Tuesday, July 26, 2016

ঋতু আহে, ঋতু যায়…






 

“গোস্বামী, ঐ… পাৰিচনে নাই? চাই ল ফটাফট” – ঋতু (বাবু) য়ে পিছ ফালৰ পৰা ফুচফুচাই কৈ আছে। মই কিবা এটা লিখি আছিলো আৰু সেইটো শেষ কৰি তালৈ ঘূৰি চাওঁ মানেই দশম শ্রেণীৰ ছমহীয়া পৰিক্ষাৰ বিজ্ঞানৰ প্রথম কাকতৰ গাৰ্ড পৰা মহেন্দ্র দাস চাৰে তালৈ চোঁচা লৈ আহিল আৰু তাক থিয় কৰাই লৈ ভালকৈ দুচাত মান দিলে আৰু ক’লে ‘তই লিখিব নোৱাৰ নাই, সেই ল’ৰাটোক কিয় লিখিব দিয়া নাই? তাক আকৌ যদি আমণি দিয় মই কৈছো কিন্তু…”   এই বুলি তাক সকীয়াই দি চাৰ বেট দাল ঘূৰাই ঘূৰাই ৰুমৰ সমুখ ভাগলৈ গল গৈ।মুখ খূলিলেই চাৰৰ পৰা কোব খোৱাৰ ভয়ত মই কেৱল মোৰ তল কৰি থাকিলো।নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্রাক্-প্রাথমিক শ্রেণীৰ প্রথম দিনতোৰ পৰা তাৰ লগত একে বেঞ্চত বহা গতিকে সি ভালকৈ জানে যে  এই গোস্বামী বিজ্ঞানত এটা ‘মহা গাধ’ সদৃশ ।সেয়েহে সি মোক আচলতে কেনেবাকৈ তাৰ বহী দেখুৱাই-মেলি পাছ কৰাই নিবলৈ চেষ্টা কৰিছিল।কিন্তু ডাঙৰ কথাটো হ’ল চাৰৰ পৰা কোব খোৱাৰ পিছতো সি পুণঃ পুণঃ বাৰ মোক মাতি বহী দেখুৱাই বা  ফুচফুচাই প্রশ্নোত্তৰ বোৰ কবলৈ যত্ন কৰিছিলে যাতে মই কোনোমতে ফেইল নকৰো।সেয়াই আছিল ঋতু, তাৰ মন আৰু কণমানি বয়সতে থকা তাৰ হৃদয়ৰ উদাৰতা।

