Friday, September 28, 2012

উঁইয়ে খোৱা কিতাপ আৰু অলপ ফ্লেচবেক



ৰাতি হয়তো ১২.৩০ মান বাজিছিল। পিছদিনা পুৱাই কৰ্মস্থান বাংগালুৰু আহিব লাগিব। ছুটি শেষ। পত্নী, কণ্যাক তেজপুৰৰ ঘৰৰ পৰা বাংগালুৰু আনিবলৈ মাত্র ৫ টা মান দিনৰ ছুটি মঞ্জুৰি পাইছিলো। যাওতেই ভাবিছিলো এইবাৰ মোৰ পুৰণা কিতাপ অলপ আনিবই লাগিব যেনে তেনে। কিন্তু চাঁওতেই দিন কেইটা পাৰ হ'ল।জন্মৰ পিছত দ্বীতিয়বাৰ দেখা কণ্যা, বহু মাহৰ পিছত দেখা পত্নী, মা-পিতাই, পৰিয়ালৰ লগত দিন কেইটা কেনেকৈ হাতৰ মুঠিৰ পৰা পানী সৰকি যোৱাদি নাইকীয়া হ'ল গমেই নাপালো। শুবলৈ ধৰাৰ সময়ত হঠাৎ মনত পৰিল কিবা এটা ডাঙৰ বস্তু যেন যেন পাহৰিছো...

কিতাপ, কিতাপ...!!!!

একেজাপে বিচনাৰ জপিয়াই কিতাপবোৰ গোটাই থোৱা বাকচ, চেল্ফ আৰু কোঠালীবোৰৰ ওপৰৰ স্লেপবোৰ এফালৰ পৰা চলাথ কৰিব ধৰিলো। শুবলৈ ধৰা মা-পিতাই-ভাইটি সকলো এজন এজন কৈ উঠি আহি সহযোগ কৰিলে কিছু সময়ৰ পিছত। গালিও খালো শেষ ক্ষণলৈ কাম থৈ দিয়া বাবে। ঘৰত আগতে কোৱা হ'লে নিশ্চয় কিতাপবোৰ আগতিয়াকৈ উলিয়াই মেলি চাফা কৰি ৰাখিলে হয়।


মাজনিশা, অতি কম সময়ত ঘৰ ধূলিময় হ'ল । পুৰণা কিতাপৰ ধূঁলি খাই গোটেই কেইটাই খুব কাঁহিলো । বেয়াও লাগিছিল কিন্তু মা-পিতাই-ভাইটিয়ে দুপৰ নিশা ধূলি খাইয়ো ইমান আগ্রহেৰে কিতাপ বিচাৰি আছিল যে বাধা দিব মন ন'গল। এখন দুখনকৈ বিচৰা কিতাপবোৰৰ বুকুত মোৰ হাতৰ পৰশ পৰিল। প্রত্যেকখন কিতাপৰ মাজতে যেন মোৰ একো একোটা সময়ৰ একো কোটা বিশেষ অনুভৱ, আবেগ সঞ্চিত হৈ আছে। বাহ!! অনন্য অনুভৱ। প্রতিখন কিতাপে মনটোক যেন কোলাত তুলি উৰুৱাই লৈ গ'ল মোৰ আবেগেৰে সজোৱা সিহতৰ পুৰণি ঘৰলৈ। মেক্সিম গৰ্কী, লেনিন, চেখভে মূৰ্হুততে লৈ গ'ল ৰাছিয়াৰ কাৰখানা, কয়লাখনি, অলিগলি, ভডকা, শ্রমিক আৰু প্রেমৰ মাজলৈ। এক বুজাব নোৱাৰা অনুৱ। মোৰ ভাৱ হৈছিল কিতাপবোৰ যেন মোৰ বাবে 
ৰৈ ৰৈ ধূলি ধোৱাৰে আৱৰি শিল হৈ যাব ওলাইছিল। মোক যেন অভিমানেৰে চাই সিহতে কব -


"এনে কি বস্তু পালা যি আমাতকৈও সুন্দৰ আৰু বিশ্বাসী। এনে কি বস্তু পালা যাৰ বাবে তুমি তোমাৰ এসময়ৰ আটাইতকৈ প্রিয়বন্ধু বছৰ বছৰ ধৰি পাহৰি থাকিলা।"

 পুৰ্ণেন্দু পত্রীৰ মনোমোহা ছবিৰে বুঢ়াগোঁহাই ছাৰৰ কথোপকথনখন হাতত লওতে মনতো সেমেকি উঠিছিল কিবা এটা বস্তু হেৰুৱাৰ বেদনাত।

প্রায়বোৰ কিতাপৰ কিছু অংশ উঁইয়ে খাই পেলাইছিল। মোৰ আতাইতকৈ প্রিয় কিতাপ ৰিচাৰ্ড ল্যুয়েলীনৰ "হাও গ্রীণ ৱাজ মাই ভ্যেলী" খনত উঁই দেখি বিৰাট খং উঠিছিল। এই উঁইবোৰৰ আচলতে একো দোষ নাই। উঁইবোৰ প্রকৃততে জ্ঞানী। আমাক লাজ দিবলৈয়ে ইহতৰ জন্ম। আমি পাহৰা কিতাপবোৰ ইহতে আকোৱালী লয়। খং উঠিছিল যদিও কথাখিনি ভাবি হাঁহি উঠিল আৰু লাঁজো পালো। উঁইখোৱা প্রতিখন কিতাপৰ পৃষ্ঠা বোৰ দেখি মনত পৰিছিল কিতাপখন কিনাৰ কাহিনী। কলেজৰ ৫-১০ টকা পকেট মানি বচাই বচাই প্রায়বোৰ কিতাপ কিস্তি হিচাপত তেজপুৰৰ এখন বিখ্যাত কিতাপৰ দোকানৰ পৰা কিনিছিলো, কিছু কিনিছিলো প্রতিবছৰে আগ্রহেৰে ৰৈ থকা গ্রন্থমেলাৰ পৰা। কিস্তিৰ সুবিধাতো পাইছিলো কাৰণ দোকানৰ দাদা জনে মোক যথেষ্ট মৰম কৰিছিল আৰু তেখেত এজন ভাল কবিৰ লগতে কিতাপ অনুৰাগী আছিল। বহু কিতাপ গোট খাইছিলে ৫ম শ্রেণীৰ পৰা কলেজলৈকে, বিদ্যালয় আৰু কলেজ সপ্তাহত বিভিন্ন বিভাগত অংশ গ্রহণ কৰি পোৱা পুৰস্কাৰৰ জড়িয়তে। কিতাপবোৰৰ মাজত এন.বি.টিৰ নামটো জাকত জিলিকি আছিল। 


...কথাবোৰৰ মায়াত আৱু এক অচিন আবেগৰ ধুমুহাত গম নোপোৱাকৈয়ে সুগন্ধী পখিলাৰ লগতে সমীৰ তাঁতি, সৌৰভ শইকীয়া, নীলমণি ফুকন ছাৰৰ কবিতাবোৰ থিয়ইথিয়ই এফালৰ পৰা পঢ়ি গ'লো। ইতিমধ্যেই কিতাপবোৰ চাফা কৰি জাপি পেলওৱা হ'ল। মায়ে ভিতৰৰ পৰা মাত ল'গালে...



"ৰক্তিম ২ টা বাজিবৰ হ'ল। ৰাতিপুৱা ৫.৩০ টাতে ওলাব লাগিব, অলপ শুই ল।"


-ৰক্তিম-
বাংগালুৰু
২৮ চেপ্তেম্বৰ/১২
https://www.facebook.com/groups/axomiyakothabotora/permalink/442456285806873/

Thursday, September 27, 2012

নানা দেশ নানা গীত (৭)-(বিশেষ) -বব মাৰ্লীৰ জীৱনত এভূমুকি



বিশ্ব সংগীত অনুৰাগী সকলৰ বাবে বব মাৰ্লী এটা অতি পৰিচিত আৰু আবেদনময়ী নাম। ৰেগে আৰু জামাইকান সংগীতক বৈপ্লবীকভাবে জনপ্রিয় কৰি তুলা এই শিল্পীজনৰ সম্পূৰ্ণ নামটো আছিল নেষ্টা ৰবাৰ্ট বব মাৰ্লী-(Nesta Robert "Bob" Marley)। বব একেৰাহে আছিল এজন সুদক্ষ গীটাৰবাদক, গায়ক আৰু গীতিকাৰ। তেঁওৰ কলা নিদৰ্শনৰ প্রতিভাই বিশ্ব পটভূমিত এৰি থৈ যোৱা সাঁচ অনবদ্য। 

ফেব্রুৱাৰী ৬, ১৯৪৫ চনত ববৰ জন্ম হৈছিলে জামাইকাৰ 'নাইন মাইলচ' বুলি চেণ্ট এনৰ এটা দাতিকাষৰীয়া অঞ্চলত। ববক জন্ম দিয়াৰ সময়ত ববৰ মাক চেডেলা বুকাৰৰ বয়স আছিল মাথো ১৮ বছৰ। ববৰ দেউতাক আছিল এজন ৫০ বছৰীয়া বৃটিছ কেপ্তেইন ন'ৰভাল চিনক্লেয়াৰ মাৰ্লী, যি কৰ্মসূত্রে বহু সময়ৰ পৰা জামাইকাত আছিল। বব সৰু কালচোৱা মাকৰ লগত চেণ্ট এনত কটাইছিল আৰু পিছলৈ জামাইকাৰ ৰাজধানী কিংগচট'নলৈ গৈ তাতে নিগাজীকৈ বাস কৰিবলৈ লয়। শৈশৱ কটোৱা কিংগচট'নৰ ছেন্টি টাউনত ববৰ জীৱনৰ হিংসা আৰু দাৰিদ্রৰে ভৰা এক শোকাকুল অধ্যায় আছিল। কিংগচট'ন ষ্টেফনি বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি অতি কষ্টৰে এটি ৱেল্ডাৰৰ চাকৰি যোগাৰ কৰি সেই কামতে কিছুসময়লৈ ব্যস্ত থাকে।

