Showing posts with label global village. Show all posts
Showing posts with label global village. Show all posts

Friday, January 25, 2013

চিগমেণ্ড ফ্রয়েড আহিছিল, প্রেম বিচাৰি




..শেনটো অহাদি আহি প্লাবনে ৰনুজক সুধিলে-

"এই তোৰ মতে প্রেম কি?"

কিবা এটা চিন্তা কৰি নখ কামুৰি কামুৰি কলেজ কেন্টিনত বহি থকা ৰনুজে অলপ অপ্রস্তুত হৈ ক'লে-

"তোৰ আকৌ হঠাতে কি হ'ল? ভৰ দুপৰীয়া প্রেমৰ সংজ্ঞা বিচাৰি আহিলি যে? "
প্লাবন- 

"কচোন দষ্টি, আজি কিবা এটা পঢ়ি থাকোতে কথা এটা গম পালো যিটো প্রেমৰ লগত জড়িত। কিন্তু কথাটো কোৱাৰ আগতে মই জনা উচিত তই প্রেমৰ বিষয়ে কি ভাব"

ৰনুজ-

"অ' কথাটো সেইটোহে। কিন্তু তই যিমান সহজে প্রেম কি বুলি সুধিলি সিমান সহজে তাৰ উত্তৰ দিব নোৱাৰি নহয়। অ'কে মই তথাপিও কঁও মই কি ভাবো প্রেমৰ বিষয়ে.."

অলপ পৰ ৰনুজ মনে মনে ৰৈ আকাশৰফালে চাই কৈ গ'ল...

" 'প্রেম'- শব্দটো শুনিলেই মনটোৱে যেন জীৰণি পায় এবুকু সেউজৰ ছাঁত। মুখলৈ যেন মনে বুকুৰ পৰা ঠেলি দিয়ে এমুকোৰা গুলপীয়া হাঁহি। সকলোকে মৰম লাগে। সকলোৱে বাট চায় এজাক প্রেমৰ বৰষুণলৈ। চুচঁৰি চুচঁৰি পাৰ কৰা আমাৰ ৰুঢ় বাস্তববোৰক মসৃণ কৰি তোলা প্রেম এক মায়াবী জীৱনি শক্তি। "

প্লাবনে ইমান এটা কাব্যিক উত্তৰ পাম বুলি ভবাই নাছিলে। সি ক'লে..

'আৰে, তই দেখোন একেবাৰে পলকতে মাৰত্মক প্রমিক কবি হৈ গ'লি। আচ্ছা, এতিয়া তই মোৰ কথাটো শুন।"

ৰনুজে হাঁহি এটা মাৰি ক'লে-

"কচোন.."

প্লাবন- 
"চিগমেণ্ড ফ্রয়েডক জাননে?"

ৰনুজ- "জানো The famous Psychologist, The Theory of Super ego.."

প্লাবন-
"ৰ ৰ....বুজিলো। তই জান। এতিয়া, চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়ে কি কয় জাননে নাই?"

ৰনুজ-

"মই কৰ্চত লগাখিনি জানো। চিগমেণ্ড ফ্রয়েডে প্রেমৰ বিষয়েও কিবা কৈছে বুলি আজিহে গ'ম পালো। কি কৈছে?"

প্লাবন- "তই নাজান যেতিয়া বঢ়িয়া কথা। এতিয়া তই মোৰ কথাটো শুন তেনেহ'লে..."

বেকা হাঁহি এটা মাৰি প্লাবনে কৈ গ'ল...

"Theory of love-ত চিগমেণ্ড ফ্রয়েডে কৈছে প্রেম হেনো কেৱল শাৰীৰিক মোহ। এই মোহেই হেনো মানুহৰ জীৱনত শিশুৰ পৰা বাৰ্ধ্যকলৈ প্রেম ৰূপে আজীবন থাকে। শিশুৰ আঙুলী চুপি থকাটোও হেনো যৌনতাৰ প্রভাৱৰ এক বৰ্হিপ্রকাশ। আৰু কৈছে নাৰীহেনো পুৰুষতকৈ সদায় তলত আৰু সৃষ্টিৰ আদিতে ভগবানে এক বিশেষ শাৰীৰিক অসমতাৰে এইটো প্রতিষ্ঠা কৰিছে..."

