Saturday, April 9, 2016

ব্রাহ্মণত্ব-বাস্তব (2)





আদিকথা

 ভাৰতবৰ্ষৰ জাতি সম্পৰ্কে প্রবৰ্তিত বিভিন্ন ব্যাখ্যা সমূহ ফঁহিয়ালে হিন্দু জাতি গঠনৰ গুৰি কথাবোৰ বুজাত বেছি অসুবিধা নহয়। হিন্দু পৰম্পৰাগত ব্যাখা অনুযায়ি জাতি প্রথা স্বয়ং ব্রহ্মাৰ সৃষ্টি। ঋগ বেদত কোৱা হৈছে যে-ব্রহ্মা সৃষ্ট এক মানব অৱতাৰৰ জিভাৰ পৰা বাহ্মণ, বাহুৰ পৰা ক্ষত্রিয়, ভৰিৰ পৰা বৈশ্য আৰু ভৰিৰ পতাৰ পৰা শূদ্রসকলৰ সৃষ্টি হৈছিল আৰু সৃষ্টিৰ এই প্রক্রিয়াৰ ভিত্তিত কৰ্মৰ বিভাজনেৰে সমাজৰ স্তৰিকৰণ কৰা হৈছিল। আৰ্য্য সৃষ্ট এই সামাজিক বিভাজনৰ এটা প্রধান কাৰণ আছিল কৰ্ম বিভাজনৰ দ্বাৰা শৃংখলিত ভাবে সমাজ-ব্যৱস্থা পৰিচালনা কৰা। বৈদিক যুগৰ ব্রাহ্মণসকলৰ জীৱণশৈলীৰ বিষয়ে অধ্যয়ণ কৰিলে ই স্পষ্টভাবে ওলাই পৰে যে ব্রাহ্মণত্ব মহিলাৰো প্রাপ্য আছিল, লগুণ সহিতে। ‘মহিলা ঋষি’ আৰু ‘পুৰুষ ঋষি’ উভয়েৰ উপস্থিতিয়ে বৈদিক যুগত মহিলাসকলৰ সৱল সামাজিক স্থিতিৰ বিষয়ে এক অতি স্বচ্ছ আৰু সদৰ্থক ছবি দাঙি ধৰে। প্রকৃততে বৈদিক, বিশেষকৈ ঋগ বৈদিক যুগত ব্রাহ্মণত্বক কিছুমাণ উচ্চ মানবীয় গুণৰ সমষ্টি বুলি গ্রহণ কৰা হৈছিল। যি এনেবোৰ গুণৰ অধিকাৰি হয় তেওঁৱে ব্রাহ্মণত্ব লাভ কৰে, তেওঁ পুৰুষেই হওঁক বা মহিলা। ব্রাহ্মণত্বৰ ভেঁটি পৰিয়াল বা পুৰুষাণুক্রম নাছিল, ই পৰিয়াল প্রদত্ত নাছিল, আছিল গুণেৰে আৰ্জিব লগা এক সন্মানীয় সামাজিক স্থিতি। সম্পত্তিৰ ধাৰণাৰ উৎপত্তি হোৱাৰ লগে লগে অৱশ্যোই লাহে লাহে বহু কথা সলনি হ’ল যাৰ প্রভাৱ সবাতোকৈ বেছি মহিলাসকলৰ ওপৰত। মহিলাৰ পূৰ্বৰ সামাজিক স্থিতিৰ বিশেষভাবে অৱনমিত হয় আৰু পুৰুষৰ বংশানুক্রমে সম্পত্তিৰ উত্তৰাধিকাৰি নিৰ্ণয়ৰ প্রক্রিয়া আৰম্ভ হয়।

ব্যাস, বিশ্বামিত্র, ভৰদ্বাজ,পৰশুৰাম

ঋষি ব্যাস, বিশ্বামিত্র, ভৰদ্বাজ আৰু পৰশুৰাম- এই কেই গৰাকী ঋষিমুণিৰ ব্রাহ্মণত্বৰ লগত থকা সম্বন্ধ অতি সংক্ষেপ্তে উল্লেখ কৰাৰ তাগিদা অনুভৱ কৰিলো।

বেদ ব্যাস- হিন্দু বিশ্বাস মতে বিষ্ণুৰ আন এক অৱতাৰ,মহাকাব্য মহাভাৰতৰ ৰচনা কৰা সৰ্বকালৰ এজন শ্রেষ্ঠ ব্রাহ্মণ ব্যাসমুণিৰ মাতৃ আছিল এগৰাকী কৈবৰ্ত সম্প্রদায়ৰ কণ্যা।

