Wednesday, May 15, 2013

ভাষিক ঔপনিবেশিকতাবাদ আৰু প্রাৰম্ভিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ গুৰুত্ব



মাতৃভাষাৰ গুৰুত্ব আৰু প্রাংগিকতা খিনিক বুজিবৰ বাবে মোৰ বোধেৰে ভাষাৰ লগত সন্নিহিত ‘মাতৃ’ শব্দতোৱে যথেষ্ট। মাতৃভাষাৰ সহজ সংজ্ঞা হ’ল শৈশৱৰ পৰা যি ভাষা শিকি বা কৈ এটি শিশু ডাঙৰ হয় সেই ভাষাটিয়ে শিশুটিৰ মাতৃভাষা। আৰু অধিক সহজকৈ ক’বলৈ হ’লে মাতৃভাষা হৈছে মাতৃৰ কোলাতে স্বতঃস্ফূৰ্টভাবে শিকি অহা ভাষা। 

মাধ্যমকেন্দ্রীক বিবাদ আজিৰ তাৰিখত গোলকীকৰণৰ এটা আগশাৰীৰ গুৰু বৈশিষ্ট। আমাৰ অসম দেশতো এই বিবাদ ক্রমাৎ তীব্রৰ পৰা তীব্রতৰ হ'বলৈ ধৰিছে। জীৱন যুজঁত জিকাৰ বাবে ইংৰাজী ভাষাৰ গুৰুত্ব আগতিয়াকৈ উপলব্ধি কৰি পিতৃ-মাতৃয়ে ক্রমবৰ্দ্ধমান হাৰত নিজ সন্তানক নামভৰ্ত্তি কৰাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। শুনিছো চৰকাৰেও হেনো অসমত কেইবাহাজাৰ চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্রস্তুতি চলাইছে। শিশুটিৰ উন্নত সৰ্বাংগীন মানসিক বিকাশৰ বাবে প্রকৃততে কোন মাধ্যম শিক্ষা প্রয়োজনীয়? এই প্রশ্নটিৰ সঠিক উত্তৰ বিজ্ঞানসন্মতভাবে বিচাৰি উলিওৱাতো সকলোৰে বাবে অতি প্রয়োজনীয়। UNESCO-ৰ Education Today নামৰ News Letter-ত ২০০৩ চনতে(জুলাই সংখ্যা) "THE MOTHER-TONGUE DILEMMA" নামৰ পাতনিত উল্লেখিত কথাখিনিৰ সকলোৱে এবাৰ জুকিয়াই চোৱা প্রয়োজন-

*“ভাষা আৰু পৰিচয় - দুয়ো যে ওতঃপ্ৰোতঃ ভাৱে সংযোজিত, মাতৃভাষা শব্দটোৱে আমাক তাকেই উনুকিয়াই | এটি সুষ্ঠ পৰিচয়ে আমাৰ পৰিচৰ্যাৰ বিভিন্ন দিশ সাঙুৰি সুষমতা আনে | এটি জাতিয়ে নিজৰ পৰিচয় ভাষাৰ নিৰ্দেশনাৰ মাধ্যমেৰে আগবঢ়াব বিছাৰে আৰু এক সুস্থ সমাজে সঠিক নিৰ্ণয়ৰ মাজেৰে সম্প্ৰদায়িক মিলা-প্ৰীতি আৰু সবল ব্যক্তিসত্বাক উত্সাহিত কৰে | আমাৰ সৌভাগ্য যে এই দুটি লক্ষ্য সমবিন্দুগামী | বহুবছৰৰ অধ্যয়নে দেখুৱাইছে যে যি ল’ৰা-ছোৱালীয়ে মাতৃভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকৰ প্ৰাৰম্ভ অধিক ভৱিষ্যতপুৰ্ণ হয় আৰু তেওঁলোকে যিসকলে এক নতুন ভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকতকৈ আগলৈও ভালদৰে নিজকে আগুৱাই নিবলৈ সক্ষম হয় | এই কথাটি প্ৰাপ্তবয়স্ক ন-শিকাৰুৰ ক্ষেত্ৰটো সমানেই প্ৰযোজ্য | বৰ্তমানে এই মতটো বহুলভাৱে কাৰ্যপালিত যদিও আমি এনে বহুতো চৰকাৰী ফৰমানৰ কথা শুনিবলৈ পাওঁ, যিহক আমি চৰকাৰে শিশুসকলক বিদেশী ভাষাৰে শিক্ষিত কৰাৰ এক আধুনিকতাবাদী অপপ্ৰয়াস বা এক সামাজিকভাৱে প্ৰতিষ্ঠিত গোটৰ প্ৰাধান্য বিস্তাৰৰ চেষ্টা বুলি ক’ব পাৰোঁ |”

এইখিনিতে এইটো কথাওঁ কোৱাৰ এটা চূড়ান্ত প্রয়োজনীয়তা আছে যে 'ইংৰাজী মাধ্যমত পঢ়িলেহে ইংৰাজী ভাষাত দখল ভাল হ'ব বুলি সৰহসংখ্যক পিতৃ-মাতৃয়ে মনতে পুহিঁ ৰখা ভাৱটিৰ পৰা মনটি মুক্ত কৰা প্রয়োজনীয় আজি অত্যাধিক। মাধ্যম আৰু ভাষিক জ্ঞান আহৰণৰ বাবে কৰা চৰ্চা দুটা পৃথক ব্যবস্থা বা প্রক্রিয়া। আমাৰ মাজতে ইংৰাজী মাধ্যমত পঢ়ি অসমীয়াত আৰু অসমীয়াত মাধ্যমত পঢ়ি ইংৰাজীত প্রশংসনীয় দখল থকা মানুহৰ উদাহৰণ বিচাৰিলে নিশ্চিতই বহুজন পোৱা যাব। আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল যে বৰ্তমান অসমীয়াৰ দৰে অন্যান্য বহুভাষাৰ লগতে যি দৰে ইউৰোপৰ আগশাৰীৰ চুইডিচৰ নিচিনা ভাষাও কৃষ্ণ গহ্বৰলেখীয়া ইংৰাজী ভাষাৰ দূৰন্ত আগ্রাসনত পৰি ভাষিক সংকটৰ সন্মুখীন হৈছে থিক সেই একেদৰেই আফ্রিকাৰ নমিবীয়ান সকলো সেই একেই শংকাতে পোঁত গৈছে।