ৰনুজে কথাবোৰ অলপ অশান্তি পালে আৰু শাৰীৰিক ভংগীমাৰে কথাো প্লাবনৰ আগত প্রকাশ কৰিবলৈ চেষ্টা কৰিলে। প্লাবনে কথাটো বুজিলে আৰু অলপ তাৰ খং উঠিল..

"কি হ'ল ৰনুজ? ভাল পোৱা নাই? কিবা অশ্লীল অশ্লীল লাগিছে নহয়? নাই তোৰ দোষ নাই। আমাৰ মানুহবোৰ, সমাজখনৰ স্বভাবেই এনেকুৱা। তোৰ ব্যবহাৰ তাৰেই প্রতিফলন। 
..ৰনুজে একো নামাতি কথাবোৰ তলমুৰ কৰি বুজিব চেষ্টা কৰিলে। অলপ ৰৈ প্লাবনে পুণৰ ক'লে..

"জান ৰনুজ 'ছেক্স' শব্দটোৰ উচ্ছাৰণকো আমাৰ সমাজে এক অপৰাধৰ সমতুল্য বুলি গণ্য কৰে। অথচ তেনে এখন সমাজতে ৬ মহীয়া শিশুৰ পৰা ৬৫ বছৰীয়া বৃদ্ধালৈকে কোনো সুৰক্ষিত নহয়। ধৰ্ষণৰ বাতৰি বতৰ বিজ্ঞান কেন্দ্রৰ বাতৰিৰ লেখীয়া নিয়মীয়া হৈছেগৈ। তথাকথিত শিক্ষিত সকলেও 'ছেক্স' শব্দটো শুনা পালেই গা-এৰা দি পৰাপক্ষত নিকা হৈ থাকিব বিচাৰে-সেয়া দৰকাৰ হ'লে HIV এইডচৰ কথা হওঁক অথবা বেশ্যা বৃত্তি বা 'ফ্লেচ ট্রেড'ৰ লগত জড়িত কোনো সমাজৰ কল্যাণকামী সংস্থাৰ কোনো সদৰ্থক আলোচনাই নহঁওক কিয়।বুজিছ ৰনুজ হাফ বইল গোলকীয় শিক্ষাৰ পৰিণতি এইবোৰ। তোৰ দোষ নাই "

ৰনুজৰ মনত কথাবোৰ লাহে লাহে পৰিষ্কাৰ হৈ আহিব ধৰিলে....

"কিন্তু প্লাবন চিগমেণ্ড ফ্রয়েডে কোৱা কথা খিনি? সেইখিনি কি বুলি ল'ম?"

প্লাবন- 

"এইয়াহে কথা !!!! সেই কাৰণেই আলোচনাৰ প্রয়োজন। তই কেৱল মোৰ কথা মনে মনে শুনি ঘৰ গুচি যোৱা হ'লে তই হয়তো প্রেমৰ এক বেলেগ ধাৰণা পোষণ কৰিব আৰম্ভ কৰিলি হয়। হয়তো ই তোৰ ক'ৰবাত কেতিয়াবা ব্যক্তিত্বতো প্রভাৱ পেলালে হয়। এই ফ্রয়েড লেখীয়া বিদগ্ধ মানুহবোৰৰ কাম চিন্তা কৰা আৰু কিতাপ এগাল লিখি নিজৰ চিন্তা পৃথিবীৰ আগত ব্যক্ত কৰা আৰু আমাৰ লেখীয়া সাধাৰণ মানুহবোৰৰ লক্ষ্য হোৱা উচিত যে আমি সঠিক ভাবে কথাবোৰ চাঁলি-জাঁৰি চাই তাৰ ভালখিনি লৈ কেনেকৈ নিজৰ আৰু আনৰ ভালৰ বাবে ব্যবহাৰ কৰিব পাৰো। ফ্রয়েডক বাদ দে। এই চৰ্চা বস্তুনিষ্ঠভাবে স্কুলৰ পাঠ্যক্রমৰ পৰাই আৰাম্ভণি কৰা উচিত। কিন্তু আমাৰ আকৌ 'কমন' পেলোৱা শিক্ষা পদ্ধতিহে? পাঠ্যপুথিতকৈ বেছি ক্যুশ্যন, বেংক গাইড আৰু টিউচনৰ গুৰুত্ব বেছি। তইয়ে কচোন ১ বছৰ ৭-৮ ঘন্টাকৈ বিদ্যালয় যোৱাৰ পিছতো বিষয় এটা বুজিবলৈ এইবোৰৰ আশ্রয়লোৱাতো শিক্ষা ব্যবস্থাটোৰ চৰম বিফলতা নহয় নে?