বিশ্বামিত্র- ঋষি বিশ্বামিত্র এগৰাকী ক্ষত্রিয় ঋষি আছিল যদিওঁ তেওঁৰ অনন্য গুণ-গৰিমা আৰু বৈদিক জ্ঞানৰ বাবে  ঋষি বৈশিষ্ঠই এক অতি আকৰ্ষণিয় ঘটনাৰ অন্তত তেওঁক ‘মহৰ্ষীৰ’ পৰা ‘ব্রহ্মৰ্ষী’ৰ স্থান প্রদান কৰে।

ভৰদ্বাজ- সপ্তৰ্ষিৰ অন্যতম ভৰদ্বাজ মুণি বেদৰ অনবদ্য জ্ঞানৰ বাবে সদা, সৰ্বত্র, সৰ্বকালৰ বাবে নমস্য এক মুণি চৰিত্র। ঋগ্ বেদৰ ষষ্ঠ মণ্ডলত ভৰদ্বাজ মুণিৰ বৈদিক মন্ত্রসমূহৰ উল্লেখ আছে। ভৰদ্বাজ ঋষিয়ে এগৰাকী ক্ষত্রিয় কণ্যা বিয়া কৰাইছিল।

পৰশুৰাম- পৰশুৰাম আছিল এজন ‘ব্রাহ্মণক্ষত্রিয়’ অৰ্থাৎ যাৰ পিতৃ আছিল ব্রাহ্মণ কিন্তু মাতৃ আছিল ক্ষত্রিয়। মনুস্মৃতি মতে এনেলোক ব্রাহ্মণৰ সমকক্ষ। অৱশ্যো ঐতিহাসিকভাবে পৰশুৰামক তেওঁৰ আচৰণ আৰু ক্রোধৰ বাবে এজন ব্রাহ্মণতকৈ ক্ষত্রিয় বুলি গণ্য কৰা হৈছিল।

অনুলোম বিবাহ

অনুলোম বিবাহ হৈছে এগৰকী উচ্চ বৰ্ণৰ পুৰুষে বা ব্রাহ্মণ পুৰুষে এগৰাকী তেওঁতকৈ নিম্ন বৰ্ণৰ কণ্যাক (বিশেষকৈ ক্ষত্রিয় কণ্যাক) বিবাহ কৰোৱাৰ বৈদিক যুগ স্বীকৃত এক বিবাহ ব্যবস্থা। ওপৰত উল্লেখ কৰাৰ দৰে এনে বিবাহৰ অনেক দৃষ্টান্ত বৈদিক যুগত প্রতীয়মান আৰু ধৰ্ম শাস্ত্রসমূহত উল্লেখ থকা মতে অনুলোম বৈবাহিক সম্বন্ধসমূহক সমাজ সাপেক্ষ, স্বীকৃত আৰু গ্রহণযোগ্য আছিল ।



ব্রাহ্মণৰ আদৰ্শ বাক্য



|| লোকঃ সমস্ত সুখীন ভবন্তো ||

(সমগ্র পৃথিবী সুখী হওঁক)

|| সৰ্বজন সুখীন ভবন্তো ||

(প্রতিজন ব্যক্তি সুখী হওঁক)

|| সৰ্ব জীৱ-জন্তু সুখীন ভবন্তো ||

(সকলো জীৱ-জন্তু সুখী হওঁক)



বৰ্তমান

(১)

|| লোকঃ সমস্ত সুখীন ভবন্তো ||



ব্রাহ্মণৰ বহুতো অৰ্থৰ ভিতৰত এটা হৈছে- বেদৰ জ্ঞানেৰে গুণী এজন ব্যক্তি। আজিৰ দিনৰ এজন ‘ব্রাহ্মণ পুৰোহিত’ক এবাৰ বাটতে লগ পাই সুধিছিলো কিয় এজন ভৰদ্বাজ গোত্রৰ  ব্রাহ্মণ ল’ৰাই এগৰাকী ক্ষত্রিয় কণ্যাক বিবাহ কৰাওঁতে সেই ল’ৰাজনৰ ঘৰখনক ‘পৰাচিত’ হ’বলৈ বাধ্য কৰোৱা হৈছিল। তেওঁ মোৰ ‘অসামাজিক’ প্রশ্নটো শুনি অলপ ক্রোধ মিশ্রিত স্বৰেৰে ক’লে- ‘এইটোৱে ব্রাহ্মণসকলৰ নিয়ম’। মই ক’লো- ‘ হয় নেকি? কিন্তু স্বয়ং ভৰদ্বাজ ঋষিয়ে এগৰাকী ক্ষত্রিয় কণ্যা বিয়া কৰাইছিল দেখোন, তেনে ক্ষেত্রত এইটো কেনে কথা?’ ‘দেউ’ৰ বোধহয় খং উঠিছিল ‘হেই, এইবোৰ আগৰ দিনৰ কথা’ বুলি কৈ একে দোপতে চাইকেলত উঠি তেওঁ দ্রুত গতিৰে বাট পোনালে।


