Saturday, June 30, 2012

এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে..

যীশুঁৰ তেজেধোৱা শৰীৰটোৰ পৰা বগা চাঁদৰ খন আতৰাই লৰা-ছোৱালী জাকে ৰুলে ভগবানৰদেহত খুঁচি খুঁচি এজোপী গোঁলাপ। সাৰ পাই উঠো উঠো ভগবান। গৰ্ভ ৰুগ্ন মাটিৰ অসুখ ধূলিসাৎ কৰাৰ হেঁপাহ সিহতৰ হাঁহিত। সিহতবোৰে সৰুতেই বুজিছে-
পৃথিবীত থকা কেইদিন পৃথবীৰ পৰা লুকাব নোৱাৰি। জীয়াই থকা কেইদিন কেৱল জীয়াই থকাৰ যুঁজ দি থাকিলে জীয়াই থকাৰ সংজ্ঞাত ঘূণে ধৰিব। পাৰ চৰাইৰ আঞ্জাৰ আমেজ নুবুজা মূৰ্খ শিশুৰ দল।

লুকুৱাই ৰাখিব লাগে নিজক। পোঁহৰ পৰিব দিব নালাগে মনৰ কোঠালীত। অস্পষ্ট মৎসকন্যাৰ নাঙঠ অবয়বৰ মায়াত সাগৰ তলিত মুকুটাৰ চিকমিকনি। বৰষুণ, বৰষুণ সপোণ। দুৱাৰখন ভালকৈ লগাবা ন'হলে বৰষুণত নামি অহা অভিমানে বাঁহ ল'বহি তোমাৰ ৰাতিৰ নীলা চাঁদৰত। লুকুৱাই ৰাখিবা নিজক, এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে। প্রেম আত্মঘাটি নহয়।

মোক তোমাক লাগে, তোমাক মোক লাগে। ভোকতুৰক ভাত লাগে। আবেগ, প্রয়োজন ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ লাগে কাৰোবাক মন ভৰাই, কাৰোবাক পেট ভৰাই সুখ । আকাশৰ প্রেম, মঙহৰ প্রেম, ডাষ্টবিনৰ প‍্রেম ?? 'ভালপোৱা তেঁজ' শৰীৰৰ ভিতৰত বয়। ওলাই অহা তেঁজত দুখ বিৰিঙে।

খেলি থাকিবা, ভাগৰত পৰি নোযোৱালৈকে। গায় যাবা গান মনত তেজ নিবিৰিঙালৈকে। লিখি যাবা
কবিতা শব্দৰ অন্তলৈ। আঁকি যাবা সপোন মৃত্যুৰ চোতাললৈ। মুক্তিৰ আবেলিত হাঁহি বিৰিঙিব। ভগবানক গৈ কবা মই মানুহ। গাজা ষ্ট্রিপ, আমেৰিকা, আফগানিস্তানৰ বা আফ্রিকাৰ নহয়, পৃথিবীৰ "মানুহ"। মাডাৰ টেৰেজা, গান্ধী, মেণ্ডেলাক ভালপোৱা "মানুহ"।

লৰা-ছোৱালী জাকৰ ফুল ভগবানৰ দেহত ফুলিছে। যীশুঁ সাৰ পালে। সুধিলে- "মোক কোনে জগালে? মোৰ তেজ কিয় শুকোৱা নাই?" সিহতে ক'লে "এয়া আমাৰ আই- পিতাইৰ তেজ, সোনকালে শুকাব।"





-ৰক্তিম-
৩০জুন/১২
বেংগালুৰু

Saturday, June 23, 2012

‎'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

অপেৰা গায়িকাজনীৰ মাতটো এটা শিহুৰ দ'ৰে মোৰ তেজত ডুব মাৰি
নোহোৱা হ'ল। সুমেৰুৰ পৰা নামি আহিছে বৰফবোৰ এটা কেতিয়াও
নুশুনা শব্দ কৰি মনে, মনে। বাকী মানুহবোৰ পৃথিবীৰ পানীত নামি
হেৰাই গ'ল পৃথিবীৰ তলিত। মা-পিতাইৰ বিচনা খন খালী। ভাইটিৰ
চোতালত পৰি থকা চোলাটোৰ লগত খেলি আছে মেকুৰীটোৱে। সি
একো নাজানে। বিচাৰিলে অপেৰা গায়িকাজনী তাৰ তেজতো ওলাব চাগৈ.. 

চকুত চকু থ'লে প্রেম ন'হয়। কাৰোবাক দেখি মনটো কপি উঠিলে প্রেম
হোৱা বুলি ভবা বোৰ তৰাবোৰৰ লগত লুকা-ভাকু খেলিবলৈ গ'ল। আকাশ
খন নামি আহিল। সিঁহতবৰ নাহিল। মৰিব ময়ো পাৰিম, প্রেমত জীয়াই থাকি
দেখুওৱা মোক ৰমিঅ'। ৰবীন্দ্র সংগীত শুনিবা নিশা দুপৰত অকলশৰে, মই
কি কৈছো বুজিবা। মৃত্যুশীতলতাৰ আবেগ বচা চাঁদৰ খনে যেতিয়া টোপনীৰ
ৰূপ লয় সাৰ নাপাবা কাহানি। নিবাচাৰিবা কাহানিও জানিব প্রেমৰ সংজ্ঞা। প্রেমৰ
জগৰত যে গ্রহণ লাগে পৃথিবীৰ..

পিতাইৰ কোলাত থাকোতে দেখা জুইৰ লানি নিচিগা সোঁতবোৰ কাৰোবাৰ
বুকুৰ আজিও উদাত্ত ৰঙা অঙঠা। জুই জুই হৈয়ে থাকক। ভুলকৈ জ্বলা জুইৰ
ভমক বেছি। চাৰিওফালে ভালকৈ চালে ধোঁৱাবোৰ দেখি। কিছু নতুন, কিছু
পুৰণি আৰু কিছু কেচা তেজ মিহলি ধোঁৱা..চিনাকী...

বুকুৰ ভিতৰত ডুবি থকা 'টাইটনিক'খন বিচাৰি উলিয়ালে মৰাঁশবোৰ পাম।
লুণীয়া পানীৰ মাছ মই। বেলিৰ পোহৰে চুব নোৱাৰা সাগৰৰ গভীৰতাত মোৰ
সপোনৰ ঘৰ। মকৰাৰ কংকালেদি সজোৱা মোৰ প্রেমৰ কোঠালী। আহিবা, 
কিন্তু হাতত লৈ আহিবলৈ নাপাহৰিবা মোৰ প্রিয় তেজাল বুঢ়াটোক ৰঙা বটলৰ
মাজত। এদিনৰ বাবে আমি আদিম হ'ম। আডাম আৰু ইভ হ'ম। পৃথিবীক প্রথম
'মা' বুলিম। আকৌ কামোৰিম অভিশপ্ত আপেল। আমি 'পৃথিবী' হ'ম পুণৰবাৰ...

'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

-ৰক্তিম-
২৩জুন-১২
বাংগালুৰু

Wednesday, June 20, 2012

একোডাল সাপে মেৰিয়াই আছে আমাক...