গীৰ্জাত গোৱা ধৰ্মীয় গীত (church choir )সমূহেই ববৰ সাংগীতিক জীৱনৰ আৰম্ভনি বুলি ক'লে ভুল ন'হব। এই গীতসমূহৰ লগতে বন্ধুসকলৰ নিৰন্তৰ উৎসাহে ববক সংগীতৰ প্রতি বাৰুকৈ অনুপ্রাণিত কৰিলে। যৌবন কালছোৱাত এই church choir বোৰৰ জড়িয়তে ববে সংগীতৰ লগত নিজৰ পৰিচয় গাঢ় কৰিলে। ববে পিছলৈ খ্রীষ্টান ধৰ্ম এৰি ৰাষ্টাফাৰিয়ানিজম*(Rastafarianism)*ৰ আদৰ্শৰে নিজৰ জীৱন পৰিচালনা কৰাৰ সংকল্পৰে ধৰ্মান্তৰ হয়। ববে নিজৰ সাংগিতিক জীৱনত এই সিন্ধান্তৰ বাবে বহুবাৰ অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হয়।

ফেব্রুৱাৰী ১০, ১৯৬৬ চনত ববে এলফাৰিটা এন্ডাৰচনৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে। এলফাৰিটা এন্ডাৰচন ওৰফে ৰিতা ববৰ এবছৰ আগেয়ে পৰিচয় ঘটিছিল। ৰিতা এগৰাকী নাৰ্চৰ লগতে এগৰাকী গায়িকাও আছিল। ৰিতাৰ 'আই-থ্রি' বুলি নিজা এটা বেণ্ড আছিল যিটো পিছলৈ ববৰ বিখ্যাত বেণ্ড 'ৱেইলাৰচ'ৰ বেকআপ বেণ্ড হয়। ববৰ ৰিতাৰ মুঠ চেৰণ, জিগি, চিডিলা, ষ্টিভ
আৰু ডেমিয়েন নামেৰে পাচোটিকৈ সন্তানৰ গৰাকী হয় । এই পাঁচ সহোদৰে ডাঙৰ হৈ 'মেলডী মেকাৰ্চ' বুলি আন এক বেণ্ডৰ জন্ম দিয়ে।

আমেৰিকাত থকা কালছোৱাত ববে তেঁওৰ কেইজনমান বন্ধুৰ লগত একগোট হৈ The Wailers বুলি এটা বেণ্ডৰ জন্ম দিয়ে। বহু সংঘাটময় সময়ৰ পিছত ১৯৭২ চনত Island Recordsয়ে দিয়া এক সুযোগৰ সহযোগত The Wailers য়ে আন্তৰাষ্ট্রিয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। 

১৯৭৭ চনত মুকলি কৰা বব মাৰ্লীৰ "Exodus" নামৰ কেচেটক টাইমচ মেগাজিনে শতিকাৰ শ্রেষ্ঠ গীতৰ** কেচেট বুলি অভিহিত কৰিছিল আৰু বব মাৰ্লীৰ 'One Love' নামৰ গীতটিক BBC য়ে অভিহিত কৰিছিল 'Song of the Millennium.' ১৯৮৪ চনত বব মাৰ্লীৰ সংগীতৰ সংকলন "Legend" মুক্তি পোৱৰ পিছত ইয়াৰ বাৰ্ষিক বিক্রি প্রায় ২,৫০,০০০ লাখ। ববমাৰ্লীৰ সংগীত কেতিয়াও গ্রেমী বঁটাৰে বিভূষিত হোৱা নাই কিন্তু ২০০১ত মোৰণোত্তৰ ভাবে বব মাৰ্লী বিভূষিত হৈছিল গ্রেমীৰ 'The Grammy Lifetime Achievement Award'ৰে। 

বিংশ শতিকাৰ এই মহান শিল্পীজনৰ ১১ মে, ১৯৮১ চনত কেৱল মাত্র ৩৬ বছৰ বয়সত মৃত্যু হয়। ফুটবল খেল এখনত পোৱা ভৰিৰ আঘাট দেখুৱাবলৈ গৈ ধৰা পৰিছিল ববক ইতিমধ্যেই গ্রাস কৰি পেলোৱা মগজু, লিভাৰ আৰু লাং কেঞ্চাৰ। বব মাৰ্লীৰ মৃত্যু হ'লেও তেখেতৰ গীতবোৰ আৰু গীতৰ মাজেৰে ক'ব বিচৰা কথাবোৰ পৃথিবী আৰু মানুহৰ বাবে সদায় প্রাসংগিক হৈ ৰব।




'তেখেতৰ আত্মাই চিৰশান্তি লভক' 



-ৰক্তিম-
২৭ চেপ্তেম্বৰ/১২
বাংগালুৰু

*ৰাষ্টাফাৰিয়ানিজম-১৯৩০ৰ দশকত জামাইকাত গঢ় লোৱা এটা ধৰ্ম। উৎসুকসকলে সবিশেষ এই লিংকত পাব 
http://www.lastchanceministries.com/Rastafarianism.htm

**বব মাৰ্লীৰ কেইটামান শ্রেষ্ঠ গীতৰ তালিকা:

• One Love/People Get Ready
• No Woman, No Cry
• Three Little Birds
• Buffalo Soldier
• Redemption Song
• I Shot The Sheriff
• Stir It Up
• Get Up, Stand Up
• Is This Love
• Jammin'



site reference: 
wiki 

·          BobMarley.com,
·          members.tripod.com
·          www.essortment.com
·          www.lastchanceministries.com/

Wednesday, September 26, 2012

বিশ্ব ইতিহাসৰ চুকে-কোণে (২)/ৰাৱাণ্ডা গণসংহাৰ- এক ইতিহাস কঁপোৱা ৰক্তাক্ত অধ্যায়



১৯৯৪ চন।  ৰাৱাণ্ডা মুঠ জনসংখ্যাৰ মূলতঃ তিনিটা জনগোষ্ঠিত বিভক্ত হৈ আছিল। হুটু (৮৫%), টুটচি (১৪%)আৰু ট্যুা (১%). ১৯৯০ চনত ৰাজনৈতিক ভাবে শক্তিশালী হুটুসকলৰ মাজৰ চৰমপন্থী এচামে টুটচিসকলক পোনপটিয়াকৈ ৰোয়াণ্ডাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দূৰবস্তাৰ বাবেজগৰীয়া কৰিলে। টুটচিসকলক চৰকাৰবিৰোধী এটা উগ্রপন্থী গোট Rwandan Patriotic Front (RPF) তলে তলে পোহ পাল দি থকা বুলিও দোষাৰোপ কৰা হ'ল। জনসংযোগী সকলো মাধ্যম আৰু চৰকাৰী শক্তিসমূহৰ ভুল পৰিচালনাৰে তেতিয়াৰ ৰাষ্ট্রপতি হব্যাৰিমানায়ে ১৯৯২ৰ শেষৰ ফাললৈ হুটু আৰু টুটচিৰ মাজৰ শত্রুভাৱৰ ৰেখাডাল সুস্পষ্ট কৰি তুলিলে। ইয়াৰ কাৰণ আন একো নাছিল বৰং বিগত শাসনকালত টুটচি চৰকাৰে হুটু সকলৰ ওপৰত কৰা শোষণৰ পৰিণতিহে আছিল।

৬ এপ্রিল, ১৯৯৪। ৰাষ্ট্রপতি হব্যাৰিমানাকৰাষ্ট্


ৰাষ্ট্রপতি হব্যাৰিমানাক কঢ়িয়াই নিয়া এখন বিমান গুলিবৰ্ষণেৰে কঢ়িয়া ই ভূমিষ্ঠ কৰা হ'ল। ৰাষ্ট্রপতি হব্যাৰিমানা, যি এজন হুটু আছিল, তেখেতৰ নিমিষতে মৃত্যু হ'ল। মূৰ্হুততে বিয়পি পৰিল ৰক্তাক্ত সংঘাটৰ বিভীষিকা। এই যুদ্ধসম পৰিস্থিতিৰআঁৰতে নৈতিকভাবে সবল হুটু সকলৰ চৰমপন্থীসমূহে টুটচিসকলৰ অস্তিত্ব নাইকীয়া কৰি পেলোৱাৰ ভয়ানক পৰিকল্পনা হাতত ল'লে। ৰাজনেতাসকলে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বিপৰীতে সহমত দিলে নৰসংহাৰৰ এটা ইতিহাস কপোঁৱা ঘটনাক।



