Saturday, November 8, 2014

দৃষ্টিকোণ

"শিল্পী এজনৰ প্রতি শ্রদ্ধা বা তেওঁক কিদৰে সন্মান জনাব লাগে সেইটো যুক্তিৰে অবধাৰিত কৰা বিষয় নহয়। ই এক স্বতঃস্ফূৰ্ট ব্যক্তিকেন্দ্রিক আত্মপ্রকাশ। এই শ্রদ্ধা বা সন্মান বা ইয়াৰ বিনস্তৰ পৰা হ'ব পৰা ভবিষ্যতৰ সাংস্কৃতিক ক্ষতিৰ গভীৰতা বুজিবৰ বাবে উচ্চ শিক্ষিত বা তথাকথিত 'চোকা'ও হ'ব নালাগে, লাগে অলপ সাধাৰণ জ্ঞান আৰু এটা নিৰপেক্ষ, স্বচ্চ, 'বহল'- সাংস্কৃতিক মন। নতুন অসমীয়াৰ' চিনথেটিক মন আৰু চিন্তাবোৰ' নিপাত যাওঁক................"আকৌ নতুন প্রভাত হ'ব' যি প্রভাতৰ আভাত কেৱল ৰাণাদাৰ কন্ঠ সময় থকালৈকে উজলি থাকিব......"।

"দ্যা ৰাইজিং ডিকটেটৰ অফ্ মিউজিক"

 আজিকালি যিকোনো বিষয়ৰ বিশেষজ্ঞ ফেচবুক-ত ইমান বেছি যে ক'তো মাত নমতা হ'লো। কিন্তু ৰাণাদাৰ কথা যিহেতু আহিলত্ সেয়ে দুটামান কথা ন'কলে মনতোত ক্ষোভে ওণ্ডোলাই থাকিব-- 

১) জুবিনে প্রায় ২৫ বছৰ সময় অসমীয়া সংগীতজগত খনত থাকিওঁ ৰাণা দাৰ সত্তাক বুজি নাপালে আৰু সন্মান যঁচাৰ নামত চিৰনমস্য সুৰকাৰজনৰ নাম বিৰ্তকেৰে সাঙুৰিলে।

২) ৰাণা দাৰ প্রতি ন্যনুতম শ্রদ্ধা থকা হ'লে জুবিনে অন্ততঃ এইক্ষেত্রত বিৰ্তকৰ অৱকাশ নাৰাখিলে হেতেন আৰু পালন কৰিবলগীয়া সকলো নিয়মনীতিৰ মাজেৰে প্রজক্টটোৰ আৰম্ভণিকৰিলেহেতেন।

৩) মণিষা বাইদেউৰ কথা-বতৰা, শ্রদ্ধা-ভক্তি সকলো একাষৰীয়া কৰি এষাৰ কথা কওঁ যে একমাত্র বাইদেউৰ ঐকান্তিক প্রচেষ্টাৰ বাবেহে ৰাণাদাৰ গীতবোৰৰ অৰিজিনেল ট্রেকআজিওঁ বজাৰত CD ৰূপে উপলব্ধ।

৩) মই ময়ূখ দাক প্রায় ২ বছৰ আগতেই ৰাণাদাৰ গীত ৰি-ৰেকৰ্ড কৰা বিষয়ক প্রশ্নতৰ উত্তৰত ময়ূখ দাই কোৱা কথাখিনি তলত দিলো-

"Ractim hi, thank you so very much for asking an extremely pertinent and responsible question. Yes, one needs to seek permission from the recording company ( in this case, HMV ) and they don't encourage it. It is a decision that has been collectively taken by them, me and my mother in order to preserve his original work. Aberrations have taken place a few times but we have had to put an end to it purely in order to ensure that the next generation of Assamese get to hear and learn only from the original versions. Do feel free to ask if you have anything else in mind......But I will request great lovers of his music like you to spread the word around. " 