....সাপৰ মোটটোৰ কথায়ে আহিছিল প্রথম মনলৈ, যেতিয়া "সাংস্কৃতিকৰণ" বিষয়টো পঢ়িব আৰাম্ভ কৰিছিলো স্নাতোকোত্তৰ শ্রেণীত । খুব ভাল পাইছিলো বিষয়টো । প্রথম পৃষ্ঠাৰ প্রথম কথা কেইটা আছিল-

"পৰিবৰ্ত্তনৰ বাহিৰে পৃথিবীত সকলো পৰিবৰ্ত্তনৰ হয়। একমাত্র পৰিবৰ্ত্তনেই স্থিৰ ।"

......পৰিবৰ্ত্তন হয় সকলো- স্বভাব, চৰিত্র, মন, দৃষ্টিকোণ, মত, সম্বন্ধ সকলো । সময়ৰ জোৰ সকলোৰে উৰ্ধ্ধত।ভালৰ পৰা বেয়া, বেয়াৰ পৰা ভাল, ভালৰ পৰা বেছি ভাল অথবা বেয়াৰ পৰা অতি বেয়া। শব্দবোৰ আপেক্ষিক। ঠিক যেন এটা মেচিন মনৰ ভিতৰত দূৰ্দান্ত গতিত চলি আছে। গৈ আছে বস্তুবোৰ। আমিবোৰ আগুৱাই গৈ আছো। সময়ৰ ক'লা ধুমুহাই দি গৈছে নিজৰ শক্তিশালী প্রত্যাহ্বান মুহূৰ্ত্তে মুহূৰ্ত্তে । কোনো জিকি সলনি হয়, কোনো হাৰি সলনি হয়, কোনো স্থিৰ হৈ সলনি হয়। পৰিবৰ্ত্তনৰ এই আজন্ম প্রক্রিয়াত 'কাম্য আৰু অবাঞ্চিত পৰিবৰ্ত্তন'ৰ
হাতেহাত ধৰি ওলমি থকা আমাৰ বৰ্ত্তমান।

'সি সলনি হ'ল।',
'মানুহজন আগৰ নিচিন। হৈ থকা নাই।'
'তাই আজিকালি মন খূলি কথা পাতে।'
'মানুহঘৰত গৈ আগৰবাৰৰ দৰে ভাল নালাগিল।',
'কিয় জানো আজি মনটো ভাল লাগি থকা নাই দেখোন।'
'তাই আগতে লাজকুৰীয়া আছিল আজি কালি স্মাৰ্ট হ'ল।'....

- সদায় শুনি অহা বা ব্যবহাৰ কৰি অহা মন্তব্য এইবোৰ। সহজাত ভাবে সহজতেই কৰা মন্তব্য। প্রত্যোকেই প্রত্যোকক বিষয়ে কোৱা কিছুমান কথা। জীবনত 'পৰিবৰ্ত্তন'ক বিচাৰি চোৱাৰ এক সহজ উপায় এই মন্তব্যবোৰ। অতি সহজতে মন্তব্য দিব পৰা এই পৰিবৰ্ত্তন বোৰ অতি কঠিন মানসিক প্রক্রিয়াৰ মাজেৰে আহে। । কিছুমানে হাৰ মানে পৰিবৰ্ত্তনৰ এই প্রত্যাহ্বানৰ আগত। নতুনত্বৰ প্রসব বেদনাত অস্তিত্ব বিলীন হয় সিহতবোৰৰ। পৰিবৰ্ত্তনৰ অন্তত জিকাবোৰে এক নতুন 'মই' হৈ নিজৰ আগত দেখা দিয়ে। একোটা উজ্বল সুৰুজ মুখত লৈ ঘুৰে, যেতিয়ালৈ নতুনত্বৰ টোকৰ পুণৰবাৰ নপৰে।

আজীবন চলে এই পৰিবৰ্ত্তনৰ প্রক্রিয়া আৰু মৃত্যুয়ে পুণৰ পৰিবৰ্ত্তনৰ কৰি যায় আন দহোতা জীৱন...

শৰীৰত অহৰহ ওলমি থাকে পৰিবৰ্ত্তনৰ এডাল সাপ,

মৃত্যুৰ মোট সলোৱা প
য্যৰ্ন্ত.....


-ৰক্তিম-
জুন ২০/১২
বাংগালুৰু

Tuesday, June 19, 2012

ভগৱান, মানুহৰ খেলি-মেলিবোৰ..

বতাহ জাক বৰ ধুনিয়াকৈ বৈ আছে কালিৰ পৰা। প্রত্যোক জাকেই লৈ আহিছে তলসৰা শেৱালীৰ সুঁৱাস। দেহৰ কোঁহে কোঁহে সজীৱতা অনুভব কৰিছো এনে ক্ষণবোৰতত ভাবুক হোৱাটো তেনেই স্বাভাবিক।

'যি হয় বা যিহোৱা উচিত' তাৰ মাজৰ আখৰাত মগজু বেছি ক্ষয় কৰি লাভ নাই যেন লাগে মাজে, মাজে। মাজে, মাজে ভাব হয়সকলো ভগৱানে (?) পূৰ্বে পৰিকল্পনা কৰি থয়। সেইমতেই সকলো হয়। যদি সেয়ে হয় তেনেহ'লে ধ্বংসৰ মাজত সৃষ্টিশীল ভগবানৰ সংজ্ঞা বিচাৰোতে অসুবিধা হয়। গণহত্যা, ধৰ্ষণ (বিশেষকৈ শিশু) আন আন মানবীয় বৰ্বৰতাবোৰো যদি ভগৱানৰ পূৰ্বপৰিকল্পনা বুলি ধৰি লঁও তেনেহ'লে ভগৱানক ভগৱান বুলি মানিব নোৱাৰিম। হয়তো 'এথিষ্ট' সকলে
তেনেকৈয়ে ভাবে। নে ভগবানে মানুহক মগজু দি দৈবিক ক্ষমতাৰ বিকেন্দ্রিকৰণ কৰিছিল? যাৰ অপপ্রয়োগৰ পৰিণতি- মানুহেই মানুহৰ কাল, মানুহেই সৃষ্টিৰ বিনাশক অথবা মানুহেই ভগৱানৰেই অস্তিত্বৰ প্রশ্ন কৰাৰ উপক্রম হ'ল।

মানুহৰ অনুভবখিনি সফলতাৰে বৰ্হি প্রকাশ কৰাতোতে মগজু আৰু আবেগৰ সংযোগৰ সফলতা, মানুহৰ সফলতা। মানুহৰ ক্ষেত্রত এই সফলতা নঞৰ্থক দিশে উৰ্ধগামী। ভাব-প্রকাশ আৰু প্রকৃত অনুভৱৰ মাজত এডাল পাতল প্রশ্নবোধক চিন যেন সদায় থাকি যায়। 'প্রশ্নবোধক চিন'- সহজ ভাষাত মানুহৰ প্রতি মানুহৰ বিশ্বাসৰ প্রশ্ন। নিজৰ জীবনটোৰ বা পৃথিবীৰ বুৰঞ্জীত চকু ফুৰালেই কথাবোৰ মূৰ্হুততে স্পষ্ট হ'ব। ভালবোৰ সদায় বেয়াৰ বুকু ভেদি ওলাব লাগে। নীল কাদম্বীনিৰ পৰা
সৰা সজীৱ টোপালবোৰৰ দৰে ভালবোৰ মানুহৰ মনৰ পৰা স্বতঃস্ফূৰ্ত ভাবে নসৰাৰ আঁৰত সৃষ্টিৰ কি ৰহস্য থাকিব পাৰে? 'সৃষ্টি হ'লে বিনাশো হ'ব'- এই সংজ্ঞাৰ বাস্তবিকৰণৰ ভগৱান প্রদত্ব মানব জাতি বিনাশৰ মানসিক সজুলি নেকি- ইয়াৰ উত্তৰ?

'আজি' নষ্ট কৰি 'কালি'ৰ সপোন দেখা, সময় নষ্টৰ নামত নিজেক নষ্ট কৰা, নিজক নিজেই চিনাৰ আগতে আনৰ পৰিচয় দিবলৈ উদ্বাওল হোৱা, প্রেমক পিঠি দি হিংসাৰ ফালে ঢাল খোৱা- সকলো জানিও ধাৰাবাহিক ভাবে ভুলবোৰ কৰি যোৱাৰ এই মানবীয় প্রবণতাবোৰে মায়াৰ কি বান্ধ সাজি কি উদ্দেশ্যে মানবজাতিক বশীভূত কৰে ইয়াৰ উত্তৰ হয়তো কোনোদিনে নোলাব।

নে ইয়াৰ উত্তৰ ভগৱানে মানুহক দিয়াৰ মগজু শক্তিৰ আঁৰতে লুকাই আছে?

