Sunday, May 26, 2013

আজি দৈনিক জনমভূমিত প্রকাশ হৈছে......


বহু দিন হ'ল (গীত)


Rajib Ranjan আৰু মই দুয়োজনে বেলেগ বেলেগ সময়ত লিখা দুটি গীতৰ স্তৱকক ভাইটিEmon Seuj Goswami-য়ে সংগীতেৰে সংযোগ কৰাৰ এক ব্যতিক্রমি প্রচেষ্টা কৰিলে। সম্পূৰ্ণ ঘৰুৱা আৰু সীমিত কাৰিকৰী সুবিধাৰ মাজেৰে গীতটিৰ বাণীবন্ধন কৰা হৈছে। আপোনালোকলৈ গীতটি এক পূৰ্ণাংগ ৰূপত সোনকালে আগবঢ়োৱাৰ প্রচেষ্টা অব্যাহত
ৰখাৰ প্ৰতিশ্ৰুতিৰে....

Youtube link : http://www.youtube.com/watch?v=1ghEXTMWZ80

Friday, May 17, 2013

দুখৰ ৰাতিতো (জিতুল সোনোৱালৰ গীত)

জিতুল সোনোৱালৰ এটা জনাজাত আৰু মোৰ অতি প্রিয় গীত 'দূখৰ ৰাতিটো যেন' গাবলৈ প্রথমবাৰলৈ চেষ্টা কৰিলো। কেইবা ঠাইতো সৰু সুৰা ভুল ৰৈ গৈছে যদিওঁ তেনেকৈ আগবঢ়ালো ৰাইজলৈ। ভাল পালে সুখী হ'ম



ধৰ্মান্তৰ: যীশু-কৃষ্ণ কোনো সাৰি যোৱা নাই



'ধৰ্মান্তৰ' এতিয়াৰ কথা নহয়। মই ব্যক্তিগতভাবে ২০০১ চনতে নিজৰ অনুসন্ধিৎসুক মনটোক বশ কৰিব নোৱাৰি স্ব-ইচ্ছাৰে মোক বৰে বাৰে ধৰ্মান্তৰ কৰিবলৈ চেষ্টা কৰা ল'ৰাজনৰ লগত গৈ গোটেই প্রক্রিয়াটোক মাজত সুমাই ভিতৰখন বুজি আহিছিলো। চকু কপালত উঠিছিল এচাম শিক্ষিত অসমীয়া ডেকাক বাইবেল হাতত লৈ প্রাৰ্থনা কৰি থকা দেখি। লগতে চালি জোঁকাৰি চাইছিলো ISCON । এইবোৰ ধৰ্মীয় তথা সমাজিক-বিভেদকামী ভাইৰাচ। এই ভাইৰাচে সৃষ্টি কৰা বেমাৰ লিভাৰৰ অসুখৰ নিচিনা। গম নোপোৱাকৈ তলে তলে দ্রুত গতিত বাঢ়ি আহে। আমি সচাঁ অৰ্থত সজাগ হওঁ মানে ইতিমধ্যোই বহু দেৰি হয়গৈ। এওঁলোকৰ লক্ষ্য যদিওঁ সমাজৰ সৰহ সংখ্যক লোক তথাপিওঁ "ধৰ্মান্তৰৰ নামত অন্ন-বস্ত্র-বাসস্থান' ক্রয় কৰিবলৈ সাজু থকা দৰিদ্রচামেই তেওঁলোকৰ প্রথম আৰু সহজ লক্ষ্য। অৰুণাচলৰ ভিতৰৰ বহু অঞ্চলত এনে দৰিদ্র শ্রেণীৰ এক অতি মোটা সংখ্যক লোকৰ ধৰ্মান্তৰ হোৱা কথা বহু বছৰৰ আগেয়ে পঢ়িছিলো। ISCON ৰ পৰা মোকো কৈছিল যে যিহেতু মোৰ শিক্ষা স্নাতোকোত্তৰ পযৰ্ন্ত গতিকে মোক তেওঁলোকে অনায়সে বিদেশ পঠাব পাৰিব। চিনাকী দুটামান উদাহৰণো দিলে। ধৰ্মৰ দালাল সকলে ধৰ্মান্তৰৰ বাবে ধৰ্মক অস্ত্র হিচাপে ব্যবহাৰ কৰি মানুহৰ ধৰ্মভীৰুতা আৰু আৰ্থিক দূৰাবস্থাৰ সুযোগ লয়। হয়তো তেওঁলোকৰ 'Sales & Marketing' প্রতিস্থানবোৰৰ দৰে 'Target' ও থাকে চাগৈ। তাতে 'লক্ষ্য-ভূমিৰ' থলুৱা ভাষাটি শিকি ল'ব পাৰিলেটো কথাই নাই। উৰিষ্যাৰ পাদুৰী-পুত্রৰ ঘটনাতো হয়তো এতিয়াওঁ বহুতে পাহৰা নাই....ক্ষমতালোভী-অৰ্থলোভী পৃথিৱীৰ বৰ বৰ দানৱৰ হাতৰ পৰা যীশু-কৃষ্ণ কোনো সাৰি যোৱা নাই..........."পানীৰ তলৰ কাঁইটৰ পৰা সকলো সাবধান"। 





