Saturday, June 30, 2012

এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে..

যীশুঁৰ তেজেধোৱা শৰীৰটোৰ পৰা বগা চাঁদৰ খন আতৰাই লৰা-ছোৱালী জাকে ৰুলে ভগবানৰদেহত খুঁচি খুঁচি এজোপী গোঁলাপ। সাৰ পাই উঠো উঠো ভগবান। গৰ্ভ ৰুগ্ন মাটিৰ অসুখ ধূলিসাৎ কৰাৰ হেঁপাহ সিহতৰ হাঁহিত। সিহতবোৰে সৰুতেই বুজিছে-
পৃথিবীত থকা কেইদিন পৃথবীৰ পৰা লুকাব নোৱাৰি। জীয়াই থকা কেইদিন কেৱল জীয়াই থকাৰ যুঁজ দি থাকিলে জীয়াই থকাৰ সংজ্ঞাত ঘূণে ধৰিব। পাৰ চৰাইৰ আঞ্জাৰ আমেজ নুবুজা মূৰ্খ শিশুৰ দল।

লুকুৱাই ৰাখিব লাগে নিজক। পোঁহৰ পৰিব দিব নালাগে মনৰ কোঠালীত। অস্পষ্ট মৎসকন্যাৰ নাঙঠ অবয়বৰ মায়াত সাগৰ তলিত মুকুটাৰ চিকমিকনি। বৰষুণ, বৰষুণ সপোণ। দুৱাৰখন ভালকৈ লগাবা ন'হলে বৰষুণত নামি অহা অভিমানে বাঁহ ল'বহি তোমাৰ ৰাতিৰ নীলা চাঁদৰত। লুকুৱাই ৰাখিবা নিজক, এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে। প্রেম আত্মঘাটি নহয়।

মোক তোমাক লাগে, তোমাক মোক লাগে। ভোকতুৰক ভাত লাগে। আবেগ, প্রয়োজন ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ লাগে কাৰোবাক মন ভৰাই, কাৰোবাক পেট ভৰাই সুখ । আকাশৰ প্রেম, মঙহৰ প্রেম, ডাষ্টবিনৰ প‍্রেম ?? 'ভালপোৱা তেঁজ' শৰীৰৰ ভিতৰত বয়। ওলাই অহা তেঁজত দুখ বিৰিঙে।

খেলি থাকিবা, ভাগৰত পৰি নোযোৱালৈকে। গায় যাবা গান মনত তেজ নিবিৰিঙালৈকে। লিখি যাবা
কবিতা শব্দৰ অন্তলৈ। আঁকি যাবা সপোন মৃত্যুৰ চোতাললৈ। মুক্তিৰ আবেলিত হাঁহি বিৰিঙিব। ভগবানক গৈ কবা মই মানুহ। গাজা ষ্ট্রিপ, আমেৰিকা, আফগানিস্তানৰ বা আফ্রিকাৰ নহয়, পৃথিবীৰ "মানুহ"। মাডাৰ টেৰেজা, গান্ধী, মেণ্ডেলাক ভালপোৱা "মানুহ"।

লৰা-ছোৱালী জাকৰ ফুল ভগবানৰ দেহত ফুলিছে। যীশুঁ সাৰ পালে। সুধিলে- "মোক কোনে জগালে? মোৰ তেজ কিয় শুকোৱা নাই?" সিহতে ক'লে "এয়া আমাৰ আই- পিতাইৰ তেজ, সোনকালে শুকাব।"





-ৰক্তিম-
৩০জুন/১২
বেংগালুৰু

No comments:

Post a Comment