৪) জুবিনে মণিষা বাইদেউক 'মোৰ মিনতি'ৰ প্রজেক্ট শেষ হোৱাৰ পিছত আৰু ভিডিঅ' কাম চলি থাকোতে খৱৰ দিছিলে। মোৰ DY 365ৰ জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিৰ দিনাঅনুষ্ঠানত জে.পি. দা, মণিষা বাইদেউৰ লগত এই বিষয়ত বহুপৰ কথা হৈছিলো আৰু জুবিনৰ এই বিষয়ক বহু বদ-হজমি কথা প্রমাণসহ গম পাইছিলো (যিবোৰ মই এই মঞ্চতনকওঁ)। ইন্টেলেকচ্যুৱেলৰ কথাৰে 'সৃষ্টিৰ কীটৰ দংশনৰ' ফৰ্মূলাকো কাৰক হিচাপে এই দিশত মই নচাৎ কৰো।

৬) ....আৰু জুবিনৰ এই কামত সমৰ্থন থকা অনুগামীসকলক জনাব বিচাৰো আপোনালোকে প্রথমে ৰাণাদাৰ গীত আৰু সুৰৰ গভীৰতাক উপলব্ধি কৰিবলৈ যত্ন কৰক, ৰাণাদাকউপলব্ধি কৰক আৰু তাৰ পিছত কথাবোৰ ভালকৈ বুজি লৈ নিজৰ মত দিয়ক। জুবিনৰ ভুলবোৰক ভাল বুলি কৈ থকাজন জুবিনৰ অনুগামী নহয় ঘাটকহে। জুবিনৰ গীতক ভালপোৱা আৰু ৰাণাদাৰ প্রতি দেখুওৱা অসন্মানৰ প্রতি সমৰ্থন দুটা ভয়ংকৰ স্ব-বিৰোধি আত্মস্থিতি।

৭) ৰাণা দা- ভূপেন দা নহয়, ৰাণা দা-মহম্মদ ৰফি বা কিশোৰ কুমাৰো নহয়, ৰাণা দা ৰাণা দাই আৰু সেই কথা আমি 'অসমীয়া-অসমীয়া' বুলৈ কৈ থকাখিনিয়ে অন্ততঃ ভালকৈ বুজিবলাগিছিলে আৰু এই ক্ষেত্রত বিতৰ্কৰ অৱকাশ ৰাখিব নালাগিছিলে।

৭) জুবিনলৈ মোৰ এটাই সৰল প্রশ্ন - "সকলো কথাতে কিহৰ ইমান অসভ্যালি ??? বিৰ্তক তোমাৰ নিচা। কিন্তু ৰাণা দা????"


"মৰমৰ ৰাণা দা, 

সময় সলনি হৈছে, গীত সলনি হৈছে, শ্রোতাওঁ সলনি হৈছে......
সলনি হৈছে অসমীয়া কিন্তু তুমি চিন্তা নকৰিবা আমি আছো আৰু
আমি থকালৈকে আমাৰ কলিজাৰ প্রতিটো স্পন্দনত বাজি থাকিব
তোমাৰ মিঠা গীত। "


-ৰক্তিম-




pic source: www.bipuljyoti.in

Tuesday, October 21, 2014

'শিলে শিলে'- গীত

ভালুকপুং গৈছিলো আজি, প্রকৃতিৰ মাজত অলপ সময় কটাবলৈ, গীত গাবলৈ।১২ বছৰ পুৰণি মোৰ গীত এটি সাধাৰণভাবে ৰেকৰ্ড কৰি পেলালো। কৰ্ডৰ অলপ খেলি মেলি হৈছে যদিও শুনিব পৰা হোৱা বুলি ভাৱ হোৱাত গীতটি  ৰাইজলৈ আগবঢ়ালো, এক সুদীৰ্ঘ বিৰতিৰ অন্তত। ভাল পালে সুখী হ'ম..... 