চিত্র উৎস:blog.beliefnet.com

Thursday, May 16, 2013

ককাদেউতা মুক্তিযোদ্ধা স্বৰ্গীয় বেদানন্দ শৰ্মা আৰু নীলা থালখন



 
ঘৰত আবিষ্কৃত হ'ল এক দূৰ্লভ সামগ্রীৰ। এখন ঘূৰণীয়া নীলা থাল। অতি পুৰণি থালখন দেখিয়ে কৌতুহল উপজাত মাক গৈ সুধিলো থালখনৰ বিষয়ে। মায়ে ক'লে -"এইখন তোৰ ককাদেউতাৰাই স্বাধীনতা সংগ্রামত কাৰাবাস খাটোতে কাৰাগাৰত ভাত খাবলৈ দিয়া থাল।" ককাদেউতাৰ তেজস্বী ব্যক্তিত্বৰ বিষয়ে কেৱল শুনি আছিলো। মোৰ স্মৃতিয়ে সামৰিব পৰা সময়ৰ সিপাৰেই অন্ত পৰিছিল ককাদেউতাৰ জীৱনৰ অন্তিম ক্ষণটিৰ। মই আজিৰ যুক্তিবিদ্যাৰে আৱৰা স্বাধীন অসমত যিখন থাল চুই আছো সেই একেখন থালতে পৰাধীনতাৰ সময়তে ককাদেউতাৰো হাতৰ পৰশ পৰা কথাটি ভাবি মনতো কিবা এক আনন্দত উথলি উঠিছিল। ককাদেউতাৰ বিষয়ে জনোৱাৰ লোভ সামৰিব নোৱাৰি বিভিন্নজনে ককাদেউতাৰ বিষয়ে লিখিযোৱা কথা কিছুমান এই সুযোগতে তলত হুবহু উল্লেখ কৰিলো।


“বেদানন্দ শৰ্মায়ে প্রথমখন অসমীয়া কথাছবি ৰূপকোঁৱৰৰ জয়মতীৰ এটা সৰু চৰিত্রত অভিনয় কৰিছিল,জয়মতী-ৰাজমাও আদিয়ে পিন্ধা সাজপাৰ (কিংখাপৰ ৰিহা মেখেলা আদি) আৰু গামখাৰু, ডুগডুগী, উবান্তি, জোনবিৰি, লোকাপাৰ আদি ঘৰৰ গহণাসমূহ ‘চুৰি কৰি নি” ৰূপকোঁৱৰ জ্যোতিপ্রসাদক দিছিল……….” – স্বৰ্গীয় ত্রৈলোক্য ভট্টচাৰ্য্য


“বুঢ়াচাপৰি বনাঞ্চল ৰক্ষাৰ বাবে তাহানিয়েই সেই তিনিওখন গাঁৱৰ মানুহ আৰু ককাহঁতে মিলি ‘গ্রেজিয়াৰ্চ এচ’চিয়েশ্বন’ খুলি তেজপুৰত সমবায় ভিত্তিত ‘ডায়েৰী’ গঢ়ি তুলিছিল। ককাহঁতে বুঢ়াচাপৰি বনাঞ্চলক পবিত্র জ্ঞান কৰিছিল।…এয়া আছিল ষাঠিৰ পৰা সত্তৰৰ দশকৰ কথা। তেতিয়া বেদানন্দ শৰ্মা আছিল সকলোতেই অঘোষিত নেতা। বনবিষয়াক লগত লৈ, জিলা উপায়ুক্তক সৈমান কৰাই নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজে জুই দি খেদি পঠালে যতমানে চকুত পৰা অনুপ্রবেশকাৰীক আৰু মুক্ত কৰিলে অনুপ্রবেশকাৰী শক্তিৰ পৰা বনাঞ্চল।“– শান্তনু বৰুৱা


