Friday, October 5, 2012

...শৰত কালি, আজি আৰু কালিলৈ



সীমাহীন উৎকন্ঠাৰে প্রতিটো শৰতক আদৰাতো এটা স্বতঃস্ফূৰ্ট ৰসাল আবেগ সকলোৰে বাবে। এই ৰসাল আবেগৰ ঢৌৱে কোবাই যোৱা ল'ৰালিৰ অনুভৱে প্রতিটো শৰততে মনটোক চঞ্চল কৰি তোলে। প্রতিটো শৰততে নিজকে উভতি চাও। প্রতিতো শৰততে অনুভৱ কৰো কিবা এটা হাতৰ মুঠিৰ পৰা  পিছলি গৈ আছে, লাহে লাহে। 


হাতত ৰঙা-নীলা বেলুন, চকুত ৰঙীন চশমা, হাতত বন্ধুক আৰু সৰু দেহাটোত লিপিট খাই থকা এযোৰ মৰমলগা নতুন পোচাকেৰে আৰাম্ভ হয় শৰত উৎসৱ 'দূৰ্গা পূজাৰ' প্রথম পুৱা। আইটাৰ ঘৰলৈ বুলি ওলাও পুৱা আঠ বজাতে ঠিক হিন্দী চিনেমাৰ কাইদাত ককালত বন্দুক খূঁচি। আইটাৰ ঘৰ আমাৰ ঘৰৰ পৰা এক মাইলমান আতৰত আছিল কিন্তু সেই সময়ত  এক মাইল পাৰ কৰি আইটাৰ ঘৰ পোৱা মানে এখন অন্য ৰাজ্যত সুমোৱা যেন লাগিছিল। আইটাৰ ঘৰ গৈ প্রথমেই কাক কাক চেলেঞ্জ কৰিম তাৰ তালিকা আমাৰ যৌথ পৰিয়ালটোৰ খূৰা-বৰদেউতাৰ ল'ৰাৰ লগত আগতেই প্রস্তুত কৰি ৰাখিছিলো। বহু ক্ষেত্রত যোৱা পূজাত ঘটা ফিল্মী ষ্টাইলত লগা কাইজীয়াৰ প্রতিশোধ ল'বলগীয়া আইতাৰ ঘৰৰ কাষৰ সমবয়সীয়া ল'ৰাবোৰৰে তালিকাখন ভৰি থাকে। কাক কেনেকৈ 'এটেক' কৰিম তাৰ ফুলপ্রুফ প্লেন এখনো বনাও যদিও যুদ্ধক্ষেত্রত সেইখন চুপাৰফ্লপ হয় প্রতিবাৰে।  ডাঙৰ হৈ বুজি উঠালৈকে আমি এনেদৰেই একেখিনি ল'ৰাই 
গম নোপোৱাকৈ শৰতৰ আমেজ লৈ লৈ কল্পনাৰে ভৰা এখন পৃথিবীত নিজকে 'হি-মেন', 'স্পাইডাৰ মেন' অথবা ৰামায়ণৰ 'ৰামচন্দ্র' বুলি ভাবি সকলোৱে ইটোৱে সিটোৰ লগত খুব যুঁজ দিলো । ঘৃণাহীন, নিষ্পাপ যুঁজ। চাৰিদিনৰ উন্মাদনাৰে ভৰা এই যুঁজৰ অন্ত হৈছিল বিজয়া দশমীৰ, ৰাৱন বধৰ দিনা । এতিয়া ঘৰলৈ গ'লে সিহতক পালে চুম্বকৰ দৰে অজানিতে ইটোৱে সিটোক সাৱতি ধৰি লিপিট খাঁও আৰু তেতিয়া অবতৰতো গোন্ধাই শৰত শৰত। সম্বন্ধবোৰৰ মাজত শৰত হয়তো এনেকৈয়ে লুকাই থাকে চিৰকাল। 

শৈশৱৰ পৰাই মোৰ জীৱনত শৰতে এক সুৰীয়া বৈশিষ্ট বহন কৰি আহিছে। এই পৃথিৱীত শৰত আগমনিৰ প্রথম বতৰা শৰতে কাণে কাণে যেন মোকহে কয়। খুব আত্মবিশ্বাসেৰে মোৰ পত্নী (তেতিয়াৰ বন্ধু)ক প্রায় ১০/১২ বছৰৰ পৰাই কৈ আহিছো 'লিপি, আজি শৰত সুমাল...' যেন শৰতৰ সৰ্বস্বত্ত্ব মোৰ নামতহে সংৰক্ষিত হৈ আছে। সজীৱ ৰ'দে-ফুলে-বতাহে নতুন কৰি তোলা মোৰ মনটোক আছলতে আন দহজনৰ দৰে আগমণিৰ ক্ষণতে আপোন কৰি পেলাই শৰতে। অহৰহ যেন কিবা এটা গুণগুাই থাকিম। শৰতৰ প্রতিটো পলতে মুঠি মাৰি ৰাখিম গীটাৰখন নিজ হাতত। শৰতৰ পুৱা যেন এটি মিঠা গীত অবিহনে উদাস। শৰতত সংগীত মোৰ প্রিয়ৰ পৰা প্রিয়তমা প্রেয়সী হয় যাৰ অবিহনে শৰতত এটি মূৰ্হুত্ব কটোৱাতো এক যাতনা।


মানুহবোৰ সঁচাকৈ নষ্টালজিক হয় এই বতৰত। নাকত শৰতৰ চিৰনতুন গোন্ধই কথাবোৰ এনেদৰেই মনত পেলাই। যোৱাকালিৰ কথাবোৰে আজি আহি মনৰ কোঠালীত খলকণি তোলে। শৰতে আবৰা শৈশবৰ দিনবোৰলৈ  উভতি চালে অলপ উদং উদং লাগে মনটো। "কিবা যেন নাই আজি নাই..."। শৰত আহিয়েই পৰিয়ালৰ এজন অদৃশ্য সদস্য হৈ পৰে। নিজৰ ঘৰত, আপোনজনাৰ লগত শৰতক উপভোগ কৰাৰ সমান আনন্দ আৰু কি হ'ব পাৰে ? পৃথিবীখন গোলকীয়া ধুমুহাই কোবাই গ'ল আৰু বহুতৰ পৰা আতৰাই লৈ গ'ল এনে এক শ্বাশ্বতঃ অনুভৱ উপলব্ধিৰ থল। কিমান যুক্তিসংগত তাৰ বাচ-বিচাৰ কৰিব নাযাও কিন্তু এই  মূৰ্হুত্ব মই অনুভৱ কৰো মই যেন এজন ক্লান্ত যোদ্ধা, যি যুদ্ধ জয় কৰিও অগনন মৃতদেহৰ মাজত নিৰ্বাক, স্থবিৰ, অশান্ত। শৰতৰ আবেগে টানি নিব বিচৰা মোৰ দুহাতত যেন প্রত্যাশিত বস্তুবাদৰ 
জিঞ্জিৰি। 


নাজানো মানুহৰ ভবিষ্যত কি? নাজানো কেতিয়া মানুহে নিজেই ৰবট হোৱাৰ দৌৰত ভাগ ল'ব? নাজানো মানুহে পৃথিবীৰ আটাইতকৈ উচ্চ অট্টালিকা বনোৱাৰ আৰু কিমান প্রতিযোগিতা কৰিব? কিন্তু দেহ-মন তিতাই যোৱা শৰত সিক্ত সেউজ অনুভৱে মানুহক প্রতিবাৰেই কে যাব.... 

" মই শৰত, মই মানুহৰ কোমল মনত পোহৰ বিলাই জীয়াই থাকো।
 মনবোৰ শিল নকৰিবা, মোৰ বাবে এটি কোঠালী সদায় ৰাখিবা। "



শৰত কালি, আজি আৰু কালিলৈ- শৰতৰ আজন্ম প্রেমিক মই........



-ৰক্তিম-
বাংগালুৰু
০৫ অক্টোবৰ/১২


Wednesday, October 3, 2012

পঁপীয়া তৰাৰ সাধু



ৰাতিৰ আকাশত
হঠাৎ উজলি উঠিছিল তৰাটো,

পৃথিবী উজলোৱা সপোনলৈ
দুৰ্বাৰ গতিৰে নামি আহি
ক'ত বা নোহোৱা হ'ল সি?



-ৰক্তিম-
০৩ অক্টোবৰ/১২

Tuesday, October 2, 2012

চিঠি

'আমি অসমীয়া'ৰ পত্রলেখা শিতানত প্রকাশিত মোৰ এখন চিঠি। ভনী মৈত্রেয়িৰ তাগিদাৰ ফল। ভনীলৈ মৰম আৰু কৃতজ্ঞতাৰে...





