Monday, August 5, 2013

“মনালিছা”- কোন তুমি মায়াবিনী?

বিশ্ব বিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা প্রখ্যাত 'মনালিচা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। পেৰিচৰ এক সংগ্রালয়ত সংৰক্ষিত এই ছবিখনক চাবলৈ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা প্রতিবছৰে গড়ে প্রায় ৬০ লাখ মানুহৰ আগমণ ঘটে। 'মনালিছা' ছবিখন সৃষ্টিৰ সময়ৰ পৰা আজিলৈকে বহু শিল্পীৰ বাবে সৃষ্টিৰ প্রেৰণা হৈ আহিছে। কিন্তু কোন এই মনালিছা? কিয় এই ছবিখন ইমান জনাজাত ? চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চি কিয় ইমান সমালোচিত এই মনালিছাৰ বাবে? এইখিনিতে এইটো কথায়ো উল্লেখ কৰা প্রয়োজনীয় যে যদিও ভিঞ্চি ইউৰোপৰ নবজাগৰণৰ সময়ৰ এজন শ্রেষ্ঠ চিত্র শিল্পী হিচাপে বহুচৰ্চিত আছিল কিন্তু বাস্তবত তেওঁৰ চিত্রকৰ্মৰ সংখ্যা আছিল তেনেই তাকৰ আছিল আৰু তেওঁৰ সমসাময়িক মাইকেল এঞ্জেল'ৰ চিত্রকৰ্ম বা শিল্পকৰ্মৰ দক্ষতা আছিল অধিক প্রশংসনীয়।  
'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাহিঁত লুকাই আছে বুলি কোৱা হয়। মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিওঁ বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। বহুতে ক'ব খোজে মনালিচাৰ হাঁহিয়ে আনন্দক সূচায় কিন্ত ছবিখন উপভোগ কৰাৰ দৃষ্টিভংগীয়ে হাঁহিটিৰ মাজৰ ৰহস্যক বুজিবলৈ কৰা চেষ্টাৰ ক্ষেত্রত এক সৱল কাৰক হিচাপে কাম কৰে, সেয়ে ‘আনন্দ’ৰ ব্যাখ্যাৰ গ্রহণযোগ্যতা সম্পৰ্কে সৰহসংখ্যকলোক একমত নহয়। চিত্রশিল্পীৰ দৃষ্টিভংগীৰ ফালৰ পৰা 'মনালিছা' ছবিখনৰদ্বাৰা চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ লগতে ১৬ শতিকাৰ চিত্রশিল্পৰ পৃথিবীখনেওঁ লাভ কৰিছিলে  চিত্রশিল্পৰ এক নতুন কৌশল বা শৈলী । ভিঞ্চিয়ে যি কৌশলৰ আশ্রয়লৈ এই ছবি আঁকিছিল সেই কৌশলক "Sfumato" বুলি কোৱা হয় যাৰ অৰ্থ 'অদৃশ্য হোৱা'  কোৱা হয় লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে এই কৌশল, পোহৰ, 'এনাটমি' আৰু দৃষ্টিভংগীৰ সঠিক জ্ঞান আৰু মিশ্রণেৰে উদ্দেশ্য প্রণোদিত ভাবে মনালিছাৰ এনে ৰহ্যময় হাঁহিৰ এখন মুখাবয়ব চিত্রিত কৰিছিল।

চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা 'মনালিছা' প্রকৃততে কোন? এই প্রশ্নৰ উত্তৰক লৈ আজিওঁ বিজ্ঞ মহলৰ মাজত দ্বন্দ আছে। বহুতে ক'ব বিচাৰে লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ মনালিছা প্রকৃততে এজন পৰুষহে। আন এচামৰ মতে 'মনালিছা' লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ নিজৰ ছবি। বহুতৰ মতে এইখন ছবিৰ জড়িয়তে ভিঞ্চিয়ে মাতৃ বা প্রেয়সীৰ ৰূপত 'নাৰীত্ব'ক চিত্রায়িত কৰিছিল। আজি সৰহ সংখ্যকলোকে বিশ্বাস কৰে যে 'মনালিছা' প্রকৃততে আছিল লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ বন্ধু, ফ্ল'ৰেঞ্চৰ চিল্ক ব্যবসায়ী ফ্রেঞ্চিচক' ডেল জিঅক'ন্দৰ পত্নীৰ ছবি। ছবিখন ১৫০৩ চন মানতে অঁকা হৈছিল আৰু মৃত্যু পৰ্য্যন্ত ভিঞ্চিৰ লগতে আছিল। পিছলৈ ছবিখন ফ্রান্সৰ ৰাজপৰিয়ালৰ সম্পত্তি হয়।

'মনালিছা' ছবিখন বিশ্বদৰবাৰত জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত ৱালটাৰ পাটেৰৰ  (Walter Pater)"Leonardo da Vinci essay" আৰু ডেন ব্রাউনৰ (Dan Brown) "The Da Vinci Code" আটাইতকৈ উল্লেখনীয়।  ৱালটাৰ পাটেৰৰ ৰচনাৰ প্রায় ৫০ বছৰৰ পিছত 'মনালিছা' ছবিখনৰ এক ডাঙৰ অঘটন ঘটিছিল।  ১৯১১ চনৰ আগষ্ট মাহত এজন ইটালীয় সংগ্রহালয় কৰ্মীয়ে 'মনালিছা' ছবিখন চোৰ কৰি নিছিলে। প্রায় ২ বছৰৰ অন্তত ছবিখন ফ্লেৰঞ্চৰ প্রখ্যাত উফিজী সংগ্রহালয়ত বিক্রী কৰিবলৈ চেষ্টা চলাওতে উক্ত সংগ্রহালয় কৰ্মীৰ হাতৰ পৰা ছবিখন পুণৰুদ্ধাৰ কৰা হয়। কোৱা হয় ছবিখন পুণৰুদ্ধাৰ পূৰ্বে ফ্রান্সৰ পুলিছে অন্যান্য বহুলোকৰ লগতে পাবল' পিকাছ'কো সোধপোচ কৰিছিল।