বতাহ জাকে কথাবোৰ খেলি-মেলি লগালে....

-ৰক্তিম-
১৯জুন/১২
বাংগালুৰু

Sunday, June 17, 2012

শীৰ্ষ গীত-অসমীয়াত কথা বতৰা-এটি সৰু প্রয়াস

বন্ধুত্ব, ভালপোৱা, একতা,স্ৱদেশ, স্ৱজাতি আদি শব্দই নোকোৱাকৈ বহু কথা কৈ যায় আৰু সংগীতে হয়তো সোণত সোৱগা চৰায়। এজাক ভিন্ন চিন্তাৰ অচিনাকি মনক অকবই যি দৰে বান্ধি ৰাখিছে সেই সফলতাক সন্মান আৰু ধন্যবাদ জনায় আমাৰ এটা সৰু প্রয়াস আপোনালোক সকলোলৈ আগবঢ়াই দিব খুজিছো। 'আমি' শব্দটোৰ মাজত সোমাই আছো ৰক্তিম,হৃদয়,উজ্জ্বল,ৰাজীৱ আৰু বাসৱ (Brothers In Bangalore-BIB). আগন্তক দিনত আমাৰ আৰু বহুত নতুন পৰিকল্পনা আছে। আমি আশাবাদী আপোনালোকে ভুল ক্রুতি আঙুলীয়াই আমাক আগুৱাই যোৱাত সহায় কৰিব।

শীৰ্ষ গীত- 'অসমীয়াত কথা বতৰা'
সুৰ- ৰক্তিম
কথা- ৰক্তিম,ৰাজীব ৰঞ্জন 
শব্দযণ্ত্রী,সংগীত ব্যবস্থাপনা - হৃদয় 
পৰিকল্পনা- ৰক্তিম, উজ্বল, বাসব আৰু ৰাজীব
গীটাৰ- ৰক্তিম 


-ৰক্তিম -
১৭জুন/১২

Saturday, June 16, 2012

মেকুৰী, বৰ্ত্তমান, প্রেম আৰু মানুহ

মুখত পোৱালী কেইটালৈ ঘৰ বিচাৰি ঘূৰি ফুৰা মেকুৰী জনীৰ লেখীয়াকৈ জীবনটো চলাই নিম বুলি ভবা মানুহ বহু আছে। কোনো 'প্রত্যুৎপন্নমতী' কোনো 'যত্ভবিষ্য' কোনো 'অনাগতবিধাতা'। সকলোৰে নিজস্ব গতি আছে। শেষ আছে। আমি সকলো উপঙি আছো, গৈ আছো সময় সাগৰত। ক'লৈ? ক'ব পৰা জন ভগবান (?)।

জীবনৰ সংজ্ঞা ব্যক্তিবিশেষে সদায় বেলেগ। পৰীক্ষাৰ কাৰণে মুখস্ত কৰাৰ দৰে জন্ম-মৃত্যুৰ মাজৰ সময়ছোৱা আনৰ জীৱন চাই মুখস্ত কৰিব নোৱাৰি। 'বৰ্ত্তমান'- অতীত পাৰ কৰি ভবিষ্যতলৈ যাব বিচৰা এক দূৰন্ত যৌবন। বৰ্ত্তমান- এডাল সৰল ৰেখা। তিনিটা ষ্টপেজৰ এক সৰল ৰেখা- কালি,আজি আৰু কালি। বৰ্ত্তমান- জীৱন।

পৃথিবীখন এটি ধুলিকণাৰ দহ হাজাৰ অৰ্বুদ ভাগৰ এক বুলি ক'লে নিশ্চয় বিশাল বুলি কোৱা হব, যদি আমি মহাকাশৰ সংজ্ঞা বিচাৰো। সেই পৃথিবীৰ মাজত 'আমি'। আমাৰ মাজত 'মই'। মোৰ মাজত 'অহংকাৰ'। অহংকাৰৰ মাজত 'পতন'। কিমান সুস্পষ্ট নিয়ম। কিমান বিধিসন্মতভাবে আমি শেষ কৰো আমাক। নিশ্চিত 'অন্ত'ৰ জ্ঞান থকাৰ পাছতো 'জীৱন-বিজ্ঞান'ৰ 'পতনৰ নিয়ম' মানি চলা যেন এক আদিম নিচা। 'জীৱন' নিচাৰ লগত প্রায় হাৰে জীৱনৰ নিচা বুজি নোপোৱাজনৰ হাতত। বেয়াৰ পোহৰত ভালটো সেয়ে হয়তো আটাইতকৈ বেছি জিলিকে।

'প্রেম'- মোৰ জীৱন তোমাৰ হাতত, তোমাৰ জীৱন মোৰ হাতত। 'থিঅ'ৰি অফ পেৰেডক্চ অফ লাইফ'। জীৱনৰ চফ্টৱেৰটো খেলিমেলি কৰি দিয়া এটা স্ববিৰোধী বাগ (?)। ব্যক্তি আৰু ঘটনাবিশেষে স্বাদ তিতা বা মিঠা। মানুহক জ্ঞানী কৰে বা সাজে জধামূৰ্খ। অভিজ্ঞতাৰ নিচাহীন সুৰাত এচুমুক নিশ্চিত সকলোৰে। আমি ডাঙৰ হও তেনেকৈয়ে।

এখন পৃথিবী। সকলো এক হ'ম। কথা পাতিম, গান গাম। যাত্রা কৰিম পৃথিবীৰ শেষলৈ একেলগে। প্রেমকো দেখুৱাই দিম প্রেমৰ তলি উদং হোৱাকৈ ইজনে সিজনক ভালপোৱাৰ হেঁপাহ আমাৰো আছে। মানুহৰ প্রতি মানুহৰ হেঁপাহ। মানুহৰ প্রতি মানুহৰ মৰম।

মেকুৰীৰ হেনো ৯টা জীৱন।

আমি মানুহ...

এটা জীৱনত ৯ টা জীৱন জীয়াব লাগিব...মানুহ হৈ।

-ৰক্তিম-
১৬ জুন-১২
বাংগালুৰু







https://www.facebook.com/groups/axomiyakothabotora/permalink/400460740006428/?notif_t=like

Monday, June 11, 2012

-বেশ্যা- (কথা কবিতা)

মোৰ প্রেমত তুমি পাগল।

বুজি পোৱা হোৱাৰ পৰাই মোৰ কাৰণে বলিয়া তুমি।
লোকৰ হাতত মোক দেখিলে জ্বলা।
মোক পাবলৈ তুমি মাৰিবও পাৰা, মৰিবও পাৰা।
মানুহৰ পৰা পশু হবলৈ লাগে এপলক।
মোৰ খাতিৰত তুমি এৰিব পাৰা মা-পিতাই, ভাই-ভনী সংসাৰৰ সকলো।
মোৰ বৰ ভাল লাগে এই বলীয়ালি।
যদিও মোৰ হাজাৰ প্রেমিক তথাপি মোক সাৱতি তুমি কৰিব বিচাৰা দিন-ৰাতি বিলীন।

মোৰ যে তুমি পাগল প্রেমী।

কিন্তু এটা কথা ভালকৈ জানি থবা মোৰ ৰ'মিঅ,
তোমাৰ জুলিয়েট যে "বেশ্যা"

মই যে "বেশ্যা"

এনেদৰে ভালপোৱাৰ আগতে ভালকৈ জানি লবা মোৰ চৰিত্র। পিছত মোক নোদোষিবা।
সকলোৰে হাতৰ উঁম পিটপিটাই ফুৰে মোৰ দেহাত। 

মই চিৰযৌবনা। মানুহৰ চৰিত্র নষ্ট কৰি ভাল পাঁও মই।

তোমাকো নষ্ট কৰিম।

বেশ্যাৰ প্রেমত কিন্তু এনেকৈ মতলীয়া ন'হবা।
শুকাব ধৰা দেহা জীণ গ'লে একো নাপাবা।

টকলা প্রেমিকটো এতিয়াও লিপিট খাই আছে দেহাত, এৰাব নোৱাৰা মায়া....

