Wednesday, March 20, 2013

মিত্রদেব মহন্ত দেৱৰ জীৱন, সাহিত্য আৰু কীৰ্তি- এক চমু আলোকপাত


(মিত্রদেব মহন্ত দেৱক তেখেতৰ মৃত্যুৰ দিনটোত সুঁৱৰি)



"চিৰ চেনেহী মোৰ ভাষা জননী" - মিত্রদেব মহন্ত বুলিলে সাধাৰণতে অসম সাহিত্য সভাৰ মুকলি অধিবেশনৰ এই উদ্বোধনী গীতটিৰ কথাই পোনচাতে মনলৈ আহে। মিত্রদেব মহন্ত,অসমীয়া সাহিত্য সংস্কৃতিৰ বিশাল আকালখনত এক চিৰ জ্যোতিষ্মান তৰা। অসমৰ সাহিত্য, সংগীত, শিক্ষা, নাটক আদি দিশসমূহত মিত্রদেব মহন্তদেৱৰ অবদান চিৰ নমস্য। মিত্রদেব মহন্তদেৱ একেৰাহে আছিল এজন সাহিত্যিক, গীতিকাৰ, অভিনেতা, সু-গায়ক, নাট্যকাৰ, ধৰ্ম,কলা আৰু সংস্কৃতিৰ সাধক, হাস্যৰসিক, কীৰ্তি শিক্ষক। এই সকলো মহান গুণৰ উপৰিও তেওঁৰ অনবদ্য দখল আছিল সংস্কৃত, ইংৰাজী, বাংলা  আৰু হিন্দী ভাষাত।

মিত্রদেব মহন্ত দেৱৰ জন্ম হৈছিল ১৩ জুন, ১৮৯৪ চনত যোৰহাট সৰ্বাইবন্ধাৰ লেটুগ্রাম সত্রত। তেখেতৰ পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আৰু মাতৃ আছিল স্বৰ্গীয় বগীতৰা দেৱী। পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আছিল সত্রাধিকাৰ। মিত্রদেব মহন্ত দেৱৰ শিক্ষা জীৱনৰ আৰম্ভণি হয় হেজাৰী প্রাথমিক বিদ্যালয়ত। ১৯০৪ চনত প্রাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্তি কৰে।  মহন্ত দেৱে সু খ্যাতিৰে  ১৯১২ চনত প্রৱেশিকা আৰু ১৯১৪ চনত কটন মহাবিদ্যালয়ৰ পৰা আই.এ পাচ কৰে। সংস্কৃতত অনাৰ্চসহ বি.এ শ্রেণীত মহন্ত দেৱে যদিও নামভৰ্তি কৰিছিল আৰ্থিক দূৰাবস্থাৰ বাবে তেখেতৰ এই আশা আধাতে সামৰিবলগীয় হয়।
মিত্রদেব মহন্ত দেৱৰ কৰ্ম জীৱন আৰম্ভ হয় ১৯১৫ চনৰ ৫ জানুৱাৰী তাৰিখে যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত। ১৯৩৭ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধিক্ষক নিযুক্ত হয়। ১৯৪৭ চনত মহন্ত দেৱে গোলাঘাট চৰকাৰী হাইস্কুলৰ  প্রধান শিক্ষকৰ গুৰু দায়িত্বত অধিষ্ঠিত হয়। ১৯৫০ চনত কৰ্ম জীৱনৰ পৰা অৱসৰ লৈ তেওঁ  ধৰ্মীয় পৰম্পৰাক শিৰোধাৰ্য্য কৰি  লেটুগ্রাম সত্রৰ সত্রাধিকাৰৰ দায়িত্ব লৈ সত্র পৰিচালনাত মনোনিবেশ কৰে।

১৯২০ চনত মিত্রদেব মহন্ত দেৱ শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ চুপহা সত্রৰ সত্রাধিকাৰ স্বৰ্গীয় দেবদত্ত মহন্তৰ একমাত্র কন্যা  স্বৰ্গীয়া লক্ষ্মীপ্রিয়া দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়। বিবাহোত্তোৰ কালছোৱাত  মহন্ত দেৱ এটি পুত্র (স্বৰ্গীয় মোক্ষদেৱ) আৰু তিনি কন্যা(আইধান, অণু আৰু ৰেণু) ৰ পিতৃ হয়।