(C) ractim goswami

Friday, October 3, 2014

হেপল'গ্রুপ আৰু ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰৰ এজাক ক'লা বিষাক্ত পৰুৱা

মাটিৰ টুকুৰাবোৰ থাৰম'কলৰ দৰে পানীত উপঙি ফুৰে। ৰুটিৰ টুকুৰাত আশ্রয় আৰু খাদ্য দুয়োটাৰ সন্ধানত থুপ খোৱা এজাক ক'লা বিষাক্ত পৰুৱা। নিজৰ ভাগ বিচাৰি কৰা অন্তহীন যুঁজৰ পৰিণতিত চিৰাচিৰ হোৱা ক্ষুদ্র ক্ষুদ্র ৰুটিৰ টুকুৰাত, X আৰু Y ক্র'মজ'মৰ উপস্থিতিৰে সমৃদ্ধ সৰু সৰু একোটা পৰুৱাৰ দলে নিজৰ একোখনকৈ পৃথিৱী গঢ়াত মনোনিবেশ কৰিলে। এক ভয়ানক কম্পনত এক সমৃদ্ধ পৃথিবী সামৰি ৰখা টুকুৰাবোৰ আকৌ চিটিকি আহি একলগ হ'ল। X আৰু Y ক্র'মজ'মবোৰ বিস্ফোৰণ হৈ যেনি তেনি সিঁচৰিত হৈ পৰিল।

এডাম, ঈভৰ পাপৰ পৰিণাম নেকি এইয়া? এনেকৈনো ধ্বংস হয় নে কষ্টৰে গঢ়া একোখন পৃথিবী? আহ্...প্রভু ৰামচন্দ্রৰ সংসাৰৰ বৃত্তান্তত লুকাই আছে নেকি নুশুকুৱা ৰক্তাভ নাভী? নাঃ নাঃ এইবোৰ আবেগ। বি প্রেকটিকেল... ডাৰউইনবাদ, বাস্তববাদ, বিবৰ্তনৰ বুকুতে সকলো সংশয় সমাধিস্থ। ডাৰউইনবাদ, বেদ, ৰামায়ণ, ধৰ্মাৱতাৰ পাপমোচনকাৰী যিশু এই সকলো মানিলেওঁ হ'ম 'কাফেৰ'। ব্রহ্মাণ্ডই ধৰ্ম? নে ৰুটিটুকুৰাবোৰ? নে X আৰু Y ক্র'মজ'মৰ নাঠঙ উণ্ডাম নৃত্য যি নৃত্যৰ আঁৰত লুকাই আছে প্রতিজন ধৰ্মাৱতাৰৰ সৃষ্টিৰ ৰহস্য, ৰহস্য একোখন দেশৰ, একোটা জাতি-জনজাতিৰ, জনগোষ্ঠীৰ।

মোৰ আদিপুৰুষ আৰু তোমাৰ আদিপুৰুষ একেই। দুয়ো বিজুলীৰ চিকমিকনিত একেটা গুহাটে কুচিমুচি খাই সোমাই আছিল কোনোবা কালৰাত্রিত। একেজনী হৰিণীৰে কেঁচা মঙহ চোবাইছিল। একে ভাষাই কৈছিল। বুদ্ধি উদয় হ'ল,

সেয়ে তুমি ইজৰাইলত, মই পেলেষ্টাইনত, 
মই আমেৰিকাত, তুমি আফগানিস্থানত, 
মই ভাৰতত তুমি পাকিস্থানত।


পৰুৱাবোৰে X আৰু Y ক্র'মজ'মৰ পুণৰ যোৰা পাতিছে ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰত।

নষ্ট্রড'মাচে কৈছে এক ভয়ানক কম্পন আকৌ হ'ব...