১৭ মে’-২০১১ 
লিপি,                                    

মোৰ মৰমবোৰ সদায় তোৰ। চিঠিৰ জৰিয়তে বেলেগে দিয়াৰ প্রয়োজন নাই বুলি তই ভালকৈ জান। তই ঘৰ যোৱা আজি প্রায় ৬ মাহেই হ’ল। তোৰ অবিহনে যে মই এটা দিনো ভালকৈ কটাব পাৰিম মই কল্পনাই কৰিব পৰা নাছিলোঁ কিন্তু চাই থাকোতেই ৬টা মাহ এচাটি চেঁচা বতাহৰ দৰে গালে-মুখে কোবাই পাৰ হৈ গ’ল। এটা কথা বুজিলোঁ যে ‘সময়’ এক যাদুকৰি শক্তি। 

চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে?  ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।

মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা।  এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই। 

কেতিয়াবা খুব খং উঠে জান, লিপি? এই ডাঙৰ কোম্পানীবোৰ, ডাঙৰ ডাঙৰ গাড়ীবোৰ, ব্যয় বহুল অট্টালিকাবোৰ দেখিলে এফালৰ পৰা ভাঙি চিঙি গুড়ি কৰি যাব মন যায়। মানুহৰ মৰমবোৰ এইবোৰ বস্তুৱে পুতি পুতি গৈ আছে। মানুহে মানুহৰ খবৰ লোৱাতকৈ গাড়ীখনৰ খবৰ দিবলৈ বেচি ভালপোৱা হৈছে। কাৰোবাক মাক-দেউতাকৰ কথা সুধিলে তাৰ চমুকৈ উত্তৰ এটা দি আমেৰিকাত বা বিদেশত গৈ কি কি কৰিলে তাৰ বিষয়ে ভাঁটৌটোৰ দৰে ৰচনা এখন মতাত ব্যস্ত হৈ পৰে। তই জান এই কৃত্রিমতা মই অতিকৈ ঘিণ কৰা বস্তুবোৰৰ মাজত এটা। এই মানুহবোৰে এটা সাধাৰণ কথা কিয় বুজি নাপায় যে আমিবোৰ, আমাৰ চাকৰিবোৰ এখন বজাৰৰহে অংশ মাথোন। জীৱনটো বজাৰ নহয়। মানুহ বজাৰৰ পণ্য সামগ্রী নহয়। মই বুজি নাপাও দুটা টকা, বহুজাতীক বজাৰৰ অলপ চকমমকীয়া পোঁহৰত কোনোবা কেনেকৈ এক বজাৰ সামগ্রী হৈ হাঁহি হাঁহি জীৱন কটাই দিব পাৰে, নিজৰ মূল পাহৰি। জীৱন জীয়াই থকাৰ নাম - মানুহ হৈ, স্বাধীন হৈ জীয়াই থকা। নিবিচৰাকৈ তোৰ পৰা আতৰত থকা যাতনা ভূগিছোঁ। মাত্র দুপইছাৰ বাবে মা-পিতাই, আপোনজন, আপোন মাটিৰ সুৱাস এৰি এই অচিন ঠাইত জীয়াই থকাৰ সংগ্রামত নামিছোঁ। জীয়াই থকাৰ কঠিন যুঁজত, সময়ৰ তীব্র ঢৌঁৱে কেতিয়া আনি মোক এইখিনি পোৱালেহি একো ধৰিবই নোৱাৰিলোঁ কিন্তু এতিয়া বুজিছোঁ কৰবাত কিবা এটা ডাঙৰ ভুল ৰৈ গ’ল। কথাবোৰ জুকিয়াই চাবৰ হ’ল। কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। আমাৰ মাটিত বোলে বীজ চটিয়ালেই দুদিন পিছত আপোনা-আপুনি ফলে ফুলে বাঢ়ি আহে গছ।

……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ…. 

….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।

মই ৰৈ আছোঁ- কেতিয়া মোৰ ঘৰৰ আবেলিৰ দুৱাৰ তই আকৌ খুলিবি, কেতিয়া ‘কিমে’ নেজ লৰাই লৰাই মোৰ চাৰিওফালে জপিয়াই মোৰ পৰা মৰম দাবী কৰিব, কেতিয়া মোৰ ঘৰখন ঝনঝনাই থাকিব কনমানিৰ কলকলনিত, কেতিয়া আমি আকৌ গান গাম দেওবাৰৰ আবেলি….

মা-দেউতালৈ সেৱা জনালোঁ।

                                    -ৰক্তিম-
                                    বাংগাল’ৰ

    (মোৰ পত্নী লিপি সন্তান সম্ভবা হৈ ঘৰত থকা সময়ত মই বাংগাল’ৰৰ পৰা লিখা। তাৰ ঠিক ৩ মাহ পিছত অৰ্থাৎ ১৭ আগষ্টত আমাৰ প্রথম সন্তান ‘য়ান্নি’ৰ জন্ম হয়।)




http://www.amiasomiya.org/literature/oct12-diary-1/dec12-letter/35-diary/467-oct12-letter?highlight=YTozOntpOjA7czoxODoi4Kew4KaV4KeN4Kak4Ka/4KauIjtpOjE7czoyNDoi4KaX4KeL4Ka44KeN4Kas4Ka%204Kau4KeAIjtpOjI7czo0Mzoi4Kew4KaV4KeN4Kak4Ka/4KauIOCml%20Cni%20CmuOCnjeCmrOCmvuCmruCngCI7fQ==

Monday, October 1, 2012

জাপানী কাৱৈ :: লকৈ ছাৰৰ জাপান যাত্রাৰ আঁৰৰ কাহিনী





লকৈ ছাৰ খুব ফুৰিছে। ৰাজপাতৰ পৰা নামিম বুলিলেও ৰাইজে নামিব নিদিয়ে।গান্ধাৰী লেখীয়া ৰাইজ লকৈ চাৰৰ চত্রছায়াত এনে সুখী যে তেওক সিংহাসনৰ বাহিৰে আন ঠাইত বহাটো সহ্যই কৰিব নোৱাৰে। কথাটো হ'ল এতিয়া বছৰৰ পিছত বছৰ কেৱল সিংহাসন বহি হেঃহেঃহেঃ বুলি হাঁহি হাঁহি ৰাইজৰ একেসোপা মুখ চাইনো কিমান দিন ঠাকিব। ৰিলেকচেচন বুলিটো কথা এটা আছে। আমেৰিকা, ইউৰোপ ফুৰি শেষ কৰিলে গতিকে এইবোৰ ক'লৈ যাব ভাবি ভাবি জাপান খন বিচাৰি উলিয়ালে। কিন্তু ঘপকৈ কেনেকৈ যাব ??? 



মন্ত্রণালয়ত মন্ত্রণা লোৱাৰ উদ্দেশ্যেৰে মন্ত্রী চিঃমন্তক সুধিলে- 

"চিঃমন্ত, ইমান গণ্ডোগোল কৰাৰ পিছতো তোমাক এনেই ৰাজপাত খাবলৈ বহুৱাই থোৱা নাই। উপায় দিয়া, কিন্তু তুমি কোৱাৰ দৰে তোমাৰ চিকচিকাই থকা টপা মুৰটো লেখিয়া বগা ফাঁকি এগাল কবলৈ ন'কবা। 'দিমাগ কি বত্তি জলোৱা' আৰু এটা ৰাইজক সন্তোষ্ট কৰিব পৰা উপায় (ফাঁকি) দিয়া। " 

..তলমুৰ কৰি কিছুপৰ উদং মুৰটো মোহাৰি মোহাৰি চিন্তা কৰাৰ পিছত চিঃমন্তৰ মুখখন উজলি উঠিল। বেকা হাঁহি এটা মাৰি হাতটো লাহেকৈ তললৈ নমাই আনি ক'লে-

"ছাৰ, পাই গ'লো। আপুনি টুপি পিন্ধাবটো?"

" হেঃ হেঃ হেঃ সেইটো সুধিব লাগে নেকি ? মিছা ক'লে কিডাল হ'ব
ইমানদিন এইফেৰাকে কৰিলো। মিছা মাতি মাতি এতিয়া ষ্টক নীল হৈ গ'ল।
তোমালোক যুৱচাম ভাই। ক্রিয়েটিভ মানুহ আইডিয়া দিয়া "

"...মই আছো চাৰ। মাজতে যি হ'ল সেয়া পাহৰক আৰু উপায় শুনক।"

"কোৱা"

"চাৰ,...

"হেই, কোৱা হে কি চাৰ চাৰ কৰি আছা.....হপলেচ ক'ৰবাৰ.."