(২)

|| সৰ্বজন সুখীন ভবন্তো ||

 আজীৱন নিষ্ঠাৰে পূজা-পাতল কৰা আন এজন চিনাকী ব্রাহ্মণ। মই আমাৰ ঘৰত পূজা কৰা যিমানজন ব্রাহ্মণ পাইছিলো তাৰ ভিতৰত তেওঁ আছিল মোৰ সবাতোকৈ প্রিয় কাৰণ তেওঁ মোকে লৈ পূজাত উপস্থিত আন আন কণকণবোৰক একগোট কৰি পূজাভাগৰ তৎপৰ্যৰ লগত নিৰ্দিষ্ট আৰাধ্য দেবী বা দেবতাৰ শক্তি অথবা মহিমাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল আৰু বিশেষকৈ মই উৎকন্ঠাৰে বাৰংবাৰ কৰা প্রশ্নত অতিস্ত হোৱা নাছিল বৰং আৰু ভালকৈ বুজাবলৈ চেষ্টাহে কৰিছিল। তেখেতৰ সন্তান ডাঙৰ হ’ল আৰু নিজ বিচাৰ বুদ্ধিৰে বৈদিক যুগত সমাদৃত অনুলোম বিবাহ সম্পাদিত কৰিলে। আজীবন সমাজৰ মংগলাৰ্থে মানুহৰ অনুৰোধত মানুহৰ ঘৰে পূজা-অৰ্চ্ছনা কৰা ‘দেউ’ক নিজৰ ‘বামুণ’ সমাজখনে ত্যাগ কৰিলে। তেওঁক এঘৰীয়া কৰিলে। ‘দেউ’ ভাৰাক্রান্ত মন পলকতে ৰুগ্ন হ’ল আৰু তেওঁ এদিন ‘অসামাজিক’ ভাবে মৃত্যুক আকোৱালী ল’লে। অসামাজিক এই কাৰণেই কাৰণ তেওঁৰ সমাজখনৰ এজন ব্যক্তিও তেওঁ মৃত্যুত নাহিল। তেওঁ কান্ধত তুলিবলৈ মানুহৰ অভাৱ হ’ল। শেষত, সমাজত আজিওঁ জাত-পাতৰ উৰ্দ্ধত মানবীয় অনুভূতিৰে পৰিপূৰ্ণ কেইজন ‘মানুহ’ৰ সহযোগত তেওঁ দাহসংস্কাৰ সম্পাদন কৰা হ’ল। ধৰ্মাকৃষ্ট ‘দেউ’জনৰ অনাকাংক্ষিত মহাপ্রস্থানে জোকাৰি গ’ল।

(৩)

|| সৰ্ব জীৱ-জন্তু সুখীন ভবন্তো ||


দক্ষিণ ভাৰতত থকা সুদীৰ্ঘ সময়ছোৱাত বহুতো ব্রাহ্মণ বন্ধু আৰু বন্ধু পৰিয়ালৰ সংস্পৰ্ষলৈ আহিছিলো। মোক মোৰ উপাধিৰ বাবে যথেষ্ট মান-আদৰ কৰাওঁ হৈছিল কিন্তু যেতিয়া তেওঁলোকৰ সংযমপূৰ্ণ ব্রাহ্মণ জীৱণশৈলী লক্ষ্য কৰিলো তেতিয়া নিজৰ ‘উপাধি’টো কেৱল মাথো অলংকাৰ যেন অনুভৱ হৈছিল। মোৰ প্রতিজন দক্ষিণ ভাৰতীয় ব্রাহ্মণ বন্ধু নিৰামিছহাৰী আছিল আৰু কাহানিওঁ নহৰু, মাছ, মঙহ আদি গ্রহণ কৰা নাছিল। ভগবান, কঠোৰ নিয়ম-নীতি, দৈনন্দিন পূজা-অৰ্চ্ছনাৰ লগতে চকুত লগাকৈ আকৰ্ষণীয় ব্যক্তিগত আৰু ঘৰুৱা পৰিষ্কাৰ পৰিচ্ছনতা দক্ষিণ ভাৰতীয় ব্রাহ্মণসকলৰ প্রশংসনীয় বৈশিষ্ট আছিল। মই দেখা বহু কেইখন ব্রাহ্মণ পৰিয়ালৰ ঘৰ মন্দিৰতুল্য আছিল। ব্রাহ্মণত্বক সংযমী জীৱনচৰ্চালৈ ৰূপান্তৰিত কৰি এক অনন্য সুখৰ গৰাকীহোৱা যেন অনুভৱ হৈছিল প্রতিজন ব্রাহ্মণ বন্ধুক। কিবা এটা খুব খালি খালি অনুভৱ কৰিছিলো। মোৰ জীৱন কালত ইয়াৰ আগলৈকে সামগ্রিকভাবে আগেয়ে ব্রাহ্মণ বৰ্ণৰ লোকক ইমাণ সংযমী জীৱন যাপন (আহাৰ প্রণালী সহিতে) কৰা দেখা নাছিলো।

