2013

অতি সংক্ষেপে আধুনিক চিত্রশিল্প আৰু কিউবিজিমৰ বিষয়ে অলপ কথা


ছবি- সাধাৰণ দৃষ্টিত
______________


শিল্প বুলিলে বুলিলে সংগীত, চিত্র, নাটক, সাহিত্য আদি সকলো সোমায় পৰে। এই শিল্পসূহৰ ভিতৰত মানব জাতিৰ বিবৰ্তনৰ ইতিহাস সফলভাবে সামৰি ৰখাত চি্ত্র শিল্পই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। সাধাৰণ ভাষাত 'ছবি' হৈছে কোনো এক মাধ্যমত ৰংৰ ব্যবহাৰ। এই মাধ্যম হ'ব পাৰে কোনো কাঠজাতীয় সামগ্রী, গ্লাচ, কাগজ, কেনভাচ অথবা আন কোনো উপযোগী সামগ্রী। সৰহ সংখ্যক মানুহে উপলব্ধি কৰিব নোৱাৰাকৈয়ে ছবি আমাৰ প্রত্যেকৰ জীৱনত এক সুন্দৰ ভূমিকা লৈ আহিছে। ছবি অবিহনে পৃথিবীখন এবাৰ ভাবি চাওঁকচোন? কিমান নিৰস হৈ যাব পৃথিবীখন ৰং অথবা ছবিৰ অবিহনে। পৃথিবীখন নালাগে নিজৰ ঘৰ খনৰ কথাকে ভাবক। ৰং বিহীন ঘৰখনৰ কথা ভাবিলেই উদং, উদং লাগে মনটো। নহয়নে? এতিয়া অপুনি এবাৰ ভাবি চাওঁক আপুনাৰ বিচনা চাঁদৰত থকা ফুলখিনিৰ কথা, আপোনাৰ চাহৰ কাপত থকা ছবিখনৰ কথা, আপোনাৰ ৱাল বা এলবামত থকা ফট' বোৰৰ কথা অথবা কোনো গীতে আপোনাৰ মনত সৃষ্টি কৰা কাল্পনিক ছবিবোৰৰ কথা। চাক্ষুসভাবে হওঁক বা কাল্পনিক ভাবেই হওঁক ছবিয়ে আমাৰ জীৱনটোৰ প্রতিটো মূহুৰ্ত ধুনীয়া আৰু জীৱন্ত কৰি ৰাখে। 


আধুনিক চিত্রশিল্প
_____________

চিত্রশিল্পৰ ইতিহাস মানব ইতিহাসৰ সমসাময়ীক কিন্তু আধুনিক চিত্রশিল্পৰ আৰম্ভণি ১৯০০ চনত বুলি গণ্য কৰা হয়। সাধাৰণভাবে ক'ব গ'লে আধুনিকতাবাদৰ ভিত্তিত বা আধুনিকতাবাদৰ আদৰ্শৰে অনুপ্রাণিত প্রতিখন চিত্র বা ছবিয়ে 'আধুনিক চিত্রশিল্প' । 

আধুনিক চিত্রশিল্পয়ে তেতিয়াৰ প্রচলিত চিত্রশিল্প ধাৰালৈ, যি সাধাৰণতে বাস্তব বিষয়বস্তুৰ তৈলচিত্র, ষ্টিল লাইথ, নিউড, লেণ্ডস্কেপ, ধৰ্মীয় বা অন্যান্য বিষয় সামৰি লৈছিল, এক পৰিবৰ্তন আনে। আধুনিক চিত্র শিল্পৰ মূল বৈশিষ্ট আৰু উথ্থানৰ কাৰক সমূহৰ ভিতৰত কেইটামান মুল কাৰক হ'ল-

