Monday, June 4, 2012

'অ' পূজাৰী আদৰি '- বিষ্ণু সংগীত

'অ' পূজাৰী আদৰি '- বিষ্ণু সংগীতটি গোৱাৰ চেষ্টা কৰিলো। বহু সৰুৰে পৰা শুনা আৰু গোৱা এটি গভীৰ, মন চুই যোৱা মোৰ অতি প্রিয় গীত।

শামুক (কবিতা)


দুহাত যেতিয়া মুঠি মাৰো
আঙুলিৰ ফাকেৰে পৃথিবীখন সৰি পৰে
সৰু সৰু টুকুৰা হৈ

চকুৰ পটাৰে নামি আহে
নিমখীয়া এটা শামুক
তেজবোৰ গোট মাৰি
কলিজাটো শিল কৰি তোলে

উশাহ যেতিয়া মনে মনে ল'ব লাগে
তাৰ শব্দই কৰা আঁস্ফালন অসহনীয়

ক'লা সাপৰ দৰে অকাই পকাই অহা
ৰাতিটোৰ ইমুৰে উঁমি উঁমি জ্বলি আছে
এটা অদৃশ্য তৰা

মঙহৰ মাজৰ পৃথিবীখন স্থবীৰ
থিক গৰ্ভৰ সন্তান টোৰ দৰে
এক অসহনীয়া নিস্তব্ধতা

সৃষ্টি এন্ধাৰ
বিনাশ এন্ধাৰ

শামুকটো গৈ আছে
লাহে লাহে..
__


ৰক্তিম
বেংগেল'ৰ
১৫ চেপ্তেম্বৰ/১১


"শ্বশ্বল'ঝা "



এক নতুন ধৰণৰ সংগীতৰ লগত চমু পৰিচয় কৰি দিয়াৰ উদেশ্যে আকৌ এবাৰ আপোনাসবৰ আগত দেখা দিয়াৰ মন মেলিলো। সংগীতৰ বিষয়ে পঢ়ি আগৰে পৰাই ভাল পাও। বিশেষকৈ যেতিয়া এক নতুন সংগীতশৈলীৰ বিষয়ে বা সংগীতৰ কোনো এক নতুন ইতিহাস পঢ়িব পাও তেতিয়া এই ভাল পোৱা বহুগুণে বাঢ়ি যায়। । অসম বা ভাৰতৰপ্রায়বোৰ বা সৰহভাগ সংগীতশৈলীৰ বিষয়ে আমি জ্ঞাত বুলি ক'লে ভুল কোৱা ন'হব কিন্তু এটা গোলকীয় দৃষ্টিকোণৰে চাব বিচাৰিলে পৃথিবীখন এখন সংগীতৰ বৃহৎ মহাসাগৰ। চিনাকি অচিনাকি অলেখ মহাসাগৰীয় জীৱৰ দৰে নানান চিনাকি অচিনাকি সংগীতৰে ভৰি আছে এই মহাসাগৰ।

"শ্বশ্বল'ঝা "- এটা আফ্রিকীয় লোক সংগীত

"শ্বশ্বল'ঝা " নামটো বা শব্দটোযে প্রায়বোৰৰ বাবে নতুন তাত মোৰ সন্দেহ নাই। কিন্তু এই শব্দটো প্রকৃততে এটা লোক সংগীতৰ নাম। এটা আফ্রিকীয় লোক সংগীত। "শ্বশ্বল'ঝা "ৰ অসমীয়া অৰ্থ হৈছে "আগবঢ়া"। "শ্বশ্বল'ঝা "ৰ জণ্ম ঝিমবাব'য়েত হৈছিল কিন্তু সকলো লোক সংগীতৰ দৰে এই লোক সংগীতৰো সৃষ্টিৰ সঠিক সময়ৰ কোনো নিৰ্দিষ্ট তথ্য নাই। এই লোক সংগীতটো এটা বিষাদেৰে পৰিপূৰ্ণ আৰু আত্মবল বঢ়াবৰ বাবে গোৱা এক লোক সংগীত। ঘৰৰ পৰা বহু দূৰৈত,বহু দিনলৈ আতৰি থকা আৰু কঠোৰ শ্রম কৰা ঝিমবাব'য়ে ৰ শ্রমিক সকলে নিজৰ মনৰ দূখ নিচুকাবলৈ আৰু কঠিন সময়ত নিজৰ মনোবল বঢ়াবলৈ এই গীত গাইছিল। ঝিমবাব'য়েৰ এক প্রচলিত ভাষা 'এনডিবেলে'ত শ্বশ্বল'ঝা "ৰ সৃষ্টি হৈছিল।


