Monday, August 5, 2013

“মনালিছা”- কোন তুমি মায়াবিনী?

বিশ্ব বিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা প্রখ্যাত 'মনালিচা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। পেৰিচৰ এক সংগ্রালয়ত সংৰক্ষিত এই ছবিখনক চাবলৈ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা প্রতিবছৰে গড়ে প্রায় ৬০ লাখ মানুহৰ আগমণ ঘটে। 'মনালিছা' ছবিখন সৃষ্টিৰ সময়ৰ পৰা আজিলৈকে বহু শিল্পীৰ বাবে সৃষ্টিৰ প্রেৰণা হৈ আহিছে। কিন্তু কোন এই মনালিছা? কিয় এই ছবিখন ইমান জনাজাত ? চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চি কিয় ইমান সমালোচিত এই মনালিছাৰ বাবে? এইখিনিতে এইটো কথায়ো উল্লেখ কৰা প্রয়োজনীয় যে যদিও ভিঞ্চি ইউৰোপৰ নবজাগৰণৰ সময়ৰ এজন শ্রেষ্ঠ চিত্র শিল্পী হিচাপে বহুচৰ্চিত আছিল কিন্তু বাস্তবত তেওঁৰ চিত্রকৰ্মৰ সংখ্যা আছিল তেনেই তাকৰ আছিল আৰু তেওঁৰ সমসাময়িক মাইকেল এঞ্জেল'ৰ চিত্রকৰ্ম বা শিল্পকৰ্মৰ দক্ষতা আছিল অধিক প্রশংসনীয়।  
'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাহিঁত লুকাই আছে বুলি কোৱা হয়। মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিওঁ বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। বহুতে ক'ব খোজে মনালিচাৰ হাঁহিয়ে আনন্দক সূচায় কিন্ত ছবিখন উপভোগ কৰাৰ দৃষ্টিভংগীয়ে হাঁহিটিৰ মাজৰ ৰহস্যক বুজিবলৈ কৰা চেষ্টাৰ ক্ষেত্রত এক সৱল কাৰক হিচাপে কাম কৰে, সেয়ে ‘আনন্দ’ৰ ব্যাখ্যাৰ গ্রহণযোগ্যতা সম্পৰ্কে সৰহসংখ্যকলোক একমত নহয়। চিত্রশিল্পীৰ দৃষ্টিভংগীৰ ফালৰ পৰা 'মনালিছা' ছবিখনৰদ্বাৰা চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ লগতে ১৬ শতিকাৰ চিত্রশিল্পৰ পৃথিবীখনেওঁ লাভ কৰিছিলে  চিত্রশিল্পৰ এক নতুন কৌশল বা শৈলী । ভিঞ্চিয়ে যি কৌশলৰ আশ্রয়লৈ এই ছবি আঁকিছিল সেই কৌশলক "Sfumato" বুলি কোৱা হয় যাৰ অৰ্থ 'অদৃশ্য হোৱা'  কোৱা হয় লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে এই কৌশল, পোহৰ, 'এনাটমি' আৰু দৃষ্টিভংগীৰ সঠিক জ্ঞান আৰু মিশ্রণেৰে উদ্দেশ্য প্রণোদিত ভাবে মনালিছাৰ এনে ৰহ্যময় হাঁহিৰ এখন মুখাবয়ব চিত্রিত কৰিছিল।

চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা 'মনালিছা' প্রকৃততে কোন? এই প্রশ্নৰ উত্তৰক লৈ আজিওঁ বিজ্ঞ মহলৰ মাজত দ্বন্দ আছে। বহুতে ক'ব বিচাৰে লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ মনালিছা প্রকৃততে এজন পৰুষহে। আন এচামৰ মতে 'মনালিছা' লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ নিজৰ ছবি। বহুতৰ মতে এইখন ছবিৰ জড়িয়তে ভিঞ্চিয়ে মাতৃ বা প্রেয়সীৰ ৰূপত 'নাৰীত্ব'ক চিত্রায়িত কৰিছিল। আজি সৰহ সংখ্যকলোকে বিশ্বাস কৰে যে 'মনালিছা' প্রকৃততে আছিল লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ বন্ধু, ফ্ল'ৰেঞ্চৰ চিল্ক ব্যবসায়ী ফ্রেঞ্চিচক' ডেল জিঅক'ন্দৰ পত্নীৰ ছবি। ছবিখন ১৫০৩ চন মানতে অঁকা হৈছিল আৰু মৃত্যু পৰ্য্যন্ত ভিঞ্চিৰ লগতে আছিল। পিছলৈ ছবিখন ফ্রান্সৰ ৰাজপৰিয়ালৰ সম্পত্তি হয়।

'মনালিছা' ছবিখন বিশ্বদৰবাৰত জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত ৱালটাৰ পাটেৰৰ  (Walter Pater)"Leonardo da Vinci essay" আৰু ডেন ব্রাউনৰ (Dan Brown) "The Da Vinci Code" আটাইতকৈ উল্লেখনীয়।  ৱালটাৰ পাটেৰৰ ৰচনাৰ প্রায় ৫০ বছৰৰ পিছত 'মনালিছা' ছবিখনৰ এক ডাঙৰ অঘটন ঘটিছিল।  ১৯১১ চনৰ আগষ্ট মাহত এজন ইটালীয় সংগ্রহালয় কৰ্মীয়ে 'মনালিছা' ছবিখন চোৰ কৰি নিছিলে। প্রায় ২ বছৰৰ অন্তত ছবিখন ফ্লেৰঞ্চৰ প্রখ্যাত উফিজী সংগ্রহালয়ত বিক্রী কৰিবলৈ চেষ্টা চলাওতে উক্ত সংগ্রহালয় কৰ্মীৰ হাতৰ পৰা ছবিখন পুণৰুদ্ধাৰ কৰা হয়। কোৱা হয় ছবিখন পুণৰুদ্ধাৰ পূৰ্বে ফ্রান্সৰ পুলিছে অন্যান্য বহুলোকৰ লগতে পাবল' পিকাছ'কো সোধপোচ কৰিছিল।

চিত্রশিল্পৰ মাজেৰে নাৰীৰ এক অনন্য বিশ্ব বিশ্রুত ৰূপক সৃষ্টি কৰা লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ 'মনালিছা' চিৰকাল চিত্রকলা প্রেমীসকলৰ বাবে এক আদৰণিয় সাথঁৰ হৈ ৰ'ব।
                                                                                                                 
(সহায় লৈ)

Sunday, August 4, 2013

এ' ফৰ এংগল'ফবিয়া





(১)


A for ??? 
A..pp..le

B for ???
B..a..ll
.......

O for??
...
O for... কমলা...



কি????- এই বুলি কণমানি মইনাৰ পিঠিত দুটা ধেৰা চাপৰ সোধাই দিলে লতায়ে। 
"সদাই সদাই একে সোপাকে কিমান পঢ়াম তোক? মুৰত কিবা আছেনে নাই তোৰ? O for Orange, কমলা নহয়। সদায় ইংৰাজীত কবি, অসমীয়াত নহয়। আকৌ এবাৰ যদি ভুল ক'ৰ তোক কি কৰিম চাই ল'বি । ক এতিয়া O for ??"

থোকাথোকি মাতেৰে মইনাই এইবাৰ শুদ্ধকৈ উত্তৰ দিলে - "Orange মা"
...P for.....



-সন্ধিয়াৰ এটা নিত্য নৈমত্তিক ঘটনা এইটো। লতাৰ নাম প্রকৃততে কনকলতা। মাকে শ্বহীদ কনকলতাৰ নামেৰেই নামটো ৰাখিছিল কিন্তু মানুহে কনকলতা নামটো দীঘল বাবে 'লতা' বুলি মাতি মাতি নামটো শেষত লতায়ে কৰি পেলালে। খুউব কম মানুহেহে তাইক আজি কনকলতা বুলি জানে বা চিনি পায় । বাৰু নামটো যিয়েই নহওঁক কিন্তু লতায়ে নিজৰ মনত সদায়ে এটা দূখ পুহিঁ ৰাখিছিল। 'ইংলীচ মিডিয়াম স্কুল'ত পঢ়িব নোৱাৰাৰ দূখ। পঢ়ে বা কেনেকৈ? ৭ জনী ছোৱালীৰ তাই আছিল পেটমছা, নুমলীয়া। ল'ৰা সন্তানৰ আশাত ৭ জনীকৈ ছোৱালীৰ বাপেক হোৱা মানুহজন পেচাত এজন পিয়ন । 'ইংলীচ মিডিয়াম স্কুল' দূৰৈৰ কথা ভালকৈ পৰিয়ালটিয়ে খাই বৈ জীয়াই থকাই জটিল হৈ পৰিছিল। তাতে লতায়ে বাপেকৰ শেষ আশাটিকো নিঃশেষ কৰিছিল গতিকে লতাকলৈ বাপেক এনেও অলপ টিঙিৰি তোলা।


গুৱাহাটিৰ দাতিঁকাষৰীয়া এক অনগ্রসৰ অঞ্চললৈ আজি ৫ বছৰ পূৰ্বে লতাৰ বিয়া হ'ল । মইনাৰ ১৫ আগষ্টত ৪ বছৰ পুৰা হ'ব। তাইৰ কঁপালত 'পিয়ন'ৰ মোঁহৰতো হয়তো চিৰস্থায়ী আছিল। দেউতাকৰ দৰে তাইৰ গৃহস্থয়ো এটি চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন যদিওঁ অশেষ চেষ্টাৰ পিছতো আজি ১২ বছৰে পদটিৰ স্থায়ীভাবে চৰকাৰীকৰণ হোৱা নাই। ২-৩ মাৰ মূৰে মূৰে দৰমহা পায় যদিওঁ ৩ জনীয়া পৰিয়ালটি সুখেৰেই জীয়াই আছে। লতাৰ আটাইতকৈ ডাঙৰ সন্তষ্টি এয়েই যে পাহাৰত হ'লেও নিজৰ বুলিবলৈ এটুকুৰা মাটি আছে, চালি দিয়া হ'লেওঁ নিজা বুলিবলৈ এটি ঘৰ আছে। 
"হেৰা লতা, ছোৱালীজনীক একেদিনাই সকলো শিকাই পেলাবা নেকি ? বয়সনো কিমান হৈছে তাইৰ?"- পেট মোঁহাৰি মোঁহাৰি বিচনাতে দীঘল দি পৰি থকা গিৰিয়েক বকুলে ক'লে।



লতাৰ খং যেন দুগুণে চৰিল কথাষাৰত...


