Friday, December 28, 2012

ব্ৰাহ্মণত্ব, বাস্তব - 'গ্লবেল ভিলেজ আৰু এটা সাধু'



নষ্টালজিয়াৰ এমুঠি প্রশ্ন






সময়ে চকলা চকলকৈ এৰুৱাই নিয়া শৈশৱৰ জহি-খহি যোৱা জপনাৰ সিপাৰে লুকাই থকা মোৰ সমাজ প্রদত্ত পৰিচয়টোৱে সদায়ে মোক কিবা এক অস্বস্তিত ৰাখিছিল। ডাঙৰ হৈ অহাৰ লগে লগে সকলোবোৰ কথা নতুনকৈ চাবলৈ, বুজিবলৈ সকলোৱে শিকে। ময়ো শিকিছিলো। তাৰে বহু ঘটনাৰ কাৰণ উত্তৰহীনভাবে মগজুতে থাকি যায় কিন্তু ঘটনাবোৰৰ লগত জড়িত কথাবোৰ অথবা ছবিবোৰ মগজুত আজীৱন সজীৱ হৈ থাকে। মই সৰুতে উত্তৰ নোপোৱা তেনে দুটা ঘটনা তলত উল্লেখ কৰিলো। 




(১)



- মাঘ মাহৰে কথা। উৰুকাৰ নিশা। মই তেতিয়া তৃতীয় কি চতুৰ্থ শ্রেণীৰ ছাত্র। এঘৰত আমাৰ পৰিয়ালটোক নিশাৰ ভোজ একেলগে খাবলৈ বুলি আমন্ত্রণ জনাইছিল। গৈছিলো, সময়ত খোৱা-বোৱা আৰম্ভ হ'ল। খোৱাৰ মাজতে এজন ভদ্রলোক একো নোকোৱাকৈ হঠাতে ভাতৰ পাত এৰি উঠি গৈছিল। পৰিবেশটো নিমিষতে গোমা হৈ গ'ল। কোনোবাই কিবা কিবি কথা ফুচফুচাই পাতিলে। মই একো নুবুজিলো। 



(২)



- মই তেতিয়া দশম শ্রেণীত। এজন সম্বন্ধীয় ককাৰ দেহাৱসান হ'ল। শ্মশানথলী এজন জনপ্রিয় লোকক শেষ শ্রদ্ধা জনাবলৈ লোকে ভৰি পৰিছিল। তাৰ মাজতে এজন লোকে যথেষ্ট দেহে-কেহে খাটি আগৰণুৱা হৈ অন্ত্যেষ্টিক্রিয়াৰ প্রক্রিয়াটো আগবঢ়াইছে। মই সৰু সেয়ে কথা পাতিবলৈ লগ নাই সেয়ে মন দি সেই মানুজনে নিষ্ঠাৰে কৰা কামবোৰ একান্তমনে চাই আছিলো। এনেতে এজন চিনাকী মানুহ এটা জুমৰ পৰা ওলাই আহি হঠাত তেওঁক গাঁলি-গালাজ কৰিলে। কৰ্মব্যস্ত মানুহজন যেন পলকতে ক্লান্ত হৈ পৰিল। তেঁও আহি মোৰ অলপ দূৰৈতে অকলে বহি পৰিল। তেওঁৰ মনোবেজাৰে আচোঁৰা মুখখন কিছু পল পিছতে শ্মশান থলীৰ পৰা অদৃশ্য হ'ল। মই একো নুবুজিলো।




ইতিহাস





.....আজিৰ পৰা ৩৫০০ বছৰৰ আগৰ কথা। হিমালয়ৰ উত্তৰ অতিক্রমি ভাৰতৰ উত্তৰ পশ্চিম প্রান্তই দি এদল লোকৰ ভাৰতৰ আদিম ভূমিলৈ প্রবজন হৈছিল। এই লোকসকলৰ পৰিচয় আছিল "আৰ্য্য"। আৰ্য্যসকলৰ উন্নত জীৱনশৈলী, আচাৰ-ব্যবহাৰৰ লগত ভাৰতৰ আদিম ভূমিৰ স্থায়ী লোকসকলৰ জীৱনশৈলীৰ এক বৃহৎ প্রভেদ আছিল। তেওঁলোকে ভাৰতীয় সকলক 'দস্যু' নামেৰে চিহ্নিত কৰিছিল। এতিয়াৰ পাঞ্জাব অঞ্চলত খোপঁনি পোতা আৰ্য্যসকলে ভাৰতবৰ্ষলৈ অহাৰ কিছু সময়ৰ পিছত সম্যাৰ ৰূপত মূলতঃ দুটা প্রশ্নৰ সন্মুখীন হ'ল।



প্রথম, জীয়াই থকাৰ প্রক্রিয়াত তেঁওলোকে কেনেকৈ প্রকৃতিৰ বানপানী, ধুমুহা, জুই, বৰষুণ আদি সমস্যাৰ এক স্থায়ী সমাধান উলিয়াব?



দ্বীতিয়, ভাৰতৰ 'দস্যু' সকলৰ লগত কেনেকৈ একে ভূমিতে সহবাস কৰিব পৰা যায়?

আৰ্য্য সকলে এই দুই মৌলিক প্রশ্নৰ সমাধান বিচাৰি বহু চিন্তা চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষা কৰিলে আৰু অবশেষত বিচৰা ধৰণৰ এক উত্তৰ পালে - 'ব্রাহ্মণত্য'। 




প্রকৃতি সকলোতকৈ শক্তিশালী আৰু জীয়াই থকাৰ বাবে প্রকৃতিক সন্তুষ্ট কৰি ৰখাৰ প্রয়োজন। আৰ্য্য সকলে সেইমৰ্মে প্রকৃতিৰ উপাদান বায়ু, পানী, জুইক লগতে অন্যান্য বহুতকে এক সচেতন ৰূপ দিবলৈ একো একোজন দেৱতাৰ ধাৰণা উৎপন্ন কৰিলে। ভাগৱত গীতাত আৰ্য্য আৰু দেৱৰ বিষয়ে এনেধৰণে উল্লেখ কৰিছে-




Having created mankind in the beginning together with Yajna, the Prajapati (Lord of beings of Brahmanism) said: “By this (arrangement) you shall propagate; this shall be the milch cow of your desires. Nourish the Devas with this; and may the Devas nourish you. Thus nourishing one another, you shall reap the supreme welfare (of mankind). Nourished by Yajna, the Devas shall bestow on you the enjoyments you desire.”