পৰিকল্পনাক অতি শীঘ্রে বাস্তবৰ শিহঁৰণকাৰী ৰূপ দিয়া হ'ল। টুটচি বুলি সন্দেহ কৰা প্রতিজন লোকক জধেমধে হত্যা কৰা হ'ল নৃশংসভাবে। প্রতিজন টুটচিৰ ঘৰত সোমাই একোটাকৈ পৰিয়ালক পলকতে শেষ কৰি পেলোৱা হ'ল। টুটচিসকল যাতে দেশৰ এৰি পলাব নোৱাৰে তাৰ বাবে দেশৰ পৰা বাহিৰ যাব পৰা প্রতিটো পথ বন্ধ কৰি তাত নিশ্চিদ্রঃ পহৰাৰ ব্যবস্থা কৰা হ'ল। পলাব বিচৰা বহু টুটচিক মাৰি পেলোৱা হ'ল পথৰ ওপৰতে। মহিলাসকলক প্রণালীবদ্ধভাবে আৰু অমানুষিকভাবে ধৰ্ষণ কৰা হ'ল। বহুতক হত্যা কৰা হ'ল গৰ্ভস্থ সন্তানসহ। এইটো ধাৰণা কৰা হয় যে প্রায় ২ লাখ মানুহক এই গণসংহাৰক বাস্তবৰূপ দিয়াৰ বাবে প্রস্তুত কৰা হৈছিল।


৬ এপ্রিল, ১৯৯৪ৰ পিছৰ মাত্র কেইটামান দিনৰ ভিতৰতে পুৰুষ, মহিলা, শিশু সহিতে প্রায় ৮লাখ (৮,০০০,০০) মানুহক শেষ কৰি পেলোৱা হ'ল যি মুঠ টুটচি জনসংখ্যাৰ প্রায় ৭৫ শতাংশ আছিল। এই নৰসংহাৰ ইমান মাৰাত্মক আছিল যে একেসময়তে টুটচি হত্যাৰ বিৰোধ কৰা বহু হাজাৰ হুটু লোককো তেঁওলোকে মানবীয়তা সমৰ্থন কৰা বাবে জাতিদ্রোহী আখ্যা দি নিঃশেষ কৰি

পেলোৱা হৈছিল।




এই নৰমেধ জজ্ঞ সদায় হোৱাৰ দৰে ৰাজনেতা আৰু সমাজৰ এলিট চামৰ এক পৰিকল্পনা আছিল নিজকে ক্ষমতাশালী কৰি ৰখাৰ স্বাৰ্থত। এই অমানবীয় পৰিস্থিতিৰ তেতিয়াহে শাম কাটিছিল যেতিয়া টুটচি উগ্রপন্থী সংগঠন Rwandan Patriotic Front (RPF) য়ে পিছলৈ হুটু সকলক হৰুৱাই তেওলোকৰ শাসক প'ল কাগামেক ৰাষ্ট্রপতিৰ পদত অধিষ্ঠিত কৰাইছিল। এক কথাত সকলো  ৰাৱাণ্ডা বাসীয়ে এই ভয়ানক ঘটনাৰ বাবে দায়ী আৰু বিশ্ব দৰবাৰৰ আনসকলো ক্ষমতাশালী চৰকাৰ আৰু মানুহ এই ঘটনা হৈ যাব দিয়াৰ বাবে চিৰকাল লাজৰ সমভাগী হৈ থাকিব।




বিঃদ্রঃ এই বিষয়ক লৈ ২০০৪ চনত বনোৱা Hotel Rwanda এখন ভাল ছবি আগ্রহীজনে চাব পাৰে।



(ছবিঃ উগাণ্ডাৰ এটা টুটচি শৰণাৰ্থী শিবিৰৰ পৰা টুটচি সকলক বহিষ্কাৰ কৰা সময়ত মৃত সন্তানক হাতত লৈ থকা অবস্থাত এজন পিতৃ।)



চিত্র উৎস: http://worldpoliticsuncovered.wordpress.com

Saturday, September 22, 2012

কুকুৰ



Bird of Prey, Bird of Prey 
Flying high, Flying high 
In the summer sky......

ৰিণিকি ৰিণিকি মৰিচনৰ মাতত গীতটি ভাহি আহিছিল দুপৰ নিশাৰ নিস্তব্ধতা ভেদি। মানসৰ মনটো অলপ সজীৱ হ'ল দুপৰ নিশা এই গীতৰ যাযাবৰী আবেশত। কি কৰিব ? টোপনি কেতিয়াবাই ফাইচিটিকা মাৰিলে চকুৰ পৰা। চিন্তাৰ বিশাল যন্ত্র এটা শুবলৈ ধৰিলেই ঘৰ ঘৰ শব্দ কৰি মগজুৰ ভিতৰত চলিবলৈ আৰম্ভ কৰে। এবাৰ ইফালে, এবাৰ সিফালে বাগৰি সলালেও কামত নাহে। গাৰুটোত মুৰটো থলেই যেন প্রাণ পই উঠে মেচিনটোৱে। গঢ়ি যায় এটাৰ পিছত আন এটা ভয়ানক চিন্তাৰ ফচল।

...মানসে এম.এ পাছ কৰিলে আজি কিছু বছৰ আগেয়ে। প্রাক্-প্রাথমিক, প্রাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক,স্নাতকোত্তৰ এডাল বেচ শকত আবত শিক্ষাৰ ৰেখা এডালৰ ওপৰেদি এখোপ এখোপকৈ জুপি জুপি বগাই আহি শিক্ষা সাং কৰিলে সি। কিন্তু কিয় কৰিলে? এটি খোজৰ পিছত আনটো খোজ দিবলৈ ইমান কম সময় আৰু ঠাই আছিল যে অলপ পৰ ৰখি কোনফালে যোৱাটো উচিত তাক ভাবি চাবলৈ সময়ে নাপালে। আজি ২৮ টা বছৰ গ'ল । এতিয়া তাৰ হাতত সময়ে সময়। দিনত সময়, আবেলি সময়, ৰাতি দুপৰলৈকে সময়। 

"বাপেৰৰ টকা কেইটাৰে টেটুলৈকে ভাত গাল গিলিবলৈ লাজ নালাগে? ছঁবি আকি দেখুৱাব আহিছে। কোনে কিনিব তোৰ ছঁবি? ৰং কিনিবলৈ পইছা কেইটা মোক খোজ। গলগ্রহ হবলৈ ইমান পঢ়ালো-শুনালো।"

...ওলাই আহিছিল ঘৰৰ পৰা মানস। অভিমান কৰি নহয়, অলপ নিস্তব্ধতা বিচাৰি। ৰং ভাল পোৱা মানসৰ জীৱনটো ৰং ভালপোৱাৰ বাবেই বগা-ক'লা ছবিৰ লেখীয়া হ'ল। ঘৰৰ পৰা সি বেংগল'ৰ গুচি আহিছিল পোনে পোনে। বন্ধুৰ মূখেৰে শুনিছিল ইয়াত চাকৰি অসমৰ দৰে এক দূৰ্লভ বস্তু নহয়। এটা ক'ল চেণ্টাৰত কাম কৰাৰ সহজতে সুযোগ পাইছিলে মানসে। কম সময়তে সি নিশাচৰ হ'ল। পলকতে তাৰ ৰঙৰে আবৰি থকা জীৱনটো বগা গাড়ীবোৰ আৰু বগা পোচাকী গাড়ীচালকবোৰে সামৰি পেলালে। সি নাম দিলে চহৰখনৰ - "Bangalore- The City of White Cabs"। টোপনি খেদি খেদি চাওতেই বহুদিন পাৰ হ'ল। অলপ ভাল টোপনিৰ চিন্তাই বহুদিনৰ পৰা তাক নিজৰ পৰা আতৰাই ৰাখিছিল। এটা ৰুমৰ কোঠালী, ঘৰত দি থৈ যোৱা ভাতৰ টোপোলা আৰু নিশাৰ ৯ ঘন্টাৰ কৰ্মব্যস্ততাক কেন্দ্র কৰি ঘূৰি থাকিল মানসৰ জীৱন নামৰ চকৰিটো। 

"এখন নামি চহৰ, বিদেশী কম্পেনীত কষ্ট আৰু যোগ্যতাৰে অৰ্জা ধন, ঘৰৰ কিছু দায়িত্ব। বছৰ ১/২ বাৰকৈ ঘৰ গৈ মা-পিতাই, বন্ধু বান্ধবক লগ ধৰো। - সকলোতো স্থিৰ, মেঠমেটিকেলি কৰেক্ট। নাই সকলো স্থিৰ নহয়। মোৰ মনটো কিবা কাৰণত স্থিৰ নহয়। ............কৰবাত কিবা এটা ভুল হৈ আছে যি মোক
অশান্তিত ৰাখিছে। সকলো থাকিও, সকলো কৰিও কিহৰ এই উদং উদং ভাৱ? কিয় কোনো এক অজ্ঞাত অনুভৱে তিলতিলকৈ চেপি-খূন্দি মোক বাৰে বাৰে কিবা এটা সকীয়াই দিব খূজিছে? কিয় অনুভৱ হয় বাৰে বাৰে - মহাকাশত ওপঙি ফুৰা মই যেন এডাল বিশাল শিপাহীন গছ ..." 

