Thursday, February 21, 2013

বাংগালুৰু - এখন প্রতিশ্রুতিপূৰ্ণ চহৰত আমিবোৰ কুশঁলে আছোনে ?




উটিলৈ গৈ থাকোতে মোক কান্নাড়া গাড়ী চালক এজনে এবাৰ কথা প্রসংগত কৈছিল -"ছাৰ, স্কুল ছুটি 'লে 'ৰা-ছোৱালীবোৰ যিদৰে স্কুলৰ পৰা দৌৰি ওলাই আহে ঠিক তেনেকৈয়ে বাংগালুৰুলৈ মানুহ যোৱা ১০-১২ বছৰ ধৰি আহিয়েই আছে"
আমিবোৰো এবুকু আশাক সাবটি সেই জাকৰ মাজৰে এটা হৈ বাংগালুৰুত সোমাইছিলো বাংগালুৰুলৈ অহাৰ কিছুদিন পাছতে এজন চিনাকী দাদায়ে কৈছিল – “চিন্তা নকৰিবি তই বাংগালুৰুলৈ আহিছ বাংগালুৰু সহজতে কাকো উকা হাতেৰে ওভতাই নপঠাই।“ কথাষাৰ শুনাৰ লগে লগে যেন এহাজাৰ এটা ৰণুৱা ঘোৰাঁ একেলগে চেকুৰিলে মোৰ তেজত উৎসাহৰ সেই জোৱাৰত প্রায় টা বছৰ আঙুলীৰ ফাকেৰে কেনেদৰে স্মৃতিৰ বালি হৈ সময়ৰ বুকুত জাহ ' ধৰিবই নোৱাৰিলো

Bangalore- 'A Home Away from Home'  বাংগালুৰু দ্বীতিয়খন ঘৰ মোৰ দৰে বহু হাজাৰ অসমীয়াৰ বাছ, বজাৰ, চপিং মল, কৰ্মক্ষেত্র সকলোতে অসমীয়াৰ উপস্থিতিয়ে নিজৰ ঘৰ, নিজৰ মানুহ, নিজৰ জন্মস্থানৰ পৰা আতঁৰি থকাৰ এক সুপ্ত অথচ গাঢ় অতৃপ্তিৰ অনুভৱৰ ছাঁত ওমলা মনটোক বেচি ভাগ সময়তে পতিয়ন নিয়াবলৈ সক্ষম হয় কৰ্ময়ে এক মাত্র ধৰ্ম হৈ পৰে অজানিতে প্রায় প্রতিটো অফিচতে উপস্থিত অসমীয়া চিকিউৰিটি গাৰ্ড কম সময়তে স্থানীয় ভাষা শিকি ১২/১৪ ঘন্টা দৈনিক কাম কৰি স্থানীয়  চিকিউৰিটি গাৰ্ডৰ লগত ফেৰ মৰা দৃশ্যবোৰ দেখিলে মনটো গৌৰৱত উঠলি উঠে চিঞৰি কবলৈ মন যায় " কোনে কয় অসমীয়া এটা এলেহুৱা জাতি বুলি?" ওৰাংৰ তিনিজন ভাই ককায়েকে মোৰ পুৰণি অফিচত চিকিউৰিটি গাৰ্ড হিচাপে  কাম কৰিছিল এদিন নিজেই আহি ডাঙৰ ককায়েকে কৈছিল "দাদা, আমি ঘৰলৈ যাম গৈ বহু বছৰ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিলো বন্ধকত থকা খেতি মাটি মোকলালো, ঘৰ বনালো, এখন চেকণ্ড হেণ্ড টেম্পু কিনিলো এতিয়া গৈ আমি তিনিও মিলি এখন দোকান খুলিম গৈ " বাংগালুৰুৰ পৰা সিহত তিনিও হয়তো উভতিছিল মুখত এমুকোৰা হাঁহিলৈ