চিত্রশিল্পৰ মাজেৰে নাৰীৰ এক অনন্য বিশ্ব বিশ্রুত ৰূপক সৃষ্টি কৰা লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ 'মনালিছা' চিৰকাল চিত্রকলা প্রেমীসকলৰ বাবে এক আদৰণিয় সাথঁৰ হৈ ৰ'ব।
                                                                                                                 
(সহায় লৈ)

Sunday, August 4, 2013

এ' ফৰ এংগল'ফবিয়া





(১)


A for ??? 
A..pp..le

B for ???
B..a..ll
.......

O for??
...
O for... কমলা...



কি????- এই বুলি কণমানি মইনাৰ পিঠিত দুটা ধেৰা চাপৰ সোধাই দিলে লতায়ে। 
"সদাই সদাই একে সোপাকে কিমান পঢ়াম তোক? মুৰত কিবা আছেনে নাই তোৰ? O for Orange, কমলা নহয়। সদায় ইংৰাজীত কবি, অসমীয়াত নহয়। আকৌ এবাৰ যদি ভুল ক'ৰ তোক কি কৰিম চাই ল'বি । ক এতিয়া O for ??"

থোকাথোকি মাতেৰে মইনাই এইবাৰ শুদ্ধকৈ উত্তৰ দিলে - "Orange মা"
...P for.....



-সন্ধিয়াৰ এটা নিত্য নৈমত্তিক ঘটনা এইটো। লতাৰ নাম প্রকৃততে কনকলতা। মাকে শ্বহীদ কনকলতাৰ নামেৰেই নামটো ৰাখিছিল কিন্তু মানুহে কনকলতা নামটো দীঘল বাবে 'লতা' বুলি মাতি মাতি নামটো শেষত লতায়ে কৰি পেলালে। খুউব কম মানুহেহে তাইক আজি কনকলতা বুলি জানে বা চিনি পায় । বাৰু নামটো যিয়েই নহওঁক কিন্তু লতায়ে নিজৰ মনত সদায়ে এটা দূখ পুহিঁ ৰাখিছিল। 'ইংলীচ মিডিয়াম স্কুল'ত পঢ়িব নোৱাৰাৰ দূখ। পঢ়ে বা কেনেকৈ? ৭ জনী ছোৱালীৰ তাই আছিল পেটমছা, নুমলীয়া। ল'ৰা সন্তানৰ আশাত ৭ জনীকৈ ছোৱালীৰ বাপেক হোৱা মানুহজন পেচাত এজন পিয়ন । 'ইংলীচ মিডিয়াম স্কুল' দূৰৈৰ কথা ভালকৈ পৰিয়ালটিয়ে খাই বৈ জীয়াই থকাই জটিল হৈ পৰিছিল। তাতে লতায়ে বাপেকৰ শেষ আশাটিকো নিঃশেষ কৰিছিল গতিকে লতাকলৈ বাপেক এনেও অলপ টিঙিৰি তোলা।


গুৱাহাটিৰ দাতিঁকাষৰীয়া এক অনগ্রসৰ অঞ্চললৈ আজি ৫ বছৰ পূৰ্বে লতাৰ বিয়া হ'ল । মইনাৰ ১৫ আগষ্টত ৪ বছৰ পুৰা হ'ব। তাইৰ কঁপালত 'পিয়ন'ৰ মোঁহৰতো হয়তো চিৰস্থায়ী আছিল। দেউতাকৰ দৰে তাইৰ গৃহস্থয়ো এটি চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন যদিওঁ অশেষ চেষ্টাৰ পিছতো আজি ১২ বছৰে পদটিৰ স্থায়ীভাবে চৰকাৰীকৰণ হোৱা নাই। ২-৩ মাৰ মূৰে মূৰে দৰমহা পায় যদিওঁ ৩ জনীয়া পৰিয়ালটি সুখেৰেই জীয়াই আছে। লতাৰ আটাইতকৈ ডাঙৰ সন্তষ্টি এয়েই যে পাহাৰত হ'লেও নিজৰ বুলিবলৈ এটুকুৰা মাটি আছে, চালি দিয়া হ'লেওঁ নিজা বুলিবলৈ এটি ঘৰ আছে। 
"হেৰা লতা, ছোৱালীজনীক একেদিনাই সকলো শিকাই পেলাবা নেকি ? বয়সনো কিমান হৈছে তাইৰ?"- পেট মোঁহাৰি মোঁহাৰি বিচনাতে দীঘল দি পৰি থকা গিৰিয়েক বকুলে ক'লে।



লতাৰ খং যেন দুগুণে চৰিল কথাষাৰত...