শ্বশ্বল'ঝা গায় থকা এজন ঝিমবাব'য়ে ৰ শ্রমিকৰ কাল্পনিক স্কেচ্ছ্

"শ্বশ্বল'ঝা "ৰ জণ্ম যদিও ঝিমবাব'য়েত স্বভাবজাত মুখ বাগৰি অহা এক লোক সংগীত ৰূপে হৈছিলে, ই দক্ষিণ আফ্রিকাত অত্যাধিক জনপ্রিয় হৈছিল । দক্ষিণ আফ্রিকাৰ হীৰাৰ আৰু সোণৰ খনিত কাম কৰিবলৈ অহা ঝিমবাব'য়েৰ শ্রমিকসকলৰলগত "শ্বশ্বল'ঝা "ও শ্রমিকসকলৰ দূখৰ-কষ্টৰ সাহ্মী হবলৈ দক্ষিণ আফ্রিকাত প্রবেশ কৰিছিলে।
অতি কম সময়তে "শ্বশ্বল'ঝা " দক্ষিণ আফ্রিকাত জনপ্রিয় হ'ল। আজিৰ তাৰিখত "শ্বশ্বল'ঝা "ক এই ৰাষ্ট্রৰ ৰাষ্ট্রীয় সংগীতৰ পাছতে গণ্য কৰা হয়। দক্ষিণ আফ্রিকাৰ সামৰিক,ক্রীড়া আৰু বহু অন্যান্যৰাষ্ট্রীয় ঘটনা-পৰিঘটনা "শ্বশ্বল'ঝা "ৰ অৰ্ন্তভূক্তি অবিহণে নহয়। উল্লেখনীয় ভাবে ২০১০ চনৰ ফিফা ফুটবল বিশ্বকাপত দক্ষিণ আফ্রিকাৰ ফুটবল দলটিয়ে "শ্বশ্বল'ঝা "গায় বিশ্বকাপ যাত্রা আৰাম্ভ কৰিছিলে।
"শ্বশ্বল'ঝা "ক কি পৰিস্থিতিত ৰচনা কৰা হৈছিল তাকলৈ মতভেদ আছে। কোনোৱে কয়এই গীতৰ জণ্ম হৈছিলে ঝিমবাব'য়েৰ পৰা দক্ষিণ আফ্রিকালৈ আহি থকা যাত্রাৰ কালছোৱাতআৰু আন কোনোৱে কব বিছাৰেযে ইয়াৰ সৃষ্টি হৈছিলে বহুদিনৰ আৰু বহু কষ্টৰ কাম শেষ কৰি শ্রমিকসকল ঝিমবাব'য়েলৈ ওভতি যোৱা যাত্রাৰ কালছোৱা ।
"শ্বশ্বল'ঝা "ৰ কথাবোৰ স্থান বিশেষে অলপ বেলেগ বেলেগ হয়। "শ্বশ্বল'ঝা "ৰ তেনে এটাস্থনভিত্তিক প্রচলিত সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আপোনালোকৰ সুবিধাৰ্থে কৰিবলৈ চেষ্টা কৰিলো। "শ্বশ্বল'ঝা "ৰএই অনুবাদ ১৯৯৫ত হোৱা "আই. আৰ. বি.ৰাগবি বিশ্বকাপত গোৱা সংস্কৰণৰ ভিত্তিত কৰা হৈছে।মই নিশ্চিত ই আপোনালোকক এই গীতটিক আৰু অলপ ভালকৈ বুজি পোৱা আৰু অনুভৱ কৰাত সহায় কৰিব।