বিহু, পূজা  বা অন্যান্য প্রায় অনুস্থানৰ পৰা বাংগালুৰুবাসী সাধাৰণতে বিৰত থাকিব লগীয়া নহয় Assam bangalore Coordination Forum বাংগালুৰুবাসী অসমীয়া সকলৰ বাবে এটা লেখত লবলগীয়া অনুস্থান আন এটি গুৰুত্বপূৰ্ণ অনুস্থান হৈছে  Assam Society Of Bangalore এই গোটসমূহে বাংগালুৰুবাসী অসমীয়াক এক কৰি ৰখাত বিশেষ অৰিহনা যোগাই আহিছে  চূড়ান্ত ব্যস্ততাৰে আৱৰা দিনবোৰ নেওচি অগতানুগতিকভাবে একত্রিত হয় অসমীয়াসকল এই অনুস্থান সমূহত একো একোটা বিশেষ সময়ত
আমি সুখিনে বাংগালুৰুত ? এটা অতি সাধাৰণ প্রশ্ন কিন্তু এই প্রশ্নৰ উত্তৰ দিবৰ সময়ত হয়তো সকলো থমকি ৰয় এক্ষন্তেকৰ বাবে কোনোৱে ঘৰ কিনা, কোনোৱে গাড়ী কিনা, কাৰোবাৰ নতুন সংসাৰ, কাৰোবাৰ সন্তান হোৱা বা কোনোবা বিদেশ যোৱা লেখীয়া খবৰ বোৰ প্রতিটো দিনৰে অংশ বাংগালুৰু  এখন প্রতিশ্রুতিপূৰ্ণ চহৰ, হয়তো প্রায়বোৰৰ ক্ষেত্রতে নিজৰ প্রতিশ্রুতি ৰাখিছে অসমীয়া ডেকা-গাভৰুৱে প্রযুক্তিবিদ্যাৰ এখন বহল পথাৰত নিজৰ বিজয় পতাকা উৰুৱাইছে  ঘৰৰ পৰা নিলগে থকাৰ উদাস অনুভৱবোৰ যেন সকলোৱে নিজৰ মাজতে সামৰি ৰাখিছে উন্নতিৰ এই দৌৰত উন্নতি আৰু সুখৰ এক সমানুপাতিক বৃত্ত যে সকলোৰে কাম্য। আপোনজনৰ পৰা আতঁৰি থকাৰ দূখত যেন এই বৃত্তত প্রায়ে আউল লাগে।

গোলকীকৰণৰ ঢৌঁত চিটিকি আহি এখন নতুন ঠাইত নিজৰ সু-পৰিচয় গঢ়াত ব্যস্ত থকা এজাক প্রতিশ্রুতি সম্পন্ন অসমীয়াৰ চহৰ বাংগালুৰু চৰকাৰৰ গাত দোষ জাপি দি, আহঁতৰ তলত ঘণ্টাৰ পিছত ঘণ্টা কেৰম খেলি অথবা তিনিআলিৰ আড্ডাত সময় নষ্ট কৰাৰ বীপৰিতে কষ্টৰে-কৰ্মৰে, সততাৰে, নিষ্ঠাৰে জীৱন গঢ় দিয়াৰ কঠোৰ প্রয়াস কৰা নিবনুৱা অসমীয়াৰ আদৰ্শস্বৰূপ এজাক 'চিকিউৰিটি গাৰ্ডৰ' চহৰ বাংগালুৰু

অসমীয়াৰ দেহ যতেই নাথাকক অসমীয়াত্বক জোকাবলৈ বিহুৰ এফাকি বা ঢোলৰ এচাপৰেই যথেষ্ট অসমীয়াৰ গৌৰৱ, শৌৰ্য্য বিয়পক সীমাৰ পৰিধি ভাঙি বিশ্বৰ প্রতিটো কোণত ধ্বজাবাহকহৈ ৰওক এজাক অসমীয়া বিশ্বায়ণ হওঁক বৰদান এনেদৰেই

অস্বস্তিকৰ অনুভৱ

News Liveৰ অনুস্থান এটা এইমাত্র চাই উঠিলো। অনুস্থান পৰিচালনা কৰা ব্যক্তিজনৰ ৰাজহুৱা মঞ্চত থাকিবলগীয়া ন্যনুতম সৌজন্যতাবোধ থকাৰ প্রয়োজন। কথা পতা বা প্রশ্ন সোধাৰ ধৰণ, শাৰীৰিক ভাৱ-ভংগীমা আৰু অনুস্থান পৰিচালনা কৰাৰ শৈলী দেখি তবধ মানিলো। ...সাংবিদকসকলৰ নিজস্বতা থকাৰ লগতে এটা পক্ষপাতিত্বহীন স্থিতি থকাটো নিত্যান্তই প্রয়োজনীয়। News Live-ৰ অনুস্থানটিত ভাগ লবলৈ অহা ব্যক্তিসকলক ধমক দিয়া আৰু মানসিক হেঁচা প্রয়োগ কৰা ধৰণ দেখি এনে লাগিল যেন ভাগ লবলৈ অহা ব্যক্তিসকল যেন পুলিচ ল'কআপতহে আছে আৰু অনুস্থান পৰিচালনা কৰা ব্যক্তিজন যেন ক্রাইম ব্রাঞ্চৰ ইনটেৰ'গেচন অফিচাৰ। :)