প্লাবনে গম নোপোৱাকৈ বহু কথা কৈ গ'ল। তাৰ অলপ খং উঠিছিল বুলি ৰনুজে বুজিলে। পৰিবেশটো অলপ পাতল কৰিবলৈ প্লাবনক সুধিলে-

"এই হ'ব দে। এইবোৰ চিৰিয়াচ কথা এৰ এতিয়া। তই কচোন তোৰ মতে 'প্রেম কিচ চিড়িয়া কা নাম হ্যে?"

প্লাবনে ইতিমধ্যো ঘটঘটাই পানী এগিলাচ খাই ল'লে। তাৰ মুডটো চিৰিয়াচ হৈ আছিল আৰু সেই চিৰিয়াচ সুৰতে সি কৈ গ'ল-

"তোৰ ব্যাখ্যাটো 'প্রেম'ৰ এক ক্ষুদ্র ৰোমাণ্টিক ব্যাখ্যা। কেৱল কল্পনাৰ উটি ভাঁহি প্রেমৰ জয় গান গাই থাকিলে প্রেম কেৱল এক অ-ব্যবহাৰিক কিতাপি বস্তুৱে হৈ থাকিব বা আজি সেইটো হোৱাৰ উপক্রম হৈছে। প্রেমক যেতিয়ালৈকে এক জীৱন শৈলী অথবা এক দৃষ্টভংগী কৰি জীৱনত আকোঁৱালী লোৱা নহয় তেতিয়ালৈকে প্রেম কেৱল এক মনক তৃপ্তি দিয়া শব্দ মাথো। ভালপাও বুলি কবলৈ সহজ। প্রেমৰ নামত মৰি যোৱাতো হয়তো আৰু সহজ। কিন্তু সেইবোৰ কৰাৰ আগতে 'প্রেম'ক নিজৰ বুকুত স্থান দিব পৰাকৈ বুকুখনৰ কোঠালীটো বহল হয়নে নহয় জানিব চেষ্টা কৰাতো এজন সংবেদনশীল আৰু প্রেমোপযোগী মানুহৰ লক্ষণ। "

প্লাবনৰ ব্যাখ্যা শুনি ৰনুজৰ যেন মন আৰু মগজুৰ আৰু দুখনমান দুৱাৰ খোল খালে। প্লাবনৰ লগত কথা পতাৰ আগ্রহ তাৰ আজি প্রথমবাৰৰ ইমান দকৈ জাগিছে হয়তো প্লাবনেও নিজকে ইমান উন্মুক্ত চিন্তাৰে কেতিয়াও নিজকে ধৰা দিয়া নাছিল। হয়তো পৰিবেশ, বিষয় অথবা সময় মিলা নাছিল। ৰনুজে মনে মনে ফ্রয়েডকে ধন্যবাদ প্লাবনক সুধিলে-