পৃথিবী মোৰ নিশাৰ আলহী

মই যে "বেশ্যা"...



-ৰক্তিম-
জুন ১১/ ১২
বাংগালুৰু



Prostitute

You are madly in love with me.
Since the first day you came to know me, you love me..
You burn with jealousy when you see me with others
You can kill many and you can die to get me
You can be an animal for me
You can leave the world behind just to be with me

I like your madness
Even though I have got thousands of admirers,
Still you want to embrace me and forget everything else

You are a mad lover

But know one thing very well my Romeo
That your Juliet is a prostitute

I am a prostitute

Before you love me so deeply, know my character
Please don’t blame me afterwards

Everyone keeps fondling my slender body
But I am forever young
I like destroying characters of people
I will destroy yours too my lover

Don’t be so mad in loving a prostitute
You won’t get anything when this thin body of mine dries up

The bald lover is still holding my body tight
The world is my guest of the night


_____________________________________________________________________________________________


(English version is translated by Rajib Ranjan Nath)
https://www.facebook.com/rajib.ranjan)




https://www.facebook.com/groups/axomiyakothabotora/permalink/398195770232925/?notif_t=like
চিত্র উৎস:http://www.oknation.net/blog/narisza/gallery/32239

Sunday, June 10, 2012

কিবা হ'ল তাইচোন নহাই হ'ল...


....গণেশগুৰিৰ প্রেম বুজি পোৱা "পাগল (?)" মানুহহালৰ লগত ঘটা ঘটনাটোৱে মনতো মোহাৰি পেলালে। নিৰ্মমতাৰ সজ্ঞাৰ পৰিধি আজি আকৌ বিশাল কৰিলে "মানুহে (??)"


...অকৰা মানুহজনে বা কি অনুভব কৰিছে বুকুৰ মাজত ..?????


কিবা হ'ল তাইচোন নহাই হ'ল..
______________________

তাইক লৈ গ'ল

শিলবোৰ কোমল কৰি তোলা

মৰমবোৰৰ মাজৰ পৰা

জাবৰ বুলি লৈ গ'ল...

ডাষ্টিবিন বোৰৰ মাজত
বিচাৰিলে ওলাব..

আজি ৰুটিৰ টুকুৰাৰ লগত
তাইকো বিচাৰি উলিয়াই আনিব লাগিব

তাইক সেন্দুৰ পিন্ধোৱা আঙুলীবোৰ 
শেঁতা হৈ আছে কালি ৰাতিৰে পৰা

হাতত হাত থৈ কলৈ বা যাম আবেলি ?
আজি "পৰজনমৰ" গাম

কিবা হ'ল তাইচোন নহাই হ'ল...







-ৰক্তিম-

জুন ১০/১২

Saturday, June 9, 2012

কথাবোৰ সৰল..

পুৰুষ-মহিলা, ল'ৰা-ছোৱালী, মতা-মাইকী বেলেগ বেলেগ বুলি ভাবি একো লাভ নাই। সকলো মানুহ।ভোক সকলোৰে লাগে। পুৰুষত্বৰ অহংকাৰে মৃত্যু জিনিব নোৱাৰে। নোৱাৰে মহিলাৰ সৃ্ষ্টিশীলতাই কৰিব পৰিবৰ্ত্তন জীৱনৰ সজ্ঞাৰ। সৃ্ষ্টিৰ অৰ্থ নুবুজিলে সৃ্ষ্টি হয় বিশৃংখলতাৰ। নিজৰ চকুত সকলো নাৰ্চিচাচ...সকলো সমান...সকলোৰে মন আছে..মনত আছে মৰম..মৰমত বৰ্তি জীৱন। পুৰুষৰ পিয়লাত নাৰীৰ মৰম, নাৰীৰ গৰ্ভত পুৰুষৰ....জীৱনৰ এই সহজ সমীকৰনটোত কুটিল বন্ধনীৰ প্রয়োজন ক'ত ?



https://www.facebook.com/groups/axomiyakothabotora/396731123712723/

Friday, June 8, 2012

মোৰ অসুখ হৈছে ..

..মোৰ অসুখ হৈছে।

ম'জ্জাৰ্টৰ চিম্ফণিবোৰে মোৰ দেহটো বিষাক্ত কৰি তুলিছে। লেননক বুকুত খুঁচি দিয়া নিমৰ্ম গুলি কেইটা মোৰ কাণৰ কাষেদি সোঁ -সোঁৱাই বাৰম্বাৰ অহা-যোৱা কৰি আছে। ভয় লগা সেই বতাহৰ শব্দ।
গ'ল কৰিবলৈ পঠোৱা স্কোৱাৰক গ'ল কৰা কাৰণে মাৰিলে। চে-ক মাৰিলে মুকলি আকাশ বিচৰাৰ বাবে। লৰ্কাক চোচোৰাই নিয়া বালিময় খঁহটা পথটোৰ দাতিতে মোৰ শেতেলী। চেঁচা অনুভব। দক্ষিন আফ্রিকাৰ কৃষ্ণাংগী ডেকা ষ্টিভ বিক' আৰু আমাৰ ওপজা মাটি ভালপোৱা বোৰ মাটিৰ তলত জা'হ গ'ল তপ্ত সুৰুজহৈ, একোটা তেজাল ঘোঁৰা লৈ । ৰাজগড়ত ঢলি পৰিল 'আগান'ৰ গান।

ষ্টেলিনে প্রগতি আনিলে ৮ লাখ মানুহ মাৰি। শান্তি লাগে,জীৱন লাগে বুলি কোৱা ১,৫৮,০০০ লাখ নিজৰে সৈন্যিকক সগৌৰবেৰে গুলিয়ালে। 'ইহুদী মাৰ্ক্স'ৰ সৰ্বহাৰাৰ মুক্তিৰ কথা বুজিলে হিটলাৰে। বিশ্ব কঁপাই মুক্তি দিলে '৬ মিলিয়ন' ইহুদীক। ডালাই লামা, শংকৰ-মাধবে উৰুৱা পাৰচৰাইৰ জাক শাক্ত হ'ল।

পপীয়া তৰাবোৰ বিশাল আকাশৰ বুকুৰ পৰা এনেই খহি নপৰে। পৃথিবীৰ দূখত আত্মহত্যা কৰে সিঁহতে দিনে নিশাই।

টল'ষ্টয়, গৌতম বুদ্ধক ভুলতে দেখিলেও চকু মুঁদিবা। চলে-বলে-কৌশলে প্রজা হৈ ৰজা হোৱাৰ দিনত ৰজা হৈ প্রজা হোৱা মানুহৰ কথা শুনি সময় খৰছ নকৰিবা। "অপ্রাসংগিক মানুহ" এইবোৰ।

মানুহৰ ভাল বিচৰা মানুহবোৰক মনুহে নিজেই মাৰে। দুদিন পিছত নিজৰ দুৰ্দশাত নিজেই কান্দে।ধ্বংসৰ বৃত্ত, এক পৰিচক্র -"চাৰ্কল অফ্ দেচট্রাকচন "। সকলোৰ সময়, স্থিতি, স্থান, আবেগ এজাক ধুমুহাৰ দূৰত্বত।

মই চিৰকাল খুলি থোৱা হৃদয়ৰ কোঠালিটোলৈ মৃতকৰ লানি নিচিগা সোঁত।

পিছফালৰ দেৱাল বগাই সংগোপনে আহি ঠকা অমানুহৰ জাকটোৰ পোহৰত চকু চাট মাৰি ধৰিছে।

মোৰ শৰীৰটো আৰু চেঁচা হোৱাৰ আগতে খালটোত জেং দিব লাগিব। মাছবোৰ ধৰিব লাগিব।

অসুখ ভাল হ'ব....