“…..ক্রমাৎ বাঢ়ি অহা প্রভাৱৰ বাবে ইংৰাজী ভাষা আমাৰ চুইডিচ ভাষা-সংস্কৃতিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। কেইবজনো চুইডিচ ভাষাবিদে ইতিমধ্যো পূৰ্বানুমান কৰিছে যে অনাগত কেইটিমান প্রজন্মৰ ভিতৰতে ইংৰাজীভাষা চুইডেনৰ আটাইতকৈ প্রতিপত্তিশীল ভাষাৰূপে পৰিগণিত হ’ব”।

চুইডেনৰ এটি ৱেবচাইটত চুইডিচ ভাষাকলৈ কৰা শংকাৰ অভিব্যক্তি উপৰোক্ত কথাখিনি। চুইডেনৰ কথাখিনি এইটো বুজাবলৈ উল্লেখ কৰিলো যে ইংৰাজী ভাষাৰ আগ্রাসনে কেৱল অসম, ভাৰত বা এচীয়াৰ দেশসমূহলৈয়ে বিপদ মাতি অনা নাই। ই ভাষিক বিপদ সংকেট দিছে ইউৰোপৰ ফ্রান্স, জামাৰ্নী , চুইডেনৰ দৰে অনা-ইংৰাজীৰ ৰাষ্ট্রৰ ৰাষ্ট্রীয় ভাষাসমূহলৈও। এই ক্ষেত্ৰত মোৰ কিছু বছৰৰ আগেয়ে ব্যক্তিগতভাবে হোৱা বৃত্তিকেন্দ্রিক অভিজ্ঞতাই ইউৰোপীয় দেশসমূহৰ এই সংকটৰ তীব্রতাক উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছিল।

ভাষিক সংকটৰ এই ক্ষণত প্রাৰম্ভিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ গুৰুত্ব কিমান? এই প্রশ্নৰ উত্তৰ নিজ ভাষাটিক শ্র্দ্ধা কৰা সকলোৰে বাবে এটাই হোৱা উচিত। ‘অপৰিসীম’- ভাষাতত্ববিদসকলৰ মতে এই শতিকাৰ অন্তলৈ পৃথিৱীত বৰ্তমানে প্রচলিত প্রায় ৬০০০ ভাষাৰ পৰা সৰহ সংখ্যক খিলঞ্জীয়া (indigenous) ভাষা-উপভাষাকে ধৰি প্রায় ৫০% ভাষাৰ বিলুপ্তি ঘটিব আৰু ইয়াৰ মুল কাৰণ হ’ল ‘Linguicism’ বা বিশ্বৰ বিভিন্ন ভাষিক গোটসমূহৰ মাজত অসমানুপাতিক ক্ষমতাৰ বিভাজন আৰু ‘Linguicide’ বা ভাষাৰ হত্যা। এই দুয়োটা কাৰণৰ আঁৰত আছে বিশ্বৰ শক্তিশালী অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, আৰু সামৰিক শক্তিসমূহ। ‘Linguicide’ বা ভাষা হত্যাৰ আন এক প্রত্যক্ষ কাৰণ হ’ল উপৰোক্ত শক্তিসমূহৰ প্রভাৱত নিজৰ এটা সু-সংগঠিত আৰু গৌৰৱ উজ্বল ভাষা থকাৰ পিছতো এটি বিদেশী ভাষাৰ আশ্রয়েৰে নিজ ভূমিতে নিজ সন্তানক নিজ ক’লা-সংস্কৃতিৰ লগত পৰিচয় ঘটাবলৈ কৰা অভিভাবকৰ অসুস্থ প্রচেষ্টা।

শিশুৰ প্রাৰম্ভিক শিক্ষাৰ কালছোৱাতে শিশুক মাতৃভাষাৰ পৰা বঞ্চিত কৰি ইংৰাজী মাধ্যমত শিক্ষা দান কৰিলে নিজ মাতৃভাষাৰ লগতে শিশুটিৰ কি কি অপকাৰ বা শিশুটিৰ কি কি ক্ষতিসাধন হয় তাক এবাৰ বিশ্লেষণাত্মকভাবে বুজিবলৈ চেষ্টা কৰাটো প্রত্যোকজন সচেতন অভিভাৱকৰ কৰ্তব্য ও দায়িত্ব। শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম কিয় মাতৃভাষাত হ’ব লাগে এই বিষয়ত বিশ্বৰ বিভিন্ন প্রান্তত চলি আছে অলেখ পৰীক্ষা নীৰিক্ষা। এনে পৰীক্ষা নীৰিক্ষাৰ অন্তত অন্তত পোৱা কেইবাটাও কাৰণৰ (মনো)বৈজ্ঞানিকভাবে প্রতিষ্ঠিত দুটামান কাৰণ তলত উল্লেখ কৰিলো-

১) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।

২) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড় ভাবে জড়িত।

৩) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্রয়োজনীয় সৃষ্টিশীলতা, কৌশল,জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰুপভাবে সম্ভৱ। 