শ্বশ্বল'ঝা (আগবঢ়া)
______________

কৰা, কৰা, কৰা
সূৰ্য্যৰ প্রখৰ ৰ'দত কৰা
আগবঢ়া
কৰা, কৰা, কৰা
বৰষুণতো কৰাযেতিয়ালৈসূৰ্য্য আকৌ নোলাই
আগবঢ়া
নিজক নিয়া আগুৱায় বহু দূৰলৈবহু
আছে কাম কৰিবলৈ
আগবঢ়া
কৰা, কৰা, কৰাসূৰ্য্যৰ প্রখৰ ৰ'দত কৰা
আমি এক হৈ আগুৱাও।


ধন্যবাদ্
-ৰক্তিম-


চিত্রৰ উৎস :beep.com

বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)


পৃথিবীত এনে কোনো মানুহ হয়তো নোলাব যাৰ সংগীতৰ প্রতি অনুৰাগ নাই। জ্ঞাতে-অজ্ঞাতে সংগীতে আমাৰ সকলোৰে জীৱনৰ সমান্তৰালকৈ নিজৰ গতি অক্ষুন্ন ৰাখি সদাই আমাৰ আবেগ অনুভূতিৰ সংগী হৈ আহিছে। সংগীত প্ৰকৃতি আৰু প্ৰকৃতিয়ে সংগীত। প্ৰকৃতিৰ আৰাম্ভণিয়ে সংগীতৰ আৰাম্ভণি। সংগীতেই হয়তো প্ৰকৃতিৰ প্রথম আৰু শ্রেষ্ঠ সন্তান।
সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ, পৃথিবীৰ ইতিহাস সামৰা এক তত্ত্বগধুৰ আৰু বিশদ বিষয়। মানবীয় অনুভূতি, সৃষ্টিশীল মনোভাৱ, সমাজ ৱ্যবস্থাৰ ধৰণ, পৰিবৰ্তিত সময়- আদি কাৰকে নিৰ্ধাৰণ কৰে সংগীতৰ স্বৰূপ আৰু প্রকাৰ। পৃথিবীৰ প্রতিখন দেশৰ স্বকীয় সাংগিতীক পৰিচয় থকাৰ আঁৰৰ এক সৃষ্টিশীল ৰহস্য। সংগীতৰ ভূমিকা সময়, ইতিহাস আৰু সমাজৰ সাক্ষী হিচাবে অতুলনীয়। ব্যক্তিগত মানসিক প্রশান্তিৰ লগতে সামাজিক সচেতনতা আৰু পৰিবৰ্তনৰ অতিজৰে পৰা সংগীত এক সবল আঁহিলা।
পৰিবৰ্তনশীল মানবীয় বৌদ্ধিক ব্যুৎপত্তিৰ পৰিণতিতে হ'ল সৃষ্টি পৰিবৰ্তিত আৰু জটিল সমাজ ৱ্যবস্থাৰ।
সংগীতৰ স্বৰূপ আৰু প্রকাৰবোৰেও এই পৰিবৰ্তনৰ লগত সামাজিক ভাবে স্বীকৃত হৈ নিৰ্দিষ্ট গুনগত মানেৰে একো একোটা গোটত বিভক্ত হ’ল।
আজি মই এই সকলোবোৰৰ মাজৰে কিন্ত তুলনামুলক ভাবে কম জনাজাত এটা সংগীত প্রকাৰৰ বিষয়ে কিছু কথা জনাব বিছাৰিছো।
বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)
অতি কম মানুহৰ জ্ঞাত বাৰবৰ চপ্ মিউজিক-(ছেলুন সংগীত)। এই ধৰণৰ সংগীতৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্রত হৈছিলে। ইয়াৰ ইতিহাস্ তুলনামুলক ভাবে নতুন। কেৱল এটা শতিকা পুৰণি বুলি ক'লে ভুল
কোৱা ন'হব। বাৰবৰ চপ্ মিউজিকৰ জন্ম কেতিয়া হৈছিল সেইটো সঠিক কৈ কোৱাতো অলপ জটিল।
ধাৰণা অনুযায়ী ১৮৬০-১৯২০ চনৰ ভিতৰতে এই সংগীতে বিশ্বত নিজৰ প্রথম পৰিচয় দিয়ে।
এই সংগীতৰ উৎপত্তিৰ কাহিনী বৰ ৰসাল। ১৯ শতিকাৰ দ্বীতিয়াৰ্ধত আমেৰিকা যুক্তৰাষ্ট্রৰ কিছুমান ছেলুনআফ্রিকীয়-আমেৰিকীয় সকলৰ বাবে এক সামাজিক ভাবে মিলামিচা কৰা স্থান আছিলে। ছেলুনত নিজৰ চুলি কটাৰ পাল অহালৈকে আপেক্ষা কৰা সময় খিনি সকলোৱে মিলি নানা গীত বেলেগ বেলেগ স্বৰস্তৰত গাই আনন্দ কৰিছিলে। ছেলুনৰ এনে আনন্দৰ মাজত সৃষ্টি হোৱা এই গীতবোৰ লাহে লাহে জনপ্রিয় হৈ বাৰবাৰ শ্বপ্ মিউজিক বা ছেলুন সংগীত নামেৰে এক স্বকীয়ৰূপ ল'লে।