https://www.facebook.com/ractim.goswami.3/posts/272108679586853?notif_t=like

Friday, February 15, 2013

এটা সময়োপযোগী লেখা

এটা সময়োপযোগী লেখা পঢ়িলো............"ব্রাহ্মণ্যবাদ নিপাত যাওক, দীৰ্ঘজীৱী হওঁক প্রগতিশীল ব্রাহ্মণসকল আৰু তেওলোকৰ অবদান।"- ড. দেবব্রত শৰ্মা।



http://amarasom.glpublications.in/Details.aspx?id=12419&boxid=124230500

Tuesday, February 12, 2013

বিশেষ বাৰ্তা



অসমীয়া গীতৰ ৰি-মেক সম্পৰ্কে এটি পুৰণি পষ্ট দেখি কথা অলপ মনত পৰাত ৰাইজক জনাই থওঁ পাহৰাৰ আগতেই।কপিৰাইটৰ সংক্রান্তত কওঁ- মই গোৱা আৰু ৰেকৰ্ড কৰা জয়ন্ত হাজৰিকাৰ "মনৰ বাতৰিবোৰ' গীতটিৰ সংক্রান্তত জয়ন্ত হাজৰিকাৰ পুত্র ময়ূখ দাৰ লগত কথা হৈছিলো কিছুদিন আগতে। কথাখিনি বিশেষকৈ কপিৰাইটক লৈ আছিল যিহেতু মই মনতে জয়ন্ত হাজৰিকাৰ কেইটিমান গীত মোৰ কন্ঠত বাণিবদ্ধ কৰা এটা অপৈণত সপোন দেখিছিলো।ময়ূখ দায়ে আক্ষেপেৰে কৈছিল জয়ন্ত হাজৰিকাৰ গীতবোৰ 'HMV copyright protected' কিন্তু কপিৰাইট আইনৰ প্রতি আৰু শিল্পীজনৰ প্রতি টিলমাত্রও সন্মান নেদেখুৱাই অসমত বহু গায়কে কোনো অনুমতি নোলোৱাকৈ গীতবোৰৰ লগত ন্যায় নকৰাকৈ বাণিজ্যিক ভাবে বজাৰত এৰি দিয়ে। তেওঁ লগতে ক'লে যে এনেকৈ চলি থাকিলে অনাগত কেইটিমান বছৰৰ ভিতৰত জয়ন্ত হাজৰিকাৰ গীতসমূহলৈ এক চূড়ান্ত বেমেজালিৰ সৃষ্টি হ'ব। নতুন প্রজন্মৰ বাবে মুলগীতবোৰ অবিকৃতৰূপত আৰু 'মাষ্টাৰ'জনৰ নিজৰ কন্ঠতে সংৰক্ষণ আৰু প্ৰচাৰ কৰাত তেওঁ গুৰুত্ব দিয়ে। মোক তেওঁ এইটো খবৰ সাধ্যানুসাৰে ৰাষ্ট্র কৰিব দিছে যে তেওঁ আৰু তেওঁৰ মাতৃ মণিষা হাজৰিকাই গীতসূহৰ সুস্থ সংৰক্ষণৰ বাবে আৰু কপিৰাইট উলংঘাৰ বিৰুদ্ধে প্রয়োজনীয় পদক্ষেপ লবলৈ এক দৃঢ় পদক্ষেপ গ্রহণ কৰিছে।

-ৰক্তিম-

সাহিত্য.অৰ্গ বেনাৰ (ফেব্রুৱাৰী সংখ্যা)



সম্পাদক ৰাজীৱৰঞ্জণৰ সম্পাদনাত ওলাবলগীয়া সাহিত্য.অৰ্গৰ ফেব্রুৱাৰীৰ প্রেম বিশেষ সংখ্যাটিৰ বেনাৰখন প্রস্তুত কৰি উলিয়ালো..........