দুয়োৰে বিদ্যালয় পৰ্যায় শেষ হ’ল।হাইস্কুল শিক্ষান্তা পৰীক্ষাৰ পিছত স্বাভাবিকতেই মই কলা আৰু সি বিজ্ঞান পঢ়িলে।কিছু বছৰৰ পিছত সি সুখ্যাতিৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা MCA ডিগ্রী লাভ কৰি বাংগালুৰুলৈ বুলি ঢাপলি মেলিলে।কিছুদিন পিছত এদিন মোলৈ ফোন আহিল “গোস্বামী পাই গ’লো, পাই গ’লো। State bank of India-ত পাই গ’লো চাকৰি। মুম্বাই হেড অফিচত পষ্টিং as a assistant manager…” তাৰ চিঞৰত কাণ সৰি যাওঁ সৰি যাওঁ হৈছিল যদিওঁ আনন্দত ইফালে মোৰ বুকু ফুলি ফাটো ফাটো অবস্থা।কেৱল যাক যেনেকৈ, যিমান পাৰি খবৰ দি আনন্দ প্রকাশ কৰিছিলো।কম সময়তে তাৰ মুম্বাইৰ চৰকাৰী এপাৰ্টমেন্টত তাক দেখা দিবলৈ সি বাধ্য কৰালে।খুব আনন্দ কৰিছিলো এসপ্তাহ ধৰি, তাৰ আৰু তাৰ নতুন বন্ধুবোৰৰ লগত।হাজাৰ হওঁক টক্টা, বস্তাত বহি একেলগ অ, আ, ক, খ পঢ়ি ডাঙৰ হোৱা বন্ধু সি মোৰ। গৌৰব নকৰিমনে? তাৰ সফলতাত প্রাণখূলি আনন্দ নকৰিমনে? নিয়মীত যোগাযোগ থাকে যদিওঁ তাৰ মাজে মাজে কিছুমান বিশেষ ফোন কলো তাৰ পৰা পাই থাকো। এদিন তেনে এটা ফোন আহিল, “ গোস্বামী,…তই এতিয়া ডেপ্যুটি মেনেজাৰৰ লগত কথা পাতি আছ দেই…”। পদোন্নতিৰ খৱৰ আছিল সেইটো। দোপতদোপে আগুৱাইছিল সি।বিশেষ ফোন কল বোৰ আহি থাকিল আৰু এদিন বাইক, এদিন গাড়ী, এদিন বিবাহ, এদিন বিদেশ যাত্রা, এদিন সন্তান… এই সকলোবোৰ সু- খবৰ কেৱল পাই গ’লো আৰু মনে প্রানে তাৰ মংগল কামনা কৰি গ’লো। সিদিনা ২১ জুলাই, কৰ্পৰেশ্যণ বেংকৰ ধুবৰীৰ শাখাৰ Assistant Manager, বাবুৰ একমাত্র ভগ্নী মুমু (উপাসনা)-ৰ জন্মদিন। পুৱাই তাইৰ পৰা ফোন কল আহিল। মই মনতে ভাবিলো তাই যি দেখিছো দকাহকা দি আমাৰ (মই আৰু পত্নী লিপি)-ৰ পৰা জন্মদিনৰ শুভেচ্ছা ল’ব। ফোন ততাতৈয়াকৈ উঠালো… “ৰক্তিম দা, আমাৰ বাবু আৰু নাই নহয়…” বুলি কৈ তাই কান্দোনত ভাঙি পৰিল।পলকতে মোৰ সৰ্বশৰীৰ বজ্রপাতে যেন ছাঁই কৰি পেলালে।এটা অকল্পনীয়, অনাকংক্ষিত, অবিশ্বাস্য খবৰ মোক কিমান পৰলৈ শিল কৰি পেলালে মই ক’ব নোৱাৰো…।

এপ্রিল ২৪ তাৰিখে তেজপুৰত মোৰ ২য় কণ্যাৰ জন্মদিনত সি সপৰিবাৰে উপস্থিত আছিল আৰু হাহিঁ, ধেমালী, ফূৰ্টি তামাছাৰ মাজতে কৈছিল, “ঐ গোস্বামী, এতিয়া দেউতাক হৈ গ’লোতো লাইফটোলৈ অলপ চিৰিয়াছ হ’ব লাগিব, ফাইনেনচিয়েল প্লেনিং অলপ ভালকৈ কৰিব লাগিব” সি তাৰ ৫মহীয়াজনী লৈ আৰু মই মোৰ এবছৰীয়া জনীক লৈ ফটো উঠিছিলো।দুয়োৰে ইমান দিনীয়া বন্ধুত্বৰ এনাজৰীকলৈ বুকুৰ কোনোবা এটা চুক উথলি উঠিছিল।

 মই চিৰদিন তাক ‘চিৰিয়াছ’ হ’বলৈ আৰু সি চিৰদিন মই ‘বেছি চিৰিয়াছ’  কাৰণে গালি পাৰি থাকিল। “গোস্বামী সব কথাত বেছি চিৰিয়াচ।লাইফত সকলো কথাৰ চলিউশ্যন আছে, মাথো ঠাণ্ডা মগজুৰে তাক  বিচাৰিব জানিব লাগে। মানুহ ‘বিন্দাচ’ হৈ থাকিব লাগে।গ’লেতো গ’লোৱেই…হয়নে নহয়?” । সি গুচি গ’ল… ‘বিন্দাচ’। কোনো কাৰণ নোহোৱাকৈ মাতৃ-পিতৃ, ভগ্নী-পত্নী, ৮মহীয়া কণ্যা, আমাক সকলোকে এৰি মাথো ৩৬ বছৰ বয়সতে সি গুচি গ’ল কোনো টেনশ্যন নোলোৱাকৈ। সকলোকে জীৱনৰ সমাধানহীন এক অনন্য পৰিচক্রত পেলাই কোনো আগলীবতৰা নিদিয়াকৈ সি মাথো গুচি গ’ল।কেৱল তাৰ গা-বেয়া লাগিছিল পুৱতি নিশা, সেয়াই।পষ্টমৰ্টেমতো মৃত্যুৰ কোনো কাৰণ পৰ্যন্ত বিচাৰি পোৱা ন’গল।ঋতু, এজন ভাল খেলুৱৈ, এজন ভাল আলোকচিত্র শিল্পী, SBI-ৰ এজন নিষ্ঠাবান কৰ্মচাৰী আছিলো।সবাতোকৈ ডাঙৰ কথা পলকতে আনক আপোন কৰি ল’ব পৰা এটা বহল অথচ শিশুসুলভ মন আছিল তাৰ। তাৰ বন্ধুত্বপূৰ্ণ আচৰণ আৰু কৰ্ম দক্ষতৰ বাবে অসমৰ SBI-কৰ্মচাৰী বিশেষকৈ গুৱাহাটি মূখ্য শাখাৰ কৰ্মচাৰীৰো বৰ আপোন আছিল সি।