"আপুনি মনে মনে থাকক। আজিলৈকে এটা শব্দও পঢ়াই পাইছে? মইনাৰ কিতাপত কাৰ বাপেকৰ মুৰ আছে কিবা জানে জানো? শুই শুই ফটা লেকচাৰ এগাল দি নাথাকিব...কৈ দিলো হ.."
গিৰিয়েক লতাৰ উত্তৰ দিয়া ধৰণ আৰু সুৰত অভ্যস্ত সেয়ে শান্তভাবেই ক'লে-
"আৰে, তুমি দেখোন একেবাৰে উতলি উঠিলা। মই তাই সৰু কাৰণেহে কৈছো? অলপ মৰমেৰে কম কমকৈ পঢ়ালে কিজানি তাই ভালকৈ শিকেই। তাতে আকৌ নিজৰ ভাষা হ'লেওঁ বেলেগ কথা। তাইক আকৌ তুমি পঢ়াই আছা ইংৰাজী। দিছা ইংলীচ মিডিয়ামত। গতিকে তাই অলপ অসুবিধা পাবই।"- বকুলে জীয়েকৰ অসুবিধাটি সঠিককৈ বুজিছিল কিন্তু বুজিলে কি হ'ব? ক'লে কথা লাগে লেঠা। বকুলৰ কথাত লতা ফেনাইল চটিওৱা সাপটিৰ দৰে চটফটাই উঠিল-
"ইংলীচ মিডিয়ামত ধৰি কথা ন'কব আপুনি। অসমীয়া ভাষা পঢ়ি আপুনি -মই যি ফালিলো ফালিলো। মইনাৰ লগত মই একেটা ভুল নকৰো আৰু আপোনাকো কৰিব নিদিওঁ। তাইক মই 'স্মাৰ্ট' বনাম। ইংৰাজী ভাষাটি শিকিবলৈ টান বুলি মাক-বাপেকে ল'ৰা-ছোৱালীক ইংলীচ মিডিয়াম স্কুলত নিদিয়াকৈ আছেনে? যাওঁক, গৈ চাই আহঁকগৈ অসমীয়া স্কুলবোৰৰ দূৰাবস্থা। গুৱাহাটিৰ গাতে লাগি থাকিওঁ ইমান আউটডেটেড এই মানুহটো । মই কৈ দিলো ঘৰ বাৰি বন্ধকত দি হ'লেও মোৰ ছোৱালীক মই ইংলীচ মিডিয়ামতে পঢ়াম আৰু আপোনাকো ইয়াত হকা- বন্ধা কৰিব নিদিও।"



লতায়ে তাৰসপ্তকত কৈ যোৱা কথাবোৰ বকুলে নিৰাবেগভাবে শুনি এটি দীঘল প্রশ্বাস এৰিলে আৰু এটি ক্লান্ত হাহিঁ মাৰি ক'লে-


"তোমাৰ ভুল নাই লতা। মই তোমাৰ কথাবোৰ বুজিছো কিন্তু মই কি ক'ব খুজিছিলো সেইটোও তুমি এদিন নিশ্চয় বুজিবা।"


মাক-দেউতাকৰ সৰু যুঁজখনৰ চলি থাকোতেই মইনাই টোপনীত লাল-কাল দিলে।


(২)


বাৰিষা আহিলেই লতাহতৰ অলপ ভয় লাগে। পাহাৰৰ ওপৰত যোৱাবছৰ খহনীয়াত কেইবাটাওঁ অঘটন ঘটিছে। পাহাৰৰ ওপৰৰ পৰা প্রচণ্ড কোবত বৈ অহা বোকাপানীয়ে ঘৰতোৰ অনিষ্ট কৰে। কিন্তু ভুতৰ ওপৰত দানৱৰ নিচিনাকৈ আচল বিপদ তেতিয়াহে হয় যেতিয়া গজৰাজৰ দ'লে বা বাঘে ক'ৰবাৰ পৰা আহি সন্ত্রাস চলাইহি। এইবাৰো বাৰিষাৰ ঘটনা -পৰিঘটনাৰ ব্যতিক্রম ন'হল বৰং এইবাৰ মাত্রা চৰিলহে। আজি তিনিদিনযোৰা বৰষুণৰ ফলত হোৱা খঁহনীয়াত পাহাৰৰ ওপৰফালে থকা কেইবাটাওঁ ঘৰ বিনষ্ট হোৱাৰ লগতে চিনাকী নেপালী মানুহ এজনৰ প্রাণো গ'ল। লতাহতৰ অঞ্চলটোৰ পৰিবেশ একেবাৰে গোমা। শুনিছে কৰবাত হাতী, বাঘো ওলাইছে। মুঠতে লতাহতৰ দিন নাযায় নুপুৱাই। 


"হেৰা, শুনিচেনে? শুলে নেকি?"- লতাই মাত দিলে


"নাই, নাই। কোৱা।"


"এই কেইদিন পাৰিলে সোনকালে আহিবচোন। সন্ধিয়া হ'লেইচোন ভয় ভয় লাগে। কিবা এটা যেন 
অঘটন ঘটিব..."