* মধ্যবিত্তৰ সবল আত্মপ্রকাশ: মধ্যবিত্তৰ সবল আত্মপ্রকাশে চিত্রশিল্পক সেই সময়ত প্রবৰ্তিত ধৰ্মীয় প্রভাৱৰ পৰা মুক্ত কৰে। মধ্যবিত্তৰ উথ্থানৰ ফলত এই শ্রেণীৰ মাজত ছবিৰ প্রতি আকৰ্ষণ আৰু ক্রয় কৰাৰ ক্ষমতা আৰু হাৰ দুয়োটা বৃদ্ধি পায়। এই পৰিবৰ্ত্তনে শিল্পীসকলক উন্মুক্তভাবে আৰু বৰ্হি ক্ষমতাৰ প্রভাৱ অবিহে নিজৰ সৃষ্টি কৰ্মত স্বাধীনভাবে মনোনিবেশ কৰিবলৈ সুযোগ পায়। এই পৰিবৰ্ত্তনে চিত্রশিল্শৰ পৃথিবীলৈ নতুনত্বৰ এক সতেজ জোৱাৰ আনে।

*অতীত স্বাধীন: আধুনিক চিত্রশিল্পৰ এক লক্ষ্যণীয় বৈশিষ্ট হৈছে যে ই অতীতৰ প্রভাবৰ পৰা নিজকে মুক্ত কৰি ৰাখিব বিচাৰে। 

*আত্ম-সচেতনতা: আধুনিক চিত্রশিল্পৰ আন এক অতি গুৰুত্বপূৰ্ণ চৰিত্র হৈছে আত্ম সচেতনতা আৰু আত্ম সজাগতা যি চিত্র শিল্পত নতুনত্ব আনে। 'চিত্রশিল্পী কি ?' আৰু ' ব্যক্তিগত আৰু সামাজিক জীৱনত চিত্রশিল্পৰ গুৰুত্ব কি ?' - আধুনিক চিত্রশিল্পীসকলৰ চিন্তাত এই দুটি প্রশ্ন অহৰহ থাকে। বিশেষকৈ ১৭৮৯চনৰ ফৰাচী বীপ্লবৰ পিছৰ পৰাই মানুহে প্রচলিত সামাজিক প্রতিষ্ঠান আৰু সামাজিক কতৃত্বৰ বিষটোলৈ প্রশ্ন কৰিবলৈ আৰম্ভ কৰে যিবোৰ এটাসময়ত অকপটে মানি লোৱা হৈছিল। এই পৰিবৰ্ত্তনকামী প্রশ্নবোৰে সমান্তৰালভাবে চিত্রশিল্পীসকলৰ 
চিন্তাটো এক নতুনত্ব আৰু পৰিবৰ্ত্তনৰ জোঁৱাৰ আনিছিলে।

*অন্যান্য সাংস্কৃতিক প্রভাৱ: আধুনিক চিত্র শিল্পত এচীয় চিত্র শিল্প , মধ্য-পূৰ্বীয় চিত্র শিল্প আৰু জাপানী মুদ্রণ শিল্পৰ বিশেষ প্রভাৱ আছে। পশ্চিমীয় চিত্র শিল্পীসকলে অন্যান্য সংস্কৃতি অধ্যয়ণ কৰিছিল আৰু তাৰে বৃহৎ সংখ্যক শিল্পী ধৰ্মীয়, পৌৰাণিক অথবা আধ্যাত্মিক আদৰ্শৰে অনুপ্রাণিত হৈছিল।

*নতুন মতবাদৰ সৃষ্টি: যিহেতু আধুনিক চিত্রশিল্প মুলতঃ পৰীক্ষণমুলক আছিল সেয়ে ইয়াৰ পৰিণতিস্বৰূপে আধুনিক চিত্রশিল্পকেন্দ্রিক কেইবাটাও মতবাদৰ সৃষ্টি হৈছিল।



