Friday, November 15, 2013

গুৱাহাটি গ্রন্থমেলা চৌহদত চৰকাৰী পক্ষই ৰসৰাজক কৰা অন্যায়ৰ প্রতিবাদকল্পে........


অসুৰৰ জিঞ্জিৰী পিন্ধালি মোক, অসুৰৰ জিঞ্জিৰী




'ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ ডিঙিত শিকলি লগাই চোঁচৰাই নিয়া হ'ল।"- বুজিলো। মোৰ প্রশ্ন হ'ল- এখন গ্রন্থ মেলাত সহস্র গ্রন্থপ্রেমী তথা প্রকাশক বিক্রেতা উপস্থিত থকা অৱস্থাত ই কেনেকৈ সম্ভৱ হ'ল? তথাকথিত সাহিত্যপ্রেমী সকলে সেই সময়ৰ সেই কাণ্ড কেনেকৈ চাই সহ্য কৰি থাকিব পাৰিছিল? সেইসময়ত উপস্থিত থকা সকলোৱে একগোট হৈ এই কাৰ্য্য দৃষ্টিগোৰ হোৱা মাত্রকে সমস্বৰে তীব্র প্রতিবাদ কৰা হ'লে এই ঘটনা সংঘটিত হ'ল হেতেন নে? নে সকলো এজন 'Ice Breaker'ৰ আপেক্ষাত থাকোতে ইফালে ৰসৰাজৰ মূৰ্ত্তিত কালিমা সনা হৈ গ'ল। দূখজনক কথা গগৈ তথাপিওঁ নিৰ্বিঘ্নে আহি গুচি গ'ল। এইবাৰ তেৰাই ৰসৰাজৰ চ'ৰাঘৰত সোমাই সাহিত্যপ্রেমীৰ মুখত তেওঁ থুঁই পেলাই গ'ল। পেলাবই কাৰণ আমা যে মুখখন মচাৰ কাণ্ডজ্ঞানকণো নাই........


-ৰক্তিম-

Wednesday, November 13, 2013

স্বৰ্গদেউ লকৈ, ফাঁকিবুল আৰু ব্রহ্মপুৱাৰ সৰুপানী কাণ্ড


সিদিনি গুৱাহাটিলৈ গৈছিলো জৰুৰী কাম এটা ওলোৱাত ৰাতিয়েই বাছত উঠিলো আৰু টেকেলীটোত এগাল ভাত ভৰাই যোৱাৰ বাবে বাছত বহাৰ  অলপপৰ পিছতে টোপনীয়ে বখলীয়াই পেলালে
...'দাদা, নামিববৰ ', গুৱাহাটি পালোহি' –

বাচ পৰিচালকৰ মাতত উচপ খাই উঠিলো চকু কেইটা ডাঙৰকৈ মেলিবলৈ চেষ্টা কৰি ইফালে সিফালে চালো হয়, ISBT ঘড়ী চালো, সময় 'লে পুৱা ০৫ বাজিছে  ঠাণ্ডা কালিৰ বাবে পুৱা ০৫ বজাতো ৰাতিৰ দৰেই পৰিবেশ ASTC বাছখনৰ শেষ যাত্রী হৈ নামি 'লোঠাণ্ডাত সৰুপানী বৰকৈ চুবলগীয়া হয় মই তাতে গোটেই বাটতো শুইয়ে কটালো সেয়ে তল পেট ফাটো ফাটো কৰিছে ইফালে সিফালে চাই ASTC- বাচ কেইখনমানৰ আঁৰলৈ পিছফালৰ অন্ধকাৰখিনিতে কামফেৰা সমাধা কৰো বুলি ফিঁ-ফিঁয়াই মাৰি পঠিয়ালো ঘোঁৰ অন্ধকাৰৰক  আওঁকাণ কৰি মোৰ তলপেটৰ চাপক মুক্তি দিবলৈ যাবতীয় প্রস্তুতিৰ অন্ত  পেলাই মুল ক্রিয়া আৰম্ভ কৰিছিলোহে মাথো তেনেতেই মোৰ নিচেই কাষত  দুটা চায়ামূৰ্ত্তীৰ ফুচফুচনি শুনি প্রাণ ওলাই ' একেবাৰে বেয়া সময়  দেই!!! যেনেতেনে কামফেৰা শেষ কৰো মানে মনত উৎসুকতা বাঢ়িল

কোন এই দুটা ?? এই অন্ধককাৰময়  ঠাণ্ডা পুঁৱাত ASTC- বাচ  কেইখনমানৰ আঁৰলৈ এইককেইটাই কি কথা পাতিছে?? 

পঠালিয়ে পঠালিয়ে মনে মনে  এখোজ এখোজকৈ সৰুপানী চুই থকা ভঙ্গীমাৰেই  সিহতৰ কাষ চপাৰ যত্ন কৰিলো অলপ গৈ গম পালো সিহতে মোৰফালে পিঠি দি আছে আৰু মোৰ উপস্থিতিৰ বোধহয় উমান নাপায় সাহ বাঢ়িল  আৰু দুখোজ আগুৱাই কাণখন হাতীকাণৰদৰে বহল কৰি কথা শুণাৰ চেষ্টাত মুৰটো বেকা কৰি বাওঁ কাণখন অলপ ওপৰমুৱা কৰিলো....' শুনিছো...শুনিছো...

১ম চায়া মূৰ্ত্তি : বৰ ঠাণ্ডা লাগিছে কথাবোৰ সোনকালে শেষ কৰক

.... মানুহটোৰ মাততো শুনি এনে লাগিল যেন মই তাক চিনি পাওঁ...হে

প্রভু, কি লীলা এইবোৰ।  সৰু পানী চুওঁতেই ইমান জগৰ  লাগিল নে তোমাৰ....

তেনেতে

২য় চায়া মূৰ্ত্তি : "হেই, কি ঠাণ্ডা ঠাণ্ডা কৰি আছা হে হয়নে? মোৰ ঠাণ্ডা  লগা নাই নেকি? তোমাক ভাল পাওঁ কাৰণেহে মই আহিছো? After all this is also an important matter....."

কথা শুনি মোৰ থৰকাচুটি হেৰাল..

"This is also an important matter"  মানে এইটো দেখোন স্বৰ্গদেউ লকৈ আৰু লগৰজনা তাৰ মানে ফাঁকিবুল...???