" মানে আপুনি জাপান যাব বানপানী অধ্যয়ণ কৰিবলৈ। অসমত এতিয়া 
বান আহো আহো। কৰবাত অলপ অচৰপ পানী উঠিছেই। বান বেছি হৈ 
আহিলে যাব নোৱাৰিব। এতিয়াই যাওক। ৰাইজেও ভাল পাব - 
"..বোলো লকৈ ছাৰে যে ক'ত ক'ত হাবাথুৰী কাইছে আমাৰ কাৰণে..."

লকৈ ছাৰে চিঃমন্তৰ আইডিয়া শুনি আনন্দত ক'লৈ যাও ক'লৈ নাযাও হ'ল ।

"..কোনে কৈছে, কোনে কৈছে তুমি হপলেচ বুলি ?? চিঃমন্ত তুমি মোৰ 
মৰমেৰে সোণ বুলি টপককৈ চিঃমন্তৰ মুৰৰ টপাকনতে চুমা এটা খাই দিলে। ..

"এতিয়াই প্রেচ মাতি কৈ দিয়া এইবাৰ লকৈ ছাৰে বানপানীৰ জান খাই পেলাব।
এবাৰ জাপানৰ পৰা আহিব দিয়া বানপানীয়ে গম পাব কাৰ পাল্লাত পৰিলো।" 

চিঃমন্তই অ'কে ছাৰ বুলি কৈ হাঁহি হাঁহি ওলাই গ'ল লকৈ ছাৰৰ ৰুমৰ পৰা। প্রেচ মাতি খবৰ দিয়া হ'ল থিৰাং কৰা মতেই। ৰাইজেও ভাবিলে এইবাৰহে এইবাৰ। পাউডাৰ-চুনও লগাই চাই থাকোতেই লকৈ ছাৰ অসমৰ মিঠাপান এৰি জাপান পালেগৈ। জাপান পায়েই লকৈ ছাৰে শ্রীমতীক ঘেলঘেলাই হাঁহি ক'লে 

"টেকন'লজীৰ স্বৰ্গ এই জাপানতনো অসমৰ বানপানীৰ বিষয়ে কথা
পাতিম বুলি কঁওতে সকলোৱে বিশ্বাস কৰিব লাগেনে? বানপানী আমাৰ 
জাতীয় সম্পদ কেনেকৈ হেৰুৱাও কোৱা ডাৰ্লিং হেঃ হেঃ হেঃ ... মিছা 
ক'লে কিডাল হ'ব,"

জাপানৰ হাৱাত হাৱা-হাৱায়ে হৈ থকা ছাৰে 'চায়নাৰা' কবলৈ মনেই নকৰা হ'ল। কিন্তু ছাৰৰো দুৰ্কপাল জাপানী মইনাৰ লগত সাগৰৰ পাৰত 'চিকনি চামলী' খেলি থাকোতেই মহাবাহুৱে ১৫ খন জিলাত, ১৮জন মানুহ উটুৱাই নিয়াৰ লগতে ১৭ লাখ মানুহক ক্ষতিগ্রস্থ কৰিলে। খবৰ পাই লকৈ ছাৰে যেনেকৈ যি পাই সামৰি ঘৰলৈ বুলি উৰা মাৰিলে শুকাণ টেটু এটা লৈ। গোটেই বাটতো ছাৰৰ মুখ শুকান কাৰণ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কাৰো লগত একোৱেই নাছিল। এতিয়া গৈ ৰাইজক কি ক'ব ? বৰঝাৰতটো গাত পৰিবৈ এজাক শশুণ ৰখিয়েই আছে। ভাবি ভাবি ভয়তে লকৈ ছাৰে অগনণ বাৰ আকাশতে সৰু পনি চুলে। সৰু পানী দেখিলেও সেই সময়ত বানপানীলৈ মনত পৰাত লকৈ ছাৰ অবস্থা চাবলগীয়া হৈছিল। 

ঘটনা ধাৰণা কৰামেই ঘটিল। ছাৰে মুখত সদায় ৰখাৰ দৰে দুপলিকেট কনফিডেঞ্চেৰে ভৰা হেঃহেঃহেঃ হাঁহিটোৰে নামি আহিল মাটিলৈ। "এক্চপিৰিয়েঞ্চ মেটাৰ্চ আফটাৰ অ'ল"। বৰঝাৰতেই সাংবাদ

বৰঝাৰতেই সাংবাদিক মেল হ'ল। 

সাংবাদিকৰ প্রথম প্রশ্ন: লকৈ ছাৰ আপুনি বানপানী ৰোধ কৰিবলৈ জাপানৰ পৰা কি উপায় বিচাৰি আনিছে ? লকৈ ছাৰ: " হেঃ হেঃ 
হেঃ...মিছা ক'লে কিডাল হ'ব। জাপানত কৈ দিছে ভগবানেও বানপানী ৰখাব নোৱাৰে মইনো কোন কূটা...হেঃ হেঃ হেঃ.। শুনা দি
শুনা দিচ ইচ অলচ' এন ইমপৰটেন্ট মেটাৰ যে সিহতে কৈছে কলগছ ৰুব লাগে। জাপানীবোৰে বাৰে বাৰে কৈছে এই কথাটো 
কাৰণ এনে কৰিলে আমি কলো খাব পাৰিম ভূৰু বনাব পাৰিম, হয়নে নে নহয় ? মিছা ক'লে কিডাল হ'ব...মই আগতেই কৈছিলো....কলগছ ৰুৱা আৰু গ' গ্রীণ হোৱা ...তোমালোকে নুশুনিলা..... 

...লকৈ ছাৰে উত্তৰ দি গ'ল এনেদৰেই স্বভাৱজাতভাৱে কাৰণ তেঁও জানে তেঁওৰ এনে কথাশুনি হাত থাঁপৰি মৰা মানুহ এতিয়াও আমাৰ দেশত সৰহ সংখ্যাত আছে নহলেনো তেও এতিয়াও ৰজা হৈ থাকেনে ? ....


-ৰক্তিম-
০১ অক্টোবৰ/১২
বাংগালুৰু

পশ্চাৎ


যোৱাকালিৰ কথা,
শৰৎ আহিছিল শৈশৱ এবুকু লৈ
কণমাণি উদং দুভৰিত বিলীন হৈছিল 
নিয়ৰৰ কণাবোৰ উন্মুক্ত হৈ পুৱাৰ তন্দ্রাত...

তলসৰা শেৱালী বুটলি বুটলি 
শৰৎ আজি হ'ল...

দেবীৰ সমুখত
পিতাই দুহাত ধৰি সোধা
সৰল প্রশ্নবোৰ ??
"পিতাই অসূৰটোক কিয় মাৰিছে?"
"পিতাই কাৰ্তিক কোন?"

...ধূপ ধুণাৰে সুৱাসিত শৰতৰ
কোনো সপ্তমী অথবা অষ্টমীৰ পুৱা 
পিতায়ে কৈ যোৱা কাহিনীবোৰ 
বুকুৰ এচুকৰ এক চিৰ-নতুন অনুভৱ


...শৰৎ, শৰৎ গোন্ধাইছে,
মনটোত হঠাতে কি ফুলি
উঠিল পুৱতি নিশা ??




-ৰক্তিম-
বাংগালুৰু
০১ অক্টোবৰ/১২

Friday, September 28, 2012

উঁইয়ে খোৱা কিতাপ আৰু অলপ ফ্লেচবেক



ৰাতি হয়তো ১২.৩০ মান বাজিছিল। পিছদিনা পুৱাই কৰ্মস্থান বাংগালুৰু আহিব লাগিব। ছুটি শেষ। পত্নী, কণ্যাক তেজপুৰৰ ঘৰৰ পৰা বাংগালুৰু আনিবলৈ মাত্র ৫ টা মান দিনৰ ছুটি মঞ্জুৰি পাইছিলো। যাওতেই ভাবিছিলো এইবাৰ মোৰ পুৰণা কিতাপ অলপ আনিবই লাগিব যেনে তেনে। কিন্তু চাঁওতেই দিন কেইটা পাৰ হ'ল।জন্মৰ পিছত দ্বীতিয়বাৰ দেখা কণ্যা, বহু মাহৰ পিছত দেখা পত্নী, মা-পিতাই, পৰিয়ালৰ লগত দিন কেইটা কেনেকৈ হাতৰ মুঠিৰ পৰা পানী সৰকি যোৱাদি নাইকীয়া হ'ল গমেই নাপালো। শুবলৈ ধৰাৰ সময়ত হঠাৎ মনত পৰিল কিবা এটা ডাঙৰ বস্তু যেন যেন পাহৰিছো...

কিতাপ, কিতাপ...!!!!