মিড-ষ্ট্যেটচ ফ'ৰ
বাৰবাৰ শ্বপ্ মিউজিক মুলতঃ এক বহুকান্ঠিক সংগীত শৈলী। এই সংগীতত কোনো বাদ্য ব্যৱহাৰ কৰা নহৈছিল যদিও পিছলৈ কোনো কোনোয়ে পিয়ান' ব্যবহাৰ কৰা আৰম্ভ কৰে। 'হাৰমণি' ভিত্তিক এই শৈলীৰ গীতবোৰ গায়ক সকলে চাৰিটা স্বৰভিত্তিক কণ্ঠস্তৰত ভাগ কৰি গাইছিলে। এই স্বৰভিত্তিক কণ্ঠস্তৰ সমূহৰ নাম হৈছে ক্রমে- লীড্, টেনৰ, বেচ্ আৰু বাৰিট'ন
লীড্ - লীড্ গোৱাজনে গীতটিৰ মূল সুৰটো গাব।
টেনৰ - টেনৰ গোৱাজনে গীতটিৰ মূল সুৰটোৰ উচ্চ স্তৰ গাব।
বেচ্ - বেচ্ গোৱাজনে গীতটিৰ মূল সুৰটোৰ নিম্ন স্তৰ গাব।
বাৰিট'ন - বাৰিট'ন গোৱাজনে সমষ্ট গীতটিৰ কৰ্ডসমূহ গাব।
১৯৪০ দশকত খুউব সুৰিয়া আৰু সহজ গীতিকথাৰ বাবে জনাজাত এই সংগীতৰ পুণৰউথ্থাণ হয়। এই
ক্ষেএত 'বাৰবাৰ শ্বপ্ মিউজিক'ক এক কলা হিচাবে বিশ্ববাসিক চিনাকি কৰি দিয়াৰ উদ্দ্যশ্যে ১৯৩৮ চনত
জন্ম হোৱা 'বাৰবাৰ শ্বপ্ হাৰমনি চচাইটি'ৰ এক উল্লেখযোগ্য অৰিহনা আছে। আজিৰ তাৰিখত 'বাৰবাৰ শ্বপ্
হাৰমনি চচাইটি'ৰ সদস্য সংখ্যা প্রায় ৪০ হাজাৰ। বিশ্বৰ প্রায় সকলো দেশত বাৰবাৰ শ্বপ্ মিউজিক আজি
এক অতি জনপ্রিয় সংগীত। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত ইয়াৰ জনপ্রিয়তা আত্যাধিক।
ডাপ্পেৰ ডেনশ', 'বাফেল' বিলচ', 'মিড-ষ্ট্যেটচ ফ'ৰ', 'সানট'নচ' আদি সংগীত গোট সমূহৰ বাৰবাৰ শ্বপ্ মিউজিকক প্রতিষ্ঠা কৰাত যথেষ্ট অৰিহনা আছে।
আপোনালোকৰ লগত চমুকৈ কৰাই দিয়া বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)ৰ পৰিচয় নিশ্চয় আনন্দদায়ক আছিল। সংগীত চহকী আমাৰ পৃথিবীখনৰ কোনো এক কোণৰ আন এক সংগীত শৈলীৰ সংক্ষিপ্ত ইতিহাস লৈ পুণৰবাৰ দেখা দিয়াৰ প্রতিশ্রুতি দিলো।