জীৱনৰ কঠোৰ সত্যতাৰ স্বৰূপ উদঙাই সদাই এচাঁটি স্ফুটিৰ হাঁহিৰে দেখা দিয়া  ঋতু, এটি ঋতুৰ দৰেই মেলানী মাগিলে।তাৰ জঁঠৰ, চেঁচা মুখখনত হাত বুলাই, বুলাই মই মাথো তাক সাহসৰে বিদাই দিবলৈ যত্ন কৰিলো।মই সি ছাইঁ হৈ যোৱা লৈকে তাৰ লগতে, তাৰ কাষতে থাকিলো… অকলে।

Saturday, April 9, 2016

আমি ‘ইছ্যুভোজী’ জাতি নেকি?








“The best argument against democracy is a five-minute conversation with the average voter.”

                                                                                                                      - Winston S. Churchill


 মাজে মাজে ভাবি বিমোৰত পৰো যে ই এটা জাতিয় দোষ নে এক মধ্যবিত্তীয় বা নিম্ন মধ্যবিত্তীয় মানসিকতা। ই প্রকৃততে বিচৰাজনে টিভিৰ পৰ্দাত বা অন্য মঞ্চত মুখাবয়ব দেখুওঁৱাৰ এক সুবৰ্ণ সুযোগ নে  আমাৰ মাজত সোমাই থকা কোৰ্হালপ্রিয় চৰিত্রৰ বাহ্যিক প্রকাশ নে ই জনগনৰ বহুতৰপীয় ক্ষোভৰ স্বতঃস্ফূৰ্ট আস্ফালন, যি কেৱল এটা সুৰুঙাৰ সন্ধানত থাকে।

 ‘ইছ্যু’- সময়ে সময়ে এটা ইছ্যু ন’হলে আমিবোৰ যেন বিকলাংগ হৈ যাম। একো নাথাকিলে সাধাৰণতকৈ সাধাৰণ কথা এটাকে ইছ্যু বনাই দশোদিশে এক অৰাজক বৌদ্ধিক আৰু সামাজিক বাতাবৰণৰ সৃষ্টি কৰা হয়। বিদেশী ইছ্যু, নদীবান্ধ ইছ্যু, ৰাজনীতিৰ ইছ্যু, বিহু ইছ্যু, হিন্দী গীত ইছ্যু, যুব প্রজন্ম ইছ্যু, ধৰ্ষণ ইছ্যু, ভাষা ইছ্যু , থলুৱা ইছ্যু ইত্যাদি, ইত্যাদি এখন শেষ নোহোৱা তালিকা। এই ইছ্যুবোৰ লৈ সময়ে, সময়ে হঠাৎ বিৰাত হৈ চৈ। হঠাৎ ইছ্যুভিত্তিক স্বংভূ নেতাৰ আৰ্বিভাৱ, পদপথত হেবাং জনতাৰ সমদল। নেতাৰ পেট ভৰিলত, ইছ্যু শেষ। জনতা ঘৰা ঘৰি। আকৌ নতুন ইছ্যু, আকৌ পুৰণা ৰেকৰ্ড প্লেয়াৰ। কিন্তু সমিধান ক’ত??? 