"চিন্তা নকৰিবা। একো অঘটন নঘটে। মই বাৰু অহাকালিৰ পৰা যিমান পাৰো সোনকালে আহিম। এতিয়া টোপনি যোৱা।"


পিছদিনা কথা দিয়া ধৰণে বকুল পোঁহৰে পোঁহৰে আহি ঘৰ পালেহি। সন্ধিয়ালৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বুলি লতাহতৰ ঘৰত কাষৰে দুই এজন মানুহ গোট খালেহি। সদায় যোৱাৰ ধৰণে সন্ধিয়া বিদ্যুত যোগান ব্যাহত হোৱাত মমবাতিৰ ধিমিক-ধামাক পোহৰতে সকলোৱে কথা বতৰাবোৰ আগবঢ়াই গ'ল। কিন্তু এনেতে ঘটিল অঘটনটি। বাহিৰৰ কেচা মজিয়াখনতে কিবাকিবি খেলি থকা মইনাই থৰকাচুটি হেৰুৱাই দৌৰি আহি মাকক সম্বোন্ধি চিঞৰি উঠিল-


"মা, Elephant....মা, Elephant...মস্ত Elephant ওলাইছে মা আমাৰ ঘৰত"।


- পলকতে হোৱা-দোৱা লাগি এটা হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল। লতাহতৰ ঘৰত থকা গোটেইজাক মানুহে ‘হাতী হাতী’ বুলি চিঞৰিব ধৰিলে, অঞ্চলটিত পলকতে এক উত্তজনাময় পৰিবেশৰ সৃষ্টি হ'ল।সকলোৰে প্রাণবায়ু আহি ডিঙি পালেহি। এই চিঞৰ বাখৰৰ মাজতে বকুলে মৰসাহ কৰি এখোজ দুখোজকৈ ঘৰৰ চোতাললৈ বুলি ওলাই আহিল, বকুলৰ পিছে পিছে মৰণক শৰণ কৰি লাহে লাহে ওলাই আহিল লতাকে ধৰি ঘৰৰ বাকীজাক মানুহ । কিন্তু এইয়া কি ??? ঘৰৰ সমুখতচোন এইটো হাতী নহয়, বৰং কেতিয়াও নেদেখা ক'ৰবাৰ ক'লা দমৰা এটাইহে আহি এই অসময়ত মুৰ জোঁকাৰি জোঁকাৰি ঘাহঁ খায় আছেহি। লতায়ে একো নুবুজি মইনাক খঙেৰে সুধিলে -


"মইনা, তুমি ক'ত Elephant দেখিলা? মিছা কথা কিয় কৈছিলা? এইটো গৰু-হে"


"মা, গৰু মানে Elephant নহয় নেকি? তুমিহে সদায় ইংৰাজীত ক'ব দিয়া...


মইনাৰ কথা শুনি গোটেইজাক মানুহে স্বস্তিৰে প্রাণখুলি হাহিঁৰ গীৰ্জনি তুলিলে।


বকুলে লতাৰফালে জোঁকোৱাৰ চলেৰে চাই হাঁহি হাঁহি ক'লে-


"লতা, তুমি এক মিনিট ৰখা। মই Elephant টো খেদাই আহোঁগৈ।"


বকুলৰ কথাত ঘৰখনত পুণৰ হাঁহিৰ ৰোল উঠিল।
___________________________________________________________________________
চিত্র উৎস: http://www.openthemagazine.com/article/living/toddlers-under-stress

এটি হিন্দী গীত বন্ধু আবিৰৰ লগত....


প্রত্যাবৰ্ত্তন



“কথাতো এবাৰ আকৌ ভাবি চোৱা। এনে সিদ্ধান্ত এবাৰ ল’লে সেয়ে শেষ, এবাৰ সিদ্ধান্ত লৈ বাস্তবৰ ফালে অগ্রসৰ হোৱাৰ পিছত পুণৰ বিবেচনাৰ কোনো স্থান নাই। মই ইতিমধ্যো মোৰ সিদ্ধান্ত লৈছো আৰু তাত মোৰ কোনো শংকা বা সন্দেহ নাই। তুমি এগৰাকী নাৰী সেয়ে তোমাৰ সিদ্ধান্তৰ দৃঢ়তাতে সকলো নিৰ্ভৰশীল”।

মাতৃত্ব বা পিতৃত্বৰ গৌৰৱৰ হেপাঁহ কাৰ নাথাকে। আজিৰ পৰা প্রায় ১২ বছৰ পূৰ্বে প্রণয়পাশত আবদ্ধ হৈ বৈবাহিক সম্বন্ধৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল  ৰামানুজ আৰু প্রশান্তিয়ে। এটি সন্তানৰ আকাংক্ষাত এটি যুগেই পাৰ হ’ল। মৰমৰ অভাৱ নথকা দুয়োৰে সংসাৰত মৰম বিলাবলৈ হোৱা অভাৱে দুয়োকে মনে মনে চূড়ান্তভাৱে হতাশ কৰি আনিছিল।

এদিন হঠাৎ ৰামানুজে প্রস্তাৱটি দিছিল। কিছু সময় লৈছিল যদিওঁ প্রশান্তিয়ে শেষত প্রস্তাৱটি মানি লৈছিল।শিশুক প্রতিপালন, মৰম আৰু সংস্কাৰ লাগে আৰু এই প্রতিপালন, মৰম আৰু সংস্কাৰ ৰামানুজ আৰু প্রশান্তিয়ে এটি তুলি লোৱা অনাথ সন্তানক দিবলৈ থিৰাং কৰিলে।

“…তুমি চিন্তা নকৰিবা ৰামানুজ। ভগবন্তই গৰ্ভত সন্তান পালনৰ আনন্দ নিদিলে যদিওঁ মোক এবুকু মমতা দিছে। মৰম বিলাব পৰা এটা মন দিছে। মই এতিয়া মাথো ৰাতিপুৱাৰ আপেক্ষাত। আমাৰ ঘৰখনৰ নিঃশব্দতাবোৰ এতিয়া দূৰ হ’ব”।