৪) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্রহ হ্রাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্রহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্রকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।

৫) কানাডা, চীন, আফ্রিকা, ভাৰতবৰ্ষকে ধৰি বহু ৰাষ্ট্রত শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম সম্পৰ্কে কৰা পৰীক্ষা নীৰিক্ষাত এইটো স্বচ্চলভাবে প্রকাশ পাইছে যে মাতৃভাষাত প্রাৰম্ভিক শিক্ষা লাভ কৰা শিশুসকলৰ মানসিক বিকাশৰ মাত্রা তুলনামুলকভাবে অধিক হয় আৰু তেওঁলোকে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই প্রসংগতে এইটো উল্লেখ কৰাৰ প্রয়োজনীয়তাবোধ কৰিছো যে যদিও ফিলিপাইনচত চৰকাৰে পূৰ্বতে ইংৰাজী আৰু ফিলিপিন’ দুয়োটি ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল কিন্তু ২০০৯ চনত চৰকাৰে এক নতুন নিয়মৰ প্রণয়ন কৰি প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ বাট মুকলি কৰে।

এটা ভাষায়ে এটা জাতিৰ মৰ্যদাক ধৰি ৰখাৰ লগতে ধৰি ৰাখে জাতিটোৰ একতা আৰু সংহতিৰ বাঘজৰী ডাল। এই কথাষাৰৰ ছাঁতে আমাৰ দাতিঁকাষৰীয়া ৰাজ্য উড়িষ্যাত ‘উড়িষ্যা আদিবাসী মঞ্চ’ৰ উদ্যোগত চলি আছে মাতৃভাষাকেন্দ্রীক শিশু শিক্ষাৰ এক সৰু প্রশংসনীয় আন্দোলন। এই আন্দোলনে উড়িষ্যাত শিক্ষাৰ মাধ্যম মাতৃভাষাত হোৱাৰ পোষকতা কৰাৰ লগতে শিশুৰ শিক্ষাৰ দিশত আঞ্চলিক ভাষাৰ মাধ্যমৰ অৰ্ন্তভূক্তিৰে চলোৱা প্রচেষ্টাসমূহত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আমদানীকৃত এটি ভাষাৰে শিশুৰ প্রাৰম্ভিক শিক্ষা আৰম্ভ কৰাৰ বিৰোধিতা কৰি ‘উড়িষ্যা আদিবাসী মঞ্চৰ’ সুধীৰ ডিগালে কয় যে শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যমৰ ভাষা সেইটোহে হোৱা উচিত যিটো ভাষা শিশুটিৰ চিনাকী। 

United Nations Convention on the Rights of the Child-ৰ অনুচ্ছেদ ২৯ত শিশু শিক্ষাৰ লক্ষ্য সৰ্ন্দভত উল্লেখ কৰা গুৰুত্বপূৰ্ণ কথা অলপ এনেধৰণৰ – 

“Education of the child shall be directed to development of respect for the child’s parents, and the child s’ own cultural identity, language and values, as well as for the national values of the country in which the child is living…”

সহজ ভাষাত কবলৈ গ’লে শিশুক দিয়া যি শিক্ষায়ে শিশুটিৰ মনত নিজ পিতৃ-মাতৃ, নিজা সাংস্কৃতিক পৰিচয়, ভাষা, মূল্যবোধ আৰু নিজ দেশখনৰ প্রতি শ্রদ্ধা উপজাৱ নোৱাৰে তেনে শিক্ষা দিশবিহীন। ভাষিক ঔপনিশেদবাদত অজানিতে (বা ইচ্ছাকৃতভাবে) পোঁত যোৱা আমাৰ বৰ্তমান আৰু ভবিষ্যত প্রজন্মৰ বুকুত মাতৃভাষিক শিশু শিক্ষা অবিহনে এই শ্রদ্ধা কি দৰে আৰু কিমান গাঢ়কৈ গঢ় লৈ উঠিব ই প্রত্যোকজন অসমীয়াৰ বাবে এক গুৰু বিচাৰ্য্য বিষয় হোৱা উচিত।


_________________________________________________________________________________

(Satyakam লৈ ধন্যবাদ)

চিত্র উৎস: blog.globalenglish.com


Friday, May 3, 2013

মনন

কেতিয়াবা ভাৱ হয় জীৱনটো সৰলৰেখা লেখীয়া হোৱা হ'লে কোনো চিন্তাই নাছিল। কেতিয়াবা দূৰন্ত গতি, কেতিয়াবা হঠাৎ ক্লান্তি,কেতিয়াবা বিষন্নতা, কেতিয়াবা উল্লাস -যদিও সকলোৰে জীৱনৰ বৈশিষ্ট তথাপিও ঘটনাৰ ক্রম, গতি, সময়ে বহুতো কিবা কিবা চিৰ জীৱনৰ বাবে পৰিবৰ্তন কৰি পেলাব পালে। অলপ ধৈৰ্য্য, অলপ সংযম আৰু অলপ সাহসৰ মিশ্রণে সকলো পৰিবৰ্তনৰ ধুমুহাত নিজকে স্থিৰ কৰি ৰাখিব পৰাকৈ একোডাল দূৰ্দান্ত সৱল জীৱন- শিপা দিয়ে।