-ৰক্তিম-
০৩ অক্টোবৰ/১৪
তেজপুৰ

Tuesday, September 30, 2014

কনফুচিয়াচ, বুদ্ধ আৰু এজাক কুকুৰ - যাযাবৰৰ দিনলিপি (১৫)


আকৌ আহিল কনফুচিয়াচ। কাজিয়াত লিপ্ত দুটা কুকুৰক ক'লে "পৰাজিত হৈওঁ পুণৰ যুঁজ দিবলৈ মন বান্ধিব পাৰতহে প্রকৃত জয়"। কনফুচিয়াচৰ জ্ঞানেৰে বিমুগ্ধ দুয়োটা কুকুৰে প্রকৃত জয় প্রাপ্তিৰ সন্মোহনত পলকতে পৰাজয় বৰণ কৰি পুণঃ পুণঃ বাৰ কাজিয়াত লিপ্তহৈ অবশেষত ইহঃ সংসাৰৰ পৰা মেলানি মাগিলে। সিঁহতৰ যুঁজৰ কোৰ্হালত প্রাণ যাওঁ যাওঁ হোৱা কনফুচিয়াচে সিহঁতৰ নিঠৰ দেহৰ নিস্তব্ধতাত মগন হৈ ক'লে, "মৌনতই আমাৰ প্রকৃত বন্ধু যি কেতিয়াওঁ আমাক বিশ্বাসঘাটকতা নকৰে।" আৰু ঈশান দিশলৈ গতি কৰিলে কাজিয়াত লিপ্ত আন দুটা কুকুৰৰ সন্ধানত। বাটত লগ পোৱা এটা পিঞ্জৰাবদ্ধ পিশাচক জ্ঞান বিলাবলৈ, অজ্ঞতাৰ আন্ধাৰ আঁতৰাবলৈ দৃঢ়মনা কনফুচিয়াচে ক'বলৈ নাপাহৰিলে, "প্রকৃত জ্ঞান নিজৰ অজ্ঞতাত আবিষ্কাৰ কৰিব পৰা ক্ষমতাত পূঞ্জীভূত।" 

বহু দিনলৈ কনফুচিয়াচ উটি বুৰি ফুৰিল সাগৰত, মহাসাগৰত, নদীত, পুখুৰীত আৰু মন কৰিলে সকলো পানীৰ ৰং বেলেগ বেলেগ। যিমান বিশাল, সিমান নীলা। বেলেগ বেলেগ ৰংৰ এই পানীবোৰ যদি একেলগ কৰি দিয়া??? এক নতুন ৰংৰ পানী উদ্ভাৱনৰ আনন্দত কনফুচিয়াচে উৰে নিশা মদ খালে আৰু বাৰংবাৰ উদ্বাউল হৈ চিঞৰি কৈ গ'ল," জীৱনটো সৰল, আমি জীৱনটোক স্ব-ইচ্ছাৰে জটিল কৰি পেলাওঁ" ..আৰু পুৱতি নিশা কনফুচিয়াচ শুই পৰিল..কুকুৰ দুটাওঁ ইতিমধ্যো মাটিত বিলীন হৈছিল।

গোলকৰ আন এক প্রান্তত বুদ্ধ সাৰে আছিল আৰু শিষ্যসকলক কৈছিল, " সুস্বাস্থ্য আহৰণ কৰাটো আমাৰ কৰ্ত্তব্য অন্যথা আমাৰ মন ও মগজু সদায় দুৰ্ব্বল আৰু অপৰিপক্ক হৈ ৰ'ব।" বুদ্ধৰ কথা কনফুচিয়াচৰ কাণত ঝংকাৰিত হ'ল আৰু ততাতৈয়াকৈ উঠি ঢলংপলংকৈ সাগৰফালে খোজ ল'লে। পিঞ্জৰাবদ্ধ পিশাচটোৰ ডাঙৰ ডাঙৰ হাঁহি কনফুচিয়াচৰ কাণত পৰিল। কনফুচিয়াচৰ খোজ দ্রুততৰ হ'ল। 

সাগৰৰ নীলা ঢাকি এজাক হিংসুক কুকুৰ কনফুচিয়াচ অভিমুখে আগবাঢ়ি আহিল...