কিউবিজিম কি ?
____________

কিউবিজিম হৈছে পাবল' পিকাচ'য়ে আৰু জৰ্জেচ ব্রেকে জন্ম দিয়া আধুনিক চিত্র শিল্পৰ এক বৈপ্লবীক ৰূপ। বিংশ শতাব্দীৰ আৰম্ভণিতে আৰাম্ভ হোৱা এই কিউবিজিম আধুনিক চিত্রশিল্পৰ প্রথম 'এবচট্রেক্ট' ৰূপ। কিউবিষ্ট সকলে চিত্রশিল্পক এক নতুন দৃষ্টিৰে তথাকথিত জ্যামিতিক 
সিমাবদ্ধতাৰ উৰ্দ্ধত চাইছিল আৰু 'আপেক্ষিকতাক' চিত্রশিল্পৰ এক নতুন উপাদান ৰূপে ল'বলৈ যথোচিত পৰীক্ষা নিৰীক্ষা কৰিছিল। সাধাৰণতে কিউবিষ্ট ছবিবোৰৰ মূল বিষয়বস্তু মানুহ, ঠাই বা বস্তু কিন্তু ই কোনো এক স্থিৰ দৃষ্টিকোণৰ পৰা নহয়। আমি এটা বস্তু বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চাব পাৰো।কিউবিষ্ট সকল এই প্রতিটো দৃষ্টিকোণৰ প্রতি সচেতন। কিউবিজিমৰ দুটা ভাগ আছে। প্রথটো ভাগ ১৯১২ চনলৈকে সীমাবদ্ধ আৰু ইয়াক 'এনালাইটিকেল কিউবিজিম' বা 'বিশ্লেষণত্মক কিউবিজিম' বোলা হয়। বিশ্লেষণত্মক কিউবিজিমত দৃষ্টিকোণৰ বিষয়টো গুৰুত্বৰ আৰু চিত্রশিল্পীয়ে বিষয়বস্তুক অন্যান্য ষ্টিকোণৰ পৰা পৰ্য্যাবেক্ষণ কৰে আৰু শ্রেষ্ঠ আৰু অৰ্থবহ কোণটো বাচি লয়। ১৯১২চনৰ পিছৰখিনিক "চিনথেটিক কিউবিজিম' নামেৰে সামৰা হৈছে-যিটো কিউবিজিমৰ দ্বিতীয় পৰ্য্যায় । ক'লাজ চিত্র চিনথেটিক কিউবিজিমৰে উপহাৰ। অৰ্ফিজিম, ফিউচাৰিজিম, ভৰ্টিচিজিম, চুৰ্প্রিমেটিজিম, কনট্রাকটিভিজিম, এক্সপ্রেচনিজিম আদি আন আন চিত্রশিল্পৰ ধাৰাসমূহত কিউবিজিমৰ প্রভাৱ স্পষ্ট।


-আধুনিক চিত্রশিল্প এক কৈ শেষ কৰিব নোৱাৰা আলোচনাৰ বিষয়। অলপ কথা, হয়তো এটা অতি সৰু পাতনি স্বৰূপ লেখা এইটো। আধুনিক চিত্রশিল্পৰ বিষয়ে আৰু কথা বিষদ ভাবে লৈ অহাৰ প্রয়াস কৰিম-


-ৰক্তিম-

Saturday, January 26, 2013

‎'প্রেম, নগ্নতাৰ ভাষাৰে'

(১৯৯৭ চনতে লেখা এটি কবিতা, প্রেমক সঁচা অৰ্থত উপলব্ধি কৰিব পৰা প্রতিজন সৎ আৰু নিকামনৰ ব্যক্তিৰ হাতত.....)




তাই আৰু মই একেখন শেতেলীতে শুঁও

এন্ধাৰে সেই শেতেলী আবৰি ধৰে।



মই তাইৰ কাঁইটিয়া বুকুত মুখ গুজি দিওঁ

এটা নিদ্রাহীন ৰাতি পাৰ কৰিবলৈ।



তাইৰ নাঙঠ দেহত মই আলফুলে হাত বুলাও,

তাই বিচাৰে মোৰ তেজে ধোৱা শৰীৰ।



মোৰ দুই তেজৰঙা হাত চটফটাই উঠে

কোমলতাৰ সন্ধানত।



প্রতিদিনেসেই একেই নাঙঠ প্রয়াস



বিচাৰিলেও তাই আৰু মই

এৰিব নোৱাৰো সেই নগ্নতা।



চেতনাত নিশাৰ বাৰম্বাৰ আঘাটত

তাই আৰু মই পৰস্পৰে ঢলি পৰো 

পৰস্পৰৰ তেজাল কোলাত।

মোৰ মনে চুমি চায়

আন এটা মনৰ সঞ্চিত সেইজখিনিক।


নিশাৰ এন্ধাৰত তাইৰ

গোলাপ ওঁঠত মই মোৰ

দুই আঙুলী থওঁ....

পুনৰ এক নগ্ন প্রয়াস

তাই আৰু মই

এৰাব নোৱাৰৈ সেই নগ্নতা.....