After all professionals are also humans


সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল| তাৰ মানে আজিও বৰষুণ দিব| যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটা তে দমাই থৈ দিছোঁ| আনফালে অফিছলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে| আচলতে বতৰ আৰু মনৰ সংযোগ পোনপটিয়া। বতৰ ফৰকাল মানে মনো ফৰকাল আৰু বতৰ গোমা মানে মনো গোমা আৰু এটা সেমেকা মনে কাম কৰিবলৈ উদগণি নিদিয়ে। তাৰ পৰিণতিয়েই এই কাপোৰৰ দ'ম। নাই, সেমেকা মন এটাত লেতেৰা কাপোৰ এসোপা ওলমাই মই অফিচলৈ নাযাওঁ।

নিৰ্বানে ফ'ন লগাই দিলে বচলৈ বুলি। যিমান পাৰে মাতটো গহীন কৰি আৰু লাহে লাহে কৈ গ'ল-

"ছাৰ, যোৱা ৰাতিৰ পৰা জ্বৰ। এতিয়া অৱস্থা আৰু বেয়া হৈ আহিছে। অফিছ যাবলৈ অপাৰগ....."
নিৰ্বানে আৰু কিবা কোৱাৰ আগতেই ইফালৰ পৰা -

"তুমি অকলে থকা ল'ৰা। এই অৱস্থাত ঘৰত অকলে পৰি থাকিব নালাগে। চাবলৈ কোনো নাই এমাৰজেঞ্চি এটা হ'লে। তুমি চিন্তা নকৰিবা অফিচত মেডিকেল ৰুম আছে তুমি ইয়াতে আহি জিৰণি লোৱা। কিবা হ'লে আমিবোৰ আছোৱেই। মই দুজন অফিচ কৰ্মচাৰীসহ এখন গাড়ী এতিয়াই পঠাই দিম।

"..কিন্তু...কিন্তু ছাৰ...মই...."

"কোনো কিন্তু নাই। You just need to rest. We are there for you to take care. Afterall professionals are also humans.তুমি সাজু হোৱা।"

ফ'ন কাট খালে....

নিৰ্বান বহু পৰ ফ'নটো কাণতে লৈ মুখ মেলি একেথৰে ৰৈ থাকিল...

নিৰ্বানৰ অলক্ষিতে বাহিৰৰ পৰা নিগনি এটি দূৰন্ত গতিত আহি কাপোৰদ'মৰ মাজত সোমাই পৰিল......