-ৰক্তিম-
০৬জুন/১২
বাংগালুৰু





চিত্র উৎস:mde-art.com

Thursday, June 7, 2012

মাৰ্ক্সৰ ছায়াৰ মায়া


...হয়, বেছি ভাবি লাভ নাই। কথাটো সহজ। ক'ক' ক'লাৰ লগত বিলাতি সুৰাৰ আমেজ লৈ ডাচ্-কাপিটালৰ কথা কোৱা দুমুখীয়া মানুহ জনক মই ভাল পাব নোৱাৰো।লাগিলে যোনেই নহওক। ঘুৰি যাও বুলি ভাবিলো যদিও ন'গলো। অনুশোচনা ভাব
অহা নাই যেতিয়া ভুল কৰা নাই। প্রত্যেক সম্বন্ধৰে আয়ুস থাকে।


" ..দেশ ভাগিলে অ'সমাজখন নেভাগক..." মানুহজনৰ পুৰণা টেপ ৰেকৰ্ডাৰটোত গীতটি প্রায় বাজি থাকে। আমাৰ ঘৰৰ গাতে লাগি থকা তেখেতৰ ঘৰ। মই যেতিয়াই তেখেতৰ ঘৰলৈ গৈছিলো, গীতটি বাজি থকা শুনা পাইছিলো। খুউব বেছিকৈ
মাৰ্ক্স-লেনিনৰ ৰ প্রতি আকৃষ্ট মানুহজনে মোৰ কুমলীয়া বয়সক আওঁকাণ কৰি সঘনাই শ্রেণী সংগ্রামৰ কথা কৈছিলে। মই শুনি গৈছিলো। মানুহজনৰ কথাত এক মোহনী শক্তি আছে। এটা এনেকুৱা শ্রণী প্রকৃততে আছে যিয়ে মানুহক ডাঙৰ ডাঙৰ কথাৰে সহজে মোহিব পাৰে,মন্ত্রমুগ্ধ কৰিব পাৰে। বিশ্ব সাহি্ত্য,ৰাজনীতি, কলা,বিজ্ঞান সকলো সম্ভব দিশতে বাকপটুতাৰে নিজৰ জ্ঞানৰ চানেকী দিয়ে। প্রতিবাৰেই তেওক লগ পোৱাৰ আশ্বৰ্য্যৰ নৌ মাৰ যাওতেই মগজুত সদায় এটা প্রশ্নৰ টোকৰ পৰে। ইমান চোকা মানুহজন মানুহৰ কিয় ইমান অচিনাকি। মানুহজনক 'প্রচাৰবিমূখ' বুলিবও নোৱাৰো সচা অৰ্থত প্রচাৰবিমূখ হোৱা হ'লে মোক বা আন কাৰোবাক পালেই তেখেতে সেই কথাবোৰ অৰ্নৰগল কৈ যাব
নিবিচাৰিলে হয়। 

তেখেতে মোক কোলাত লোৱাৰ দিনৰ পৰা পাইছে। মোৰ বাবে তেও আছিল 'চেনীবিস্কুট খূৰা'।
মানুহৰ ঘৰলৈ কম আহ-যাহ মানুহজনৰ। কিন্তু আমাৰ তালৈ যেতিয়াই আহিছিল মোলৈ চেনীবিস্কুটৰ পেকেই এটা সদায় আনিছিল। তেঁও ঘৰলৈ অহা বুলি গ'ম পালেই একেদৌৰেতেওৰ ওচৰ পায়ছিলো গৈ বিস্কুটৰ আশাত। 

মানুহজন দেখি দেখিয়েই ডাঙৰ হ'লো। তেঁওক দেখিলে সময় স্হিৰ হৈ যোৱা যেন লাগে। বছৰৰ পিছত বছৰ বাগৰি গ'ল তেখেতৰ পৰিষ্কাৰ, ঢকঢকীয়া বগা চুৰীয়া-পাঞ্জাবিজোৰ যেন সলনি নহ'ল। দেউতায়ে তেখেতৰ কথা সুধিলে কয় "মানুহজন অলপ বেলেগ।
মোৰ ককাইদেউৰ দৰে জ্ঞান কৰো। পঢ়া-শুনা কৰা মানুহ তেঁও। সংসাৰৰ মায়া মোহৰ প্রতি আসক্তি নাই তেখেতৰ। জীৱনটো বৰলা হৈয়ে কটালে। তেখেতৰ খং বেচি, খংটোৰ পৰা বাচি থাকিবি" তেখেতৰ জীৱনটো, তেখেতৰ জীৱনশৈলী, তেখেতৰ অবয়ব, তেখেতৰ
টেবুলৰ কিতাপবোৰ, তেখেতৰ কথাবোৰ- এই সকলোবোৰৰ মাজৰ অদৃশ্যকাৰণটোক যেন লাহে লাহে বুজিবলৈ চেষ্টা আৰম্ভ কৰিলো। মোৰ বয়স বঢ়াৰ লগে লগে মানুহজনক  ভালকৈ জনাৰ হেঁপাহো বাঢ়ি আহিছিলে সমানে।

তেখেতে পঢ়া কিতাপবোৰ বিচাৰি পঢ়া আৰম্ভ কৰিলো, এখন দুখনকৈ। মোৰ যেন এিনেত্র খোল খালে। বিদেশত কি কি ঘটি গৈছে!! কি কি ঘটি আছে!! চীন, ৰাচিয়া, সাংস্কৃতিক বীপ্লব, বলছেভিক, মাৰ্ক্স, লেনিণ, ষ্টেলীন, গৰ্কী ইত্যাদি ইত্যাদি। ৱাহ !! আচৰিত আচৰিত ঘটনা, বিশাল ব্যক্তিত্বৰ মানুহবোৰ। মূৰৰ ওপৰৰ ভূখণ্ডৰ বিষয়ে ইমান জানিব লগীয়া সাংঘাটিক সাংঘাটিক ঘটনাবোৰ
ইমানদিনে জনাই নাছিলো। পৃথিবীখন অতদিনে ঘৰৰ চোতালৰ পৰা চক্ বজাৰৰ মাজতে সামৰি থৈছিলো। এখন নতুন পৃথিবী আবিষ্কাৰৰ আনন্দৰ বিষয়ে বেলেগে আৰু কি ক'ম। মানুহজনৰ ওচৰত মনে মনে মূৰ দোৱালো। শ্রদ্ধা বাঢ়িল বুজাব নোৱাৰাকৈ। লাহে লাহে মোৰো প্রিয় গীত হৈ পৰিল " ..দেশ ভাগিলে অ'সমাজখন নেভাগক..."। 

এটা দুটাকৈ তেখেতে কৈ যোৱা কথাবোৰত ভাগ লোৱা আৰাম্ভ কৰিলো। নজনা কথাবোৰ প্রথমে তেখেতৰ খং নুঠাকৈ ভয় ভয়কৈ সুধিছিলো। পিছলৈ নুবুজা কথাবোৰ তেখেতক সুধি বুজি উঠিবলৈ কথাবোৰ সহজ হৈ পৰিছিল। তেখেতে এজন বন্ধু আৰু মই এখন মানুহৰূপী এনচাইক্লপিডিয়াপালো। আমাৰ আড্ডা খুব জমিল পিছলৈ। পিছলৈ আড্ডাত মোৰ সমুখত সংকোচ নকৰাকৈ মদ খাৱলৈ আৰম্ভ কৰিলে। প্রথমে অলপ অস্বস্তি লাগিছিল যদিও, নিজকে অলপ ডাঙৰ হোৱা যেন লগা ভাবটোৰো আমেজ লৈছিলো।