-ৰক্তিম-


https://www.facebook.com/groups/axomiyakothabotora/permalink/493723440680157/

Friday, January 25, 2013

চিগমেণ্ড ফ্রয়েড আহিছিল, প্রেম বিচাৰি




..শেনটো অহাদি আহি প্লাবনে ৰনুজক সুধিলে-

"এই তোৰ মতে প্রেম কি?"

কিবা এটা চিন্তা কৰি নখ কামুৰি কামুৰি কলেজ কেন্টিনত বহি থকা ৰনুজে অলপ অপ্রস্তুত হৈ ক'লে-

"তোৰ আকৌ হঠাতে কি হ'ল? ভৰ দুপৰীয়া প্রেমৰ সংজ্ঞা বিচাৰি আহিলি যে? "
প্লাবন- 

"কচোন দষ্টি, আজি কিবা এটা পঢ়ি থাকোতে কথা এটা গম পালো যিটো প্রেমৰ লগত জড়িত। কিন্তু কথাটো কোৱাৰ আগতে মই জনা উচিত তই প্রেমৰ বিষয়ে কি ভাব"

ৰনুজ-

"অ' কথাটো সেইটোহে। কিন্তু তই যিমান সহজে প্রেম কি বুলি সুধিলি সিমান সহজে তাৰ উত্তৰ দিব নোৱাৰি নহয়। অ'কে মই তথাপিও কঁও মই কি ভাবো প্রেমৰ বিষয়ে.."

অলপ পৰ ৰনুজ মনে মনে ৰৈ আকাশৰফালে চাই কৈ গ'ল...

" 'প্রেম'- শব্দটো শুনিলেই মনটোৱে যেন জীৰণি পায় এবুকু সেউজৰ ছাঁত। মুখলৈ যেন মনে বুকুৰ পৰা ঠেলি দিয়ে এমুকোৰা গুলপীয়া হাঁহি। সকলোকে মৰম লাগে। সকলোৱে বাট চায় এজাক প্রেমৰ বৰষুণলৈ। চুচঁৰি চুচঁৰি পাৰ কৰা আমাৰ ৰুঢ় বাস্তববোৰক মসৃণ কৰি তোলা প্রেম এক মায়াবী জীৱনি শক্তি। "

প্লাবনে ইমান এটা কাব্যিক উত্তৰ পাম বুলি ভবাই নাছিলে। সি ক'লে..

'আৰে, তই দেখোন একেবাৰে পলকতে মাৰত্মক প্রমিক কবি হৈ গ'লি। আচ্ছা, এতিয়া তই মোৰ কথাটো শুন।"

ৰনুজে হাঁহি এটা মাৰি ক'লে-

"কচোন.."

প্লাবন- 
"চিগমেণ্ড ফ্রয়েডক জাননে?"

ৰনুজ- "জানো The famous Psychologist, The Theory of Super ego.."

প্লাবন-
"ৰ ৰ....বুজিলো। তই জান। এতিয়া, চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়ে কি কয় জাননে নাই?"

ৰনুজ-

"মই কৰ্চত লগাখিনি জানো। চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়েও কিবা কৈছে বুলি আজিহে গ'ম পালো। কি কৈছে?"

প্লাবন- "তই নাজান যেতিয়া বঢ়িয়া কথা। এতিয়া তই মোৰ কথাটো শুন তেনেহ'লে..."

বেকা হাঁহি এটা মাৰি প্লাবনে কৈ গ'ল...

"Theory of love-ত চিগমেণ্ড ফ্রয়েডে কৈছে প্রেম হেনো কেৱল শাৰীৰিক মোহ। এই মোহেই হেনো মানুহৰ জীৱনত শিশুৰ পৰা বাৰ্ধ্যকলৈ প্রেম ৰূপে আজীবন থাকে। শিশুৰ আঙুলী চুপি থকাটোও হেনো যৌনতাৰ প্রভাৱৰ এক বৰ্হিপ্রকাশ। আৰু কৈছে নাৰীহেনো পুৰুষতকৈ সদায় তলত আৰু সৃষ্টিৰ আদিতে ভগবানে এক বিশেষ শাৰীৰিক অসমতাৰে এইটো প্রতিষ্ঠা কৰিছে..."