Wednesday, February 6, 2013

অবাঞ্চিত




নিজৰ ভাব প্রকাশ কৰাৰ বা প্রতিবাদ কৰাৰ সকলোৰে একোটা নিৰ্দিষ্ট আৰু গঠনমূলক ধৰণ থাকে। গান বা এখন নাটক এটা বন্দুকতকৈ বহু শক্তশালী আৰু বহু বন্দুধাৰীয়ে ইয়াৰ আগত সেৱ মানে বা এজন মাটিৰ শিল্পীক অন্তৰৰ পৰা শ্রদ্ধা কৰে আৰু এই শ্রদ্ধাৰ পৰাই উৎপত্তি হয় সততাৰ চিৰ শক্তশালী সত্ত্বাৰ প্রতি ভয়ৰ। গীত-নাট বা আন আন সকলো কলায়ে ঐতিহাসিকভাবে বিশ্বৰ প্রতিখন দেশত গণ সংযোগৰ এক শক্তিশালী মাধ্যমৰূপে নিজৰ স্বাক্ষৰ বহন কৰি আহিছে। কিন্তু আজিৰ তাৰিখত আমাৰ দেশৰ গুৰু সংখ্যক তথাকথিত শিল্পী, বুদ্ধিজীৱীসকল নিজৰ 'টেগ' টোৰ বাবে নিজৰ 'কমফৰ্ট জ'ন' টোৰ পৰা ওলাই আহি নিজৰ প্রকৃত সামাজিক দায়িত্ব পালন কৰিবলৈ কুন্ঠাবোধ কৰে। এনে কৰিলে যেন বিৰ্তকিত হ'ব বা কোনোবাই বেয়া পাব অথবা অৰ্জা সন্মান লুপ্ত হ'ব। সহজ ভাষাত নিজে কষ্ট আৰু প্রতিভাৰে অৰ্জা পৰিচয়টো মধ্যবিত্তীয় আবেশত পলকতে এক 'ভুৱা' পৰিচয়লৈ ৰূপান্তৰিত কৰে আৰু পলকতে পংগু কৰে হাজাৰজনৰ আস্থাক। এই দায়ৰ পৰা সৰহসংখ্যক শিল্পী বা বুদ্ধিজীৱীয়েই মুক্ত নহয়, অতীতৰ পৰা এতিয়ালৈ । শিল্পী ভুৱা হ'ব পাৰে শিল্প নহয় আৰু সমাজ গঠন বা পৰিবৰ্তনত শিল্পৰ ভূমিকা অনন্য। আমাক এতিয়া শিল্পৰ সত্ত্বাত নিজকে প্রকৃতাৰ্থত উৎসৰ্গা কৰিব পৰা শিল্পীৰ প্রয়োজন। আমাক প্রয়োজন জ্ঞানৰ পোহৰেৰে যিকোনো মূল্যৰ বিনিময়ত আমাৰ সমাজখন আলোকিত কৰিবলৈ পণ লোৱা বুদ্ধিজীবীৰ। আই নৰিয়া পাটিত, ভণ্ডৰ সমবেদনা ঘাটক সম......


-ৰক্তিম-

Sunday, February 3, 2013

ফাকিবুল হুচেইন ডাঙৰীয়া আহক গড় চিকাৰ কৰিবলৈ যাওঁ






শ্রদ্ধেয় গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী ফাকিবুল হুচেইন ডাঙৰীয়া,


মই এজন অসমৰ আৰু আৰ্শ্চয্যজনকভাবে অ-বাংলাদেশী মানুহ। প্রথমেই, আপোনালৈ এটা পোনপটিয়া প্রশ্ন কৰো-

এজন মন্ত্রীৰ আগতে আপুনি এজন পিতৃ। এতিয়া ধৰক আপোনাৰ ল'ৰাক আপুনি এখন ভাল বিদ্যালয়ত ভৰ্ত্তি কৰোৱাৰ লগতে সকলো উপযোগী সা-সুবিধা দিয়াৰ পাছতো আপোনাৰ ল'ৰাই পৰীক্ষাত বেয়া কৰিলে। ধৰি ল'লো আপুনি প্রথমবাৰ ক্ষমা কৰি ল'ৰাটিক ভালকৈ পঢ়িবলৈ উদগণী জগাব। ভালকৈ পৰীক্ষা দিম বুলি আশ্বাসন দিয়াৰ পাছতো আপোনাৰ ল'ৰাই বাৰে বাৰে যদি আপোনাৰ চিন্তা নুবুজি পৰীক্ষাত নিজৰ মইমতালীৰ লগতে কাণ্ডজ্ঞানহীনতা আৰু অমনোযোগিতাৰ বাবে বেয়া কৰে তেতিয়া আপোনাৰ কি মানসিক অবস্থা হ'ব?? মোৰ বোধেৰে পিতৃ হিচাপে সেইখিনি বুজিব পৰাকৈ আপুনি নিশ্চয় সংবেদনশীল। হয়, আমাৰ সকলো নেতা নিজৰখিনি গঢ়াত আৰু নিজৰখিনিলৈ সংবেদনশীল। গতিকে ধৰি ল'লো আপুনিও হয়। এই খিনি কথা কিয় ক'লো মোৰ কবলগীয়াখিনিৰ শেষত পৰ্য্যাৰলোচনাৰ বাবে আপোনাৰ হাতত এৰিলো...অ...যদিহে আপুনি বন্যপ্রাণী প্রীতিৰ পৰা আহঁৰি পায়।