সপোনৰ অগল্প


সুৰুযটো লাহে লাহে নামি আহি মোৰ শোৱণি কোঠাৰ মাজ ভাগ পালেহি। আকৌ পুৰণা খংটো উঠি আহিল। ভালকৈ ৬ ঘন্টা মানো শুব নোৱাৰিলো। ডাইলনৰ গীতবোৰে কেতিয়া ঘড়ীৰ সৰু কাঁটাডাল টানি নি ৪ ত লগাইছিল মই গম পোৱা নাছিলো। এনেদৰে পুৱতি নিশা ঘড়ীটো চাই আচৰিত হৈ নিজকে দুটামান গালি দি শুবলৈ দৌৰা দৌৰি কৰাটো এটা নৈমত্তিক ঘটনা। 
ৰাতিৰ সপোনৰ কথাবোৰ মগজুত একেবাৰে সজীব হৈ আছে-

"মই যি মন যায় তাকে কৰিম। সকলো কাম যদি মই আপোনালোকৰ কথামতেই কৰিব লাগে তেনেহলে ভগৱানে দিয়া এই মগজুটোৰ ব্যবহাৰ কি? মগজু এটা কিয় দিয়া হয় সকলোকে??"

কোনোবা অগ্রজ এজনক সপোনতে এইদৰে গালি দিছিলো। নিজকে ১৫-১৬ বছৰীয়া এটা ল'ৰাৰ ৰূপত দেখিছিলো যোৱা নিশাৰ সপোনটোত। অনুভব কৰিলো শৈশবৰ কিবা খং এটা এতিয়াও অবচেতন মনত বাঁহ লৈ আছে। সাধাৰণতে সকলোৰে লগতে এনে হয়। শৈশব আৰু যৌবনৰ সণ্ধিক্ষনত এটা নীলা চৰাই হৈ উদ্বাউল হৈ উৰি গোটেই আকাশখন নিজৰ হাতৰ মুঠিত আবদ্ধ কৰিব বিচৰা মনটোক বাৰে বাৰে আহি কিছুমান মানুহে কিছুমান অপৈণত কথাৰে মোহাৰি মাৰি পেলাব বিচাৰে। খুব খং উঠে।

কিউব (cube) কেইটামানে মগজুটোক বহু যুঁজ দিছিল তিনিকোণীয়া কৰিবলৈ বহু বছৰ আগতে। এতিয়াও বিষাই মূৰটো মাজে মাজে। "প্রাৰ্থনাৰ পাৰচৰাই"টো আকাশত সদায় বিচাৰো। যোৱা ২০ বছৰ ধৰি বিচাৰি আছো। ৭ সাগৰ ১৩ নদী পাৰ কৰি অচিন মুলুকৰ পৰা বহু ওপৰেদি নীলা আকাশ চুমি আহিব। সময় লাগিব অলপ। পানী শুকালে মাছেও চটফটাব।