কথাখিনি কৈ ৰামানুজৰ বুকুত সোমাই শান্ত হৈ পৰা প্রশান্তিৰ চুলিবোৰ লিৰিকি বিদাৰি ৰামানুজ লাহে লাহে ডুব গ’ল ৰাতিৰ একান্ততাত নিঃশব্দে বৈ অহা আনন্দৰ বুকুভৰা নৈখনত।

(১)

যোৱা কিছুদিনৰ পৰা চানিৰ মাত-কথাতকৈ দিনতোত ১০ বাৰ অহা যোৱা কৰা তাৰ এনফিল্ড ক্লাচিক ৩৫০ মটৰ চাইকেলৰ গমগমিয়া মাতটোহে মাকৰ বেচি চিনাকী। কেতিয়া আহে, কেতিয়া যায়, ক’লৈ যায়, কিয় যায়, কোনো কথা জনাৰ সাধ্য নাই মাকৰ। কোনো কথাৰ সঠিক উত্তৰ নাপায়।  সিদিনাৰ ৪বছৰীয়া কণমানিটো চকুৰ পচাৰতে আজি যেন পৰিণত হ’ল এজাক দূৰন্ত বতাহত। মনতে কথাষাৰ ভাবি প্রশান্তিয়ে আনন্দ পায় যদিওঁ মাজে মাজে অনুভৱ কৰে নিসংগতাৰ লগত তাইৰ এৰিব নোৱাৰা সম্বন্ধৰ কথা। প্রমশ্যনবোৰৰ লগত ৰামানুজৰ ব্যস্ততাওঁ যথেষ্ট বাঢ়িল। নিশা কেৱল শুৱলৈ ঘৰলৈ আহে বুলি ক’লেওঁ বেচি কোৱা ন’হব।

“ৰামানুজ, তোমাৰ ব্যস্ততাক মই বুজি পাওঁ কিন্তু চানিকলৈ অলপ সচেতন হোৱাৰ সময় হৈছে। এইটো বয়স কেনেকুৱা তুমি জানাই। মোৰ কোনো কথাক সি গুৰুত্ব নিদিয়ে আৰু কোনো কথাৰ সঠিক উত্তৰো নিদিয়া হৈছে। ফ’ন কৰিলে ফ’ন পৰ্যন্ত নুঠাই কেতিয়াবা। মোৰ কিন্তু বৰ চিন্তা লাগে জানানে?”।
টোপনীৰ লগত যুজঁ-বাগৰ কৰি থকা ভাগৰুৱা ৰামানুজে যেনে তেনে ক’লে-
“তুমি বেচি চিন্তা কৰিছা প্রশান্তি। এইটো বয়স এনেকুৱাই। সি আমাৰ ল’ৰা। সি বেয়া বা আমাৰ মনত দূখ লগোৱা কাম কেতিয়াওঁ নকৰে। মই কথা পাতিম বাৰু তাৰ লগত। এতিয়া শুই যোৱা”।

..সময় বাগৰিল…

চানি লাহে লাহে ঘৰৰ পৰা আৰু আঁতৰি যাবলৈ ধৰিলে। নিশা প্রায় ঘৰৰ বাহিৰত থকাৰ অভ্যাস গঢ় লৈ উঠিল। প্রশান্তিয়ে এতিয়া তাৰ মটৰ চাইকেলৰ মাতটো শুনিবলৈওঁ অধীৰ আগ্রহেৰে বাট চাব লগা হ’ল। এক অজান আশংকায়ে প্রশান্তিক অহৰহ ঘেৰি ৰাখিব ধৰিলে। প্রশান্তিৰ বাৰম্বাৰ সকিয়নীৰ গুৰুত্ব বুজি  ৰামানুজে প্রশান্তিসহ চানিৰ লগত পোনপটিয়াকৈ কথা পতাৰ সিদ্ধান্ত ল’লে।
কৈশোৰত স্বাভাবিকতে বিদ্রোহী হৈ থাকে ল’ৰা-ছোৱালীৰ মন।  ড্রগাসক্তিয়ে চানিৰ  মনটিক বিষাক্ত কৰিবলৈ বেছি সময় ন’ললে। দেওঁবাৰৰ নিশা ১২.৩০ বজাত আহি মটৰ চাইকেলখন ঘৰৰ সমুখত ঘৰং ঘৰং শব্দ কৰি ৰৈ পৰিছিল হি। ঘৰলৈ সোমাই আহি তাৰ লগত কথা হ’বলৈ আপেক্ষাৰত মাক-দেউতাকক ড্রয়িং ৰুমত মাজনিশা বহি থকা দেখি অলপ ইতস্ততঃ বোধ কৰি নিজৰ ৰুমৰফালে অগ্রসৰ হ’ব ধৰা চানিক ৰামানুজ ক’লে-

“ৰ’বা চানি, মা আৰু মই ৰাতি দুপৰলৈকে এনেই বহি থকা নাই। তোমাৰ লগত কথা আছে। তুমি মা-দেউতাক এষাৰ মাত দিয়াৰ ভদ্রতা,সৌজন্যতাখিনিও পাহৰি গৈছা। মায়ে এনেই……”
এক অস্বাভাবিক উত্তেজনাৰে চানিয়ে দেউতাকৰ কথা শেষ হোৱাৰ আগেয়েই গৰজি উঠিল..