যি ৰজা বা ৰজাঘৰীয়াক চাবলৈ লগ পাবলৈ মানুহৰ হেঁতাওপৰা লাগে সেই ৰজা-ৰজাঘৰীয়াৰৰ নিচেই কাষতে মোৰ দৰে এজন সাধাৰণ প্রজাই প্রসাৱ কৰি দিলো। কথাবোৰ  ভাবি মগজু ফুটি যাওঁ, ফাটি যাওঁ ' কিন্তু ইহতে কৰিছে কি? কথাখিনি ভালকৈ শুনি লওঁ বুলি একচিত্তে কথা শুনাত মনোযোগ দিব ধৰিলো....

ফাঁকিবুল: আইডিয়াটো ফাইনেল কৰক এতিয়া....

স্বৰ্গদেউ লকৈ: ফাইনেল মানে মই ভবাতোৱেই সদায় ফাইনেলওপৰত মতা ভাল ভাল কালান্তকৰ মূখত চূণ দি থৈছো বুলি জানাই দেখোন তুমি।   শুনা এতিয়া মোৰ  মৰমৰ ফাঁকিদাস....

ফাঁকিবুল: ধেইই.....ফাঁকিবুলহে.....??

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ......হয়তো ফাঁকিবুলহে ...গৰৈ  পোৱালীটোক জাপানী কাৱৈজনীৰ লগত বিয়া দিয়াৰ পিছৰে পৰা  আনন্দত মুখৰ পৰা যিটি ওলাই যায় হে....আচ্চা, এতিয়া মুল কথাটো শুনা....

ফাঁকিবুল: ...নকয় কেলেই? সেইডাল শুনিবলৈয়েতো হাড় কপোৱা ঠাণ্ডাৰ পুৱা বোন্দাপৰ দি আছো..
স্বৰ্গদেউ লকৈ: অ’…গঁড়বোৰ তুমি সোনকালেই মাৰি শেষ কৰিবা বুলি মোৰ এতিয়া তোমাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে কিন্তু গঁড়বোৰ শেষ হোৱাৰ পিছত কি দৰে মেনেজ কৰিবা ভাবি চাইচানে?

ফাঁকিবুল: নাই ছাৰ

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ...মই জানো .সেয়ে তুমি এটা জানোৱাৰ মন্ত্রী  আৰু মই তোমাৰ মূৰ্খ মন্ত্রী মই তোমাক এনেয়ে ইয়ালৈ অনা নাই ফাঁকিৰাম... 

ফাঁকিবুল: .....ফাঁকিবুল চাৰ.....(দাত কৰচি খঙেৰে)

স্বৰ্গদেউ লকৈ: ' '... খং নকৰিবা।  শুনা গঁড়বোৰ শেষ হোৱাৰ পিছত তোমাক এই ASTC বাচ কেইখনে বচাব

ফাঁকিবুল: কেনেকৈ চাৰ?

স্বৰ্গদেউ লকৈ: ASTC বাচবোৰত কি অঁকা থাকে?

ফাঁকিবুল: অলপ ভাবি..চিঞৰি উঠিল গঁড় চাৰ, গঁড়  গঁড়  গঁড় ...ইউ আৰ জিনিয়াচ চাৰ....

স্বৰ্গদেউ লকৈ: আই নউ ফাঁকিবাজ..

ফাঁকিবুল: ফাঁকিবুল চাৰ.....ফাঁকিবুল ..ফাঁকিবুল ....ফাঁকিবুল ..

স্বৰ্গদেউ লকৈ: নামটো ' বাৰু ....হয়নে? তুমি জংঘলৰ গঁড়বোৰ শেষ হোৱাৰ আগে আগে পৰিবহন বিভাগক যোগাযোগ কৰি চলে বলে কৌশলে পৰিবেশন বিভাগৰ নামত চেংচন হোৱা গঁড় কেইটাৰ সম্ভেদ লৈ সিঁহতৰো ব্যবস্থা কৰি পেলাবা তেতিয়া তোমাৰ কনটিনিউটিতো থাকি যাব কিন্তু এটা কথা মনত ৰাখিবা যে পৰিবহন নিগমৰ গঁড়কেইটা চোৰাং চিকাৰীৰৰ বজাৰত মুকলি কৰাৰ আগতে দুদিনমানৰ বাবে খৰ্গৰ এক কৃত্রিম নাটনিৰ সৃষ্টি কৰিবা যাতে আমি আলু-পিয়াঁজৰ দৰে পৰিবহন বিভাগৰ মাৰ্কা মৰা খৰ্গকেইটাৰ পৰা কোৱাৰি ফলাকৈ কমিচন খাব পাৰো

ফাঁকিবুল ভক্তিত গদগদ হৈ স্বৰ্গদেউ লকৈৰ ভৰিত দীঘল দি পৰিল... উথলি উঠা আবেগে ফাঁকিবুলৰ ওঁঠখনিক কঁপাই তোলাৰ বাবে ফাঁকিবুলে একো মাতিব নোৱাৰিলে যেন অনুমান হ’ল।

স্বৰ্গদেউ লকৈ: ' ' উঠা ফাঁকিআলী...উঠা...
ফাঁকিবুল: (লাহেকৈ উঠি) যি নামেৰে মাতে চাৰ...কাম হে আচল নামতনো কি আছে.... চাৰ?
স্বৰ্গদেউ লকৈ:হয়, হয় This is also an important matter..তুমি বুজিছা। এতিয়া পোঁহৰ হওঁ, হওঁ বেচি পলম নকৰো মানুহে দেখাৰ আগেয়ে  'লা, 'লা,'লা.......

পলকতে চায়া মূৰ্ত্তি দুটা অদৃশ্য ' মোৰ শৰীৰৰ নিম্নাংশত খুব ঠাণ্ডা লগাত উপলব্ধি কৰিলো যে মই ইমান পৰে পেন্টৰ জীপ মৰাই নাছিলো....