সংস্কৃতিবান আৰু ধৰ্মীয় আচাৰ ব্যবহাৰেৰে পুঞ্জীঁভূত এখন ঘৰত জন্মলভা হেতুকে মিত্রদেব মহন্ত দেৱে সহজাত ভাবে বহুখিনি পাইছিল। এই বিষয়ে নগেন শইকীয়া দেৱে  "মিত্র দেৱ মহন্তৰ ৰচনাৱলী"ৰ  'ভূমিকা' শিতানত এই বুলি উল্লেখ কৰিছে- " সৰুৰে পৰা নিজৰ সত্রত পুৱাতে উঠি গা-পা ধুই গোসাইঘৰৰ বাবে ফুল তোলা, পিতৃ-পিতামহৰ লগত বহি নামঘৰত প্রসংগ কৰিবলৈ শিকা, প্রত্যোক বছৰ শংকৰ দেৱৰ তিথিকে ধৰি বিভিন্ন উপলক্ষ্যত আয়োন কৰা ভাওঁনাত ভাওঁ  লোৱা সত্রীয়া জীৱনত চৰ্চা কৰিব লগীয়া গীত-মাত, সুৰ সঞ্চাৰ শিকা, সত্রীয়া নৃত্যৰ বাবে মাটি আখৰাৰ অনুশীলন কৰা, পদ্ধতিগতভাবে খোলবাদন শিক্ষা কৰা, এই আটাইবিলাকে তেওঁৰ ব্যক্তিত্বৰ বৈশিষ্টতা লাহে লাহে গঢ়ি তুলিছিল। আধ্যাত্মিক, নৈতিক আৰু সাংস্কৃতিক শিক্ষাৰ মচিব নোৱাৰা সাঁচ তেওৰ মনত সৰুতেই বহিছিল। তেওঁৰ পৰবৰ্তী কালৰ ৰচনাসমূহৰ মাজত আমি এই প্রভাৱৰ ফল বিৰিঙি থকা দেখিবলৈ পাওঁ।"

মিত্রদেব মহন্ত দেৱৰ সৃষ্টি আৰু প্রতিভাৰাজীৰ পৰিধি আছিল খুব বিশাল । অসমীয়া সাহিত্যৰ জগত খন তেওঁ গীত-কবিতা-পদ্য, গল্প, নাটক, শিশু সাহিত্য আৰু আন আন বিভিন্ন ভিন্নসুৰী লেখনীৰে চহকী কৰি থৈ গৈছে। তেখেতৰ উল্লেখযোগ্য গ্রন্থপঞ্জী সমূহ হ'ল- লেকলৌ লানি (১৯১৫), কুকুৰীকণাৰ আঠমঙলা (১৯১৮), চন্দ্রহাৰ (১৯১৮),  বিয়া-বিপৰ্য্যয় (১৯২৪), জ্ঞানলহৰী (১৯২৪), ধ্রুৱ (১১৯২৫), মৌ মহাভাৰত (১৯২৫), মোহননভোগ (১৯২৫), নিবোকা ৰজা (১৯২৮), ব'হাগী বিহুৰ সুৱাগী নাম (১৯২৯), অসমীয়া ধৰ্মাচাৰ্য্যৰ উপাধি (১৯৩০), ব্রিটিচ সাম্রাজ্যবাদৰ বুৰঞ্জী (১৯৩১), প্রহ্লাদৰ ক খ (১৯৩৫), টেঙৰ-ভেঙৰ (১৯৩৫), এটা চুৰট (১৯৩৫), ভা কূট-কূট (১৯৪৮),জুনজুনি (১৯৫৫), স্বৰ্গ নে মৰ্ত্য (১৯৭০), মৰণ দুৱাৰ (১৯৮০)।  মিত্রদেব মহন্ত দেৱৰ অন্যান্য বহু ৰচনা অপ্রকাশিত ৰ'ল। এজন সংগীত শিল্পী হিচাপে মিত্রদেব মহন্ত দেৱে হিচ মাষ্টাৰ্চ ভইচ কোম্পানীৰ যোগেদিও অনেক গীত, হুঁচৰি আদি ৰেকৰ্ড কৰিছিল। তেওঁৰ লেখত ল’বলগীয়া গীতি পুঁথি দুখন হ'ল 'গীত শতদল' আৰু 'ৰণ ৰঙ্গিনী'।  তেখেতে ৰচনা কৰা জনপ্রিয় গীতসমূহৰ ভিতৰত "চিৰ চেনেহী মোৰ ভাষা জননী" আৰু 'তাইৰ মোৰ প্রিয়া পানেশৈ' গীত দুটি উল্লেখযোগ্য।