_______________________________________________________________________________
(Santanu Changmai লৈ ধন্যবাদ সহকাৰে)

চিত্র উৎস@Ken Westphal Blog

Monday, April 22, 2013

নোকোৱাকৈ নোৱাৰিলো



এখন শ্রেষ্ঠ কাৰ্টুন 
________________

নতুন চামৰ মাজৰে নিজকে পণ্ডিত বুলি ভবা চামটোৰ ক্ষেত্রতো ন্যনুতম আৰু সচেতন জাতীয়তাবাদী ভাৱধাৰাৰ অভাৱ দেখিলো চলিত বিতৰ্কৰ মাজত। উগ্রজাতীয়তাবাদী মনোভাৱৰ সমৰ্থন নকৰো কিন্তু উঠি অহা চামৰ সৰহ সংখ্যকে কথাবোৰৰ গুৰুত্ব আৰু তাৰ লগত জড়িত ইতিহাস আৰু আবেগক বুঢ়া আঙুলী দেখুৱাই পৰোক্ষভাবে হ'লেও অসমীয়া থলুৱা গীত-মাতৰ বীপৰিতে হিন্দী ভাষাৰ সমৰ্থনত কৰা মন্তব্যবোৰে মোক বাৰুকৈয়ে অতিস্ত কৰিলে। অনাগত দিনৰ বাবে ই এটা শুভ সংকেট নহয়। মানুহবোৰেও কথাবোৰ লওঁতে এটা অতি ভুল মনোবৃত্তিৰে লয়। পৰি থকা টকা বুটলি লওঁতে আমি সাধাৰণতে কৰ পৰা বুটলিছো সেইটো চোৱাতকৈ টকাৰ মূল্যকহে বেছি গুৰুত্ব দিওঁ ঠিক তেনেকৈ কোনো কথা কোনে কৈছে আৰু কাক কৈছে তাতকৈ প্রোজনীয় কি কৈছে আৰু কিয় কৈছে আৰু ই প্রাসংগীক হয়নে নহয় শীতল মস্তিস্কৰে তাৰ এক নিৰ্মোহ বিশ্লেষণ কৰি চোৱাটোহে। কিন্তু কথাবোৰ হ'লগৈ চূড়ান্ত খেলিমেলি। জুবিন প্রেমীসকলে চূড়ান্ত একপক্ষীয় আৰু অপৰিপক্কভাবে আক্রমণ কৰিলে পৰেশ বৰুৱাক আৰু পৰেশ প্রেমীসকলে চূড়ান্ত একপক্ষীয় আৰু অপৰিপক্কভাবে আক্রমণ কৰিলে জুবিনক। এই অসমদেশ পলকতে দুভাগ হ'ল দুটা আবেগিক দূৰ্গত। কিমান মূৰ্খ, কিমান আবেগিক আৰু কিমান দুৰ্বল-যুক্তিবাদী আমি। জুবিনক কথাখিনি যুক্তি আছে আৰু বছৰৰ প্রতিটো দিনতে তেওঁৰ এজন শিল্পীৰ স্বাধীনতা উপভোগ কৰি আহিছে কিন্তু পৰেশ বৰুৱাৰ কথা খিনি অন্ততঃ এজন আলফা নেতা বুলি নহয়, ককাইদেউৰ কথা হিচাপে লৈ হ'লেও (যিহেতু জুবিন আৰু পৰেশ বৰুৱা দুয়োজনে কোৱা মতে তেওঁলোকৰ সম্বন্ধ ককই-ভইৰ দৰে) আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ ৰাজহাড় স্বৰূপ ৰঙালী বিহুৰ কেইদিন অন্ততঃ থলুৱা গীত মাতৰ লগতে তেওঁৰ নিজৰ অসমীয়া গীত-মাত আৰু আন আন চিৰযুগমীয়া অসমীয়া গীতসমুহহে গাম বুলি পণ ল'লে ই জুবিনৰ মৰ্যদাক বহু উচ্চ স্থানৰ লৈ যোৱাৰ লগতে নতুন চামৰ বাবেও আদৰ্শনীয় হ'ব আৰু মই নিশ্চিত অনাগতদিনত তথাকথিত 'মঞ্চ বিহু'লৈ এক বৈপ্লবীক পৰিবৰ্তন আনিব যি হ'ব অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে অনবদ্য অবদান। আনহাতেদি ভাষিক সংকটৰ গৰাহত থকা অসমীয়া ভাষাটিৰ বাবে ই এক সময়ৰ তাগিদাওঁ। বিহুত কেৱল বিহু বা কেৱল অসমীয়া গীত গোৱাতো নিয়ম কৰি কোনেও তালিবানী ফটোৱা জাৰি কৰিব নোৱাৰে কিন্তু আদেশ বা আহ্বান অবিহনে যি এনে কৰে তেখেতৰ স্থিতি স্বতঃস্ফূৰ্টভাবে শ্রদ্ধেয় হয় তেখেতৰ জাতীয় মূল্যবোধৰ প্রতি থকা শ্রদ্ধাৰ বাবে। ..আৰু "যিহেতু সংগীতৰ কোনো ভাষা নাই" তেনেক্ষেত্রত বিহুত অসমীয়া গীত গালেও এই কথাফাকিৰ উলংঘা হোৱাৰ প্রশ্নই নুঠে। অসমীয়া শিল্পীসকলৰ প্রতি এটা সৰু অনুৰোধ মোৰ। "মাতৃভাষা"- মাতৃৰ বাবে কেৱল সাতোটা দিন উৎসৰ্গা কৰিবলৈ দ্বিধাবোধ নকৰিব। ই হিন্দী বিদ্বেষী মনোভাবক নুবুজায়। কেৱল জাতীয় উৎসৱ ৰঙালী বিহুক কেৱল জাতীয়ভাষাটিৰে নানা গীত-মাতেৰে সজাই-পৰাই তোলাৰ কথাটি সুস্থভাবে বিবেচনা কৰি চাওঁক এবাৰলৈ, কোনো পৰেশ বা জুবিৰ পক্ষ নোলোৱাকৈ। কথাবোৰৰ উচিত উত্তৰে আপোনালোকৰ মনৰ দুৱাৰত টোকৰ মাৰিব। কেৱল 'চিকনি চামেলি' 'জেপেবী বাঈ' গাবলৈ অনুৰোধ কৰা সস্তীয়া শ্রোতাৰ অনুৰোধৰ দাবীক মনলৈ নানিব কথাখিনি বিবেচনা কৰোতে।...এইখিনিতে আৰু এটা কথা ন'কলে কথাখিনি অসম্পূৰ্ণ হ'ব- 'অসমীয়া ৰাইজ, সংবাদমাধ্যমক আপোনালোকৰ কেচাঁ আবেগবোৰ বেচি-বেচি অযথা বিৰ্তকৰ সূত্রপাত ঘটাই আৰু বেপাৰ কৰিবলৈ নিদিব।"


-ৰক্তিম-


কাৰ্টুন সৌজন্য: অসমীয়া প্রতিদিন
https://www.facebook.com/ractim.goswami.3/posts/297894537008267?notif_t=like

Sunday, April 14, 2013

পাৰ্বতী প্রসাদ বৰুৱা দেৱৰ 'দুবৰী বনত'


পেহীদেউহত ঘৰলৈ আহিছিল আজি। ভনী দুজনী Prajyalika Sarma ,Meghamallika Sarma আৰু মই গীতকে গালো বিহুৰ উচাহত। এটি গীত ৰেকৰ্ড কৰি থলো ......পাৰ্বতী প্রসাদ বৰুৱা দেৱৰ 'দুবৰী বনত'

Monday, April 1, 2013

শীৰ্ষ গীত- "ৰেডিঅ' সুখ-দুখ"


কথা-অজয়লাল দত্ত
সুৰ, কন্ঠ, গীটাৰ- ৰক্তিম

Sunday, March 31, 2013

আজি 'দৈনিক জনমভূমিত' প্রকাশিত মোৰ এটি সৰু লেখা- "চিৰ চেনেহী মোৰ ভাষা জননী"।


                      আজি 'দৈনিক জনমভূমিত' প্রকাশিত মোৰ এটি সৰু লেখা- "চিৰ চেনেহী মোৰ ভাষা জননী"। (৩১/০৩/২০১৩)

Friday, March 29, 2013

চহৰীয়া জীৱন , "চিৰ-চেনেহী মোৰ ভাষা জননী " আৰু অলপ ভাষিক সচেতনতা

যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। বাংগালুৰুকে ধৰি ডাঙৰ চহৰত কাম কৰা প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয়। মুলতঃ ইংৰাজী। বৃত্তিৰ তাগিদাত গতিকে গত্যান্তৰ নাই।দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ 'মাতৃভাষিক ভেকুৱাম' কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত। 

আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত (মধ্যবিত্তীয়ও) গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি দৈনন্দিন জীৱনতো ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰাতো। জাতি আৰু ভাষাৰ উপৰিও নিজৰ আৰু নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব এই অদ্ভুত প্রচেষ্টাই? কথাখিনি এই কাৰণে লিখিলো যে কিছুদিন পিছতে অসমৰ বাহিৰৰ প্রায় প্রতিখন চহৰতে ৰঙালী বিহু উদযাপন কৰা হ'ব। আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ এই অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা আন সৰু বৰ যান্ত্রিক চহৰবোৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব। ইংৰাজী এটা গ্লবেল ভাষা আৰু জীৱনত আগুৱাবলৈ এই ভাষা আয়ত্ব কৰাটো অতিকৈ প্রয়োজনীয় কিন্তু তাৰ বাবে মাতৃভাষাক আহুঁতি দিয়াতো কালিদাসে ডালত বহি গছ কটাৰ লেখীয়া এক মূৰ্খামী। ই এক ঘাটক মানসিকতা।

ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন অসমীয়া পিতৃ-মাতৃয়ে নিজ শিশুক "বা বা ব্লেক শ্বীপ" "জনি জনি" ৰ উপৰিওঁ অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”।

(বাংগালোৰৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ "বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা" ৰ একাংশ অলপ সালসলনি কৰি নতুন শিৰোনামা সহ তুলি দিলো।)

-ৰক্তিম-

বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা


ভাতৃ প্রতিম বিকাশে(Bikash Das) কেতিয়াবাই কৈছিল "ৰক্তিম দা !! আমি বিহু পাতিছো। বিহু বিষয়ক লেখা এটি লাগিব কিন্তু।" মই দিম দিম বুলি কওঁতে বহুত পলম হ'লহি। কিন্তু বিহুৰ বিষয়েনো কি লিখিম? বিহুচোন প্রতিজন অসমীয়াৰ এক আত্মিক অনুভৱ, এক গৰ্ব। বেলেগে কিবা লিখিনো আৰু কি নতুন পৰিচয় কৰাম বিহুৰ। কিন্তু যেতিয়া বিহু অসমত নহৈ বাংগালুৰুত পতাৰ কথা আহে তেতিয়া কথাটো নিশ্চিতই অলপ বেলেগ হয়। অসমৰ পৰা বৃত্তি বা শিক্ষা যি তাগিদাতই নহওঁক কিয় নিলগে থকা অসমীয়াই এটি বিশেষ দিনত একগোট হৈ গঢ়ি তুলিব এন সৰু ৰঙিলী অসম এই বৃহৎ মহানগৰীৰ বুকুৰ এটা কোণত। গোট খাব এজাক শিক্ষিত আৰু কৰ্মঠ অসমীয়া বছৰটোৰ বাবে অসমীয়াত্বক নিজৰ নিভৃত কোণত উজাগৰ কৰিবলৈ। সেই বিশেষ দিনটোৰ কথা ভাবিলেই আনন্দৰে ভৰি পৰে মনটো। বাংগালুৰু বিহুৰ এইখিনিতেই গুৰুত্ব অপৰিসীম।

নতুনকৈ কোৱাৰ প্রয়োজন নাই যে বাংগালুৰুত দিনবোৰ ঘন্টা, ঘন্টাবোৰ মিনিট আৰু মিনিটবোৰ একোটা চেকেণ্ড হৈ কিমান প্রচণ্ড গতিত পাৰ হৈ যায়। প্রথমতে সকলোৰে হয়তো অসুবিধা হয়। কিছুদিনৰ বিৰতিত মহানগৰীৰ দূৰন্ত গতিৰ  লগত নিজকে গম নোপোৱাকৈ বিলীন কৰি দিয়া যায়। সময়ক ৰখাব কোনে? এই চহৰত সকলো কেৱল দূৰন্ত গতিত দৌৰে। কোনো প্রথম হ'বলৈ, কোনো বৰ্ত্তি থাকিবলৈ আৰু কোনোৱে হেপাঁহবোৰ জীয়াই ৰাখিবলৈ। দেশ-বিদেশৰ এজাক কৰ্মপটু লোকৰ গতিৰ লগত, কামৰ প্রচণ্ড হেঁচাৰ মাজত লাহে লাহে   শান্ত হৈ পৰে  জাতীয় পৰিচয়ৰ অহকাৰং। মনটোৱে সুবিধা পালেই চটফটাই উঠে এই অহকাৰংত ডুব যাবলৈ। ঠিক যেন মনৰ মাজত উমিঁ উমিঁ জ্বলি থকা একুৰা স্বত্তিৰ জুই, সুযোগ পলেই জ্বলি উঠিব দপদপাই। এই আত্ম- পৰিচয়ৰ, অসমীয়াত্বৰ অহংকাৰ আৰু গৌৰৱৰ জুইকুৰা জ্বলি উঠে ৰঙালীৰ বতৰতে। বাংগালুৰুৰ বিহুৰ সেই বিশেষ দিনটোতে।

যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই  যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয়  আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। তাৰেই নিদৰ্শন বাংগালুৰুৰ এই ৰঙালী উৎসৱ।  প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয় বৃত্তিৰ তাগিদাত। দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ মাতৃভাষিক ভেকুৱাম । গত্যান্তৰ নাই। কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত। আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত গঢ় লৈ উঠা এক ঘাটক প্রৱণতা  হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰা। জাতি আৰু ভাষাতকৈ নিজৰ লগতে নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা।  এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব ই? কথাখিনি এই কাৰণে লিখিলো কাৰণ ৰঙালীৰ অনুভৱ আৰু আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে  (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা যান্ত্রিক চহৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব। 

ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। আহঁক এই বিহুতে আমি সকলো বাংগালুৰুবাসীয়ে পণ লওঁ যে কোনো কাৰণতে আমি আমাৰ ভাষিক গৌৰৱক ম্লান হ'বলৈ নিদিওঁ। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন শিশুক "বা বা ব্লেক শ্বীপ"ৰ ঠাইত অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”। আহক নিজৰ পৰিচয় আকৌ এবাৰ চিনি অনাগত প্রতিটো দিনৰবাবে নিজা পৰিচয় সজীৱ কৰি তোলাৰ পণ লওঁ বাংগালুৰুৰ এই ৰঙালী উৎসৱতে।।


"চিৰ-চেনেহী মোৰ ভাষা জননী "


(বাংগালুৰুৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ )

Thursday, March 28, 2013

মিত্রদেৱ মহন্তৰ মৃত্যুদিন বিশেষ প্রকাশিত লেখা


মোৰ Sound Cloud প্রফাইলটি তৈয়াৰ কৰিলো।

মোৰ Sound Cloud প্রফাইলটো তৈয়াৰ কৰিছিলো আজি। কোনোবাই কোনো গীত বা গদ্য ডাউনল'ড কৰিব পৰাকৈ উপযোগী হৈছে বুলি ভাবিলে ডাউনল'ড কৰিব পৰাৰ সুবিধাটি আছে তাতে।







"এখন দেশত আছিল এজন ৰজা" -এটি পৰীক্ষামুলক গীত



এটি গীত লিখিলো, তাতে সুৰো দিলো আৰু অবশেষত গীতটি গায় ৰেকৰ্ড কৰি পেলালো ঘৰতে। গীতটিৰ শীৰ্ষ "এখন দেশত আছিল এজন ৰজা" Country Style-ত পৰীক্ষামুলকভাবে সুৰ কৰা গীতটি শুনিব পৰা হৈছেনে ৰাইজে এবাৰ শুনি চালে সন্তোষ পাম। একেবাৰে নতুন গীত সেয়েহে ৰেকৰ্ড কৰোতে দুই- এঠাইত খোকোজা নলগা নহয় । ক্রুটি মাৰ্জনা কৰে যেন।

এখন দেশত আছিল এজন ৰজা (গীতৰ কথা)
__________________________________


এখন দেশত আছিল এজন যে ৰজা
ৰজাই নুবুজে কতনা দুখত আছে প্রজা
শুনা শুনা এটি সাধু কওঁ
মই আজি শুনা



ৰজাই নাজানে খেতিয়কবোৰ
খৰাংত মৰিবৰ হ'ল
ৰজাই বান্ধিলে বান্ধ
নদী যে শুকান
লুইত নোহোৱা হ'ল



ৰজাই নাজানে
কোন দেশৰ, কোননো বিদেশৰ
নাৰাখিলে মান
আইৰ চকু শুকান
দেশ ৰসাতলে গ'ল



ৰজাই ঘটিলে ধন
নাই আজি খুদকণ
ৰাইজ নিথৰুৱা হ'ল
"ৰাইজ মৰিলে মৰ, মাথো মোৰ পেট ভৰ"
ৰজাই তেনে ভবা হ'ল



প্রজাৰ অগনিত জ্বলিব এদিন এই ৰজা


© 

-ৰক্তিম-

Wednesday, March 27, 2013

মোৰ সম্পাদনাত 'ৰেডিঅ' সুখ-দুখ'ৰ প্রথমটি নিবেদন




মোৰ সম্পাদনাত 'ৰেডিঅ' সুখ-দুখ'ৰ প্রথমটি নিবেদন।

আবৃত্তি: অনুপমা বৰগোহাঁই ( Anupama Borgohain)
চিঠি: মাধুৰীমা ঘৰফলীয়া (Madhurima Gharphalia) 

অসমীয়াৰ সুখ-দুখৰ নতুন পৰিকল্পনা 'ৰেডিঅ' সুখ-দুখ'

বন্ধু লালে (Ajoy Lal Dutta) একক প্রচেষ্টা চলাই অহা 'অসমীয়াৰ সুখ-দুখ' নামৰ অসমীয়া ইন্টাৰনেট দৈনিক বাতৰি কাকতখনৰ বাবে 'ৰেডিঅ' সুখ-দুখ' নামেৰে  এক নতুন পৰিকল্পনা হাতত লয় আৰু মোৰ অপৈণত হাতত  'ৰেডিঅ' সুখ-দুখ' কাৰ্য্যবাহী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে। লালৰ সপোন আৰু পৰিকল্পনাবোৰ সফল হওঁক।

স্বৰ্গীয় মিত্রদেৱ মহন্তৰ বিষয়ে প্রকাশিত মোৰ এটি লেখা




আজি দৈনিক জনমভূমিত স্বৰ্গীয় মিত্রদেৱ মহন্তৰ বিষয়ে প্রকাশিত মোৰ এটি লেখা।

Tuesday, March 26, 2013

'মোৰ অনুভৱৰ পদূলিত জোনাক"- কবিতা পাঠ

'মোৰ অনুভৱৰ পদূলিত জোনাক' শীৰ্ষক ২০০০ চনৰ ১৭ আগষ্টত লিখা কবিতা এটা আজি পাঠ কৰিছিলো যদিও মই পাঠ কৰাত মই অপৈণত।। 