“সেই সময়ত অসম ৰাজ্যৰ মুখ্যমন্ত্রী আছিল স্বৰ্গীয় বিষ্ণুৰাম মেধি। তেতিয়া অসমৰ ৰাজধানী আছিল চিলং। এদিনাখন মুখ্যমন্ত্রী মেধি ডাঙৰীয়াই তেওঁকচিলঙলৈ মাতি নি কৈছিল, ‘বেদা! স্বাধীনতা আন্দোলনৰ তুমি এজন মুক্তিযোদ্ধা, ৰাজনৈতিক নিৰ্য্যাতিত; দেশ স্বাধীন হ’ল। তোমাক পুৰস্কাৰ হিচাপে মই কিবা এটা দিব বিচাৰিছোঁ। তোমাক কি লাগে কোৱা। তাৰ উত্তৰত তেঁও নিঃসংকোচে কৈছিল –দাদা! মোক একো নালাগে। আপোনালোক মন্ত্রী, এম. এল.এ হৈছে হওঁক। মই দেশৰ কাৰণে ত্যাগ কৰিছো তাৰ প্র্তিদান নিবিচাৰো। তথাপি মুখ্যমন্ত্রী ডাঙৰীয়াই মৰম কৰি ক’লে, নহয় বেদা! মই তোমাৰ নামত চিনেমা হলৰ পাৰ্মিট এখন দিওঁ তুমি না নকৰিবা। তোমাৰ পৰিবাৰ বা ল’ৰাৰ নামতে লোৱা। বেদাবাবুয়ে সেই কথাওঁ অস্বীকাৰ কৰি অবশেষত ক’লে-‘যদি দিব খূজিছে দাদাৰ নামতে (মহাদেব শৰ্মা) দিয়ক। তেতিয়া মুখ্যমন্ত্রী ডাঙৰীয়াই ক’লে, তেখেতৰ নামত দিব নোৱাৰিমই তোমাৰ নামতহে দিম। এইবুলি কৈ হুকুম কৰি বেদানন্দ শৰ্মাৰ নামত ‘চিনেমা হ’লৰ পাৰ্মিট এখন দিয়াই দিলে। আচৰিত কথা! দৃঢ়মনা এই পুৰুষ গৰাকীয়ে লগে লগে পাৰ্মিটখন তেওঁৰ জ্যোষ্ঠ ভাতৃ স্বৰ্গীয় মহাদেব শৰ্মাদেৱলৈ পৰিবৰ্তন কৰি লিখি দিয়ে।……..অসমৰ মুক্তি যোদ্ধাসকলেওঁ আন্দোলনত (ভাষা) যোগদান দিছিল। অকল যোগদান কৰাই নহয়, প্রতিবাদকল্পে ভাৰত চৰকাৰে সন্মান কৰি দিয়া তাম্রপত্র আদিওঁ ঘূৰাই দিছিল। তাম্রপত্র ঘূৰাই দিয়া প্রথমজন ব্যক্তি আছিল বেদানন্দ শৰ্মা।“ – স্বৰ্গীয় মহেন্দ্রনাথ শৰ্মা শাস্ত্রী


“…নিজৰাপাৰৰ ঘৰত গৈ খুড়া বেদানন্দ শৰ্মাৰ চিঠিখন অমৰ দাৰ হাতত দি ভয়ে ভয়ে বহি থাকোতেই ভূপেনদায়ে শোৱা কোঠালৈ মাতি পঠালে আৰু নিমন্ত্রণ গ্রহণ কৰি খুড়াৰ খবৰ ল’লে আৰু সাংস্কৃতিক অনুস্থানত নিশা দুই বজালৈকেগীত পৰিবেশন কৰিলে। সেইদিনা বুজি উঠিছিলো খুড়াৰ লগত ভূপেন দাৰ সম্পৰ্ক কিমান নিবিড়”।– বাসুদেৱ শৰ্মা


‘….মাত্র এবাৰ যদি ককাদেউতাৰ লগত কথা পাতিব পাৰিলোহেতেন’-এই হেপাহটো আজীৱন মনত অপূৰ্ণ হৈ ৰ’ব। স্মৃতিৰ গহ্বৰত প্রায় বিলীন হ’ব ধৰা অসমৰ এই সুযোগ্য পুত্রজনৰ দৰে আন কতজন যে জাঁহ গ’ল সময়ৰ বালিত, যি প্রকৃতাৰ্থত এক জাতীয় ক্ষতি। 