একেজাপে বিচনাৰ জপিয়াই কিতাপবোৰ গোটাই থোৱা বাকচ, চেল্ফ আৰু কোঠালীবোৰৰ ওপৰৰ স্লেপবোৰ এফালৰ পৰা চলাথ কৰিব ধৰিলো। শুবলৈ ধৰা মা-পিতাই-ভাইটি সকলো এজন এজন কৈ উঠি আহি সহযোগ কৰিলে কিছু সময়ৰ পিছত। গালিও খালো শেষ ক্ষণলৈ কাম থৈ দিয়া বাবে। ঘৰত আগতে কোৱা হ'লে নিশ্চয় কিতাপবোৰ আগতিয়াকৈ উলিয়াই মেলি চাফা কৰি ৰাখিলে হয়।


মাজনিশা, অতি কম সময়ত ঘৰ ধূলিময় হ'ল । পুৰণা কিতাপৰ ধূঁলি খাই গোটেই কেইটাই খুব কাঁহিলো । বেয়াও লাগিছিল কিন্তু মা-পিতাই-ভাইটিয়ে দুপৰ নিশা ধূলি খাইয়ো ইমান আগ্রহেৰে কিতাপ বিচাৰি আছিল যে বাধা দিব মন ন'গল। এখন দুখনকৈ বিচৰা কিতাপবোৰৰ বুকুত মোৰ হাতৰ পৰশ পৰিল। প্রত্যেকখন কিতাপৰ মাজতে যেন মোৰ একো একোটা সময়ৰ একো কোটা বিশেষ অনুভৱ, আবেগ সঞ্চিত হৈ আছে। বাহ!! অনন্য অনুভৱ। প্রতিখন কিতাপে মনটোক যেন কোলাত তুলি উৰুৱাই লৈ গ'ল মোৰ আবেগেৰে সজোৱা সিহতৰ পুৰণি ঘৰলৈ। মেক্সিম গৰ্কী, লেনিন, চেখভে মূৰ্হুততে লৈ গ'ল ৰাছিয়াৰ কাৰখানা, কয়লাখনি, অলিগলি, ভডকা, শ্রমিক আৰু প্রেমৰ মাজলৈ। এক বুজাব নোৱাৰা অনুৱ। মোৰ ভাৱ হৈছিল কিতাপবোৰ যেন মোৰ বাবে 
ৰৈ ৰৈ ধূলি ধোৱাৰে আৱৰি শিল হৈ যাব ওলাইছিল। মোক যেন অভিমানেৰে চাই সিহতে কব -


"এনে কি বস্তু পালা যি আমাতকৈও সুন্দৰ আৰু বিশ্বাসী। এনে কি বস্তু পালা যাৰ বাবে তুমি তোমাৰ এসময়ৰ আটাইতকৈ প্রিয়বন্ধু বছৰ বছৰ ধৰি পাহৰি থাকিলা।"

 পুৰ্ণেন্দু পত্রীৰ মনোমোহা ছবিৰে বুঢ়াগোঁহাই ছাৰৰ কথোপকথনখন হাতত লওতে মনতো সেমেকি উঠিছিল কিবা এটা বস্তু হেৰুৱাৰ বেদনাত।

প্রায়বোৰ কিতাপৰ কিছু অংশ উঁইয়ে খাই পেলাইছিল। মোৰ আতাইতকৈ প্রিয় কিতাপ ৰিচাৰ্ড ল্যুয়েলীনৰ "হাও গ্রীণ ৱাজ মাই ভ্যেলী" খনত উঁই দেখি বিৰাট খং উঠিছিল। এই উঁইবোৰৰ আচলতে একো দোষ নাই। উঁইবোৰ প্রকৃততে জ্ঞানী। আমাক লাজ দিবলৈয়ে ইহতৰ জন্ম। আমি পাহৰা কিতাপবোৰ ইহতে আকোৱালী লয়। খং উঠিছিল যদিও কথাখিনি ভাবি হাঁহি উঠিল আৰু লাঁজো পালো। উঁইখোৱা প্রতিখন কিতাপৰ পৃষ্ঠা বোৰ দেখি মনত পৰিছিল কিতাপখন কিনাৰ কাহিনী। কলেজৰ ৫-১০ টকা পকেট মানি বচাই বচাই প্রায়বোৰ কিতাপ কিস্তি হিচাপত তেজপুৰৰ এখন বিখ্যাত কিতাপৰ দোকানৰ পৰা কিনিছিলো, কিছু কিনিছিলো প্রতিবছৰে আগ্রহেৰে ৰৈ থকা গ্রন্থমেলাৰ পৰা। কিস্তিৰ সুবিধাতো পাইছিলো কাৰণ দোকানৰ দাদা জনে মোক যথেষ্ট মৰম কৰিছিল আৰু তেখেত এজন ভাল কবিৰ লগতে কিতাপ অনুৰাগী আছিল। বহু কিতাপ গোট খাইছিলে ৫ম শ্রেণীৰ পৰা কলেজলৈকে, বিদ্যালয় আৰু কলেজ সপ্তাহত বিভিন্ন বিভাগত অংশ গ্রহণ কৰি পোৱা পুৰস্কাৰৰ জড়িয়তে। কিতাপবোৰৰ মাজত এন.বি.টিৰ নামটো জাকত জিলিকি আছিল। 


...কথাবোৰৰ মায়াত আৱু এক অচিন আবেগৰ ধুমুহাত গম নোপোৱাকৈয়ে সুগন্ধী পখিলাৰ লগতে সমীৰ তাঁতি, সৌৰভ শইকীয়া, নীলমণি ফুকন ছাৰৰ কবিতাবোৰ থিয়ইথিয়ই এফালৰ পৰা পঢ়ি গ'লো। ইতিমধ্যেই কিতাপবোৰ চাফা কৰি জাপি পেলওৱা হ'ল। মায়ে ভিতৰৰ পৰা মাত ল'গালে...



"ৰক্তিম ২ টা বাজিবৰ হ'ল। ৰাতিপুৱা ৫.৩০ টাতে ওলাব লাগিব, অলপ শুই ল।"


-ৰক্তিম-
বাংগালুৰু
২৮ চেপ্তেম্বৰ/১২
https://www.facebook.com/groups/axomiyakothabotora/permalink/442456285806873/

Thursday, September 27, 2012

নানা দেশ নানা গীত (৭)-(বিশেষ) -বব মাৰ্লীৰ জীৱনত এভূমুকি



বিশ্ব সংগীত অনুৰাগী সকলৰ বাবে বব মাৰ্লী এটা অতি পৰিচিত আৰু আবেদনময়ী নাম। ৰেগে আৰু জামাইকান সংগীতক বৈপ্লবীকভাবে জনপ্রিয় কৰি তুলা এই শিল্পীজনৰ সম্পূৰ্ণ নামটো আছিল নেষ্টা ৰবাৰ্ট বব মাৰ্লী-(Nesta Robert "Bob" Marley)। বব একেৰাহে আছিল এজন সুদক্ষ গীটাৰবাদক, গায়ক আৰু গীতিকাৰ। তেঁওৰ কলা নিদৰ্শনৰ প্রতিভাই বিশ্ব পটভূমিত এৰি থৈ যোৱা সাঁচ অনবদ্য। 

ফেব্রুৱাৰী ৬, ১৯৪৫ চনত ববৰ জন্ম হৈছিলে জামাইকাৰ 'নাইন মাইলচ' বুলি চেণ্ট এনৰ এটা দাতিকাষৰীয়া অঞ্চলত। ববক জন্ম দিয়াৰ সময়ত ববৰ মাক চেডেলা বুকাৰৰ বয়স আছিল মাথো ১৮ বছৰ। ববৰ দেউতাক আছিল এজন ৫০ বছৰীয়া বৃটিছ কেপ্তেইন ন'ৰভাল চিনক্লেয়াৰ মাৰ্লী, যি কৰ্মসূত্রে বহু সময়ৰ পৰা জামাইকাত আছিল। বব সৰু কালচোৱা মাকৰ লগত চেণ্ট এনত কটাইছিল আৰু পিছলৈ জামাইকাৰ ৰাজধানী কিংগচট'নলৈ গৈ তাতে নিগাজীকৈ বাস কৰিবলৈ লয়। শৈশৱ কটোৱা কিংগচট'নৰ ছেন্টি টাউনত ববৰ জীৱনৰ হিংসা আৰু দাৰিদ্রৰে ভৰা এক শোকাকুল অধ্যায় আছিল। কিংগচট'ন ষ্টেফনি বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি অতি কষ্টৰে এটি ৱেল্ডাৰৰ চাকৰি যোগাৰ কৰি সেই কামতে কিছুসময়লৈ ব্যস্ত থাকে।