-ৰক্তিম-


Sunday, November 10, 2013

'গঁড় নিধনপতি' বনমন্ত্রী সাৰে আছে যদি শুনক



   ....শুভেচ্ছা, শুভেচ্ছা,শুভেচ্ছা। 

...আৰু ২ টা গঁড় মাৰিলে। বনমন্ত্রী সাৰে আছে যদি (নিশা জংঘলত থাকে বাবে টোপনী ক্ষতি হয় যে) শুনক, এই বৰ্ষৰ সংখ্যা ৪৩ হ'লগৈ। 

আপোনাৰ বাৰ্ষিক লক্ষ্য নিশ্চয় ৫০ টা। তেন্তে ৫০তা হ'বলৈ এতিয়া ডেৰ মাহত আৰু ৭ টা গঁড় মাৰিব লাগিব। কম সময়, ডাঙৰ টাৰ্গেট ...মোৰ পৰামৰ্শ লওঁক আৰু দুটামানক চিকাৰৰ বাবে (চৰকাৰী) নিযুক্তি দিয়ক অনতিপলমে। পাৰিলে অভয়াঅৰণ্যবোৰত গঁড়ৰ স্থিতি চিনাক্তকৰণৰ বাবে আৰু চোৰাং চিকাৰী (..এতিয়া আৰু চোৰাং শব্দটোৰ প্রয়োজন নাই কাৰণ মুকলিকৈ গঁড় মাৰিবপৰা এটা সুন্দৰ পৰিবেশ আপুনি ইতিমধ্যোই গঢ়ি তুলিছে।) হঁতৰ সুবিধাৰ্থে ৰেঞ্জাৰসকলৰ লগত আলোচনা কৰি একোখনকৈ মেপ বা CC TV-ৰ ব্যবস্থা কৰক। এনে কৰিলে চিকাৰীহঁতে গঁড় বিচাৰি কষ্ট কৰিবলগীয়া ন'হব আৰু সময়ো বাচিব। তেনে হ'লে 'you can go extra-mile..' আৰু ৭৫ টা গড় বধিবলৈওঁ বিশেষ অসুবিধা ন'হব। মই ভালকৈ বুজি পাওঁ যে গঁড় কেইটা মাৰিয়েই পালি-পহৰীয়াৰ সৈতে নিজৰ সংসাৰখন যেনেতেনে চলাই আছে, নহয় জানো??

মই আজি এই ফেচবুকৰ মজিয়াতে ইণ্ডোনেচীয়াৰ গঁড় সংৰক্ষণ বিষয়ৰ সন্মিলনত ভাগ লোৱা আপোনাক সৰ্বকালৰ শ্রেষ্ঠ 'গড় নিধনপতি'ৰ উপাধি প্রদান কৰিলো। ..আৰু সাবধানো কৰিলো- 'এতিয়াওঁ সময় আছে, ৰাইজে আপোনাক নিচিহ্ন কৰাৰ আগতে গড় হত্যা বন্ধ কৰক। এই নিৰীহৰৰ নিৰ্মম ৰক্তাক্ত মৃতদেহবোৰ দেখি দেখি ক্রমাৎ বাঢ়ি অহা হৃদয়ৰ জুইকুৰাক আৰু বতাহ নিদিব। ...আৰু সহ্য নোহোৱা হৈছে...

-ৰক্তিম-

মা কচম




পুৱাই পুৱাই ভ্রাম্যমান দূৰভাষত এটি অচিনাকী নম্বৰৰ পৰা এটি বাৰ্তা আহিল-

' তোমাৰ প্রেম দিবলৈ নাপাহৰিবা '-

- জান বাহিৰ হৈ গ'ল। হে হৰি ক'লৈ যাওঁ, কি কৰো। পত্নীয়ে, সত্নানে, সংসাৰে এতিয়া হাহাকাৰ হৈ যাব। মা-কচম জ্ঞাতে-অজ্ঞাতে কেতিয়াও আন বেলেগ নাৰীয়ে প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই।

......অ' ঠিকেইো প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই যেতিয়া ভয় খাইছো কিয়?? কথা পাতিবলৈ থিৰাং কৰিলো। মনে মনে ঘৰৰ চুক এটালৈ গৈ ফ'ন লগালো। সিপাৰে ফ'ন উঠোৱাৰ লগে লগেই সৰু অথচ উৎকন্ঠাৰে ভৰা কন্ঠস্বৰেৰে ক'লো -

- "হেল্ল' কোন তুমি? কি প্রেমৰ কথা কৈছা? কি প্রেম বিচাৰিছা?".....

নাৰী কন্ঠ এটা আশা কৰাতো বাৰ্তা সাপেক্ষ আছিল কিন্তু সিপাৰৰ পৰা কাণ সৰি যোৱা তীব্রতাৰে পুৰুষৰ গেলগেলীয়া মাত এটায়ে মগজু দহি পেলালে-

-" কি ফাল্টু কথা কোৱা হে তুমি? মই মনোজ তোমাৰ বন্ধু আৰু তোমাৰ এল.আই.চি-ৰ এজেন্ট । মই প্রেম (prem) নহয় প্রিমিয়াম দিবলৈহে কৈছো।......"-

সি আৰু কিবা ক'বলৈ লোৱাৰ আগতেই ফ'নটো কাটি দিলো। তাৰ নম্বৰটো নতুন ভ্রাম্যমান দূৰভাষত ৰখা নাছিলো। লাজো লাগিল, খঙো উঠিল। আপুনিয়েই কওঁকচোন বাৰ্তা যদি এনেকৈ আহে আপুনি কি বুজিব- "Tumr Prem diboloi napahoriba." এই 'চৰ্টকাট এচ এম এচ' বোৰে কেতিয়াবা প্রাণ ল'ব- মা কচম...