"ইতিহাসৰ প্রেম কাহিনী বোৰ বা কাহিনীবোৰক লৈ কৰা সাহিত্যৰ বিষয়ে কি ভাব তই?"
প্লাবনে প্রশ্নটো ভাল পালে-

"প্রেমক লৈ কৰা সাহিত্যবোৰে বিনোদন সাহিত্য ৰূপে ঠিকেই আছে। কিন্তু এই সাহিত্যবোৰে প্রেমৰ যে এক বাস্তবসন্মত বিশ্লেষণ কৰিছে মোৰ তাত সন্দেহ। বিশেষকৈ বিশ্ব সাহিত্যত আৰু ইতিহাসত এনে বহু খ্যাতিসন্মত প্রেম কাহিনী আছে য'ত নায়ক বা নায়িকাৰ মৃত্যু হয় মিলনৰ পূৰ্বে । আবেগে আগছা মানুহৰ মনবোৰে তেওঁলোকৰ সম্বন্ধক নিজৰ প্রেমৰ আদৰ্শ হিচাপে লৈ গাঁঠি যায় নিজৰ প্রেমৰ সুউচ্ছ দেৱাল। কোনো কোনোৱে প্রেমৰ বিফলতা সহিব নোৱাৰি ইতিহাসৰ নায়কৰ দৰে জীৱন ত্যাগ কৰে । কিন্তু সেই কাহিনীবোৰত উল্লেখ কৰা ধৰণে মোৰ মতে সেইয়া প্রেম নহয়, সেইবোৰ আছিল যৌৱণৰ কেৱল এক মায়াবী আকৰ্ষণ-এক বিশেষ পুৰুষ এক বিশেষ নাৰীৰ প্রতি।"

এইবাৰ অলপ ধেমালীৰ সুৰত প্লাবনে পুণৰ ক'লে

" বুজিছ ৰনুজ, বিয়া হৈ যোৱা হ'লে ইতিহাৰ পাতত কেইবাটাও প্রেম কাহিনীও বিচাৰি নাপালি হয়। ৰ'মিঅই বোলে হাতত বজাৰৰ বেগ লৈ ওলাই গৈছে পুৱাই পুৱাই সৰু মাছ আৰু লাও কিনিবলৈ । মজনুৰ পুতেক বোলে ক্লাচ ফাইভত ৩ বাৰ ফেইল। পাঅলে বোলে ফ্রান্সিচকাক বাচন ধুবলৈ লগাইছে.....হাঃ...হাঃ...হাঃ....হাঃ.....

দুয়োটাই অলপ ডাঙৰ কৈ হাঁহি পেলালে...

"তেনেহ'লে প্রেম ক'ত ভাই?" - ৰনুজে হাঁহিয়ে সুধিলে...

প্লাবনে স্ফূৰ্টিৰে কৈ গ'ল এইবাৰ...

"ঐ, প্রেমক 'টেগ'ৰ প্রয়োজন নাই। আৰু এইটোওঁ সঁচা যে হাতত বেগ লৈ বজাৰলৈ গৈ অনা আৰু শ্রীমতীয়ে বনোৱা মাছ আৰু লাউৰ জোল খোৱাৰ স্পৃহা থকাৰ প্ৰেম সুকীয়াপ্রকৃততে প্রেম সৰ্বত্র। কিন্নৰক তই যদি আন মানুহৰ সম বুলি গন্য কৰিব পাৰ-তাত প্রেম, গছ এজোপা ৰুই তাক ডাঙৰ কৰাৰ হেপাঁহ আছে-তাত প্রেম, কুলিৰ মাত যদি তই নকল কৰি ভাল পাৱ-তাত প্রেম, মা-দেউতা ভাই-ভনী-সমাজ-দেশ সকলোৰে ভাল কৰিব পৰাকৈ কিবা এটা কৰাৰ আকাংক্ষা পুহি ৰাখিছ-তাত প্রেম, বাটৰ কুকুৰ দুটা খেলি থকা দেখি যদি আমেজ পাৱ সিহতৰ আনন্দত-তাত প্রেম, দুখীয়াৰ দুখ বুজিব পৰাকৈ আৰু শিশুঁৰ হাঁহিত প্রাণ পোৱা এটি কোমল মন আছে-তাতো প্রেম.....এই প্রেমবোৰ বিচাৰি পালে তই গম নোপোৱাকৈৱে তোৰ কাষ পাবহি তোৰ ‘সপোন কুঁৱৰী’। 