ৰনুজে কথাবোৰ অলপ অশান্তি পালে আৰু শাৰীৰিক ভংগীমাৰে কথাো প্লাবনৰ আগত প্রকাশ কৰিবলৈ চেষ্টা কৰিলে। প্লাবনে কথাটো বুজিলে আৰু অলপ তাৰ খং উঠিল..

"কি হ'ল ৰনুজ? ভাল পোৱা নাই? কিবা অশ্লীল অশ্লীল লাগিছে নহয়? নাই তোৰ দোষ নাই। আমাৰ মানুহবোৰ, সমাজখনৰ স্বভাবেই এনেকুৱা। তোৰ ব্যবহাৰ তাৰেই প্রতিফলন। 
..ৰনুজে একো নামাতি কথাবোৰ তলমুৰ কৰি বুজিব চেষ্টা কৰিলে। অলপ ৰৈ প্লাবনে পুণৰ ক'লে..

"জান ৰনুজ 'ছেক্স' শব্দটোৰ উচ্ছাৰণকো আমাৰ সমাজে এক অপৰাধৰ সমতুল্য বুলি গণ্য কৰে। অথচ তেনে এখন সমাজতে ৬ মহীয়া শিশুৰ পৰা ৬৫ বছৰীয়া বৃদ্ধালৈকে কোনো সুৰক্ষিত নহয়। ধৰ্ষণৰ বাতৰি বতৰ বিজ্ঞান কেন্দ্রৰ বাতৰিৰ লেখীয়া নিয়মীয়া হৈছেগৈ। তথাকথিত শিক্ষিত সকলেও 'ছেক্স' শব্দটো শুনা পালেই গা-এৰা দি পৰাপক্ষত নিকা হৈ থাকিব বিচাৰে-সেয়া দৰকাৰ হ'লে HIV এইডচৰ কথা হওঁক অথবা বেশ্যা বৃত্তি বা 'ফ্লেচ ট্রেড'ৰ লগত জড়িত কোনো সমাজৰ কল্যাণকামী সংস্থাৰ কোনো সদৰ্থক আলোচনাই নহঁওক কিয়।বুজিছ ৰনুজ হাফ বইল গোলকীয় শিক্ষাৰ পৰিণতি এইবোৰ। তোৰ দোষ নাই "

ৰনুজৰ মনত কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিব ধৰিলে....

"কিন্তু প্লাবন চিগমেণ্ড ফ্রয়েডে কোৱা কথা খিনি? সেইখিনি কি বুলি ল'ম?"

প্লাবন- 

"এইয়াহে কথা !!!! সেই কাৰণেই আলোচনাৰ প্রয়োজন। তই কেৱল মোৰ কথা মনে মনে শুনি ঘৰ গুচি যোৱা হ'লে তই হয়তো প্রেমৰ এক বেলেগ ধাৰণা পোষণ কৰিব আৰম্ভ কৰিলি হয়। হয়তো ই তোৰ ক'ৰবাত কেতিয়াবা ব্যক্তিত্বতো প্রভাৱ পেলালে হয়। এই ফ্রয়েড লেখীয়া বিদগ্ধ মানুহবোৰৰ কাম চিন্তা কৰা আৰু কিতাপ এগাল লিখি নিজৰ চিন্তা পৃথিবীৰ আগত ব্যক্ত কৰা আৰু আমাৰ লেখীয়া সাধাৰণ মানুহবোৰৰ লক্ষ্য হোৱা উচিত যে আমি সঠিক ভাবে কথাবোৰ চাঁলি-জাঁৰি চাই তাৰ ভালখিনি লৈ কেনেকৈ নিজৰ আৰু আনৰ ভালৰ বাবে ব্যবহাৰ কৰিব পাৰো। ফ্রয়েডক বাদ দে। এই চৰ্চা বস্তুনিষ্ঠভাবে স্কুলৰ পাঠ্যক্রমৰ পৰাই আৰাম্ভণি কৰা উচিত। কিন্তু আমাৰ আকৌ 'কমন' পেলোৱা শিক্ষা পদ্ধতিহে? পাঠ্যপুথিতকৈ বেছি ক্যুশ্যন, বেংক গাইড আৰু টিউচনৰ গুৰুত্ব বেছি। তইয়ে কচোন ১ বছৰ ৭-৮ ঘন্টাকৈ বিদ্যালয় যোৱাৰ পিছতো বিষয় এটা বুজিবলৈ এইবোৰৰ আশ্রয়লোৱাতো শিক্ষা ব্যবস্থাটোৰ চৰম বিফলতা নহয় নে?