অস্পষ্ট কথাবোৰ- অস্পষ্ট প্রশ্নবোৰ

‘ব্রাহ্মণত্ব’ নমস্য, এক সাধনা, এক কঠিন অথচ সুখদায়ক জীৱনশৈলী। ‘ব্রাহ্মণত্ব’ জ্ঞানৰ চৰ্চা, জ্ঞানৰ বিস্তাৰৰ পথ। ‘ব্রাহ্মণত্ব’ আত্মোকৰ্ষ সাধনৰ এক অন্যতম শ্রেষ্ঠ আহিলা। সৃষ্ট সৃষ্টিৰ প্রয়োজন, সৃষ্টি সময়ৰ। পৰিবৰ্তন আৱশ্যমম্ভাবী কিন্তু উত্তৰণ দিক্ দৰ্শক হোৱা কাম্য। জ্ঞান ব্রহ্ম, জ্ঞান শান্ত, জ্ঞান সাধনা। অৰ্ধপক্ক জ্ঞান সৃষ্ট বিভেদ বিনাশকামী। নতুন সৃষ্ট সমাজিক চিদ্রবোৰ, মিলনৰ মুকুটা হোৱা কাম্য। শ্রেষ্ঠত্বৰ মাপকাঠি কৰ্ম, উকা দেহত ৰজাৰ মুকুট অধৰ্ম।
                                                                                                  

Saturday, September 19, 2015

বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যান আৰু কিছু অনুভৱ



বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন চাবলৈ যাম যাম বুলি পৰিকল্পনা কৰি থাকোতে ইতিমধ্যোই বাংগালুৰুত মোৰ চাকৰি জীৱনৰ প্রায় পাচটা বছৰ পাৰ হৈছিল। কিন্তু পৰিকল্পনা বাস্তবত ৰূপায়িত হোৱা নাছিল। এদিন হঠাৎ মোৰ বৰদেউতাৰ ল’ৰা এজনে ফ’ন কৰি ক’লে যে সি অফিচৰ কামত বাংগালুৰুলৈ আহিছে আৰু কাম শেষ কৰিয়েই মোক লগ ধৰি বাংগালুৰু ফুৰিব। মই বুজিলো যে এইবাৰ যদি যোৱ নহয় তেনেহ’লে আৰু কাহানিওঁ বাংগালুৰুৰ গাতে লাগি থকা বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন চোৱা ন’হব।

ভাইটি অহাৰ পাছৰ দিনা পুৱাই পত্নী লিপি আৰু ১৪ মহীয়া কন্যা য়ান্নীক লগতলৈ বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানলৈ বুলি যাত্রা আৰম্ভ কৰিলো। আমি উপস্থিত হওঁতে পুৱা ৯ মান বাজিছিল আৰু ইতিমধ্যোই দেশী-বিদেশী পৰ্যটকেৰে বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানৰ টিকটঘৰৰ সমুখভাগ ভৰি পৰিছিল। ‘চাফাৰি’ৰ বাবে বহু কেইজন বহিব পৰা মিনি বাছৰ লগতে চাৰিজনীয়া জীপৰ বিশেষ ব্যৱস্থা আছিলে। অৱশ্যো দুয়োবিধ বাহনৰ বাবে দিবলগীয়া বৰঙণিৰ পাৰ্থক্য আকাশ পাতালৰ লেখীয়া আছিল। মিনি বাছত প্রতি ব্যক্তিৰ বাবে ২৫০/- টকাৰ বিপৰীতে জীপখনৰ বাবে  দিবলগীয়া একক মুল্য প্রায় ৩০০০/- টকা। ভাইটিৰ দাবীত এখন জীপ ঠিক কৰি গাইডসহ বানেৰঘট্টা ৰাষ্ট্রিয় অভয়াৰণ্যৰ বুকুলৈ আমাৰ যাত্রা আৰম্ভ কৰিলো। গাইডজনে বাটত ক’লে যে আগতে ‘চাফাৰি’ৰ বাবে কোনো বিশেষ ধৰণৰ নিয়ম উদ্যানকৰ্ত্তৃপক্ষই প্রণয়ন কৰা নাছিলে। মানুহে নিজৰ নিজৰ ব্যক্তিগত গাড়ীৰে বিশেষ সজাগতামুলক ব্যবস্থাৰ অবিহনে অভয়াৰণ্য ভ্রমণৰ বাবে প্রবেশ কৰিছিলে কিন্তু এইদৰে ভ্রমণৰত এটি পৰিয়ালৰ এটি কণমানি শিশুক এটা বাঘে গাড়ীৰ সমুখৰ আইনা ভাঙি কামুৰি কাঢ়ি নিয়াৰ পাছত সকলো সলনি হ’ল। এতিয়া কেৱল উদ্যানকৰ্ত্তৃপক্ষই প্রদান কৰা বিশেষভাবে অভয়াৰণ্য ভ্রমণৰ বাবে সুবিধাজনক গাড়ীতহে টিকট সংগ্রহ কৰি গাইডসহ ভ্রমণ কৰিব পাৰিব। যাত্রাৰ আৰম্ভণিতেই ভয় লগা কাহিনীতো শুনি কিয় জনো বৰ সহজ লগা নাছিল।