.... বাস্তবৰ দুহাত ধৰি ওলমি থকা সময়ে তৰপে তৰপে ৰুকি ৰুকি পেলায় যায় জীৱনৰ মিচা বোৰ। চকামকা পোহৰত পলকতে চকুমুদি আমিবোৰে সেইফালে চাই চকু মেলো যি ফালে পোহৰ স্থিৰ। অত্যাধিক যান্ত্রিকতা আৰু গতানুগতিকতাই মানসৰ জীৱনৰ পৰা কাঢ়ি নিয়া ৰঙবোৰে, মানসৰ ছবিবোৰে লাহে লাহে মানসক বছিকৈ আমণি কৰি আহিব ধৰিলে। অহৰহ নিজৰ পৰা নিজকে লুকুৱাব বিচাৰি
লুকুৱাব নোৱাৰাৰ এক অসঁহনীয় যন্ত্রনাই লাহে লাহে কোঙা কৰি আহিছিল মানসক মানসিক ভাবে। সি প্রায়েই কৈছিল -"অমূল্য বৰুৱাৰ খাবলৈ জীয়াই থকা 'কুকুৰ'টোক হেনো মাৰি পেলোৱাই ভাল কাৰণ তাৰ ভাগৰ খাদ্যভাগ তেতিয়া জীয়াই থাকিবলৈ খোৱা কুকুৰ এটাৰ কামত আহিব।" 

...মানসে চাকৰি বাদ দিলে..আজি এসপ্তাহ আগতে। বাহিৰৰ পৃথিবীখনত তাৰ নিজকে নাঙঠ নাঙঠ অনুভৱ হৈছিল। সি বিচৰা কাপোৰযোৰো যে আনৰ হাতত বিচাৰি নাপালে। তাৰ অকলশৰীয়া কোঠালীতে নিজকে আবদ্ধ কৰি ৰাখিছে কিবা এটাৰ সন্ধানত, আঁকি গৈছে এখনৰ পিছত আনখন কোনেও নুবুজা ছঁবি। তাৰ সময়বোৰ অকস্মাৎ ৰখি গ'ল কিবা এটা বিচাৰি। ঘৰখন, ঘৰখনে স্থিৰ কৰা তাৰ ভবিষ্যত, তাৰ শিক্ষা, তাৰ চাকৰি, তাৰ দায়িত্ব আৰু তাৰ ছঁবিবোৰৰ মাজতে কিবা এটা বিচাৰি আছে আজি কিছুদিনৰ পৰা সি। এটা যঁট আছে কৰবাত। মাৰ পেঁটতে আৰম্ভ হৈ এই মহানগৰৰ যান্ত্রিকতালৈকে বিষাক্ত বৰলৰ জাকৰ দৰে খেদি ফুৰা প্রশ্নবোৰৰ উত্তৰবোৰ এই যঁট ভাঙিলেই ওলাব। মানস পুৱাৰ পৰা দুপৰ নিশালৈকে এতিয়া উত্তৰৰ সন্ধানত যি উত্তৰৰ অবিহনে সি হয়তো তাৰ কোঠালীৰ বাহিৰলৈ কাহাঁনিও ওলাই আহিব নোৱাৰিব....

..পুৱতি নিশা, মানসৰ চিলিমিলিকৈ অলপ টোপনি আহিছে। দূৰণিৰ হয়তো আন কোনো এক মানসৰ কোঠালীত দূৰু দূৰুকৈ এতিয়াও বাজি আছে গীতটি.....

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Am i going to die ? 

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Take me on your flight.....




-ৰক্তিম-
বাংগালুৰু
২২-চেপ্তেম্বৰ/১২

Saturday, September 1, 2012

ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাই মানুহ আৰু স্বাভাবিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিলে পণ্ডিত, মন্ত্রী, সমাজসেৱক, মুক্তিযোদ্ধা আদিৰে ভৰপূৰ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত পৰিয়ালৰ জীয়ৰি। দুয়োটা পৰিয়ালতে সংগীত চৰ্চা হৈছিল যদিও দেউতাৰহত ফালে মানুহবোৰ বহু আগবঢ়া আছিল এই দিশত। কোনো যদি  অঁনাতাৰ শিল্পী,
কোনো দূৰদৰ্শনৰ। কোনোবা যদি কোনো গীতত বিদ্যালয় সপ্তাহত প্রথম হৈছে কোনো হৈছে সদৌ অসম ভিত্তিত। বিহু, হূচৰি অন্যান্য বহু কথা।

মোৰ তেজলৈও  স্বাভাবিকতে আহিল বংশসূত্রে সংগীত প্রীতি। একো ডাঙৰ কথা নহয়। কিন্তু জুই সেইদিনাৰ লাগিছিল যিদিনা যৌথ গোঁসাই পৰিয়ালৰ ডাঙৰ ঘৰটোৰ এটা ৰুমৰ পৰা 'We Didn't Start the fire' নামৰ Grammy Nominated ইংৰাজী গীত এটি বাজি উঠিছিল। নিশ্চয় মোৰ ১৪ গোষ্ঠিত বজা
প্রথম ইংৰাজী গীত আছিল চাগৈ। মই সঠিককৈ জনা নাছিলো আৰু বুজিবও পৰা নাছিলো ভুলটো ক'ত হ'ল। এটা যেন অপৰাধ কৰিলো। বহুদিন বহুতৰ  বহু কথা  শুনিও মই এৰা নাছিলো ইংৰাজী সংগীত শুনিবলৈ। বন্ধুমহলৰ পৰা গ'ম পালো ইংৰাজী গীত শুনা সকলোৰে ঘৰত একেই পৰিস্থিতি।  (১৯৯২-৯৩ চনৰ কথা)


এখন বেলেগ দেশৰ গীত শুনাত বাধা কিয় আৰোপ কৰা হৈছিল সেইটো আজিও মোৰ প্রশ্ন আৰু সেইটো লৈ মই আজিও বহুতৰ লগত যুক্তিযুদ্ধত অনিশ্চা স্বতেও লিপ্ত হ'ব লগা হয়। গীত আৰু সংগীতৰ মাজত বিশাল প্রভেদ আছে। সংগীতৰ বিশাল পৰিধিৰ মাজত গীত  হৈছে এটা গুৰুত্বপূৰ্ণ অংগ মাথো। ঠিক প্রকৃতিৰ সংগীতৰ মাজত 'কুলি'ৰ মাতটোৰ দৰে। সেইদৰেই প্রভেদ আছে গীত  ভালপোৱা আৰু সংগীত
ভালপোৱা মানুহৰ মাজত। ভাষিক সংকীৰ্ণতাৰ সংগীতত কোনো স্থান নাই। ইংৰাজী গীত বা আন বিদেশী গীত বুলিলে অলপ হেয় জ্ঞান কৰাতো কি ধৰণৰ মানসিকতা আৰু ই বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত মাজত কিয় ইমান গাঢ় হৈ গঢ় লৈ উঠিছিল তাৰ গ্রহনযোগ্য সঠিক উত্তৰ এটা মই এতিয়ালৈকে পোৱা নাই। লোকৰ গীত মাত  শুনিলে বা লোকৰ গীত মাতৰ লগত চিনাকী হ'লে আমাৰ গীত মাত বোৰ কেনেকৈ  নষ্ট হ'ব? সংগীত সম্প্রীতিৰ  এডাল চিৰযুগমীয়া এনাজৰী। হাজৰখন মিটিং, হাজাৰটা বাতৰিয়ে, হাজাৰ চৰকাৰি পৰিকল্পনাই লৰাব নোৱাৰা মানুহৰ মনবোৰত কেৱল মাত্র গীতৰ এটা কলিয়ে আবেগৰ ঢৌ তুলিব পাৰে। সম্প্রীতিৰ এই  এনাজৰীডালক ভাষাৰ পোছাক পিন্ধাই 'আমাৰবোৰৰ সংস্কৃতি, সিহতবোৰৰ  অপ-সংস্কৃতি' জাতীয় ধাৰণা সৰুতে মগজুত গুজি দিয়াৰ চেষ্টা কৰাতো মোৰ মনত
এতিয়া 'সংস্কৃতিক তালিবানী মনোবৃত্তি' যেন লাগে।

এই সংস্কৃতিক গোড়ামীৰ কাৰণ কি মধ্যবিত্তৰ সকলো ক্ষেত্রতে ঠকা 'Sense of Insecurity'?  আৰু যদি হয় তেনেহ'লে এই ভয় ভাৱ মূল্যহীন কাৰণ এটা জাতিৰ গীত-মাত সংস্কৃতি এখন সময়ৰ লগত গতি, মোৰ সলনি কৰি গৈ থকা নৈৰ দৰে। এইখিনিতে মই এটা কথা কৈ থও যে সংস্কৃতি ৰক্ষা কৰাতো প্রয়োজন কিন্তু তাৰ খাতিৰত ইয়াক চেপা মাৰি বুকুত সাবতি ৰাখিলে ই মৰহি যাব। 

এটা সাধাৰণ অনুভব। যোৱা বছৰ বিহুৰ বতৰত এগৰাকী আমেৰিকান মহিলাই আহি গুৱাহাটিত বিহু মৰা বাতৰিতো চায় বহুতৰে আনন্দত বুকু উথলি উঠিছিল।কৈ গৌৰব অনুভৱ কৰিছিল যে আমেৰিকাতো আমাৰ বিহুৰ নাম আছে। ভাল কথা। এনে গৌৰব আদৰণীয়। প্রশ্ন হৈছিল মই তেনেহ'লে ইংৰাজী গীত এটা গালে এনেবোৰ মানুহে 'গোঁসাইৰ পুতেক লণ্ডনৰ চাহাব ওলাব আহিছে" অথবা " লোকে গীটাৰহে বজায়" আদি ইতিকিং কৰা মন্তব্য কেনেকৈ দিব পাৰিছিলে? "আমাৰটো আদৰিলে ভাল, তেওলোকৰ আদৰিলে অপসংস্কৃতি"।

