Wednesday, November 28, 2012
Saturday, November 17, 2012
সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি
ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও।
অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই।
এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।
মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))
অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস।
-সকলোলৈকে ধন্যবাদ জনালো।
-ৰক্তিম-
সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)
“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১) সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪) মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— “সাংস্কৃতিকভাৱে বিশ্বৰ মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰৱ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীৱন গৌৰৱ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত। নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-
http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/
Labels:
facebook,
literature,
Painting,
Poem,
Poetry,
Ractim,
Singer,
Songs,
ৰক্তিম,
সংগীতচিনাকী,
সাহিত্য.অৰ্গ
Thursday, November 15, 2012
প্রকাশ পালে মোৰ সম্পাদনাৰে ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ "সাহিত্য.অৰ্গ"
অসমীয়াত কথা- বতৰা গোটৰ আলোচনী প্রকাশ বিষয়ক টোকা (http://www.xahitya.org/)
"এই নৱেম্বৰ, সেই নৱেম্বৰ' থীমৰ বহুতো অগতানুগতিক ভিন্নসুৰী লিখনিৰ মেটমৰা বোজাৰে পৰিপূৰ্ণ সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ সংখ্যাটি সম্পাদনা কৰিছে ৰক্তিম গোস্বামীয়ে (Ractim Goswami)৷ তেখেতৰ শক্তিশালী সম্পাদনাৰে সমৃদ্ধ সাহিত্য ডট্ অৰ্গৰ নতুন সংখ্যাটি আপোনালোকলৈ আগবঢ়াই দিয়া হ'ল ৷ অনিচ্ছাকৃত ভুল-ত্ৰুটী দেখিলে আঙুলিয়াই দিলে বাধিত হ'ম ! কৰ্মব্যস্ত জীৱনৰ মাজতো সময় উলিয়াই আগবাঢ়ি অহা সম্পাদক গোস্বামী দেৱৰ লগতে সকলো লেখক আৰু সম্পাদনা প্ৰক্ৰিয়াত জড়িত সকলোলৈকে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো৷
ৰাইজে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ফে'চবুক, ইমেইল বা আন মাধ্যমৰৰ দ্বাৰা সাহিত্য ডট্ অৰ্গক প্ৰচাৰ কৰক৷ পঢ়ক আৰু পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ" ৷ গৰ্বেৰে কওক "চিৰ চেনেহী মোৰ ভাষা জননী" ৷
Wednesday, November 14, 2012
উশৃংখল বৃত্ত
'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।
-ৰক্তিম-
Labels:
Civilization,
God,
Human,
Music,
Ractim,
ৰক্তিম,
সংগীতচিনাকী
Monday, November 5, 2012
Sunday, November 4, 2012
ভূপেন হাজৰিকাক বছৰ জুৰি উদ্যাপন কৰক, কেৱল ৫ নবেম্বৰত নহয়
অসমীয়া এটা আবেগিক জাতি। ডঃ ভূপেন হাজৰিকাক শত-সহস্র জনতাই বিদায় দিলে চকুলোৰে,
গীতেৰে, কবিতাৰে। তেখেতৰ অন্ত্যেষ্টি ক্রিয়াৰ জনসমাগমে বিশ্ব-অভিলেখ
ৰচিলে। তেখেত হেৰাই যোৱাৰ দুখ মাৰ নৌ-যাওঁতেই
পলকতে পাৰ হ'ল এটা বছৰ। চাৰিওফালে
উঠিছে এজন অনন্য অসমীয়াক স্মৰণ কৰাৰ আয়োজনৰ ধুম।
পুনৰ আন এটা বছৰ পাৰ হ'ব। এটা গতানুগতিক
পৰ্ব্বত হয়তো লাহে লাহে পৰিণত হ'ব ৫ নবেম্বৰ
তাৰিখটো, অসমীয়াৰ বাবে ! শিল্পী দিৱস, ৰাভা দিৱস আৰু আন আন দিৱস বোৰৰ দৰেই । আমি গম নোপোৱাকৈয়ে হয়তো লাহে
লাহে পাতলিব তেখেতৰ বিয়োগৰ দুখৰ লগতে তেখেতৰ সাংস্কৃতিক, সামাজিক আৰু মানৱ দৰ্শনক বুজাৰ হেপাঁহ।