যদিও আৰ্য্য সকলে দস্যুসকলক প্রথমে শত্রু জ্ঞান কৰিছিল আৰু সমৰশৈলীতো দস্যু'সকলতকৈ বহু ওপৰত আছিল কিন্তু দস্যুসকল সংখ্যাৰফালৰ আৰ্য্যসকলতকৈ বহু সবল আছিল। সেয়েহে আৰ্য্যসকলে উপায়হীন হৈ যুদ্ধৰ ধাৰণা ত্যাগ কৰিছিল। পৰিবৰ্তি সময়ছোৱাত দস্যুসকলক পৰাভূত কৰিব পৰাকৈ শক্তি আৰ্জিবলৈ দেৱৰাজ ইন্দ্রক ব্রাহ্মণ পণ্ডিত সকলে শ্লোকৰ উচ্ছাৰণেৰে বন্দনা কৰিছিল। ৰীগ বেদ সম্পূৰ্ণভাবে ব্রাহ্মণ পণ্ডিত সকলে ইন্দ্রক কৰা শ্লোকৰে পৰিপূৰ্ণ। ৰীগ বেদৰ তেনে এক শ্লোকৰ ইংৰাজি অনুবাদ তলত উল্লেখ কৰিলো। 




"Rig Veda: With Indra scattering the Dasyu through these (Soma) drops, freed from their hate may we obtain abundant food. He verily, the God, the glorious Indra, hath raised him up for man, best Wonder-Worker. He, self-reliant, mighty and triumphant, brought low the dear head of the wicked Dasa. Indra the Vrtra-slayer, Fort-destroyer, scattered the Dasa hosts who dwelt in darkness. "



'গ্লবেল ভিলেজ আৰু এটা সাধু'



পৃথিবীখন হেনো সৰু হ'ল । এখন গাঁও হ'ল পৃথিবীখন । এখন সৰু ''গ্লবেল ভিলেজ ' , য'ত সকলোৱে সকলোকে চিনি পায়। হৃদয়বোৰ য'ত জোৰা লাগে কোনো বহুজাতিক প্রতিষ্ঠানৰ ইন্টাৰনেটৰ অদৃশ্য ঢৌঁত। এইখন গাওঁৰে এচুকত দুটা নলে-গলে লগা বন্ধু আছিল। এটাৰ নাম 'বামুণ' আৰু আনটোৰ নাম 'মানুহ'। 

বামুণ চতুৰ আৰু চোকা আছিল আৰু 'তাৰ সমাজ'খনৰ সি প্রিয় আছিল। মানুহ-স্বভাবত বামুণৰ ওলোটা আছিল আৰু সেয়ে সি অপ্রিয় আছিল বহুতৰে। এদিন দুয়ো বন্ধু উচ্চ শিক্ষা ল'বলৈ চহৰমুখী হ'ল। সময় পাৰ হ'ল। মানুহ আৰু বামুণৰ জীৱনো পৰিবৰ্ত্তণ হ'ল। মানুহ প্রেমত পৰিল এজনী জাত নিমিলা ছোৱালীৰ। আনহাতে বামুণক ছোৱালীয়ে পাৰ নোপোৱা হ'ল। সকলো জাতি-জনজাতিৰ ছোৱালীৰ সি হাৰ্ট থ্রব হ'ল। দিন যোৱাৰ লগে লগে 'মানুহ'ৰ প্রেম গভীৰ হ'ল আৰু 'বামুণ'ৰ চৰিত্র আৰু পিঠিত বাহি গ'ল বহু কেইজনী ছোৱালীৰ আচোঁৰৰ লগতে পৰিল সিহতৰ হৃদয়ৰ ভঁঙা টুকুৰাৰ সাঁচ। এদিন 'বামুণে' 'মানুহ'ক কৈছিল- ঐ ইমান চিৰিয়াচ হৈ কি লাভ। মই ইয়াত কি কৰো কোনে জানে? নিজৰ সমাজখনত ভাল হৈ থাকিলেই হ'ল। মানুহ কেৱল কৈছিল- 'মই নিজক ফাকি দিব নোৱাৰো।

এদিন দুয়ো শিক্ষা সাং কৰি ঘৰলৈ উভতিল। ঘৰৰ অমতত আৰু জাত-কুল নিমিলা এগৰাকী ছোৱালী বিয়া কৰোৱাৰ বাবে 'মানুহ'ক সমাজে তিৰস্কাৰ আৰু হেয় প্রতিপন্ন কৰিলে লগতে কৰিলে মাক-বাপেকক অপদষ্ট এটি অসংস্কৃতিবান ল'ৰা জন্ম দিয়াৰ বাবে। চতুৰ 'বামুণ' ঘৰৰ আদৰ্শ হৈ ৰ'ল ঘৰৰ পৰা জাত-কুল মিলা ছোৱালী এজনী চাই দিলে। সি বিয়া পাতিলে। 'মানুহ' লাহে সমাজৰ পৰা আতঁৰি গ'ল। 'বামুণ' হৈ ৰ'ল সমাজৰ লাই খূঁটা। 



বাস্তব



বাস্তব- পৰিচয় আৰু স্ববিৰোধীতাৰ এক খহঁতা যাত্রা। এটা শব্দই আজুৰি ৰখা এক শ্বাস ৰুদ্ধ অনুভৱ। সহস্র 'কৰিব নাপায়'ৰ জেওঁৰা জপিয়াই জপিয়াই ভাগৰি পৰা শীৰ্ণ মন। এদল ভণ্ডৰ জীভাত চটফটাই থকা একোটাকৈ শুকাব ধৰা মাছ। ৰজাৰ পোছাক পিন্ধি মোৰ চ'ৰা ঘৰত সোমোৱা জেঠিটোৰ নেজ ডাল চিঙি বতাহত উৰি ফুৰিছে। ' জ্ঞানী-দস্যু'ৰ ডাতৰ ভোক আৰু শৰীৰৰ উমালতাৰ এন্ধাৰত হঠাত ম্লান হোৱা তেজৰ শৌৰ্য্য। ৰাতিৰ বুকুৰ তেজপিয়াহত দিনৰ পোহৰত গোলাপ হৈ ফুলে। ওচৰলৈ গ'লে দুহাতত তেজে ফুল বাচে। মোৰ দেহাট খাপ নোখোৱা মোৰ অপচন্দৰ চোলাটি মোক জোৰকৈ নিপিন্ধাবি। মই কোচঁ নাখাও। এটা শগুণে ফটা চোলাটিৰ এটি টুকুৰা মূখত লৈ দিগন্তলৈ উৰা মাৰিলে। বাস্তব-হয়তো জন্মপ্রদত্ত , অনাকাংক্ষিত পৰিচয়ৰ সিপাৰে বিৰিঙা অনাগত এক হেঙুলীয়া আভা।




**নষ্টালজিয়াৰ প্রশ্নমুঠিৰ উত্তৰ মই দিলো...


Pic:© K.L.Kamat/Kamat's Potpourri

https://www.facebook.com/groups/axomiyakothabotora/permalink/479777318741436/?notif_t=like

Tuesday, December 25, 2012

আইঅন ভিক্টৰ এণ্টনেস্কু- ৰোমানিয়াৰ ইতিহাসৰ এক অনাকাংক্ষিত নাম



(ছবিত আইঅন এন্টনেস্কু আৰু হিটলাৰ এক বিশেষ ক্ষণত)