Sunday, April 27, 2014

ৰংমন গ'লগৈ

নতুন প্রজাপালকে এপাট কাণতালিয়া চৰ দি জধামূৰ্খ ব্রহ্মাক কাণ্ড জ্ঞানহীনতাৰ দোষত দোষাৰোপ কৰি দিলে গ্রহমুক্তি। নতুন গ্রহত Head-Creative Designer পদটিৰ লগত ডিপাৰ্টমেন্টটিওঁ লগতে চিৰকালৰ বাবে উঠাই দিয়া হ'ল।

ব্রহ্মাৰ এই দশাত হৰ্ষোল্লাহত বিভোৰ হোৱা প্রজাগণে "হেইল প্রজাপালক, হেইল প্রজাপালক"বুলি চিঞৰি উঠিল।

সাহিত্য প্রীতিৰ বাবে সৰ্বগ্রহে বিখ্যাত এই প্রজাপালকে ক্রোধেৰে চিঞৰি কবলৈ ধৰিলে-
"ব্রহ্মাৰ ভুল,অতি ভয়ংকৰ। সৃষ্টিৰ আদিতে কৰা ভুলে সৰ্বত্র বিনাশ সৃষ্টি কৰিলে। সময়ে শোকৰ সাজেৰে তেজৰ,জুইৰ, মৃতকৰ...একাষাৰত নৃশংসতাৰ বন্যা বোয়ালে। এক আকাংশিত প্রত্যুস, অন্তহীন উৎকন্ঠা আৰু সৰ্বত্র প্রবিষ্ট এক অপ্রতীয়মাণ বাৰ্মুডা। "

প্রজাগণে প্রজাপালকৰ কথা শেষ হোৱাৰ আগতেই চিঞৰ, জয় ধ্বনিৰে আকাশপাতাল এক কৰিলে। মুঠতে এক যুদ্ধ সদৃশ পৰিস্থিতি।

প্রজাপালকে উদাত্ত কন্ঠেৰে আকৌ আৰম্ভ কৰিলে-

"Science is the criminal. History is weapon". সেয়ে প্রলম্পিত ঢৌৰ দৰে সময়ৰ ৰথত বহু কৌটি আলোকবৰ্ষৰ অন্তত পুনঃআৰম্ভ নতুনৰ। আমি প্রথম,আমাৰ অধিকাৰ সৰ্বত্র, আমি সেউজ, আমি উদাৰ, আমাৰ হাতত প্রমাদমুক্ত প্রকৃতি। ব্রহ্মা তোৰ ক্ষমা নাই জিঘাংসাৰ বোক্ বোকনিৰে অক্সিজেনবোৰ টক্সিক কৰা ষড়যন্ত্র তোৰ আছিল বুলি এতিয়া প্রমাণিত। এতিয়া এডাল মাধৈলতাওঁ তোক আৰু তোৰ সৃষ্টিক চুব নিদিওঁ।  আমাৰ আইন এতিয়া কঠোৰ, কাঢ়া, মানবীয়।"

প্রজাপালকে এইবাৰ সেনাপতিলৈ চাই আদেশসূচক ভাবে ক'লে

"সেনাপতি,পলম নকৰাকৈ কৈ যোৱা তুমি কি কি ব্যবস্থা হাতত লৈছা।"