এতিয়া আহো মুল কথালৈ। মানে আপোনাৰ নতুন বছৰৰ সফলতালৈ। মই মানে এই অ-বাংলাদেশীয়ে আপোনাক জনাবলৈ পায় সুখী হৈছো যে আপোনাৰ "ডাইনামিক ৱাইল্ডলাইফ লিডাৰশ্বীপ'ৰ অধীনত নতুন বছৰৰ প্রথম মাহতেই ইতিমধ্যো ৭ তাকৈ গড়ক মাৰি পেলোৱা হৈছে। মই নিশ্চিত যে যোৱাবাৰতকৈ আপোনাৰ এইবাৰৰ পৰিসংখ্যা বহু উন্নত হ'ব। আল্লাই আপোনাৰ মংগল কৰিব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ আপুনি মানবতাবাদী। জন্তু মাৰি আপুনি মানুহৰ বসবাসৰ বাবে বনাঞ্চল উদঙাই দিছে। আটাইতকৈ ডাঙৰ কথা যে আপোনাৰ এই মানবতাবাদৰ মূল্য আছে। এই বনবাসী বোৰে আপোনাক কেতিয়াও যে দিচপুৰৰ "স্বৰ্গ-ৰথ"ৰ পৰা নামিব নিদিব। হয়, হয়। মই বিশ্বাস কৰিবলৈ বাধ্য যে ভালৰ লগত কেৱল ভাল হয়। আপুনি সঠিক কাম কৰিছে। গড়বোৰনো থাকি আমাৰ কি লাভ হৈছে? সিহতৰ ভোটাধিকাৰ থাকিলে বেলেগ কথা আছিল। তেতিয়া হয়তো আপুনি কৃত্রিম প্রজনন কৰাই বা চুবুৰীয়া ৰাজ্যৰ পৰা চোৰাং বা অবৈধকৈ আনি হ'লেও সিহতৰ সংখ্যা বৃদ্ধি কৰিলে হয়। আপুনি প্রেকটিকেল মানুহ। মই এটা কথা কঁও। আপুনি জানে ১৩ সংখ্যাটো মানুহে অমংগলীয়া বুলি ভাবে গতিকে এইটোৱে সুযোগ। মূৰ কামোৰণি কৰি ৰখা বাকী গড় কেইটাকো এনেকৈয়ে এইবছৰতে (২০১৩ চনত) চাফা হৈ যাব দিয়ক, লগতে হাতীৰ দাতঁ কেইটাও চাফা হৈ গ'লে আপোনাৰ আগুন্তুক(?) শাসনকালৰ যাত্রা একেবাৰে মাখন দৰে মিলমিলিয়া হৈ যাব। আন একো নহয়, এনে হ'লে আপুনি মানবতাবাদত একেবাৰে বিলীন হৈ যাব পাৰিব আৰু আমাৰ মৰমৰ 'কাজিৰঙা বাংলাঞ্চল'...চৰি..'কাজিৰঙা বনাঞ্চল'খন ৰাজনীতিৰ সেউজ পথাৰ হৈ পৰিব।