বিশ্ব ইতিহাসৰ ৰাজনৈতিক বা সামৰিকভাবে প্রসিদ্ধ নামবোৰৰ কথা ভাবিলে আমাৰ বহুতৰ মনলৈ হিটলাৰ, চে-গুৱেভাৰা, মাও-চে-টুঙ, ষ্টেলিনৰ অথবা ইডি আমিনৰ কথা পোনপটিয়াকৈ আহে। কিন্তু ইতিহাসৰ ধূলিৰে চাঁনি ধৰা এনে বহু নাম আৰু ঘটনা আছে যিবোৰৰ বিষয়ে সহজতে জানিবলৈ পোৱা নাযায়। ইতিহাসৰ এনে বহুকেইজন সুপ্ত নায়ক, খলনায়কৰ মাজতে এটা অতি অভিশপ্ত আৰু ক্রুৰ অধ্যায় সামঁৰি থকা নাম হৈছে আইঅন এন্টনেস্কু। আইঅন এন্টনেস্কু--- মৃত্যু বিভীষিকাৰ আন এটা নাম যাৰ নামত খোদিত আছে প্রায় ৩ লাখ ইহুদী আৰু ৫ লাখ ৰোমানিয়ান সৈন্য হত্যাৰ এক ৰক্তাক্ত ইতিহাস। এন্টনেস্কু এজন সৈন্যিক, ৰাজনীতিবিদ আৰু ২য় বিশ্বযুদ্ধৰ বেছিভাগ সময়ত ৰোমানিয়াৰ প্রধানমন্ত্রীৰূপত এজন স্বেচ্ছাচাৰী শাসক আছিল।


আইঅন এন্টনেস্কুৰ জন্ম হৈছিল ১৮৮২ চনত ৰোমানিয়াৰ পিটেষ্টি নামৰ এক সৰু অঞ্চলৰ এক অতি সাধাৰণ পৰিয়ালত। আইঅনে শিক্ষা গ্রহণ কৰিছিলে ফৰাছী সামৰিক বিদ্যালয়ত আৰু এই শিক্ষাৰ আধাৰতে ১৯০৭ লেফটেনেন্টৰ সামৰিক পদবী লাভ কৰিছিল। আইঅনৰ তিনি গৰাকী ইহুদী মহিলাৰ লগত বৈবাহিক সম্পৰ্ক আছিল। আইঅনৰ পিতৃয়েও এগৰাকী ইহুদী মহিলাক বিবাহ কৰিবৰ বাবে আইঅনৰ মাতৃৰ লগত বিবিহ বিচ্ছেদ কৰিছিলে। 


ৰোমানিয়াই অট'মেন সাম্রাজ্যৰ পৰা ১৮৭৮ চনৰ ৩ মাৰ্চ তৰিখে মুক্তি লাভ কৰিছিলে। ১৮৮১ চনত ৰোমানিয়াত প্রথম সাংবিধানিক ৰাজতন্ত্র প্রতিষ্ঠা কৰা হয় আৰু ৰজা কেৰল ১-ক প্রথমজন ৰজা হিচাপে শাসনত অধিষ্ঠিত কৰা হয়। ৰোমানিয়াৰ নতুন শাসনে স্বাধীনতা আৰু জাতিয়তাবাদত চূড়ান্তভাবে বিশ্বাস কৰিছিল আৰু প্রাধান্য দিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰোমানিয়াৰ নতুন সাম্রাজ্যৰ পৰা ৰোমানিয়াৰ বহু থলুৱালোক থকা অঞ্চল বাদ পৰিছিল আৰু তাৰে বহু অঞ্চল হাংগেৰিৰ অৰ্ন্তভূক্ত হৈছিল। 


অবাধ প্রবজনৰ বাবে ১৯ শতিকাৰ কালছোৱাত ৰোমানিয়াত ইহুদীলোকৰ সংখ্যা ভয়ানকভাবে বৃ্দ্ধি পাইছিলে। ১৮৯৯ নত এই সংখ্যা ২৬৯,০০০ আছিল আৰু ১৯৩৯ত এই সংখ্যা ৭৬০০০০ হৈ পূৱ ইউৰোপত ৰোমানিয়া ইহুদীলোকৰ তৃতীয় শ্রেষ্ঠ বসতিস্থল হৈছিলগৈ। এই ইহুদীসকলক লাহে লাহে বহু ৰোমানিয়ানলোকে এক অৰ্থনৈতিক ভাবুকি ৰুপে লবলৈ আৰম্ভ কৰে আৰু বহু ইহুদীলোকক ৰোমানিয়াৰ নাগৰিকত্ব গ্রহণৰ পৰা বঞ্চিত কৰা হয়। 


২য় বিশ্বযুদ্ধৰ সময়ছোৱাত এক চূড়ান্ত ৰাজনৈতিক বিপৰ্য্যয়ৰ মধ্যাহ্নত আইঅন এন্টনেস্কুক ইতিমধ্যো প্রমাণ কৰি অহা ৰাজনৈতিক আৰু সামৰিক দক্ষতাৰ বাবে ১৯৪০ চনৰ ৫ চেপ্তেম্বৰত দেশৰ প্রধানমন্ত্রীৰ পদৰ বাবে মনোনীত কৰে। ৰোমানিয়াত ইতিমধ্যো ৰাজতন্ত্র বিফল হৈছিল। শাসনত অধিষ্ঠিত হৈয়ে আইঅনে জামাৰ্নীৰ প্রত্যক্ষ সহযোগত ৰোমানিয়াত National Legionary Government ৰ প্রতিস্থা কৰে। ৭ অক্টোবৰত জামাৰ্নীয়ে ৰোমানিয়াত প্রবেশ কৰে আৰু আইঅনে ২৩ নবেম্বৰত ২য় বিশ্বযুদ্ধত 'এক্সিচ পাৱাৰ'ৰ হৈ জামাৰ্নী, ইটালী আৰু জাপানক সহযোগৰ আস্বাসনেৰে যুদ্ধত যোগদান কৰে। ইতিমধ্যো ইহুদীসকলৰ ওপৰত অন্যায় আৰম্ভ হৈছিল আৰু তেওলোকক ছোভিয়েট ৰাচীয়াৰ গুপ্তচৰ সন্দেহত অতিশৰ্য্যা চলোৱা হৈছিল। 



পৰবৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান'ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত প্রায় ১৯৪১ চনৰ ২১ৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ৫৪০০০ ইহুদীক হত্যা কৰা হৈছিল। ৰোমানিয়ান বাহিনীয়ে তাৰ পিছত অডো নামৰ অঞ্চলত ১ লাখ , লাচিত ১৩ হাজাৰ ইহুদীক বৰ্বৰভাবে হত্যা কৰে। ইহুদী হত্যাৰ আন দুটা ৰোমানিয়ান কনচেনট্রেচন কেম্প হৈছে ড'মানেভকা, পিচ'ৰা আৰু আখমেটচিটকা। কোৱা হয় যে যুদ্ধৰ পূৰ্বৰ ৭৬০০০০ জন ইহুদীলোকৰ ৪২০০০০ জনে আইঅন এন্টনেস্কুৰ শাসন কালত অমানবীয় মৃত্যুক সাবটি লৈছিল। পিছলৈ যুদ্ধৰ পৰিণতি হিটলাৰৰ বিপৰীতে যোৱা দেখি আৰু দেশৰ অৰ্থনীতিৰ কথা চিন্তা কৰি আইঅন এন্টনেস্কুয়ে প্রায় ৩ লাখ ইহুদীক নাজী কনচেনট্রেচন কেম্পলৈ পঠিয়াবলৈ কৰা হিটলাৰৰ অনুৰোধ প্রত্যাখান কৰিছিল। 


১৯৪৬ চনৰ ১ জুনত যুদ্ধজনিত বহু ভয়ানক আৰু হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগত ৰোমানিয়ান পিপলচ ট্রিবিউনেলে আইঅন এন্টনেস্কুক মৃত্যু দণ্ডৰে দণ্ডিত কৰে।

Thursday, December 20, 2012

সৃষ্টিৰ নিসংগতা

"If you are unable to live alone You are a born slave."