যি আজ্ঞা প্রজাপালক বুলি সেনাপতিয়ে আৰম্ভ কৰিলে-


"এই আকাশত আমি দিম কেৱল তেজ মঙহৰ পক্ষী উৰাৰ আদেশ। মাতংগৰ জাকক নোৱাৰিব মাৰিব কোনো লোৰ অজগৰে। পিন্ধোৱা ন'হব কাকো লোৰ শৃংখল।"
সেনাপতিয়ে এইবাৰ আক্ষেপ আৰু ক্রোধমিশ্রিত দৃষ্টিৰে ব্রহ্মালৈ চাই ক'লে-
"দুষ্ট ব্রহ্মা, আমালৈ চকু দিয়াহতঁক তোৰ দৰে গ্রহান্তৰ কৰিম অথবা মৃত্যুদণ্ডৰে দণ্ডিত কৰিম নাইবা শূলত দিম । মই দৃঢ় প্রতিজ্ঞ প্রতিটো অন্যায়ৰ প্রতিশোধ লবলৈ। জাতিংগা, ডেনমাৰ্ক, চীন, চিংগাপুৰ, কাজিৰঙা, মানাহ, হত্যাকাৰী খেলুৱৈবোৰ, তপত কেঁচা তেঁজ বৈ থকা পবিত্র পূঁজাবোৰ, ডাঙৰ ডাঙৰ চহৰৰ ওখ ওখ অট্টালিকাত আমাৰ ছাল নিজৰ ছালত বিলীন কৰি আমাৰ হৈ মাত মতাজাঁক তোৰেই জানো সৃষ্টি নাছিল, চণ্ডাল ব্রহ্মা? আলহী খাবলৈ অহাহঁতক, পেটমঁচাহতক এনে জ্ঞান বুদ্ধি দিলি যে এসমত প্রেমত ঘুৰা সেই ভূ-মণ্ডল,সেই শতদল সকলো ফাই চিটিকা মাৰিলে,চাৰখাৰ হ'"

 তেনেতে মহামন্ত্রী উঠি ক'বলৈ ল'লে-

"সকলোৱে এতিয়াৰ পৰা  এটা কথা মনত ৰাখিব লাগিব যে সৃষ্টিৰ পুনঃআগমণ হৈছে। এইয়া আমাৰ নতুন গ্রহ, নতুন প্রকৃতি আমাক এইবাৰ এই গ্রহত কোনো দুঠেঙীয়া বুদ্ধি দীপ্ত জীৱৰ প্রয়োজন নাই। এই কথাওঁ লগতে ক'লো যে কোনোৱে যদি কৰোবাত কেনেবাকৈ এনে বিৰ্বতনৰ উমান পায় ততাতৈয়াকৈ তাক যাতে বিনাশ কৰে ভুলৰ পুণৰাবৃত্তি নকৰাকৈ। সিহত থাকিলেহে প্রতিশোধৰ কথা আহিব। আমি সিহতৰ অস্বিত্বই বিলীন কৰিম এইবাৰ।"

এই কথাত দশোদিশ আনন্দত তালফাল লাগিল। গান-বাজনা, ঢোল-তাল, জয়ধ্বনি ইত্যাদি ইত্যাদি। মুঠতে এইবাৰ এই নতুন গ্রহত মানবজাতিৰ বিৰুদ্ধে এক ভয়ানক অভ্যুথ্থান। পৃথিবী নামৰ গ্রহটিত কেনেকৈ মানুহে জীৱজন্তু আৰু প্রকৃতিৰ ওপৰত বৰ্বৰতাৰে আক্রমণ চলাই সকলোকে নিঃশেষ কৰি শেষত নিজৰেই ভয়ানক দুতৰ্  মাতিছিল, সেই কথা সকলোৰে ভালকৈ জ্ঞাত গতিকে একে কাহিনীৰ পুণৰাবৃত্তি এই গ্রহত হ'বলৈ দিয়া ন'হব। মানব বৰ্জিত বা মানবলুপ্ত বা ইংৰাজীত 'Humanfree Planet' হব এইটো।

প্রতিশোধ, প্রতিশোধ,প্রতিশোধ, ঘোৰ প্রতিশোধ..

সু...ই...ট....

নতুন গ্রহৰ ৰজা হৈ মানবমুক্ত সমাজৰ সপোনত বিভোৰ হৈ থকা ৰংমনৰ কাণৰ কাষেৰে প্রচণ্ড শব্দ কৰি পাৰ হৈ যোৱা বুলটোৰ উমান পায় তাৰ থৰকাচুটি হেৰাল। এনে  প্রতিটো শব্দৱে তাক প্রতিবাৰে নিথৰুৱা কৰি আহিছে। প্রাণৰ মায়াত ৰংমন আন্ধাৰ ভেদি যেনিতেনি পলাবলৈ চেষ্টা কৰিলে যদিওঁ দ্বিতীয় বুলেটৰ খোচত সি ঢলি পৰিল। মৃত্যু হোৱাৰ পূৰ্বেই তাৰ মুখমণ্ডলৰ এফালচোৱা কাটি মানুহকেইটা উধাওঁ হল।

বাতৰিকাকত,টিভিত ৰংমন এফাল মুখ মণ্ডলসহিতে সম্পূৰ্ণ এটা দিন জিলিকি থাকিলে। ৰংমনে হেনো দেশৰ নাম উজলাইছিল। তাৰ মূৰ্ত্তিটো সেয়েহে এতিয়াওঁ  হেনো চৰকাৰে ৰাজধানী চহৰত সঁজাই থৈছে। ৰংমনক আৰু তাতেই চাব লাগিব, ৰংমনৰ মানবমুক্ত পৃথিৱীযে অসম্ভৱ........



-ৰক্তিম-
২৬ এপ্রিল-১৪

Monday, February 10, 2014

শান্তিৰ আজন্ম ধৰুৱাজন আৰু চক্রেটিচ (যাযাবৰৰ দিনলিপি ১৪)


নাকেৰে ওলাই আহিব ধৰিছে সিহঁতবোৰ। দূৰ্গন্ধ, বিষাক্ত সিহঁতবোৰ। বুকুৰে বাট বুলিব নোৱাৰিলে সিহঁতবোৰে - বুকুতযে প্রেমে কাহানিবাই থিতাপি লৈছিলে। প্রেমৰ পলাতক কয়দীহতৰ আজি মৰণফান্দ। 

সুৰংগৰ দুই মুখ আগছি বাঢ়ি আহিছে হেমলকজোপা। চক্রেটিচ...চক্রেটিচ ধাৰ নোখোৱা তোমাৰ প্রাণবায়ুক পুণৰ মোহাৰিবলৈ গৈ আছে শান্তিৰ এদল আজন্ম ধৰুৱা। শান্তি বিচাৰি ধাৰ কৰিছিল আপং, সাজঁ, হুইস্কী, ৰাম, ভডকা, হিটলাৰ, বিবেকান্দ, মাওঁ, কবি-কবিতা, ছবি, আকাশ, বিশালতা, ৰং, তেজ, এন্ধাৰ সপোন..প্রেম ৱাহ!!! আৰু কত কি। আকাশখন নামি অহাৰ চাপ উপলব্ধি নকৰো বুলিয়েই কৰা নাছিলো। মোক মানুহে বাওঁনা বোলোতে বুজিলো অনুভৱে অজানিতে মোৰ হাড়বোৰ ৰুকি ৰুকি খাই পেলালে। 

জৰাজীৰ্ণতাৰ অলংকাৰেৰে দাপোন সজাব খোজা নাৰ্চিচাচ নেকি মই? না, নহয়। নাৰ্চিচাচ নিজৰ প্রেমত মতলীয়া হৈ আত্মঘাটি হৈছিল আৰু মই আত্মঘাটি হ'ব বিচৰা মতলীয়া প্রেমিক। কিহৰ তন্ময়তাত জাঁহ যায় জাতিংগাত পক্ষীবোৰ? মৃত্যুৰ আনন্দত মতলীয়া সিহতবোৰৰ লগত নিশাৰ আকাশত এবাৰ উৰি চোৱাৰ এক দুৰ্বাৰ হেঁপাহ মোৰ। এন্ধাৰ পোহৰৰ তন্ময়তাত বিলীন হোৱাৰ হেঁপাহেৰে তৃপ্ত মোৰ এক অবৈধ নিঃসংগ বাসনা। 

মহাকাশ তেনেই সৰু। নিজৰ বুকুলৈ জুমি চোৱা গম পাবা কিমান কৌটি কৌটি মহাকাশৰ অমাবশ্যা-পূৰ্ণিমাৰ খেলা। ষ্টিফেন হকিন্সে তলকা মাৰিব চাবা, মই কৈ থ'লো।

নাক মুখ ভেদি ওলাই আহিব খোজা হেমলক জোপা কেতিয়া ইমান ডাঙৰ হ'ল ?  