এই কথাখিনিৰে মই নিজ সংস্কৃতি পাহৰিপাশ্চাত্যৰ 'অন্ধ-অনুকৰণ' কৰা সকলৰ প্রতি কোনো আন্তৰিকতা দেখুওৱা নাই আৰু অন্ধ-অনুকৰণৰ কথাটো আগত ৰাখি এইখিনি কথা পঢ়িলে মোৰ ভাব বুজোটে উজুটি খাব।

মই মোৰ সময়ত মোৰ মনে বিচৰা আৰু আনে বা সমাজে যুক্তিহীন ভাবে নিবিচৰা সকলো কাম যুক্তিৰে প্রমাণ কৰি বুকু ফিণ্ডাই কৰি গৈছিলো। মোৰ চুলি দীঘল বুলি লৈ ঘটা ঘটনাবোৰ বাৰু নকলোৱেই এতিয়া। তথাপিও ক'ব বিচাৰো  মোৰ চুলি তেতিয়াও দীঘল আছিলে আৰু আজিও আছে। কেতিয়াবা খঙতে কোনোবাই কিবা ক'লে কও -

" দুনীয়াত ইমান কথা শিকিব-বুজিব-কৰিব আছে যে চুলিৰ কথা ভাবি
চুলি কাটিবলৈ সময়ে উলিয়াব পৰা নাই। আপোনাৰ হাতত মোৰ চুলিৰ
কথা ভাবি, তাৰ ওপৰত চিন্তা কৰি মোক পৰামৰ্শ দিব পৰাকৈ সময় থকা
দেখি হিংসাই লাগিছে।"

 মই বা মোৰ বন্ধু সকলে ভুগা এই দণ্ডবোৰৰ কিমান অপ্রয়োজনীয় আছিল ভাবিলে বেয়া লাগে। 'জেনেৰচন গেপ' কথাটো নিশ্চয় আহে কিন্তু তাৰ আঁৰত দূৰ্বল চিন্তা আৰু সংকীৰ্ণতাক প্রশ্রয় দিয়াতো হয়তো মুঠেই সমোচিত ন'হব।মনত আন এটা সংস্কৃতিৰ লগত চিনাকী হোৱাৰ হেঁপাহৰ লগতে তাৰ প্রতি 
'গ্রহণযোগ্যতা' নাথাকে তেনেহ'লে ই এটা নিশ্চিতই চিন্তনীয় বিষয়। ভাল আৰু বেয়া উপাদান বিচাৰিলে সকলোতে ওলাব। কিন্তু প্রয়োজন সাপেক্ষে  এটা নতুন সংস্কৃতিৰ লগত অপ্রয়োজনীয় দণ্ডৰ মুখামুখি নোহোৱাকৈ পৰিচয়  হ'ব পৰাকৈ আৰু তাৰ উচিত বাচ বিচাৰ কৰি ভালখিনি আকোৱালি ল'ব
পৰাকৈ এটা পৰিবেশ আজিৰ তাৰিখত অন্ততঃ নিত্যান্তই প্রয়োজনীয়। মই জানো বা মোৰ দৰে বহুতে এইটো ভালকৈ জানে যে ১৫-২০ বছৰ আগতে ইংৰাজী সংগীত শুনাৰ বাবে আমাক ভুল বুলি বুজাবলৈ কোৱা কথাবোৰহে  প্রকৃততে কিমান ভুল আছিল।

শংকৰ দেবৰ বৰগীতৰ 'সা' স্বৰ আৰু বিথোফেনৰ চিম্ফনিৰ 'চি' ন'টতোৰ মাজত কোনো প্রভেদ নাই তেনেক্ষেত্রত ভৌগলিক সীমাৰে সংগীতৰ মহান সত্ত্বাক টুকুৰা টুকুৰ কৰি জ্ঞাতে-অজ্ঞাতে বিদ্বেষ ভাবৰ জন্ম দিয়াতো সংগীতৰ প্রতি কৰা ঘোৰ অন্যায় আৰু ই সদায় অপ্রত্যাশিত।


-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

এমিলি


মোৰ এখন অতি প্রিয় ছবি 'এমিলি'-এখন ফ্ৰেন্স ছবি। ছবিখন চালে প্রত্যেকবাৰেই মোৰ মনটো এক অন্য স্তৰলৈ উৰা মাৰে... একপ্রকাৰৰ মনটো ভাল লগা এক নতুন অনুভূতিয়ে বাঁহ লয়. মনৰ অনুভৱ খিনি শব্দৰে গাঁঠি পেলালো..




এমিলি
_____

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
তুমি আছা কাৰণে আমিবোৰ আছো
তুমি আছা কাৰণে
আজিও আছে "ভালবোৰ" পৃথিবীত
উজ্জ্বল দুচকুৰে পোহৰ চটিয়াই।

অ, মই জানো তুমি কি ভালপোৱা।
মই জানো তুমি কেনেদৰে বিচাৰি লোৱা আনন্দ
জীৱনৰ সৰু সৰু বস্তুবোৰৰ,
সৰু সৰু ঘটনাবোৰৰ মাজত।

মই দেখিছিলো কি দৰে তোমাৰ 'মা' হেৰাই গৈছিল।
গুচি গৈছিল দেউতা, তোমাক এৰি।

তোমাৰ কল্পনাৰ ডেইকাৰে পাৰ কৰা
তোমাৰ শৈশৱৰ খিলখিলাই থকা হাঁহিবোৰে
জানো তোমাক বুজিব দিলে নিঃসংগতা কি ?

আৰু বাঢ়ি অহা তোমাৰ দুষ্টামিবোৰ ?
তুমি কৰা নিশাৰ এন্ধাৰত চহৰখনত হোৱা
আদিম প্রেমৰ হিচাপবোৰ...
মই বুজি পাও তাৰ মাজতো তুমি
বিচৰা লোৱা দুষ্টামিৰে ভৰা আনন্দৰ আমেজ।

অহৰহ একেখন ছবি আঁকি থকা
'গ্লাচমেনে' তোমাক
আমণি দিছিল নেকি?

'মন্টমাৰটেৰ' তোমাৰ বন্ধুৱে কিন্তু তোমাক
কাহানিও পাহৰিব নোৱাৰিব।
তুমি যে 'প্রেম' উপহাৰ দিছিলা তাইক এমিলি।
বাথৰুমৰ কঁপি উঠা দুৱাৰখন দেখি তুমি যে
তৃপ্তিৰ হাঁহি মাৰিছিলা, জানিছিলা তাৰসপ্তকত বাজি উঠা
মিলনৰ গান কিমান মধুৰ।

এমিলি, তুমি মোৰ আদৰ্শ
তুমি ছটিয়াই দিয়া সুখৰ
বৰষুণজাকত তিতি থকা মানুহবোৰ
দেখিলে মোৰ ক'ব মন যায়-
" এমিলি, মোৰ বুকুটো গুজি
দিয়া বৰষুণজাকৰ সৰু সৰু কণাবোৰ
এটা এটাকৈ।
মোকো শিকাই দিয়া তুমি
আনৰ বাবে গাই জীয়াই থকা গানৰ মিঠা সুৰ
এমিলি, মোকো বীলিন কৰি দিয়া তোমাৰ সত্ত্বাৰ বিশালতাত"

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
নিন' আহিছে ছোৱা তোমাক বিচাৰি...




-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

Friday, August 31, 2012

তেখেতসকলক জগাব কোনে ?


এক বিশেষ তথ্য মতে ভাৰতত প্রায় ২.৫ কৌটি অবৈধ বাংলাদেশী আছে। আচলতে এই সংখ্যা প্রায় ৫ কৌটি বুলি বহুতে কব বিচাৰে, যিটো নুই কৰিব নোৱাৰি । অসম, যিখন দেশ হৈছে এই ভয়ানক সংখ্যা বৃদ্ধিৰ উৎস অৰ্থাৎ যি খন ৰাজ্যৰ সীমা (সীমা শব্দটো আিৰ তাৰিখত কিমান প্রযোজ্য নাজানো।) নিৰ্বিঘ্নে উলংঘা কৰি এই অবৈধ বাংলাদেশী সকল আহি আছে আৰু য'ত এই অবৈধ বাংলাদেশী সকলৰ সংখ্যা আটাইতকৈ বেছি সেই দেশৰ শাসকীয় মুৰব্বীয়ে কয়-

"ক'ত আছে বাংলাদেশী মোক দেখুৱাই দিয়া মই ধৰিম নহয়। নাই নাই, এইবোৰ চব মিছা কথা। অসমত এটাও বাংলাদেশী নাই।"

এতিয়া ক'তে মৰে মৰক। টোগলকী শাসন শৈলীৰে ( বিশেষকৈ অবৈধ বাংলাদেশীৰ ক্ষেত্রত) 'অনুপ্রাণিত' বিশ্বৰ একমাত্র এই দেশৰ শাসকসকলে কিয় বুজি নাপায় যে অসমখন নিজৰ আলস্যতাৰে ভৰা মহলৰ চাৰিবেৰৰ ভিতৰতে শেষ নহয়। শদিয়াৰ পৰা ধুবুৰীলৈকে একেস্বৰে সকলোৱে আজি অত বছৰে চিঞৰি চিঞৰি বিচৰা -- 'নিজৰ দেশত নিজে শান্তিৰে জীয়াই থাকিব বিচৰা, নিজ দেশত নিজ অস্তিত্ব ৰক্ষাৰ '--দাবিটোৰ অৰ্থ আৰু ভয়াবহতাই কেতিয়াবা, কিঞ্চিতো চিন্তা কৰিবলৈ বাধ্য কৰিবনে তেখেতসকলক ? 