“Please…please stop this drama. I cannot pretend anymore. I am nobody. You are nobody to tell me what should I do and what not। তোমালোক মোৰ মা-দেউতা নহয়। মোক মোৰ মতে জীয়াই থাকিব দিয়া…মোৰ কোনো নাই……কোনো সম্বন্ধ নাই মোৰ এইখন ঘৰৰ লগত….নাথাকো মই এইখন ঘৰত…Thanks for everything……”।

প্রশান্তি আৰু ৰামানুজক জোকাৰি যোৱা কথাখিনি চিঞৰি চিঞৰি  কৈ চানি ঘৰৰ পৰা কোবত ওলাই গ’ল। সৰগ ভাগি পৰিল প্রশান্তি আৰু ৰামানুজৰ মুৰত। কোনে কাক শান্তনা দিব? হুকহুকাই কান্দি ৰামানুজৰ গাত ঢলি পৰা  প্রশান্তিৰ হাতত পৰিল ৰামানুজৰ দুটুপাল তপত চকুলো।


(২)

“হেল্ল, হেল্ল.. এইটো চানিৰ নম্বৰ হয়নে?
“হয়”
“চানিৰ লগত কথা পাতিব পাৰোনে?”
“হয় কৈছো…Who is this?”
“মই ইন্সপেক্টৰ বৰাই কৈছো, যিমান পাৰে সোনকালে ঘৰলৈ আহক। এক মিনিটো পলম নকৰিব”।
“কিন্তু…”
চানিয়ে কিবা এটা সুধাৰ আগতেই ফ’নটো কাট খালে।

সেইদিনা নিশাৰ ঘটনাতোৰ পিছত চানি প্রায় এসপ্তাহ ঘৰলৈ যোৱা নাছিল। পুৱাই পুৱাই পোৱা অনাকাংক্ষিত ফ’নটোৱে চানিক যেন বহু পৰিমানে ভূমিস্থ কৰিলে। একো বুজিব নোৱাৰি একে কোবে ঘৰলৈ বুলি মটৰ চাইকেলখন পোনালে।

চানিয়ে নিজৰ ঘৰত ইমান মানুহ আজিলৈকে কেতিয়াওঁ দেখা নাছিল। ঘৰৰ চৌহদত সোমায়েই পুলিচ আৰু মানুহবোৰ দেখি এক ভয়ানক অনুভৱে তাক জোঁকাৰি গ’ল। সি মটৰ চাইকেল এৰি ইন্সপেক্টৰ বৰাৰ ফালে যিমান বেগেৰে পাৰে সিমান বেগেৰে আগুৱালে।
“ইন্সপেক্টৰ মই চানি। কি হৈছে এই বোৰ। মা-দেউতা ক’ত?”- এক প্রকাৰে আৰ্তনাদ  কৰি উঠিল সি।

“চানি, ভিতৰলৈ যোৱা”- ইন্সপেক্টৰ বৰায়ে দৃঢ়তাৰে ক’লে।

 চানি ভিতৰলৈ গৈ মাক-দেউতাকৰ কোঠাত যি দৃশ্য দেখিলে সেই দৃশ্য দেখি চানিৰ ভৰিৰ তলৰ মাটি যেন পলকতে অদৃশ্য হ’ল। ভিতৰত পৰি আছিল প্রশান্তি আৰু ৰামানুজৰ দুটা ৰক্তাক্ত নিঠৰ মৃত শৰীৰ।ইতিমধ্যো ভিতৰলৈ সোমাই অহা ইন্সপেক্টৰ বৰাই হুকহুকাই কান্দি উঠা চানিৰ কৈ উঠিল ঘটনাটোৰ কথা….

“যোৱাকালি নিশা তোমালোকৰ ঘৰত ডকাইত সোমাইছিল। ডকাইতক বাধা দিব চেষ্টা কৰোতে তোমাৰ অকলশৰীয়া মা-দেউতা দুয়োকে হত্যা কৰি পলাই গ’ল সিহত”।
চানিৰ কান্দোন আৰু চিঞৰত যেন গোটেই ঘৰখন কঁপি উঠিল।

চানি তোলনীয়া পুত্র হোৱাৰ লগতে তাৰ নিচাসক্ত স্বভাৱ আৰু ঘৰত হোৱা কাইজিয়াৰ কথাৰ বিষয়ে ইতিমধ্যো অবগত হোৱাৰ পিছত চানি অনায়সে পুলিছৰ দৃষ্টিত এটা সন্দেহযুক্ত চৰিত্র হৈ পৰিল যাৰ বাবে চানিকো নিয়া হ’ল থানালৈ সোধ-পোচৰ বাবে। প্রশান্তি আৰু ৰামানুজৰ সপোনৰ ঘৰখন পলকতে ধ্বংস হ’ল কোনো এক কালিকা লগা ৰাতিপুৱাত।



কল্যাণ খৰমান

মানুহৰ মন আৰু চিন্তা পৰিবেশৰ দাস। ঘটনাবোৰ মনৰ আপেক্ষিক স্থিতিৰ কাৰক। ভাল- বেয়া, উচিত-অনুচিত বিচাৰ কৰাৰ ক্ষমতা সকলোৰে থাকে। সময়ে মাথো এই ক্ষমতাৰ লগতে প্রায়ে খেলা কৰে। কিন্তু এই খেলকো বাগী দি মনে সততে শান্ত আৰু সৌম্যভাবে গতি কৰে প্রজ্ঞাৰ দিশে।

প্রাৰম্ভিক সোধ-পোচৰ পাছত চানিক মুকলি কৰি দিয়া হৈছিল। কিন্তু এই মুক্তিৰ অন্তত যে ৰৈ আছিল তাৰ বাবে অনুশোচনাৰ এখন অকলশৰীয়া বিশাল পৃথিবী। মাক-দেউতাকৰ  আকস্মিক মৃত্যুৱে চানিৰ পৃথিৱীখন পলকতে ওলট-পালট কৰি পেলাইছিল। মাক-দেউতাকৰ প্রতি কৰা অন্যায়, মাক-দেউতাকৰ মৰমক কৰা তাচ্চিল্যৰ অনুশোচনায়ে প্রতিটো পলতে তাক দগ্ধ কৰিলে। এতিয়া দেউতাকক ক্ষমা খুজিবলৈ বা মাকৰ কোলাত মুৰ থৈ অনুশোচনাৰ চকুলোবোৰ বোৱাই দিবলৈ তেওঁলোক যে বহু দূৰলৈ গুচি গ’ল। শেষবাৰৰ বাবে চানিয়ে মাক-দেউতাকক কোৱা কথাকেইটাই হুল হৈ বাৰম্বাৰ তাক বিন্ধিব ধৰিলে প্রতি দিন, প্রতি নিশা।

…….চানি ঘৰলৈ আৰু উভতি যোৱা নাছিল। মাক-দেউতাকৰ ঘটনাতোৰ কিছুদিন পিছৰ পৰা চানিক সেই চহৰত আৰু কোনেওঁ দেখা নাছিল। এখন সৰু চহৰৰ মাজত সেই ঘৰখন পৰিত্যক্ত হৈয়ে পৰি ৰ’ল।কিছুমাহৰ পিছত খৱৰ পোৱা গ’ল যে অনুশোচনাত দগ্ধ চানিয়ে সকলো আসক্তিৰ পৰা নিজকে মুক্ত কৰি বাচি ল’লে আধ্যাত্মিকতাৰ পথ। বাচি ল’লে মুক্তিৰ পথ, জীৱন সাধনাৰ এখন নতুন পৃথিৱীত……।

১৭ জুলাইত 'ডি আসাম ট্রিবিউনৰ' (The Assam Tribune) সম্পাদকীয় পৃষ্ঠাত প্রকাশিত এটি লেখা


          ১৭ জুলাইত 'ডি আসাম ট্রিবিউনৰ' (The Assam Tribune) সম্পাদকীয় পৃষ্ঠাত প্রকাশিত এটি লেখা

তালিবান আৰু আমাৰ মাজত প্রভেদ কোনখিনিত ?


কেইবাবছৰ আগৰ কথা। বন্ধু এজনে তেখেতৰ কম্পিটাৰত তালিবানে এজন মানুহৰ ডিঙি ৰেপি ৰেপি হত্যা কৰাৰ এক ভয়ানক ভিডিঅ' ফুটেজ মোক অকস্মাৎ দেখুৱাই দিছিল। হয়তো মাৰ্কিন সাংবাদিকজনৰ গোটেই বিশ্বকে জোঁকাৰি যোৱা ভিডিঅ'তো আছিল সেইটো। কেতিয়া কল্পনা নকৰা এক ঘটনাৰ বাস্তব চিত্রণ দেখি কি অনুভৱ কৰিছিলো ভাষাৰে হয়তো বুজাব নোৱাৰিম। বহুদিন এক অবাঞ্ছিত মানসিক স্থিতিত কঁটালো। খাওঁতে, বহোতে,শুওঁতে কেৱল মনলৈ সেই ভয়ানক দৃশ্যটি বাৰে বাৰে বহু দিনলৈ আহি থাছিল। মনে মনে ভগবানক ধন্যবাদো দিছিলো তেনে এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে। সময়ৰ লগত কথাটো লাহে লাহে পাতলিল।

যোৱা এক ডেৰ দশকত পৃথিবীখন বহু বেছি সলনি হ'ল। আমিবোৰো সলনি হ'লো। আমাৰ মানসিকতা সলনি হৈ আগতকৈ বহু ব্যক্তিকেন্দ্রীক আৰু বস্তবাদী হ'ল। তথাকথিত প্রগতিৰ লগতে বাঢ়িল সীমা চেৰাই যোৱা অমানৱীয়, অকল্পনীয় হিংসুক ঘটনাবোৰৰ পৰিধি। নতুনকৈ অসমীয়া জনমানসত সন্ধিয়াৰ ৭ৰ ব্রেকিং নিউজেৰে  অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হোৱা টি.ভি চেনেলোবোৰে দাম্ভিকতাৰে দেখুৱাবলৈ ল'লে এই ঘটনাবোৰৰ "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট"বোৰ। হৃদয় বিদাৰক ঝংকাৰ হত্যাৰ ফুটেজ, ধেমাজীত কিছুবছৰৰ আগয়ে এজনী ছোৱালীক ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এদল যুৱকৰ মবাইল ফুটেজ, পিকনিক খাবলৈ যোৱা এডল যুবকে এহাল যুবতিক অৰ্ধ উলংগ কৰা মবাইল ফুটেজ, জাগীৰোদত এটি কণমানি হাতী পোৱালীক পুলিচৰ উপস্থিতিত গঞাই হানি-খূচি হত্যা কৰা ভিডিঅ ফুটেজ, নাহৰ ফুটুকীক পলকতে টুকুৰাটুকুৰ কৰা ভিডিঅ ফুটেজ আদিবোৰ প্রথমে আৰু বাৰংবাৰ সম্প্রচাৰ কৰাৰ  গৌৰৱ অৰ্জনৰ প্রতিযোগিতাত ডুব যোৱা নিউজ চেনেলবোৰে প্রকাৰন্তৰে মই বাস কৰা সমাজখনৰে যেন এক নতুন অথচ ভয়াবহ স্বৰূপক উদঙাই দিলে।  এইখিনিতে এই কথাটোও উনুকীয়াই দিওঁ যে আমাৰ সকলোৰে মনত এতিয়াওঁ সজীৱ হৈ থকা 'জি.এচ. ৰ'ড কাণ্ড'ৰ  "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট" বনাবলৈ যোৱা এটা কাণ্ডজ্ঞানহীন আগশাৰীৰ চেনেল কিদৰে জনৰোষত পৰি  সৰ্বশ্রান্ত হোৱাৰ পৰা যেনেতেনে ৰক্ষা পৰিছিল। 

আজিৰ পৰা প্রায় এটা দশক পূৰ্বে যি হিংসুক ভিডিঅ' ফুটেজে মোৰ দেহ মন কঁপাই তুলিছিল তেনে সমধৰ্মী ভিডিঅ' আজি প্রায় প্রতিদিনৰ বাতৰিৰে  মূখ্য আকৰ্ষণ হ'ল। ক'ৰবাত চোৰ , ক'ৰবাত ডকাইত, ক'ৰবাত ডাইনী, কৰবাত তেলচোৰ, কৰবাত প্রেম বিবাদ, কৰবাত সোপাধৰা, কৰবাত উলংগ মানব ওলাইছে। বচ, এজাক মানুহ আহিল, দোষিক (???) ধৰিলে। শাস্তি স্বৰূপে মৰিয়াই মৰিয়াই মাৰি পেলালে বা মূমূৰ্ষ অবস্থাত পেলাই থৈ গ'ল।  বহু ক্ষেত্রত এই কাণ্ড কেমেৰাৰ সমূখতে ঘটাও আমি দেখো। সৰহসংখ্যক ঘটনাতে আইনীভাবে দোষ বিচাৰ কৰাৰ আগতেই দোষিক ৰাজহুৱাকৈ এনে শাস্তি দিয়া হয় যে আইন দূৰৈৰ কথা পুলিচ আহি পোৱাৰ বহু আগতেই প্রাণবায়ু ওলাই যায় ধৰা পৰাজনৰ। অলপতে তেজপুৰ আৰু দাতিঁকষৰীয়া অঞ্চলসমূহত 'উলংগ বাবা'ৰ নামত মানসিক বিকাৰগ্রস্থজনৰ লগতে বহু নিৰীহ ৰাজহুৱা প্রহাৰৰ মিছাতে চিকাৰ হ'ব লগা হ'ল। একেদৰে কাচাৰত এটা সপোনৰ আলমতেই এজনক হত্যা কৰি উৰে ৰাতি আদিম-আসুৰিক নৃত্য কৰিলে গঞাই।

এতিয়া প্রশ্ন হয় তালিবানৰ কঠোৰতাক সততে সমালোচনা কৰা আমাৰ সমাজখন তালিবানি মানসিকতাৰ পৰা কিমান দূৰৈত? বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ব্যবস্থাৰ ন্যায় প্রক্রিয়াৰ সৱল উপস্থিতিক নস্যাৎ কৰি  সজ্-অসজ্, উচিত-অনুচিতৰ বিচাৰৰ জিম্মা ৰাইজে নিজ হাতত তুলি লৈ কোনো ব্যক্তিক মৃত্যুদণ্ড বা ৰাজহুৱাভাবে অমানুষিক শাস্তি দিয়াৰ দৰে ঘটনাই প্রকৃততে কি প্রমাণ কৰিছে? এই ঘটনাবোৰ  বছৰৰ বাৰেমাহে এশএবুৰি সমস্যাত বুৰ গৈ থকা থকা ৰাইজৰ ক্ষোভৰ বৰ্হিঃপ্রকাশ নেকি? নে আমাৰ লেহেমীয়া আৰু অজস্র সুৰুঙা থকা  ন্যায় প্রক্রিয়াৰ প্রতি ৰাইজৰ এইয়া মুকলি দৃষ্টান্তমূলক বিৰোধাভাষ। কাৰণ লাগিলে যিয়েই নহওঁক, নতুনকৈ ৰাইজৰ মাজত গঢ়লৈ উঠা এই তালিবানি মনোবৃত্তি কেতিয়াও গ্রহণযোগ্য নহয়  আৰু ই কেতিয়াও এখন সভ্য সমাজৰ পৰিচায়ক হ'ব নোৱাৰে। আইন হাতত তুলি লোৱাতো এক অপৰাধ বুলি জানিওঁ 'তথাকথিত সমাজপ্রদত্ত ৰাজহুৱা শাস্তি'ৰ দৃষ্টান্তবোৰত আইন হাতত তুলি লবলৈ কোনেও কুন্ঠাবোধ নকৰা কথাটোয়ে প্রচলিত আইনী ব্যবস্হাৰ দুৰ্বলতাকে উদঙাই দিছে বুলি পতিয়ন যোৱাৰ বাদে গত্যান্তৰ নাই।



আজি কালি প্রায়ে দেখি থকা হত্যা হিংসাৰ ফুটেজবোৰ দেখিলে সততে মনত পৰে তালিবানি ভিডিঅটি দেখি মনে মনে ভগবানক এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে দিয়া ধন্যবাদটিৰ কথা