গীৰ্জাত গোৱা ধৰ্মীয় গীত (church choir )সমূহেই ববৰ সাংগীতিক জীৱনৰ আৰম্ভনি বুলি ক'লে ভুল ন'হব। এই গীতসমূহৰ লগতে বন্ধুসকলৰ নিৰন্তৰ উৎসাহে ববক সংগীতৰ প্রতি বাৰুকৈ অনুপ্রাণিত কৰিলে। যৌবন কালছোৱাত এই church choir বোৰৰ জড়িয়তে ববে সংগীতৰ লগত নিজৰ পৰিচয় গাঢ় কৰিলে। ববে পিছলৈ খ্রীষ্টান ধৰ্ম এৰি ৰাষ্টাফাৰিয়ানিজম*(Rastafarianism)*ৰ আদৰ্শৰে নিজৰ জীৱন পৰিচালনা কৰাৰ সংকল্পৰে ধৰ্মান্তৰ হয়। ববে নিজৰ সাংগিতিক জীৱনত এই সিন্ধান্তৰ বাবে বহুবাৰ অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হয়।

ফেব্রুৱাৰী ১০, ১৯৬৬ চনত ববে এলফাৰিটা এন্ডাৰচনৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে। এলফাৰিটা এন্ডাৰচন ওৰফে ৰিতা ববৰ এবছৰ আগেয়ে পৰিচয় ঘটিছিল। ৰিতা এগৰাকী নাৰ্চৰ লগতে এগৰাকী গায়িকাও আছিল। ৰিতাৰ 'আই-থ্রি' বুলি নিজা এটা বেণ্ড আছিল যিটো পিছলৈ ববৰ বিখ্যাত বেণ্ড 'ৱেইলাৰচ'ৰ বেকআপ বেণ্ড হয়। ববৰ ৰিতাৰ মুঠ চেৰণ, জিগি, চিডিলা, ষ্টিভ
আৰু ডেমিয়েন নামেৰে পাচোটিকৈ সন্তানৰ গৰাকী হয় । এই পাঁচ সহোদৰে ডাঙৰ হৈ 'মেলডী মেকাৰ্চ' বুলি আন এক বেণ্ডৰ জন্ম দিয়ে।

আমেৰিকাত থকা কালছোৱাত ববে তেঁওৰ কেইজনমান বন্ধুৰ লগত একগোট হৈ The Wailers বুলি এটা বেণ্ডৰ জন্ম দিয়ে। বহু সংঘাটময় সময়ৰ পিছত ১৯৭২ চনত Island Recordsয়ে দিয়া এক সুযোগৰ সহযোগত The Wailers য়ে আন্তৰাষ্ট্রিয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। 

১৯৭৭ চনত মুকলি কৰা বব মাৰ্লীৰ "Exodus" নামৰ কেচেটক টাইমচ মেগাজিনে শতিকাৰ শ্রেষ্ঠ গীতৰ** কেচেট বুলি অভিহিত কৰিছিল আৰু বব মাৰ্লীৰ 'One Love' নামৰ গীতটিক BBC য়ে অভিহিত কৰিছিল 'Song of the Millennium.' ১৯৮৪ চনত বব মাৰ্লীৰ সংগীতৰ সংকলন "Legend" মুক্তি পোৱৰ পিছত ইয়াৰ বাৰ্ষিক বিক্রি প্রায় ২,৫০,০০০ লাখ। ববমাৰ্লীৰ সংগীত কেতিয়াও গ্রেমী বঁটাৰে বিভূষিত হোৱা নাই কিন্তু ২০০১ত মোৰণোত্তৰ ভাবে বব মাৰ্লী বিভূষিত হৈছিল গ্রেমীৰ 'The Grammy Lifetime Achievement Award'ৰে। 

বিংশ শতিকাৰ এই মহান শিল্পীজনৰ ১১ মে, ১৯৮১ চনত কেৱল মাত্র ৩৬ বছৰ বয়সত মৃত্যু হয়। ফুটবল খেল এখনত পোৱা ভৰিৰ আঘাট দেখুৱাবলৈ গৈ ধৰা পৰিছিল ববক ইতিমধ্যেই গ্রাস কৰি পেলোৱা মগজু, লিভাৰ আৰু লাং কেঞ্চাৰ। বব মাৰ্লীৰ মৃত্যু হ'লেও তেখেতৰ গীতবোৰ আৰু গীতৰ মাজেৰে ক'ব বিচৰা কথাবোৰ পৃথিবী আৰু মানুহৰ বাবে সদায় প্রাসংগিক হৈ ৰব।




'তেখেতৰ আত্মাই চিৰশান্তি লভক' 



-ৰক্তিম-
২৭ চেপ্তেম্বৰ/১২
বাংগালুৰু

*ৰাষ্টাফাৰিয়ানিজম-১৯৩০ৰ দশকত জামাইকাত গঢ় লোৱা এটা ধৰ্ম। উৎসুকসকলে সবিশেষ এই লিংকত পাব 
http://www.lastchanceministries.com/Rastafarianism.htm

**বব মাৰ্লীৰ কেইটামান শ্রেষ্ঠ গীতৰ তালিকা:

• One Love/People Get Ready
• No Woman, No Cry
• Three Little Birds
• Buffalo Soldier
• Redemption Song
• I Shot The Sheriff
• Stir It Up
• Get Up, Stand Up
• Is This Love
• Jammin'



site reference: 
wiki 

·          BobMarley.com,
·          members.tripod.com
·          www.essortment.com
·          www.lastchanceministries.com/

Wednesday, September 26, 2012

বিশ্ব ইতিহাসৰ চুকে-কোণে (২)/ৰাৱাণ্ডা গণসংহাৰ- এক ইতিহাস কঁপোৱা ৰক্তাক্ত অধ্যায়



১৯৯৪ চন।  ৰাৱাণ্ডা মুঠ জনসংখ্যাৰ মূলতঃ তিনিটা জনগোষ্ঠিত বিভক্ত হৈ আছিল। হুটু (৮৫%), টুটচি (১৪%)আৰু ট্যুা (১%). ১৯৯০ চনত ৰাজনৈতিক ভাবে শক্তিশালী হুটুসকলৰ মাজৰ চৰমপন্থী এচামে টুটচিসকলক পোনপটিয়াকৈ ৰোয়াণ্ডাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দূৰবস্তাৰ বাবেজগৰীয়া কৰিলে। টুটচিসকলক চৰকাৰবিৰোধী এটা উগ্রপন্থী গোট Rwandan Patriotic Front (RPF) তলে তলে পোহ পাল দি থকা বুলিও দোষাৰোপ কৰা হ'ল। জনসংযোগী সকলো মাধ্যম আৰু চৰকাৰী শক্তিসমূহৰ ভুল পৰিচালনাৰে তেতিয়াৰ ৰাষ্ট্রপতি হব্যাৰিমানায়ে ১৯৯২ৰ শেষৰ ফাললৈ হুটু আৰু টুটচিৰ মাজৰ শত্রুভাৱৰ ৰেখাডাল সুস্পষ্ট কৰি তুলিলে। ইয়াৰ কাৰণ আন একো নাছিল বৰং বিগত শাসনকালত টুটচি চৰকাৰে হুটু সকলৰ ওপৰত কৰা শোষণৰ পৰিণতিহে আছিল।

৬ এপ্রিল, ১৯৯৪। ৰাষ্ট্রপতি হব্যাৰিমানাকৰাষ্ট্


ৰাষ্ট্রপতি হব্যাৰিমানাক কঢ়িয়াই নিয়া এখন বিমান গুলিবৰ্ষণেৰে কঢ়িয়া ই ভূমিষ্ঠ কৰা হ'ল। ৰাষ্ট্রপতি হব্যাৰিমানা, যি এজন হুটু আছিল, তেখেতৰ নিমিষতে মৃত্যু হ'ল। মূৰ্হুততে বিয়পি পৰিল ৰক্তাক্ত সংঘাটৰ বিভীষিকা। এই যুদ্ধসম পৰিস্থিতিৰআঁৰতে নৈতিকভাবে সবল হুটু সকলৰ চৰমপন্থীসমূহে টুটচিসকলৰ অস্তিত্ব নাইকীয়া কৰি পেলোৱাৰ ভয়ানক পৰিকল্পনা হাতত ল'লে। ৰাজনেতাসকলে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বিপৰীতে সহমত দিলে নৰসংহাৰৰ এটা ইতিহাস কপোঁৱা ঘটনাক।