প্লাবনে গম নোপোৱাকৈ বহু কথা কৈ গ'ল। তাৰ অলপ খং উঠিছিল বুলি ৰনুজে বুজিলে। পৰিবেশটো অলপ পাতল কৰিবলৈ প্লাবনক সুধিলে-

"এই হ'ব দে। এইবোৰ চিৰিয়াচ কথা এৰ এতিয়া। তই কচোন তোৰ মতে 'প্রেম কিচ চিড়িয়া কা নাম হ্যে?"

প্লাবনে ইতিমধ্যো ঘটঘটাই পানী এগিলাচ খাই ল'লে। তাৰ মুডটো চিৰিয়াচ হৈ আছিল আৰু সেই চিৰিয়াচ সুৰতে সি কৈ গ'ল-

"তোৰ ব্যাখ্যাটো 'প্রেম'ৰ এক ক্ষুদ্র ৰোমাণ্টিক ব্যাখ্যা। কেৱল কল্পনাৰ উটি ভাঁহি প্রেমৰ জয় গান গাই থাকিলে প্রেম কেৱল এক অ-ব্যবহাৰিক কিতাপি বস্তুৱে হৈ থাকিব বা আজি সেইটো হোৱাৰ উপক্রম হৈছে। প্রেমক যেতিয়ালৈকে এক জীৱন শৈলী অথবা এক দৃষ্টভংগী কৰি জীৱনত আকোঁৱালী লোৱা নহয় তেতিয়ালৈকে প্রেম কেৱল এক মনক তৃপ্তি দিয়া শব্দ মাথো। ভালপাও বুলি কবলৈ সহজ। প্রেমৰ নামত মৰি যোৱাতো হয়তো আৰু সহজ। কিন্তু সেইবোৰ কৰাৰ আগতে 'প্রেম'ক নিজৰ বুকুত স্থান দিব পৰাকৈ বুকুখনৰ কোঠালীটো বহল হয়নে নহয় জানিব চেষ্টা কৰাতো এজন সংবেদনশীল আৰু প্রেমোপযোগী মানুহৰ লক্ষণ। "

প্লাবনৰ ব্যাখ্যা শুনি ৰনুজৰ যেন মন আৰু মগজুৰ আৰু দুখনমান দুৱাৰ খোল খালে। প্লাবনৰ লগত কথা পতাৰ আগ্রহ তাৰ আজি প্রথমবাৰৰ ইমান দকৈ জাগিছে হয়তো প্লাবনেও নিজকে ইমান উন্মুক্ত চিন্তাৰে কেতিয়াও নিজকে ধৰা দিয়া নাছিল। হয়তো পৰিবেশ, বিষয় অথবা সময় মিলা নাছিল। ৰনুজে মনে মনে ফ্রয়েডকে ধন্যবাদ প্লাবনক সুধিলে-

"ইতিহাসৰ প্রেম কাহিনী বোৰ বা কাহিনীবোৰক লৈ কৰা সাহিত্যৰ বিষয়ে কি ভাব তই?"
প্লাবনে প্রশ্নটো ভাল পালে-

"প্রেমক লৈ কৰা সাহিত্যবোৰে বিনোদন সাহিত্য ৰূপে ঠিকেই আছে। কিন্তু এই সাহিত্যবোৰে প্রেমৰ যে এক বাস্তবসন্মত বিশ্লেষণ কৰিছে মোৰ তাত সন্দেহ। বিশেষকৈ বিশ্ব সাহিত্যত আৰু ইতিহাসত এনে বহু খ্যাতিসন্মত প্রেম কাহিনী আছে য'ত নায়ক বা নায়িকাৰ মৃত্যু হয় মিলনৰ পূৰ্বে । আবেগে আগছা মানুহৰ মনবোৰে তেওঁলোকৰ সম্বন্ধক নিজৰ প্রেমৰ আদৰ্শ হিচাপে লৈ গাঁঠি যায় নিজৰ প্রেমৰ সুউচ্ছ দেৱাল। কোনো কোনোৱে প্রেমৰ বিফলতা সহিব নোৱাৰি ইতিহাসৰ নায়কৰ দৰে জীৱন ত্যাগ কৰে । কিন্তু সেই কাহিনীবোৰত উল্লেখ কৰা ধৰণে মোৰ মতে সেইয়া প্রেম নহয়, সেইবোৰ আছিল যৌৱণৰ কেৱল এক মায়াবী আকৰ্ষণ-এক বিশেষ পুৰুষ এক বিশেষ নাৰীৰ প্রতি।"