"আপুনি মনে মনে থাকক। আজিলৈকে এটা শব্দও পঢ়াই পাইছে? মইনাৰ কিতাপত কাৰ বাপেকৰ মুৰ আছে কিবা জানে জানো? শুই শুই ফটা লেকচাৰ এগাল দি নাথাকিব...কৈ দিলো হ.."
গিৰিয়েক লতাৰ উত্তৰ দিয়া ধৰণ আৰু সুৰত অভ্যস্ত সেয়ে শান্তভাবেই ক'লে-
"আৰে, তুমি দেখোন একেবাৰে উতলি উঠিলা। মই তাই সৰু কাৰণেহে কৈছো? অলপ মৰমেৰে কম কমকৈ পঢ়ালে কিজানি তাই ভালকৈ শিকেই। তাতে আকৌ নিজৰ ভাষা হ'লেওঁ বেলেগ কথা। তাইক আকৌ তুমি পঢ়াই আছা ইংৰাজী। দিছা ইংলীচ মিডিয়ামত। গতিকে তাই অলপ অসুবিধা পাবই।"- বকুলে জীয়েকৰ অসুবিধাটি সঠিককৈ বুজিছিল কিন্তু বুজিলে কি হ'ব? ক'লে কথা লাগে লেঠা। বকুলৰ কথাত লতা ফেনাইল চটিওৱা সাপটিৰ দৰে চটফটাই উঠিল-
"ইংলীচ মিডিয়ামত ধৰি কথা ন'কব আপুনি। অসমীয়া ভাষা পঢ়ি আপুনি -মই যি ফালিলো ফালিলো। মইনাৰ লগত মই একেটা ভুল নকৰো আৰু আপোনাকো কৰিব নিদিওঁ। তাইক মই 'স্মাৰ্ট' বনাম। ইংৰাজী ভাষাটি শিকিবলৈ টান বুলি মাক-বাপেকে ল'ৰা-ছোৱালীক ইংলীচ মিডিয়াম স্কুলত নিদিয়াকৈ আছেনে? যাওঁক, গৈ চাই আহঁকগৈ অসমীয়া স্কুলবোৰৰ দূৰাবস্থা। গুৱাহাটিৰ গাতে লাগি থাকিওঁ ইমান আউটডেটেড এই মানুহটো । মই কৈ দিলো ঘৰ বাৰি বন্ধকত দি হ'লেও মোৰ ছোৱালীক মই ইংলীচ মিডিয়ামতে পঢ়াম আৰু আপোনাকো ইয়াত হকা- বন্ধা কৰিব নিদিও।"



লতায়ে তাৰসপ্তকত কৈ যোৱা কথাবোৰ বকুলে নিৰাবেগভাবে শুনি এটি দীঘল প্রশ্বাস এৰিলে আৰু এটি ক্লান্ত হাহিঁ মাৰি ক'লে-


"তোমাৰ ভুল নাই লতা। মই তোমাৰ কথাবোৰ বুজিছো কিন্তু মই কি ক'ব খুজিছিলো সেইটোও তুমি এদিন নিশ্চয় বুজিবা।"


মাক-দেউতাকৰ সৰু যুঁজখনৰ চলি থাকোতেই মইনাই টোপনীত লাল-কাল দিলে।


(২)


বাৰিষা আহিলেই লতাহতৰ অলপ ভয় লাগে। পাহাৰৰ ওপৰত যোৱাবছৰ খহনীয়াত কেইবাটাওঁ অঘটন ঘটিছে। পাহাৰৰ ওপৰৰ পৰা প্রচণ্ড কোবত বৈ অহা বোকাপানীয়ে ঘৰতোৰ অনিষ্ট কৰে। কিন্তু ভুতৰ ওপৰত দানৱৰ নিচিনাকৈ আচল বিপদ তেতিয়াহে হয় যেতিয়া গজৰাজৰ দ'লে বা বাঘে ক'ৰবাৰ পৰা আহি সন্ত্রাস চলাইহি। এইবাৰো বাৰিষাৰ ঘটনা -পৰিঘটনাৰ ব্যতিক্রম ন'হল বৰং এইবাৰ মাত্রা চৰিলহে। আজি তিনিদিনযোৰা বৰষুণৰ ফলত হোৱা খঁহনীয়াত পাহাৰৰ ওপৰফালে থকা কেইবাটাওঁ ঘৰ বিনষ্ট হোৱাৰ লগতে চিনাকী নেপালী মানুহ এজনৰ প্রাণো গ'ল। লতাহতৰ অঞ্চলটোৰ পৰিবেশ একেবাৰে গোমা। শুনিছে কৰবাত হাতী, বাঘো ওলাইছে। মুঠতে লতাহতৰ দিন নাযায় নুপুৱাই। 


"হেৰা, শুনিচেনে? শুলে নেকি?"- লতাই মাত দিলে


"নাই, নাই। কোৱা।"


"এই কেইদিন পাৰিলে সোনকালে আহিবচোন। সন্ধিয়া হ'লেইচোন ভয় ভয় লাগে। কিবা এটা যেন 
অঘটন ঘটিব..."



"চিন্তা নকৰিবা। একো অঘটন নঘটে। মই বাৰু অহাকালিৰ পৰা যিমান পাৰো সোনকালে আহিম। এতিয়া টোপনি যোৱা।"


পিছদিনা কথা দিয়া ধৰণে বকুল পোঁহৰে পোঁহৰে আহি ঘৰ পালেহি। সন্ধিয়ালৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বুলি লতাহতৰ ঘৰত কাষৰে দুই এজন মানুহ গোট খালেহি। সদায় যোৱাৰ ধৰণে সন্ধিয়া বিদ্যুত যোগান ব্যাহত হোৱাত মমবাতিৰ ধিমিক-ধামাক পোহৰতে সকলোৱে কথা বতৰাবোৰ আগবঢ়াই গ'ল। কিন্তু এনেতে ঘটিল অঘটনটি। বাহিৰৰ কেচা মজিয়াখনতে কিবাকিবি খেলি থকা মইনাই থৰকাচুটি হেৰুৱাই দৌৰি আহি মাকক সম্বোন্ধি চিঞৰি উঠিল-


"মা, Elephant....মা, Elephant...মস্ত Elephant ওলাইছে মা আমাৰ ঘৰত"।


- পলকতে হোৱা-দোৱা লাগি এটা হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল। লতাহতৰ ঘৰত থকা গোটেইজাক মানুহে ‘হাতী হাতী’ বুলি চিঞৰিব ধৰিলে, অঞ্চলটিত পলকতে এক উত্তজনাময় পৰিবেশৰ সৃষ্টি হ'ল।সকলোৰে প্রাণবায়ু আহি ডিঙি পালেহি। এই চিঞৰ বাখৰৰ মাজতে বকুলে মৰসাহ কৰি এখোজ দুখোজকৈ ঘৰৰ চোতাললৈ বুলি ওলাই আহিল, বকুলৰ পিছে পিছে মৰণক শৰণ কৰি লাহে লাহে ওলাই আহিল লতাকে ধৰি ঘৰৰ বাকীজাক মানুহ । কিন্তু এইয়া কি ??? ঘৰৰ সমুখতচোন এইটো হাতী নহয়, বৰং কেতিয়াও নেদেখা ক'ৰবাৰ ক'লা দমৰা এটাইহে আহি এই অসময়ত মুৰ জোঁকাৰি জোঁকাৰি ঘাহঁ খায় আছেহি। লতায়ে একো নুবুজি মইনাক খঙেৰে সুধিলে -


"মইনা, তুমি ক'ত Elephant দেখিলা? মিছা কথা কিয় কৈছিলা? এইটো গৰু-হে"


"মা, গৰু মানে Elephant নহয় নেকি? তুমিহে সদায় ইংৰাজীত ক'ব দিয়া...


মইনাৰ কথা শুনি গোটেইজাক মানুহে স্বস্তিৰে প্রাণখুলি হাহিঁৰ গীৰ্জনি তুলিলে।


বকুলে লতাৰফালে জোঁকোৱাৰ চলেৰে চাই হাঁহি হাঁহি ক'লে-


"লতা, তুমি এক মিনিট ৰখা। মই Elephant টো খেদাই আহোঁগৈ।"


বকুলৰ কথাত ঘৰখনত পুণৰ হাঁহিৰ ৰোল উঠিল।
___________________________________________________________________________
চিত্র উৎস: http://www.openthemagazine.com/article/living/toddlers-under-stress

এটি হিন্দী গীত বন্ধু আবিৰৰ লগত....