আজীৱন ৰংগমঞ্চৰ লগত জড়িত থকা মিত্রদেব মহন্ত দেৱে ১৯৬১ চনত তেখেতৰ অভিনয়ৰ বাবে ৰাষ্ট্রপতি স্বৰ্গীয় ড. ৰাজেন্দ্র প্রসাদৰ হাতেৰে " সংগীত নাটক অকাদেমি" বটা লাভ কৰে। মিত্রদেব মহন্ত দেৱ ১৯৩২ চনৰ পৰা ৪ বছৰৰ বাবে 'অসম সাহিত্য সভা'ৰ সহ:সম্পাদক হোৱাৰ লগতে দুৱাৰকৈ উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। মিত্রদেব মহন্ত দেৱে ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰে। ১৯৭০ চনত তেও যোৰহাট প্রাথমিক শিক্ষা পৰিষদৰ অধক্ষ্যৰ পদত নিয়োজিত হয়।  মিত্রদেব মহন্ত দেৱৰ  জীৱনজোৰা সাধনাক স্বীকৃতি জনাই ১৯৮২ চনত অসম সাহিত্য সভাই এইজন নমস্য ব্যক্তিক প্র্ত্যাশিত ভাবে "সাহিত্যচাৰ্য্য" উপাধিৰে সন্মানিত কৰে।

এইজনা পুৰোধা ব্যক্তিয়ে যোৰহাটৰ লেটুৰাম সত্রত ১৯৮৩ চনৰ ২৬ মাৰ্চ তাৰিখে অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ পথাৰখনৰ অপূৰণীয় ক্ষতি কৰি জীৱনৰ ৰঙ্গ মঞ্চৰ পৰা মেলানি মাগে।


_____________________________________________________________
*লেখাটি যুগুটাওঁতে "মিত্র দেৱ মহন্তৰ ৰচনাৱলী" প্রমুখ্যে আন আন কেইবাখনো গ্রন্থৰ সহায় লোৱা হৈছে।



পৰিচয় বিহীন যাযাবৰ নগৰী - এটি চিনাকী গীত



পৰিচয় বিহীন যাযাবৰ নগৰী

Sunday, March 10, 2013

এবুকু কেঁকটাচত ডুব যোৱা মাজ নিশাৰ ঐক্যতান




ফাগুণে কোবাই যোৱা ক্রুছবিদ্ধ যীশুৰ মূৰ্তিটোৰ পৰা এটা বিকৎ চিঞৰ ওলাই আহিলেহে কিহবাই হেঁচি ধৰা বুকুখনে যেন সকাঁহ পাব। অভিমাণত উফন্দি থকা তোমাৰ মুখখন মই আৰু চাব নোৱাৰো । ছাঁই বৰণীয়া বতাহ জাকত এৰি দিব বিচাৰো মই মোৰ নিসংগতা তোমাৰ অভিমানত জাহঁ যাবলৈ। তাকে কৰিব নোৱাৰো। মন যায় লঠঙা পাহাৰটোৰ ওপৰত ক্রুচবিদ্ধ হবলৈ কোনোবা জোনাক নিশা অনন্ত ঘূৰ্ণীয়মান মায়াৰ এচাটি বিশাল পোহৰত।