মোৰ গ্রেজুৱেচনৰ ৰিজাল্ট ওলাল। চাওটে চাওটে ৩ টা বছৰ পৰ হৈ গ'ল কেৱল কথাৰ মাজত। পৃথিবীখন বহুত চিনাকী হৈ গ'ল এই ৩ বছৰত। প'ষ্ট গ্রেজুৱেচনৰ বাবে ঘৰ এৰিবলগীয়াত পৰিলো। মানুহজনক এৰি আহিবৰ সময়ত এক বুজাব নোৱাৰা কষ্ট অনুভব কৰিছিলো। মানুহজনে নিজৰ ভাৱবোৰ লুকুৱাব চেষ্টা কৰি মোক আশীৰ্বাদেৰে বিদায় দিছিল। মই নতুন পৰিবেশৰ লগত ব্যস্ত হৈপৰিলো কম সময়ৰ ভিতৰে। নতুন হ'ষ্টেল, নতুন লগৰবোৰৰ লগত দিনবোৰ পলকত পাৰ হোৱা যেন লাগিল।

সেইদিনা দেওবাৰ আছিল। ৰাতিপুৱাই বন্ধু এজনে চিঞৰি কৈ গ'ল -"ঐ ঘৰৰ পৰা ফোন কৰিছে। ৰৈ আছে। সোণকালে যা" মই টোপনীৰ জালতে দৌৰাদৰি কৈ গৈ ফোনটো ধৰিলোগৈ। মায়ে থুকাথুকি মাতেৰে ভালকৈ একো ক'ব নোৱাৰিলে। খালী ক'লে 'তই যিমান পাৰ সোনকালে ঘৰলৈ আহ।' মই একো ধাৰণা কৰিব নোৱাৰি এক অজান আশংকালৈ ঘৰলৈ বুলি বাচত উঠিলো। 

...দেউতা বিচনাতে আছে এতিয়াও। দেউতাৰ অবস্থা দেখি আৰু ঘটনাটোৰ বিষয়ে শুনি মোৰ হিতাহিত জ্ঞান হেৰাল। একেকোৱে মোৰ মৰমৰ 'চেনীবিস্কুট খূৰা'ৰ ঘৰ পালোগৈ।একপ্রকাৰে গুৰিয়াই দোৱাৰখন খূলি সমুখৰ ৰুমতে মদ খাই থকা অবস্হাত তেখেতক পালো। তেওক সেই ৰংত দেখি মোৰ খং দুগুনে চৰিল। তেখেতে মোক দেখি কি প্রতিক্রিয়া কৰিব বুজিব নোৱাৰি মোলৈ চাই থৰক বৰককৈ থিয় হ'ল। মই ৰখিব নোৱাৰি অনৰ্গল কৈ পেলালো ... 

"আপুনি কেৱল ভেঁটা খন দিওতে অলপ ইফাল সিফাল হোৱাৰ বাবেই দেউতাক লগত দন কৰিলে। তাতো সন্তুষ্ট নহৈ দেউতাৰ গাত হাত তুলিলে। দুমুখীয়া আপুনি নিজকলৈ অতিষ্ট হৈ উৰহৰ খং ভঙা ঠাৰিত উলিয়ালে। দেউতাৰ সহনশীলতাৰ বাবে আপুনি এতিয়া পুলিচৰ ৰ হাতত পৰাগৈ নাই। সংসাৰৰ মায়া নাই কিন্তু মাটিৰ মায়াত নৰখাদক হ'বলৈয়ো কুন্ঠাবোধ নকৰা এটা ভণ্ড পিশাচ আপুনি। দুখীয়াৰ দুখত ঘড়ীয়ালৰ চকুপাণী টোকা আপোনাৰ নিচিনা ৰঙা পোচাকী মানুহবোৰে নিজৰ ভোকত দুখীয়াকে বধি সিহতৰ ৰুটি খাবলৈ কুন্াবোধ নকৰে। মাৰ্ক্স, লেনিণ নহয় আমাৰ নিজৰ ভাগৱত গীতা পঢ়ক, চৰিত্রৰ সংশোধন হ'ব। মানুহ হৈ মানুৰ মাজত থাকিব পাৰিব। কমিউনিষ্ট বা কংগ্রেছী নহয় এটা মানুহ হ'বলৈ শিকক। আপোনাৰ মাৰ্ক্স 'হেভ' আৰু 'হেভনটচ'ৰ লগত একে মাটিতে জাঁহ গ'ল। দুখীয়াৰো দুখ ন'গল, ধনীৰো ন'গল খক "

একে উশাহতে কথাখিনি কৈ ওলাই আহিছিলো। তেখেতৰ ওপৰত এটা বিৰাট ঘৃণা ভাবে বাঁহ লৈছিল মনত। পুৰণা কথাবোৰ এখন ক'লা বগা চিনেমাৰ দৰে চকুৰ আগেদি পাৰ হৈ গ'ল। মনটো অকস্মাৎ উদং হৈ গৈছিল। ভাৱ হৈছিল মোৰ ঘৰৰ চোতালৰ পৰা চক্ বজাৰৰ মাজৰ পৃথিবীখন যদি সৰু আছিল কিন্তু ই সুন্দৰ আৰু স্বতঃস্ফূৰ্ট আছিল। ভালটো ভাল বুলি আৰু বেয়াটো বেয়া বুলি জানিছিলো। আপোনবোৰৰ মাজতে এনেকৈ যে শিখণ্ডীৰ এজাত সুমাই থাকে মই কেতিয়াও ভাবিব পৰা নাছিলো। দেশ, সমাজ সকলোৰে আৰম্ভণী নিজৰ পৰাই। এই অকল্পনীয় অভিজ্ঞতাৰ পৰা এটা কথা ভালকৈ বুজিলো যে- এজন মানুহৰ প্রকৃত পৰিচয় তেখেতৰ জ্ঞান বা কৰ্মত নাথাকে, থাকে জ্ঞান আৰু কৰ্মৰ মাজত পাৰ্থক্যতহে।....


-ৰক্তিম-
১৬ জুলাই/১২
বেংগালুৰু




চিত্র উৎস:http://theoncominghope.blogspot.in/




Wednesday, June 6, 2012

“মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক”


..এনেকৈয়ে গৈ থাকিব, চলি থাকিব। চন্দ্র, সূ্ৰ্যৰ টো আৰু ভাল দিন, বেয়া দিন বুলি নাথাকে। গ্রহণ লাগিব কিন্তু গতিৰ লৰচৰ নহয়। নিৰন্তৰ গতি। ছাঁ-পোহৰৰ খেল শেষ, সকলো শেষ।

সূৰ্যৰ বুকু ফালি ওলাই অহা বৰষুণ জাকত যদি কোনোবাই গা-ধুম বুলি গুপুতে পাং পাতিছে তেনেহ’লে ক’লো -

"এতিয়াও সময় আছে জুইত জাঁহ যোৱাৰ আনন্দ ল’ব শিকা কোনেও তলাব নোৱাৰিব তোমাক।"

ছাঁ টো কোচ খাইছে। খোজ কঢ়া ভৰি দুখন ক্রমাত ক্ষয় গৈ আছে। পথাৰৰ আলি দেখিলে সিঁহতে গম পাব মই এই বাটেৰেই গৈছিলো। মোৰ ভৰিৰ চাপত কি ফুলিব নাজানো কিন্তু আমোলমোলাই আছে আৰু সদায় থাকিব সেই মাটিৰ ৰ্দুদান্ত অহংকাৰ, মোৰ দুভৰিত।

চিনাকী চেঁচা বতাহ জাকে আমণি কৰি আছে । মোৰ কলিজাৰ একোণত হেনো এটা বৰফৰ মন্দিৰ বনাব। নাষ্টিক ভগবানজনক বিচাৰি আছে বহুদিনৰ পৰা। বিচাৰি পালে মোক নুসুধাকে মোৰ কলিজাত বাহৰ পাতিব। শামুকটোৰো নিজা গতি আছে, লক্ষ্য আছে, মৰম আছে। মোৰ মৰম লাগে বাৰিষাত শামুকৰ পোৱালীবোৰ দেখিলে।

আইতা মোৰ জীৱনৰ প্রথম মৰা মানুহ। মাটিৰ মানুহ মাটিৰ লগত কেনেকৈ মিলি যায় প্রথম আইতায়ে দেখুৱাই দিছিল। কোঁমলীয়া বয়সত পোৱা ‘মাটি-মানুহ’ৰ মিশ্রিত গোন্ধটোক তেজত লৈ গৈ থাকিম যেতিয়ালৈ শগুণটোৱে মোৰ কপালত আহি খূঁট নামাৰেহি ।