...অ' আৰু এটা কথা আমাৰ কিবা এখন আইন নে নীয়মাৱলী আছে নহয়? ইংৰাজী নামটো কিবা ...অ, মনত পৰিছে THE WILD LIFE (PROTECTION) (ASSAM) RULES, 1980. এইখন কিবা কৰি সংশোধন কৰিব পাৰি নেকি চাব। বিশেষকৈ চিকাৰৰ বাবে কিবা লাইচেঞ্চৰ কথা কৈছে আৰু তাত গড়, হাতী আদিৰ চিকাৰৰ কথা উল্লেখ নাই। আপুনি আজিৰ তাৰিখত অসমৰ সৰ্বশ্রেষ্ঠ গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী তথা বনমন্ত্রী ফাকিবুল হুচেইন আৰু সেয়ে আপুনি আগভাগ লৈ গড়, হাতী আদিৰ চিকাৰ বৈধ কৰাৰ লগতে অসমৰ সকলো বনাঞ্চল আন্তৰাষ্ট্রীয় স্তৰত চিকাৰৰ বাবে মুক্ত বুলি ঘোষণা কৰি চোৰাং চিকাৰী আৰু বাণিজ্যৰ প্রতি মুকলিকৈ উদাৰনীতি গ্রহণ কৰিব লাগে। বানে প্রতিবছৰে এনেও বহু জীৱ জন্তু মাৰি নিয়ে। কেনেবাকে বানৰ পৰা বাচিলেও মানুহৰ পৰা নাবাচে। পহু হওক বা বাঘেই হওক বিনামূলীয়া কাৰণেই নেকি মূৰ্হ্হূত্ততে কাটি চিঙি গো-গ্রাসে গিলি পেলাই। মুঠতে এতিয়া অসম প্রকৃতিৰ ৰম্য ভূমি নহয় অসম প্রকৃতিৰ নিধন ভূমি । তাতকৈ বেপাৰ হওঁক। মোৰ বোধেৰে আপুনি উদাৰনীতি গ্রহণ কৰি 'লুক ইষ্ট' ...নহয়.. 'লুক ডাউন পলিচি' এনেকৈয়ে আৰম্ভ কৰি দিয়ক। তাৰ পিছত চাব কি যাদু হ'ব।

অবশ্যো এটা কথা এই সকলোবোৰ হাতে-কামে কৰি উঠি ফল ভোগ কৰে মানে পলম হৈ যাব পাৰে। মানে ২০১৩ত ন'হবও পাৰে। এটা কাম কৰিলে কেনে হয়। আপুনি নিজেই হাত কামে লাগিলে কেনে হয়? মানে চোৰাং চিকাৰী কেইটাৰ ওপৰত কিমান ভৰসা কৰিব। তাতে সিদিনা এটা ধৰাও পৰিছে। এটাই আকৌ ২ লাখ পায় কৰবাত ঘৰ বাৰী লৈছে বুলিও ৰাজহুৱাকৈ টিভিত কৈছে। অবশ্যো সি অসমীয়া ভাষা ক'ব পৰা হোৱাগৈ নাই। চীলেটি ভাষাত কোৱা কথা কেইটা সেয়ে মই ভালকৈ নুবুজিলো। আৰু কিবা কিনিছিল চাগৈ। এনেও সজ কামত দেৰি কৰিব নাপাই......হাতে-কামে লাগি যাব লাগে-

"ফাকিবুল হুচেইন ডাঙৰীয়া, আহক চিকাৰ কৰিবলৈ যাওঁ কাজিৰঙা বাংলাঞ্চলত......"



- ফাকিবুল হুচেইন ডাঙৰীয়া, এটা কথা সুৱঁৰাই দিলো যে আপুনি কাৰোবাৰ পিতৃ অথবা কাৰোবাৰ নেতা হোৱাৰ আগতে আপুনি কাৰোবাৰ পুত্র।আপুনি অসমী আইৰ পুত্র। আপোনাক আইৰ বুকুৰ সেউজখিনিক যতনাই ৰাখিবলৈ ৰাইজে দিয়া দায়িত্বভাগ পালনত বাৰে বাৰে বিফল হৈছে । আপুনি নিজৰ আইক বিশ্বাসঘাটকতা কৰিছে। এজনী মাতৃ গড়ৰ গৰ্ভৰ ৪৫০ দিনীয়া মাতৃত্বৰ আবেগক আপুনি বুঢ়া আঙুলী দেখুৱাইছে।

..নিজৰ ল'ৰাটিকো হয়তো আপুনি ক'লে হয়-

"তোৰ বাবে মই সকলো কৰিছো। যি লাগে তাকে দিছো। তই কেনেকৈ পঢ়, কেনেকৈ লিখ তোৰ কথা। মোক এইবাৰ এটা ভাল ফলাফল লাগে। এইবাৰ তই বেয়া কৰিলে তোক স্কুলৰ পৰা উলিয়াই দিব........"


-ৰক্তিম-

আজি গণ-অধিকাৰৰ সাহিত্য শিতানত প্রকাশিত মোৰ এটি গল্প...