Wednesday, June 20, 2012

একোডাল সাপে মেৰিয়াই আছে আমাক...

....সাপৰ মোটটোৰ কথায়ে আহিছিল প্রথম মনলৈ, যেতিয়া "সাংস্কৃতিকৰণ" বিষয়টো পঢ়িব আৰাম্ভ কৰিছিলো স্নাতোকোত্তৰ শ্রেণীত । খুব ভাল পাইছিলো বিষয়টো । প্রথম পৃষ্ঠাৰ প্রথম কথা কেইটা আছিল-

"পৰিবৰ্ত্তনৰ বাহিৰে পৃথিবীত সকলো পৰিবৰ্ত্তনৰ হয়। একমাত্র পৰিবৰ্ত্তনেই স্থিৰ ।"

......পৰিবৰ্ত্তন হয় সকলো- স্বভাব, চৰিত্র, মন, দৃষ্টিকোণ, মত, সম্বন্ধ সকলো । সময়ৰ জোৰ সকলোৰে উৰ্ধ্ধত।ভালৰ পৰা বেয়া, বেয়াৰ পৰা ভাল, ভালৰ পৰা বেছি ভাল অথবা বেয়াৰ পৰা অতি বেয়া। শব্দবোৰ আপেক্ষিক। ঠিক যেন এটা মেচিন মনৰ ভিতৰত দূৰ্দান্ত গতিত চলি আছে। গৈ আছে বস্তুবোৰ। আমিবোৰ আগুৱাই গৈ আছো। সময়ৰ ক'লা ধুমুহাই দি গৈছে নিজৰ শক্তিশালী প্রত্যাহ্বান মুহূৰ্ত্তে মুহূৰ্ত্তে । কোনো জিকি সলনি হয়, কোনো হাৰি সলনি হয়, কোনো স্থিৰ হৈ সলনি হয়। পৰিবৰ্ত্তনৰ এই আজন্ম প্রক্রিয়াত 'কাম্য আৰু অবাঞ্চিত পৰিবৰ্ত্তন'ৰ
হাতেহাত ধৰি ওলমি থকা আমাৰ বৰ্ত্তমান।

'সি সলনি হ'ল।',
'মানুহজন আগৰ নিচিন। হৈ থকা নাই।'
'তাই আজিকালি মন খূলি কথা পাতে।'
'মানুহঘৰত গৈ আগৰবাৰৰ দৰে ভাল নালাগিল।',
'কিয় জানো আজি মনটো ভাল লাগি থকা নাই দেখোন।'
'তাই আগতে লাজকুৰীয়া আছিল আজি কালি স্মাৰ্ট হ'ল।'....

- সদায় শুনি অহা বা ব্যবহাৰ কৰি অহা মন্তব্য এইবোৰ। সহজাত ভাবে সহজতেই কৰা মন্তব্য। প্রত্যোকেই প্রত্যোকক বিষয়ে কোৱা কিছুমান কথা। জীবনত 'পৰিবৰ্ত্তন'ক বিচাৰি চোৱাৰ এক সহজ উপায় এই মন্তব্যবোৰ। অতি সহজতে মন্তব্য দিব পৰা এই পৰিবৰ্ত্তন বোৰ অতি কঠিন মানসিক প্রক্রিয়াৰ মাজেৰে আহে। । কিছুমানে হাৰ মানে পৰিবৰ্ত্তনৰ এই প্রত্যাহ্বানৰ আগত। নতুনত্বৰ প্রসব বেদনাত অস্তিত্ব বিলীন হয় সিহতবোৰৰ। পৰিবৰ্ত্তনৰ অন্তত জিকাবোৰে এক নতুন 'মই' হৈ নিজৰ আগত দেখা দিয়ে। একোটা উজ্বল সুৰুজ মুখত লৈ ঘুৰে, যেতিয়ালৈ নতুনত্বৰ টোকৰ পুণৰবাৰ নপৰে।

আজীবন চলে এই পৰিবৰ্ত্তনৰ প্রক্রিয়া আৰু মৃত্যুয়ে পুণৰ পৰিবৰ্ত্তনৰ কৰি যায় আন দহোতা জীৱন...

শৰীৰত অহৰহ ওলমি থাকে পৰিবৰ্ত্তনৰ এডাল সাপ,

মৃত্যুৰ মোট সলোৱা প
য্যৰ্ন্ত.....


-ৰক্তিম-
জুন ২০/১২
বাংগালুৰু

No comments:

Post a Comment