সংগ্রামৰ উৎস চিন্তা । শ্রেণী সংগ্রামৰ উৎস পেট। আউল লগা চিন্তা, আউল লগা মানুহ। বহুত মৰিল। বহুত মৰি আছে। বহুত মৰিব। ‘মন’বোৰ চিকুনাই লব নাজানিলে এনেকেই চলিব। কালি দেখা "ভাল-কাইজিয়া" খন সদায় লাগক। মৰম বাঢ়ক এনেকৈয়ে।

জীৱনক বুজাৰ সময়তে জীৱনৰ জয় গান গাই গুচি গ’ল- জ্যোতি আগৰৱালা, অমূল্য কাকতিহত।

মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক।






-ৰক্তিম-
০৬জুন/১২
বেংগেল’ৰ

Tuesday, June 5, 2012

"যাযাবৰ"- ভূপেন হাজৰিকা


'সংগীত যেতিয়া ধৰ্ম হ'ব সকলোৰে, শান্তি নামিব তেতিয়া।'
- জ্ঞান অহাৰ পৰা বিশ্বাস কৰা এই কথাষাৰ প্রমাণ হ'ল। প্রমাণ কৰিলে যাযাবৰ"- ভূপেন হাজৰিকাই।



৫৪০৬ খন গীটাৰ একেলগে বাজি উঠিল সৰু সঁজাই ষ্টেডিয়াম, গুৱাহাটীত। হাজাৰখন গীটাৰত ঝংকাৰিত হ'ল ভূপেন হাজৰিকা দেৱৰ "বিস্তৃৰ্ণ পাৰৰে"। ভূপেন হাজৰিকা দেৱৰ গীতে পূনৰ বাৰ মিলনৰ সেতু ৰচিলে। এনে খবৰবোৰে বা নতুন আৰু পুৰণা চামক এনেদৰে এটা সুন্দৰ লক্ষ্যৰে একেলগে আগুৱাই যোৱা দেখি মনলৈ আনন্দৰ কেনে অনুভৱ আহিছে বুজাব নোৱাৰো। বহুত বহুত ধন্যবাদ "যাযাবৰ"।


-ৰক্তিম-
বেংগেল'ৰ
০৪জুন/১২

জয়ন্ত হাজৰিকা : "কেতিয়াবা বেজাৰতে"

কেতিয়াবা বেজাৰতে" - জয়ন্ত হাজৰিকা : আন এক প্ৰচেষ্টা

"আমাদেৰ ভূপেন দা"



আজি লেখকসকলৰ বাবে আয়োজিত এখন কৰ্মশালালৈ গৈছিলো। যথেষ্ট ভালদৰে আগবাঢ়িছিল কৰ্মশালা। কিছুসময়ৰ পিছত নিউজ চেনেলৰ বাতৰি কেনেকৈ লিখিব লাগে, কি কি কথাৰ ক্ষেত্রত সংবেদনশীল হব লাগে লেখকসকল -এই বিষয়ে আলোচনা সুন্দৰকৈ আগবাঢ়িল।


আলোচনাৰ মাজতে প্রসংগক্রমে এজনে ক'লে-

"টাইমচ নাওৰ বেংগলী সাংবাদিক অৰ্ণব গোস্বামীৰ সাংবাদিকতাই মোক অনুপ্রাণিত কৰে।"

মোৰ ঘপককৈ খং উঠি গ'ল।

মই সকলোকে ৰখিবলৈ কৈ বক্তব্য দিয়া মানুহজনক ভদ্রভাবে অথচ অলপ কাঢ়াকৈ ক'লো -

"আপোনাৰ কথাষাৰ শুনি ভাল লাগিল কিন্তু আপুনি কি ভিত্তিত 'বেংগলী সাংবাদিক' বুলি পৰিচয় দিলে অণৰ্ব গোস্বামীক?"

তেঁও ক'লে -

'মই নিশ্চিত'।

এইবাৰ খংটো মোৰ মূৰত উঠিল ।



আবেগিক হৈ অলপ উচ্ছ স্বৰত তেঁওক ক'লো-

"অৰ্ণব গোস্বামীক আজিৰ তাৰিখত এজন শ্রেষ্ঠ অসমীয়া বুলি গণ্য কৰে অসমবাসীয়ে আৰু তেঁও অসমবাসীৰ গৌৰব। অসমৰে এজন হিচাবে আপোনাৰ কথাষাৰে মোক অসন্তোষ্ট কৰিছে। মই আপোনাক অনুৰোধ কৰিছো যে ভবিষ্যতে যাতে এনে মন্তব্য কৰিলে তথ্যৰ সুবিচাৰ কৰি শুদ্ধ মন্তব্য কৰে। এজন লেখক হিচাবে ভালপোৱা মানুহজনৰ বিষয়ে সঠিক কৈ জনাতো আপোনাৰ বাবে কেৱল চূড়ান্ত প্রয়োজনীয়ই নহয় দায়িত্বৰ ভিতৰতো পৰে। ভালপোৱা মানুহজনক নিজেই অপমান কৰিলে আপুনি। "



একে উশাহতে কৈ পেলোৱা কথাখিনিয়ে পৰিবেশটো গহীন কৰি তুলিলে। প্রশিক্ষকে কথাটো বুজি লগে লগে এটা ৰসাল কথাৰে সকলোকে পুনৰ সহজ কৰি তুলিবলৈ চেষ্টা কৰিলে।

.....কৰ্মশালা শেষ হোৱাৰ লগে লগে মানুহজন ওলাই গ'ল। কোনো কথা হোৱাৰ সুযোগ নাপালো। হয়তো তেঁও মোৰ মূখামূখি হব বিচৰা নাছিল। পিছত গম পালো তেখেত পশ্চিম বংগৰ মানুহ।

..কিবা এটা বুজিলো। "আমাদেৰ ভূপেন দা, আমাদেৰ ভূপেন দা" - শব্দ কেইটা অহৰহ ঝংকাৰিত হৈ থাকিল মগজুত।



-ৰক্তিম-
বেংগেল'ৰ
০৩ জুন/১২

বিঃদ্রঃ আজি হোৱা এটা সঁচা অভিজ্ঞতা। কোনোধৰণৰ বিদ্বেষ ভাব জন্ম দিয়াতো লেখকৰ উদ্দেশ্য নহয়। 





https://www.facebook.com/groups/axomiyakothabotora/

"১৮ টিল্ আই ডাই"

- দেউতাৰ বয়স ৭০ যোৱা ৮ বছৰ ধৰি শৰীৰত কৰ্কট ৰোগৰ আক্রমণ সহি আছে। 
কিন্তু আজিৰ দিনতো দৈনিক গড়ে ৭-৮ মাইল চাইকেল চলাই। কোনোবাই
বাধা দিও লাভ নাই। দেউতাই নিজেই কয় -"এই চাইকেল খনেই মহৌষধ্।"

চাইকেল!! চাইকেল!!