আজিৰ নতুন চামৰ বিদেশ যোৱা হেপাঁহৰ কথা ভাবিলে ১৯৫২ চনতে গণ-সংযোগৰ দৰে বিষয়ত
ডক্টৰেট ডিগ্রী লোৱা দাদা চাহেব ফাল্কে বঁটা বিজয়ী এই বিশ্ব বৰেণ্য শিল্পীজনৰ কথা
বাৰে বাৰে মনলৈ আহে। উঠি অহা প্রত্যেক নতুন চাম অসমীয়াৰ লগত এই গৰাকী ব্যক্তিৰ
কৰ্মৰাজীৰ বাস্তৱিক সংযোগে, তেখেতক 'সঁচা অৰ্থত' অসমৰ বুকুত চিৰকাল সজীৱ
কৰি ৰখাৰ লগতে, নিশ্চিত ভাৱেই আন দহজন নতুন অসমৰ সপোনদেখা 'অগ্নিযুগৰ ফিৰিঙতি'ৰ জন্ম দিব। পদ্মবিভূষণ, অসম ৰত্ন এইজন
ব্যক্তি যদি সময়ৰ সোঁতত কেৱল এক বাৰ্ষিক উদযাপনৰ বিষয়বস্তু হৈ ৰয় তেনেহ'লে এইটো আমাৰ এক ডাঙৰ ভুল ৰূপে পৰিগণিত হ'ব। জ্যোতি আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ লগতে অসমীয়া
সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু দ্বিগজ অসমীয়াক দুই এক বিশেষ দিনৰ বাদে আমি যেন তেখেতসকলক
মনত পেলোৱাত চূড়ান্ত কৃপণালি কৰিছো । কথাটো কিমান সত্য আৰু ইয়াৰ কাৰণ কি -অলপ সচেতন ভাবে চিন্তা
কৰিলে ইয়াৰ উত্তৰ প্রত্যেকে হয়তো নিজেই বিচাৰি পাব।
নতুন আৰু পৰিবৰ্তন প্রকৃতিৰ কেতিয়াও সলনি নোহোৱা নিয়ম।
নতুনৰ ধুমুহাক এহাতে সাৱটি বৰ্তমানে আনখন হাতেৰে অতীজৰ সম্পদসমূহ শৃংখলিতভাৱে
ভবিষ্যতলৈ পৰ্য্যবেশিত নকৰিলে এক বিশৃংখল শূণ্যতাৰ সৃষ্টি হয় য'ত সহজে বাহ লয় কিছুমাণ অপ্রাসংগিক উপাদানে, পুনৰ এক অবাঞ্চনীয় বেমেজালিৰ সৃষ্টি কৰি । আমিবোৰ ‘বৰ্তমান’ ! আৰু আমাৰ দায়িত্ব সেয়ে সৰ্বাধিক। আমাৰ অতিকৈ চহকী জাতীয় সম্পদস্বৰূপ, সৰ্বাধিক ভাষাত
সংগীত পৰিচালনা কৰা একমাত্র অসমীয়া ভূপেন হাজৰিকা দেৱক আমি যেনেকৈ চিনি পাঁও, আমাৰ
জাতীয় দায়িত্ব হিছাবে তেনেকৈয়ে যেন আমি চিনাকি কৰাই দিওঁ আমাৰ উত্তৰপুৰুষ সকলক
সকলো অজুহাত আওঁকাণ কৰি । ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন মহান অসমীয়া চৰ্চাৰ বিষয় হওঁক আমাৰ দৈনন্দিন কথোপকথনৰ ! আৰু
এই প্রচেষ্টাৰ আৰম্ভণী হওঁক নিজৰ পৰা । সৃষ্টিক স্বীকৃতি নালাগে
কাৰণ ইয়াৰ ফলপ্রসূতাই সময়ত ইয়াৰ পৰিচয় হয়
গৈ। অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি তোলা অসমীয়া সকলো শ্রদ্ধেয় ব্যক্তিৰ
ক্ষেত্রতো এই কথা প্রযোজ্য । তেখেতসকলৰ অৱদান
সমূহ যথোচিত ভাৱে চৰ্চা নকৰিলে আমিবোৰ কালৰ সোঁতত ব্যক্তিগত আৰু জাতীয় দৈন্যতাৰ পকনীয়াত জাহ যাম।
দিৱস এটা উদযাপন কৰাটো বহু ক্ষেত্রত প্রয়োজনীয় লগতে সহজো | কিন্তু
তাৰ প্রাসংগিকতাক নিজ জীৱনত উপলব্ধি কৰি তাৰ উচিত মূল্যাংকণ কৰাৰ লগতে তাৰ লগত সন্নিহিত
বৌদ্ধিক দায়িত্বসমূহক সুচাৰুৰূপে পালন কৰাতহে লুকাই আছে কোনো দিৱস উদ্যাপনৰ
সফলতাৰ মাপঁকাঠি। অসমীয়া ভাষাৰ বাবে
সৰ্বাধিক গীত ৰচনা কৰা এইজন ব্যক্তিৰ মৃত্যুৰ পিছতে 'ভূপেন হাজৰিকা অমৰ হওঁক', 'বৰলুইত থকালৈকে ভূপেন হাজৰিকা আমাৰ মাজত থাকিব" বা অন্যান্য বহু বাক্য
চকুত পৰিল, বহু ঠাইত! কিন্তু মই বিচাৰি ফুৰা বাক্যশাৰীবোৰ আছিল
"ভূপেন হাজৰিকা প্রতিদিন, প্রতিক্ষণতে আমাৰ লগত
থাকিব" “ভূপেন
হাজৰিকাক আমি আমাৰ মাজত জীয়াই ৰাখিম” কাৰণ তেনে ন'হলে ভূপেন হাজৰিকাৰ সত্ত্বাক অমৰ কৰিবলৈ কৰা বা বুঢ়া লুইতৰ
আয়ুস পাবলৈ কৰা প্রাৰ্থনাবোৰ কেৱল প্রাৰ্থনা হৈয়ে ৰ'ব ।
আহক আজিৰ এই বিশেষ দিনটোত আমি সকলো অসমীয়াই পণ লওঁ যে, আমি
ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন বৰেণ্য অসমীয়াক জীয়াই ৰাখিম আমাৰ কামৰ মাজেৰে,
আমাৰ জীৱনৰ প্রতিটো দিনত আৰু আমাৰ উত্তৰপুৰুষক সফলভাবে দি যাম ইয়াৰ উত্তৰ দায়িত্ব,
অসমীয়াক এটি জাকত জিলিকা জাতি কৰাৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত !
-ৰক্তিম-
image website:indianexpress.com
Tuesday, October 23, 2012
“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”- মোৰ কিছু কবলগীয়া কথা
“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” শীৰ্ষক লেখাটিৰওপৰত ৰাইজৰ মতামতবোৰ পঢ়িলো। মনটো অলপ খেলিমেলি লাগিল। কিয় নাজানো, সৰহভাগ মন্তব্যত ভবা ধৰণে শিশুহতৰ প্রতি ৰাইজৰ আগ্রহ বা সহাঁনুভূতি নেদেখিলো।দেখিলো ক্ষোভ আৰু অসন্তুষ্টি। এই পষ্টতো কোনো ৰাজনৈতিক দল বা নেতাক কেৱল ভাল বা কেৱল বেয়া বুলি প্রতিপন্ন কৰাৰ উদ্দেশ্যে জানো লিখিছিলো? মোৰ কথাখিনি কওতে ভূল হ'ল নেকি? নে শিশুহতৰ হাঁহিবোৰ আপোনালোকৰ লগত ভগাই লম বুলি ভবাটোৱে মোৰ দোষ? চৰকাৰ বেয়া, ৰাইজে গালি পাৰিছে কোনো নেতাক যদি ধৰি পিটিচেও পিটক। মোৰ সেইবোৰত বেছি মগজু ক্ষয় কৰাৰ হেঁপাহ নাই। অকণমান কৰবাত ভাল এটা দেখিলো। মনটো ভাল লাগিল। লিখিলো। আগবঢ়ালো- কিন্তু কথাবোৰ এটা অবাঞ্ছণীয় স্তৰত বোকা ছটিয়াৰ খেলত স্থবিৰ হ'লহি। লেখাটোৰ শিৰোনামাটো বুজুতেই ভুল কৰি দুই-এজনে হাস্যকৰ মন্তব্য দিলে। শিৰোনামাটোত ব্যবহাৰ কৰা ডট আৰু কমায়ে কি বুজায় সেইটো বুজাবলৈ মোৰ বোধেৰে অকব এখন ডাঙৰ মঞ্চ। কেইটামান কথা স্পষ্ট কৰিব প্রয়োজন বুলি ভাবিলো-
১/ “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” হস্পিতালৰ ৰাইজৰ মুখৰ পৰা কাঢ়ি অনা বাক্যষাৰ ঘটনাৰ লগত সংগতি ৰাখি শিৰোনামাৰ বাবে মোৰ দৃষ্টিত সৰ্বোত্তম।
২/ মই কোনো দল বা নেতা প্রতি আসক্ত নহয়। মোক কংগ্রেছী বুলি লেবেলিং নকৰিব (কোনোৱে মনতে ভাবিবও পাৰে) কাৰণ কালিলৈ যদি আজমল, বৃন্দাবন গোস্বামীয়ে অথবা বিজয়া চক্রবৰ্তীয়ে ভাল কাম কৰে মই তাক 'ভাল' বুলি হাজাৰবাৰ ক'ম।
৩/ ভাল কামক ভাল বুলি ক'ম বা লিখিম আৰু বেয়াটোকো একে ধৰে সমালোচনা কৰিম। "মই অকনু ভূঞাই কৈছো" শীৰ্ষক লেখাটি পঢ়া সকলে মোৰ ভাব বুজোতে সহজ হব।
৪/ ভাল বিষয় এটাক বোকাৰে পুতি পেলোৱা কথাটোত অসন্তুষ্টি প্রকাশ কৰিলো যিহেতু চৰকাৰক গৰিহণা দিব পৰা বেয়া বিষয়েৰে আমিবোৰ ইতিমধ্যে পুট খাই আছো। আমাৰ চৌদিশ সদায় সমালোচনা ৰজনজনাই থাকে। টিভি, বাতৰি কথা-বতৰা সকলোতে। কোন চোৰ, কোন পুলিচ তাক বিচাৰ কৰিব পৰাকৈ যথেষ্ট জ্ঞান হয়তো মোক ভগবন্তই দিয়া নাই। ভালটো দেখি কেৱল ভাল বুলিলো স্পষ্টভাৱে।
৫/ চৰকাৰৰ ভাল বেয়া বিচাৰ কৰিবলৈ আমাৰ সময় আছে। চিকিৎসা সেৱাৰ মান উন্নত হোৱা পৰলৈকে আমাৰ হয়তো সময় আছে। কিন্তু ভূক্তভোগী শিশুসকল? কিমান সময় আছে সিহতৰ হাতত? চিকিৎসা নাপালে কাৰোবাৰ ১ মাহ কাৰোবাৰ হয়তো ১ বছৰ।
৬/ ভাল কাম এটাৰ আঁত ধৰি কৰা চৰকাৰৰ বা হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা খিনি যদি কোনোবাই শিশুঁহত হস্পাতালত থকা অবস্থাত সিঁহতৰ মাক-দেউতাকক একে আত্মবিশ্বাসেৰে কব পাৰে, তেন্তে সেইজন মানুহ মোৰ মানত এজন সৎ আৰু সচা অৰ্থত সাহসী মানুহ।
৭/ মন্তব্য দিওতে মূল লেখাটোৰ বিষয়বস্তুৰ মৰ্মাথ বুজাটো খুব প্রয়োজন। তেনেহ'লে কথাবোৰ সহজ হয় আৰু অহেতুক বাক-বিতণ্ডতা এৰাই চলিব পাৰি।
মোৰ দৃষ্টিত চৰকাৰৰ সংজ্ঞা কি মই লেখাটিত স্পষ্টকৈ দিছো।
"অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে
আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল।"