কেইবাটা দশক- কেইবাজনো ৰজাই ৰাইজৰ চকুপানীবোৰৰ উত্তৰ চকু মুদি দি শাসনভাৰ চলাই গ'ল। স্বাভাবিকতেই যাৰ পৰিণতিত দিন বেয়াৰ পৰা অতি বেয়ালৈ গ'ল । তেজপুৰ, শিৱসাগৰ, যোৰহাট যেন ঐতিহ্যমণ্ডিত ঠাইৰ মানুহকো বিপদে অনাগত দিনৰ ভয়ানক আগজাননী দি আচুৰি গ'ল । 

এতিয়া প্রশ্ন হ'ল আৰু কিমান দিন এইদৰে যাব? এনে কি বিশেষ কাৰণ আছে যি অসমীয়াৰ ভাষা-সংস্কৃতি-ভূখণ্ড-আবেগ-অনুভূতি-গৌৰবময় ইতিহাস সকলোতকৈ উৰ্দ্ধত। যাৰ বাবে শাসনাধিষ্ট সকলে কেৱল মাত্র ২৭২ কিল'মিটাৰৰ এটা সৰু সীমা যোৱা ২৭ বছৰে ভেটিব নোৱাৰিলে। 'ভেটিব নোৱাৰিলে' তো অশুদ্ধ। শুদ্ধটো 'ভেটিব নিবিচাৰিলে'। 

আৰু কি কি অঘটন ঘটিলে ৰজাঘৰীয়া সাৰ পাব তাৰ ধাৰণা এটা কৰিব পৰা কৈও তেখেতসকল সচেতন নহয়? 

'টোপনি ভাঁও জুৰা মানুহক জগাব নোৱাৰি' আৰু '
শুই ঠকা শিয়ালে হাঁহ ধৰিব নোৱাৰে'

-এই দুইটাই সমানে প্রযোজ্য শাসকসকলৰ বাবে কিন্তু এটা কথা সকীয়াই দিঁও যে -

টোপনি ভাঁও জুৰি জুৰি সঁচাকৈ টোপনি আহিলে সাৰ পায় নিজকে হয়তো 'অসম' নামৰ ভূ-খণ্ডত বিচাৰি নেপাব আৰু হাঁহ দূৰৰ কথা বাংলাদেশীৰ ঘৰত মজুৰী কৰি দুবেলা দুমুঠিও গোটাবও নোৱাৰিব। কাৰণ সিঁহতবোৰৰ কামৰ প্রতি এলাহ নাই নিজেই কৰিব পৰা কামৰ বাবে আনক বিদেশীক (কাৰণ আমিবোৰ হয়তো বিদেশী হ'ম নিজ মাটিতে) মজুৰী কিয় দিব। 

ছাৰ উঠক, আমিবোৰ কলৈ যাম, কি কৰিম ভাবক আৰু অলপ দেৰি হ'লে হয়তো আপোনাৰ কামবোৰ আমিবোৰ ৰাইজে হাতে কামে ভগাই লৈ নিজৰ ঘৰ ভেঁটি ৰক্ষাৰ যুজত নামিব লাগিব নিজৰ মাটিতেই। তেতিয়া অবশ্যে আপুনি শুবলৈ যথেষ্ট সময় পাব -'ভাঁও নধৰাকৈ'।

Wednesday, August 29, 2012

অলপ জৰুৰী কথা...


বৰ্তমান সময়ত এচামে ঘটনাবোৰক সাম্প্রদায়িক ৰূপ দিবলৈ উঠি পৰি লাগিছে। যিটোত এতিয়া লাহে লাহে দুষ্ট চক্রটো সফল হৈ অহা পৰিলক্ষিত হৈছে। আমি শিক্ষিতবোৰ সেইবোৰ মানুহৰ উচতনিত জ্ঞাতে বা অজ্ঞাতসাৰে যদি ইনপ্ফুয়েন্স হঁও তেনেহ'লে সময়বোৰ বেয়াৰ পৰা অধিক বেয়ালৈ যাব। এনে পৰিস্থিতিত নেতাৰ বা টিভিৰ সষ্টিয়া কথা কিছুমান আঁওকাণ কৰি সমস্যাবোৰৰ মূল কাৰণ বিচাৰিবলৈ যত্ন কৰাটো জানো উচিত ন'হব ? 
আমিবোৰ যদি সম্প্রদায়, ধৰ্ম এইবোৰত লাগি থাকো কেনেকৈ হ'ব। বাকী বিশ্ব হিন্দু পৰিষদ বা আমচুৰ সাম্প্রদায়িক দৃষ্টিভংগীৰ বিষয়ে কোনেও আগবাঢ়ি বা পিছহুহুকি একো ক'বৰ প্রয়োজন নাই। তেওলোকৰ নিজ নিজ কামে তেখেতসকলৰ স্থিতি আৰু মনোভাৱ ইতিমধ্যেই স্পষ্ট কৰি থৈছে। কোনোবাই ব্যক্তিগত স্বাৰ্থত বিচাৰিছে আমি ঘটনাভোৰ ধৰ্মীয় মনোভাবেৰে লৈ উগ্র হৈ পৰি ভুল কৰি পেলোৱাতো গতিকে সেইটো কৰাতো উচিত নে অনুচিত সেইটোৰ বিষয়ে বিজ্ঞসকলক মোৰ বোধেৰে বেলেগে কোৱাৰ প্রয়োজন নাই...বাকী ধমনিৰপেক্ষতাৰ সংজ্ঞা- 'উগ্রতাৰে নিজৰ ধৰ্মৰ সমৰ্থন বা আনৰ ধৰ্মৰ সমালোচনা নহয়, নহয় ই এক ধৰ্ম নিৰপেক্ষতাৰ সীমাবদ্ধতাও।' 

মোৰ বোধেৰে সংবিধানত কোৱাৰ দৰে আমিবোৰে সঁচা বা ক্লিনিকেলি ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ বুজি পোৱা হয় ভাৰতত কোনোকালে সাম্প্রদায়িক সংঘাট ন'হল হয়। সাম্প্রদয়িক বীজ আমাৰ গাটো আছে। কিছুমানৰ জ্ঞাতে, কিছুমানৰ অজ্ঞাতে সেয়েহে কাৰোবৰ উচতনিত সহজতে উঠলি উঠি উগ্র ধৰ্মীয় চিন্তাৰে প্রশ্নবোৰৰ উত্তৰ বিচাৰি, মাতি আনো নিজৰে বিপদ৳

Tuesday, August 28, 2012

আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী..


বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব। মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভব
হৈছে আকাশ। কোনে ভাল নাপায় এখন তৰা ভৰা আকাশক মন ভৰি চাবলৈ কোনোবা শুক্লপক্ষ নিশা। দেউতাই দেখুৱাই দিয়া ধ্রুব তৰা, হাতীপতি, সপ্তৰ্ষী মণ্ডলেৰে ভৰা আমাৰ শৈশব বোৰ কিমান মনোৰম আশ্চৰ্য্যৰে ভৰা! আকাশৰ তৰাবোৰৰ দৰে আমাৰ মনটো তিমতিমাই জ্বলি উঠিছিল প্রশ্নৰ হাজাৰটা উজ্বল তৰা। তাতে সৌ দূৰত ৰং সলনি হৈ ঠকা তৰা এটা বা পঁপীয়া তৰা দেখিলেটো কথাই বেলেগ আছিল। বিশালতাৰ লগত, নীলাৰ লগত এয়ে হয়তো আমাৰ প্রথম চিনাকী আছিল।

আকাশৰ পৰা নামি অহা এজাক বৰষুণত তিতি থকা শৈশবৰ স্মৃতি এতিয়াও জীপাল আমাৰ মনত। বৰষুণত তিতি তিতি খেলা বোকা পানীৰ খেলবোৰৰ মাদকতা মনত পৰিলে এতিয়াও মন যায় ল'ৰালিলৈ পলকতে উভতি গৈ নিজক দেহাত বোকা পানীবোৰ সিঁচি লবলৈ। 

এতিয়াও মনত আছে মোৰ লৰালীৰ এনে এটি সৰু কাহিনী-

' সেইদিনা সোমবাৰ আছিল। মই তেতিয়া সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ছাত্র। পঞ্চম পিৰিয়ডত সপ্তম মান শ্রেণীৰ (ক) শাখাত গৈ শকত-আবত ল'ৰা এটাক স্কুল ছুটিৰ পিছত মোৰ লগত মল্লযুদ্ধ (?) কৰিবলৈ চেলেঞ্জ দি আহিলো। স্কুল শেষ হল। মল্লযুদ্ধৰ বাবে ঠাই নিৰ্বাচন কৰিলে লগতে থকা দকেইজন মান বন্ধু দৰ্শকে। যুদ্ধ আৰাম্ভ হোৱাৰ অলপ পিছতে ডাঙৰ বৰষুণ এজাক আহিল। এই বৰষুণ জাকত আমাৰ কাইজিয়া কৰা জ'চ হাজাৰ গুণে বাঢ়ি আহিছিল। দুয়োটাই নিজকে চিনেমাৰ হিৰ' বুলি ভাবি
লৈছিলো গতিকে কেচ টো " জান জায়ে পৰ শান না জায়ে" ধৰণৰ হ'লগৈ তাতে লগৰবোৰৰ উচটনি আৰু সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ইজ্জতৰ কথা আহি পৰিল। পূৰ্ণদমে চলিল যুঁজ। 