'অৰ্থ- শৰীৰ- মন-সময়' ব্যক্তিগত ভাবে এজন মানুহক এই চাৰিওটা দিশত লাভাম্বিত কৰে। এই চাৰিওটা শব্দ ইটো সিটোৰ লগত কিমান সুহ্ম্ম ভাবে জড়িত সেইটো সকলোৱে সুন্দৰকৈ বিচাৰ কৰি ল'ব পাৰিব বুলি মই নিশ্চিত। 'সময়'ৰ কথাটো যান-জঁটৰ সমস্যা থকা ঠাইৰ ক্ষেত্রত বিশেষকৈ উপযোগী।


চাব গ'লে চাইকেলখন আমাৰ দৈনন্দিন যন্ত্রণাদায়ক যাত্রাৰ পৰা মুক্তি পোৱাৰ এটা অতি সহজ উপায়। বিশেষকৈ সেই সকলৰ বাবে যি সকলে কৰ্মক্ষেত্রলৈ যাওতে বা কৰ্মক্ষেত্রৰ পৰা আহোতে যান-জঁটৰ বাবে চূড়ান্ত মানসিক চাপৰ সন্মুখীন হোৱাৰ লগতে সময় অপব্যয় কৰি অসুবিধা পৰিব লগা হয়।

কাম এটা নকৰো বুলি চেলু বিছাৰিলে অতি সহজে তাৰ পৰা হাত সাৰিব পাৰি। কিন্তু এই ক্ষেত্রত পিছোৱাই যোৱা মানে নিজৰ বিপদ নিজেই মাতি অনা স্বৰূপ। যিমান আগতে পন্থাটো গ্রহণ কৰিব পাৰি সিমানেই ভাল। কাৰণ ভবিষ্যত সেইটোৱে। পেট্রোলৰ দাম বাঢ়ি গৈ থাকিব,নকমে । আনফালেদি নিজৰ সৰ্বাঙ্গীন লাভৰ আঁৰতেহওঁক কিন্তু এনে কৰিলে প্রকৃতিৰ প্রতি কিমান ন্যায় কৰা হ'ব সেইটো ভাবিলে মনত যোগাত্মক অনুভৱ নহাকৈ নোৱাৰে।

মই আগতে বন্ধু এজনৰ চাইকেল এখন আনি ইয়াত কিছুদিন ব্যবহাৰ কৰিছিলো কিন্তু তেখেত
একেবাৰে ঘৰ যাবলগীয়া হোৱাত চাইকেল খন লৈ গ'লহি। ঘৰৰ পৰা কৰ্ম ক্ষেত্রৰ দূৰত্ব
যদি ৬-৮ মান হয় তেনেহলে চাইকেলখন অনায়সে ব্যবহাৰ কৰিব পাৰি যদিও এই ক্ষেত্রত ব্যক্তি
বিশেষে দূৰত্বৰ মাপ নিশ্চয় বেলেগ হ'ব।

দেউতাই ৰুগীয়া দেহাৰে দৈনিক গড়ে ৭-৮ মাইল চাইকেল চলাই, মইটো সুস্থ-সবল এজন ডেকা ল'ৰা ।

ব্রায়েন আডামচৰ "১৮ টিল্ আই ডাই" গানটো বৰ প্রিয় আৰু মৃত্যুপৰ্ন্তয্য ১৮ বছৰীয়া হৈ থাকিবৰ বাবে শিঘ্রে এখন চাইকেল কিনিম বুলি ঠিৰাং কৰিছো আৰু অফিচ চাইকেল দিয়ে কৰিবলৈ মন বান্ধিছো ।

ৰক্তিম
বেংগেল'ৰ
মে' ২৪/১২



জয়ন্ত হাজৰিকা- 'মোৰ মিনতি '

জয়ন্ত হাজৰিকাৰ 'মোৰ মিনতি ' গীটতো গোৱাৰ এক দুঃ সাহস কৰিলো।

টোপনি, সাঁপডাল আৰু বেলিটো



ৰাতিৰ আকাশলৈ চাই উল্কাবোৰ গণি থাকোতে সাঁপডাল কেতিয়া সন্তৰ্পণে বগাই আঠু পাইছিল মই গমেই পোৱা নাছিলো। মগজুৰ ভিতৰৰ সৌৰজগত খনৰ জটিলতা কিমান সেইটো অনুভৱৰ জোলোঙা খুঁচৰিলেহে বুজা যায়। সাঁপডালক মাৰিলেনে খেদি পঠালে ক'ব নোৱাৰিম কিন্তু তাৰ দেহৰ চেঁচা ভাবটো মোৰ ভৰি খনত,মোৰ দেহত সদায় থাকি যাব।

কিতাপৰ আখৰবোৰে মগজুত কিলবিলাই থকাৰ দৰে কেতিয়াও নেদেখা মানুহ কিছুমানে ৰাতি মোৰ শোৱণি কোঠাত আহি পিটপিটাই ফুৰে। মোৰ টোপনিৰ পাতল বগা চাদৰখন সিঁহতে টুকুৰা টুকুৰ কৰি কোনোবাই তাত ৰঙা ৰং দিয়ে,কোনোবাই তাক বন্দুকৰ আকাৰ দি উদাত্ত হৈ নাছে,কোনোবাই তাত আকৌ গীত লিখি চিঞৰি চিঞৰি গায়। পোহৰ হোৱাৰ আগতেই চিঞৰি ভাল পোৱা কাউৰীটোৰ মাতত সিঁহত জাক হঠাৎ অদৃশ্য হয়।
সদায় নহয় কেতিয়াবা কেতিয়াবা আমনি কৰে, বেছিকৈ আমনি কৰে। গতানুগতিক দিনবোৰৰ মাজত এটা ভেকুৱামৰ সৃষ্টি হয়। এইটো আজিৰ বেমাৰ নহয়। এটা বিশাল উদং বৃত্তৰ লগত যুঁজি যুঁজি পাৰ কৰা একুৰি-ডেৰকুৰি বছৰৰ আগৰ সময় বোৰক স্মৃতিৰ ক'লা কোঠাত লুকুৱাই থ'ব বিচাৰিলেও সিঁহতবোৰে কৰা মন আৰু মগজু মুখি আকস্মিক আক্রমণ বোৰৰ পৰা বাচিব নোৱাৰি । দিনটোত চকুৰ আগেদি পাৰ হৈ যোৱা অযুত দৃশ্যৰ কোনটোৰ আঁৰলৈ সিঁহতবোৰ লুকাই আছে ধৰিব নোৱাৰি।
লৰ্কাৰ 'অঘৰী প্রেমিক'টোক, ম'ৰিচনৰ প্রাৰ্থনাৰ মাজৰ উদ্বাউলতাখিনিক, ৰাভাৰ গীতৰ অনুভবৰ তীব্রতাখিনিক বহুদিনৰ পৰা যতনাই থৈছো। সৰুতে চহৰৰ কোণত দেখা মানুহৰ শেঁতা জুমটো এতিয়াও তাতে আছে। সিহঁতে মানুহৰ কেঁচা আবেগবোৰ খাই জীয়াই থাকে। সিহঁতৰ লগত সদায় থকা মেকুৰীটো নাই।
সৰুতে ভাবিছিলো পথাৰখনৰ শেষত বেলিটোৰ ঘৰ। অফিচ ছুটিৰ পাছত মানুহবোৰ ঘৰলৈ উভতি অহাৰ দৰে বেলিটোও পথাৰৰ সিপাৰৰ নিজৰ ঘৰলৈ যায়, ভাগৰত ৰঙা পৰি। পথাৰখন নথকা হ'লে বেলিটো ক'লৈ গ'ল হেতেন? মানুহৰ চিন্তা সলনি হয়। বহুত সলনি হয়।
মানুহো সলনি হয়...
-ৰক্তিম-
বেংগেল'ৰ
১৫/০৫/১২


চিত্র উৎস:perfecthannah.wordpress.com

জয়ন্ত হাজৰিকাৰ- 'যদি কাহানিবা সুৰবোৰ'

জয়ন্ত হাজৰিকা-''যদি কাহানিবা সুৰবোৰ'- এবাৰ চেষ্টা কৰিলো গীতটি গাবলৈ।

আকস্মিক(কবিতা)



দাউদাউকৈ জ্বলি উঠা
বুকুৰ জুইকুৰাৰ লগত
হেপাহৰ চেঁচা বতাহজাক মিলি
এটা নিমখীয়া স্বাদ নমাই আনিছে
মোৰ দুচকুলৈ।

টোপাটোপে সৰা কলিজাৰতেজবোৰ চোন
এটা নিয়ৰকণা হৈগোট মাৰিছিল...

যোৱা নিশা

হালধীয়া দুহাতত মোৰ বন গজিছে...


-ৰক্তিম-