এনে ধৰণৰ আবেগিক আৰু মানুহৰ ভাল হোৱা খৱৰ মই যে পুণৰ কাৰোবাৰ লগত এনেকৈ ভগাই ল'ব পাৰিম, তাত সন্দেহ। বিষয়বস্তু বিশেষে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা নিৰ্দিষ্ট স্থান-কাল-পাত্র আছে। আমি সেইবোৰ নুবুজি মূল বিষয়ৰ পৰা আতঁৰি অপ্রাসংগিক ভাবে মূল্যহীন তৰ্কত লিপ্ত হৈ নিজৰ সময় অপব্যয়ৰ লগতে তৰ্কৰ তিক্ততাৰে মনটো ভৰাই পেলাঁও। এই তুচ্ছ নৰমণিষৰ সকলোলৈ অনুৰোধ অলপ- সচেতন ভাবে এনে তৰ্ক এৰাই চলক। নিজৰ লগতে আনৰো মংগল হ'ব।
কথাখিনি স্পষ্টকৈ কোৱাৰ প্রয়োজনবোধ কৰিলো। কোনোবা অসন্তুষ্ট হ'লেও মোৰ ফালৰ পৰা কবলগীয়া হয়তো আৰু একো নাই।
আৰ্শীবাদ কৰক শিশুহতৰ মংগল হঁওক।
-ৰক্তিম-
বিঃদ্রঃ ---
....আৰু এটা কথা ড০ শৰ্মাৰ লগত বহুত সময় গ'ল। আহক এতিয়া আমি অহা সংখ্যাৰ সাহিত্যৰ বাবে-
- বাণীকান্তা কাকতি- ১৫ নবেম্বৰ
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ
ডo ভূপেন হাজৰিকাৰ-------
---এই ৮ জন অসমীয়া মহিয়সীক বিষয়বস্ত হিচাপে লৈ একোটাকৈ সুন্দৰ প্রবন্ধ যুগুটোৱাত মনোনিবেশ কৰো। আপোনালোকৰ লিখনীলৈ বাট চালো..একেলগে এনে সৰহ সংখ্যক অসমীয়া নমস্য লোকক নিজৰ লেখনীৰে শ্রদ্ধা জনোৱাৰ সুযোগকণ এনেই যাব নিদিব। :-))
https://www.facebook.com/groups/axomiyakothabotora/permalink/452183711500797/
Monday, October 22, 2012
“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”
হয়,
হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক- এই বুলিয়ে কৈছিল ৯ মহীয়া হিমাদ্রীৰ মাকৰ লগতে আন কেইবাজনেও।
হিমাদ্রীৰ দৰে আন বহু কণ কণ শিশুৰে ভৰি আছিল বাংগালুৰু স্থিত নাৰায়না হৃদয়ালয়ৰ পশ্চম
মহলা। মাক-দেউতাকৰ বিষাদে আচোঁৰা মুখ খনক আওঁকাণ
কৰি দৌৰি ফুৰিছে কেইবাটিও অসমীয়া কণমানিয়ে, ৰঙা ৰঙৰ একোযোৰ পোছাক পিন্ধি । মিকি, ডনাল্ড, ৱিনিৰ
কাৰ্টুনেৰে ভৰি থকা হস্পিতালৰ শিশু ৱাৰ্ডটোত আমাৰ কণমানিহতৰ যেন সময় নাই। দূৰ্গা পূজাৰ
বতৰত সিহতক ঘৰৰ পৰা দূৰৈত তেনে এটি পৰিবেশত
দেখি মনটোত এক বুজাব নোৱাৰা অনুভৱে হাহাকাৰ কৰিলে। প্রতিটো শিশুয়ে বুকুট যে লৈ আছে
এটি ব্যাধি। কলিজাৰ আজন্ম ব্যাধি
এটি
এটি কৈ ২খন/৪ খন/ বা ৬ খন বিচনাযুক্ত আহল-বহল অতিকৈ পৰিষ্কাৰ পৰিচন্ন ৱাৰ্ডবোৰলৈ সুমাই
গৈছিলো। কেইবাটিও শিশুক টোপনিতে পালো। সিহতৰ হাৰ্টৰ অস্ত্রোপচাৰ ইতিমধ্যেই হৈ গৈছে।
সফল হৈছে। প্রথম সোমায়ে পাইছিলো ৫ অক্টোবৰতে অহা বঙাইগাৱৰ এটা পৰিয়ালক। ১৬ মহীয়া ৰক্তিম
দাসৰ দেউতাকক। আজি প্রায় ১৭ দিন ধৰি চিকিৎসা চলি আছে।দেউতাকক সোধাত ক’লে যে পুৱাৰ পৰা
নিশাৰ আহাৰকে সামৰি চিকিৎসাজনিত কাৰণত কোনো ব্যয় কৰিবলগীয়া হোৱা নাই ৰক্তিমৰ দেউতাকে
। ৰিপৰ্ট সকলো থিকে থাকিলে দুই এদিনতে ৰক্তিমৰ হয়তো অপেন হাৰ্ট অস্ত্রোপচাৰ হ’ব। ৰক্তিমৰ
গাত হাত বুলাই তাৰ মংগল কামনা কৰি কাষৰ বিচনানলৈ গ’লো। বিকাশ দেউৰী, বয়স ৩ বছৰ। ঘৰ
লক্ষীমপুৰ। খুব মৰম লগা বিকাশে মাকৰ লগত যুঁজি যুঁজি অ,আ,ক,খ-ৰ ছবিৰে ভৰা কিতাপ এখন
ডাঙৰ বেগ এটাৰ পৰা উলিয়াই লৈ পঢ়িব ধৰিছে। মই ওচৰ পোৱাত সি একেজাপে মোৰ কোলালৈ আহিল।
সুধি গ’ল অগনণ শিশুসূলভ বিস্ময়ভৰা প্রশ্ন। মই উত্তৰ দি গ’লো হাঁহি হাঁহি। পলকতে বিকাশ
মোৰ বন্ধু হ’ল। বিকাশৰ আজি অস্ত্রোপচাৰ হৈ গ’ল। সি হয়তো এতিয়া একান্তভাবে শুই আছে এটি
নতুন জীৱন সাবটি। সি যে এতিয়া প্রাণভৰি পঢ়িব পাৰিব তাৰ প্রিয় কিতাপবোৰ আজীৱন। শান্ত
স্বভাৱৰ বিকাশৰ মাকৰ লগত একো কথা নপতাকৈয়ে যেন বহু কথা পাতি পেলালো। লাহেকৈ আগুৱালো
বৰপেটাৰ পৰা মাকৰ লগত অহা ৯ মহীয়া হিমাদ্রীৰ ওচৰলৈ। এটি শব্দও বিনিময় হোৱাৰ পূৰ্বে