প্রত্যাবৰ্ত্তন



“কথাতো এবাৰ আকৌ ভাবি চোৱা। এনে সিদ্ধান্ত এবাৰ ল’লে সেয়ে শেষ, এবাৰ সিদ্ধান্ত লৈ বাস্তবৰ ফালে অগ্রসৰ হোৱাৰ পিছত পুণৰ বিবেচনাৰ কোনো স্থান নাই। মই ইতিমধ্যো মোৰ সিদ্ধান্ত লৈছো আৰু তাত মোৰ কোনো শংকা বা সন্দেহ নাই। তুমি এগৰাকী নাৰী সেয়ে তোমাৰ সিদ্ধান্তৰ দৃঢ়তাতে সকলো নিৰ্ভৰশীল”।

মাতৃত্ব বা পিতৃত্বৰ গৌৰৱৰ হেপাঁহ কাৰ নাথাকে। আজিৰ পৰা প্রায় ১২ বছৰ পূৰ্বে প্রণয়পাশত আবদ্ধ হৈ বৈবাহিক সম্বন্ধৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল  ৰামানুজ আৰু প্রশান্তিয়ে। এটি সন্তানৰ আকাংক্ষাত এটি যুগেই পাৰ হ’ল। মৰমৰ অভাৱ নথকা দুয়োৰে সংসাৰত মৰম বিলাবলৈ হোৱা অভাৱে দুয়োকে মনে মনে চূড়ান্তভাৱে হতাশ কৰি আনিছিল।

এদিন হঠাৎ ৰামানুজে প্রস্তাৱটি দিছিল। কিছু সময় লৈছিল যদিওঁ প্রশান্তিয়ে শেষত প্রস্তাৱটি মানি লৈছিল।শিশুক প্রতিপালন, মৰম আৰু সংস্কাৰ লাগে আৰু এই প্রতিপালন, মৰম আৰু সংস্কাৰ ৰামানুজ আৰু প্রশান্তিয়ে এটি তুলি লোৱা অনাথ সন্তানক দিবলৈ থিৰাং কৰিলে।

“…তুমি চিন্তা নকৰিবা ৰামানুজ। ভগবন্তই গৰ্ভত সন্তান পালনৰ আনন্দ নিদিলে যদিওঁ মোক এবুকু মমতা দিছে। মৰম বিলাব পৰা এটা মন দিছে। মই এতিয়া মাথো ৰাতিপুৱাৰ আপেক্ষাত। আমাৰ ঘৰখনৰ নিঃশব্দতাবোৰ এতিয়া দূৰ হ’ব”।

কথাখিনি কৈ ৰামানুজৰ বুকুত সোমাই শান্ত হৈ পৰা প্রশান্তিৰ চুলিবোৰ লিৰিকি বিদাৰি ৰামানুজ লাহে লাহে ডুব গ’ল ৰাতিৰ একান্ততাত নিঃশব্দে বৈ অহা আনন্দৰ বুকুভৰা নৈখনত।

(১)

যোৱা কিছুদিনৰ পৰা চানিৰ মাত-কথাতকৈ দিনতোত ১০ বাৰ অহা যোৱা কৰা তাৰ এনফিল্ড ক্লাচিক ৩৫০ মটৰ চাইকেলৰ গমগমিয়া মাতটোহে মাকৰ বেচি চিনাকী। কেতিয়া আহে, কেতিয়া যায়, ক’লৈ যায়, কিয় যায়, কোনো কথা জনাৰ সাধ্য নাই মাকৰ। কোনো কথাৰ সঠিক উত্তৰ নাপায়।  সিদিনাৰ ৪বছৰীয়া কণমানিটো চকুৰ পচাৰতে আজি যেন পৰিণত হ’ল এজাক দূৰন্ত বতাহত। মনতে কথাষাৰ ভাবি প্রশান্তিয়ে আনন্দ পায় যদিওঁ মাজে মাজে অনুভৱ কৰে নিসংগতাৰ লগত তাইৰ এৰিব নোৱাৰা সম্বন্ধৰ কথা। প্রমশ্যনবোৰৰ লগত ৰামানুজৰ ব্যস্ততাওঁ যথেষ্ট বাঢ়িল। নিশা কেৱল শুৱলৈ ঘৰলৈ আহে বুলি ক’লেওঁ বেচি কোৱা ন’হব।

“ৰামানুজ, তোমাৰ ব্যস্ততাক মই বুজি পাওঁ কিন্তু চানিকলৈ অলপ সচেতন হোৱাৰ সময় হৈছে। এইটো বয়স কেনেকুৱা তুমি জানাই। মোৰ কোনো কথাক সি গুৰুত্ব নিদিয়ে আৰু কোনো কথাৰ সঠিক উত্তৰো নিদিয়া হৈছে। ফ’ন কৰিলে ফ’ন পৰ্যন্ত নুঠাই কেতিয়াবা। মোৰ কিন্তু বৰ চিন্তা লাগে জানানে?”।
টোপনীৰ লগত যুজঁ-বাগৰ কৰি থকা ভাগৰুৱা ৰামানুজে যেনে তেনে ক’লে-
“তুমি বেচি চিন্তা কৰিছা প্রশান্তি। এইটো বয়স এনেকুৱাই। সি আমাৰ ল’ৰা। সি বেয়া বা আমাৰ মনত দূখ লগোৱা কাম কেতিয়াওঁ নকৰে। মই কথা পাতিম বাৰু তাৰ লগত। এতিয়া শুই যোৱা”।

..সময় বাগৰিল…

চানি লাহে লাহে ঘৰৰ পৰা আৰু আঁতৰি যাবলৈ ধৰিলে। নিশা প্রায় ঘৰৰ বাহিৰত থকাৰ অভ্যাস গঢ় লৈ উঠিল। প্রশান্তিয়ে এতিয়া তাৰ মটৰ চাইকেলৰ মাতটো শুনিবলৈওঁ অধীৰ আগ্রহেৰে বাট চাব লগা হ’ল। এক অজান আশংকায়ে প্রশান্তিক অহৰহ ঘেৰি ৰাখিব ধৰিলে। প্রশান্তিৰ বাৰম্বাৰ সকিয়নীৰ গুৰুত্ব বুজি  ৰামানুজে প্রশান্তিসহ চানিৰ লগত পোনপটিয়াকৈ কথা পতাৰ সিদ্ধান্ত ল’লে।
কৈশোৰত স্বাভাবিকতে বিদ্রোহী হৈ থাকে ল’ৰা-ছোৱালীৰ মন।  ড্রগাসক্তিয়ে চানিৰ  মনটিক বিষাক্ত কৰিবলৈ বেছি সময় ন’ললে। দেওঁবাৰৰ নিশা ১২.৩০ বজাত আহি মটৰ চাইকেলখন ঘৰৰ সমুখত ঘৰং ঘৰং শব্দ কৰি ৰৈ পৰিছিল হি। ঘৰলৈ সোমাই আহি তাৰ লগত কথা হ’বলৈ আপেক্ষাৰত মাক-দেউতাকক ড্রয়িং ৰুমত মাজনিশা বহি থকা দেখি অলপ ইতস্ততঃ বোধ কৰি নিজৰ ৰুমৰফালে অগ্রসৰ হ’ব ধৰা চানিক ৰামানুজ ক’লে-

“ৰ’বা চানি, মা আৰু মই ৰাতি দুপৰলৈকে এনেই বহি থকা নাই। তোমাৰ লগত কথা আছে। তুমি মা-দেউতাক এষাৰ মাত দিয়াৰ ভদ্রতা,সৌজন্যতাখিনিও পাহৰি গৈছা। মায়ে এনেই……”
এক অস্বাভাবিক উত্তেজনাৰে চানিয়ে দেউতাকৰ কথা শেষ হোৱাৰ আগেয়েই গৰজি উঠিল..

“Please…please stop this drama. I cannot pretend anymore. I am nobody. You are nobody to tell me what should I do and what not। তোমালোক মোৰ মা-দেউতা নহয়। মোক মোৰ মতে জীয়াই থাকিব দিয়া…মোৰ কোনো নাই……কোনো সম্বন্ধ নাই মোৰ এইখন ঘৰৰ লগত….নাথাকো মই এইখন ঘৰত…Thanks for everything……”।

প্রশান্তি আৰু ৰামানুজক জোকাৰি যোৱা কথাখিনি চিঞৰি চিঞৰি  কৈ চানি ঘৰৰ পৰা কোবত ওলাই গ’ল। সৰগ ভাগি পৰিল প্রশান্তি আৰু ৰামানুজৰ মুৰত। কোনে কাক শান্তনা দিব? হুকহুকাই কান্দি ৰামানুজৰ গাত ঢলি পৰা  প্রশান্তিৰ হাতত পৰিল ৰামানুজৰ দুটুপাল তপত চকুলো।


(২)

“হেল্ল, হেল্ল.. এইটো চানিৰ নম্বৰ হয়নে?
“হয়”
“চানিৰ লগত কথা পাতিব পাৰোনে?”
“হয় কৈছো…Who is this?”
“মই ইন্সপেক্টৰ বৰাই কৈছো, যিমান পাৰে সোনকালে ঘৰলৈ আহক। এক মিনিটো পলম নকৰিব”।
“কিন্তু…”
চানিয়ে কিবা এটা সুধাৰ আগতেই ফ’নটো কাট খালে।

সেইদিনা নিশাৰ ঘটনাতোৰ পিছত চানি প্রায় এসপ্তাহ ঘৰলৈ যোৱা নাছিল। পুৱাই পুৱাই পোৱা অনাকাংক্ষিত ফ’নটোৱে চানিক যেন বহু পৰিমানে ভূমিস্থ কৰিলে। একো বুজিব নোৱাৰি একে কোবে ঘৰলৈ বুলি মটৰ চাইকেলখন পোনালে।

চানিয়ে নিজৰ ঘৰত ইমান মানুহ আজিলৈকে কেতিয়াওঁ দেখা নাছিল। ঘৰৰ চৌহদত সোমায়েই পুলিচ আৰু মানুহবোৰ দেখি এক ভয়ানক অনুভৱে তাক জোঁকাৰি গ’ল। সি মটৰ চাইকেল এৰি ইন্সপেক্টৰ বৰাৰ ফালে যিমান বেগেৰে পাৰে সিমান বেগেৰে আগুৱালে।
“ইন্সপেক্টৰ মই চানি। কি হৈছে এই বোৰ। মা-দেউতা ক’ত?”- এক প্রকাৰে আৰ্তনাদ  কৰি উঠিল সি।

“চানি, ভিতৰলৈ যোৱা”- ইন্সপেক্টৰ বৰায়ে দৃঢ়তাৰে ক’লে।

 চানি ভিতৰলৈ গৈ মাক-দেউতাকৰ কোঠাত যি দৃশ্য দেখিলে সেই দৃশ্য দেখি চানিৰ ভৰিৰ তলৰ মাটি যেন পলকতে অদৃশ্য হ’ল। ভিতৰত পৰি আছিল প্রশান্তি আৰু ৰামানুজৰ দুটা ৰক্তাক্ত নিঠৰ মৃত শৰীৰ।ইতিমধ্যো ভিতৰলৈ সোমাই অহা ইন্সপেক্টৰ বৰাই হুকহুকাই কান্দি উঠা চানিৰ কৈ উঠিল ঘটনাটোৰ কথা….