সকলোৱে আনন্দ কৰিব লাগে। 'নৈৰাজ্য'ৰ নিয়ম নথকা নিয়মটোৰ সদ্ ব্যবহাৰ কৰিব লাগে। বালি চাপৰিত কিৰিলি পাৰি খেলি থকা সৰু সৰু লৰা ছোৱালীঁহঁতৰ বাদে মোৰ কথা কোনেও বুজি নাপায়। সময়ে বা আছে কাৰ। সকলো ভাল। ভাল সকলোৰে মাজত আছে। দৃষ্টি সঠিক হ'ব লাগিব। কথাতে কয় নহয় 'আপোন ভালেই জগৎ ভাল।' কিন্তু সকলোকেটো বিশ্বাস কৰিব নোৱাৰি। 'ট্রতস্কি'ৰ কি হৈছিলে কেনেকৈ পাহৰো। বগা কাগজখিলাৰ নীলা আখৰ কেইটাৰ লগত ৰঙা তেজ খিনি ধুনীয়াকৈ মিলি গৈছিল।

মাজে মাজে ভাব হয় জীৱনটো স্পেইনৰ 'বুল ৰেচ'ৰ দৰে। ৰখিলেই তপিনা ষাড় গৰুৰ শিঙে খুঁচি বিন্ধি একাকাৰ কৰিব। কিন্তু কিহবাৰ ভয়ত কেৱল প্রাণৰ তাগিদাত অলৈ তলৈ লক্ষ্যহীন ভাবে দৌৰি যেনিবা প্রাণ বাচিলেই,তাৰ পাছত? আন এটা ষাড় গৰুৰ ভয়ত কি আকৌ পলাম?? দৌৰিয়ে থাকিম গোটেই জীৱন কিহবাৰ ভয়ত ক'ৰবালৈ।

নিজৰ মগজুকলৈ গৌৰব কৰি সপোনত অগ্রজজনক গালি দিয়া কাৰণে এতিয়া দিঠকত লাজ পাইছো।

কেচা আলিটোৰ মাজতে পৰি থকা ঘৰচিৰিকাৰ পোৱালিটোক গম নোপোৱাকৈ গচকিছিলো। তাৰ তেজে লগা কোমল পাঁখি এতিয়াও মোৰ বাঁও চেণ্ডেল পাটত লাগি আছে। ঘৰচিৰিকাৰ পোৱালিটো ক'ৰ পৰা আহি সেইখিনি পাইছিল,ঘৰচিৰিকাৰ পোৱালিটো বাচিবলৈ চেষ্টা কৰিছিল নেকি বা গচকোতে কিমান কষ্ট পাইছিলে সেইটো ভাবি লাভ নাই। ভুল সকলোৰে হয়। জীৱনৰ গতিৰ পৰিবৰ্ত্তণ নহয়। কয় নহয় " মানুহ মাত্রেই ভুল"। কেতিয়াবা সুবিধা হয়।

"চাৰ্কোল অফ লাইফ" নামৰ আলোকচিত্রৰাজি দেখুৱাই আন্তৰ্জাতিক খ্যাতিপ্রাপ্ত আলোকচিত্র শিল্পী নলিনী বৰুৱা দেবে কৈছিলে "যতেই দৃষ্টি তাতেই সৃষ্টি"। মগজুত আঠা লগাদি লাগি ৰৈছিল কথাষাৰ। কুৰুচাৱা, কিছলস্কিহতে কৰা সৃষ্টিৰ মন্ত্র যেন পাই গ'লো। জীৱনটোক নতুন দৃষ্টিৰে চালে এটা নতুন জীৱনৰ সৃষ্টি কৰি এটা নতুন জীৱন যাপন কৰিব পাৰিনে ? কথাষাৰ তেখেতক সুধিম বুলি সাহ গোটাব নোৱাৰি নুসুধিলো। বহু বছৰ পাৰ হ'ল।