কিছুদূৰ মুকলি কেঁচা আলি এটায়েদি বাট বুলি লাহে লাহে আমি ডাঠ হাবিত প্রবেশ কৰিছিলো। পৰিবেশ লাহে লাহে গহীন হৈ আহিছিল আৰু এনে অনুভৱ হৈছিল যেন আমাৰ জীপৰ কৰ্কশ হূলস্থুলীয়া মাতটোৱে অৰণ্যৰ নিস্তব্ধতা ভেদি সকলো পশু পক্ষীকে আমি অহাৰ উমাণ দিছে। এনেতে আমাৰ গাড়ী এখন বহু সুৰক্ষিত গেটৰ ওচৰত ৰ’ল। গেটৰক্ষীৰ লগত চমু কথোপকথনৰ পিছত গেট খোল খালে। আমি যিমানেই ভিতৰলৈ সোমাই গৈছিলো এনেধৰণৰ প্রায় চাৰিখনমান সুৰক্ষাগেটৰ সুন্মুখীন হৈছিলো। গাইডজনক সোধাত কৈছিল যে বনাঞ্চলখনৰ বিশেষ বিশেষ অঞ্চল আৰু কিছু বিলুপ্তপ্রায়  জন্তুৰ (যেনেঃ বগা বাঘ) সুৰক্ষাৰ খাতিৰত এই গেটসমুহৰ ব্যবস্থা কৰা হৈছে। আমাৰ প্রথমখন গেটৰ পৰা শেষখন গেট অতিক্রম কৰালৈকে প্রতিটো অঞ্চলত বনৰক্ষী কৰ্মী গিজগিজাই থকা পৰিলক্ষিত হৈছিল। কাজিৰঙাৰ দৰে অনায়সে চোৰাং চিকাৰী সোমাই গড় বিচাৰি, গুলীয়াই হত্যা কৰি, খৰ্গ কাটি নি অনায়সে পলায়ন কৰাৰ কথাতো সেই পৰিবেশত এপলকৰ বাবেও কল্পনা কৰিব পৰা নাছিলো। অভয়াৰণ্যৰ ভিতৰছোৱাৰ চাফ-চিকুণতাৰ ক্ষেত্রতো বনকৰ্মী সকল বিশেষ ভাবে সজাগ আছিল।

পহু, ভালুক, বগা বাঘ, সিংহ, ঢেকীয়াপটিয়া, নাহৰফুটুকী আদি সকলো জন্তুৰ বাবে একো একোটা অঞ্চল বিশেষভাবে সংৰক্ষিত কৰা হৈছিল। ভালুকবোৰৰ বাবে বিশেষভাবে নিৰ্মিত কংক্রিটৰ ঘৰ, মতা আৰু মাইকী বাঘবোৰক প্রজনন ঋতুৰ বাহিৰে পৃথকে পৃথকে ৰখা, জন্তুসমূহৰ আচৰণত নিয়মীয়াকৈ চকু দিয়া আৰু অতি হিংসুক চৰিত্রৰ জন্তুক পৃথকে ৰখা, বগা বাঘৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ তদাৰক লোৱা, পহুবোৰৰ থকা স্থান পৰিস্কাৰ-পৰিচন্ন কৈ ৰখা আদি বিষয়বোৰ দেখি আপ্লুত হৈছিলো আৰু কিয় নাজানো সেই মূহুৰ্তত অসমৰ ৰাষ্ট্রিয় উদ্যানসমূহকো একে মানদণ্ডত চাবলৈ অধৈৰ্য্য হৈ পৰিছিলো।  ভালুকৰজাকে বাট ভেটা, বাঘে খিৰিকীৰে আমাক জুমি চোৱা, জীপৰ নিচেই কাষত শুই থকা প্রকাণ্ড সিংহতো, জীৱনত প্রথমবাৰৰ বাবে দেখা বগা বাঘৰ শিহৰণ বুকুট সাৱটি প্রায় ৯০ মিনিটমানৰ যাত্রাৰ অন্তত আমি পুণৰ ইখনৰ পিছত সিখন গেট বাগৰি উলটি আহিছিলো আৰু ঘৰলৈ উভতাৰ পূৰ্বে বানেৰঘট্টাৰ ‘বাটাৰফ্লাই পাৰ্ক’, চিৰিয়াখানা আদিয়ো ভ্রমণ কৰিছিলো । আমাৰ যাত্রাৰ বহু অংশত জীপ ৰখাই গাইডজনে জীৱ-জন্তু আৰু উদ্যান সম্পৰ্কে বহু ৰোমাঞ্চকৰ কথা কৈ গৈছিল যি আমাৰ যাত্রাক অধিক উপভোগ্য কৰি তুলিছিল।