ভাৰ্চুৱেল পৃথিৱীৰ 'টালোও' চিন্তা



মানুহে দাবী কৰা নিজৰ সততাবোৰ পৰস্থিতি সাপেক্ষ হ'লে সততাৰ দাবীত পলকতে ভণ্ডামীৰ আঁচল উৰে। এখন ভাৰ্চুৱেল পৃথিৱীত ক্ষুদ্র আৰু তুচ্ছ স্বাৰ্থৰ মোহত বিলীন হৈ থকাজনো সততে সততাৰ পূজাৰী বুলি দাবী কৰিবলৈ কুন্ঠাবোধ নকৰে। বাস্তবত হাতে-কামে নকৰা কামবোৰ যে এই ভাৰ্চুৱেল পৃথিৱীত কথাৰে সমাধা কৰিব পাৰি। দূৰ্ভিক্ষ, দৰিদ্রতাৰ ফট'বোৰ চেয়াৰ কৰি পলকতে যে গাব পাৰি মানবীয়তাৰ জয়গান এইখন পৃথিৱীত। গাত ৰ'দ নপৰা আমাৰ আধা খাৰ খোৱা আধা বিলাতী দেহটোৰ কোমল আঙুলীৰে নিগনিটো টিপি টিপি কৰা সামাজিক ন্যায়ৰ দাবীবোৰ বা ভাৰ্চুৱেল পৃথিৱীৰ কাণিয়া আন্দোলনবোৰে জন্ম দিয়া ভাৰ্চুৱেল বিপ্লবীবোৰৰ ক্রমবৰ্দ্ধমান শাৰীৰিক (কৰ্মৰ) উদাসিনতাৰ আৰঁলৈ ভাৰ্চুৱেলিটিয়ে দৌৰাব লাগিছে ৰিয়ালিটিৰ নামৰ এটি গাধ। সততে কেৱল কথাৰ বলতে নাম আহৰণ কৰিব পৰা বুলি 'সদনাম' থকা এই পৃথিবীৰ 'প্রফাইলে' উছন নিয়াইছে আমাৰ 'পৰিচয়'- ভাৰ্চুৱেল পৃথিৱীত দুৰ্বলতাবোৰ পলকতে ঢাকিব পাৰি শব্দৰ ৰঙীন বাগিছাৰে, এখন সুন্দৰ 'প্রফাইল পিকচাৰেৰে'- বাস্তবৰ কেনা লগা আত্ম পৰিচয়ৰ ফুটা চকাটিৰ অসংখ্য চলিউশ্যন সাৱটি ৰখা এইখন ভাৰ্চুৱেল পৃথিৱী। ভাৱ হয় সম্বন্ধবোৰ, ভালপোৱাবোৰ, তথাকথিত সামাজিক কামবোৰ বাৰু প্রযুক্তিবিদ্যাৰ অভাৱতেই অতদিন অপব্যয় হৈ আছিল নেকি? নে মানৱ আৰু মানবীয়তাৰ প্রকৃত স্থানেই এই ভাৰ্চুৱেল পৃথিৱী? নে আমাৰ দেহত অতীজৰে পৰা প্রযুক্তি বিদ্যাৰ জীন্ খোদিত আছিল যি ভাৰ্চুৱেল পৃথিৱীখনৰ সৃষ্টিৰ লগে লগে দশোদিশে জাগ্রত কৰি তুলিছে আমাৰ সমস্ত বিপ্লবী, কবি, শিল্পী, সমাজসংস্কাৰী সত্ত্বাবোৰক। কাগজ হেৰাল, পেন হেৰাল, ৰেডিঅ' হেৰাল, সেউজ ঘাঁহ হেৰাল, পথাৰ হেৰাঁল, নৈ হেৰাল, মৰম হেৰাল, পৰিয়াল হেৰাল, প্রেয়সী হেৰাল, সপোন হেৰাল, কাম হেৰাল, মাটি হেৰাল....ন' প্রব্লেম। সকলোৰে সমাধান ভাৰ্চুৱেলিটিৰ আসক্তি। 

ভাৰ্চুৱেলিটিৰ শপত মই সঁচা কৈছো.......

'ভালো ভাল বেয়াও ভাল ভাওঁ নধৰিলে পয়মাল'।

Wednesday, May 15, 2013

ভাষিক ঔপনিবেশিকতাবাদ আৰু প্রাৰম্ভিক শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ গুৰুত্ব



মাতৃভাষাৰ গুৰুত্ব আৰু প্রাংগিকতা খিনিক বুজিবৰ বাবে মোৰ বোধেৰে ভাষাৰ লগত সন্নিহিত ‘মাতৃ’ শব্দতোৱে যথেষ্ট। মাতৃভাষাৰ সহজ সংজ্ঞা হ’ল শৈশৱৰ পৰা যি ভাষা শিকি বা কৈ এটি শিশু ডাঙৰ হয় সেই ভাষাটিয়ে শিশুটিৰ মাতৃভাষা। আৰু অধিক সহজকৈ ক’বলৈ হ’লে মাতৃভাষা হৈছে মাতৃৰ কোলাতে স্বতঃস্ফূৰ্টভাবে শিকি অহা ভাষা। 