...পিছে এতিয়া? ডাইলনক দোষ দি বা বেলিটোক খং দেখুৱাই লাভ নাই। গণ্ডগোল নিজৰে। সপোনটোৱে আঁত ধৰা চিন্তাবোৰৰ মাজত দিনটো ক’ত,কেতিয়া,কেনেকৈ পাৰ কৰিলো গমকে নাপালো।চিন্তাৰ পাখি লগা সময়ৰ গতি ইমান দূৰন্ত!!!

.. ..৩ বাজিল আকৌ, নিশা।

-ৰক্তিম-
বেংগেল'ৰ
৩০ মে' ২০১২





https://www.facebook.com/groups/axomiyakothabotora/391129370939565/
চিত্র উৎস:buamai.com

মাটি (কবিতা)



তেজবোৰত সেউঁজীয়া হৈ
গজি উঠিছে পথাঁৰখন


বোকাবোৰ কলিজাত থুঁপ খাই
শৰীৰটো জীপাল কৰি তোলিছে

কেচুৰ দৰে মাটি খান্দি বিচাৰিছো 

হৃদয়ৰ পৰা গৰ্ভৰ বাট

চৰাইটো ডাৱৰ বোৰৰ লগত
গঁলি মোৰ দুচকুত পৰিল,
চাই থাকোতেই মিলি গ'ল
মাটিৰ লগত

মোৰ শ্বাস প্রশ্বাসত
কিবা এটা নতুন গোন্ধ
ঠিক পথাৰখনৰ দৰে

বোকাৰে লুকুৱা আঙুলিবোৰত
টুকুৰা টুকুৰ মোৰ প্রতিবিম্ব
স্থিৰ, শান্ত

'হেপাহবোৰ' জাক পাতি উৰিছে
ঘৰমোৱা ৰঙা আকাশখনৰ ফালে






____

ৰক্তিম

বাংগালুৰু
১২ চেপ্তেম্বৰ /২০১১




http://www.xahitya.org/2012/05/15/%E0%A6%AE%E0%A6%BE%E0%A6%9F%E0%A6%BF-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A7%B1%E0%A6%BE%E0%A6%AE%E0%A7%80/

চত্র উৎস:http://www.doritbraun.com/

প্রথমে মোৰ মনৰ কথা.....


লেখা মেলা এটা দশকৰ বিৰতিৰ পিছত পুণৰ আৰম্ভ কৰিলো। নিজৰ বিশৃংখলতাৰ বাবে আগতে লিখা প্রায় সকলো গদ্য-পদ্য হেৰুৱালো। এইবেলি একেটা ভুল নকৰো। অলপ শৃংখলা আনিব বিছাৰিছো। ই-জগতত আজিৰ দিনত অসমীয়া ভাষাটোৱে দপদপাই থকাৰ অন্যতম কাৰণ ফেচবুকৰ গোট "অসমীয়া কথা বতৰা"ত দিয়া আৰু আমাৰ আপোন ই-আলোচনী সাহিত্য.অৰ্গত নিৰ্বাচিত লেখা সমুহেৰে এই ব্লগটো আৰম্ভ কৰিলো। মোৰ কবিতা, আত্মকথোপকথন, গীতসমূহ আৰু কিছু প্রবন্ধই ব্লগটোৰ মূল বিষয় বস্তু হ'ব। নিজৰ পচন্দৰ আন বহূ বস্তুও হয়তো ইয়াত সন্নিবিষ্ট কৰিম। পৰিবতৰ্ন প্রগতিৰ বাবে অনিৰ্বায্য- এই নিয়ম মানিম ইয়াতো.....

পৰামৰ্শ-মতামতবোৰেদি মনটো তিয়াবলৈ ৰ'খি আছো...

-ৰক্তিম-
বেংগেল'ৰ
০৪ জুন/১২