“যোৱাকালি নিশা তোমালোকৰ ঘৰত ডকাইত সোমাইছিল। ডকাইতক বাধা দিব চেষ্টা কৰোতে তোমাৰ অকলশৰীয়া মা-দেউতা দুয়োকে হত্যা কৰি পলাই গ’ল সিহত”।
চানিৰ কান্দোন আৰু চিঞৰত যেন গোটেই ঘৰখন কঁপি উঠিল।

চানি তোলনীয়া পুত্র হোৱাৰ লগতে তাৰ নিচাসক্ত স্বভাৱ আৰু ঘৰত হোৱা কাইজিয়াৰ কথাৰ বিষয়ে ইতিমধ্যো অবগত হোৱাৰ পিছত চানি অনায়সে পুলিছৰ দৃষ্টিত এটা সন্দেহযুক্ত চৰিত্র হৈ পৰিল যাৰ বাবে চানিকো নিয়া হ’ল থানালৈ সোধ-পোচৰ বাবে। প্রশান্তি আৰু ৰামানুজৰ সপোনৰ ঘৰখন পলকতে ধ্বংস হ’ল কোনো এক কালিকা লগা ৰাতিপুৱাত।



কল্যাণ খৰমান

মানুহৰ মন আৰু চিন্তা পৰিবেশৰ দাস। ঘটনাবোৰ মনৰ আপেক্ষিক স্থিতিৰ কাৰক। ভাল- বেয়া, উচিত-অনুচিত বিচাৰ কৰাৰ ক্ষমতা সকলোৰে থাকে। সময়ে মাথো এই ক্ষমতাৰ লগতে প্রায়ে খেলা কৰে। কিন্তু এই খেলকো বাগী দি মনে সততে শান্ত আৰু সৌম্যভাবে গতি কৰে প্রজ্ঞাৰ দিশে।

প্রাৰম্ভিক সোধ-পোচৰ পাছত চানিক মুকলি কৰি দিয়া হৈছিল। কিন্তু এই মুক্তিৰ অন্তত যে ৰৈ আছিল তাৰ বাবে অনুশোচনাৰ এখন অকলশৰীয়া বিশাল পৃথিবী। মাক-দেউতাকৰ  আকস্মিক মৃত্যুৱে চানিৰ পৃথিৱীখন পলকতে ওলট-পালট কৰি পেলাইছিল। মাক-দেউতাকৰ প্রতি কৰা অন্যায়, মাক-দেউতাকৰ মৰমক কৰা তাচ্চিল্যৰ অনুশোচনায়ে প্রতিটো পলতে তাক দগ্ধ কৰিলে। এতিয়া দেউতাকক ক্ষমা খুজিবলৈ বা মাকৰ কোলাত মুৰ থৈ অনুশোচনাৰ চকুলোবোৰ বোৱাই দিবলৈ তেওঁলোক যে বহু দূৰলৈ গুচি গ’ল। শেষবাৰৰ বাবে চানিয়ে মাক-দেউতাকক কোৱা কথাকেইটাই হুল হৈ বাৰম্বাৰ তাক বিন্ধিব ধৰিলে প্রতি দিন, প্রতি নিশা।

…….চানি ঘৰলৈ আৰু উভতি যোৱা নাছিল। মাক-দেউতাকৰ ঘটনাতোৰ কিছুদিন পিছৰ পৰা চানিক সেই চহৰত আৰু কোনেওঁ দেখা নাছিল। এখন সৰু চহৰৰ মাজত সেই ঘৰখন পৰিত্যক্ত হৈয়ে পৰি ৰ’ল।কিছুমাহৰ পিছত খৱৰ পোৱা গ’ল যে অনুশোচনাত দগ্ধ চানিয়ে সকলো আসক্তিৰ পৰা নিজকে মুক্ত কৰি বাচি ল’লে আধ্যাত্মিকতাৰ পথ। বাচি ল’লে মুক্তিৰ পথ, জীৱন সাধনাৰ এখন নতুন পৃথিৱীত……।

১৭ জুলাইত 'ডি আসাম ট্রিবিউনৰ' (The Assam Tribune) সম্পাদকীয় পৃষ্ঠাত প্রকাশিত এটি লেখা


          ১৭ জুলাইত 'ডি আসাম ট্রিবিউনৰ' (The Assam Tribune) সম্পাদকীয় পৃষ্ঠাত প্রকাশিত এটি লেখা

তালিবান আৰু আমাৰ মাজত প্রভেদ কোনখিনিত ?


কেইবাবছৰ আগৰ কথা। বন্ধু এজনে তেখেতৰ কম্পিটাৰত তালিবানে এজন মানুহৰ ডিঙি ৰেপি ৰেপি হত্যা কৰাৰ এক ভয়ানক ভিডিঅ' ফুটেজ মোক অকস্মাৎ দেখুৱাই দিছিল। হয়তো মাৰ্কিন সাংবাদিকজনৰ গোটেই বিশ্বকে জোঁকাৰি যোৱা ভিডিঅ'তো আছিল সেইটো। কেতিয়া কল্পনা নকৰা এক ঘটনাৰ বাস্তব চিত্রণ দেখি কি অনুভৱ কৰিছিলো ভাষাৰে হয়তো বুজাব নোৱাৰিম। বহুদিন এক অবাঞ্ছিত মানসিক স্থিতিত কঁটালো। খাওঁতে, বহোতে,শুওঁতে কেৱল মনলৈ সেই ভয়ানক দৃশ্যটি বাৰে বাৰে বহু দিনলৈ আহি থাছিল। মনে মনে ভগবানক ধন্যবাদো দিছিলো তেনে এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে। সময়ৰ লগত কথাটো লাহে লাহে পাতলিল।

যোৱা এক ডেৰ দশকত পৃথিবীখন বহু বেছি সলনি হ'ল। আমিবোৰো সলনি হ'লো। আমাৰ মানসিকতা সলনি হৈ আগতকৈ বহু ব্যক্তিকেন্দ্রীক আৰু বস্তবাদী হ'ল। তথাকথিত প্রগতিৰ লগতে বাঢ়িল সীমা চেৰাই যোৱা অমানৱীয়, অকল্পনীয় হিংসুক ঘটনাবোৰৰ পৰিধি। নতুনকৈ অসমীয়া জনমানসত সন্ধিয়াৰ ৭ৰ ব্রেকিং নিউজেৰে  অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হোৱা টি.ভি চেনেলোবোৰে দাম্ভিকতাৰে দেখুৱাবলৈ ল'লে এই ঘটনাবোৰৰ "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট"বোৰ। হৃদয় বিদাৰক ঝংকাৰ হত্যাৰ ফুটেজ, ধেমাজীত কিছুবছৰৰ আগয়ে এজনী ছোৱালীক ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এদল যুৱকৰ মবাইল ফুটেজ, পিকনিক খাবলৈ যোৱা এডল যুবকে এহাল যুবতিক অৰ্ধ উলংগ কৰা মবাইল ফুটেজ, জাগীৰোদত এটি কণমানি হাতী পোৱালীক পুলিচৰ উপস্থিতিত গঞাই হানি-খূচি হত্যা কৰা ভিডিঅ ফুটেজ, নাহৰ ফুটুকীক পলকতে টুকুৰাটুকুৰ কৰা ভিডিঅ ফুটেজ আদিবোৰ প্রথমে আৰু বাৰংবাৰ সম্প্রচাৰ কৰাৰ  গৌৰৱ অৰ্জনৰ প্রতিযোগিতাত ডুব যোৱা নিউজ চেনেলবোৰে প্রকাৰন্তৰে মই বাস কৰা সমাজখনৰে যেন এক নতুন অথচ ভয়াবহ স্বৰূপক উদঙাই দিলে।  এইখিনিতে এই কথাটোও উনুকীয়াই দিওঁ যে আমাৰ সকলোৰে মনত এতিয়াওঁ সজীৱ হৈ থকা 'জি.এচ. ৰ'ড কাণ্ড'ৰ  "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট" বনাবলৈ যোৱা এটা কাণ্ডজ্ঞানহীন আগশাৰীৰ চেনেল কিদৰে জনৰোষত পৰি  সৰ্বশ্রান্ত হোৱাৰ পৰা যেনেতেনে ৰক্ষা পৰিছিল। 