নিসংগতা সৃষ্টিৰ এক প্রাথমিক চৰ্ত্ত ,
যি সৃষ্টিয়ে জন্ম দিয়ে এখন নতুন পৃথিবীৰ আৰু 
কঢ়িয়াই আনে এমোকোৰা আহি তোমাৰ ওঁঠলৈ।



(@Utpal দাৰ পষ্ট কৰা এই ছবিখন এটা দেখি মনলৈ অহা ভাবখিনি আখৰেৰে বান্ধি পেলালো।) :)

ভূৱা বিত্তীয় প্রতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰণীয় সম্পৰ্কে অলপ কথা




উত্তৰ-পূৱ বিশেষকৈ অসমৰ ৰইজৰ কষ্টৰে অৰ্জা ধন আত্মসাৎ কৰি অদৃশ্য হোৱা ভূৱা বিত্তীয় প্রতিষ্ঠান সমূহৰ বাতৰি পঢ়িবলৈ পোৱা হয়তো আজি কেইবাবছৰো হ’ল। এই বিত্তীয় প্রতিষ্ঠান সমূহৰ বাবে ধন আত্মসাৎৰ ক্ষেত্রত উত্তৰ-পূৱৰ ভৌগলিক পৰিসীমা ম’হৰ সুতি লেখীয়া হৈছে। অনায়সে ৰাইজক ঠগি লুটি আহিছে কৌটি কৌটি টকা। সংবাদ মাধ্যমত প্রায় নিয়মীয়াকৈ ডাঙৰ ডাঙৰ আখৰেৰে প্রকাশ হৈ আহিছে এনেবোৰ ঠগ-প্রবঞ্চনাৰ ঘটনাৰ সবিশেষ।  এইটো বৰ্ত্তমানত ক্রমাৎ  এটা বৃত্তৰলেখীয়া পৰিস্থিতিলৈ পৰিবৰ্ত্তন হৈছে। গোটেই প্রক্রিয়াটো ভালকৈ জুকীয়াই চালে এইক্ষেত্রত সংবাদ মাধ্যমসমূহৰ এক বিশেষ কৰণীয় আছে বুলি অনুভৱ হয় কিয়নো এই ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহে প্রথমে আমাৰ সংবাদ মাধ্যমসমূহৰ আশ্রয়লৈয়েই ৰাইজৰ লগত নিজৰ সংযোগ স্থাপন কৰে আৰু অতি কম সময়তে ডাঙৰ ডাঙৰ আৰু লোভণীয় বিজ্ঞাপনেৰে ৰাইজক চলনা কৰি লুটি লৈ যায় অলেখ ধন।

এক ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰি কাকত বা অন্যান্য সংবাদ সমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত কিবা ব্যবস্থা ল’ব পাৰে নেকি? অথবা এই ক্ষেত্রত সকলো সংবাদ মাধ্যম একগোটহৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠান সমূহৰ বিজ্ঞাপন প্রকাশৰ ক্ষেত্রত এক নিদিষ্ট আৰু কঠিন নীয়মাৱলী প্রস্তুত কৰি  ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহক বিজ্ঞাপন প্রকাশৰ পৰা বিৰত ৰখাৰ কোনো প্রচেষ্টা সমূহীয়াভাবে ল’ব পাৰে নেকি? বিজ্ঞাপনসমূহ বাতৰি কাকত অথবা ইলেকট্রনিক মাধ্যমৰ যিকোনো সংবাদ মা্ধ্যমৰ বাবে আজিৰ তাৰিখত অপৰিহাৰ্য্য কিন্তু আজিৰ শেষৰ পৃষ্ঠাৰ এক ৰঙীন বিজ্ঞাপন কালিলৈ প্রথম পৃষ্ঠাৰ এক দূখৰ বাতৰিলৈ পৰিবৰ্ত্তন হোৱাৰ চিনাকী প্রক্রিয়াটোয়ে সংবাদ মাধ্যমৰ স্ব-বিৰোধীতাকে যেন উজাগৰ কৰিছে। ইয়াৰ জড়িয়তে মই সকলো সচেতন আৰু ৰাইজৰ মংগলকামী সংবাদমাধ্যম আৰু সংবাদকৰ্মীক ঐক্যবদ্ধ হৈ এই ক্ষেত্রত এক ফলপ্রসূ চিন্তাৰে এক সিদ্ধান্তত উপনিত হৈ “ভূৱা বিত্তীয় প্রতিষ্ঠান” নামৰ বিজাণুটোৰ পৰা সাধাৰণ ৰাইজক উদ্ধাৰ কৰিবলৈ যথোচিত কাৰ্য্যকৰী প্রচেষ্টা হাতত ল’বলৈ অনুৰোধ জনালো। ন’হলে বাংগালুৰু কাণ্ডৰ পিছত ৰাষ্ট্রিয় মাধ্যমত এটা পলৰীয়া জাতিৰ কু-পৰিচয় পোৱা আমাৰ গৌৰৱময় জাতিটোৱে সহজতে বাহিৰা লোকে ঠগিব পৰা এটা ‘মূৰ্খ জাতি’ৰ নাম পাবলৈ বেছি সময় নালাগিবগৈ।

(লেখাটো সংবাদমাধ্যম কেন্দ্রিক সেয়েহে গ্রাহকে ল’বলগীয়া সজাঁগতা অথবা গ্রাহকৰ ভুলবোৰ লেখাটোত সামৰা হোৱা নাই।)


Saturday, December 8, 2012

আজি ( ৩ ডিচেম্বৰ/২০১২ত) প্রকাশিত এক বিশেষ লেখা...

http://ganaadhikar.com/3_dec_2012/page_7.html

অদৃশ্য লাভাবোৰ....



"……..পৃথিবীৰ ইতিহাসত আটাইতকৈ ভয়ানক আগ্নেয়গিৰীটোৰ উদ্গীৰণ হৈছিল ইণ্ডনেছীয়াৰ চুম্বাৱা দ্বীপত ১৮১৫ চনত। এই উদ্গীৰণ প্রাণ হেৰুৱাইছিলে প্রায় ১ লক্ষাধিক মানুহে।….