হিমাদ্রীৰ মাকৰ চকুত বিৰিঙি উঠিছিল চকুলো। ছোৱালীজনীক সাৱটি ধৰি কান্দি
কৈছিলে-“এই সোণকনক ভাল কৰি লৈ যাব পাৰিলেই হ’ল। মোক আৰু জীৱনত একো নালাগে।“ হিমাদ্রীয়ে
মোলৈ চাই হাঁহি আছিল। তাইক চুমা এটি খাই আবেগত উঠলি উঠা মনটোক চম্ভালি লবলৈ বুলি বাহিৰলৈ
উলাই আহিছিলো।
“
আমি দুখীয়া মানুহ। ভগবানে আমাৰ ল’ৰা ছোৱালীক হতক এনে বেমাৰ দি কি ন্যায় কৰিছে বুজি
নাপাঁও ? চৰকাৰে এইকণ সুযোগ নিদিয়া হ’লে আমি কি কৰিলো হয়? হিমন্ত বিশ্ব শৰ্মাই আমাক
বচালে ”। এজনে কোৱা কথা এইষাৰ। গুৱাহাটি চিকিৎসা
মহাবিদ্যালয় চৌহদৰ পৰা পুৱা চৰকাৰী বাহনেৰে গুৱাহাটি বিমান বন্দৰলৈ নি তাত তেখেতসকল
যাতে সুকলমে বিমানত পদাৰ্পণ কৰে অকল সেয়ে তদাৰক কৰা নহয়, বাংগালুৰু বিমান বন্দৰত অবতৰণ কৰাৰ পিছত তেখেতসকলৰ বাবে নিয়োজিত কৰা আন এজন ব্যক্তিয়ে
তেওলোকক নিয়াৰিকৈ নাৰায়না হৃদয়ালয়ৰ নিদিষ্ট কোঠা পোৱাইছিলহি। তাৰ পিছত আৰম্ভ হৈছিল
পয্যায় ক্রমে চিকিৎসা। সময়মতে খাদ্য। মূহুৰ্তে মূহুৰ্তে আহি খবৰ লৈ থকা নাৰ্চবোৰৰ কথা
কৈ মানুহজনৰ মনটো কৃতজ্ঞতাত দো খাইছিল বুলি সহজতে অনুভৱ কৰিব পাৰিলো।
ভুক্তভূগীসকলক
তেখেতসকলৰ স্বত্বিৰ ক্ষণত লগ পোৱাৰ পাছতহে দকৈ অনুভৱ কৰিব পাৰি চৰকাৰী এই পদক্ষেপৰ মানবীয়
দৃষ্টকোণটোৰ মহত্ব। নাৰায়না হৃদয়ালয়ৰ থকা প্রতিটো ক্ষণতে চৰকাৰী এইপদক্ষেপক কি বুলি
প্রশংসা কৰিম তাৰ ভাষা বিচাৰি ফুৰিছিলো। এনে এক বিনামূলীয়া সেৱাৰ অভাৱত অত দিনে কিমান
শিশু দূখীয়া মাক-দেউতাকৰ বুকু উদং কৰি গুচি গ’ল ভাবি মনটো গোমা হৈ উঠিল। মই এজন ৰাজনীতি
বুজি নোপোৱা সাধাৰণ মানুহ। অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ
সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা
নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে
আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল। ডক্তৰ শৰ্মাৰ দৃষ্টিভংগীক আৰু এই আচঁনিৰ সফল
ৰূপায়ণক মই এজন “মানুহ” হিচাপে হাজাৰবাৰ শলাগ
ল’লো। কোনোবাই যদি ক’ব বিচাৰে এই আচঁনিও কোনো ৰাজনৈতিক মুনাফা আদায়ৰ মাধ্যম তেনেহ’লে
ক’ম এনে ৰাজনীতি প্রতিজন ৰাজনীতিকে কৰক, বাৰম্বাৰ কৰক। চৰকাৰী এক সজ চিন্তা আৰু প্রচেষ্টায়ে
কৰো বুলিলে ৰাইজৰ কিমান মংগল কৰিব পাৰে, ৰাইজৰ আশীৰ্বাদ বুটলিব পাৰে স্বচক্ষুয়ে দেখিলো,
বুজিলো আৰু অনুভৱ কৰিলো। বিচাৰো আজিৰ চৰকাৰে শাসনৰ প্রতিটো দিশতে এনে পাৰদৰ্শিতা লভক।
অসমক এটি শাসক দলৰ নহয় ৰাইজৰ সৰ্বাংগীন মংগল কৰা এখন চৰকাৰৰ প্রয়োজন।
নাৰায়না
হৃদয়ালয়ৰ পৰা ওলাই অহাৰ বহু পৰ পিছলৈকে দূখীয়া মাক-দেউতাক সকলে কোৱা “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” কথাষাৰ
মনত ঝংকাৰিত হৈ থাকিল।
-ৰক্তিম গোস্বামী-
০৯৯৮৬৩৩১০৭৫/
বাংগালুৰু
Friday, October 19, 2012
সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে
দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো।
অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো।
বিষয় বস্তু সম্পৰ্কে
_____________
নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:
-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ
যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে।
আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।
সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।
শ্রদ্ধা সহকাৰে...