এইবাৰ অলপ ধেমালীৰ সুৰত প্লাবনে পুণৰ ক'লে

" বুজিছ ৰনুজ, বিয়া হৈ যোৱা হ'লে ইতিহাৰ পাতত কেইবাটাও প্রেম কাহিনীও বিচাৰি নাপালি হয়। ৰ'মিঅই বোলে হাতত বজাৰৰ বেগ লৈ ওলাই গৈছে পুৱাই পুৱাই সৰু মাছ আৰু লাও কিনিবলৈ । মজনুৰ পুতেক বোলে ক্লাচ ফাইভত ৩ বাৰ ফেইল। পাঅলে বোলে ফ্রান্সিচকাক বাচন ধুবলৈ লগাইছে.....হাঃ...হাঃ...হাঃ....হাঃ.....

দুয়োটাই অলপ ডাঙৰ কৈ হাঁহি পেলালে...

"তেনেহ'লে প্রেম ক'ত ভাই?" - ৰনুজে হাঁহিয়ে সুধিলে...

প্লাবনে স্ফূৰ্টিৰে কৈ গ'ল এইবাৰ...

"ঐ, প্রেমক 'টেগ'ৰ প্রয়োজন নাই। আৰু এইটোওঁ সঁচা যে হাতত বেগ লৈ বজাৰলৈ গৈ অনা আৰু শ্রীমতীয়ে বনোৱা মাছ আৰু লাউৰ জোল খোৱাৰ স্পৃহা থকাৰ প্ৰেম ও সুকীয়া।প্রকৃততে প্রেম সৰ্বত্র। কিন্নৰক তই যদি আন মানুহৰ সম বুলি গন্য কৰিব পাৰ-তাত প্রেম, গছ এজোপা ৰুই তাক ডাঙৰ কৰাৰ হেপাঁহ আছে-তাত প্রেম, কুলিৰ মাত যদি তই নকল কৰি ভাল পাৱ-তাত প্রেম, মা-দেউতা ভাই-ভনী-সমাজ-দেশ সকলোৰে ভাল কৰিব পৰাকৈ কিবা এটা কৰাৰ আকাংক্ষা পুহি ৰাখিছ-তাত প্রেম, বাটৰ কুকুৰ দুটা খেলি থকা দেখি যদি আমেজ পাৱ সিহতৰ আনন্দত-তাত প্রেম, দুখীয়াৰ দুখ বুজিব পৰাকৈ আৰু শিশুঁৰ হাঁহিত প্রাণ পোৱা এটি কোমল মন আছে-তাতো প্রেম.....এই প্রেমবোৰ বিচাৰি পালে তই গম নোপোৱাকৈৱে তোৰ কাষ পাবহি তোৰ ‘সপোন কুঁৱৰী’। 

ৰনুজে অলপ অধৈৰ্য্য হৈ দীঘল উশাহ এটা লৈ কৌতুকপূৰ্ণ ক'লে-

"হ'ব, হ'ব, হ'ব..আৰু নেলাগে। প্রেম সৰ্বত্র। মই বুজিলো। 'প্রেম বাবা' তই মোক আজি 'প্রেমৰ মাৰ্গ দৰ্শন কৰালি। ক তোক গুৰু দক্ষিণা লাগে...

প্লাবন দুষ্টামী কৰি ক'লে-

"বটচ, মোৰ গুৰু দক্ষিণা এইটোৱে যে চিগমেণ্ড ফ্রয়েডৰ Theory of love টো মই তোক মোৰ ধৰণেৰে বুজাম আৰু তই শুনি যাব লাগিব চুপ চাপ....

