Friday, November 11, 2016

ডঃহিমন্ত বিশ্ব শৰ্মা এইবাৰ অন্ততঃ অলপ সাবধান হওঁক



হিমন্ত বিশ্ব শৰ্মায়ে অলপতে অসমীয়া জাতিৰ ভবিষ্যতৰ কথা চিন্তা কৰি থৰকাচুটি হেৰুওৱা আৰু অসমীয়া জাতিৰ ভবিষ্যত ৰক্ষাৰ স্বাৰ্থত আগবঢ়াবলৈ চেষ্টা কৰা অবিশ্বাস্য সমাধান সূত্রৰ স্বৰূপ দেখি বিচূৰ্তি খালো। আমি একেবাৰে সাধাৰণ জ্ঞান-বুদ্ধি থকা, ভাষা-জাতি আদিকলৈ কিছু পৰিমানে সচেতন এজন নিম্ন মধ্যবিত্ত লোক।ৰাজনীতিৰ গভীৰ পাকচক্র বুজি পাবলৈ আমাৰ বাবে কঠিন যদিওঁ কিছুমান ৰাজনৈতিক ঘটনা- পৰিঘটনাই মনত কিছুমান প্রশ্নৰ উদয় কৰে যি সাথঁৰ হৈ মনত অৰ্হনিশে বিচৰণ কৰি বিৰক্ত কৰে। ডঃহিমন্ত বিশ্ব শৰ্মাই  কৰা মন্তব্যকলৈ মনত উদয় হোৱা তেনে কিছু প্রশ্ন, তেনে কিছুমান কথা পোনপটিয়াকৈ তেওঁলৈ বুলি আগবঢ়ালো-





প্রথমতেই, ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এটা গুৰুত্বৰ বিষয় আৰু এটা অতি গুৰু্ দণ্ড থকা কথা উথ্থাপন কৰিব বিচাৰিছো।বিজেপি চৰকাৰে মাজে সময়ে কয় যে বাংলাদেশৰ হিন্দু বেংগলীসকলক সমগ্র ভাৰতবৰ্ষতে ভগাই দিয়া হ’ব তেনেহ’লে আপুনি কিয় অসমৰ ১১ জিলাত অসমীয়া সংখ্যালঘু হোৱাৰ কথাতোৰ লগত বাংলাদেশৰ হিন্দু বেংগলীসকলৰ কথাতো সাঙুৰিছে? যদি বাংলাদেশৰ হিন্দু বেংগলীসকলক সমগ্র ভাৰততে বিলোৱা হ’য় তেনেহ’লে ই কেনেকৈ আপুনি বিচৰা ধৰণে অসমত হিন্দুৰ সংখ্যা বঢ়াই অসমীয়াৰ ‘অস্তিত্ব ৰক্ষাৰ’ (?) সহায়ক হ’ব?   প্রকাৰন্তৰে আপুনি এইটো বাৰ্তাই দিছে যে বাংলাদেশৰ পৰা আদৰি আনিবলগীয়া এই হিন্দু বেংগলীসকলে অসমৰ মাটিতে খোপনি পুতিব, ভাৰতৰ আন কোনো ৰাজ্যত নহয়।এনে বিৰোধাভাষে কি সূচায়? আপোনাৰ বা আপোনাৰ চৰকাৰৰ এই দিশত স্থিতি স্পষ্ট কৰিবলৈ সৎ সাহস নাই কিয়?