ৰাজহ সংগ্রহ আৰু প্রকৃতি সংৰক্ষণ এই দুয়োটা দিশৰে এক অতি সুন্দৰমিশ্রণ বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন। এই ৰাষ্ট্রিয় উদ্যানখনৰ আদৰ্শ অসমৰ বাবে বিশেষভাবে অনুকৰণীয়। কিন্তু বাস্তবত দৰাচলতে প্রকৃতিৰ অনবদ্য আৰ্শীবাদ থকা স্বত্তেও অসম বৰ্ত্তমানে প্রকৃতিৰ অবাধ ধ্বংসজজ্ঞৰ গৰাহত আৰু শাসক শ্রেণী ইয়াৰ স্বভাৱজাতভাবে সদায় নীৰৱ দৰ্শক, বৰং বহু ঘটনাৰ প্রামাণ্য সহযোগীহে। সুৰাৰ লাইচেঞ্চ প্রদানেৰে এটা জাতিৰ ৰাজহাড় ধ্বংস কৰি ৰাজহ সংগ্রহ কৰাত ব্যস্ত থকাৰ বাহিৰে প্রকৃতিৰ অতুলনীয় শোভাৰে সশোভিত অসমত প্রকৃতি যে কৰ্মসংস্থাপন সৃষ্টিৰ লগতে ৰাজহ সংগ্রহৰ এক  মূখ্য উৎস হৈ ৰাজকোষৰ অভাৱ দূৰ কৰিব পাৰে সেই কথা ক্ষমতাসম্পন্ন চৰকাৰীপক্ষই কোন শতিকাত উপলব্ধি কৰিব সি লক্ষণীয় হ’ব।

উত্তৰ-পূৱ ভাৰত আৰু বাংলাদেশৰ সপোন



ক্রমবৰ্ধমান   ধৰ্মীয়, অৰ্থনৈতিক, ভৌগলিক আগ্রাসনৰে অসমীয়া জাতিৰ ৰাজহাড় ডালত বাৰম্বাৰ আঘাট কৰা বাংলাদেশী অনুপ্রবেশৰ সমস্যাটো উত্তৰ-পূব ভাৰতৰ বাবে এক  ভয়ংকৰ সমস্যা বুলি এখন ৰক্তাক্ত আন্দোলনেও প্রমাণ   কৰাৰ পিছত বাংলাদেশ আৰু ভাৰতৰ মাজৰ সীমান্ত সুৰক্ষাৰ বিষয়টোক এতিয়ালৈকে কি বিশেষ কাৰণত কেন্দ্রীয় চৰকাৰৰ (সিংহভাগ কংগ্রেছ শাসিত) দ্বাৰা যথোচিত গুৰুত্ব দিয়া হোৱা নাই সি সঁচাকৈ দূৰ্বোধ্য। ঐতিহাসিকভাবে সংবেদনশীল আৰু গুৰুভাগ উন্মুক্ত হৈ থকা ৪,০৯৮ কিল'মিটাৰ দীঘল ভাৰত-বাংলা সীমান্তৰ পহৰাত নিয়োজিত কৰা  সীমিত সংখ্যক সীমা সুৰক্ষা কৰ্মীৰে দায়িত্ব সামৰিব বিচৰা চৰকাৰৰ হেমাহিৰ মনোভাবৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰ সঠিক ধাৰণা কৰাৰ সময় সমাগত। অৱশ্যে কেন্দ্রীয় চৰকাৰক কেৱল দোষাৰোপ কৰিলে এইখিনিতে ভুল হ'ব কাৰণ  অসম গণ পৰিষদৰ দৰে এটা অসমীয়াৰ তেজেৰে-ঘামেৰে-চকুলোৰে-আবেগেৰে গঠন কৰা নিজ মাটিৰ দলে অসমীয়া জাতিৰ লগত কৰা চৰম বিশ্বাসঘাটকতাৰ কথা এইখিনিতে আমি পাহৰিব নালাগিব। 