আজিৰ পৰা প্রায় এটা দশক পূৰ্বে যি হিংসুক ভিডিঅ' ফুটেজে মোৰ দেহ মন কঁপাই তুলিছিল তেনে সমধৰ্মী ভিডিঅ' আজি প্রায় প্রতিদিনৰ বাতৰিৰে  মূখ্য আকৰ্ষণ হ'ল। ক'ৰবাত চোৰ , ক'ৰবাত ডকাইত, ক'ৰবাত ডাইনী, কৰবাত তেলচোৰ, কৰবাত প্রেম বিবাদ, কৰবাত সোপাধৰা, কৰবাত উলংগ মানব ওলাইছে। বচ, এজাক মানুহ আহিল, দোষিক (???) ধৰিলে। শাস্তি স্বৰূপে মৰিয়াই মৰিয়াই মাৰি পেলালে বা মূমূৰ্ষ অবস্থাত পেলাই থৈ গ'ল।  বহু ক্ষেত্রত এই কাণ্ড কেমেৰাৰ সমূখতে ঘটাও আমি দেখো। সৰহসংখ্যক ঘটনাতে আইনীভাবে দোষ বিচাৰ কৰাৰ আগতেই দোষিক ৰাজহুৱাকৈ এনে শাস্তি দিয়া হয় যে আইন দূৰৈৰ কথা পুলিচ আহি পোৱাৰ বহু আগতেই প্রাণবায়ু ওলাই যায় ধৰা পৰাজনৰ। অলপতে তেজপুৰ আৰু দাতিঁকষৰীয়া অঞ্চলসমূহত 'উলংগ বাবা'ৰ নামত মানসিক বিকাৰগ্রস্থজনৰ লগতে বহু নিৰীহ ৰাজহুৱা প্রহাৰৰ মিছাতে চিকাৰ হ'ব লগা হ'ল। একেদৰে কাচাৰত এটা সপোনৰ আলমতেই এজনক হত্যা কৰি উৰে ৰাতি আদিম-আসুৰিক নৃত্য কৰিলে গঞাই।

এতিয়া প্রশ্ন হয় তালিবানৰ কঠোৰতাক সততে সমালোচনা কৰা আমাৰ সমাজখন তালিবানি মানসিকতাৰ পৰা কিমান দূৰৈত? বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ব্যবস্থাৰ ন্যায় প্রক্রিয়াৰ সৱল উপস্থিতিক নস্যাৎ কৰি  সজ্-অসজ্, উচিত-অনুচিতৰ বিচাৰৰ জিম্মা ৰাইজে নিজ হাতত তুলি লৈ কোনো ব্যক্তিক মৃত্যুদণ্ড বা ৰাজহুৱাভাবে অমানুষিক শাস্তি দিয়াৰ দৰে ঘটনাই প্রকৃততে কি প্রমাণ কৰিছে? এই ঘটনাবোৰ  বছৰৰ বাৰেমাহে এশএবুৰি সমস্যাত বুৰ গৈ থকা থকা ৰাইজৰ ক্ষোভৰ বৰ্হিঃপ্রকাশ নেকি? নে আমাৰ লেহেমীয়া আৰু অজস্র সুৰুঙা থকা  ন্যায় প্রক্রিয়াৰ প্রতি ৰাইজৰ এইয়া মুকলি দৃষ্টান্তমূলক বিৰোধাভাষ। কাৰণ লাগিলে যিয়েই নহওঁক, নতুনকৈ ৰাইজৰ মাজত গঢ়লৈ উঠা এই তালিবানি মনোবৃত্তি কেতিয়াও গ্রহণযোগ্য নহয়  আৰু ই কেতিয়াও এখন সভ্য সমাজৰ পৰিচায়ক হ'ব নোৱাৰে। আইন হাতত তুলি লোৱাতো এক অপৰাধ বুলি জানিওঁ 'তথাকথিত সমাজপ্রদত্ত ৰাজহুৱা শাস্তি'ৰ দৃষ্টান্তবোৰত আইন হাতত তুলি লবলৈ কোনেও কুন্ঠাবোধ নকৰা কথাটোয়ে প্রচলিত আইনী ব্যবস্হাৰ দুৰ্বলতাকে উদঙাই দিছে বুলি পতিয়ন যোৱাৰ বাদে গত্যান্তৰ নাই।



আজি কালি প্রায়ে দেখি থকা হত্যা হিংসাৰ ফুটেজবোৰ দেখিলে সততে মনত পৰে তালিবানি ভিডিঅটি দেখি মনে মনে ভগবানক এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে দিয়া ধন্যবাদটিৰ কথা

Friday, June 7, 2013

ই- পৃথিৱীখনৰ স্থায়িত্বৰ আপেক্ষিকতা

ই- পৃথিৱীখনে লাহে লাহে হ'লেও আমাক কিতাপৰ পৃথিৱীখনৰ পৰা আঁতৰাই নি আছে....'Reality' ক 'Virtuality'-য়ে গ্রাস কৰিলে অদূৰ ভবিষ্যতে এক ভয়ানক বিপদ আসন্ন.....অলপ সজাগভাবে ই- পৃথিৱীখনক উপভোগ কৰা প্রয়োজনীয় কিয়নো ই- পৃথিৱীখনৰ স্থায়িত্বৰ আপেক্ষিকতাক আমি এতিয়াওঁ সচেতনতাৰে চালি-জাঁৰি চোৱা নাই। ই-সাহিত্য বা আন আন বিষয়ত জড়িত সকলোবোৰে ভবিষ্যতৰ তাগিদাত এইটোও সমানে মন কৰিব লাগিব যাতে ই- পৃথিৱীৰ ধুমুহাত যেন আমাৰ স্থায়ী (কিতাপ) সাহিত্যসমূহ একোডাল উভালি নপৰা বৎগছ হৈ থিয় দি থাকে। এটা কথা প্রসংগক্রমে উনুকীয়াই থওঁ যে আমাৰ জাতীয় পিতাৰ সামগ্রীৰ পৰা তেজলৈকে নিলাম হয় বিদেশত বিদেশীৰদ্বাৰা। আজিৰ পৃথিৱীখনতো বহু আগবাঢ়িল...........

Sunday, May 26, 2013

আজি দৈনিক জনমভূমিত প্রকাশ হৈছে......


বহু দিন হ'ল (গীত)


Rajib Ranjan আৰু মই দুয়োজনে বেলেগ বেলেগ সময়ত লিখা দুটি গীতৰ স্তৱকক ভাইটিEmon Seuj Goswami-য়ে সংগীতেৰে সংযোগ কৰাৰ এক ব্যতিক্রমি প্রচেষ্টা কৰিলে। সম্পূৰ্ণ ঘৰুৱা আৰু সীমিত কাৰিকৰী সুবিধাৰ মাজেৰে গীতটিৰ বাণীবন্ধন কৰা হৈছে। আপোনালোকলৈ গীতটি এক পূৰ্ণাংগ ৰূপত সোনকালে আগবঢ়োৱাৰ প্রচেষ্টা অব্যাহত
ৰখাৰ প্ৰতিশ্ৰুতিৰে....

Youtube link : http://www.youtube.com/watch?v=1ghEXTMWZ80

Friday, May 17, 2013

দুখৰ ৰাতিতো (জিতুল সোনোৱালৰ গীত)

জিতুল সোনোৱালৰ এটা জনাজাত আৰু মোৰ অতি প্রিয় গীত 'দূখৰ ৰাতিটো যেন' গাবলৈ প্রথমবাৰলৈ চেষ্টা কৰিলো। কেইবা ঠাইতো সৰু সুৰা ভুল ৰৈ গৈছে যদিওঁ তেনেকৈ আগবঢ়ালো ৰাইজলৈ। ভাল পালে সুখী হ'ম



ধৰ্মান্তৰ: যীশু-কৃষ্ণ কোনো সাৰি যোৱা নাই



'ধৰ্মান্তৰ' এতিয়াৰ কথা নহয়। মই ব্যক্তিগতভাবে ২০০১ চনতে নিজৰ অনুসন্ধিৎসুক মনটোক বশ কৰিব নোৱাৰি স্ব-ইচ্ছাৰে মোক বৰে বাৰে ধৰ্মান্তৰ কৰিবলৈ চেষ্টা কৰা ল'ৰাজনৰ লগত গৈ গোটেই প্রক্রিয়াটোক মাজত সুমাই ভিতৰখন বুজি আহিছিলো। চকু কপালত উঠিছিল এচাম শিক্ষিত অসমীয়া ডেকাক বাইবেল হাতত লৈ প্রাৰ্থনা কৰি থকা দেখি। লগতে চালি জোঁকাৰি চাইছিলো ISCON । এইবোৰ ধৰ্মীয় তথা সমাজিক-বিভেদকামী ভাইৰাচ। এই ভাইৰাচে সৃষ্টি কৰা বেমাৰ লিভাৰৰ অসুখৰ নিচিনা। গম নোপোৱাকৈ তলে তলে দ্রুত গতিত বাঢ়ি আহে। আমি সচাঁ অৰ্থত সজাগ হওঁ মানে ইতিমধ্যোই বহু দেৰি হয়গৈ। এওঁলোকৰ লক্ষ্য যদিওঁ সমাজৰ সৰহ সংখ্যক লোক তথাপিওঁ "ধৰ্মান্তৰৰ নামত অন্ন-বস্ত্র-বাসস্থান' ক্রয় কৰিবলৈ সাজু থকা দৰিদ্রচামেই তেওঁলোকৰ প্রথম আৰু সহজ লক্ষ্য। অৰুণাচলৰ ভিতৰৰ বহু অঞ্চলত এনে দৰিদ্র শ্রেণীৰ এক অতি মোটা সংখ্যক লোকৰ ধৰ্মান্তৰ হোৱা কথা বহু বছৰৰ আগেয়ে পঢ়িছিলো। ISCON ৰ পৰা মোকো কৈছিল যে যিহেতু মোৰ শিক্ষা স্নাতোকোত্তৰ পযৰ্ন্ত গতিকে মোক তেওঁলোকে অনায়সে বিদেশ পঠাব পাৰিব। চিনাকী দুটামান উদাহৰণো দিলে। ধৰ্মৰ দালাল সকলে ধৰ্মান্তৰৰ বাবে ধৰ্মক অস্ত্র হিচাপে ব্যবহাৰ কৰি মানুহৰ ধৰ্মভীৰুতা আৰু আৰ্থিক দূৰাবস্থাৰ সুযোগ লয়। হয়তো তেওঁলোকৰ 'Sales & Marketing' প্রতিস্থানবোৰৰ দৰে 'Target' ও থাকে চাগৈ। তাতে 'লক্ষ্য-ভূমিৰ' থলুৱা ভাষাটি শিকি ল'ব পাৰিলেটো কথাই নাই। উৰিষ্যাৰ পাদুৰী-পুত্রৰ ঘটনাতো হয়তো এতিয়াওঁ বহুতে পাহৰা নাই....ক্ষমতালোভী-অৰ্থলোভী পৃথিৱীৰ বৰ বৰ দানৱৰ হাতৰ পৰা যীশু-কৃষ্ণ কোনো সাৰি যোৱা নাই..........."পানীৰ তলৰ কাঁইটৰ পৰা সকলো সাবধান"। 