ৰনুজে অলপ অধৈৰ্য্য হৈ দীঘল উশাহ এটা লৈ কৌতুকপূৰ্ণ ক'লে-

"হ'ব, হ'ব, হ'ব..আৰু নেলাগে। প্রেম সৰ্বত্র। মই বুজিলো। 'প্রেম বাবা' তই মোক আজি 'প্রেমৰ মাৰ্গ দৰ্শন কৰালি। ক তোক গুৰু দক্ষিণা লাগে...

প্লাবন দুষ্টামী কৰি ক'লে-

"বটচ, মোৰ গুৰু দক্ষিণা এইটোৱে যে চিগমেণ্ড ফ্রয়েডৰ Theory of love টো মই তোক মোৰ ধৰণেৰে বুজাম আৰু তই শুনি যাব লাগিব চুপ চাপ....

ৰনুজ-

হে ভগবান, চিগমেণ্ড ফ্রয়েডে আজি গম পাইছে কাৰ হাতত পৰিছে।...থিক আছে আৰম্ভ ক'ৰ....কিন্তু আমাৰ পিছৰ ইংৰাজী ক্লাচৰ সময় হৈছে। আমি ক্লাচলৈ গৈ থাকো আৰু লগতে তই কৈয়ো যাবি তোৰ কথাখিনি..

প্লাবন-"অ'কে"

প্লাবনে এখন হাত ৰনুজৰ বাহুত থৈ ক্লাচলৈ বুলি খৰকৈ খোজ লৈ কৈ গ'ল-

আচলতে, শৰীৰ অবিহনে প্রেম অস্তিত্বহীন.........মই কি ভাবো জান........


______________________________________________________
https://www.facebook.com/groups/axomiyakothabotora/permalink/492995297419638/

Friday, December 28, 2012

ব্ৰাহ্মণত্ব, বাস্তব - 'গ্লবেল ভিলেজ আৰু এটা সাধু'



নষ্টালজিয়াৰ এমুঠি প্রশ্ন






সময়ে চকলা চকলকৈ এৰুৱাই নিয়া শৈশৱৰ জহি-খহি যোৱা জপনাৰ সিপাৰে লুকাই থকা মোৰ সমাজ প্রদত্ত পৰিচয়টোৱে সদায়ে মোক কিবা এক অস্বস্তিত ৰাখিছিল। ডাঙৰ হৈ অহাৰ লগে লগে সকলোবোৰ কথা নতুনকৈ চাবলৈ, বুজিবলৈ সকলোৱে শিকে। ময়ো শিকিছিলো। তাৰে বহু ঘটনাৰ কাৰণ উত্তৰহীনভাবে মগজুতে থাকি যায় কিন্তু ঘটনাবোৰৰ লগত জড়িত কথাবোৰ অথবা ছবিবোৰ মগজুত আজীৱন সজীৱ হৈ থাকে। মই সৰুতে উত্তৰ নোপোৱা তেনে দুটা ঘটনা তলত উল্লেখ কৰিলো। 




(১)



- মাঘ মাহৰে কথা। উৰুকাৰ নিশা। মই তেতিয়া তৃতীয় কি চতুৰ্থ শ্রেণীৰ ছাত্র। এঘৰত আমাৰ পৰিয়ালটোক নিশাৰ ভোজ একেলগে খাবলৈ বুলি আমন্ত্রণ জনাইছিল। গৈছিলো, সময়ত খোৱা-বোৱা আৰম্ভ হ'ল। খোৱাৰ মাজতে এজন ভদ্রলোক একো নোকোৱাকৈ হঠাতে ভাতৰ পাত এৰি উঠি গৈছিল। পৰিবেশটো নিমিষতে গোমা হৈ গ'ল। কোনোবাই কিবা কিবি কথা ফুচফুচাই পাতিলে। মই একো নুবুজিলো। 