দ্বীতিয়তে, অসমৰ ১১ জিলাত অসমীয়া সংখ্যালঘু হৈছে বুলি আজি আপুনি চিন্তা প্রকট কৰিছে কিন্তু আপুনি কংগ্রেছৰ মন্ত্রী হৈ থকা সুদীৰ্ঘ কালছোৱাতেই আপুনি উল্লেখ কৰা ১১ জিলাত অসমীয়া সংখ্যালঘুহোৱা প্রক্রিয়াটো দ্রুতৰ পৰা দ্রুততৰহৈহে আজিৰ এই পৰিণতি।কংগ্রেছৰ মন্ত্রীহৈ থাকোতেওঁ আপোনাৰ যথেষ্ট শক্তি, সামৰ্থ আছিল অন্তত: বিসম্বাদ কৰিব পৰাকৈ। তেনেহ’লে সেই সময়ত কিয় এবাৰো আজিৰ দৰে আপোনাৰ জাতীয় চেতনাৰ আস্ফালন নেদেখিলো? বিসম্বাদৰ ৰাজনীতিৰে অসমৰ ৰাজনীতিজগতখনক বিধ্বস্ত কৰাতহেচোন আপুনি তেতিয়া মচগুল আছিল?বিসম্বাদৰ ৰাজনীতিৰ পৰিবৰ্তে অবৈধ প্রবজনকাৰীৰ বিৰুদ্ধে সেইসময়ত কিবা লক্ষণীয় পদক্ষেপ লোৱা হ’লে আজি আপুনি জাতীয় চেতনাৰে উধ্বুদ্ধ হৈ কৰা মন্তব্যক নমনীয়তাৰে চোৱাৰ হয়তো ১%য়ো থল থাকিল হয়।তৰুন গগৈয়ে অসমত এজনো বাংলাদেশী নাই বুলি কওঁতেওঁ আপুনি তাৰ বিৰোধ কৰা মনত নপৰে।তেতিয়া ক’লৈ গৈছিল আপোনাৰ জাতীয় চেতনা?

তৃতীয়তে, আপুনি বাংলাদেশৰ বেংগলী হিন্দুসকলক ভাৰতলৈ আমদানী কৰাৰ পক্ষপাতি কাৰণ আপুনি কৈছে যে আপুনি বিষটো অধ্যয়ন কৰিছে।কিন্ত কথা হ’ল কি দৃষ্টিভংগীৰে আৰু কি অধ্যয়ন কৰিছে?কাৰণ সচাঁ অৰ্থত যদি অসমীয়া জাতিৰ বা অসমীয়া ভাষাৰ ভবিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰে তেনেহ’লে মোৰ সীমিত জ্ঞান-বুদ্ধিৰে এইখিনি অন্ততঃ ন দি ক’ব পাৰো যি ইতিহাস বা অন্যান্য কোনো বিষয়ৰ নিৰপেক্ষ, বস্তনিষ্ঠ অধ্যয়নে বৰ্তমান সময়ৰ পৰিপ্রেক্ষিতত আপোনাক বাংলাদেশৰ হিন্দু বেংগলী সকলক অসমলৈ আমদানী কৰাতোত পতিয়ন নিয়াব নোৱাৰিব।তেনেহ’লে হঠাৎ কিয় ইমান ততাতৈয়াকৈ (বিজেপিলৈ অহাৰ পৰা) অসমৰ স্বাৰ্থত(?) হিন্দু বংলাদেশীৰ প্রতি ইমান সহৃদয়তা? হিন্দুসকলৰ জীৱনৰ শংকা থকা এখন দেশত কি দৰে হ’ব পাৰে ২০,০০০ তকৈওঁ অধিক দূৰ্গা পূজা?এইয়া যদি অসুৰক্ষাৰ সংজ্ঞা তেনেহ’লে চিৰিয়াৰ ভয়ংকৰ পৰিস্থিতি আৰু তাৰ পৰা উদ্ভৱ হোৱা শৰণাৰ্থীৰ সমস্যাক আমি কি বুলি গণ্য কৰিম?

চতুৰ্থতে, আপুনি ‘ভাষিক সংখ্যালঘু’ আৰু ‘ধৰ্মীয় সংখ্যালঘু’ শব্দ দুটাৰ ব্যৱহাৰ অপ্রাসংগিক, অযুক্তিকৰ আৰু অসংবেদনশীলভাবে ব্যবহাৰ কৰিছে।আপোনাৰ কথাত দ্বন্দ আছে।আপুনি এবাৰ নিজেই কৈছে– “এক লাখ মানুহ ইছ্যু নহয়”। তেনেহ’লে ১-১.৫ লাখ বাংলাদেশৰ হিন্দু বেংগলীসকল অসমত সোমালে ই অসমীয়াক কি ধৰণে সহায় কৰিব? আকৌ ১-১.৫ লাখ বাংলাদেশৰ হিন্দু বেংগলীয়ে কি ধৰণে অসমত হিন্দুক সংখ্যাগৰিষ্ঠ কৰিব? আনহাতে, আপোনাৰ কথা অসংবেদনশীল এইবাবে যে ‘ধৰ্মীয় সংখ্যালঘু’ কেন্দ্রীক আপোনাৰ মন্তব্যয়ে অসমৰ ‘ন-অসমীয়া’সকলৰ প্রতি কি বাৰ্তা এৰিলে? ‘সব কে সাথ সবকা বিকাশ’ত ‘ন-অসমীয়া’সকল নপৰে নেকি?শৰ্মা ডাঙৰীয়া অসমৰদৰে এখন দেশত ধৰ্মকেন্দ্রিক সংবেদনশীল কথা কওঁতে অলপ সাবধান এইবাবেই হ’ব যে ‘ন-অসমীয়া’সকলৰ অনবদ্য অবদানকলৈহে অসমীয়া জাতি।তেওঁলোক ‘ধৰ্মীয় সংখ্যালঘু’হ’লেওঁ তেওঁলোক আমাৰ, আমি তেওঁলোকৰ। আমি একেলগে অসমীয়া।আমি বিৰোধ কৰো অবৈধ বাংলাদেশী প্রবজনৰ, বিৰোধ কৰো জনগনৰে থাহ খাই থকা আমাৰ দেশত পুণৰ কাষৰীয়া দেশৰ পৰা ধৰ্মৰভিত্তিত জনগনক আমদানী কৰাতো।
  