Friday, March 22, 2013

অণুগল্পৰ সৰ্ন্দভত মোৰ কিছু ক'ব লগা


অণু গল্প সৰ্ন্দভত বহুতো আলোচনা-বিলোচনা হ'ল বা হৈ আছে। কোনোৱে ক'লে নিৰ্দিষ্ট কিছু বৈশিষ্ট থাকিলেহে এটা গল্প হয় আৰু এই নিয়ম অণু গল্পৰ ক্ষেত্রটো প্রযোজ্য। কথাটো হ'ল বাকী সমসাময়িক সাহিত্যৰ কথা যদি বাদ দিওঁ, অসমীয়াত অণু গল্পৰ চৰ্চা বা সৰল ভাষাত অণু গল্পৰ চৰ্চাৰ ধুমুহা প্রথম বা প্রকটভাবে এই অকব-ৰ মঞ্চতে হৈছে আৰু ইয়াৰ প্রবণতা ক্রমাৎ তীব্রতৰ হৈছে। মোৰ যদি ভুল হোৱা নাই এই প্রচেষ্টাৰ আভাষ মই প্রথম ৰণজিৎ কুমাৰ বৰা অণুগল্প আৰুLuckiiee Ahmed ৰ ২ মিনিটৰ গল্পত দেখিছিলো।হয়তো প্রায় ৬ মাহ বা তাতোধিক সময় হ'ল এই পৰম্পৰাৰ আৰম্ভণি হোৱা। অকব ৰাইজে এই ধাৰাক সন্মতি দি উৎসাহেৰে আকোৱালি লোৱাই নহয়, যি যেনেকৈ পাৰা অণু গল্প বিপ্লবৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি আহিল।এতিয়া অণুগল্পৰ প্রতি ৰাইজৰ আসক্তিৰ তীব্রতা সকলোৱে বুজিছে। অকবৰ এইটো এটা 'অতি-বিশাল' সফলতা।



এতিয়া নিয়মৰ কথালৈ আহো। আন আন বহু যুগান্তকাৰি সাহিত্য ধাৰাৰ দৰেই অসমীয়া অণুগল্পই অকব-ৰ মজিয়াতে হওঁক লাগে কোনো নিদিৰ্ষ্ট নিয়মৰ তাগিদা অবিহনে এক নিজা ৰূপত গঢ় লৈ উঠিছে। বহু সংখ্যক অণুগল্পই অতি কম শব্দত আৰু সাধাৰণ গল্পৰ থাকিব লগা বৈশিষ্ট বৰ্হিভূতভাবে একোটা অতি তত্বগধূৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। এই খিনিতেই অণুগল্পৰ সাৰ্থকতা নহয় জানো? মোৰ ব্যক্তিগত চিন্তা ধাৰাৰে যিখিনি বুজি পাইছো তাৰ পৰা এইখিনিকে কব বিচাৰো যে ছুটি গল্প আৰু অণুগল্প ৰ মাজত 'গল্প' শব্দটো যদিও উমৈহতয়া তথাপিও দুয়োৰে প্রকাশ ধৰ্মীতা আৰু চৰিত্রৰ মাজত বৃহৎ পাৰ্থক্য আছে আৰু সেয়ে ছুটি গল্পৰ বৈশিষ্টসমূহ অণুগল্পত থাকিব লাগিব বুলি বা জাপি দিব বিচৰা কথাষাৰ যুক্তিসংগত বুলি নাভাবো। 




অসমীয়া অণুগল্পৰ স্থিতি এইসময়ত তেনেই থুনুকা যদিও ই সৰহ সংখ্যক সাহিত্যৰসিকৰ সদৰ্থক সুৱাদৰ বাবে লাহে লাহে হ'লেও এটি স্বাস্থ্যবান ৰূপত গঢ়লৈ উঠা সকলোৰে দৃষ্টিগোচৰ হৈছে। ই আমাৰ বাবে, অকবৰ বাবে আৰু অসমীয়া সাহিত্যৰ বাবে সুখবৰ। মোৰ বোধেৰে অযথা চাৰিত্রিক বৈশিষ্টৰে অণুগল্পবোৰক উপচাব চেষ্টা কৰিলে অণু গল্পৰ স্বাভাবিক ধাৰা নষ্ট হ'ব লগতে এই ধাৰা স্তব্ধ হোৱাৰ সম্ভাবনাো নুই কৰিব নোৱাৰি। আমি এই কথা সদায় মন ৰখা উচিত যে প্রাকৃতিক সৃষ্টি সময়ৰ তাগিদাতেই নহওক কিয় সদায় উত্তম আৰু চিৰন্তন।




অণু গল্প নিজৰ স্বাভাবিক গতিত ধাৱমান হৈ নিজৰ চৰিত্র স্বাধীনভাবে নিজেই নিৰ্ধাৰণ কৰিলেহে অসমীয়া সাহিত্যত এক নতুন আৰু সবল ধাৰা আশা কৰিব পৰা যাব। স্বভাবিকতেই অণুগল্পকাৰসকলৰ সচেতন আৰু সুসংগঠিত প্রচেষ্টাই অণুগল্পৰ মাৰ্গ নিদৰ্শন কৰিব।



-ৰক্তিম-

*অকব- "অসমীয়াত কথা-ববতৰা"- ফেচবুক গোট

Thursday, March 21, 2013

সুৰ তোলা- এটি সুৰীয়া আধুনিক গীত


আজিৰ পৰা হয়তো এটা দশক পূৰ্বে এইটো গীতৰ জন্ম। বন্ধু আবিৰে জনাইছিল অঅনাদিয়ে এটা ধুনিয়া গীত লিখিছে আৰু সি সুৰ দিছে। গানটো শুনি আপ্লুত হৈছিলো। সিহতৰ তাগিদা আৰু নিজৰ আগ্রহেৰে গীতটি নিজেও গাব আৰম্ভ কৰিলো। আজি "সুৰ তোলা" মোৰ এটি অন্যতম প্রিয় গীত। হাৰমনিকা ৱ্যবহাৰ কৰি ঘৰতে গীতটি ৰেকৰ্ড কৰি পেলালো।

ধন্যবাদ অনাদি,
ধন্যবাদ আবিৰ......