আজি এপিয়লা মদ খাম। তাত সানি ল'ম তোমাৰ ঘৰ্মাক্ত দেহাৰ গোন্ধ আৰু অলপ কেঁচা কেঁচা গোন্ধোৱা মাটি। মাজ নিশাৰ ঐক্যতানত বুকুৰ মাজত উচুপি উঠিব লাভাবোৰ । জলফাইৰ জুপিত আহি বহিবহি এটা কণমানি ক'লা চৰাই। তৰাবোৰ কঢ়িয়াই নিয়া হাটিপটিয়া জাহাজখনলৈ কেনেবাকৈ উৰা মাৰিব পৰা হ'লে তিয়াই পেলালো হয় মনটো তোমাৰ মৰমেৰে কোনোবা ফৰিংফুটা ৰাতি। অলপো গম নিদিম সেই অচিন খৰিকটিয়াক অথবা কোনোবা দুখৰ কমাৰ শালত বহি থকা অচিন চৰাইজনীক।

শুনা, মই এদিন মৰিমেই। সেয়ে কৈছো, পথাৰখনৰ আলিবোৰ সুমথিৰা বৰণৰ ৰ'দেৰে চিকুনাই ৰাখিবা। তোমাৰ আঙুলীবোৰত মই যোৱাৰ পৰত পিন্ধাই যাম পোহৰৰ একোটা সোণবৰণীয়া আঙঠি। তোমাৰ সাঁজ, তোমৰ দুচকু, তোমাৰ মনৰ কোমলতাবোৰ, তোমাৰ মিঠা স্পৰ্শ, অচিন সুৰংগত গুঞ্জিত হোৱা আমৰ হাঁহিবোৰ অঘৰীৰ দৰে ঘূৰি ফুৰিব কোনো বেশ্যাৰ দেহৰ ভাজেঁ ভাজেঁ,অলিয়ে গলিয়ে।

তোমাক নোকোৱাকৈয়ে যে মই পুঁহি ৰাখিছিলো এবুকু কেঁকটাচ তুমি আতঁৰি যোৱাৰ ভয়ত।

চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ প্রথমখন দুৱাৰ



কাৰণতো আছিল অনাকাংক্ষিত। দেউতাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্রথমবাৰলৈ এখন চেন্নাই অভিমুখি ৰেলৰ বুকুত সোমাই পৰিছিলো। একো ধাৰণা নাছিল চহৰখনৰ বিষয়ে। অলপ শংকা আৰু অলপ সচেতনাক বুকুত সাবটি লৈ তিনি দিনৰ দিনা চেন্নাই চহৰত উপস্থিত হৈছিলোগৈ।

চেন্নাইত নতুন চাকৰিত যোগ দিয়াৰ পিছত অসমৰ বন্ধুসকলৰ সৈতে

সচাকৈ ক'ব গ'লৈ ইমান ব্যস্ত, ইমান আহল-বহল আৰু ইমান দেশী-বিদেশী গাড়ী একেলগে জীৱনত প্রথমবাৰলৈ দেখি অলপ বিচূৰ্তি নোখোৱাকৈ থকা নাছিলো। পৰিকল্পনা কৰা ধৰণেই দেউতাৰ চিকিৎসা আৰম্ভ হ'ল আডিয়াৰ কৰ্কট ৰোগ প্রতিস্থানত আৰু সমান্তৰালভাবে আগবাঢ়িল চহৰখনৰ লগত মোৰ চিনাকী পৰ্ব।

জীৱনত প্রথম সাগৰৰ বিশালতাক অনুভৱ কৰাৰ সুযোগ দিছিল এই চহৰে। বেচন নগৰ সাগৰৰ তীৰত থিয় হৈ দূৰ দিগন্ত শান্ত দৃষ্টিৰে চাই ৰওঁতে কাণত অহৰহ ঝংকাৰিত হৈ আছিল দেবকান্ত বৰুৱাৰ সেই চিনাকী কবিতাটো.."সাগৰ দেখিছা? দেখা নাই কাহানিওঁ...."। আজিও সজীৱ এখন সৰু চহৰৰ ব্যপ্তি ভেদি  সাগৰৰ নীলিম উৰ্মিমালাত ডুব যোৱা সেই অনুভৱ।