-ৰক্তিম-

Saturday, November 9, 2013

মূল্যবৃদ্ধিৰ সিপাৰে- এটি সৰু অনুভৱ




আজি গ্রন্থাগাৰ এখনৰ চুক এটাত অকস্মাৎ কেইখনমান সৰু সৰু পুঁথিলৈ চকু গ'ল। ধূলি আঁতৰাই পুঁথি কেইখন লগে লগেই প্রয়োজনীয় মূল্য দি সংগ্রহ কৰিলো। সকলো মিলি মুঠ মূল্য হ'ল ৫০ টকা । ১০ টকামান ৰেহাই দিলে নিবিচৰাকৈয়ে। বোধহয় পৰি ৰোৱা পুঁথি কেইখন দেখি দেখি অতিষ্ঠ হৈছিল গ্রন্থাগাৰৰ মালিক। গ্রন্থাগাৰৰ মালিকক প্রশ্ন কৰাত তেওঁ ক'লে- "আজি কালি আৰু এইবোৰৰ পুঁথি ক'ত বিক্রী হয়। এনেকৈয়ে পৰি আছে বহু দিন।" সকলো বস্তুৰে দাম- দাম বুলি চিঞৰ বাখৰবোৰ শুনি থকাৰ দিনত এটা ভাষাৰ শিপাবোৰ জীপাল কৰি ৰখা এই অমূল্য পুঁথিসমূহৰ মূল্যবোৰ দেখি স্বতঃস্ফূৰ্ট ভাবে এটা পাতল হাঁহি ওলাই আহিছিল। 

হয়তো কথাতো, অসমীয়া দেউতাবোৰ পাপা হ'ল, ৰঙাবোৰ ৰেড্ হ'ল, হালধীয়া বোৰ 'য়েল্ল' হ'ল, 'অ' ৰ অমিতা গৈ 'এ' ৰ আপেল হ'ল, এতিয়ানো ক'ত এইবোৰ পুঁথি কিনিবলৈ মানুহৰ হেতা-ওপৰা লাগিব। সেয়ে ভাবিলো বজাৰত শেষ পুঁথিকেইখন থাকোতেই সংগ্রহ কৰি থোৱাতো ভাল হ'ব। 



মূল্য তালিকা
----------------

সহজ ব্যাকৰণ - প্রথম ভাগ- ২.৯০ টকা
সহজ ব্যাকৰণ - দ্বিতীয় ভাগ- ১২.০০ টকা 
আদৰ্শ বুনিয়াদী ধাৰাপাত- ৬.০০ টকা
সৰল শব্দকোষ- ১৫.০০ টকা
'অসমীয়া ভাষা সাৰথি ব্যাকৰণ' - ২৫.০০

...আৰু মূল্যৰ তলত কি লিখা থাকে সেইটো নিশ্চয় সকলোৰে কন্ঠস্থ-

----(অনুগ্রহ কৰি ছপা মূল্যতহে কিতাপ কিনিব)---



-ৰক্তিম-

Wednesday, November 6, 2013

কবিতাই প্রাণ লোৱা 'অঘৰী প্রেমীক' ফেডেৰিক' গাৰ্থিয়া লৰ্কা -তেওঁৰ জীৱন আৰু কবিতাত জাতীয় চেতনাবোধ।


Then I realized I had been murdered.
They looked for me in cafes, cemeteries and churches
.... but they did not find me.
They never found me?
No. They never found me.
“”

(Poet in New York (1939), Garcia Lorca)


'মই কবি, মোক তেওঁলোকে কেতিয়াওঁ হত্যা নকৰে।' এই বিশ্বাসেৰে জীয়াই থকা স্পেইনৰ প্রখ্যাত কবি গাৰ্থিয়া লৰ্কাক  বধ্যভূমিলৈ চোঁচোৰাই নি হত্যা কৰা হৈছিল ফেচিষ্ট শাসকৰ দ্বাৰা। শিশুসুলভ এইজনা মাটিৰ সুৱাসেৰে সশোভিত  কবিয়ে  ২৯ বছৰ বয়সতো নিজৰ বিষয়ে কৈছিল ' I have always been a child'. লৰ্কায়ে স্পেইনৰ মাটিক, স্পেইনৰ চহা মানুহখিনিক নিজৰ কবিতাৰ মাধ্যমেৰে দিয়া মৰম আৰু তাৰ বিনিময়ত স্পেইনৰ  কৃষক- বনুৱাৰ হৃদয়ত লাভ কৰা অফুৰন্ত মৰম আৰু আদৰেই হৈছিল লৰ্কাৰ জীৱনৰ কাল। বন্ধুৰ দ্বাৰা পোৱা বিপদৰ আগজাননীকো প্রত্যাখ্যান কৰি এই মৰমৰ তাগিদাতেই সৃষ্টি কৰি গৈছিল সাধাৰণ শ্রমজীৱী মানুহৰ ঘৰ্মাক্ত দেহাৰে সুৱাসিত এটাৰ পিছত আনটো যুগজয়ী কবিতা।

লৰ্কাৰ ১৮৯৯ত গ্রানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্রদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্রতিবিম্বিত কৰিব পৰা এখন নিখূট হৃদয়। লৰ্কাৰ জীৱন বসন্তবোৰ পাৰ হৈছিল প্রকৃতিৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত। আনহাতে একে প্রকৃতিৰ বুকুতে সকলো স্তৰৰ মানুহৰ নিধন যজ্ঞ চলাইছিল অত্যাচাৰী শাসকীয় ফ্রাংক' বাহিনীয়ে। সেয়ে লৰ্কাৰ কবিতাত যিদৰে প্রকৃতিৰ বিনন্দীয়া উপাদানে ৰহণ চৰায় ঠিক সেইদৰে আনফালে বিষাদৰ ৰং সানে নিপীড়িত সকলৰ অসময়ত বৈ অহা তেজৰ বন্যাৰ শোক, যন্ত্রণাৰ আস্ফালনে। লৰ্কাৰ কবিতাৰ এক প্রধান উৎস হৈছে মানব প্রীতি। কিন্ত এই প্রীতিয়ে সাম্যবাদী ৰাজনৈতিক পোছাক পিন্ধা নাছিল। লৰ্কাৰ সৰলতাই  লৰ্কাৰ শক্তি আছিল। এই শক্তিৰ আধাৰতে লৰ্কায়ে সপোন দেখিছিল ফ্রাংক' বাহিনী মুক্ত এখন স্পেইনৰ য'ত থাকিব কেৱল মানুহৰ শৌৰ্য্য ।  লৰ্কাৰ মাটিৰে সুৱাসিত সহজ সৰল কবিতাবোৰে স্পেইনৰ কৃষক- বনুৱা, সহজ সৰল চহালোকসকলৰ হৃদয় সহজতে চুব পাৰিছিল কাৰণ তাত প্রতিফলিত হৈছিল তেওঁলোকৰেই জীৱনগাঁথা। লৰ্কা হৈছিল খেতিয়ক ৰাইজৰ মৰমৰ ফেডেৰিক'।