এই ফিল্মি চেন্টিমেন্টৰ মাজত একেবাৰে পাহৰি গ'লো যে স্কুলৰ পোচাক যোৰৰ ৰং যে বগা আছিল। ইতিমধ্যো বহু দেৰি হৈ গ'ল কাপোৰযোৰত বগা ৰং বিচাৰি পোৱা ন'গল। যুদ্ধত পিছৰফাললৈ মোক বৰকৈ কোবালে মোৰ প্রতিদ্বন্দীয়ে। মল্লযুদ্ধ হাৰ মানি মাটিয়া ৰংৰ কাপোৰযোৰৰ সৈতে লেঙেৰাই লেঙেৰাই ঘৰত সোমোৱাৰ পিছত পুণৰ বাৰ নিঁখুট ঔ-কিল পৰিছিল এই পেন্দুকণা মল্লযুদ্ধাৰ পিঠিত, প্রথমে বীৰৰ দৰে দুটাচাট মান সহিছিলো তাৰ পাছত পলাইয়ো বচাব পৰা নাছিলো এই তিনি ফুটিয়া বীৰৰ ঠুনুকা গৌৰব । ঔ-কিল নপৰিবনো কেলৈ, 'মোৰ ল'ৰাটো স্কুললৈ ধুনিয়াকৈ যাঁওক' বুলি আগদিনা মূৰত ৰ'দ লৈ কুঁৱা পাৰত ঘঁহি ঘঁহি চাফা কৰা বগা কাপোৰযোৰ যদি পিছদিনা মল্লযুদ্ধাৰ পোছাকলৈ পৰিবৰ্ত্তন হয় তেনেহ'লে মাকৰ পৰা প্রাপ্য পুৰস্কাৰ ল'বই
লাগিব। তাতে আকৌ যযা ভাইটি-ভণ্টি হালৰ পেঁপা কেইটাই ২৪/৭ চাৰ্ভিচ দিছিলে সেই সময়ত'।

আকাশ আৰু বৰষুণেৰে ভৰি থকা শৈশবৰ এই সৰু সৰু ঘটনাবোৰ মনত পৰিলে সুখৰ এক সুন্দৰ নষ্টালজিক সংজ্ঞা বিচাৰি পাঁও প্রতিবাৰে।



-ৰক্তিম-
২৭ আগষ্ট/১২
বাংগালুৰু

Sunday, August 26, 2012

এখন দেশত এটা ‘মানুহ’ আছিল…..


সনাতনে যেন পেটত এটা ভেকুলী সদায় পুহি ৰাখে। যিমানেই নাখাৱক কিয় পিছ মূৰ্হুততে তাৰ পেটে টুৰটুৰাব আৰাম্ভ কৰি দিয়ে। কলেজৰ দিনৰ পৰা তাক জানো মই কিন্তু আজি অতদিনে তাৰ এই অদ্ভুত ‘ভেকুলী-বায়লজীৰ’ ৰহস্য উদ্ঘাটনকৰিব নোৱাৰিলো। 

নামত তেখেত ভকত মানে ‘সনাতন গোস্বামী’ কিন্তু কোনো গুৰু গোঁসাই নামানে। এবাৰ দেউতাকে তাক জোৰকৈ গাওঁৰে নামঘৰৰ সভা এখনত ভাগ ল’বলৈ পঠাইছিলে। সভাৰ আলোচনাৰ মাজতে এজন ভকতে ক’লে -

“….গতিকে আমাক প্রায় ২৫ কেজি বুট আৰু ২৫ কেজি
মান মগু লাগিব…” 

কথাষাৰ শুনি খঙে মুৰৰ চুলি আগ পোৱা সনাতনে একে উশাহতে একো নভবাকৈ কৈ পেলালে -

-“২৫ কেজিকৈ বুট মগু খাবলৈ আপোনালোক ঘোৰা নেকি?? এইকেইজন 
মানুহৰ বাবে ইমান বুট মগু কেলৈ?”

হূলস্থুল লাগিছিল তাৰ পাছত। পিছৰখিনি নকলেও বুজা যায় যে সেইদিনাই তাৰ নামঘৰত অন্তিম দিন আছিল। দেউতাকে ক্ষমা প্রাৰ্থনা বিচৰাতহে শাম কাটিছিল ঘটনাটোৱে।

“ঐ সনাতন, এপেট ভৰাই বজাৰ আহি পাইচহে তোৰ এহাত জিভা
মেলি মিঠাই গাল চাবলৈ হ’লেইনে? কটা খক্ প্রথমে পোৱালীটোলৈ
কিনিব লগা বস্তুটো কিনি লচোন।”

…….বেছেৰাটোৰ কিছু টেনচন গৈছে। ‘দিলবালে দুলহনীয়া লে জায়েংগে’ৰ মেটেনী চ’ চাই আহি, তেল টেঙা ঘঁহি আবেলি তিনিআলিত কাষৰ বড়ো গাৱৰ ৰিহালী বসুমতাৰীক কৈ পেলালে দৰ ষ্টাইলত “ ৰি ৰি ৰি ৰি ৰিহালী মই তোক ভাল পাঁও। কলেজৰ প্রথম বাৰ্ষিকীৰ ৰিহালীৰ পাখি দাং খায়ে আছিল। মাৰি দিলে উৰা। অংক হ’লগৈ জটিল ‘গোস্বামী + বসুমতাৰী’। তাৰ ঘৰৰ সামাজিক সন্মানৰ বাবে এটা ঘাটক সমীকৰণ। তাৰ ১৪ গোষ্ঠিত আগতে কেতিয়াও নঘটা এটা কাণ্ড। সপোন কুৱৰীক ঘৰলৈ আনিলে কি হ’ব জানিছিল। কিন্তু নানি ক’লৈ যাব? কোনো নথকাৰ সুযোগত এটা সন্ধিয়া তাইক আনি চিধা তাৰ ৰুমৰ বিচনা তলত ভৰাই দিলে। 

প্রথম তিনিদিন এটা কায়দাৰে পাৰ কৰিলে। দিনটো তাৰ সপোনৰ ‘ৰি ৰি ৰি ৰি ৰিহালী’ক বিচনাৰ তলতে ৰাখে আৰু সন্ধিয়া মাক তাৰ ৰুমত চাহ দিবলৈ আহে বাবে “শ্রীদেবীক” তাৰ ৰুমৰ পিছফালে থকা গোহালীটোৰ এন্ধাৰ চুক এটাত নিশালৈকে লুকুৱাই ৰাখে। তিনিদিনৰ দিনা সন্ধিয়া গোঁহালীৰ পৰা মাকে প্রত্যাশিত চিঞৰ এটা মাৰি তাৰ আগন্তুক খঁহটা দিনবোৰৰ শুভ উদ্ধোধন কৰিছিল। স্বাভাবিকতেই এঘৰীয়া হ’ল। দেউতাকেও “তেজ্যপুত্র’ৰ মুকুট পিন্ধালে তাৰ মুৰত। তাৰ পিছৰে পৰা গাৱৰ পৰা অলপ আঁতৰত বেলেগে ঘৰ কৰি থাকে সনাতন। 

বহু বছৰৰ পাছত প্রথম সন্তান লাভ কৰিছিল সনাতন আৰু ৰিহালীয়ে। ‘সম্প্রীতি’ এতিয়া তৃতীয় মানৰ ছাত্রী। মৰমৰ নাম ‘কুঁহি’।
সনাতনে সম্প্রীতিক কোনো উপাধি দিয়া নাছিল। মই সোধাত কৈছিল-

-“ বুজিছ,
এই উপাধিবোৰেই
চব জঞ্জাল মাটি আনে। উপাধিবোৰ নথকা হ’লে মই আৰু ৰিহালীয়ে
ইমান কষ্ট খাবলগীয়া হ’লহেতেন নে? ‘প্রেম- ভালপোৱা’ সকলো উপাধিৰ
উৰ্দ্ধত। নালাগে উপাধি মোৰ ছোৱালীক, তাই মানুহ হৈয়ে জীয়াই থাকক।” 
এই বুলি কৈ হাতত লৈ থকা চিৰা খিনি গাল মাৰি লৈ কোৰ মৰাত লাগিছিল। 
মই কিছুপৰ তাতে স্তব্ধ হৈ ৰৈ আছিলো।

“সনাতন এইযোৰ হবনে তাইলৈ?”

“হ’ব হ’ব তাইলৈ এইযোৰ জোখতে হ’ব। ৰছীৰ টুকুৰাটোৰ লগত একেবাৰে
সমান এইযোৰ জোতা। এইযোৰ পালেহে কুঁহি ৰাতি টোঁপনি যাব বুজিছ। খাই
মাৰিছে। কাললৈ কিবা স্বাধীনতা দিবস চাবলৈ যাব স্কুলৰ ফালৰ পৰা। বগা
জোতাহে লাগে বোলে। স্বাধীনতানো চোৱা বস্তুনে। মই এইবোৰ একোৱে বুজি
নাঁপাও দেই। ব’ল মোৰ কাম হ’ল।”

সনাতনৰ পেঁটৰ পোঁহনীয়া ভেকুলীটোৱে জোৰকৈ টৰটৰাই দিয়াত মোক লৈ একেচাতে কাচিমৰ হোটেলত পালেগৈ। কাচিম আমাৰে পুৰণা বন্ধু। 

-“এই কাচিম ফটাফট দুটা চাঁহ এটা পৰঠা লগা ভাই, জান ওলাই গৈছে
মোৰ ভোকত। মই একো নামাতিলো, লাভ নাই। কাচিমৰ লগত হলি-গলি
আৰু তাৰ হোটেলত চাহ খোৱাৰ বাবে বহুবাৰ গালি খাইছিলে সনাতনে তাৰ
দেউতাকৰ পৰা । 

তাৰ কথা এটাই –

-“জীয়াই থকাদিন কেইটা মই বাচ-বিচাৰ কৰি কৰি নষ্ট কৰিব নোৱাৰো,
মানুহেই হওঁক বা খোৱাবস্তুবেই হওঁক । তাতে কাচিমৰ লগত সম্বন্ধ এৰি,
তাৰ ঘৰৰ ঈদৰ খানা বাদ দিবলৈ মোক কি পাগল কুকুৰে কামুৰিচে?”