পৰিকল্পনাক অতি শীঘ্রে বাস্তবৰ শিহঁৰণকাৰী ৰূপ দিয়া হ'ল। টুটচি বুলি সন্দেহ কৰা প্রতিজন লোকক জধেমধে হত্যা কৰা হ'ল নৃশংসভাবে। প্রতিজন টুটচিৰ ঘৰত সোমাই একোটাকৈ পৰিয়ালক পলকতে শেষ কৰি পেলোৱা হ'ল। টুটচিসকল যাতে দেশৰ এৰি পলাব নোৱাৰে তাৰ বাবে দেশৰ পৰা বাহিৰ যাব পৰা প্রতিটো পথ বন্ধ কৰি তাত নিশ্চিদ্রঃ পহৰাৰ ব্যবস্থা কৰা হ'ল। পলাব বিচৰা বহু টুটচিক মাৰি পেলোৱা হ'ল পথৰ ওপৰতে। মহিলাসকলক প্রণালীবদ্ধভাবে আৰু অমানুষিকভাবে ধৰ্ষণ কৰা হ'ল। বহুতক হত্যা কৰা হ'ল গৰ্ভস্থ সন্তানসহ। এইটো ধাৰণা কৰা হয় যে প্রায় ২ লাখ মানুহক এই গণসংহাৰক বাস্তবৰূপ দিয়াৰ বাবে প্রস্তুত কৰা হৈছিল।


৬ এপ্রিল, ১৯৯৪ৰ পিছৰ মাত্র কেইটামান দিনৰ ভিতৰতে পুৰুষ, মহিলা, শিশু সহিতে প্রায় ৮লাখ (৮,০০০,০০) মানুহক শেষ কৰি পেলোৱা হ'ল যি মুঠ টুটচি জনসংখ্যাৰ প্রায় ৭৫ শতাংশ আছিল। এই নৰসংহাৰ ইমান মাৰাত্মক আছিল যে একেসময়তে টুটচি হত্যাৰ বিৰোধ কৰা বহু হাজাৰ হুটু লোককো তেঁওলোকে মানবীয়তা সমৰ্থন কৰা বাবে জাতিদ্রোহী আখ্যা দি নিঃশেষ কৰি

পেলোৱা হৈছিল।




এই নৰমেধ জজ্ঞ সদায় হোৱাৰ দৰে ৰাজনেতা আৰু সমাজৰ এলিট চামৰ এক পৰিকল্পনা আছিল নিজকে ক্ষমতাশালী কৰি ৰখাৰ স্বাৰ্থত। এই অমানবীয় পৰিস্থিতিৰ তেতিয়াহে শাম কাটিছিল যেতিয়া টুটচি উগ্রপন্থী সংগঠন Rwandan Patriotic Front (RPF) য়ে পিছলৈ হুটু সকলক হৰুৱাই তেওলোকৰ শাসক প'ল কাগামেক ৰাষ্ট্রপতিৰ পদত অধিষ্ঠিত কৰাইছিল। এক কথাত সকলো  ৰাৱাণ্ডা বাসীয়ে এই ভয়ানক ঘটনাৰ বাবে দায়ী আৰু বিশ্ব দৰবাৰৰ আনসকলো ক্ষমতাশালী চৰকাৰ আৰু মানুহ এই ঘটনা হৈ যাব দিয়াৰ বাবে চিৰকাল লাজৰ সমভাগী হৈ থাকিব।




বিঃদ্রঃ এই বিষয়ক লৈ ২০০৪ চনত বনোৱা Hotel Rwanda এখন ভাল ছবি আগ্রহীজনে চাব পাৰে।



(ছবিঃ উগাণ্ডাৰ এটা টুটচি শৰণাৰ্থী শিবিৰৰ পৰা টুটচি সকলক বহিষ্কাৰ কৰা সময়ত মৃত সন্তানক হাতত লৈ থকা অবস্থাত এজন পিতৃ।)



চিত্র উৎস: http://worldpoliticsuncovered.wordpress.com

Saturday, September 22, 2012

কুকুৰ



Bird of Prey, Bird of Prey 
Flying high, Flying high 
In the summer sky......

ৰিণিকি ৰিণিকি মৰিচনৰ মাতত গীতটি ভাহি আহিছিল দুপৰ নিশাৰ নিস্তব্ধতা ভেদি। মানসৰ মনটো অলপ সজীৱ হ'ল দুপৰ নিশা এই গীতৰ যাযাবৰী আবেশত। কি কৰিব ? টোপনি কেতিয়াবাই ফাইচিটিকা মাৰিলে চকুৰ পৰা। চিন্তাৰ বিশাল যন্ত্র এটা শুবলৈ ধৰিলেই ঘৰ ঘৰ শব্দ কৰি মগজুৰ ভিতৰত চলিবলৈ আৰম্ভ কৰে। এবাৰ ইফালে, এবাৰ সিফালে বাগৰি সলালেও কামত নাহে। গাৰুটোত মুৰটো থলেই যেন প্রাণ পই উঠে মেচিনটোৱে। গঢ়ি যায় এটাৰ পিছত আন এটা ভয়ানক চিন্তাৰ ফচল।

...মানসে এম.এ পাছ কৰিলে আজি কিছু বছৰ আগেয়ে। প্রাক্-প্রাথমিক, প্রাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক,স্নাতকোত্তৰ এডাল বেচ শকত আবত শিক্ষাৰ ৰেখা এডালৰ ওপৰেদি এখোপ এখোপকৈ জুপি জুপি বগাই আহি শিক্ষা সাং কৰিলে সি। কিন্তু কিয় কৰিলে? এটি খোজৰ পিছত আনটো খোজ দিবলৈ ইমান কম সময় আৰু ঠাই আছিল যে অলপ পৰ ৰখি কোনফালে যোৱাটো উচিত তাক ভাবি চাবলৈ সময়ে নাপালে। আজি ২৮ টা বছৰ গ'ল । এতিয়া তাৰ হাতত সময়ে সময়। দিনত সময়, আবেলি সময়, ৰাতি দুপৰলৈকে সময়। 

"বাপেৰৰ টকা কেইটাৰে টেটুলৈকে ভাত গাল গিলিবলৈ লাজ নালাগে? ছঁবি আকি দেখুৱাব আহিছে। কোনে কিনিব তোৰ ছঁবি? ৰং কিনিবলৈ পইছা কেইটা মোক খোজ। গলগ্রহ হবলৈ ইমান পঢ়ালো-শুনালো।"

...ওলাই আহিছিল ঘৰৰ পৰা মানস। অভিমান কৰি নহয়, অলপ নিস্তব্ধতা বিচাৰি। ৰং ভাল পোৱা মানসৰ জীৱনটো ৰং ভালপোৱাৰ বাবেই বগা-ক'লা ছবিৰ লেখীয়া হ'ল। ঘৰৰ পৰা সি বেংগল'ৰ গুচি আহিছিল পোনে পোনে। বন্ধুৰ মূখেৰে শুনিছিল ইয়াত চাকৰি অসমৰ দৰে এক দূৰ্লভ বস্তু নহয়। এটা ক'ল চেণ্টাৰত কাম কৰাৰ সহজতে সুযোগ পাইছিলে মানসে। কম সময়তে সি নিশাচৰ হ'ল। পলকতে তাৰ ৰঙৰে আবৰি থকা জীৱনটো বগা গাড়ীবোৰ আৰু বগা পোচাকী গাড়ীচালকবোৰে সামৰি পেলালে। সি নাম দিলে চহৰখনৰ - "Bangalore- The City of White Cabs"। টোপনি খেদি খেদি চাওতেই বহুদিন পাৰ হ'ল। অলপ ভাল টোপনিৰ চিন্তাই বহুদিনৰ পৰা তাক নিজৰ পৰা আতৰাই ৰাখিছিল। এটা ৰুমৰ কোঠালী, ঘৰত দি থৈ যোৱা ভাতৰ টোপোলা আৰু নিশাৰ ৯ ঘন্টাৰ কৰ্মব্যস্ততাক কেন্দ্র কৰি ঘূৰি থাকিল মানসৰ জীৱন নামৰ চকৰিটো। 

"এখন নামি চহৰ, বিদেশী কম্পেনীত কষ্ট আৰু যোগ্যতাৰে অৰ্জা ধন, ঘৰৰ কিছু দায়িত্ব। বছৰ ১/২ বাৰকৈ ঘৰ গৈ মা-পিতাই, বন্ধু বান্ধবক লগ ধৰো। - সকলোতো স্থিৰ, মেঠমেটিকেলি কৰেক্ট। নাই সকলো স্থিৰ নহয়। মোৰ মনটো কিবা কাৰণত স্থিৰ নহয়। ............কৰবাত কিবা এটা ভুল হৈ আছে যি মোক
অশান্তিত ৰাখিছে। সকলো থাকিও, সকলো কৰিও কিহৰ এই উদং উদং ভাৱ? কিয় কোনো এক অজ্ঞাত অনুভৱে তিলতিলকৈ চেপি-খূন্দি মোক বাৰে বাৰে কিবা এটা সকীয়াই দিব খূজিছে? কিয় অনুভৱ হয় বাৰে বাৰে - মহাকাশত ওপঙি ফুৰা মই যেন এডাল বিশাল শিপাহীন গছ ..." 