চিত্র উৎস:blog.beliefnet.com

Thursday, May 16, 2013

ককাদেউতা মুক্তিযোদ্ধা স্বৰ্গীয় বেদানন্দ শৰ্মা আৰু নীলা থালখন



 
ঘৰত আবিষ্কৃত হ'ল এক দূৰ্লভ সামগ্রীৰ। এখন ঘূৰণীয়া নীলা থাল। অতি পুৰণি থালখন দেখিয়ে কৌতুহল উপজাত মাক গৈ সুধিলো থালখনৰ বিষয়ে। মায়ে ক'লে -"এইখন তোৰ ককাদেউতাৰাই স্বাধীনতা সংগ্রামত কাৰাবাস খাটোতে কাৰাগাৰত ভাত খাবলৈ দিয়া থাল।" ককাদেউতাৰ তেজস্বী ব্যক্তিত্বৰ বিষয়ে কেৱল শুনি আছিলো। মোৰ স্মৃতিয়ে সামৰিব পৰা সময়ৰ সিপাৰেই অন্ত পৰিছিল ককাদেউতাৰ জীৱনৰ অন্তিম ক্ষণটিৰ। মই আজিৰ যুক্তিবিদ্যাৰে আৱৰা স্বাধীন অসমত যিখন থাল চুই আছো সেই একেখন থালতে পৰাধীনতাৰ সময়তে ককাদেউতাৰো হাতৰ পৰশ পৰা কথাটি ভাবি মনতো কিবা এক আনন্দত উথলি উঠিছিল। ককাদেউতাৰ বিষয়ে জনোৱাৰ লোভ সামৰিব নোৱাৰি বিভিন্নজনে ককাদেউতাৰ বিষয়ে লিখিযোৱা কথা কিছুমান এই সুযোগতে তলত হুবহু উল্লেখ কৰিলো।


“বেদানন্দ শৰ্মায়ে প্রথমখন অসমীয়া কথাছবি ৰূপকোঁৱৰৰ জয়মতীৰ এটা সৰু চৰিত্রত অভিনয় কৰিছিল,জয়মতী-ৰাজমাও আদিয়ে পিন্ধা সাজপাৰ (কিংখাপৰ ৰিহা মেখেলা আদি) আৰু গামখাৰু, ডুগডুগী, উবান্তি, জোনবিৰি, লোকাপাৰ আদি ঘৰৰ গহণাসমূহ ‘চুৰি কৰি নি” ৰূপকোঁৱৰ জ্যোতিপ্রসাদক দিছিল……….” – স্বৰ্গীয় ত্রৈলোক্য ভট্টচাৰ্য্য


“বুঢ়াচাপৰি বনাঞ্চল ৰক্ষাৰ বাবে তাহানিয়েই সেই তিনিওখন গাঁৱৰ মানুহ আৰু ককাহঁতে মিলি ‘গ্রেজিয়াৰ্চ এচ’চিয়েশ্বন’ খুলি তেজপুৰত সমবায় ভিত্তিত ‘ডায়েৰী’ গঢ়ি তুলিছিল। ককাহঁতে বুঢ়াচাপৰি বনাঞ্চলক পবিত্র জ্ঞান কৰিছিল।…এয়া আছিল ষাঠিৰ পৰা সত্তৰৰ দশকৰ কথা। তেতিয়া বেদানন্দ শৰ্মা আছিল সকলোতেই অঘোষিত নেতা। বনবিষয়াক লগত লৈ, জিলা উপায়ুক্তক সৈমান কৰাই নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজে জুই দি খেদি পঠালে যতমানে চকুত পৰা অনুপ্রবেশকাৰীক আৰু মুক্ত কৰিলে অনুপ্রবেশকাৰী শক্তিৰ পৰা বনাঞ্চল।“– শান্তনু বৰুৱা


“সেই সময়ত অসম ৰাজ্যৰ মুখ্যমন্ত্রী আছিল স্বৰ্গীয় বিষ্ণুৰাম মেধি। তেতিয়া অসমৰ ৰাজধানী আছিল চিলং। এদিনাখন মুখ্যমন্ত্রী মেধি ডাঙৰীয়াই তেওঁকচিলঙলৈ মাতি নি কৈছিল, ‘বেদা! স্বাধীনতা আন্দোলনৰ তুমি এজন মুক্তিযোদ্ধা, ৰাজনৈতিক নিৰ্য্যাতিত; দেশ স্বাধীন হ’ল। তোমাক পুৰস্কাৰ হিচাপে মই কিবা এটা দিব বিচাৰিছোঁ। তোমাক কি লাগে কোৱা। তাৰ উত্তৰত তেঁও নিঃসংকোচে কৈছিল –দাদা! মোক একো নালাগে। আপোনালোক মন্ত্রী, এম. এল.এ হৈছে হওঁক। মই দেশৰ কাৰণে ত্যাগ কৰিছো তাৰ প্র্তিদান নিবিচাৰো। তথাপি মুখ্যমন্ত্রী ডাঙৰীয়াই মৰম কৰি ক’লে, নহয় বেদা! মই তোমাৰ নামত চিনেমা হলৰ পাৰ্মিট এখন দিওঁ তুমি না নকৰিবা। তোমাৰ পৰিবাৰ বা ল’ৰাৰ নামতে লোৱা। বেদাবাবুয়ে সেই কথাওঁ অস্বীকাৰ কৰি অবশেষত ক’লে-‘যদি দিব খূজিছে দাদাৰ নামতে (মহাদেব শৰ্মা) দিয়ক। তেতিয়া মুখ্যমন্ত্রী ডাঙৰীয়াই ক’লে, তেখেতৰ নামত দিব নোৱাৰিমই তোমাৰ নামতহে দিম। এইবুলি কৈ হুকুম কৰি বেদানন্দ শৰ্মাৰ নামত ‘চিনেমা হ’লৰ পাৰ্মিট এখন দিয়াই দিলে। আচৰিত কথা! দৃঢ়মনা এই পুৰুষ গৰাকীয়ে লগে লগে পাৰ্মিটখন তেওঁৰ জ্যোষ্ঠ ভাতৃ স্বৰ্গীয় মহাদেব শৰ্মাদেৱলৈ পৰিবৰ্তন কৰি লিখি দিয়ে।……..অসমৰ মুক্তি যোদ্ধাসকলেওঁ আন্দোলনত (ভাষা) যোগদান দিছিল। অকল যোগদান কৰাই নহয়, প্রতিবাদকল্পে ভাৰত চৰকাৰে সন্মান কৰি দিয়া তাম্রপত্র আদিওঁ ঘূৰাই দিছিল। তাম্রপত্র ঘূৰাই দিয়া প্রথমজন ব্যক্তি আছিল বেদানন্দ শৰ্মা।“ – স্বৰ্গীয় মহেন্দ্রনাথ শৰ্মা শাস্ত্রী


“…নিজৰাপাৰৰ ঘৰত গৈ খুড়া বেদানন্দ শৰ্মাৰ চিঠিখন অমৰ দাৰ হাতত দি ভয়ে ভয়ে বহি থাকোতেই ভূপেনদায়ে শোৱা কোঠালৈ মাতি পঠালে আৰু নিমন্ত্রণ গ্রহণ কৰি খুড়াৰ খবৰ ল’লে আৰু সাংস্কৃতিক অনুস্থানত নিশা দুই বজালৈকেগীত পৰিবেশন কৰিলে। সেইদিনা বুজি উঠিছিলো খুড়াৰ লগত ভূপেন দাৰ সম্পৰ্ক কিমান নিবিড়”।– বাসুদেৱ শৰ্মা


‘….মাত্র এবাৰ যদি ককাদেউতাৰ লগত কথা পাতিব পাৰিলোহেতেন’-এই হেপাহটো আজীৱন মনত অপূৰ্ণ হৈ ৰ’ব। স্মৃতিৰ গহ্বৰত প্রায় বিলীন হ’ব ধৰা অসমৰ এই সুযোগ্য পুত্রজনৰ দৰে আন কতজন যে জাঁহ গ’ল সময়ৰ বালিত, যি প্রকৃতাৰ্থত এক জাতীয় ক্ষতি। 