জনগন  এতিয়া ইছ্যু আসক্ত। ইছ্যু এতিয়া সাধাৰণ জনতাৰ দৈনন্দিন জ্বালা-যন্ত্রণা পাহৰাৰ আফিং। একেলগে এডল লোক ৰাজপথলৈ ওলাই আহিলে অলপ আনন্দওঁ হয়। কোনো কোনোৱে দুপইছা পায়। কোনোৱে তেল, কোনোৱে পায় মান- ইছ্যু লাগে যিয়েই নহওঁক। অসমৰ ৰাজপথত ক্রমাৎ বাঢ়ি অহা বাইক ৰেলী, চাইকেল ৰেলী, কাৰ ৰেলী, ইটো ৰেলী, সিটো ৰেলীৰ অগণন সমাহাৰ। মানুহবোৰ বোলে আজিকালি সজাগ হৈছে। কোনো সোমাই নাথাকে। সকলো ওলাই আহে। সকলোৱে মাত মাতে। আহ! কি এক অদ্ভুত পৰিচক্র।

 প্রিন্ট মডিয়া, অডিঅ’ ভিজুৱেল মডিয়া আৰু বিশেষকৈ অসমীয়াক নতুন কৈ গোগ্রাসে গিলা চ’চিয়েল মডিয়া এতিয়া সমাজ জীৱনৰ ‘লাইফ ব্লাড’। ইছ্যু শোষণৰ অত্যুত্তম আহিঁলা। এজন জাতীয়তাবাদী উগ্রপন্থী নেতাই এক বছৰেকীয়া আহ্বান জনাব বিহুত হিন্দী গীত বৰ্জন কৰিবলৈ এজন বিশেষ গায়কক উদ্দেশ্য কৰি, সেই অসমীয়া গায়কজনে সেই প্রস্তাব প্রত্যাখ্যান কৰিব আৰু তাতেই জন্ম হয় অসমীয়াৰ অন্যতম এটি বছৰেকীয়া প্রিয় ইছ্যু। বচ্! পৰবৰ্ত্তি এক-দুই মাহলৈ ৰাইজ দুটা দুৰ্গত বিভক্ত আৰু সকলো মিডিয়া যুক্তিযুদ্ধত তোলপাৰ। কুলি-কেতেকি গ’ল, ইছ্যুওঁ গ’ল, মিডিয়াওঁ শান্ত, ৰাইজ শান্ত পৰবৰ্তি ইছ্যু উদ্ভৱ হোৱালৈকে বা সৃষ্টি কৰি নোলোৱালৈকে। গোৱাই জনতাৰ আহ্বানতে তাৰ মাজতে নানা ভাষাত গীত গাই বছৰতোলৈ ভৰপূৰ ধনাৰ্জন কৰি লয়। বিশেষ বিশেষ সময়ত আবিৰ্ভাব হয় খিলঞ্জীয়াৰ অধিকাৰ, সাংবিধানিক ৰক্ষাকবচ আৰু কাঁইটিয়া বেৰৰ ইছ্যু (যিটো যোৱা আজি প্রায় ৫০ বছৰৰো অধিক কাল ইছ্যুয়েই হৈ থাকিল)। আৰু সময়ে সময়ে আৰ্বিভাৱ হয় হাস্যকৰ ‘ৰুহানী বাবা’ৰ নিচিনা ইছ্যু। মুঠতে আমাক অনৱৰতে ‘ইছ্যু’ নামৰ এটা ‘চিৱইং গাম’ লাগে। চোবাম, জুটি ল’ম, তিঁতা পালে পেলাই আকৌ এটা নতুন চিৱইং গাম মুখত ভৰাই ল’ম। চোবাই থাকিলেই হ’ল। ভাল, বেয়া, উপকাৰিতা, অপকাৰিতা, ফলাফল বা কোনো ইছ্যুৰ সফলতাপূৰ্বক সমাধানৰ সমুচিত পথ সন্ধান কৰি যদি আমি সময় নষ্ট কৰো তেনেহ’লে আমি হয়তো আন কেইবাটাওঁ ‘চিৱইং গাম’ হেৰুৱাবলগীয়া হ’ব পাৰে।