-ৰক্তিম-
০৯/০২/১৪
তেজপুৰ

এক্রলিকত মোৰ বেশ্যা মৎস্যকন্যাৰ সপোন ( যাযাবৰৰ দিনলিপি ১৩)


বহুদিন হ'ল চিঞৰবোৰৰ গৰ্ভৰ বিননি নুশুনা। প্রসৱবেদনাৰ মধুৰতাৰ অন্তত জন্ম হোৱা অন্তহীন শিলাময় পাহাৰখনৰ উদাসীনতা, ক্লান্তিৰ হাঁহি মৰা তোমাৰ অৰ্ধ-উৰ্ব্বৰ কঁকালৰ দক্ষিণমুৱা পথত হেলনীয়া মৎসকন্যাই লুকুৱাই ৰাখিব বিচৰা মিঠা উচুপনিবোৰ, মদৰ ৰাগীত মোহাৰি পেলোৱা পৃথিবীখনৰ উৰি যোৱা গুড়িবোৰে ফুচফুচাই মোলৈ চাই পাতি যোৱা কথাবোৰক আৰু কিমান সাঁমৰি ৰাখিম?  'হিউ মৰ্গান' মোৰ মৰমৰ 'হিউ' মোৰ মাজতে সোমাই আছা তুমি কৰবাত। 'মিষ্টাৰ গ্রুফিড' মাজে মাজে ভাৱ হয়, আপুনিওঁ মোক বাগি দিলে নেকি বাৰু?  প্রেমৰ বিষয়েনো কি ক'ম মই আপোনাক? 'সুহানী'ৰ বুকুত সুৰ তুলি উঠি আহা তুমি আৰু 'খামাজ'ৰ পৰশৰে সপোন আঁকা। বাকীখিনি সময় মই কাকো নিদিওঁ কাৰণ সেইখিনি সময়ত মই ক্রমাৎ টুকুৰাটুকুৰকৈ জহিখহি গৈ এবুকু লাভাত সাতুৰি নাদুৰী জোৱাৰ তোলো। তাৰ মাজত সময় পালে লিন্দাৰ এক্রলিকৰ নাঙঠ তিৰাতাজনীক নিচুকাবলৈ যাওঁ। তুমি যিমানেই নোকোৱা মই নুবুজো বুলি, মই বুজো- বেশ্যা হলেওঁ তোমাৰ চকুলো লুণীয়া, তেজ ৰঙা, বুকু উমাল, গৰ্ভ পোহৰ। তোমাৰো মন যায় মৰম সনা বিশাল দুবাহুৰ মাজত এটি কণমানি চৰাইৰদৰে কুচিমচিকৈ সোমাই পৰিবলৈ।  ৰ'বা, ভালকৈ শুনাচোন! সেইটো ৰেলগাড়ীৰ শব্দ নহয়নে? মাজনিশাৰ ৰেলগাড়ীখন পথাৰ ফালি ফালি আহি আছে।  তোমাৰ নীলা উজ্বল দুচকু মেলি ৰেলগাড়ীখনক তোমাৰ দুই উৰুৰ মাজেৰে আগুৱাই যোৱাৰ বাট দেখুওৱা। তুমি চাবা! মাৰ্বলৰ টোপোলাটোৰ জনজনজনিবোৰত তেতিয়া সপোন ফুলিব। হাজাৰ বছৰীয়া তৰা এটিৰ মৃত্যুত তুমি শোক নকৰিবা। সেই মৃত্যু তাৰ প্রাপ্য, সেই মৃত্যু তাৰ অধিকাৰ। হীৰু দায়ে যে কৈছিল মনত আছেনে তোমাৰ??- ''মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" কবিতা মোৰ প্রিয়। তাতোকৈ প্রিয় কবি আৰু তাতোকৈ তুমি....মোৰ মৎস্যকন্যা।


-ৰক্তিম-
৩০ডিচেম্বৰ, তেজপুৰ