মাধ্যমকেন্দ্রীক বিবাদ আজিৰ তাৰিখত গোলকীকৰণৰ এটা আগশাৰীৰ গুৰু বৈশিষ্ট। আমাৰ অসম দেশতো এই বিবাদ ক্রমাৎ তীব্রৰ পৰা তীব্রতৰ হ'বলৈ ধৰিছে। জীৱন যুজঁত জিকাৰ বাবে ইংৰাজী ভাষাৰ গুৰুত্ব আগতিয়াকৈ উপলব্ধি কৰি পিতৃ-মাতৃয়ে ক্রমবৰ্দ্ধমান হাৰত নিজ সন্তানক নামভৰ্ত্তি কৰাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। শুনিছো চৰকাৰেও হেনো অসমত কেইবাহাজাৰ চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ প্রস্তুতি চলাইছে। শিশুটিৰ উন্নত সৰ্বাংগীন মানসিক বিকাশৰ বাবে প্রকৃততে কোন মাধ্যম শিক্ষা প্রয়োজনীয়? এই প্রশ্নটিৰ সঠিক উত্তৰ বিজ্ঞানসন্মতভাবে বিচাৰি উলিওৱাতো সকলোৰে বাবে অতি প্রয়োজনীয়। UNESCO-ৰ Education Today নামৰ News Letter-ত ২০০৩ চনতে(জুলাই সংখ্যা) "THE MOTHER-TONGUE DILEMMA" নামৰ পাতনিত উল্লেখিত কথাখিনিৰ সকলোৱে এবাৰ জুকিয়াই চোৱা প্রয়োজন-

*“ভাষা আৰু পৰিচয় - দুয়ো যে ওতঃপ্ৰোতঃ ভাৱে সংযোজিত, মাতৃভাষা শব্দটোৱে আমাক তাকেই উনুকিয়াই | এটি সুষ্ঠ পৰিচয়ে আমাৰ পৰিচৰ্যাৰ বিভিন্ন দিশ সাঙুৰি সুষমতা আনে | এটি জাতিয়ে নিজৰ পৰিচয় ভাষাৰ নিৰ্দেশনাৰ মাধ্যমেৰে আগবঢ়াব বিছাৰে আৰু এক সুস্থ সমাজে সঠিক নিৰ্ণয়ৰ মাজেৰে সম্প্ৰদায়িক মিলা-প্ৰীতি আৰু সবল ব্যক্তিসত্বাক উত্সাহিত কৰে | আমাৰ সৌভাগ্য যে এই দুটি লক্ষ্য সমবিন্দুগামী | বহুবছৰৰ অধ্যয়নে দেখুৱাইছে যে যি ল’ৰা-ছোৱালীয়ে মাতৃভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকৰ প্ৰাৰম্ভ অধিক ভৱিষ্যতপুৰ্ণ হয় আৰু তেওঁলোকে যিসকলে এক নতুন ভাষাত শিক্ষাৰ প্ৰাৰম্ভ কৰে, তেওঁলোকতকৈ আগলৈও ভালদৰে নিজকে আগুৱাই নিবলৈ সক্ষম হয় | এই কথাটি প্ৰাপ্তবয়স্ক ন-শিকাৰুৰ ক্ষেত্ৰটো সমানেই প্ৰযোজ্য | বৰ্তমানে এই মতটো বহুলভাৱে কাৰ্যপালিত যদিও আমি এনে বহুতো চৰকাৰী ফৰমানৰ কথা শুনিবলৈ পাওঁ, যিহক আমি চৰকাৰে শিশুসকলক বিদেশী ভাষাৰে শিক্ষিত কৰাৰ এক আধুনিকতাবাদী অপপ্ৰয়াস বা এক সামাজিকভাৱে প্ৰতিষ্ঠিত গোটৰ প্ৰাধান্য বিস্তাৰৰ চেষ্টা বুলি ক’ব পাৰোঁ |”

