Showing posts with label হীৰুদা. Show all posts
Showing posts with label হীৰুদা. Show all posts

Saturday, September 1, 2012

এমিলি


মোৰ এখন অতি প্রিয় ছবি 'এমিলি'-এখন ফ্ৰেন্স ছবি। ছবিখন চালে প্রত্যেকবাৰেই মোৰ মনটো এক অন্য স্তৰলৈ উৰা মাৰে... একপ্রকাৰৰ মনটো ভাল লগা এক নতুন অনুভূতিয়ে বাঁহ লয়. মনৰ অনুভৱ খিনি শব্দৰে গাঁঠি পেলালো..




এমিলি
_____

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
তুমি আছা কাৰণে আমিবোৰ আছো
তুমি আছা কাৰণে
আজিও আছে "ভালবোৰ" পৃথিবীত
উজ্জ্বল দুচকুৰে পোহৰ চটিয়াই।

অ, মই জানো তুমি কি ভালপোৱা।
মই জানো তুমি কেনেদৰে বিচাৰি লোৱা আনন্দ
জীৱনৰ সৰু সৰু বস্তুবোৰৰ,
সৰু সৰু ঘটনাবোৰৰ মাজত।

মই দেখিছিলো কি দৰে তোমাৰ 'মা' হেৰাই গৈছিল।
গুচি গৈছিল দেউতা, তোমাক এৰি।

তোমাৰ কল্পনাৰ ডেইকাৰে পাৰ কৰা
তোমাৰ শৈশৱৰ খিলখিলাই থকা হাঁহিবোৰে
জানো তোমাক বুজিব দিলে নিঃসংগতা কি ?

আৰু বাঢ়ি অহা তোমাৰ দুষ্টামিবোৰ ?
তুমি কৰা নিশাৰ এন্ধাৰত চহৰখনত হোৱা
আদিম প্রেমৰ হিচাপবোৰ...
মই বুজি পাও তাৰ মাজতো তুমি
বিচৰা লোৱা দুষ্টামিৰে ভৰা আনন্দৰ আমেজ।

অহৰহ একেখন ছবি আঁকি থকা
'গ্লাচমেনে' তোমাক
আমণি দিছিল নেকি?

'মন্টমাৰটেৰ' তোমাৰ বন্ধুৱে কিন্তু তোমাক
কাহানিও পাহৰিব নোৱাৰিব।
তুমি যে 'প্রেম' উপহাৰ দিছিলা তাইক এমিলি।
বাথৰুমৰ কঁপি উঠা দুৱাৰখন দেখি তুমি যে
তৃপ্তিৰ হাঁহি মাৰিছিলা, জানিছিলা তাৰসপ্তকত বাজি উঠা
মিলনৰ গান কিমান মধুৰ।

এমিলি, তুমি মোৰ আদৰ্শ
তুমি ছটিয়াই দিয়া সুখৰ
বৰষুণজাকত তিতি থকা মানুহবোৰ
দেখিলে মোৰ ক'ব মন যায়-
" এমিলি, মোৰ বুকুটো গুজি
দিয়া বৰষুণজাকৰ সৰু সৰু কণাবোৰ
এটা এটাকৈ।
মোকো শিকাই দিয়া তুমি
আনৰ বাবে গাই জীয়াই থকা গানৰ মিঠা সুৰ
এমিলি, মোকো বীলিন কৰি দিয়া তোমাৰ সত্ত্বাৰ বিশালতাত"

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
নিন' আহিছে ছোৱা তোমাক বিচাৰি...




-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

Wednesday, August 1, 2012

ব'হেমিয়ান


বুকুত উপঙি, 
পলকতে ডুব মাৰি
কিহৰ আনন্দত মতলীয়া হৈ'ছ 
মোৰ ৰক্তাভ আবেগ।

মন নদীৰ মথাউৰি ভাঙি
হ'বি নেকি তই 
কোনো অচিন দেশৰ
ব'হেমিয়ান, হিপ্পী?

নে হ'বৰ মন কোনো বিপ্লবীৰ
উদ্দাত্ত কন্ঠ?

ভঙুৱা বাবাৰ চৰণত সৰগ
বিচৰাৰ সপোন নেকি তোৰ?

নে ভাবিছ 
কোনো অচিন সাগৰ তীঁৰত 
আপোন এটি ঘৰ সঁজাৰ কথা 
কোনেও নেদেখাকৈ?

কিহৰ অপ্রাপ্তিত নিজকে দহিচ
ইমান উদ্বাউল হৈ? 

এইদৰে মাতাল ন'হবি

কুৱলীৰ বৰষুণ
নোহোৱা হয়
সুৰুজৰ পৰশত

তই মোৰ
মই তোৰ 

নাঙঠ শেতেলীৰ
আজন্ম প্রেম
আমাৰ 





-ৰক্তিম-
০১ আগষ্ট/১২
বেংগালুৰু

Wednesday, July 4, 2012




তোমাৰ যাত্রা সুখৰ হঁওক
__________________

"মৃত্যুওটো এক শিল্প
জীৱনৰ কঠিন শীলত কটা
এক নিৰ্লোভ ভাৰ্স্কয্য"

- শব্দৰ যাদুকৰজন শুই আছে একান্তমনে। 
আমণি নিদিবা, কবিতাৰ ভাগৰ লাগিছে।

হীৰুদাৰ অবয়ব, সত্ত্বা,অনুভব ঝংকাৰিত হৈ থাকিব 
'সুগন্ধি পখিলা' হৈ আমাৰ মনত চিৰকাল। 

তেজত আমৰণ ৰণুৱা ঘোঁৰা হৈ দৌৰি থাকিব হীৰুদাৰ শব্দৰ অনুভব।

হীৰুদা মনত নহয়, তেজত থকা এক সত্ত্বা,
মন জুৰ পেলোৱা শব্দৰ এচাটি বতাহ।

শব্দ থকালৈকে হীৰুদাও থাকিব  


হীৰু দা তোমাক হাঁহিৰে বিদায় দিছো,
তোমাৰ যাত্রা সুখৰ হওক।


-ৰক্তিম-