অসম তথা উত্তৰ-পূৱ ভাৰতত থলুৱা আৰু অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ মাজত ক্রমাৎ বৃদ্ধি পোৱা সংঘৰ্ষৰ মুল কাৰণ নিশ্চিতই এই অবৈধ বাংলাদেশীসকলে কৰা ভূমি আৰু অৰ্থনৈতিক আগ্রাসন কিন্তু  এই কথা 'হিন্দু' বুলি ক'লে জাঙুৰ খাই উঠা অপৰিপক্ক তথাকথিত হিন্দু 'চ্যেকুলাৰ লেখক' বা 'নিঅ' বুদ্ধিজীৱী' সকলে ভালকৈ জনা উচিত যে  বাংলাদেশীসকলৰ এই আগ্রাসন সাগৰীয় ধুমুহাৰ পৰিণতি নহয়, বৰং ই ৫০ৰ  দশকৰ পৰাই কৰা ভাৰতৰ দাঁতি কাষৰীয়া কেইবাখনো ভাৰতবিৰোধী ৰাষ্ট্রৰ সু-পৰিকল্পিত ধৰ্মীয় আগ্রাসনৰ পৰিকল্পনাৰ পৰিণতি। ই সৰহসংখ্যক লোকেই বোধহয় জানে যে উত্তৰ-পূৱ ভাৰতক স্বাধীনতাৰ ঠিক পিছৰে পৰাই অশান্ত কৰাৰ পৰিকল্পনাত লিপ্ত আছিল পাকিস্তান, বাংলাদেশ (পূৱ পাকিস্তান) আৰু চীন। কিন্তু এই কথাৰ উমান পোৱাৰ পিছতো  উত্তৰ-পূৱ ভাৰতক ৰক্ষণা-বেক্ষণ দিয়া বা এই অঞ্চলৰ লোকৰ সামগ্রীক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্রত চৰকাৰী পক্ষৰ পৰা কোনো গুৰুত্ব দিয়া হোৱা নাছিল যাৰ পৰিণতি স্বৰূপে উত্তৰ-পূৱক সামৰি এখন বৃহৎ ইছলাম ৰাষ্ট্র গঠনৰ সপোনক বাস্তব ৰূপ দিয়াৰ বাংলাদেশৰ যি সপোন তাৰ বাস্তৱৰ কুচকাৱাজ হিচাপে তেতিয়াৰ পৰা আজিলৈকে বাংলাদেশ চৰকাৰে পৰিকল্পনা কৰাৰ দৰে (ভাৰত চৰকাৰৰ অৰ্কমণ্যতাৰ সুযোগ লৈ) দিনা-নিশাই অসম তথা উত্তৰ-পূৱ ভাৰতলৈ বাংলাদেশীৰ প্রবজন ঘটিয়েই আছে।