এইখিনিতে এইটো কথাওঁ কোৱাৰ এটা চূড়ান্ত প্রয়োজনীয়তা আছে যে 'ইংৰাজী মাধ্যমত পঢ়িলেহে ইংৰাজী ভাষাত দখল ভাল হ'ব বুলি সৰহসংখ্যক পিতৃ-মাতৃয়ে মনতে পুহিঁ ৰখা ভাৱটিৰ পৰা মনটি মুক্ত কৰা প্রয়োজনীয় আজি অত্যাধিক। মাধ্যম আৰু ভাষিক জ্ঞান আহৰণৰ বাবে কৰা চৰ্চা দুটা পৃথক ব্যবস্থা বা প্রক্রিয়া। আমাৰ মাজতে ইংৰাজী মাধ্যমত পঢ়ি অসমীয়াত আৰু অসমীয়াত মাধ্যমত পঢ়ি ইংৰাজীত প্রশংসনীয় দখল থকা মানুহৰ উদাহৰণ বিচাৰিলে নিশ্চিতই বহুজন পোৱা যাব। আন এটি গুৰুত্বপূৰ্ণ কথা হ’ল যে বৰ্তমান অসমীয়াৰ দৰে অন্যান্য বহুভাষাৰ লগতে যি দৰে ইউৰোপৰ আগশাৰীৰ চুইডিচৰ নিচিনা ভাষাও কৃষ্ণ গহ্বৰলেখীয়া ইংৰাজী ভাষাৰ দূৰন্ত আগ্রাসনত পৰি ভাষিক সংকটৰ সন্মুখীন হৈছে থিক সেই একেদৰেই আফ্রিকাৰ নমিবীয়ান সকলো সেই একেই শংকাতে পোঁত গৈছে।

“…..ক্রমাৎ বাঢ়ি অহা প্রভাৱৰ বাবে ইংৰাজী ভাষা আমাৰ চুইডিচ ভাষা-সংস্কৃতিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। কেইবজনো চুইডিচ ভাষাবিদে ইতিমধ্যো পূৰ্বানুমান কৰিছে যে অনাগত কেইটিমান প্রজন্মৰ ভিতৰতে ইংৰাজীভাষা চুইডেনৰ আটাইতকৈ প্রতিপত্তিশীল ভাষাৰূপে পৰিগণিত হ’ব”।

চুইডেনৰ এটি ৱেবচাইটত চুইডিচ ভাষাকলৈ কৰা শংকাৰ অভিব্যক্তি উপৰোক্ত কথাখিনি। চুইডেনৰ কথাখিনি এইটো বুজাবলৈ উল্লেখ কৰিলো যে ইংৰাজী ভাষাৰ আগ্রাসনে কেৱল অসম, ভাৰত বা এচীয়াৰ দেশসমূহলৈয়ে বিপদ মাতি অনা নাই। ই ভাষিক বিপদ সংকেট দিছে ইউৰোপৰ ফ্রান্স, জামাৰ্নী , চুইডেনৰ দৰে অনা-ইংৰাজীৰ ৰাষ্ট্রৰ ৰাষ্ট্রীয় ভাষাসমূহলৈও। এই ক্ষেত্ৰত মোৰ কিছু বছৰৰ আগেয়ে ব্যক্তিগতভাবে হোৱা বৃত্তিকেন্দ্রিক অভিজ্ঞতাই ইউৰোপীয় দেশসমূহৰ এই সংকটৰ তীব্রতাক উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছিল।

ভাষিক সংকটৰ এই ক্ষণত প্রাৰম্ভিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ গুৰুত্ব কিমান? এই প্রশ্নৰ উত্তৰ নিজ ভাষাটিক শ্র্দ্ধা কৰা সকলোৰে বাবে এটাই হোৱা উচিত। ‘অপৰিসীম’- ভাষাতত্ববিদসকলৰ মতে এই শতিকাৰ অন্তলৈ পৃথিৱীত বৰ্তমানে প্রচলিত প্রায় ৬০০০ ভাষাৰ পৰা সৰহ সংখ্যক খিলঞ্জীয়া (indigenous) ভাষা-উপভাষাকে ধৰি প্রায় ৫০% ভাষাৰ বিলুপ্তি ঘটিব আৰু ইয়াৰ মুল কাৰণ হ’ল ‘Linguicism’ বা বিশ্বৰ বিভিন্ন ভাষিক গোটসমূহৰ মাজত অসমানুপাতিক ক্ষমতাৰ বিভাজন আৰু ‘Linguicide’ বা ভাষাৰ হত্যা। এই দুয়োটা কাৰণৰ আঁৰত আছে বিশ্বৰ শক্তিশালী অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, আৰু সামৰিক শক্তিসমূহ। ‘Linguicide’ বা ভাষা হত্যাৰ আন এক প্রত্যক্ষ কাৰণ হ’ল উপৰোক্ত শক্তিসমূহৰ প্রভাৱত নিজৰ এটা সু-সংগঠিত আৰু গৌৰৱ উজ্বল ভাষা থকাৰ পিছতো এটি বিদেশী ভাষাৰ আশ্রয়েৰে নিজ ভূমিতে নিজ সন্তানক নিজ ক’লা-সংস্কৃতিৰ লগত পৰিচয় ঘটাবলৈ কৰা অভিভাবকৰ অসুস্থ প্রচেষ্টা।

