Wednesday, November 13, 2013

স্বৰ্গদেউ লকৈ, ফাঁকিবুল আৰু ব্রহ্মপুৱাৰ সৰুপানী কাণ্ড


সিদিনি গুৱাহাটিলৈ গৈছিলো। জৰুৰী কাম এটা ওলোৱাত ৰাতিয়েই বাছত উঠিলো আৰু টেকেলীটোত এগাল ভাত ভৰাই যোৱাৰ বাবে বাছত বহাৰ  অলপপৰ পিছতে টোপনীয়ে বখলীয়াই পেলালে।
...'দাদা, নামিববৰ হ'ল, গুৱাহাটি পালোহি।' –

বাচ পৰিচালকৰ মাতত উচপ খাই উঠিলো। চকু কেইটা ডাঙৰকৈ মেলিবলৈ চেষ্টা কৰি ইফালে সিফালে চালো। হয়, ISBT। ঘড়ী চালো, সময় ক'লে পুৱা ০৫ বাজিছে।  ঠাণ্ডা কালিৰ বাবে পুৱা ০৫ বজাতো ৰাতিৰ দৰেই পৰিবেশ। ASTC বাছখনৰ শেষ যাত্রী হৈ নামি গ'লো। ঠাণ্ডাত সৰুপানী বৰকৈ চুবলগীয়া হয়। মই তাতে গোটেই বাটতো শুইয়ে কটালো সেয়ে তল পেট ফাটো ফাটো কৰিছে। ইফালে সিফালে চাই ASTC- বাচ কেইখনমানৰ আঁৰলৈ পিছফালৰ অন্ধকাৰখিনিতে কামফেৰা সমাধা কৰো বুলি ফিঁ-ফিঁয়াই মাৰি পঠিয়ালো। ঘোঁৰ অন্ধকাৰৰক  আওঁকাণ কৰি মোৰ তলপেটৰ চাপক মুক্তি দিবলৈ যাবতীয় প্রস্তুতিৰ অন্ত  পেলাই মুল ক্রিয়া আৰম্ভ কৰিছিলোহে মাথো তেনেতেই মোৰ নিচেই কাষত  দুটা চায়ামূৰ্ত্তীৰ ফুচফুচনি শুনি প্রাণ ওলাই গ'ল। একেবাৰে বেয়া সময়  দেই!!! যেনেতেনে কামফেৰা শেষ কৰো মানে মনত উৎসুকতা বাঢ়িল।

কোন এই দুটা ?? এই অন্ধককাৰময়  ঠাণ্ডা পুঁৱাত ASTC- বাচ  কেইখনমানৰ আঁৰলৈ এইককেইটাই কি কথা পাতিছে?? 

পঠালিয়ে পঠালিয়ে মনে মনে  এখোজ এখোজকৈ সৰুপানী চুই থকা ভঙ্গীমাৰেই  সিহতৰ কাষ চপাৰ যত্ন কৰিলো। অলপ গৈ গম পালো সিহতে মোৰফালে পিঠি দি আছে আৰু মোৰ উপস্থিতিৰ বোধহয় উমান নাপায়। সাহ বাঢ়িল  আৰু দুখোজ আগুৱাই কাণখন হাতীকাণৰদৰে বহল কৰি কথা শুণাৰ চেষ্টাত মুৰটো বেকা কৰি বাওঁ কাণখন অলপ ওপৰমুৱা কৰিলো....অ' শুনিছো...শুনিছো...

১ম চায়া মূৰ্ত্তি : বৰ ঠাণ্ডা লাগিছে। কথাবোৰ সোনকালে শেষ কৰক।

.... মানুহটোৰ মাততো শুনি এনে লাগিল যেন মই তাক চিনি পাওঁ।...হে

প্রভু, কি লীলা এইবোৰ।  সৰু পানী চুওঁতেই ইমান জগৰ  লাগিল নে তোমাৰ....

তেনেতে

২য় চায়া মূৰ্ত্তি : "হেই, কি ঠাণ্ডা ঠাণ্ডা কৰি আছা হে। হয়নে? মোৰ ঠাণ্ডা  লগা নাই নেকি? তোমাক ভাল পাওঁ কাৰণেহে মই আহিছো? After all this is also an important matter....."

কথা শুনি মোৰ থৰকাচুটি হেৰাল..

"This is also an important matter"  মানে এইটো দেখোন স্বৰ্গদেউ লকৈ আৰু লগৰজনা তাৰ মানে ফাঁকিবুল...???

যি ৰজা বা ৰজাঘৰীয়াক চাবলৈ লগ পাবলৈ মানুহৰ হেঁতাওপৰা লাগে সেই ৰজা-ৰজাঘৰীয়াৰৰ নিচেই কাষতে মোৰ দৰে এজন সাধাৰণ প্রজাই প্রসাৱ কৰি দিলো। কথাবোৰ  ভাবি মগজু ফুটি যাওঁ, ফাটি যাওঁ হ'ল। কিন্তু ইহতে কৰিছে কি? কথাখিনি ভালকৈ শুনি লওঁ বুলি একচিত্তে কথা শুনাত মনোযোগ দিব ধৰিলো....

ফাঁকিবুল: আইডিয়াটো ফাইনেল কৰক এতিয়া....