ডিচক'ভাৰী চেনেলৰ নৃতত্ত্ব বিষয়ক অনুষ্ঠানটিৰ পৰা ভাঁহি অহা কথাখিনি কিয় জানো ভাল নালাগিল। গাঢ়, উত্তপ্ত লাভা বৈ অহা ৰঙা চিকমিকয়া ছবিবোৰে নিশাৰ শান্ত অথচ ৰহস্যময় পৃথিৱীখনক আৰু ভয় লগা কৰি তুলিলে। কিবা এক বুজাব নোৱাৰা অস্বস্তিয়ে মনটো আগুৰি ধৰিলে। মন ভাল লগা বাতৰি এটা চাবলৈ বুলি ৰিমট কণ্ট্রলৰ বটনত ক্রমাৎ হেঁচা পৰিল।

“…নদীবান্ধৰ বিৰোধীতা কালিৰ পৰা অনিৰ্দিষ্ট কাললৈ বিৰোধীৰ অনশনৰ ঘোষণা…”

“ইজিপ্তৰ হিসাত্মক ঘটনাত ৭ জন নিহত…”

“…আৰ্ন্তজাতিক ক্রিকেটৰ পৰা আজি ৰিকি পণ্টিঙে সন্যাস গ্রহণ কৰে। পণ্টিঙে কয়…..”

“…ওৰাংত আজি আৰু এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ।..”

….অসহ্য। অলপ আগেয়ে দেখা লাভাৰ সাগৰখন যেন বুকুত গমগমাই উঠিল বাতৰিবোৰ দেখি। কৰবাত ফাট মেলা টোপনীৰ উভতি অহা বাটচোৱা ধোঁৱাময় কৰাৰ উদ্দেশ্যে চিনাকী নেভি কাটৰ পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল’লে নিশান্তই। নিশান্তৰ অশান্ত মনৰ লগৰী- নেভিকাট। শনিবাৰৰ নিশা দুপৰলৈকে ৰিমৰ্টৰ বটন টিপি থকা অভ্যাসটো এৰিম বুলি প্রতিটো সোমবাৰেতে পণ কৰা হয় কিন্তু কেতিয়াও হাতে কামে কামটো সফল নহয় ঠিক তাৰ “কালিৰ পৰা আৰু চিগাৰেট নাখাও” লেখীয়া কথাটোৰ দৰে। অকলে ঠকা মানুহ এটাৰ মনত অহৰহ বহু কথাই বাঁহ লবলৈ সুযোগ পায়। ভাল-বেয়া, আস্তিক-নাস্তিক,শুদ্ধ-নষ্ট সকলো চিন্তা কিন্তু মনটো যেতিয়া উদাস হৈ থাকে নিসংগতাৰ মায়াবী সাপটোৰ দংশন আটাতকৈ বিষাক্ত হয়।

নিশান্তৰ অস্থিৰ আৰু উদাস মনটোক যেন টিভিৰ ৠণাত্মক বাতৰি সমূহে আৰু উদাস কৰি তুলিলে। তাৰ শুৱণি কোঠাৰ লগতে সংলগ্ন কণমানি বেলকণিটোলৈ বুলি নিশান্ত ওলাই আহিল। কৰ্মব্যস্ত দূৰৈৰ নিয়ন লাইটবোৰ আৰু দুই এটা বাদুলীৰ বাদে সকলো নিশাৰ নিস্তব্ধতাৰ লগত একাত্ম। সকলোকে অলপ জিৰণী লাগে। সকলোকে অলপ সময় লাগে নিজৰ বাবে। টোপনীয়েই হয়তো সেইকণ সময় য’ত প্রতিজন মানুহ অজ্ঞাতসাৰে নিজৰ লগত বিলীন হয়। প্রত্যোকে একো একোখন নিজস্ব পৃথিবী অলপ সপোনৰ সৈতে সেয়ে হয়তো টোপনীৰ বুকুত সাঁচি থয় সংগোপনে।

আমিবোৰ হ’ম’চেপিয়েন। ৫০,০০০ বছৰ পুৰণি আমাৰ স্বভিৱজাত ব্যবহাৰিক জ্ঞানৰ ম্যাদ অথচ আজিও বুজাব নোৱাৰা কিবা এক অচিন অনুভৱৰ অপ্রাপ্তিৰ এবুকু বেদনা কঢ়িয়াই ফুৰা আমিবোৰ। অপ্রাপ্তিৰ এই বেদনাৰ বুকুত পৃথিবীৰ প্রতিটো কোণত সৃষ্টি হোৱা অগণন ছবি, অলেখ কবিতা, শত সহস্র গীত, মন জোকাৰি যোৱা সংগীত। হ’ম’চেপিয়েনৰ অপ্রাপ্তিৰ বেদনাৰ মাদকতা ইয়াতকৈ আৰু কিমান সুন্দৰ হ’ব পাৰে !!? গীতা, সংহিতা, বেদ, বাইবেল, কোৰাণ, অস্তিত্ববাদ, নাজীবাদ, ত্রিকোণবাদ, ফেচীবাদ, পুঁজীবাদ, মাৰ্ক্সবাদ, সিদ্ধী প্রাপ্তিৰ আকাংক্ষা, মক্কা-মডিনা, হৰিদ্বাৰ, অমৰনাথ – এই সকলোবোৰৰ মাজত সামঞ্জস্য আছে। নাজীবাদ, ফেঁচীবাদকে ধৰি নিজ নিজ ধৰণে এই সকলোবোৰ মানুহৰ মংগলৰ উদ্দেশ্য বহন কৰে , হয়তো কোনোতো শ্রণীবিশেষ অথবা কোনোতো নহয়। নিশান্তই প্রায়ে ভাবে মানুহৰ মংগলৰ ধাৰণা অতিজৰে পৰা শ্রেণীহীন হোৱা হ’লে পৃথিবীখন হয়তো এতিয়ালৈ এক মানুহৰ সৰ্বমংগলময় পৃথিবীলে পৰিবৰ্ত্তিত হ’ল হয়। গীতাৰ লগত হিন্দুত্বৰ আৰু কোৰাণৰ লগত মুছলমানৰ সাম্প্রদায়িক পৰিচয় নথকা হ’লে মানুহৰ মংগলৰ ক্ষেত্রত এই গ্রন্থবোৰ অধিক ফলপ্রসূ ন’হল হেতেন নে? এই গ্রন্থবোৰৰ পৰিচয় যদি হিন্দুৰ-মুছলমানৰ বা খ্রীষ্টনৰ ধৰ্মীয় গ্রন্থ ৰূপে নহৈ কেৱল মানুহৰ গ্রন্থ হোৱা হ’লে? এই গ্রন্থবোৰৰ লগত সংলগ্ন সাম্প্রদায়িক পৰিচয়বোৰে যে কতবাৰ ধোৱাই গ’ল পৃথিবীৰ বুকু তপত তেজেৰে।

দুপৰ নিশা নিশান্তৰ মনটোক অজস্র আউল লগা আৰু বেবেৰিবাং চিন্তায়ে খেলিমেলি কৰি পেলালে। নেভি কাটৰ পেকেটতোৰ পৰা আন এটা চিগাৰেট উলিয়াই নিশান্তই কেতিয়া জ্বলাই আধা শেষ কৰিলে ধৰিবই নোৱাৰিলে। ‘ভগবান’ আৰু ‘অনুমতিৰ’ পুৰণা অনুসিদ্ধান্তহীন সমীকৰণটোত পুণৰ উজুতি খালে সি। 'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।

….. নিশান্তই খালী চিগাৰেটৰ পেকেটতো খুচৰি খুচৰি ভাৱৰ এখন অনন্য পৃথিবীত ডুব গৈছিল। ডাঙৰকৈ পাৰ্টি মিউজক লগাই জোৰেৰে পাৰ হৈ যোৱা এখন চিদানৰ শব্দত নিশান্ত বাস্তবলৈ ঘূৰি আহিল। ৰাতি পুৱাও পুৱাও। নিয়ন লাইটবোৰৰ পোহৰ আকাশৰ কোমল ৰঙা ৰঙৰ লগত লাহে লাহে মিলি গৈছে। পুৱতি নিশাৰ প্রথম কাউৰীটোৱে কা কা শব্দ কৰি আনবোৰক পুৱাৰ বতৰা দিবলৈ বুলি তাৰ চকুৰ আগেদি উৰা মাৰিলে। ক্লান্ত হৈ পৰা নিশান্তয়ো দেহ এৰি দিলে তাৰ চিনাকী শেতেলীত। সি এতিয়া একাত্ম হ’ব নিজৰ লগত। একাত্ম হ’ব তাৰ টোপনীৰ বুকুত সংগোপনে সাঁচি থোৱা সপোনবোৰৰ লগত য’ত নাথাকিব কোনো ইজিপ্তৰ বা ইজৰাইলৰ কোনো হিসাত্মক ঘটনাত, কাজিৰঙাৰ মৃত গড়, নদীবান্ধ, কচব অথবা ৰিকি পন্টিং।

সকলোকে অলপ সময় লাগে নিজৰ বাবে।

Saturday, November 17, 2012

সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি


ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা  অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও। 

অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই। 


এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।



মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))



অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। 



-সকলোলৈকে ধন্যবাদ জনালো।



-ৰক্তিম-

সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)



“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-


http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/

Thursday, November 15, 2012

প্রকাশ পালে মোৰ সম্পাদনাৰে ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ "সাহিত্য.অৰ্গ"



   অসমীয়াত কথা- বতৰা গোটৰ আলোচনী প্রকাশ বিষয়ক টোকা (http://www.xahitya.org/)



"এই নৱেম্বৰ, সেই নৱেম্বৰ' থীমৰ বহুতো অগতানুগতিক ভিন্নসুৰী লিখনিৰ মেটমৰা বোজাৰে পৰিপূৰ্ণ সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ সংখ্যাটি সম্পাদনা কৰিছে ৰক্তিম গোস্বামীয়ে (Ractim Goswami)৷ তেখেতৰ শক্তিশালী সম্পাদনাৰে সমৃদ্ধ সাহিত্য ডট্ অৰ্গৰ নতুন সংখ্যাটি আপোনালোকলৈ আগবঢ়াই দিয়া হ'ল ৷ অনিচ্ছাকৃত ভুল-ত্ৰুটী দেখিলে আঙুলিয়াই দিলে বাধিত হ'ম ! কৰ্মব্যস্ত জীৱনৰ মাজতো সময় উলিয়াই আগবাঢ়ি অহা সম্পাদক গোস্বামী দেৱৰ লগতে সকলো লেখক আৰু সম্পাদনা প্ৰক্ৰিয়াত জড়িত সকলোলৈকে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো৷ 

ৰাইজে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ফে'চবুক, ইমেইল বা আন মাধ্যমৰৰ দ্বাৰা সাহিত্য ডট্ অৰ্গক প্ৰচাৰ কৰক৷ পঢ়ক আৰু পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ" ৷ গৰ্বেৰে কওক "চিৰ চেনেহী মোৰ ভাষা জননী" ৷

Wednesday, November 14, 2012

উশৃংখল বৃত্ত



'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।

-ৰক্তিম-

Sunday, November 4, 2012

ভূপেন হাজৰিকাক বছৰ জুৰি উদ্‍যাপন কৰক, কেৱল ৫ নবেম্বৰত নহয়




 ডঃ ভূপেন হাজৰিকা | একে আষাৰে ক’ব পাৰি সৰ্বকালৰ এজন শ্রেষ্ঠ অসমীয়া বুলি যোৱা বছৰ ৫ নবেম্বৰ দিনটোত হঠাতে পোৱা খবৰটোৱে আন প্রতিজন অসমীয়াৰ দৰে মোকো ম্রিয়মান কৰি তুলিছিল। এক মূহুৰ্ততে যেন উৰা মাৰিম অসমলৈ বাংগালোৰৰ কাম-কাজ এৰি তেখেতক শেষ শয়ণত এপলক চোৱাৰ হেঁপাহে মনটোক বাৰে বাৰে খুন্দিয়াই আছিল। তেখেতৰ মৃত্যুৰ বাতৰিয়ে যেন পৃথিৱীৰ প্রতিটো কোণৰ প্রতিজন অসমীয়াক আবেগৰ একেডাল এনাজৰীৰে পলকতে বান্ধি পেলাইছিল তেওঁৰ মৃত্যুৱেও যেন অসমীয়াক পুনৰবাৰ শিকাই গ'ল একতাৰ সংজ্ঞা,  একতাৰ বান্ধোন শকতিৰ এক নিৰল অনুভৱ।

অসমীয়া এটা আবেগিক জাতি। ডঃ ভূপেন হাজৰিকাক শত-সহস্র জনতাই বিদায় দিলে চকুলোৰে, গীতেৰে, কবিতাৰে। তেখেতৰ অন্ত্যেষ্টি ক্রিয়াৰ জনসমাগমে বিশ্ব-অভিলেখ ৰচিলে। তেখেত হেৰাই যোৱাৰ দুখ মাৰ নৌ-যাওঁতেই  পলকতে পাৰ হ'ল এটা বছৰ। চাৰিওফালে উঠিছে এজন অনন্য অসমীয়াক স্মৰণ কৰাৰ আয়োজনৰ ধুম।  পুনৰ আন এটা বছৰ পাৰ হ'ব। এটা গতানুগতিক পৰ্ব্বত হয়তো লাহে লাহে পৰিণত হ'ব ৫ নবেম্বৰ তাৰিখটো, অসমীয়াৰ বাবে ! শিল্পী দিৱস, ৰাভা দিৱস আৰু আন আন দিৱস বোৰৰ দৰেই আমি গম নোপোৱাকৈয়ে হয়তো লাহে লাহে পাতলিব তেখেতৰ বিয়োগৰ দুখৰ লগতে তেখেতৰ সাংস্কৃতিক, সামাজিক আৰু মানৱ দৰ্শনক বুজাৰ হেপাঁহ।

আজিৰ নতুন চামৰ বিদেশ যোৱা হেপাঁহৰ কথা ভাবিলে ১৯৫২ চনতে গণ-সংযোগৰ দৰে বিষয়ত ডক্টৰেট ডিগ্রী লোৱা দাদা চাহেব ফাল্কে বঁটা বিজয়ী এই বিশ্ব বৰেণ্য শিল্পীজনৰ কথা বাৰে বাৰে মনলৈ আহে। উঠি অহা প্রত্যেক নতুন চাম অসমীয়াৰ লগত এই গৰাকী ব্যক্তিৰ কৰ্মৰাজীৰ বাস্তৱিক সংযোগে, তেখেতক 'সঁচা অৰ্থত' অসমৰ বুকুত চিৰকাল সজীৱ কৰি ৰখাৰ লগতে, নিশ্চিত ভাৱেই আন দহজন নতুন অসমৰ সপোনদেখা 'অগ্নিযুগৰ ফিৰিঙতি'ৰ জন্ম দিব। পদ্মবিভূষণ, অসম ৰত্ন এইজন ব্যক্তি যদি সময়ৰ সোঁতত কেৱল এক বাৰ্ষিক উদযাপনৰ বিষয়বস্তু হৈ ৰয় তেনেহ'লে এইটো আমাৰ এক ডাঙৰ ভুল ৰূপে পৰিগণিত হ'ব। জ্যোতি আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু দ্বিগজ অসমীয়াক দুই এক বিশেষ দিনৰ বাদে আমি যেন তেখেতসকলক মনত পেলোৱাত চূড়ান্ত কৃপণালি কৰিছো কথাটো কিমান সত্য আৰু ইয়াৰ কাৰণ কি -অলপ সচেতন ভাবে চিন্তা কৰিলে ইয়াৰ উত্তৰ প্রত্যেকে হয়তো নিজেই বিচাৰি পাব।

নতুন আৰু পৰিবৰ্তন প্রকৃতিৰ কেতিয়াও সলনি নোহোৱা নিয়ম। নতুনৰ ধুমুহাক এহাতে সাৱটি বৰ্তমানে আনখন হাতেৰে অতীজৰ সম্পদসমূহ শৃংখলিতভাৱে ভবিষ্যতলৈ পৰ্য্যবেশিত নকৰিলে এক বিশৃংখল শূণ্যতাৰ সৃষ্টি হয় য'ত সহজে বাহ লয়  কিছুমাণ অপ্রাসংগিক উপাদানে, পুনৰ এক অবাঞ্চনীয় বেমেজালিৰ সৃষ্টি কৰি আমিবোৰ ‘বৰ্তমান’ ! আৰু আমাৰ দায়িত্ব সেয়ে সৰ্বাধিক। আমাৰ অতিকৈ চহকী জাতীয় সম্পদস্বৰূপ, সৰ্বাধিক ভাষাত সংগীত পৰিচালনা কৰা একমাত্র অসমীয়া ভূপেন হাজৰিকা দেৱক আমি যেনেকৈ চিনি পাঁও, আমাৰ জাতীয় দায়িত্ব হিছাবে তেনেকৈয়ে যেন আমি চিনাকি কৰাই দিওঁ আমাৰ উত্তৰপুৰুষ সকলক সকলো অজুহাত আওঁকাণ কৰি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন মহান অসমীয়া  চৰ্চাৰ বিষয় হওঁক আমাৰ দৈনন্দিন কথোপকথনৰ ! আৰু এই প্রচেষ্টাৰ আৰম্ভণী হওঁক নিজৰ পৰা সৃষ্টিক স্বীকৃতি নালাগে কাৰণ  ইয়াৰ ফলপ্রসূতাই সময়ত ইয়াৰ পৰিচয় হয় গৈ। অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি তোলা অসমীয়া সকলো শ্রদ্ধেয় ব্যক্তিৰ ক্ষেত্রতো এই কথা প্রযোজ্য তেখেতসকলৰ অৱদান সমূহ যথোচিত ভাৱে চৰ্চা নকৰিলে আমিবোৰ কালৰ সোঁতত ব্যক্তিগত আৰু জাতীয় দৈন্যতাৰ পকনীয়াত  জাহ যাম।


দিৱস এটা উদযাপন কৰাটো বহু ক্ষেত্রত প্রয়োজনীয় লগতে সহজো | কিন্তু তাৰ প্রাসংগিকতাক নিজ জীৱনত উপলব্ধি কৰি  তাৰ উচিত মূল্যাংকণ কৰাৰ লগতে তাৰ লগত সন্নিহিত বৌদ্ধিক দায়িত্বসমূহক সুচাৰুৰূপে পালন কৰাতহে লুকাই আছে কোনো দিৱস উদ্‍যাপনৰ সফলতাৰ মাপঁকাঠি। অসমীয়া ভাষাৰ বাবে সৰ্বাধিক গীত ৰচনা কৰা এইজন ব্যক্তিৰ মৃত্যুৰ পিছতে 'ভূপেন হাজৰিকা অমৰ হওঁক', 'বৰলুইত থকালৈকে ভূপেন হাজৰিকা আমাৰ মাজত থাকিব" বা অন্যান্য বহু বাক্য চকুত পৰিল, বহু ঠাইত! কিন্তু মই বিচাৰি ফুৰা বাক্যশাৰীবোৰ আছিল "ভূপেন হাজৰিকা প্রতিদিন, প্রতিক্ষণতে আমাৰ লগত থাকিব"ভূপেন হাজৰিকাক আমি আমাৰ মাজত জীয়াই ৰাখিম কাৰণ তেনে ন'হলে ভূপেন হাজৰিকাৰ সত্ত্বাক অমৰ কৰিবলৈ কৰা বা বুঢ়া লুইতৰ আয়ুস পাবলৈ কৰা প্রাৰ্থনাবোৰ কেৱল  প্রাৰ্থনা হৈয়ে ৰ'

আহক আজিৰ এই বিশেষ দিনটোত আমি সকলো অসমীয়াই পণ লওঁ যে, আমি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন বৰেণ্য অসমীয়াক জীয়াই ৰাখিম আমাৰ কামৰ মাজেৰে, আমাৰ জীৱনৰ প্রতিটো দিনত আৰু আমাৰ উত্তৰপুৰুষক সফলভাবে দি যাম ইয়াৰ উত্তৰ দায়িত্ব, অসমীয়াক এটি জাকত জিলিকা জাতি কৰাৰ স্বাৰ্থত,  নিজৰ স্বাৰ্থত !

-ৰক্তিম-

image website:indianexpress.com

বব মাৰ্লী বিষয়ক প্রকাশিত এটি লেখা...

Tuesday, October 23, 2012

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”- মোৰ কিছু কবলগীয়া কথা

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” শীৰ্ষক লেখাটিৰওপৰত ৰাইজৰ মতামতবোৰ পঢ়িলো। মনটো অলপ খেলিমেলি লাগিল। কিয় নাজানো, সৰহভাগ মন্তব্যত ভবা ধৰণে শিশুহতৰ প্রতি ৰাইজৰ আগ্রহ বা সহাঁনুভূতি নেদেখিলো।দেখিলো ক্ষোভ আৰু অসন্তুষ্টি। এই পষ্টতো কোনো ৰাজনৈতিক দল বা নেতাক কেৱল ভাল বা কেৱল বেয়া বুলি প্রতিপন্ন কৰাৰ উদ্দেশ্যে জানো লিখিছিলো? মোৰ কথাখিনি কওতে ভূল হ'ল নেকি? নে শিশুহতৰ হাঁহিবোৰ আপোনালোকৰ লগত ভগাই লম বুলি ভবাটোৱে মোৰ দোষ? চৰকাৰ বেয়া, ৰাইজে গালি পাৰিছে কোনো নেতাক যদি ধৰি পিটিচেও পিটক। মোৰ সেইবোৰত বেছি মগজু ক্ষয় কৰাৰ হেঁপাহ নাই। অকণমান কৰবাত ভাল এটা দেখিলো। মনটো ভাল লাগিল। লিখিলো। আগবঢ়ালো- কিন্তু কথাবোৰ এটা অবাঞ্ছণীয় স্তৰত বোকা ছটিয়াৰ খেলত স্থবিৰ হ'লহি। লেখাটোৰ শিৰোনামাটো বুজুতেই ভুল কৰি দুই-এজনে হাস্যকৰ মন্তব্য দিলে। শিৰোনামাটোত ব্যবহাৰ কৰা ডট আৰু কমায়ে কি বুজায় সেইটো বুজাবলৈ মোৰ বোধেৰে অকব এখন ডাঙৰ মঞ্চ। কেইটামান কথা স্পষ্ট কৰিব প্রয়োজন বুলি ভাবিলো-

১/ “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” হস্পিতালৰ ৰাইজৰ মুখৰ পৰা কাঢ়ি অনা বাক্যষাৰ ঘটনাৰ লগত সংগতি ৰাখি শিৰোনামাৰ বাবে মোৰ দৃষ্টিত সৰ্বোত্তম।

২/ মই কোনো দল বা নেতা প্রতি আসক্ত নহয়। মোক কংগ্রেছী বুলি লেবেলিং নকৰিব (কোনোৱে মনতে ভাবিবও পাৰে) কাৰণ কালিলৈ যদি আজমল, বৃন্দাবন গোস্বামীয়ে অথবা বিজয়া চক্রবৰ্তীয়ে ভাল কাম কৰে মই তাক 'ভাল' বুলি হাজাৰবাৰ ক'ম।

৩/ ভাল কামক ভাল বুলি ক'ম বা লিখিম আৰু বেয়াটোকো একে ধৰে সমালোচনা কৰিম। "মই অকনু ভূঞাই কৈছো" শীৰ্ষক লেখাটি পঢ়া সকলে মোৰ ভাব বুজোতে সহজ হব। 

৪/ ভাল বিষয় এটাক বোকাৰে পুতি পেলোৱা কথাটোত অসন্তুষ্টি প্রকাশ কৰিলো যিহেতু চৰকাৰক গৰিহণা দিব পৰা বেয়া বিষয়েৰে আমিবোৰ ইতিমধ্যে পুট খাই আছো। আমাৰ চৌদিশ সদায় সমালোচনা ৰজনজনাই থাকে। টিভি, বাতৰি কথা-বতৰা সকলোতে। কোন চোৰ, কোন পুলিচ তাক বিচাৰ কৰিব পৰাকৈ যথেষ্ট জ্ঞান হয়তো মোক ভগবন্তই দিয়া নাই। ভালটো দেখি কেৱল ভাল বুলিলো স্পষ্টভাৱে। 

৫/ চৰকাৰৰ ভাল বেয়া বিচাৰ কৰিবলৈ আমাৰ সময় আছে। চিকিৎসা সেৱাৰ মান উন্নত হোৱা পৰলৈকে আমাৰ হয়তো সময় আছে। কিন্তু ভূক্তভোগী শিশুসকল? কিমান সময় আছে সিহতৰ হাতত? চিকিৎসা নাপালে কাৰোবাৰ ১ মাহ কাৰোবাৰ হয়তো ১ বছৰ।

৬/ ভাল কাম এটাৰ আঁত ধৰি কৰা চৰকাৰৰ বা হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা খিনি যদি কোনোবাই শিশুঁহত হস্পাতালত থকা অবস্থাত সিঁহতৰ মাক-দেউতাকক একে আত্মবিশ্বাসেৰে কব পাৰে, তেন্তে সেইজন মানুহ মোৰ মানত এজন সৎ আৰু সচা অৰ্থত সাহসী মানুহ।

৭/ মন্তব্য দিওতে মূল লেখাটোৰ বিষয়বস্তুৰ মৰ্মাথ বুজাটো খুব প্রয়োজন। তেনেহ'লে কথাবোৰ সহজ হয় আৰু অহেতুক বাক-বিতণ্ডতা এৰাই চলিব পাৰি।

মোৰ দৃষ্টিত চৰকাৰৰ সংজ্ঞা কি মই লেখাটিত স্পষ্টকৈ দিছো। 

"অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে 

আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল।"

এনে ধৰণৰ আবেগিক আৰু মানুহৰ ভাল হোৱা খৱৰ মই যে পুণৰ কাৰোবাৰ লগত এনেকৈ ভগাই ল'ব পাৰিম, তাত সন্দেহ। বিষয়বস্তু বিশেষে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কোৱা নিৰ্দিষ্ট স্থান-কাল-পাত্র আছে। আমি সেইবোৰ নুবুজি মূল বিষয়ৰ পৰা আতঁৰি অপ্রাসংগিক ভাবে মূল্যহীন তৰ্কত লিপ্ত হৈ নিজৰ সময় অপব্যয়ৰ লগতে তৰ্কৰ তিক্ততাৰে মনটো ভৰাই পেলাঁও। এই তুচ্ছ নৰমণিষৰ সকলোলৈ অনুৰোধ অলপ- সচেতন ভাবে এনে তৰ্ক এৰাই চলক। নিজৰ লগতে আনৰো মংগল হ'ব। 

কথাখিনি স্পষ্টকৈ কোৱাৰ প্রয়োজনবোধ কৰিলো। কোনোবা অসন্তুষ্ট হ'লেও মোৰ ফালৰ পৰা কবলগীয়া হয়তো আৰু একো নাই।

আৰ্শীবাদ কৰক শিশুহতৰ মংগল হঁওক।

-ৰক্তিম-

বিঃদ্রঃ ---

....আৰু এটা কথা ড০ শৰ্মাৰ লগত বহুত সময় গ'ল। আহক এতিয়া আমি অহা সংখ্যাৰ সাহিত্যৰ বাবে-

- বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ
ডo ভূপেন হাজৰিকাৰ-------

---এই ৮ জন অসমীয়া মহিয়সীক বিষয়বস্ত হিচাপে লৈ একোটাকৈ সুন্দৰ প্রবন্ধ যুগুটোৱাত মনোনিবেশ কৰো। আপোনালোকৰ লিখনীলৈ বাট চালো..একেলগে এনে সৰহ সংখ্যক অসমীয়া নমস্য লোকক নিজৰ লেখনীৰে শ্রদ্ধা জনোৱাৰ সুযোগকণ এনেই যাব নিদিব। :-))


https://www.facebook.com/groups/axomiyakothabotora/permalink/452183711500797/