ৰনুজ-

হে ভগবান, চিগমেণ্ড ফ্রয়েডে আজি গম পাইছে কাৰ হাতত পৰিছে।...থিক আছে আৰম্ভ ক'ৰ....কিন্তু আমাৰ পিছৰ ইংৰাজী ক্লাচৰ সময় হৈছে। আমি ক্লাচলৈ গৈ থাকো আৰু লগতে তই কৈয়ো যাবি তোৰ কথাখিনি..

প্লাবন-"অ'কে"

প্লাবনে এখন হাত ৰনুজৰ বাহুত থৈ ক্লাচলৈ বুলি খৰকৈ খোজ লৈ কৈ গ'ল-

আচলতে, শৰীৰ অবিহনে প্রেম অস্তিত্বহীন.........মই কি ভাবো জান........


______________________________________________________
https://www.facebook.com/groups/axomiyakothabotora/permalink/492995297419638/

Monday, January 21, 2013

"মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়..." (কবিতা পাঠ)


মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভালপায়..."
ভাইটি LaXya Prohor ৰে মোৰ এটি কবিতা "মোৰ প্রেয়সীয়ে কেনে
পুৰুষ ভালপায়..." ৰ এক সুন্দৰ আবৃত্তি কৰিলে.......ধন্যবাদ লক্ষ্য...

কবি- ৰক্তিম
পাঠ/সংগীত-লক্ষ্য প্রহৰ
শব্দযন্ত্রী- অপৰূপ (বুনু)

Sunday, January 20, 2013

তুমি জানিব নিবিচাৰা মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?


প্রায় ১৩-১৫ বছৰমান আগতে লিখি উলিওৱা কবিতাকেইটামান আজিৰ কিবা কিবা খুচৰি থাকোতে বিচাৰি পালো। যৌবনৰ ধুমুহাত জীপাল হৈ থকা কবিতা কেইটাৰ এটি কবিতা ......



তুমিজানিব নিবিচাৰা
মোৰ প্রেয়সীয়ে কেনে পুৰুষ ভাল পায়?

যাৰ এহাতত থাকে জ্বলন্ত চিগাৰেট
আৰু আনটো হাত থাকে কোনোবা বিদেশী গাড়ীৰ কোমল ষ্টেয়াৰিংত
-তেনে পুৰুষ তাইৰ প্রিয়।

তাই কবিতা ভাল নাপায়
কাৰণ কবিতাত সপোন নাথাকে
থাকে তেজ, বিশ্বাস আৰু অনূভৱৰ নিৰ্ভেজাল গোন্ধ

তাই বিচৰা পুৰুষজন হ'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন
হয়তো গাত থাকিব লাগিব এযোৰ কঢ়া ইস্ত্রীৰ ছুট

অনুভৱৰ শব্দ আৰু আউল বাউল
দাঢ়ি চুলিৰ মাজত জীৱন বিচাৰি ফুৰা বহেমীয়ানবোৰ
তাইৰ বাবে পাগল
কাৰণ
তাইৰ বাবে জীৱন উপভোগৰ বস্তু

তেন্তে শৰীৰ কি পণ্য??

অথচ তাইৰ মোৰ প্রয়সী
তুমি জানিব নিবিচাৰা কিয় ?
কিয় তাইৰ মোৰ প্রয়সী?

তুমিটো জানাই কবিতা মোৰ জীৱন
তাই মোৰ কবিতা
আধুনিক অথবা উত্তৰ আধুনিক..

তাইৰ শৰীৰত তাই নেদেখা কবিতাৰ সাঁজ দেখো মই
তাইৰ চকুত ৰ'দ আৰু উশাহত ফাগুণ
তাই অনুভৱ কৰিব নোৱাৰা গভীৰতা তাইৰ বুকুত
চকুৰ পতাত তাইৰ সপোন তিৰবিৰাই
তাইৰ মাত মোৰ বাবে শীতলতম
হয়তো মৃত্যুতকৈও

তাইৰ সংগ মোৰ শান্তি সৰোৱৰ

তুমি জানা এহাতে মই চিগাৰেট ল'ব পাৰো
লব পাৰো সুৰাৰ বটলো
কিন্তু ইহাতেৰে মই এৰিব নোৱাৰো
জীৱনৰ সচা সাঁজ।


-ৰক্তিম-
(৩১ জুলাই/২০০০)
https://www.facebook.com/groups/axomiyakothabotora/permalink/490570827662085/