.... বাস্তবৰ দুহাত ধৰি ওলমি থকা সময়ে তৰপে তৰপে ৰুকি ৰুকি পেলায় যায় জীৱনৰ মিচা বোৰ। চকামকা পোহৰত পলকতে চকুমুদি আমিবোৰে সেইফালে চাই চকু মেলো যি ফালে পোহৰ স্থিৰ। অত্যাধিক যান্ত্রিকতা আৰু গতানুগতিকতাই মানসৰ জীৱনৰ পৰা কাঢ়ি নিয়া ৰঙবোৰে, মানসৰ ছবিবোৰে লাহে লাহে মানসক বছিকৈ আমণি কৰি আহিব ধৰিলে। অহৰহ নিজৰ পৰা নিজকে লুকুৱাব বিচাৰি
লুকুৱাব নোৱাৰাৰ এক অসঁহনীয় যন্ত্রনাই লাহে লাহে কোঙা কৰি আহিছিল মানসক মানসিক ভাবে। সি প্রায়েই কৈছিল -"অমূল্য বৰুৱাৰ খাবলৈ জীয়াই থকা 'কুকুৰ'টোক হেনো মাৰি পেলোৱাই ভাল কাৰণ তাৰ ভাগৰ খাদ্যভাগ তেতিয়া জীয়াই থাকিবলৈ খোৱা কুকুৰ এটাৰ কামত আহিব।" 

...মানসে চাকৰি বাদ দিলে..আজি এসপ্তাহ আগতে। বাহিৰৰ পৃথিবীখনত তাৰ নিজকে নাঙঠ নাঙঠ অনুভৱ হৈছিল। সি বিচৰা কাপোৰযোৰো যে আনৰ হাতত বিচাৰি নাপালে। তাৰ অকলশৰীয়া কোঠালীতে নিজকে আবদ্ধ কৰি ৰাখিছে কিবা এটাৰ সন্ধানত, আঁকি গৈছে এখনৰ পিছত আনখন কোনেও নুবুজা ছঁবি। তাৰ সময়বোৰ অকস্মাৎ ৰখি গ'ল কিবা এটা বিচাৰি। ঘৰখন, ঘৰখনে স্থিৰ কৰা তাৰ ভবিষ্যত, তাৰ শিক্ষা, তাৰ চাকৰি, তাৰ দায়িত্ব আৰু তাৰ ছঁবিবোৰৰ মাজতে কিবা এটা বিচাৰি আছে আজি কিছুদিনৰ পৰা সি। এটা যঁট আছে কৰবাত। মাৰ পেঁটতে আৰম্ভ হৈ এই মহানগৰৰ যান্ত্রিকতালৈকে বিষাক্ত বৰলৰ জাকৰ দৰে খেদি ফুৰা প্রশ্নবোৰৰ উত্তৰবোৰ এই যঁট ভাঙিলেই ওলাব। মানস পুৱাৰ পৰা দুপৰ নিশালৈকে এতিয়া উত্তৰৰ সন্ধানত যি উত্তৰৰ অবিহনে সি হয়তো তাৰ কোঠালীৰ বাহিৰলৈ কাহাঁনিও ওলাই আহিব নোৱাৰিব....

..পুৱতি নিশা, মানসৰ চিলিমিলিকৈ অলপ টোপনি আহিছে। দূৰণিৰ হয়তো আন কোনো এক মানসৰ কোঠালীত দূৰু দূৰুকৈ এতিয়াও বাজি আছে গীতটি.....

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Am i going to die ? 

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Take me on your flight.....




-ৰক্তিম-
বাংগালুৰু
২২-চেপ্তেম্বৰ/১২

Saturday, September 1, 2012

ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাই মানুহ আৰু স্বাভাবিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিলে পণ্ডিত, মন্ত্রী, সমাজসেৱক, মুক্তিযোদ্ধা আদিৰে ভৰপূৰ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত পৰিয়ালৰ জীয়ৰি। দুয়োটা পৰিয়ালতে সংগীত চৰ্চা হৈছিল যদিও দেউতাৰহত ফালে মানুহবোৰ বহু আগবঢ়া আছিল এই দিশত। কোনো যদি  অঁনাতাৰ শিল্পী,
কোনো দূৰদৰ্শনৰ। কোনোবা যদি কোনো গীতত বিদ্যালয় সপ্তাহত প্রথম হৈছে কোনো হৈছে সদৌ অসম ভিত্তিত। বিহু, হূচৰি অন্যান্য বহু কথা।

মোৰ তেজলৈও  স্বাভাবিকতে আহিল বংশসূত্রে সংগীত প্রীতি। একো ডাঙৰ কথা নহয়। কিন্তু জুই সেইদিনাৰ লাগিছিল যিদিনা যৌথ গোঁসাই পৰিয়ালৰ ডাঙৰ ঘৰটোৰ এটা ৰুমৰ পৰা 'We Didn't Start the fire' নামৰ Grammy Nominated ইংৰাজী গীত এটি বাজি উঠিছিল। নিশ্চয় মোৰ ১৪ গোষ্ঠিত বজা
প্রথম ইংৰাজী গীত আছিল চাগৈ। মই সঠিককৈ জনা নাছিলো আৰু বুজিবও পৰা নাছিলো ভুলটো ক'ত হ'ল। এটা যেন অপৰাধ কৰিলো। বহুদিন বহুতৰ  বহু কথা  শুনিও মই এৰা নাছিলো ইংৰাজী সংগীত শুনিবলৈ। বন্ধুমহলৰ পৰা গ'ম পালো ইংৰাজী গীত শুনা সকলোৰে ঘৰত একেই পৰিস্থিতি।  (১৯৯২-৯৩ চনৰ কথা)


এখন বেলেগ দেশৰ গীত শুনাত বাধা কিয় আৰোপ কৰা হৈছিল সেইটো আজিও মোৰ প্রশ্ন আৰু সেইটো লৈ মই আজিও বহুতৰ লগত যুক্তিযুদ্ধত অনিশ্চা স্বতেও লিপ্ত হ'ব লগা হয়। গীত আৰু সংগীতৰ মাজত বিশাল প্রভেদ আছে। সংগীতৰ বিশাল পৰিধিৰ মাজত গীত  হৈছে এটা গুৰুত্বপূৰ্ণ অংগ মাথো। ঠিক প্রকৃতিৰ সংগীতৰ মাজত 'কুলি'ৰ মাতটোৰ দৰে। সেইদৰেই প্রভেদ আছে গীত  ভালপোৱা আৰু সংগীত
ভালপোৱা মানুহৰ মাজত। ভাষিক সংকীৰ্ণতাৰ সংগীতত কোনো স্থান নাই। ইংৰাজী গীত বা আন বিদেশী গীত বুলিলে অলপ হেয় জ্ঞান কৰাতো কি ধৰণৰ মানসিকতা আৰু ই বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত মাজত কিয় ইমান গাঢ় হৈ গঢ় লৈ উঠিছিল তাৰ গ্রহনযোগ্য সঠিক উত্তৰ এটা মই এতিয়ালৈকে পোৱা নাই। লোকৰ গীত মাত  শুনিলে বা লোকৰ গীত মাতৰ লগত চিনাকী হ'লে আমাৰ গীত মাত বোৰ কেনেকৈ  নষ্ট হ'ব? সংগীত সম্প্রীতিৰ  এডাল চিৰযুগমীয়া এনাজৰী। হাজৰখন মিটিং, হাজাৰটা বাতৰিয়ে, হাজাৰ চৰকাৰি পৰিকল্পনাই লৰাব নোৱাৰা মানুহৰ মনবোৰত কেৱল মাত্র গীতৰ এটা কলিয়ে আবেগৰ ঢৌ তুলিব পাৰে। সম্প্রীতিৰ এই  এনাজৰীডালক ভাষাৰ পোছাক পিন্ধাই 'আমাৰবোৰৰ সংস্কৃতি, সিহতবোৰৰ  অপ-সংস্কৃতি' জাতীয় ধাৰণা সৰুতে মগজুত গুজি দিয়াৰ চেষ্টা কৰাতো মোৰ মনত
এতিয়া 'সংস্কৃতিক তালিবানী মনোবৃত্তি' যেন লাগে।

এই সংস্কৃতিক গোড়ামীৰ কাৰণ কি মধ্যবিত্তৰ সকলো ক্ষেত্রতে ঠকা 'Sense of Insecurity'?  আৰু যদি হয় তেনেহ'লে এই ভয় ভাৱ মূল্যহীন কাৰণ এটা জাতিৰ গীত-মাত সংস্কৃতি এখন সময়ৰ লগত গতি, মোৰ সলনি কৰি গৈ থকা নৈৰ দৰে। এইখিনিতে মই এটা কথা কৈ থও যে সংস্কৃতি ৰক্ষা কৰাতো প্রয়োজন কিন্তু তাৰ খাতিৰত ইয়াক চেপা মাৰি বুকুত সাবতি ৰাখিলে ই মৰহি যাব। 