ভাৰ্চুৱেল পৃথিৱীৰ 'টালোও' চিন্তা



মানুহে দাবী কৰা নিজৰ সততাবোৰ পৰস্থিতি সাপেক্ষ হ'লে সততাৰ দাবীত পলকতে ভণ্ডামীৰ আঁচল উৰে। এখন ভাৰ্চুৱেল পৃথিৱীত ক্ষুদ্র আৰু তুচ্ছ স্বাৰ্থৰ মোহত বিলীন হৈ থকাজনো সততে সততাৰ পূজাৰী বুলি দাবী কৰিবলৈ কুন্ঠাবোধ নকৰে। বাস্তবত হাতে-কামে নকৰা কামবোৰ যে এই ভাৰ্চুৱেল পৃথিৱীত কথাৰে সমাধা কৰিব পাৰি। দূৰ্ভিক্ষ, দৰিদ্রতাৰ ফট'বোৰ চেয়াৰ কৰি পলকতে যে গাব পাৰি মানবীয়তাৰ জয়গান এইখন পৃথিৱীত। গাত ৰ'দ নপৰা আমাৰ আধা খাৰ খোৱা আধা বিলাতী দেহটোৰ কোমল আঙুলীৰে নিগনিটো টিপি টিপি কৰা সামাজিক ন্যায়ৰ দাবীবোৰ বা ভাৰ্চুৱেল পৃথিৱীৰ কাণিয়া আন্দোলনবোৰে জন্ম দিয়া ভাৰ্চুৱেল বিপ্লবীবোৰৰ ক্রমবৰ্দ্ধমান শাৰীৰিক (কৰ্মৰ) উদাসিনতাৰ আৰঁলৈ ভাৰ্চুৱেলিটিয়ে দৌৰাব লাগিছে ৰিয়ালিটিৰ নামৰ এটি গাধ। সততে কেৱল কথাৰ বলতে নাম আহৰণ কৰিব পৰা বুলি 'সদনাম' থকা এই পৃথিবীৰ 'প্রফাইলে' উছন নিয়াইছে আমাৰ 'পৰিচয়'- ভাৰ্চুৱেল পৃথিৱীত দুৰ্বলতাবোৰ পলকতে ঢাকিব পাৰি শব্দৰ ৰঙীন বাগিছাৰে, এখন সুন্দৰ 'প্রফাইল পিকচাৰেৰে'- বাস্তবৰ কেনা লগা আত্ম পৰিচয়ৰ ফুটা চকাটিৰ অসংখ্য চলিউশ্যন সাৱটি ৰখা এইখন ভাৰ্চুৱেল পৃথিৱী। ভাৱ হয় সম্বন্ধবোৰ, ভালপোৱাবোৰ, তথাকথিত সামাজিক কামবোৰ বাৰু প্রযুক্তিবিদ্যাৰ অভাৱতেই অতদিন অপব্যয় হৈ আছিল নেকি? নে মানৱ আৰু মানবীয়তাৰ প্রকৃত স্থানেই এই ভাৰ্চুৱেল পৃথিৱী? নে আমাৰ দেহত অতীজৰে পৰা প্রযুক্তি বিদ্যাৰ জীন্ খোদিত আছিল যি ভাৰ্চুৱেল পৃথিৱীখনৰ সৃষ্টিৰ লগে লগে দশোদিশে জাগ্রত কৰি তুলিছে আমাৰ সমস্ত বিপ্লবী, কবি, শিল্পী, সমাজসংস্কাৰী সত্ত্বাবোৰক। কাগজ হেৰাল, পেন হেৰাল, ৰেডিঅ' হেৰাল, সেউজ ঘাঁহ হেৰাল, পথাৰ হেৰাঁল, নৈ হেৰাল, মৰম হেৰাল, পৰিয়াল হেৰাল, প্রেয়সী হেৰাল, সপোন হেৰাল, কাম হেৰাল, মাটি হেৰাল....ন' প্রব্লেম। সকলোৰে সমাধান ভাৰ্চুৱেলিটিৰ আসক্তি। 

ভাৰ্চুৱেলিটিৰ শপত মই সঁচা কৈছো.......

'ভালো ভাল বেয়াও ভাল ভাওঁ নধৰিলে পয়মাল'।

Wednesday, May 15, 2013

ভাষিক ঔপনিবেশিকতাবাদ আৰু প্রাৰম্ভিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ গুৰুত্ব



মাতৃভাষাৰ গুৰুত্ব আৰু প্রাংগিকতা খিনিক বুজিবৰ বাবে মোৰ বোধেৰে ভাষাৰ লগত সন্নিহিত ‘মাতৃ’ শব্দতোৱে যথেষ্ট। মাতৃভাষাৰ সহজ সংজ্ঞা হ’ল শৈশৱৰ পৰা যি ভাষা শিকি বা কৈ এটি শিশু ডাঙৰ হয় সেই ভাষাটিয়ে শিশুটিৰ মাতৃভাষা। আৰু অধিক সহজকৈ ক’বলৈ হ’লে মাতৃভাষা হৈছে মাতৃৰ কোলাতে স্বতঃস্ফূৰ্টভাবে শিকি অহা ভাষা। 

মাধ্যমকেন্দ্রীক বিবাদ আজিৰ তাৰিখত গোলকীকৰণৰ এটা আগশাৰীৰ গুৰু বৈশিষ্ট। আমাৰ অসম দেশতো এই বিবাদ ক্রমাৎ তীব্রৰ পৰা তীব্রতৰ হ'বলৈ ধৰিছে। জীৱন যুজঁত জিকাৰ বাবে ইংৰাজী ভাষাৰ গুৰুত্ব আগতিয়াকৈ উপলব্ধি কৰি পিতৃ-মাতৃয়ে ক্রমবৰ্দ্ধমান হাৰত নিজ সন্তানক নামভৰ্ত্তি কৰাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। শুনিছো চৰকাৰেও হেনো অসমত কেইবাহাজাৰ চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্রস্তুতি চলাইছে। শিশুটিৰ উন্নত সৰ্বাংগীন মানসিক বিকাশৰ বাবে প্রকৃততে কোন মাধ্যম শিক্ষা প্রয়োজনীয়? এই প্রশ্নটিৰ সঠিক উত্তৰ বিজ্ঞানসন্মতভাবে বিচাৰি উলিওৱাতো সকলোৰে বাবে অতি প্রয়োজনীয়। UNESCO-ৰ Education Today নামৰ News Letter-ত ২০০৩ চনতে(জুলাই সংখ্যা) "THE MOTHER-TONGUE DILEMMA" নামৰ পাতনিত উল্লেখিত কথাখিনিৰ সকলোৱে এবাৰ জুকিয়াই চোৱা প্রয়োজন-

*“ভাষা আৰু পৰিচয় - দুয়ো যে ওতঃপ্ৰোতঃ ভাৱে সংযোজিত, মাতৃভাষা শব্দটোৱে আমাক তাকেই উনুকিয়াই | এটি সুষ্ঠ পৰিচয়ে আমাৰ পৰিচৰ্যাৰ বিভিন্ন দিশ সাঙুৰি সুষমতা আনে | এটি জাতিয়ে নিজৰ পৰিচয় ভাষাৰ নিৰ্দেশনাৰ মাধ্যমেৰে আগবঢ়াব বিছাৰে আৰু এক সুস্থ সমাজে সঠিক নিৰ্ণয়ৰ মাজেৰে সম্প্ৰদায়িক মিলা-প্ৰীতি আৰু সবল ব্যক্তিসত্বাক উত্সাহিত কৰে | আমাৰ সৌভাগ্য যে এই দুটি লক্ষ্য সমবিন্দুগামী | বহুবছৰৰ অধ্যয়নে দেখুৱাইছে যে যি ল’ৰা-ছোৱালীয়ে মাতৃভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকৰ প্ৰাৰম্ভ অধিক ভৱিষ্যতপুৰ্ণ হয় আৰু তেওঁলোকে যিসকলে এক নতুন ভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকতকৈ আগলৈও ভালদৰে নিজকে আগুৱাই নিবলৈ সক্ষম হয় | এই কথাটি প্ৰাপ্তবয়স্ক ন-শিকাৰুৰ ক্ষেত্ৰটো সমানেই প্ৰযোজ্য | বৰ্তমানে এই মতটো বহুলভাৱে কাৰ্যপালিত যদিও আমি এনে বহুতো চৰকাৰী ফৰমানৰ কথা শুনিবলৈ পাওঁ, যিহক আমি চৰকাৰে শিশুসকলক বিদেশী ভাষাৰে শিক্ষিত কৰাৰ এক আধুনিকতাবাদী অপপ্ৰয়াস বা এক সামাজিকভাৱে প্ৰতিষ্ঠিত গোটৰ প্ৰাধান্য বিস্তাৰৰ চেষ্টা বুলি ক’ব পাৰোঁ |”

এইখিনিতে এইটো কথাওঁ কোৱাৰ এটা চূড়ান্ত প্রয়োজনীয়তা আছে যে 'ইংৰাজী মাধ্যমত পঢ়িলেহে ইংৰাজী ভাষাত দখল ভাল হ'ব বুলি সৰহসংখ্যক পিতৃ-মাতৃয়ে মনতে পুহিঁ ৰখা ভাৱটিৰ পৰা মনটি মুক্ত কৰা প্রয়োজনীয় আজি অত্যাধিক। মাধ্যম আৰু ভাষিক জ্ঞান আহৰণৰ বাবে কৰা চৰ্চা দুটা পৃথক ব্যবস্থা বা প্রক্রিয়া। আমাৰ মাজতে ইংৰাজী মাধ্যমত পঢ়ি অসমীয়াত আৰু অসমীয়াত মাধ্যমত পঢ়ি ইংৰাজীত প্রশংসনীয় দখল থকা মানুহৰ উদাহৰণ বিচাৰিলে নিশ্চিতই বহুজন পোৱা যাব। আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল যে বৰ্তমান অসমীয়াৰ দৰে অন্যান্য বহুভাষাৰ লগতে যি দৰে ইউৰোপৰ আগশাৰীৰ চুইডিচৰ নিচিনা ভাষাও কৃষ্ণ গহ্বৰলেখীয়া ইংৰাজী ভাষাৰ দূৰন্ত আগ্রাসনত পৰি ভাষিক সংকটৰ সন্মুখীন হৈছে থিক সেই একেদৰেই আফ্রিকাৰ নমিবীয়ান সকলো সেই একেই শংকাতে পোঁত গৈছে।