 বৰ্তমান সময়ৰ ‘চিৱইং গাম’টো হৈছে এজন স্বনামধন্য বুদ্ধিজীবিৰ (আন বহুজন সহিতে) ৰাইজলৈ নিবাৰ্চন কেন্দ্রিক আহ্বান আৰু তাৰ প্রতিক্রিয়া। এক বিশেষ দুৰ্গৰ ব্যক্তিসকলৰ যুক্তি তেওঁ কিয় ক’ব ‘অমুক দলক ভোট নিদিব’ বুলি। কথাটো এনেকুৱা যে কোনোৱে আপোনাক ক’লে ‘আগত খাঁৱৈ আছে সাবধানে যাব বা সেইফালে নাযাব’  আপুনি উত্তৰ দিছে, ‘আপুনি যদি খাঁৱৈটো পুতিব নোৱাৰে বা আন এটা বাট মোলৈ তৈয়াৰ কৰিব নোৱাৰে তেনেহ’লো মোক কিয় সঁকীয়াই দিছিলে’।  কি অদ্ভুত, কি আজৱ যুক্তি। ‘ভোট দিয়ক’ বুলি জলে-স্থলে, পাহাৰে- ভৈয়ামে, দিনে-ৰাতিয়ে, চহৰে- নগৰে সহস্রজনক লগতলৈ মাইকত কৈ টেঁটু ফালিলে গণতন্ত্র কিন্তু দুজনমান সচেতন লোকে ইতিহাসক সাক্ষী কৰি দূৰদৰ্শিতাৰে জনগনৰ হিতচিন্তা কৰিলে ‘একনায়কত্ববাদ/ চৈৰাচাৰী’ ইত্যাদি। প্রকৃততে কাৰ কন্ঠ ৰোধ কৰিব চেষ্টা কৰা হৈছে আৰু কিয় ই বিচাৰ্য। মাথো এটি আহ্বানত ইমান আস্ফালন কিয় ই দুৰ্বোধ্য । তেওঁ পুলিচ-মিলিটৰী বা কোনো গুপ্ত ঘাটক লগাই (আগৰ দিনবোৰৰ দৰে) তেওঁ কথা নুশুনিলে আপুনাক হত্যা কৰিম বুলি ভাবুকি দিয়া নাই। ইছ্যু লাগে বুলিয়েই সকলো কথাকে ইছ্যু বনোৱাটো এটা ঘাটক মনোবৃত্তি। পৰিবৰ্তন প্রয়োজন, আগবঢ়াতো সময়ৰ তাগিদা কিন্তু বিজ্ঞজনে দিয়া সকীয়নিসমুহক উপলুঙা (কোনো কোনো নৰাধমে ‘কু-বুদ্ধিজীৱী’ বা ‘দেশদ্রোহী’ বুলি ক’বলৈওঁ তিলমাত্রওেঁ কুন্ঠাবোধ নকৰাতো চৰম লজ্জাৰ কথা)    কৰাৰ বিপৰীতে গুৰুত্বপূৰ্ণভাবে  বিবেচনা কৰাটো সঁচা অৰ্থত এজন গণতান্ত্রিক নাগৰিকৰ কতৰ্ব্য। ইছ্যু খকুৱা আমাৰ অসমীয়া সমাজখনে এইদৰে যদি ইছ্যুৰ সন্ধানত সকলো বিসৰ্জন দি আগবাঢ়ে তেনেহ’লে নিশ্চিতই অদূৰ  ভবিষ্যতে কোনো সকিয়নীৰ দোঁহাই দি হিঁয়া ঢাকুৰি কন্দিব লাগিব। Isaac Asimov নামৰ এজন বিশিষ্ট লেখকৰ এষাৰ কথা উল্লেখ কৰিব বিচাৰিছো- “Anti-intellectualism has been a constant thread winding its way through our political and cultural life, nurtured by the false notion that democracy means that 'my ignorance is just as good as your knowledge.'”  Winston S. Churchill য়েওঁ বোধহয় গনতন্ত্রৰ সন্দৰ্ভত সেয়েহে মন্তব্য কৰিছিল- “The best argument against democracy is a five-minute conversation with the average voter.”