এটা সাধাৰণ অনুভব। যোৱা বছৰ বিহুৰ বতৰত এগৰাকী আমেৰিকান মহিলাই আহি গুৱাহাটিত বিহু মৰা বাতৰিতো চায় বহুতৰে আনন্দত বুকু উথলি উঠিছিল।কৈ গৌৰব অনুভৱ কৰিছিল যে আমেৰিকাতো আমাৰ বিহুৰ নাম আছে। ভাল কথা। এনে গৌৰব আদৰণীয়। প্রশ্ন হৈছিল মই তেনেহ'লে ইংৰাজী গীত এটা গালে এনেবোৰ মানুহে 'গোঁসাইৰ পুতেক লণ্ডনৰ চাহাব ওলাব আহিছে" অথবা " লোকে গীটাৰহে বজায়" আদি ইতিকিং কৰা মন্তব্য কেনেকৈ দিব পাৰিছিলে? "আমাৰটো আদৰিলে ভাল, তেওলোকৰ আদৰিলে অপসংস্কৃতি"।

এই কথাখিনিৰে মই নিজ সংস্কৃতি পাহৰিপাশ্চাত্যৰ 'অন্ধ-অনুকৰণ' কৰা সকলৰ প্রতি কোনো আন্তৰিকতা দেখুওৱা নাই আৰু অন্ধ-অনুকৰণৰ কথাটো আগত ৰাখি এইখিনি কথা পঢ়িলে মোৰ ভাব বুজোটে উজুটি খাব।

মই মোৰ সময়ত মোৰ মনে বিচৰা আৰু আনে বা সমাজে যুক্তিহীন ভাবে নিবিচৰা সকলো কাম যুক্তিৰে প্রমাণ কৰি বুকু ফিণ্ডাই কৰি গৈছিলো। মোৰ চুলি দীঘল বুলি লৈ ঘটা ঘটনাবোৰ বাৰু নকলোৱেই এতিয়া। তথাপিও ক'ব বিচাৰো  মোৰ চুলি তেতিয়াও দীঘল আছিলে আৰু আজিও আছে। কেতিয়াবা খঙতে কোনোবাই কিবা ক'লে কও -

" দুনীয়াত ইমান কথা শিকিব-বুজিব-কৰিব আছে যে চুলিৰ কথা ভাবি
চুলি কাটিবলৈ সময়ে উলিয়াব পৰা নাই। আপোনাৰ হাতত মোৰ চুলিৰ
কথা ভাবি, তাৰ ওপৰত চিন্তা কৰি মোক পৰামৰ্শ দিব পৰাকৈ সময় থকা
দেখি হিংসাই লাগিছে।"

 মই বা মোৰ বন্ধু সকলে ভুগা এই দণ্ডবোৰৰ কিমান অপ্রয়োজনীয় আছিল ভাবিলে বেয়া লাগে। 'জেনেৰচন গেপ' কথাটো নিশ্চয় আহে কিন্তু তাৰ আঁৰত দূৰ্বল চিন্তা আৰু সংকীৰ্ণতাক প্রশ্রয় দিয়াতো হয়তো মুঠেই সমোচিত ন'হব।মনত আন এটা সংস্কৃতিৰ লগত চিনাকী হোৱাৰ হেঁপাহৰ লগতে তাৰ প্রতি 
'গ্রহণযোগ্যতা' নাথাকে তেনেহ'লে ই এটা নিশ্চিতই চিন্তনীয় বিষয়। ভাল আৰু বেয়া উপাদান বিচাৰিলে সকলোতে ওলাব। কিন্তু প্রয়োজন সাপেক্ষে  এটা নতুন সংস্কৃতিৰ লগত অপ্রয়োজনীয় দণ্ডৰ মুখামুখি নোহোৱাকৈ পৰিচয়  হ'ব পৰাকৈ আৰু তাৰ উচিত বাচ বিচাৰ কৰি ভালখিনি আকোৱালি ল'ব
পৰাকৈ এটা পৰিবেশ আজিৰ তাৰিখত অন্ততঃ নিত্যান্তই প্রয়োজনীয়। মই জানো বা মোৰ দৰে বহুতে এইটো ভালকৈ জানে যে ১৫-২০ বছৰ আগতে ইংৰাজী সংগীত শুনাৰ বাবে আমাক ভুল বুলি বুজাবলৈ কোৱা কথাবোৰহে  প্রকৃততে কিমান ভুল আছিল।

শংকৰ দেবৰ বৰগীতৰ 'সা' স্বৰ আৰু বিথোফেনৰ চিম্ফনিৰ 'চি' ন'টতোৰ মাজত কোনো প্রভেদ নাই তেনেক্ষেত্রত ভৌগলিক সীমাৰে সংগীতৰ মহান সত্ত্বাক টুকুৰা টুকুৰ কৰি জ্ঞাতে-অজ্ঞাতে বিদ্বেষ ভাবৰ জন্ম দিয়াতো সংগীতৰ প্রতি কৰা ঘোৰ অন্যায় আৰু ই সদায় অপ্রত্যাশিত।


-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

এমিলি


মোৰ এখন অতি প্রিয় ছবি 'এমিলি'-এখন ফ্ৰেন্স ছবি। ছবিখন চালে প্রত্যেকবাৰেই মোৰ মনটো এক অন্য স্তৰলৈ উৰা মাৰে... একপ্রকাৰৰ মনটো ভাল লগা এক নতুন অনুভূতিয়ে বাঁহ লয়. মনৰ অনুভৱ খিনি শব্দৰে গাঁঠি পেলালো..




এমিলি
_____

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
তুমি আছা কাৰণে আমিবোৰ আছো
তুমি আছা কাৰণে
আজিও আছে "ভালবোৰ" পৃথিবীত
উজ্জ্বল দুচকুৰে পোহৰ চটিয়াই।

অ, মই জানো তুমি কি ভালপোৱা।
মই জানো তুমি কেনেদৰে বিচাৰি লোৱা আনন্দ
জীৱনৰ সৰু সৰু বস্তুবোৰৰ,
সৰু সৰু ঘটনাবোৰৰ মাজত।

মই দেখিছিলো কি দৰে তোমাৰ 'মা' হেৰাই গৈছিল।
গুচি গৈছিল দেউতা, তোমাক এৰি।

তোমাৰ কল্পনাৰ ডেইকাৰে পাৰ কৰা
তোমাৰ শৈশৱৰ খিলখিলাই থকা হাঁহিবোৰে
জানো তোমাক বুজিব দিলে নিঃসংগতা কি ?

আৰু বাঢ়ি অহা তোমাৰ দুষ্টামিবোৰ ?
তুমি কৰা নিশাৰ এন্ধাৰত চহৰখনত হোৱা
আদিম প্রেমৰ হিচাপবোৰ...
মই বুজি পাও তাৰ মাজতো তুমি
বিচৰা লোৱা দুষ্টামিৰে ভৰা আনন্দৰ আমেজ।

অহৰহ একেখন ছবি আঁকি থকা
'গ্লাচমেনে' তোমাক
আমণি দিছিল নেকি?

'মন্টমাৰটেৰ' তোমাৰ বন্ধুৱে কিন্তু তোমাক
কাহানিও পাহৰিব নোৱাৰিব।
তুমি যে 'প্রেম' উপহাৰ দিছিলা তাইক এমিলি।
বাথৰুমৰ কঁপি উঠা দুৱাৰখন দেখি তুমি যে
তৃপ্তিৰ হাঁহি মাৰিছিলা, জানিছিলা তাৰসপ্তকত বাজি উঠা
মিলনৰ গান কিমান মধুৰ।

এমিলি, তুমি মোৰ আদৰ্শ
তুমি ছটিয়াই দিয়া সুখৰ
বৰষুণজাকত তিতি থকা মানুহবোৰ
দেখিলে মোৰ ক'ব মন যায়-
" এমিলি, মোৰ বুকুটো গুজি
দিয়া বৰষুণজাকৰ সৰু সৰু কণাবোৰ
এটা এটাকৈ।
মোকো শিকাই দিয়া তুমি
আনৰ বাবে গাই জীয়াই থকা গানৰ মিঠা সুৰ
এমিলি, মোকো বীলিন কৰি দিয়া তোমাৰ সত্ত্বাৰ বিশালতাত"

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
নিন' আহিছে ছোৱা তোমাক বিচাৰি...




-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু