কেইবাবছৰ আগৰ কথা। বন্ধু এজনে তেখেতৰ কম্পিটাৰত তালিবানে এজন মানুহৰ ডিঙি ৰেপি ৰেপি হত্যা কৰাৰ এক ভয়ানক ভিডিঅ' ফুটেজ মোক অকস্মাৎ দেখুৱাই দিছিল। হয়তো মাৰ্কিন সাংবাদিকজনৰ গোটেই বিশ্বকে জোঁকাৰি যোৱা ভিডিঅ'তো আছিল সেইটো। কেতিয়া কল্পনা নকৰা এক ঘটনাৰ বাস্তব চিত্রণ দেখি কি অনুভৱ কৰিছিলো ভাষাৰে হয়তো বুজাব নোৱাৰিম। বহুদিন এক অবাঞ্ছিত মানসিক স্থিতিত কঁটালো। খাওঁতে, বহোতে,শুওঁতে কেৱল মনলৈ সেই ভয়ানক দৃশ্যটি বাৰে বাৰে বহু দিনলৈ আহি থাছিল। মনে মনে ভগবানক ধন্যবাদো দিছিলো তেনে এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে। সময়ৰ লগত কথাটো লাহে লাহে পাতলিল।
যোৱা এক ডেৰ দশকত পৃথিবীখন বহু বেছি সলনি হ'ল। আমিবোৰো সলনি হ'লো। আমাৰ মানসিকতা সলনি হৈ আগতকৈ বহু ব্যক্তিকেন্দ্রীক আৰু বস্তবাদী হ'ল। তথাকথিত প্রগতিৰ লগতে বাঢ়িল সীমা চেৰাই যোৱা অমানৱীয়, অকল্পনীয় হিংসুক ঘটনাবোৰৰ পৰিধি। নতুনকৈ অসমীয়া জনমানসত সন্ধিয়াৰ ৭ৰ ব্রেকিং নিউজেৰে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হোৱা টি.ভি চেনেলোবোৰে দাম্ভিকতাৰে দেখুৱাবলৈ ল'লে এই ঘটনাবোৰৰ "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট"বোৰ। হৃদয় বিদাৰক ঝংকাৰ হত্যাৰ ফুটেজ, ধেমাজীত কিছুবছৰৰ আগয়ে এজনী ছোৱালীক ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এদল যুৱকৰ মবাইল ফুটেজ, পিকনিক খাবলৈ যোৱা এডল যুবকে এহাল যুবতিক অৰ্ধ উলংগ কৰা মবাইল ফুটেজ, জাগীৰোদত এটি কণমানি হাতী পোৱালীক পুলিচৰ উপস্থিতিত গঞাই হানি-খূচি হত্যা কৰা ভিডিঅ ফুটেজ, নাহৰ ফুটুকীক পলকতে টুকুৰাটুকুৰ কৰা ভিডিঅ ফুটেজ আদিবোৰ প্রথমে আৰু বাৰংবাৰ সম্প্রচাৰ কৰাৰ গৌৰৱ অৰ্জনৰ প্রতিযোগিতাত ডুব যোৱা নিউজ চেনেলবোৰে প্রকাৰন্তৰে মই বাস কৰা সমাজখনৰে যেন এক নতুন অথচ ভয়াবহ স্বৰূপক উদঙাই দিলে। এইখিনিতে এই কথাটোও উনুকীয়াই দিওঁ যে আমাৰ সকলোৰে মনত এতিয়াওঁ সজীৱ হৈ থকা 'জি.এচ. ৰ'ড কাণ্ড'ৰ "লাইভ এণ্ড এক্সক্লুচিভ ৰিপৰ্ট" বনাবলৈ যোৱা এটা কাণ্ডজ্ঞানহীন আগশাৰীৰ চেনেল কিদৰে জনৰোষত পৰি সৰ্বশ্রান্ত হোৱাৰ পৰা যেনেতেনে ৰক্ষা পৰিছিল।
আজিৰ পৰা প্রায় এটা দশক পূৰ্বে যি হিংসুক ভিডিঅ' ফুটেজে মোৰ দেহ মন কঁপাই তুলিছিল তেনে সমধৰ্মী ভিডিঅ' আজি প্রায় প্রতিদিনৰ বাতৰিৰে মূখ্য আকৰ্ষণ হ'ল। ক'ৰবাত চোৰ , ক'ৰবাত ডকাইত, ক'ৰবাত ডাইনী, কৰবাত তেলচোৰ, কৰবাত প্রেম বিবাদ, কৰবাত সোপাধৰা, কৰবাত উলংগ মানব ওলাইছে। বচ, এজাক মানুহ আহিল, দোষিক (???) ধৰিলে। শাস্তি স্বৰূপে মৰিয়াই মৰিয়াই মাৰি পেলালে বা মূমূৰ্ষ অবস্থাত পেলাই থৈ গ'ল। বহু ক্ষেত্রত এই কাণ্ড কেমেৰাৰ সমূখতে ঘটাও আমি দেখো। সৰহসংখ্যক ঘটনাতে আইনীভাবে দোষ বিচাৰ কৰাৰ আগতেই দোষিক ৰাজহুৱাকৈ এনে শাস্তি দিয়া হয় যে আইন দূৰৈৰ কথা পুলিচ আহি পোৱাৰ বহু আগতেই প্রাণবায়ু ওলাই যায় ধৰা পৰাজনৰ। অলপতে তেজপুৰ আৰু দাতিঁকষৰীয়া অঞ্চলসমূহত 'উলংগ বাবা'ৰ নামত মানসিক বিকাৰগ্রস্থজনৰ লগতে বহু নিৰীহ ৰাজহুৱা প্রহাৰৰ মিছাতে চিকাৰ হ'ব লগা হ'ল। একেদৰে কাচাৰত এটা সপোনৰ আলমতেই এজনক হত্যা কৰি উৰে ৰাতি আদিম-আসুৰিক নৃত্য কৰিলে গঞাই।
এতিয়া প্রশ্ন হয় তালিবানৰ কঠোৰতাক সততে সমালোচনা কৰা আমাৰ সমাজখন তালিবানি মানসিকতাৰ পৰা কিমান দূৰৈত? বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ব্যবস্থাৰ ন্যায় প্রক্রিয়াৰ সৱল উপস্থিতিক নস্যাৎ কৰি সজ্-অসজ্, উচিত-অনুচিতৰ বিচাৰৰ জিম্মা ৰাইজে নিজ হাতত তুলি লৈ কোনো ব্যক্তিক মৃত্যুদণ্ড বা ৰাজহুৱাভাবে অমানুষিক শাস্তি দিয়াৰ দৰে ঘটনাই প্রকৃততে কি প্রমাণ কৰিছে? এই ঘটনাবোৰ বছৰৰ বাৰেমাহে এশএবুৰি সমস্যাত বুৰ গৈ থকা থকা ৰাইজৰ ক্ষোভৰ বৰ্হিঃপ্রকাশ নেকি? নে আমাৰ লেহেমীয়া আৰু অজস্র সুৰুঙা থকা ন্যায় প্রক্রিয়াৰ প্রতি ৰাইজৰ এইয়া মুকলি দৃষ্টান্তমূলক বিৰোধাভাষ। কাৰণ লাগিলে যিয়েই নহওঁক, নতুনকৈ ৰাইজৰ মাজত গঢ়লৈ উঠা এই তালিবানি মনোবৃত্তি কেতিয়াও গ্রহণযোগ্য নহয় আৰু ই কেতিয়াও এখন সভ্য সমাজৰ পৰিচায়ক হ'ব নোৱাৰে। আইন হাতত তুলি লোৱাতো এক অপৰাধ বুলি জানিওঁ 'তথাকথিত সমাজপ্রদত্ত ৰাজহুৱা শাস্তি'ৰ দৃষ্টান্তবোৰত আইন হাতত তুলি লবলৈ কোনেও কুন্ঠাবোধ নকৰা কথাটোয়ে প্রচলিত আইনী ব্যবস্হাৰ দুৰ্বলতাকে উদঙাই দিছে বুলি পতিয়ন যোৱাৰ বাদে গত্যান্তৰ নাই।
আজি কালি প্রায়ে দেখি থকা হত্যা হিংসাৰ ফুটেজবোৰ দেখিলে সততে মনত পৰে তালিবানি ভিডিঅটি দেখি মনে মনে ভগবানক এখন নিষ্ঠুৰ মানুহৰ দেশত জন্ম নিদিয়াৰ বাবে দিয়া ধন্যবাদটিৰ কথা
No comments:
Post a Comment