Saturday, March 4, 2017

সুৰজিত সিং পানেচৰ আমাৰ মনোজ বাজপেয়ী (সমৰ প্রতাপ সিং)


খৱৰতো হঠাৎ চকুত পৰিল। APSC-ৰ দুৰ্নীতিৰ তদন্ত কৰা পুলিচ বিষয়া সুৰজি সিং পানেচৰক এতিয়া ফোনত 'ভয়ানক পৰিণতি'ৰ ভাবুকি। তেওঁক অকল ফোনেই নহয় বাৰ্তা প্রেৰণ কৰিওঁ ভাবুকি দয়া হৈছে। এতিয়া কথা হ'ল কেলেংকাৰীত জড়িতসকল ই সকলো জনা মুকলি সত্য। বৰ্তমান চৰকাৰৰে হওঁক বা পূৰ্বৰ চৰকাৰৰে হওঁক যি এই কেলেংকাৰীত জড়িত তেওঁ 'চৰকাৰ' নামৰ ভঙা নাওঁখনৰেই পোনপটিয়া অথবা আৰ্শীবাদ প্রাপ্ত যাত্রী। সেই সূত্রে ই স্পষ্ট যে APSC-ৰ দুৰ্নীতিৰ তদন্ত কৰা পুলিচ বিষয়া সুৰজি সিং পানেচৰক এতিয়া ফোনত 'ভয়ানক পৰিণতি'ৰ ভাবুকি দিয়া সকল কোন হ'ব পাৰে। যেতিয়া অপকৰ্ম চৰকাৰে কৰে আৰু সততৰে কামকৰা বাবে পুলিচে ভাবুকি পায় তেতিয়া সাধাৰণ মানুহৰ নিৰপত্তাৰ বিষয়তো বা এখন স্বচ্চ সমাজৰ কল্পনা এক 'কৌতুক'ৰ বাদে আন একো নহয়। পুলিচেই হওঁক বা ন্যায়লয়েই হওঁক (শশীকলাৰ ক্ষেত্রত) এই দুয়োয়ে যেতিয়া স্বাধীনতা হেৰুৱায় আৰু চৰকাৰৰ ইচ্চাৰ গোলাম হিচাপে কাম কৰিবলৈ বাধ্য কৰৱা হয় তেতিয়া 'Republic' 'Democracy' আদি শব্দবোৰ সংবিধান শুৱণি কৰা কিছু আলংকাৰিক শব্দলৈহে সলনি হয়।


আজিৰ খৱৰটো পঢ়ি মনোজ বাজপেয়ী অভিনীত 'শ্বুল' নামৰ এখন হিন্দী ছবিলৈ মনত পৰি গ'ল য'ত এজন সততাৰে কাম কৰিব বিচৰা পুলিচ বিষয়াক (সমৰ প্রতাপ সিং) এজন শক্তিশালী ৰাজনৈতিক নেতায়ে নিজৰ গুন্দাবাহিনী আৰু ৰাজনৈতি ক্ষমতা প্রয়োগেৰে সৰ্বতোপ্রকাৰে জলাকলা খুৱাইছিল অথবা হত্যাৰ চেষ্টা কৰিছিল। যিহেতু 'শ্বুল' এখন কথাছবি আছিল, সেয়ে শেষত সেই শক্তিশালী ৰাজনৈতিক নেতাজনৰ শেষ পৰিণাম পুলিচ বিষয়াজনৰ হাতত মৃত্যু হোৱা দেখুওঁৱা হৈছিল আৰু তেনে কৰোতে পুলিচ বিষয়াৰূপি মনোজ বাজপেয়ীয়ে নিজেওঁ প্রাণ দিছিল।
আজি অসমত যি হৈছে বা খবৰটোয়ে যি বাৰ্তা দিছে সেইয়া এসমত বা এতিয়াওঁ ইউ.পি/ বিহাৰত চলি থকা চৰকাৰী বা বিৰোধীৰ পৃষ্ঠপোষকতাত হোৱা ঘটনা।সুৰজিত সিং পানেচৰ ইয়াৰ বিৰুদ্ধে থিয় দিছে। পৰিণতি যিয়েই নহওঁক আমাক এদল দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীনভাবে যোজ দিয়া এডল সৎ পুলিচ বিষয়া লাগে, পানেচৰ দৰে।সুৰজিত সিং পানেচৰক এতিয়া ফোনত 'ভয়ানক পৰিণতি'ৰ ভাবুকি দিয়াৰ অৰ্থ দুষ্ট সকলেএতিয়া ভয় খাইছে, পুলিচৰ ভয়।সুৰজিত সিং পানেচৰ আমাৰ মনোজ বাজপেয়ী (সমৰ প্রতাপ সিং)- তেওঁ এই ৰণত জয়ী হওঁক, প্রতিজন সৎ অসমীয়া হিয়াভৰা আশষ তেওঁৰ লগত আছ।

No comments:

Post a Comment