-ৰক্তিম-
https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like
সাহিত্য.অৰ্গ সম্পাদনাৰ দায়িত্ব
১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ সাহিত্য.অৰ্গ সম্পাদনাৰ গধূৰ দায়িত্বৰ পৰিল। মিশ্রিত অনুভৱ- দায়িত্ববোধ আৰু আনন্দৰ। অকব মজিয়াত নতুন সম্পাদকলৈ দায়িত্ব হস্তান্তৰ কৰাৰ পৰত অকবৰ প্রশাসক মণ্ডলীয়ে মোৰ বিষয়ে যুগুটোৱা এটি লেখাৰ কথাখিনি সাঁচি ৰাখিলো-
"সাহিত্যৰ খবৰ
-----------
কেতিয়াবা সুৰৰ মায়াজাল সাজি অকব কঁপায় । কেতিয়াবা ক্ষুৰধাৰ লিখনিৰে চিন্তাৰ খোৰাক যোগায়। কেতিয়াবা অবিন্যস্ত চুলিৰ মাজত অশান্ত মন। কেতিয়াবা চিনাকি আখৰত চিন্তাৰ প্লাবন। ৰক্তিম গোস্বামী, হয় ঠিকেই ধৰিছে।
"জাপানী কাৱৈ :: লকৈ ছাৰৰ জাপান যাত্রাৰ আঁৰৰ কাহিনী", "নানা দেশ নানা গীত","কুকুৰ","ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা","মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক","টোপনি, সাঁপডাল আৰু বেলিটো","সপোনৰ অগল্প" আদি অলেখ অগতানুগতিক লিখন শৈলীৰে অকব তথা সাহিত্য ডট্ অৰ্গক সমৃদ্ধ কৰা লিখক, গায়ক তেজপুৰীয়া ডেকা ৰক্তিম গোস্বামীক অহাবাৰৰ সাহিত্য ডট্ অৰ্গৰ সম্পাদনাৰ গধুৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। তেজপুৰ চৰকাৰী উ: মা: বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা, তেজপুৰ মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতক, কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ আৰু জে.বি. মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক শ্ৰীগোস্বামী কৰ্মসূত্রে বৰ্তমান বেংগালুৰুৰ নিবাসী আৰু টেকনিকেল ৰাইটাৰ হিচাপে কৰ্মৰত। সকলো সদস্যকে আগন্তুক সংখ্যাটি সৰ্বাংগ সুন্দৰ কৰি সজাই পৰাই তুলিবলৈ তেখেতক সহায় সহযোগ কৰিবৰ বাবে আহ্বান জনালো৷"
Labels:
অব,
কবিতা,
গল্প,
গান,
ছবি,
ৰক্তিম,
শৰত,
সংগীতচিনাকী,
সাহিত্য.অৰ্গ
Tuesday, October 16, 2012
আজিৰ (১৬/১০/ ২০১২) দৈনিক গণ-অধিকাৰৰ "উদ্দীপণ" শিতানত প্রকাশিত মোৰ লেখা ।
আজিৰ (১৬/১০/ ২০১২) দৈনিক গণ-অধিকাৰত প্রকাশিত মোৰ লেখা ।
Labels:
Bob Marley,
Dainik Gana Adhikar,
literature,
Music,
Poem,
Ractim,
কবিতা,
গল্প,
ৰক্তিম,
শৰত,
সংগীতচিনাকী
Sunday, October 14, 2012
জয়ন্ত হাজৰিকাৰ গীত ('মই যি বাটেৰে')/ৰক্তিম
হঠাৎ বিচাৰি পালো।
আজিৰ (১৪/১০/ ২০১২) দৈনিক গণ-অধিকাৰত প্রকাশিত মোৰ লেখা ।
Labels:
abstract,
Article,
Assam,
Assamese News Paper,
literature,
Poetry,
racti,
গল্প,
গান,
ৰক্তিম,
সংগীতচিনাকী
Sunday, October 7, 2012
আজি 'দৈনিক জনমভূমি' কাকতত প্রকাশিত মোৰ এটি প্রবন্ধ। (০৭-১০-১২)
Labels:
Assam,
Assamese Music,
আত্মকথা,
কবিতা,
গান,
ছবি,
ৰক্তিম,
সংগীতচিনাকী,
হীৰেণ ভটৰ্চায্য
Friday, October 5, 2012
...শৰত কালি, আজি আৰু কালিলৈ
সীমাহীন উৎকন্ঠাৰে প্রতিটো শৰতক আদৰাতো এটা স্বতঃস্ফূৰ্ট ৰসাল আবেগ সকলোৰে বাবে। এই ৰসাল আবেগৰ ঢৌৱে কোবাই যোৱা ল'ৰালিৰ অনুভৱে প্রতিটো শৰততে মনটোক চঞ্চল কৰি তোলে। প্রতিটো শৰততে নিজকে উভতি চাও। প্রতিতো শৰততে অনুভৱ কৰো কিবা এটা হাতৰ মুঠিৰ পৰা পিছলি গৈ আছে, লাহে লাহে।
হাতত ৰঙা-নীলা বেলুন, চকুত ৰঙীন চশমা, হাতত বন্ধুক আৰু সৰু দেহাটোত লিপিট খাই থকা এযোৰ মৰমলগা নতুন পোচাকেৰে আৰাম্ভ হয় শৰত উৎসৱ 'দূৰ্গা পূজাৰ' প্রথম পুৱা। আইটাৰ ঘৰলৈ বুলি ওলাও পুৱা আঠ বজাতে ঠিক হিন্দী চিনেমাৰ কাইদাত ককালত বন্দুক খূঁচি। আইটাৰ ঘৰ আমাৰ ঘৰৰ পৰা এক মাইলমান আতৰত আছিল কিন্তু সেই সময়ত এক মাইল পাৰ কৰি আইটাৰ ঘৰ পোৱা মানে এখন অন্য ৰাজ্যত সুমোৱা যেন লাগিছিল। আইটাৰ ঘৰ গৈ প্রথমেই কাক কাক চেলেঞ্জ কৰিম তাৰ তালিকা আমাৰ যৌথ পৰিয়ালটোৰ খূৰা-বৰদেউতাৰ ল'ৰাৰ লগত আগতেই প্রস্তুত কৰি ৰাখিছিলো। বহু ক্ষেত্রত যোৱা পূজাত ঘটা ফিল্মী ষ্টাইলত লগা কাইজীয়াৰ প্রতিশোধ ল'বলগীয়া আইতাৰ ঘৰৰ কাষৰ সমবয়সীয়া ল'ৰাবোৰৰে তালিকাখন ভৰি থাকে। কাক কেনেকৈ 'এটেক' কৰিম তাৰ ফুলপ্রুফ প্লেন এখনো বনাও যদিও যুদ্ধক্ষেত্রত সেইখন চুপাৰফ্লপ হয় প্রতিবাৰে। ডাঙৰ হৈ বুজি উঠালৈকে আমি এনেদৰেই একেখিনি ল'ৰাই