শিশুৰ প্রাৰম্ভিক শিক্ষাৰ কালছোৱাতে শিশুক মাতৃভাষাৰ পৰা বঞ্চিত কৰি ইংৰাজী মাধ্যমত শিক্ষা দান কৰিলে নিজ মাতৃভাষাৰ লগতে শিশুটিৰ কি কি অপকাৰ বা শিশুটিৰ কি কি ক্ষতিসাধন হয় তাক এবাৰ বিশ্লেষণাত্মকভাবে বুজিবলৈ চেষ্টা কৰাটো প্রত্যোকজন সচেতন অভিভাৱকৰ কৰ্তব্য ও দায়িত্ব। শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম কিয় মাতৃভাষাত হ’ব লাগে এই বিষয়ত বিশ্বৰ বিভিন্ন প্রান্তত চলি আছে অলেখ পৰীক্ষা নীৰিক্ষা। এনে পৰীক্ষা নীৰিক্ষাৰ অন্তত অন্তত পোৱা কেইবাটাও কাৰণৰ (মনো)বৈজ্ঞানিকভাবে প্রতিষ্ঠিত দুটামান কাৰণ তলত উল্লেখ কৰিলো-

১) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।

২) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্রাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড় ভাবে জড়িত।

৩) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্রয়োজনীয় সৃষ্টিশীলতা, কৌশল,জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰুপভাবে সম্ভৱ। 

৪) শিশুৰ প্রাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্রহ হ্রাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্রহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্রকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।

৫) কানাডা, চীন, আফ্রিকা, ভাৰতবৰ্ষকে ধৰি বহু ৰাষ্ট্রত শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যম সম্পৰ্কে কৰা পৰীক্ষা নীৰিক্ষাত এইটো স্বচ্চলভাবে প্রকাশ পাইছে যে মাতৃভাষাত প্রাৰম্ভিক শিক্ষা লাভ কৰা শিশুসকলৰ মানসিক বিকাশৰ মাত্রা তুলনামুলকভাবে অধিক হয় আৰু তেওঁলোকে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই প্রসংগতে এইটো উল্লেখ কৰাৰ প্রয়োজনীয়তাবোধ কৰিছো যে যদিও ফিলিপাইনচত চৰকাৰে পূৰ্বতে ইংৰাজী আৰু ফিলিপিন’ দুয়োটি ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল কিন্তু ২০০৯ চনত চৰকাৰে এক নতুন নিয়মৰ প্রণয়ন কৰি প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ বাট মুকলি কৰে।

এটা ভাষায়ে এটা জাতিৰ মৰ্যদাক ধৰি ৰখাৰ লগতে ধৰি ৰাখে জাতিটোৰ একতা আৰু সংহতিৰ বাঘজৰী ডাল। এই কথাষাৰৰ ছাঁতে আমাৰ দাতিঁকাষৰীয়া ৰাজ্য উড়িষ্যাত ‘উড়িষ্যা আদিবাসী মঞ্চ’ৰ উদ্যোগত চলি আছে মাতৃভাষাকেন্দ্রীক শিশু শিক্ষাৰ এক সৰু প্রশংসনীয় আন্দোলন। এই আন্দোলনে উড়িষ্যাত শিক্ষাৰ মাধ্যম মাতৃভাষাত হোৱাৰ পোষকতা কৰাৰ লগতে শিশুৰ শিক্ষাৰ দিশত আঞ্চলিক ভাষাৰ মাধ্যমৰ অৰ্ন্তভূক্তিৰে চলোৱা প্রচেষ্টাসমূহত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আমদানীকৃত এটি ভাষাৰে শিশুৰ প্রাৰম্ভিক শিক্ষা আৰম্ভ কৰাৰ বিৰোধিতা কৰি ‘উড়িষ্যা আদিবাসী মঞ্চৰ’ সুধীৰ ডিগালে কয় যে শিশুৰ প্রাৰম্ভিক শিক্ষাৰ মাধ্যমৰ ভাষা সেইটোহে হোৱা উচিত যিটো ভাষা শিশুটিৰ চিনাকী। 

United Nations Convention on the Rights of the Child-ৰ অনুচ্ছেদ ২৯ত শিশু শিক্ষাৰ লক্ষ্য সৰ্ন্দভত উল্লেখ কৰা গুৰুত্বপূৰ্ণ কথা অলপ এনেধৰণৰ – 

“Education of the child shall be directed to development of respect for the child’s parents, and the child s’ own cultural identity, language and values, as well as for the national values of the country in which the child is living…”