(২)



- মই তেতিয়া দশম শ্রেণীত। এজন সম্বন্ধীয় ককাৰ দেহাৱসান হ'ল। শ্মশানথলী এজন জনপ্রিয় লোকক শেষ শ্রদ্ধা জনাবলৈ লোকে ভৰি পৰিছিল। তাৰ মাজতে এজন লোকে যথেষ্ট দেহে-কেহে খাটি আগৰণুৱা হৈ অন্ত্যেষ্টিক্রিয়াৰ প্রক্রিয়াটো আগবঢ়াইছে। মই সৰু সেয়ে কথা পাতিবলৈ লগ নাই সেয়ে মন দি সেই মানুজনে নিষ্ঠাৰে কৰা কামবোৰ একান্তমনে চাই আছিলো। এনেতে এজন চিনাকী মানুহ এটা জুমৰ পৰা ওলাই আহি হঠাত তেওঁক গাঁলি-গালাজ কৰিলে। কৰ্মব্যস্ত মানুহজন যেন পলকতে ক্লান্ত হৈ পৰিল। তেঁও আহি মোৰ অলপ দূৰৈতে অকলে বহি পৰিল। তেওঁৰ মনোবেজাৰে আচোঁৰা মুখখন কিছু পল পিছতে শ্মশান থলীৰ পৰা অদৃশ্য হ'ল। মই একো নুবুজিলো।




ইতিহাস





.....আজিৰ পৰা ৩৫০০ বছৰৰ আগৰ কথা। হিমালয়ৰ উত্তৰ অতিক্রমি ভাৰতৰ উত্তৰ পশ্চিম প্রান্তই দি এদল লোকৰ ভাৰতৰ আদিম ভূমিলৈ প্রবজন হৈছিল। এই লোকসকলৰ পৰিচয় আছিল "আৰ্য্য"। আৰ্য্যসকলৰ উন্নত জীৱনশৈলী, আচাৰ-ব্যবহাৰৰ লগত ভাৰতৰ আদিম ভূমিৰ স্থায়ী লোকসকলৰ জীৱনশৈলীৰ এক বৃহৎ প্রভেদ আছিল। তেওঁলোকে ভাৰতীয় সকলক 'দস্যু' নামেৰে চিহ্নিত কৰিছিল। এতিয়াৰ পাঞ্জাব অঞ্চলত খোপঁনি পোতা আৰ্য্যসকলে ভাৰতবৰ্ষলৈ অহাৰ কিছু সময়ৰ পিছত সম্যাৰ ৰূপত মূলতঃ দুটা প্রশ্নৰ সন্মুখীন হ'ল।



প্রথম, জীয়াই থকাৰ প্রক্রিয়াত তেঁওলোকে কেনেকৈ প্রকৃতিৰ বানপানী, ধুমুহা, জুই, বৰষুণ আদি সমস্যাৰ এক স্থায়ী সমাধান উলিয়াব?



দ্বীতিয়, ভাৰতৰ 'দস্যু' সকলৰ লগত কেনেকৈ একে ভূমিতে সহবাস কৰিব পৰা যায়?

আৰ্য্য সকলে এই দুই মৌলিক প্রশ্নৰ সমাধান বিচাৰি বহু চিন্তা চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষা কৰিলে আৰু অবশেষত বিচৰা ধৰণৰ এক উত্তৰ পালে - 'ব্রাহ্মণত্য'। 




প্রকৃতি সকলোতকৈ শক্তিশালী আৰু জীয়াই থকাৰ বাবে প্রকৃতিক সন্তুষ্ট কৰি ৰখাৰ প্রয়োজন। আৰ্য্য সকলে সেইমৰ্মে প্রকৃতিৰ উপাদান বায়ু, পানী, জুইক লগতে অন্যান্য বহুতকে এক সচেতন ৰূপ দিবলৈ একো একোজন দেৱতাৰ ধাৰণা উৎপন্ন কৰিলে। ভাগৱত গীতাত আৰ্য্য আৰু দেৱৰ বিষয়ে এনেধৰণে উল্লেখ কৰিছে-




Having created mankind in the beginning together with Yajna, the Prajapati (Lord of beings of Brahmanism) said: “By this (arrangement) you shall propagate; this shall be the milch cow of your desires. Nourish the Devas with this; and may the Devas nourish you. Thus nourishing one another, you shall reap the supreme welfare (of mankind). Nourished by Yajna, the Devas shall bestow on you the enjoyments you desire.”




যদিও আৰ্য্য সকলে দস্যুসকলক প্রথমে শত্রু জ্ঞান কৰিছিল আৰু সমৰশৈলীতো দস্যু'সকলতকৈ বহু ওপৰত আছিল কিন্তু দস্যুসকল সংখ্যাৰফালৰ আৰ্য্যসকলতকৈ বহু সবল আছিল। সেয়েহে আৰ্য্যসকলে উপায়হীন হৈ যুদ্ধৰ ধাৰণা ত্যাগ কৰিছিল। পৰিবৰ্তি সময়ছোৱাত দস্যুসকলক পৰাভূত কৰিব পৰাকৈ শক্তি আৰ্জিবলৈ দেৱৰাজ ইন্দ্রক ব্রাহ্মণ পণ্ডিত সকলে শ্লোকৰ উচ্ছাৰণেৰে বন্দনা কৰিছিল। ৰীগ বেদ সম্পূৰ্ণভাবে ব্রাহ্মণ পণ্ডিত সকলে ইন্দ্রক কৰা শ্লোকৰে পৰিপূৰ্ণ। ৰীগ বেদৰ তেনে এক শ্লোকৰ ইংৰাজি অনুবাদ তলত উল্লেখ কৰিলো। 




"Rig Veda: With Indra scattering the Dasyu through these (Soma) drops, freed from their hate may we obtain abundant food. He verily, the God, the glorious Indra, hath raised him up for man, best Wonder-Worker. He, self-reliant, mighty and triumphant, brought low the dear head of the wicked Dasa. Indra the Vrtra-slayer, Fort-destroyer, scattered the Dasa hosts who dwelt in darkness. "



'গ্লবেল ভিলেজ আৰু এটা সাধু'



পৃথিবীখন হেনো সৰু হ'ল । এখন গাঁও হ'ল পৃথিবীখন । এখন সৰু ''গ্লবেল ভিলেজ ' , য'ত সকলোৱে সকলোকে চিনি পায়। হৃদয়বোৰ য'ত জোৰা লাগে কোনো বহুজাতিক প্রতিষ্ঠানৰ ইন্টাৰনেটৰ অদৃশ্য ঢৌঁত। এইখন গাওঁৰে এচুকত দুটা নলে-গলে লগা বন্ধু আছিল। এটাৰ নাম 'বামুণ' আৰু আনটোৰ নাম 'মানুহ'। 

বামুণ চতুৰ আৰু চোকা আছিল আৰু 'তাৰ সমাজ'খনৰ সি প্রিয় আছিল। মানুহ-স্বভাবত বামুণৰ ওলোটা আছিল আৰু সেয়ে সি অপ্রিয় আছিল বহুতৰে। এদিন দুয়ো বন্ধু উচ্চ শিক্ষা ল'বলৈ চহৰমুখী হ'ল। সময় পাৰ হ'ল। মানুহ আৰু বামুণৰ জীৱনো পৰিবৰ্ত্তণ হ'ল। মানুহ প্রেমত পৰিল এজনী জাত নিমিলা ছোৱালীৰ। আনহাতে বামুণক ছোৱালীয়ে পাৰ নোপোৱা হ'ল। সকলো জাতি-জনজাতিৰ ছোৱালীৰ সি হাৰ্ট থ্রব হ'ল। দিন যোৱাৰ লগে লগে 'মানুহ'ৰ প্রেম গভীৰ হ'ল আৰু 'বামুণ'ৰ চৰিত্র আৰু পিঠিত বাহি গ'ল বহু কেইজনী ছোৱালীৰ আচোঁৰৰ লগতে পৰিল সিহতৰ হৃদয়ৰ ভঁঙা টুকুৰাৰ সাঁচ। এদিন 'বামুণে' 'মানুহ'ক কৈছিল- ঐ ইমান চিৰিয়াচ হৈ কি লাভ। মই ইয়াত কি কৰো কোনে জানে? নিজৰ সমাজখনত ভাল হৈ থাকিলেই হ'ল। মানুহ কেৱল কৈছিল- 'মই নিজক ফাকি দিব নোৱাৰো।

এদিন দুয়ো শিক্ষা সাং কৰি ঘৰলৈ উভতিল। ঘৰৰ অমতত আৰু জাত-কুল নিমিলা এগৰাকী ছোৱালী বিয়া কৰোৱাৰ বাবে 'মানুহ'ক সমাজে তিৰস্কাৰ আৰু হেয় প্রতিপন্ন কৰিলে লগতে কৰিলে মাক-বাপেকক অপদষ্ট এটি অসংস্কৃতিবান ল'ৰা জন্ম দিয়াৰ বাবে। চতুৰ 'বামুণ' ঘৰৰ আদৰ্শ হৈ ৰ'ল ঘৰৰ পৰা জাত-কুল মিলা ছোৱালী এজনী চাই দিলে। সি বিয়া পাতিলে। 'মানুহ' লাহে সমাজৰ পৰা আতঁৰি গ'ল। 'বামুণ' হৈ ৰ'ল সমাজৰ লাই খূঁটা। 



বাস্তব



বাস্তব- পৰিচয় আৰু স্ববিৰোধীতাৰ এক খহঁতা যাত্রা। এটা শব্দই আজুৰি ৰখা এক শ্বাস ৰুদ্ধ অনুভৱ। সহস্র 'কৰিব নাপায়'ৰ জেওঁৰা জপিয়াই জপিয়াই ভাগৰি পৰা শীৰ্ণ মন। এদল ভণ্ডৰ জীভাত চটফটাই থকা একোটাকৈ শুকাব ধৰা মাছ। ৰজাৰ পোছাক পিন্ধি মোৰ চ'ৰা ঘৰত সোমোৱা জেঠিটোৰ নেজ ডাল চিঙি বতাহত উৰি ফুৰিছে। ' জ্ঞানী-দস্যু'ৰ ডাতৰ ভোক আৰু শৰীৰৰ উমালতাৰ এন্ধাৰত হঠাত ম্লান হোৱা তেজৰ শৌৰ্য্য। ৰাতিৰ বুকুৰ তেজপিয়াহত দিনৰ পোহৰত গোলাপ হৈ ফুলে। ওচৰলৈ গ'লে দুহাতত তেজে ফুল বাচে। মোৰ দেহাট খাপ নোখোৱা মোৰ অপচন্দৰ চোলাটি মোক জোৰকৈ নিপিন্ধাবি। মই কোচঁ নাখাও। এটা শগুণে ফটা চোলাটিৰ এটি টুকুৰা মূখত লৈ দিগন্তলৈ উৰা মাৰিলে। বাস্তব-হয়তো জন্মপ্রদত্ত , অনাকাংক্ষিত পৰিচয়ৰ সিপাৰে বিৰিঙা অনাগত এক হেঙুলীয়া আভা।




**নষ্টালজিয়াৰ প্রশ্নমুঠিৰ উত্তৰ মই দিলো...


Pic:© K.L.Kamat/Kamat's Potpourri

https://www.facebook.com/groups/axomiyakothabotora/permalink/479777318741436/?notif_t=like