গম নোপোৱাকৈ শৰতৰ আমেজ লৈ লৈ কল্পনাৰে ভৰা এখন পৃথিবীত নিজকে 'হি-মেন', 'স্পাইডাৰ মেন' অথবা ৰামায়ণৰ 'ৰামচন্দ্র' বুলি ভাবি সকলোৱে ইটোৱে সিটোৰ লগত খুব যুঁজ দিলো । ঘৃণাহীন, নিষ্পাপ যুঁজ। চাৰিদিনৰ উন্মাদনাৰে ভৰা এই যুঁজৰ অন্ত হৈছিল বিজয়া দশমীৰ, ৰাৱন বধৰ দিনা । এতিয়া ঘৰলৈ গ'লে সিহতক পালে চুম্বকৰ দৰে অজানিতে ইটোৱে সিটোক সাৱতি ধৰি লিপিট খাঁও আৰু তেতিয়া অবতৰতো গোন্ধাই শৰত শৰত। সম্বন্ধবোৰৰ মাজত শৰত হয়তো এনেকৈয়ে লুকাই থাকে চিৰকাল।
শৈশৱৰ পৰাই মোৰ জীৱনত শৰতে এক সুৰীয়া বৈশিষ্ট বহন কৰি আহিছে। এই পৃথিৱীত শৰত আগমনিৰ প্রথম বতৰা শৰতে কাণে কাণে যেন মোকহে কয়। খুব আত্মবিশ্বাসেৰে মোৰ পত্নী (তেতিয়াৰ বন্ধু)ক প্রায় ১০/১২ বছৰৰ পৰাই কৈ আহিছো 'লিপি, আজি শৰত সুমাল...' যেন শৰতৰ সৰ্বস্বত্ত্ব মোৰ নামতহে সংৰক্ষিত হৈ আছে। সজীৱ ৰ'দে-ফুলে-বতাহে নতুন কৰি তোলা মোৰ মনটোক আছলতে আন দহজনৰ দৰে আগমণিৰ ক্ষণতে আপোন কৰি পেলাই শৰতে। অহৰহ যেন কিবা এটা গুণগুাই থাকিম। শৰতৰ প্রতিটো পলতে মুঠি মাৰি ৰাখিম গীটাৰখন নিজ হাতত। শৰতৰ পুৱা যেন এটি মিঠা গীত অবিহনে উদাস। শৰতত সংগীত মোৰ প্রিয়ৰ পৰা প্রিয়তমা প্রেয়সী হয় যাৰ অবিহনে শৰতত এটি মূৰ্হুত্ব কটোৱাতো এক যাতনা।
মানুহবোৰ সঁচাকৈ নষ্টালজিক হয় এই বতৰত। নাকত শৰতৰ চিৰনতুন গোন্ধই কথাবোৰ এনেদৰেই মনত পেলাই। যোৱাকালিৰ কথাবোৰে আজি আহি মনৰ কোঠালীত খলকণি তোলে। শৰতে আবৰা শৈশবৰ দিনবোৰলৈ উভতি চালে অলপ উদং উদং লাগে মনটো। "কিবা যেন নাই আজি নাই..."। শৰত আহিয়েই পৰিয়ালৰ এজন অদৃশ্য সদস্য হৈ পৰে। নিজৰ ঘৰত, আপোনজনাৰ লগত শৰতক উপভোগ কৰাৰ সমান আনন্দ আৰু কি হ'ব পাৰে ? পৃথিবীখন গোলকীয়া ধুমুহাই কোবাই গ'ল আৰু বহুতৰ পৰা আতৰাই লৈ গ'ল এনে এক শ্বাশ্বতঃ অনুভৱ উপলব্ধিৰ থল। কিমান যুক্তিসংগত তাৰ বাচ-বিচাৰ কৰিব নাযাও কিন্তু এই মূৰ্হুত্ব মই অনুভৱ কৰো মই যেন এজন ক্লান্ত যোদ্ধা, যি যুদ্ধ জয় কৰিও অগনন মৃতদেহৰ মাজত নিৰ্বাক, স্থবিৰ, অশান্ত। শৰতৰ আবেগে টানি নিব বিচৰা মোৰ দুহাতত যেন প্রত্যাশিত বস্তুবাদৰ
জিঞ্জিৰি।
নাজানো মানুহৰ ভবিষ্যত কি? নাজানো কেতিয়া মানুহে নিজেই ৰবট হোৱাৰ দৌৰত ভাগ ল'ব? নাজানো মানুহে পৃথিবীৰ আটাইতকৈ উচ্চ অট্টালিকা বনোৱাৰ আৰু কিমান প্রতিযোগিতা কৰিব? কিন্তু দেহ-মন তিতাই যোৱা শৰত সিক্ত সেউজ অনুভৱে মানুহক প্রতিবাৰেই কে যাব....
" মই শৰত, মই মানুহৰ কোমল মনত পোহৰ বিলাই জীয়াই থাকো।
মনবোৰ শিল নকৰিবা, মোৰ বাবে এটি কোঠালী সদায় ৰাখিবা। "
শৰত কালি, আজি আৰু কালিলৈ- শৰতৰ আজন্ম প্রেমিক মই........
-ৰক্তিম-
বাংগালুৰু
০৫ অক্টোবৰ/১২
Wednesday, October 3, 2012
পঁপীয়া তৰাৰ সাধু
ৰাতিৰ আকাশত
হঠাৎ উজলি উঠিছিল তৰাটো,
পৃথিবী উজলোৱা সপোনলৈ
দুৰ্বাৰ গতিৰে নামি আহি
ক'ত বা নোহোৱা হ'ল সি?
ৰাতিৰ আকাশত
হঠাৎ উজলি উঠিছিল তৰাটো,
পৃথিবী উজলোৱা সপোনলৈ
দুৰ্বাৰ গতিৰে নামি আহি
ক'ত বা নোহোৱা হ'ল সি?
-ৰক্তিম-
০৩ অক্টোবৰ/১২
Labels:
Assamese Music,
Music,
Painting,
Poem,
Poetry,
Ractim,
আত্মকথা,
কবিতা,
গান,
ছবি,
ৰক্তিম,
সংগীতচিনাকী
Tuesday, October 2, 2012
চিঠি
'আমি অসমীয়া'ৰ পত্রলেখা শিতানত প্রকাশিত মোৰ এখন চিঠি। ভনী মৈত্রেয়িৰ তাগিদাৰ ফল। ভনীলৈ মৰম আৰু কৃতজ্ঞতাৰে...
চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে? ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।
মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা। এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই।
……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ….
….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।
-ৰক্তিম-
বাংগাল’ৰ
- সবিশেষ
- শিতান: অনুভৱৰ দিনলিপি
- লিখক: ৰক্তিম গোস্বামী
১৭ মে’-২০১১
লিপি,
মোৰ মৰমবোৰ সদায় তোৰ। চিঠিৰ জৰিয়তে বেলেগে দিয়াৰ প্রয়োজন নাই বুলি তই ভালকৈ জান। তই ঘৰ যোৱা আজি প্রায় ৬ মাহেই হ’ল। তোৰ অবিহনে যে মই এটা দিনো ভালকৈ কটাব পাৰিম মই কল্পনাই কৰিব পৰা নাছিলোঁ কিন্তু চাই থাকোতেই ৬টা মাহ এচাটি চেঁচা বতাহৰ দৰে গালে-মুখে কোবাই পাৰ হৈ গ’ল। এটা কথা বুজিলোঁ যে ‘সময়’ এক যাদুকৰি শক্তি।
চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে? ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।
মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা। এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই।
কেতিয়াবা খুব খং উঠে জান, লিপি? এই ডাঙৰ কোম্পানীবোৰ, ডাঙৰ ডাঙৰ গাড়ীবোৰ, ব্যয় বহুল অট্টালিকাবোৰ দেখিলে এফালৰ পৰা ভাঙি চিঙি গুড়ি কৰি যাব মন যায়। মানুহৰ মৰমবোৰ এইবোৰ বস্তুৱে পুতি পুতি গৈ আছে। মানুহে মানুহৰ খবৰ লোৱাতকৈ গাড়ীখনৰ খবৰ দিবলৈ বেচি ভালপোৱা হৈছে। কাৰোবাক মাক-দেউতাকৰ কথা সুধিলে তাৰ চমুকৈ উত্তৰ এটা দি আমেৰিকাত বা বিদেশত গৈ কি কি কৰিলে তাৰ বিষয়ে ভাঁটৌটোৰ দৰে ৰচনা এখন মতাত ব্যস্ত হৈ পৰে। তই জান এই কৃত্রিমতা মই অতিকৈ ঘিণ কৰা বস্তুবোৰৰ মাজত এটা। এই মানুহবোৰে এটা সাধাৰণ কথা কিয় বুজি নাপায় যে আমিবোৰ, আমাৰ চাকৰিবোৰ এখন বজাৰৰহে অংশ মাথোন। জীৱনটো বজাৰ নহয়। মানুহ বজাৰৰ পণ্য সামগ্রী নহয়। মই বুজি নাপাও দুটা টকা, বহুজাতীক বজাৰৰ অলপ চকমমকীয়া পোঁহৰত কোনোবা কেনেকৈ এক বজাৰ সামগ্রী হৈ হাঁহি হাঁহি জীৱন কটাই দিব পাৰে, নিজৰ মূল পাহৰি। জীৱন জীয়াই থকাৰ নাম - মানুহ হৈ, স্বাধীন হৈ জীয়াই থকা। নিবিচৰাকৈ তোৰ পৰা আতৰত থকা যাতনা ভূগিছোঁ। মাত্র দুপইছাৰ বাবে মা-পিতাই, আপোনজন, আপোন মাটিৰ সুৱাস এৰি এই অচিন ঠাইত জীয়াই থকাৰ সংগ্রামত নামিছোঁ। জীয়াই থকাৰ কঠিন যুঁজত, সময়ৰ তীব্র ঢৌঁৱে কেতিয়া আনি মোক এইখিনি পোৱালেহি একো ধৰিবই নোৱাৰিলোঁ কিন্তু এতিয়া বুজিছোঁ কৰবাত কিবা এটা ডাঙৰ ভুল ৰৈ গ’ল। কথাবোৰ জুকিয়াই চাবৰ হ’ল। কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। আমাৰ মাটিত বোলে বীজ চটিয়ালেই দুদিন পিছত আপোনা-আপুনি ফলে ফুলে বাঢ়ি আহে গছ।
……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ….
….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।
মই ৰৈ আছোঁ- কেতিয়া মোৰ ঘৰৰ আবেলিৰ দুৱাৰ তই আকৌ খুলিবি, কেতিয়া ‘কিমে’ নেজ লৰাই লৰাই মোৰ চাৰিওফালে জপিয়াই মোৰ পৰা মৰম দাবী কৰিব, কেতিয়া মোৰ ঘৰখন ঝনঝনাই থাকিব কনমানিৰ কলকলনিত, কেতিয়া আমি আকৌ গান গাম দেওবাৰৰ আবেলি….
মা-দেউতালৈ সেৱা জনালোঁ।
-ৰক্তিম-
বাংগাল’ৰ
(মোৰ পত্নী লিপি সন্তান সম্ভবা হৈ ঘৰত থকা সময়ত মই বাংগাল’ৰৰ পৰা লিখা। তাৰ ঠিক ৩ মাহ পিছত অৰ্থাৎ ১৭ আগষ্টত আমাৰ প্রথম সন্তান ‘য়ান্নি’ৰ জন্ম হয়।)
http://www.amiasomiya.org/literature/oct12-diary-1/dec12-letter/35-diary/467-oct12-letter?highlight=YTozOntpOjA7czoxODoi4Kew4KaV4KeN4Kak4Ka/4KauIjtpOjE7czoyNDoi4KaX4KeL4Ka44KeN4Kas4Ka%204Kau4KeAIjtpOjI7czo0Mzoi4Kew4KaV4KeN4Kak4Ka/4KauIOCml%20Cni%20CmuOCnjeCmrOCmvuCmruCngCI7fQ==
Labels:
abstract,
Assamese Music,
Painting,
Poem,
Poetry,
Ractim,
tarun gogoi,
কবিতা,
গল্প,
গান,
ছবি,
ৰক্তিম,
সংগীতচিনাকী
Subscribe to:
Posts (Atom)








.jpg)