সহজ ভাষাত কবলৈ গ’লে শিশুক দিয়া যি শিক্ষায়ে শিশুটিৰ মনত নিজ পিতৃ-মাতৃ, নিজা সাংস্কৃতিক পৰিচয়, ভাষা, মূল্যবোধ আৰু নিজ দেশখনৰ প্রতি শ্রদ্ধা উপজাৱ নোৱাৰে তেনে শিক্ষা দিশবিহীন। ভাষিক ঔপনিশেদবাদত অজানিতে (বা ইচ্ছাকৃতভাবে) পোঁত যোৱা আমাৰ বৰ্তমান আৰু ভবিষ্যত প্রজন্মৰ বুকুত মাতৃভাষিক শিশু শিক্ষা অবিহনে এই শ্রদ্ধা কি দৰে আৰু কিমান গাঢ়কৈ গঢ় লৈ উঠিব ই প্রত্যোকজন অসমীয়াৰ বাবে এক গুৰু বিচাৰ্য্য বিষয় হোৱা উচিত।


_________________________________________________________________________________

(Satyakam লৈ ধন্যবাদ)

চিত্র উৎস: blog.globalenglish.com


Friday, May 3, 2013

মনন

কেতিয়াবা ভাৱ হয় জীৱনটো সৰলৰেখা লেখীয়া হোৱা হ'লে কোনো চিন্তাই নাছিল। কেতিয়াবা দূৰন্ত গতি, কেতিয়াবা হঠাৎ ক্লান্তি,কেতিয়াবা বিষন্নতা, কেতিয়াবা উল্লাস -যদিও সকলোৰে জীৱনৰ বৈশিষ্ট তথাপিও ঘটনাৰ ক্রম, গতি, সময়ে বহুতো কিবা কিবা চিৰ জীৱনৰ বাবে পৰিবৰ্তন কৰি পেলাব পালে। অলপ ধৈৰ্য্য, অলপ সংযম আৰু অলপ সাহসৰ মিশ্রণে সকলো পৰিবৰ্তনৰ ধুমুহাত নিজকে স্থিৰ কৰি ৰাখিব পৰাকৈ একোডাল দূৰ্দান্ত সৱল জীৱন- শিপা দিয়ে।

After all professionals are also humans


সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল| তাৰ মানে আজিও বৰষুণ দিব| যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটা তে দমাই থৈ দিছোঁ| আনফালে অফিছলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে| আচলতে বতৰ আৰু মনৰ সংযোগ পোনপটিয়া। বতৰ ফৰকাল মানে মনো ফৰকাল আৰু বতৰ গোমা মানে মনো গোমা আৰু এটা সেমেকা মনে কাম কৰিবলৈ উদগণি নিদিয়ে। তাৰ পৰিণতিয়েই এই কাপোৰৰ দ'ম। নাই, সেমেকা মন এটাত লেতেৰা কাপোৰ এসোপা ওলমাই মই অফিচলৈ নাযাওঁ।

নিৰ্বানে ফ'ন লগাই দিলে বচলৈ বুলি। যিমান পাৰে মাতটো গহীন কৰি আৰু লাহে লাহে কৈ গ'ল-

"ছাৰ, যোৱা ৰাতিৰ পৰা জ্বৰ। এতিয়া অৱস্থা আৰু বেয়া হৈ আহিছে। অফিছ যাবলৈ অপাৰগ....."
নিৰ্বানে আৰু কিবা কোৱাৰ আগতেই ইফালৰ পৰা -

"তুমি অকলে থকা ল'ৰা। এই অৱস্থাত ঘৰত অকলে পৰি থাকিব নালাগে। চাবলৈ কোনো নাই এমাৰজেঞ্চি এটা হ'লে। তুমি চিন্তা নকৰিবা অফিচত মেডিকেল ৰুম আছে তুমি ইয়াতে আহি জিৰণি লোৱা। কিবা হ'লে আমিবোৰ আছোৱেই। মই দুজন অফিচ কৰ্মচাৰীসহ এখন গাড়ী এতিয়াই পঠাই দিম।

"..কিন্তু...কিন্তু ছাৰ...মই...."

"কোনো কিন্তু নাই। You just need to rest. We are there for you to take care. Afterall professionals are also humans.তুমি সাজু হোৱা।"

ফ'ন কাট খালে....

নিৰ্বান বহু পৰ ফ'নটো কাণতে লৈ মুখ মেলি একেথৰে ৰৈ থাকিল...

নিৰ্বানৰ অলক্ষিতে বাহিৰৰ পৰা নিগনি এটি দূৰন্ত গতিত আহি কাপোৰদ'মৰ মাজত সোমাই পৰিল......


_______________________________________________________________________________
(Santanu Changmai লৈ ধন্যবাদ সহকাৰে)

চিত্র উৎস@Ken Westphal Blog