দুয়োটা ঘৰলৈ বুলি বাট ল’লো। সনাতনৰ সহজ, একপটিয়া আৰু গম্ভীৰ কথাবোৰে মোক সদায় তাৰ লগত বান্ধি ৰাখিছিল। ‘কুঁহি’ৰ জন্মৰ পাছত লগৰ এটাই সনাতনক কৈছিলে –

-“ অ’ খবৰটো পালো। ল’ৰা হোৱা হ’লে ভাল আছিল।” 

আচলটোকে জোকাই লৈছিলে। 

-সনাতনৰ চিধা উত্তৰ 

“তোৰ মাৰ ল’ৰা হোৱা হ’লে তই জানো এই দুনীয়াত থাকিলিহেতেন?
মোৰ ছোৱালীক নালাগে নিজৰ মাৰক অন্ততঃ অলপ সন্মান কৰ।"

সনাতনৰ দেশ-দুনীয়াৰ খবৰৰ লগত কোনো খেল নাই। তাৰ মৰমৰ শ্রীমতি ৰহিলা, বুকুৰ আমঠু কুঁহি আৰু কষ্টৰে ঘটা কেইটামান ধনেৰ সৈতে মৰমৰে ভৰা দুটা ৰুমৰ এখন মানুহৰ সংসাৰ। কুঁহিক লৈ তাৰ সপোন এটাই তাই ‘মানুহ’ হওঁক। ডাক্টৰ, ইঞ্জীনিয়াৰ, প্রফেচাৰ, অফিচাৰ ন’হলেও চলি যাব। 

…. ১৫ আগষ্ট, ২০০৪।

নতুন জোতা পিন্ধি স্বাধীনতা দিবসত ভাগ লবলৈ পোৱাৰ আনন্দত কুঁহি মতলীয়া। দেউতাকৰ লগত জপিয়াই জপিয়াই ওলাই গৈছিল কিন্তু স্বাধীনতা দিবসৰ পৰা উভতি নাহিল তাই। এটা ভয়ানক বিস্ফোৰণে মূহ্হুৰ্ততে মঁচি পেলালে সনাতনৰ সপোনেৰে ভৰা পঁজাটো। সকলো শেষ হৈ গৈছিল। সনাতন আৰু ৰহিলাক মই তাৰ পাছত কাঁহানিও নেদেখিলো। মোৰ চকুৰ আগতে মৰমেৰে গঢ় লৈ উঠা এখন ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল পলকতে। 

…..সনাতন স্বাধীন আছিল। এটা স্বাধীন মন আৰু এটা স্বাধীন জীৱনৰ গৰাকী। সকলো সামাজিক ভেদাভেদৰ উৰ্দ্ধত আছিল সনাতনৰ মানবীয় চিন্তা,মূল্যবোধ আৰু দৃষ্টিভংগী। এখন স্বাধীন দেশৰ স্বাধীনতাৰ সংজ্ঞাৰ জটিলতা সনাতনৰ বাবে হয়তো এক দুৰ্বোধ্য বিষয় আছিল। কুঁহিৰ স্মৃতি বুকুত বান্ধি সেয়ে হয়তো সি সকলো এৰি গুচি গৈছিল মানুহৰ এখন নতুন পৃথিবী বিচাৰি। 

মানুহে মানুহ মাৰি মানুহৰ স্বাধীনতা অনা এখন দেশ। গৌৰবেৰে বুকু ফিন্দাই কেনেকৈ ক’ম -

“এই দেশ, মোৰ দেশ’






-ৰক্তিম-
২৬ আগষ্ট/১২
বাংগালুৰু


Friday, August 24, 2012

এটি অঘৰীৰ বুকুৰ কক্ষপথ...


কেকটাচ জোপা উদং পিঠিত খুচ মাৰি লৈ তপত ৰ'দ সনা আলিটোৱেদি অনাই বনাই পুণৰ বাট বুলিলে অঘৰীটোৱে। তাৰ ভৰিৰ চাপত নিজৰ মূখৰ প্রতিবিম্ব চা 
ই চাই সংগোপনে তাৰ পিছ ল'লো। প্রতি খোজতে গলি পৰা তাৰ অবয়বৰ টুকুৰা বোৰ এটা এটাকৈ বুটলি গলো। 

তৰপে তৰপে জঁহি খঁহি পৰা আমাৰ ঘৰটো বাৰে বাৰে সামৰি লঁও মৰমৰে। চাৰিওবেৰ আবৰি ৰাখে বিশ্বাসৰ এজাক ৰণুৱা ঘোঁৰায়ে। নিসংগতাৰ কোনো ষ্টপেজত জিৰণি নোলোৱা এজাক তেঁজাল সেউজীয়া ঘোঁৰা। তাৰ হৃদয়ত বাৰে বাৰে খুন্দিয়াই থকা কোনো অঘৰীৰ কোলাহল টোপনি গৈছে কিছুদিনৰ পৰা।...মনে মনে..নিশব্দতাৰ বতাহজাক ববলৈ দিয়া....
। তাৰ বহুদিনীয়া অভিমানী ভাগৰবোৰক 

টোপনিত বিলীন হবলৈ দিয়া...।

পশ্চিমৰ ডুব যোৱা এজাক চৰাই মাতৰ ৰাতিবোৰ সামৰি অঘৰীটোৱে তাৰ প্রেমৰ দিনবোৰৰ কথা ভাবে। তাৰো কোনোবা প্রেয়সী আছিল। সিও কাৰোবাক ভাল পাইছিল প্রাণভৰি, ঠিক তাক ভালপোৱাৰ দৰে কোনোবাই। সি আজিও প্রেমত মগন কোনো 'ভেলেণ্টাইন অঘৰী..'।

অগণন গ্রহ, নক্ষত্র ভৰা বুকুৰ সৌৰজগত খন কেতিয়াবা বুকু ফাটি ওলাই আহি যেন পুণৰ দোহাৰিব বিচাৰে জগত সৃষ্টিৰ আদি কথা। এটা নতুন কক্ষপথৰে কোনো আদিম অঘৰীৰ সেউজীয়া পাতৰ আঁৰৰ এটা নতুন সেউজীয়া জীৱন। 

বহু দিন পাৰ হ'ল....

এটা মাছ হৈ পানীৰ কণিকাবোৰৰ লগত খেলি খেলি নীলাত বীলিন হ'ল অঘৰীটো....

লুঙলুঙীয়া পুৰণি বাটটোৰে তাৰ আদিম গুহালৈ মই বাট পোনালো...








-ৰক্তিম-
২৩ আগষ্ট/১২
বেংগেলুৰু

Thursday, August 23, 2012

উঠলি উঠে আবেগ সুৰুজৰ হেঙুলীয়া ৰঙেৰে....


এখোজ দুখোজকৈ গৈ অজানিতে তাই ফুল পাহ চিঙিলে। এটুপাল 

তেজ বিৰিঙি উঠিল কাইট ডালত। তিৰবিৰাই থকা দুটুপাল চকু 

পানী দুগালত লৈ মোক ক'লে- "পিতাই মইটো জনা নাছিলো বতাহতো
যে মাটি ফাটে।" অবিশ্বাসী ফাগুণ নীলা শব্দ কৰি দুভৰিৰ তলেৰে 
কুলু-কুলু কৈ বৈ গ'ল। 


ছঁবি ছঁবি লগা দিনবোৰ, পোহৰ পোহৰ লগা ৰাতিবোৰৰ মাজত তুমি
কোন মায়াবিনী? এন্ধাৰৰ দৰে কিয় বাঢ়ি আহা মোৰ দুচকুত সুযোগ
পালেই? কিয় মোৰ আঙুলীবোৰত মোহাৰি মোহাৰি আঁকি দিয়া জীয়াই
থকাৰ গান? কিয় মোক উৰুৱাই নিব বিচাৰা যাযাবৰি এটি পাতৰ দৰে 
উদ্বাউল বতাহ জাকৰ মাজত?



তোমাৰ দুচকুৰ উজ্জ্বল ৰামধেনুৰ ৰংবোৰ গাত সানি ল'লো। এয়া যে
মোৰ ৰংৰ তৃষ্ণা। মোৰ শুকাণ চালবোৰৰ হতাশা মই ৰংৰে গুচাম। ৰঙা,
নীলা, সেউজীয়া, হালধীয়া....আস্....কি সজীব। ৰংবোৰ লাহে, লাহে
নৈ হয়। নৈ বৈ যায় পুণৰ বুকুৰ মাজলৈ।  পুনৰ ৰক্তিম হৈ উথলি উঠে আবেগ
সুৰুযৰ হেঙূলীয়া ৰঙেৰে... 





-ৰক্তিম-
২১আগষ্ট/১২
বেংগালুৰু