Tuesday, May 30, 2017

অসমত বিজেপি চৰকাৰৰ এবছৰৰ সম্পূৰ্ণ- মোৰ অনুভৱ

চৰকাৰখনক যোৱা এবছৰ ধৰি পেপাৰে পত্ৰই খুব চোকা সমালোচনা কৰি আহিছো বিশেষকৈ হিন্দু শৰৰ্ণাথী আৰু ধৰ্মীয় কিছু বিষয়কলৈ কিন্তু এবছৰৰ অন্তত এই কথাৰ শলাগ ন'ললে ই পক্ষপাতদুষ্টৰ পৰিচায়ক হ'ব যে যোৱা এবছৰে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে আমি আগেয়ে কেতিয়াও নেদেখা যি এক যুদ্ধ চলাই গৈছে ই সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ৷ অনাগত ৪ বছৰত এই যুদ্ধ আৰু তিব্ৰতৰ হওঁক আৰু তলৰ পৰা ওপৰলৈ সকলো স্তৰতে দুৰ্নীতি বিধ্বস্ত হওঁক৷ দুৰ্নীতিৰ অবিহনেহে উন্নয়ন সম্ভৱ৷ আমি এই (দুৰ্নীতিৰ) ক্ষেত্ৰত আমাৰ ভালৰ বাবে চৰকাৰক হকে-বিহকে সমালোচনা কৰাৰ পৰা এই বাবেই বিৰত থকা উচিত কিয়নো যোৱা কেইবাদশকত হৈ যোৱা বিয়াগোম দুৰ্নীতিৰ আৰ্বজনা কেৱল কেইটামান দিনতে চাফা কৰাতো অসম্ভব বুলি বুজিব পৰা সাধাৰণ ক্ষমতাকণ আমাৰ থকা উচিত৷ বাংলাদেশী হিন্দু- থলুৱাৰ স্বাৰ্থ বিৰোধী কাৰ্য আৰু ধৰ্মীয় সংৰ্কীণতা বিষয়ক যিকোনো কথাত চৰকাৰৰ বিৰুদ্ধাচৰণ কৰো বা কৰি আহিছো কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে চলাই যোৱা চৰকাৰী যুঁজখনত চৰকাৰৰ লগত আছো আৰু তেতিয়ালৈকে থাকিম যেতিয়ালৈকে চৰকাৰ এই যুঁজত নিজ আদৰ্শৰ পৰা বিচলিত হৈছে বুলি পতিয়ন নাযাওঁ৷ এই যুঁজত মই চৰকাৰক 'গ্ৰেচ মাৰ্ক' এই কাৰণেই দিম কিয়নো দুৰ্নীতিৰ নিবাৰণৰ বীপৰিতে বিয়াগোম বিয়াগোম দুৰ্নীতিৰ কথাহে আমি শুনিবলৈ পাইছিলো বিগত চৰকাৰকেইখনৰ দিনত৷ অন্ধ আনুগত্য যিকোনো বিষয়তে বেয়া৷ সচেতন সমালোচনা- সচেতন উদগনি যিকোনো ক্ষেত্ৰতে ফলপ্ৰসু৷

No comments:

Post a Comment