স্বৰ্গদেউ লকৈ: ফাইনেল মানে মই ভবাতোৱেই সদায় ফাইনেল। ওপৰত মতা ভাল ভাল কালান্তকৰ মূখত চূণ দি থৈছো বুলি জানাই দেখোন তুমি।   শুনা এতিয়া মোৰ  মৰমৰ ফাঁকিদাস....

ফাঁকিবুল: ধেইই.....ফাঁকিবুলহে.....??

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ......হয়তো ফাঁকিবুলহে ...গৰৈ  পোৱালীটোক জাপানী কাৱৈজনীৰ লগত বিয়া দিয়াৰ পিছৰে পৰা  আনন্দত মুখৰ পৰা যিটি ওলাই যায় হে....আচ্চা, এতিয়া মুল কথাটো শুনা....

ফাঁকিবুল: ...নকয় কেলেই? সেইডাল শুনিবলৈয়েতো হাড় কপোৱা ঠাণ্ডাৰ পুৱা বোন্দাপৰ দি আছো।..
স্বৰ্গদেউ লকৈ: অ’…গঁড়বোৰ তুমি সোনকালেই মাৰি শেষ কৰিবা বুলি মোৰ এতিয়া তোমাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। কিন্তু গঁড়বোৰ শেষ হোৱাৰ পিছত কি দৰে মেনেজ কৰিবা ভাবি চাইচানে?

ফাঁকিবুল: নাই ছাৰ।

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ...মই জানো। .সেয়ে তুমি এটা জানোৱাৰ মন্ত্রী  আৰু মই তোমাৰ মূৰ্খ মন্ত্রী। মই তোমাক এনেয়ে ইয়ালৈ অনা নাই ফাঁকিৰাম... 

ফাঁকিবুল: .....ফাঁকিবুল চাৰ.....(দাত কৰচি খঙেৰে)

স্বৰ্গদেউ লকৈ: অ' অ'... খং নকৰিবা।  শুনা। গঁড়বোৰ শেষ হোৱাৰ পিছত তোমাক এই ASTCৰ বাচ কেইখনে বচাব।

ফাঁকিবুল: কেনেকৈ চাৰ?

স্বৰ্গদেউ লকৈ: ASTCৰ বাচবোৰত কি অঁকা থাকে?

ফাঁকিবুল: অলপ ভাবি..চিঞৰি উঠিল গঁড় চাৰ, গঁড়  গঁড়  গঁড় ...ইউ আৰ জিনিয়াচ চাৰ....

স্বৰ্গদেউ লকৈ: আই নউ ফাঁকিবাজ..

ফাঁকিবুল: ফাঁকিবুল চাৰ.....ফাঁকিবুল ..ফাঁকিবুল ....ফাঁকিবুল ..

স্বৰ্গদেউ লকৈ: নামটো হ'ব বাৰু ....হয়নে? তুমি জংঘলৰ গঁড়বোৰ শেষ হোৱাৰ আগে আগে পৰিবহন বিভাগক যোগাযোগ কৰি চলে বলে কৌশলে পৰিবেশন বিভাগৰ নামত চেংচন হোৱা গঁড় কেইটাৰ সম্ভেদ লৈ সিঁহতৰো ব্যবস্থা কৰি পেলাবা। তেতিয়া তোমাৰ কনটিনিউটিতো থাকি যাব। কিন্তু এটা কথা মনত ৰাখিবা যে পৰিবহন নিগমৰ গঁড়কেইটা চোৰাং চিকাৰীৰৰ বজাৰত মুকলি কৰাৰ আগতে দুদিনমানৰ বাবে খৰ্গৰ এক কৃত্রিম নাটনিৰ সৃষ্টি কৰিবা যাতে আমি আলু-পিয়াঁজৰ দৰে পৰিবহন বিভাগৰ মাৰ্কা মৰা খৰ্গকেইটাৰ পৰা কোৱাৰি ফলাকৈ কমিচন খাব পাৰো।

ফাঁকিবুল ভক্তিত গদগদ হৈ স্বৰ্গদেউ লকৈৰ ভৰিত দীঘল দি পৰিল... উথলি উঠা আবেগে ফাঁকিবুলৰ ওঁঠখনিক কঁপাই তোলাৰ বাবে ফাঁকিবুলে একো মাতিব নোৱাৰিলে যেন অনুমান হ’ল।

স্বৰ্গদেউ লকৈ: হ'ব হ'ব উঠা ফাঁকিআলী...উঠা...
ফাঁকিবুল: (লাহেকৈ উঠি) যি নামেৰে মাতে চাৰ...কাম হে আচল। নামতনো কি আছে....ন চাৰ?
স্বৰ্গদেউ লকৈ:হয়, হয়। This is also an important matter..তুমি বুজিছা। এতিয়া পোঁহৰ হওঁ, হওঁ। বেচি পলম নকৰো। মানুহে দেখাৰ আগেয়ে  ব'লা, ব'লা,ব'লা.......

পলকতে চায়া মূৰ্ত্তি দুটা অদৃশ্য হ'ল। মোৰ শৰীৰৰ নিম্নাংশত খুব ঠাণ্ডা লগাত উপলব্ধি কৰিলো যে মই ইমান পৰে পেন্টৰ জীপ মৰাই নাছিলো....


-ৰক্তিম-


No comments:

Post a Comment