লৰ্কাৰ প্রথম কাব্য সংকলন 'লিব্র' ডে প'এমাছ'  খন প্রকাশ হয় ১৯২১ চনত।  কিন্তু তেওঁৰ ২য় গ্রন্থ 'ৰ'মানথেৰ গিটান' (জিপচী বেলাড) ১৯২৮ চনত প্রকাশ পোৱাৰ লগে লগেই তেওঁৰ যশস্যা সমগ্র বিশ্বৰ স্পেনীচ ভাষিক লোকসকলৰ মাজত বিয়পি পৰে। তেওঁৰ এই কাব্য সংকলনখনৰ মাথো ৮ বছৰতে ৭ তা সংস্কৰণৰ পুণঃমুদ্রণ হোৱাতো সমগ্র বিশ্বতে লৰ্কাৰ কাব্যিক জনপ্রিয়তা প্রাপ্তিৰ এক সাক্ষী। স্পেইনৰ গ্রামাঞ্চলৰ জীবন্ত চিত্রণ, লোক সংস্কৃতি, নিৰ্যাতিতৰ যন্ত্রণা, দূখীয়াৰ দূখ, এখন নতুন স্পেইনৰ সপোনবোৰে লৰ্কাৰ বৈচিত্রময় গীতিধৰ্মী কবিতাবোৰক এক অনন্য মাত্রা প্রদান কৰাৰ লগতে আন আন সমসাময়িক স্পেনীচ কবিসকলৰ পৰা লৰ্কাৰ সৃষ্টিক সুস্পষ্টভাবে পৃথক কৰে। দক্ষ পিয়ান'বাদক লৰ্কাৰ কবিতাবোৰ লাহে লাহে হৈ পৰিছিল স্পেইনৰ জনগনৰ চেতনাৰ প্রতীক যি প্রতক্ষ্যভাবে শংকিত কৰিছিল ফ্রাংক'ক। শিশুসুলভ লৰ্কা কিন্তু এইবোৰ ভয়-সংশয়ৰ পৰা নিজকে মুক্ত কৰি চিৰদিন ব্যস্ত হৈ আছিল কবিতা লিখা, ছবি অঁকা,আবৃত্তি কৰা, গীত গোৱা অথবা পিয়ান'ত বিথ'ফেনৰ সুৰৰ লহৰ তোলাত। 

স্পেইনক গৃহ যুদ্ধই সম্পূৰ্ণ গ্রাস কৰাৰ তিনিদিন পূৰ্বে কিউবা আৰু যুক্তৰাষ্ট্র ভ্রমণৰত লৰ্কা মাদ্রিদলৈ উভতি আহিছিল আৰু কিছুপৰ পিছতেই 'university student theater company' ৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে আৰু স্পেইনৰ সামাজিক আৰু সাংস্কৃতিক দিশটোৰ লগত ওতঃপোতভাবে জড়িত হৈ পৰে। এইসময়ছোৱাতে লৰ্কায়ে নিজৰ নাটক দলটিৰ লগত স্পেইনৰ বহু ভিতৰুৱা অঞ্চল ভ্রমণ কৰে আৰু ৰাইজক বহু ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ধ্যান ধাৰণাৰ বিষয়ে অবগত কৰে, যিবোৰ আছিল ফ্রাংক'ৰ ৰাজনৈতিক স্বাৰ্থৰ  সম্পূৰ্ণ বিৰোধী। ফলশ্রুতিত জাৰি হ'ল লৰ্কাৰ মৃত্যুৰ পৰোৱানা। মাদ্রিদৰ পৰা নিজ জন্মভূমি গ্রানাডালৈ যাওঁতে কৰায়ত্ত কৰা হ'ল লৰ্কাক।  সামাজিক ন্যায়ৰ কথা কোৱা, সাধাৰণ জনতাৰ কন্ঠক কবিতাৰে ঝংকাৰিত কৰা এজন সৰল, শিশুসুলভ কবিক ফ্রাংক' বাহিনীয়ে বধ্যভূমিলৈ চোঁচোৰাই নি নিৰ্মমভাবে গুলীয়াই হত্যা কৰে। কোৱা হয়  ১৯৩৬ চনৰ ১৯ আগষ্টত লৰ্কা আৰু তেওঁৰ কমৰেড বন্ধুসকলক শাৰীৰিক নিৰ্য্যাতন চলাই, তেওঁলোকে নিজেই খন্দা গাতত গুলীওৱাৰ পিছত পুতি থোৱা হৈছিল। 'সমকামী'তাক লৰ্কাক হত্যাৰ কাৰণ হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ'ল। পুৰি পেলোৱা হৈছিল তেওঁৰ সকলো কিতাপ। নিষিদ্ধ হৈছিল লৰ্কাৰ জীৱনৰ অথবা কবিতাৰ মুকলি চৰ্চা। 

কেৱল ৩৮বছৰ জীয়াই থকা লৰ্কাৰ চমু জীৱন কালত প্রকাশ হৈছিল মুঠ ১০ খন কাব্য সংকলন। মৃত্যুৰ পিছত প্রকাশ পাইছিল আন দুখন কবিতা পুথি। চিৰ সুবিধাবাদী, ক্ষমতালিপ্সু শাসকদলে লৰ্কাৰ শৰীৰটিক নিধন কৰিলে কিন্তু লৰ্কাৰ কাব্যিক, মুক্তিকামী সত্তা চিৰ প্রবাহমান। স্পেইনত, সমগ্র বিশ্বত যেতিয়ালৈকে শ্রমজীবী, কৃষক-বনুৱাসকল থাকিব তেতিয়ালৈকে থাকিব লৰ্কাৰ কবিতাৰ গুণগুণনি এজাক বতাহৰ দৰে স্বস্তিৰ নিশ্বাস হৈ ।

-ৰক্তিম-

অসমীয়া প্রতিদিনত প্রকাশিত


আমাৰ অসমত প্রকাশিত এখন চিঠি - ৩০ অক্টোবৰ-১৩



যাযাবৰৰ দিনলিপি - ২


যাযাবৰৰ দিনলিপি- ১


"মনে মনে তাকে ভাবো মই"- মোৰ এটি গীত


Monday, August 5, 2013

“মনালিছা”- কোন তুমি মায়াবিনী?

বিশ্ব বিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা প্রখ্যাত 'মনালিচা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। পেৰিচৰ এক সংগ্রালয়ত সংৰক্ষিত এই ছবিখনক চাবলৈ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা প্রতিবছৰে গড়ে প্রায় ৬০ লাখ মানুহৰ আগমণ ঘটে। 'মনালিছা' ছবিখন সৃষ্টিৰ সময়ৰ পৰা আজিলৈকে বহু শিল্পীৰ বাবে সৃষ্টিৰ প্রেৰণা হৈ আহিছে। কিন্তু কোন এই মনালিছা? কিয় এই ছবিখন ইমান জনাজাত ? চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চি কিয় ইমান সমালোচিত এই মনালিছাৰ বাবে? এইখিনিতে এইটো কথায়ো উল্লেখ কৰা প্রয়োজনীয় যে যদিও ভিঞ্চি ইউৰোপৰ নবজাগৰণৰ সময়ৰ এজন শ্রেষ্ঠ চিত্র শিল্পী হিচাপে বহুচৰ্চিত আছিল কিন্তু বাস্তবত তেওঁৰ চিত্রকৰ্মৰ সংখ্যা আছিল তেনেই তাকৰ আছিল আৰু তেওঁৰ সমসাময়িক মাইকেল এঞ্জেল'ৰ চিত্রকৰ্ম বা শিল্পকৰ্মৰ দক্ষতা আছিল অধিক প্রশংসনীয়।  
'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাহিঁত লুকাই আছে বুলি কোৱা হয়। মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিওঁ বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। বহুতে ক'ব খোজে মনালিচাৰ হাঁহিয়ে আনন্দক সূচায় কিন্ত ছবিখন উপভোগ কৰাৰ দৃষ্টিভংগীয়ে হাঁহিটিৰ মাজৰ ৰহস্যক বুজিবলৈ কৰা চেষ্টাৰ ক্ষেত্রত এক সৱল কাৰক হিচাপে কাম কৰে, সেয়ে ‘আনন্দ’ৰ ব্যাখ্যাৰ গ্রহণযোগ্যতা সম্পৰ্কে সৰহসংখ্যকলোক একমত নহয়। চিত্রশিল্পীৰ দৃষ্টিভংগীৰ ফালৰ পৰা 'মনালিছা' ছবিখনৰদ্বাৰা চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ লগতে ১৬ শতিকাৰ চিত্রশিল্পৰ পৃথিবীখনেওঁ লাভ কৰিছিলে  চিত্রশিল্পৰ এক নতুন কৌশল বা শৈলী । ভিঞ্চিয়ে যি কৌশলৰ আশ্রয়লৈ এই ছবি আঁকিছিল সেই কৌশলক "Sfumato" বুলি কোৱা হয় যাৰ অৰ্থ 'অদৃশ্য হোৱা'  কোৱা হয় লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে এই কৌশল, পোহৰ, 'এনাটমি' আৰু দৃষ্টিভংগীৰ সঠিক জ্ঞান আৰু মিশ্রণেৰে উদ্দেশ্য প্রণোদিত ভাবে মনালিছাৰ এনে ৰহ্যময় হাঁহিৰ এখন মুখাবয়ব চিত্রিত কৰিছিল।

চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা 'মনালিছা' প্রকৃততে কোন? এই প্রশ্নৰ উত্তৰক লৈ আজিওঁ বিজ্ঞ মহলৰ মাজত দ্বন্দ আছে। বহুতে ক'ব বিচাৰে লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ মনালিছা প্রকৃততে এজন পৰুষহে। আন এচামৰ মতে 'মনালিছা' লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ নিজৰ ছবি। বহুতৰ মতে এইখন ছবিৰ জড়িয়তে ভিঞ্চিয়ে মাতৃ বা প্রেয়সীৰ ৰূপত 'নাৰীত্ব'ক চিত্রায়িত কৰিছিল। আজি সৰহ সংখ্যকলোকে বিশ্বাস কৰে যে 'মনালিছা' প্রকৃততে আছিল লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ বন্ধু, ফ্ল'ৰেঞ্চৰ চিল্ক ব্যবসায়ী ফ্রেঞ্চিচক' ডেল জিঅক'ন্দৰ পত্নীৰ ছবি। ছবিখন ১৫০৩ চন মানতে অঁকা হৈছিল আৰু মৃত্যু পৰ্য্যন্ত ভিঞ্চিৰ লগতে আছিল। পিছলৈ ছবিখন ফ্রান্সৰ ৰাজপৰিয়ালৰ সম্পত্তি হয়।

'মনালিছা' ছবিখন বিশ্বদৰবাৰত জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত ৱালটাৰ পাটেৰৰ  (Walter Pater)"Leonardo da Vinci essay" আৰু ডেন ব্রাউনৰ (Dan Brown) "The Da Vinci Code" আটাইতকৈ উল্লেখনীয়।  ৱালটাৰ পাটেৰৰ ৰচনাৰ প্রায় ৫০ বছৰৰ পিছত 'মনালিছা' ছবিখনৰ এক ডাঙৰ অঘটন ঘটিছিল।  ১৯১১ চনৰ আগষ্ট মাহত এজন ইটালীয় সংগ্রহালয় কৰ্মীয়ে 'মনালিছা' ছবিখন চোৰ কৰি নিছিলে। প্রায় ২ বছৰৰ অন্তত ছবিখন ফ্লেৰঞ্চৰ প্রখ্যাত উফিজী সংগ্রহালয়ত বিক্রী কৰিবলৈ চেষ্টা চলাওতে উক্ত সংগ্রহালয় কৰ্মীৰ হাতৰ পৰা ছবিখন পুণৰুদ্ধাৰ কৰা হয়। কোৱা হয় ছবিখন পুণৰুদ্ধাৰ পূৰ্বে ফ্রান্সৰ পুলিছে অন্যান্য বহুলোকৰ লগতে পাবল' পিকাছ'কো সোধপোচ কৰিছিল।

চিত্রশিল্পৰ মাজেৰে নাৰীৰ এক অনন্য বিশ্ব বিশ্রুত ৰূপক সৃষ্টি কৰা লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ 'মনালিছা' চিৰকাল চিত্রকলা প্রেমীসকলৰ বাবে এক আদৰণিয় সাথঁৰ হৈ ৰ'ব।
                                                                                                                 
(সহায় লৈ)

Sunday, August 4, 2013

এ' ফৰ এংগল'ফবিয়া





(১)


A for ??? 
A..pp..le

B for ???
B..a..ll
.......

O for??
...
O for... কমলা...



কি????- এই বুলি কণমানি মইনাৰ পিঠিত দুটা ধেৰা চাপৰ সোধাই দিলে লতায়ে। 
"সদাই সদাই একে সোপাকে কিমান পঢ়াম তোক? মুৰত কিবা আছেনে নাই তোৰ? O for Orange, কমলা নহয়। সদায় ইংৰাজীত কবি, অসমীয়াত নহয়। আকৌ এবাৰ যদি ভুল ক'ৰ তোক কি কৰিম চাই ল'বি । ক এতিয়া O for ??"

থোকাথোকি মাতেৰে মইনাই এইবাৰ শুদ্ধকৈ উত্তৰ দিলে - "Orange মা"
...P for.....



-সন্ধিয়াৰ এটা নিত্য নৈমত্তিক ঘটনা এইটো। লতাৰ নাম প্রকৃততে কনকলতা। মাকে শ্বহীদ কনকলতাৰ নামেৰেই নামটো ৰাখিছিল কিন্তু মানুহে কনকলতা নামটো দীঘল বাবে 'লতা' বুলি মাতি মাতি নামটো শেষত লতায়ে কৰি পেলালে। খুউব কম মানুহেহে তাইক আজি কনকলতা বুলি জানে বা চিনি পায় । বাৰু নামটো যিয়েই নহওঁক কিন্তু লতায়ে নিজৰ মনত সদায়ে এটা দূখ পুহিঁ ৰাখিছিল। 'ইংলীচ মিডিয়াম স্কুল'ত পঢ়িব নোৱাৰাৰ দূখ। পঢ়ে বা কেনেকৈ? ৭ জনী ছোৱালীৰ তাই আছিল পেটমছা, নুমলীয়া। ল'ৰা সন্তানৰ আশাত ৭ জনীকৈ ছোৱালীৰ বাপেক হোৱা মানুহজন পেচাত এজন পিয়ন । 'ইংলীচ মিডিয়াম স্কুল' দূৰৈৰ কথা ভালকৈ পৰিয়ালটিয়ে খাই বৈ জীয়াই থকাই জটিল হৈ পৰিছিল। তাতে লতায়ে বাপেকৰ শেষ আশাটিকো নিঃশেষ কৰিছিল গতিকে লতাকলৈ বাপেক এনেও অলপ টিঙিৰি তোলা।


গুৱাহাটিৰ দাতিঁকাষৰীয়া এক অনগ্রসৰ অঞ্চললৈ আজি ৫ বছৰ পূৰ্বে লতাৰ বিয়া হ'ল । মইনাৰ ১৫ আগষ্টত ৪ বছৰ পুৰা হ'ব। তাইৰ কঁপালত 'পিয়ন'ৰ মোঁহৰতো হয়তো চিৰস্থায়ী আছিল। দেউতাকৰ দৰে তাইৰ গৃহস্থয়ো এটি চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন যদিওঁ অশেষ চেষ্টাৰ পিছতো আজি ১২ বছৰে পদটিৰ স্থায়ীভাবে চৰকাৰীকৰণ হোৱা নাই। ২-৩ মাৰ মূৰে মূৰে দৰমহা পায় যদিওঁ ৩ জনীয়া পৰিয়ালটি সুখেৰেই জীয়াই আছে। লতাৰ আটাইতকৈ ডাঙৰ সন্তষ্টি এয়েই যে পাহাৰত হ'লেও নিজৰ বুলিবলৈ এটুকুৰা মাটি আছে, চালি দিয়া হ'লেওঁ নিজা বুলিবলৈ এটি ঘৰ আছে। 
"হেৰা লতা, ছোৱালীজনীক একেদিনাই সকলো শিকাই পেলাবা নেকি ? বয়সনো কিমান হৈছে তাইৰ?"- পেট মোঁহাৰি মোঁহাৰি বিচনাতে দীঘল দি পৰি থকা গিৰিয়েক বকুলে ক'লে।



লতাৰ খং যেন দুগুণে চৰিল কথাষাৰত...


"আপুনি মনে মনে থাকক। আজিলৈকে এটা শব্দও পঢ়াই পাইছে? মইনাৰ কিতাপত কাৰ বাপেকৰ মুৰ আছে কিবা জানে জানো? শুই শুই ফটা লেকচাৰ এগাল দি নাথাকিব...কৈ দিলো হ.."
গিৰিয়েক লতাৰ উত্তৰ দিয়া ধৰণ আৰু সুৰত অভ্যস্ত সেয়ে শান্তভাবেই ক'লে-
"আৰে, তুমি দেখোন একেবাৰে উতলি উঠিলা। মই তাই সৰু কাৰণেহে কৈছো? অলপ মৰমেৰে কম কমকৈ পঢ়ালে কিজানি তাই ভালকৈ শিকেই। তাতে আকৌ নিজৰ ভাষা হ'লেওঁ বেলেগ কথা। তাইক আকৌ তুমি পঢ়াই আছা ইংৰাজী। দিছা ইংলীচ মিডিয়ামত। গতিকে তাই অলপ অসুবিধা পাবই।"- বকুলে জীয়েকৰ অসুবিধাটি সঠিককৈ বুজিছিল কিন্তু বুজিলে কি হ'ব? ক'লে কথা লাগে লেঠা। বকুলৰ কথাত লতা ফেনাইল চটিওৱা সাপটিৰ দৰে চটফটাই উঠিল-
"ইংলীচ মিডিয়ামত ধৰি কথা ন'কব আপুনি। অসমীয়া ভাষা পঢ়ি আপুনি -মই যি ফালিলো ফালিলো। মইনাৰ লগত মই একেটা ভুল নকৰো আৰু আপোনাকো কৰিব নিদিওঁ। তাইক মই 'স্মাৰ্ট' বনাম। ইংৰাজী ভাষাটি শিকিবলৈ টান বুলি মাক-বাপেকে ল'ৰা-ছোৱালীক ইংলীচ মিডিয়াম স্কুলত নিদিয়াকৈ আছেনে? যাওঁক, গৈ চাই আহঁকগৈ অসমীয়া স্কুলবোৰৰ দূৰাবস্থা। গুৱাহাটিৰ গাতে লাগি থাকিওঁ ইমান আউটডেটেড এই মানুহটো । মই কৈ দিলো ঘৰ বাৰি বন্ধকত দি হ'লেও মোৰ ছোৱালীক মই ইংলীচ মিডিয়ামতে পঢ়াম আৰু আপোনাকো ইয়াত হকা- বন্ধা কৰিব নিদিও।"



লতায়ে তাৰসপ্তকত কৈ যোৱা কথাবোৰ বকুলে নিৰাবেগভাবে শুনি এটি দীঘল প্রশ্বাস এৰিলে আৰু এটি ক্লান্ত হাহিঁ মাৰি ক'লে-


"তোমাৰ ভুল নাই লতা। মই তোমাৰ কথাবোৰ বুজিছো কিন্তু মই কি ক'ব খুজিছিলো সেইটোও তুমি এদিন নিশ্চয় বুজিবা।"


মাক-দেউতাকৰ সৰু যুঁজখনৰ চলি থাকোতেই মইনাই টোপনীত লাল-কাল দিলে।


(২)


বাৰিষা আহিলেই লতাহতৰ অলপ ভয় লাগে। পাহাৰৰ ওপৰত যোৱাবছৰ খহনীয়াত কেইবাটাওঁ অঘটন ঘটিছে। পাহাৰৰ ওপৰৰ পৰা প্রচণ্ড কোবত বৈ অহা বোকাপানীয়ে ঘৰতোৰ অনিষ্ট কৰে। কিন্তু ভুতৰ ওপৰত দানৱৰ নিচিনাকৈ আচল বিপদ তেতিয়াহে হয় যেতিয়া গজৰাজৰ দ'লে বা বাঘে ক'ৰবাৰ পৰা আহি সন্ত্রাস চলাইহি। এইবাৰো বাৰিষাৰ ঘটনা -পৰিঘটনাৰ ব্যতিক্রম ন'হল বৰং এইবাৰ মাত্রা চৰিলহে। আজি তিনিদিনযোৰা বৰষুণৰ ফলত হোৱা খঁহনীয়াত পাহাৰৰ ওপৰফালে থকা কেইবাটাওঁ ঘৰ বিনষ্ট হোৱাৰ লগতে চিনাকী নেপালী মানুহ এজনৰ প্রাণো গ'ল। লতাহতৰ অঞ্চলটোৰ পৰিবেশ একেবাৰে গোমা। শুনিছে কৰবাত হাতী, বাঘো ওলাইছে। মুঠতে লতাহতৰ দিন নাযায় নুপুৱাই। 


"হেৰা, শুনিচেনে? শুলে নেকি?"- লতাই মাত দিলে


"নাই, নাই। কোৱা।"


"এই কেইদিন পাৰিলে সোনকালে আহিবচোন। সন্ধিয়া হ'লেইচোন ভয় ভয় লাগে। কিবা এটা যেন 
অঘটন ঘটিব..."



"চিন্তা নকৰিবা। একো অঘটন নঘটে। মই বাৰু অহাকালিৰ পৰা যিমান পাৰো সোনকালে আহিম। এতিয়া টোপনি যোৱা।"


পিছদিনা কথা দিয়া ধৰণে বকুল পোঁহৰে পোঁহৰে আহি ঘৰ পালেহি। সন্ধিয়ালৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বুলি লতাহতৰ ঘৰত কাষৰে দুই এজন মানুহ গোট খালেহি। সদায় যোৱাৰ ধৰণে সন্ধিয়া বিদ্যুত যোগান ব্যাহত হোৱাত মমবাতিৰ ধিমিক-ধামাক পোহৰতে সকলোৱে কথা বতৰাবোৰ আগবঢ়াই গ'ল। কিন্তু এনেতে ঘটিল অঘটনটি। বাহিৰৰ কেচা মজিয়াখনতে কিবাকিবি খেলি থকা মইনাই থৰকাচুটি হেৰুৱাই দৌৰি আহি মাকক সম্বোন্ধি চিঞৰি উঠিল-


"মা, Elephant....মা, Elephant...মস্ত Elephant ওলাইছে মা আমাৰ ঘৰত"।


- পলকতে হোৱা-দোৱা লাগি এটা হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল। লতাহতৰ ঘৰত থকা গোটেইজাক মানুহে ‘হাতী হাতী’ বুলি চিঞৰিব ধৰিলে, অঞ্চলটিত পলকতে এক উত্তজনাময় পৰিবেশৰ সৃষ্টি হ'ল।সকলোৰে প্রাণবায়ু আহি ডিঙি পালেহি। এই চিঞৰ বাখৰৰ মাজতে বকুলে মৰসাহ কৰি এখোজ দুখোজকৈ ঘৰৰ চোতাললৈ বুলি ওলাই আহিল, বকুলৰ পিছে পিছে মৰণক শৰণ কৰি লাহে লাহে ওলাই আহিল লতাকে ধৰি ঘৰৰ বাকীজাক মানুহ । কিন্তু এইয়া কি ??? ঘৰৰ সমুখতচোন এইটো হাতী নহয়, বৰং কেতিয়াও নেদেখা ক'ৰবাৰ ক'লা দমৰা এটাইহে আহি এই অসময়ত মুৰ জোঁকাৰি জোঁকাৰি ঘাহঁ খায় আছেহি। লতায়ে একো নুবুজি মইনাক খঙেৰে সুধিলে -


"মইনা, তুমি ক'ত Elephant দেখিলা? মিছা কথা কিয় কৈছিলা? এইটো গৰু-হে"


"মা, গৰু মানে Elephant নহয় নেকি? তুমিহে সদায় ইংৰাজীত ক'ব দিয়া...


মইনাৰ কথা শুনি গোটেইজাক মানুহে স্বস্তিৰে প্রাণখুলি হাহিঁৰ গীৰ্জনি তুলিলে।


বকুলে লতাৰফালে জোঁকোৱাৰ চলেৰে চাই হাঁহি হাঁহি ক'লে-


"লতা, তুমি এক মিনিট ৰখা। মই Elephant টো খেদাই আহোঁগৈ।"


বকুলৰ কথাত ঘৰখনত পুণৰ হাঁহিৰ ৰোল উঠিল।
___________________________________________________________________________
চিত্র উৎস: http://www.openthemagazine.com/article/living/toddlers-under-stress