প্রকৃতাৰ্থত, অতি কম সময়তে মই চহৰখনৰ প্রেমত পৰিছিলো। যি কোনো বস্তু বা বিষয়ৰ লগতে একোটা বা তাতোধিক নঞথৰ্ক দিশ সাধাৰণতে থাকে কিন্তু এই চহৰৰ কৰ্মপটু মানুহখিনিৰ নিষ্ঠা আৰু সততাই মোক বাৰুকৈ আকৃষ্ট কৰিছিল। এবাৰ এজন অট' চালকে ভাড়া কিমান লাগিব সুধোতে কৈছিল -" আপুনি জনা বুজা মানুহ। দূৰত্বৰ হিচাপত যি ভাল দেখে দিব। ভগবন্তই আমাক সদায় ওপৰৰ পৰা চাই থাকে আমি কোনেও কাকো অন্যায় কৰিব নালাগে।" কৰ্মবিমূখ বুলি অপবাদ থকা আমাৰ জাতিটোৰ যেন চেন্নাইবাসীৰ কৰ্মপটুতাৰ পৰা যথেষ্টখিনি শিকিব লগা আছে।

চেন্নাই চহৰখন বহল পৰিধিত তামিলিয়ান সকল ভাষিক গোড়ামীৰ বাবে জনাজাত। মোৰো যথেষ্ট অসুবিধা হৈছিল প্রথম অবস্থাত। দেউতাক সেয়ে এদিন কৈছিলো-" ভাষিক যোগাযোগৰ ফালৰ পৰা চেন্নাইত থকা আৰু ফ্রান্সত থকা একেই। চেন্নাইত যদি টিকিব পৰা পৃথিবীযায় তেনেহ'লেৰ যিকোনো ঠাইতে টিকিব পৰা যাব।" এইখিনিতে এইটো কথা ক'বই লাগিব যে তাতে শিক্ষা গ্রহণ কৰা ভাতৃপ্রতীম তেজপুৰৰ ইন্দুকল্পক যেতিয়া তামিল ভাষাত সলসলাই কথা কোৱা দেখিছিলো তেতিয়া সচাঁকৈ গৰ্বিত অনুভৱ কৰিছিলো। এতিয়া অবশ্যে চেন্নাইত যথেষ্ট সংখ্যক উত্তৰ ভাৰতীয় লোকৰ প্রবজন ঘটিছে আৰু যি সমান্তৰালভাবে ভাষিক সংমিশ্রণৰ এখন নতুন দুৱাৰ লাহে লাহে মুকলি কৰিছে।

দেউতাৰ চিকিৎসাৰ অন্তত সিদ্ধান্ত লৈছিলো যে মই চেন্নাই চহৰতে কৰ্ম জীৱনৰ এক নতুন পাতনি মেলিম। ভবা ধৰণেই ২০০৬ চনত আহি এই চহৰত আহি খোপনি পিটিছিলো আন কেইবাজনো বন্ধুসহ আৰু তাৰ পাছতে আৰম্ভ হৈছিল চহৰখনৰ লগতে দাতিকাষৰীয়া ঠাইসমূহক পুংখানুপুংখভাবে জনাৰ এক উন্মাদ অথচ সচেতন প্রক্রিয়া। আডেয়াৰ, ভেলাচেৰী, পেডুংগুৰি, মাউন্ট ৰ'ড, পেৰিচ, আন্নানগৰ, ত্রিবানময়ূৰ, গিন্ডী, তাম্বৰম, চাইদাপেই, ট্রিপলিকেন, ই.চি.আৰ, পণ্ডীচেৰী, মহাবলীপুৰম ইত্যাদিৰ কতনা স্মৃতি বুকুত আজিও উচাহেৰে নাচি আছে।

চেন্নাই চহৰে মোক পৃথিবীখনক নতুনকৈ চাবলৈ শিকালে, এজাক নতুন বন্ধু দিলে, আত্ম-বিশ্বাস যোগালে  লগতে যোগালে  কৰ্মস্পৃহা, যাক সাৰঁথি কৰি আজিও চলি আছি মোৰ জীৱন ৰথ।

চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ প্রথমখন দুৱাৰ, মই প্রেমত পৰা প্রথমখন চহৰ।