জৈৱ-বৈচিত্রৰে পৰিপূৰ্ণ  উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠন সমূহৰ লগত গুৰিৰে পৰা  বাংলাদেশৰ সম্বন্ধ ওতঃপোতঃ। ১৯৫৬ চনতে তেতিয়াৰ পূৱ-পাকিস্তানে 'নাগা নেশ্যনেল কাউঞ্চিলৰ' নেতা আংগামি জাপু ফিজ'ক মুকলিকৈ স্বাগতম জনাইছিল আৰু তেওঁলোকৰ দেশত স্বাধীনভাবে থকাৰ অনুমতি দিয়াৰ লগতে নাগালেণ্ডক অশান্ত কৰি ৰাখিব পৰাকৈ কৰিবলগীয়া সকলো সহায়ৰে আশ্বাসন দিছিল। ইয়াৰ পিছতে প্রায় ২,৫০০ নগা বিদ্রোহীক আমন্ত্রণ, প্রশিক্ষণ আৰু অস্ত্র-শস্ত্র যোগান ধৰা হৈছিল। পৰবৰ্তি সময়ত এই ধাৰা ভয়ানক হাৰত বৃদ্ধি পাইছিল আৰু পূৱ-পাকিস্তান (বাংলাদেশ) উত্তৰ-পূৱ ভাৰতক বিনাশ কৰাৰ এক অনুশীলন ক্ষেত্রলৈ পৰিণত হৈছিল। বাংলাদেশে চীনৰ প্রত্যক্ষ সহযোগেৰে ১৯৬৬ চনৰ মিজোৰামৰ অশান্তজৰ্জৰ পৰিস্থিতিকো অধিক ভয়াৱহ কৰি  তুলিছিল। ১৯৬৯-৭০কালছোৱাত ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে যুজিবলৈ উত্তৰ-পূৱ ভাৰতৰ বিপ্লবীসকলক অকল অত্যাধুনিক অস্ত্র-শস্ত্রই নহয় বৰং চীনৰ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দিবলৈ পূৱ-পাকিস্তানত গেৰিলা প্রশিক্ষণ শিবিৰ আৰু উৰাজাহাজ থলী তৈয়াৰ কৰা হৈছিল।  কেৱল ক্ষন্তেকীয় জিৰণী লৈ নতুনকৈ জন্ম হোৱা বাংলাদেশে ১৯৭১-ৰ পিছৰ কালছোৱাত একেই পৰম্পৰাই অব্যাহত ৰাখিলে। উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠনসমূহে বাংলাদেশৰ প্রত্যক্ষ সহযোগত থাইলেণ্ডৰ পৰা অস্ত্র ক্রয় কৰে।  ULFA, NLFT, ATTF,PLA, RPF আদি সংগঠনক অবস্থান লবলৈ দিয়াই নহয় বৰং এই সংগঠনক সমূহক উত্তৰ-পূৱ ভাৰতক অশান্ত কৰি ৰাখিবৰ বাবে সম্পূৰ্ণৰূপে স্থানীয়, সামৰিক আৰু ইন্টেলিজ্যেঞ্চৰ সহযোগ আগবঢ়োৱা হয়। প্রমাণস্বৰূপে কেৱল ২০০৯-২০১৪ কালছোৱাত অতিকমেওঁ ১৭জন সন্ত্রাসবাদী নেতা বাংলাদেশৰ পৰা আটক কৰা হৈছে। আজি বাংলাদেশে যদিওঁ দাবী কৰে যে তেওঁলোক সন্ত্রাসবাদৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ যুঁজত সমানে ভাগিদাৰ কিন্তু বাস্তবত তেওঁলোকৰ আভ্যন্তৰীণ চৰিত্র সম্পূৰ্ণৰূপে ওলোটা।
এইসকলো ভাৰতবিৰোধী কাৰ্যকলাপৰ গুৰিতে হৈছে উত্তৰ-পূৱ ভাৰতক সাঙুৰী এখন বৃহৎ ইছলামিক ৰাষ্ট্রৰ সপোন আৰু এই সপোনৰ বাস্তব ভেটি দ্রুত গতিত গঢ়িছে উন্মুক্ত ভাৰত-বাংলা সীমান্তই। যদি এই ধাৰা এইধৰণেই অব্যাহত থাকিবলৈ দিয়া হয় তেনেহ'লে উত্তৰ-পূৱ ভাৰতকলৈ এখন ইছলামিক ৰাষ্ট্রৰ বাংলাদেশৰ সপোন সঁচাকৈ বাস্তবৰ পৰা বেছি দূৰৈত নহয়। ২০১১ চনৰ লোকপিয়ল এইক্ষেত্রত এক গুৰুত্বপূৰ্ণ দলিল যি আগ্রাসনৰ এক বিশেষ 'পেটাৰ্ণ'ক উদঙাই দিছে। ত্রিপুৰাৰ পৰা আৰম্ভ কৰি অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ গতিৰ দিশ আৰু বৃদ্ধিৰ হাৰ এক সুপৰিকল্পিত পৰিকল্পনাৰ অধীনত  ক্রমাৎ উত্তৰমুৱা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০০২ চনতে অবৈধ বাংলাদেশী মুছলীম প্রৱজনকাৰীসকলৰ বৃদ্ধিৰ হাৰ অৰুণাচল প্রদেশত ১৩৫% আছিল আৰু অসমত ইতিমধ্যোই সংখ্যালঘু গৰিষ্ঠ জিলা ৬ খন হ’ল।

আজি উত্তৰ-পূৱ ভাৰতৰ প্রতিখন ৰাজ্যই এক বৃহৎ সংখ্যক  অবৈধ বাংলাদেশী প্রৱজনকাৰীৰ বোজা বহন কৰি আছে। এই ক্রমবৰ্দ্ধমান সংখ্যাই জন্ম দিছে অৰ্থনৈতিক আগ্রাসন, ভূমি-বিবাদ, ৰাজনৈতিক দাবী, অপৰাধ আদি বহু সমস্যাক যিবোৰ আমাৰ প্রাপ্য নাছিল। গতি এনেকৈয়ে থাকিলে অৰ্থনীতিৰ নামত হওঁক বা ধৰ্মনীতিৰ নামত হওঁক সংঘাত আসন্ন। আমাক যেনেকৈ নহওঁক এতিয়া সমাধান লাগে, চিৰস্থায়ী সমাধান লাগে জাতিটোৰ স্থায়িত্বৰ স্বাৰ্থত সি লাগে ৰাজনৈতিক মানবতাবাদৰ মাধ্যমেৰেই নহওঁক কিয়।