“…..ক্রমাৎ বাঢ়ি অহা প্রভাৱৰ বাবে ইংৰাজী ভাষা আমাৰ চুইডিচ ভাষা-সংস্কৃতিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। কেইবজনো চুইডিচ ভাষাবিদে ইতিমধ্যো পূৰ্বানুমান কৰিছে যে অনাগত কেইটিমান প্রজন্মৰ ভিতৰতে ইংৰাজীভাষা চুইডেনৰ আটাইতকৈ প্রতিপত্তিশীল ভাষাৰূপে পৰিগণিত হ’ব”।

চুইডেনৰ এটি ৱেবচাইটত চুইডিচ ভাষাকলৈ কৰা শংকাৰ অভিব্যক্তি উপৰোক্ত কথাখিনি। চুইডেনৰ কথাখিনি এইটো বুজাবলৈ উল্লেখ কৰিলো যে ইংৰাজী ভাষাৰ আগ্রাসনে কেৱল অসম, ভাৰত বা এচীয়াৰ দেশসমূহলৈয়ে বিপদ মাতি অনা নাই। ই ভাষিক বিপদ সংকেট দিছে ইউৰোপৰ ফ্রান্স, জামাৰ্নী , চুইডেনৰ দৰে অনা-ইংৰাজীৰ ৰাষ্ট্রৰ ৰাষ্ট্রীয় ভাষাসমূহলৈও। এই ক্ষেত্ৰত মোৰ কিছু বছৰৰ আগেয়ে ব্যক্তিগতভাবে হোৱা বৃত্তিকেন্দ্রিক অভিজ্ঞতাই ইউৰোপীয় দেশসমূহৰ এই সংকটৰ তীব্রতাক উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছিল।

ভাষিক সংকটৰ এই ক্ষণত প্রাৰম্ভিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ গুৰুত্ব কিমান? এই প্রশ্নৰ উত্তৰ নিজ ভাষাটিক শ্র্দ্ধা কৰা সকলোৰে বাবে এটাই হোৱা উচিত। ‘অপৰিসীম’- ভাষাতত্ববিদসকলৰ মতে এই শতিকাৰ অন্তলৈ পৃথিৱীত বৰ্তমানে প্রচলিত প্রায় ৬০০০ ভাষাৰ পৰা সৰহ সংখ্যক খিলঞ্জীয়া (indigenous) ভাষা-উপভাষাকে ধৰি প্রায় ৫০% ভাষাৰ বিলুপ্তি ঘটিব আৰু ইয়াৰ মুল কাৰণ হ’ল ‘Linguicism’ বা বিশ্বৰ বিভিন্ন ভাষিক গোটসমূহৰ মাজত অসমানুপাতিক ক্ষমতাৰ বিভাজন আৰু ‘Linguicide’ বা ভাষাৰ হত্যা। এই দুয়োটা কাৰণৰ আঁৰত আছে বিশ্বৰ শক্তিশালী অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, আৰু সামৰিক শক্তিসমূহ। ‘Linguicide’ বা ভাষা হত্যাৰ আন এক প্রত্যক্ষ কাৰণ হ’ল উপৰোক্ত শক্তিসমূহৰ প্রভাৱত নিজৰ এটা সু-সংগঠিত আৰু গৌৰৱ উজ্বল ভাষা থকাৰ পিছতো এটি বিদেশী ভাষাৰ আশ্রয়েৰে নিজ ভূমিতে নিজ সন্তানক নিজ ক’লা-সংস্কৃতিৰ লগত পৰিচয় ঘটাবলৈ কৰা অভিভাবকৰ অসুস্থ প্রচেষ্টা।

শিশুৰ প্রাৰম্ভিক শিক্ষাৰ কালছোৱাতে শিশুক মাতৃভাষাৰ পৰা বঞ্চিত কৰি ইংৰাজী মাধ্যমত শিক্ষা দান কৰিলে নিজ মাতৃভাষাৰ লগতে শিশুটিৰ কি কি অপকাৰ বা শিশুটিৰ কি কি ক্ষতিসাধন হয় তাক এবাৰ বিশ্লেষণাত্মকভাবে বুজিবলৈ চেষ্টা কৰাটো প্রত্যোকজন সচেতন অভিভাৱকৰ কৰ্তব্য ও দায়িত্ব। শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম কিয় মাতৃভাষাত হ’ব লাগে এই বিষয়ত বিশ্বৰ বিভিন্ন প্রান্তত চলি আছে অলেখ পৰীক্ষা নীৰিক্ষা। এনে পৰীক্ষা নীৰিক্ষাৰ অন্তত অন্তত পোৱা কেইবাটাও কাৰণৰ (মনো)বৈজ্ঞানিকভাবে প্রতিষ্ঠিত দুটামান কাৰণ তলত উল্লেখ কৰিলো-

১) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।

২) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড় ভাবে জড়িত।

৩) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্রয়োজনীয় সৃষ্টিশীলতা, কৌশল,জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰুপভাবে সম্ভৱ। 

৪) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্রহ হ্রাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্রহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্রকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।

৫) কানাডা, চীন, আফ্রিকা, ভাৰতবৰ্ষকে ধৰি বহু ৰাষ্ট্রত শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম সম্পৰ্কে কৰা পৰীক্ষা নীৰিক্ষাত এইটো স্বচ্চলভাবে প্রকাশ পাইছে যে মাতৃভাষাত প্রাৰম্ভিক শিক্ষা লাভ কৰা শিশুসকলৰ মানসিক বিকাশৰ মাত্রা তুলনামুলকভাবে অধিক হয় আৰু তেওঁলোকে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই প্রসংগতে এইটো উল্লেখ কৰাৰ প্রয়োজনীয়তাবোধ কৰিছো যে যদিও ফিলিপাইনচত চৰকাৰে পূৰ্বতে ইংৰাজী আৰু ফিলিপিন’ দুয়োটি ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল কিন্তু ২০০৯ চনত চৰকাৰে এক নতুন নিয়মৰ প্রণয়ন কৰি প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ বাট মুকলি কৰে।

এটা ভাষায়ে এটা জাতিৰ মৰ্যদাক ধৰি ৰখাৰ লগতে ধৰি ৰাখে জাতিটোৰ একতা আৰু সংহতিৰ বাঘজৰী ডাল। এই কথাষাৰৰ ছাঁতে আমাৰ দাতিঁকাষৰীয়া ৰাজ্য উড়িষ্যাত ‘উড়িষ্যা আদিবাসী মঞ্চ’ৰ উদ্যোগত চলি আছে মাতৃভাষাকেন্দ্রীক শিশু শিক্ষাৰ এক সৰু প্রশংসনীয় আন্দোলন। এই আন্দোলনে উড়িষ্যাত শিক্ষাৰ মাধ্যম মাতৃভাষাত হোৱাৰ পোষকতা কৰাৰ লগতে শিশুৰ শিক্ষাৰ দিশত আঞ্চলিক ভাষাৰ মাধ্যমৰ অৰ্ন্তভূক্তিৰে চলোৱা প্রচেষ্টাসমূহত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আমদানীকৃত এটি ভাষাৰে শিশুৰ প্রাৰম্ভিক শিক্ষা আৰম্ভ কৰাৰ বিৰোধিতা কৰি ‘উড়িষ্যা আদিবাসী মঞ্চৰ’ সুধীৰ ডিগালে কয় যে শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যমৰ ভাষা সেইটোহে হোৱা উচিত যিটো ভাষা শিশুটিৰ চিনাকী। 

United Nations Convention on the Rights of the Child-ৰ অনুচ্ছেদ ২৯ত শিশু শিক্ষাৰ লক্ষ্য সৰ্ন্দভত উল্লেখ কৰা গুৰুত্বপূৰ্ণ কথা অলপ এনেধৰণৰ – 

“Education of the child shall be directed to development of respect for the child’s parents, and the child s’ own cultural identity, language and values, as well as for the national values of the country in which the child is living…”

সহজ ভাষাত কবলৈ গ’লে শিশুক দিয়া যি শিক্ষায়ে শিশুটিৰ মনত নিজ পিতৃ-মাতৃ, নিজা সাংস্কৃতিক পৰিচয়, ভাষা, মূল্যবোধ আৰু নিজ দেশখনৰ প্রতি শ্রদ্ধা উপজাৱ নোৱাৰে তেনে শিক্ষা দিশবিহীন। ভাষিক ঔপনিশেদবাদত অজানিতে (বা ইচ্ছাকৃতভাবে) পোঁত যোৱা আমাৰ বৰ্তমান আৰু ভবিষ্যত প্রজন্মৰ বুকুত মাতৃভাষিক শিশু শিক্ষা অবিহনে এই শ্রদ্ধা কি দৰে আৰু কিমান গাঢ়কৈ গঢ় লৈ উঠিব ই প্রত্যোকজন অসমীয়াৰ বাবে এক গুৰু বিচাৰ্য্য বিষয় হোৱা উচিত।


_________________________________________________________________________________

(Satyakam লৈ ধন্যবাদ)

চিত্র উৎস: blog.globalenglish.com