পঞ্চমত, আপুনি কি ভিত্তিত ক’লে যে বাংলাদেশৰ হিন্দু বেংগলীসকল অসমীয়াৰ বাবে, অসমীয়া ভাষা সংস্কৃতিৰ বাবে ভাবুকি নহয় বুলি?অসমৰ ইতিহাসৰ যোৱা ৭০-৮০ বছৰৰ মাথো দুটামান পৃষ্ঠা লুটিয়ালেই মই কি ক’ব খুজিছো স্পষ্টভাবে বুজি পাব।আপোনাৰ সুবিধাৰ্থে বহু দস্তাবেজৰ মাজৰ পৰা অপূৰ্ব বৰুৱাৰ অসমৰ মধ্যবিত্তীয় ৰাজনীতি বিষয়ক গ্রন্থত উল্লেখিত এটা অতি  গুৰুত্বপূৰ্ণ আৰু প্রাসংগিক কথা  পাতনি স্বৰূপ  তলত আগবঢ়ালো-
“While the tea garden labourers did not add to the pressure on land in rural Assam because they more or less confined themselves to the tea plantations, the Nepalis settled down in villages and thus there was every possibility of their coming into conflict with the Assamese peasants. But what saved the situation was that the Nepalis slowly got assimilated with the Assamese. So did the tea garden labourers so much so that a new dimension was added to the Assamese culture by the tea garden labourers …The conflict that exists between the indigenous Assamese population and the immigrant Bengali in Assam is generated because of the resistance of the latter to the process of assimilation.”
প্রসংগক্রমে কৈ থ’লো সৌ সিদিনা আপোনাৰ তেতিয়াৰ কংগ্রেছী চৰকাৰেই সুৰমা উপত্যকাত বাংলাভষাক চৰকাৰীভাষা হিচাপে স্বীকৃতি দিছিলে। ভাষাৰ ভিত্তিত বিভাজিত ভাৰতৰ ৰাজ্যসমুহৰ আৰু ক’ত আগে-পিছে এনে ঘটিছে মই অজ্ঞ।

ষষ্ঠতে, আপুনি ডঃ হীৰেন গোহাঁইক আক্রমণ কৰি কৈছে- “হীৰেণ গোহাঁয়ে অসম আন্দোলনৰ কেতিয়াওঁ সমৰ্থন কৰা নাছিল। এতিয়া অসমীয়া জাতি ৰক্ষাৰ মিছন তেওঁৰ ওপৰত হ’ব নেকি? তেওঁ জাতিটোৰ ৰক্ষাৰ এজেণ্ডা প্রস্তুত কৰিব নোৱাৰে নহয়”। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ পুৰণৰ বাবে দল বাগৰি ফুৰা আপুনি জাতিটোৰ ৰক্ষাৰ এজেণ্ডা প্রস্তুত কৰিব  পাৰে? অসম আন্দোলনৰ পৰিণতিত আমি লাভ কৰা অসম চুক্তিয়ে প্রতাৰণাৰ বাদে আমাক কি দিলে? IM(D)T আইনৰ বিষয়ে কি অসম চুক্তিৰ দপ্তৰত থকা এজন আপোনাৰ দৰে দেশ প্রেমিকক মোৰ দৰে এজন নগন্য নৰমনিষে এতিয়া বুজাব  লাগিব?ডঃ হীৰেন গোহাঁইয়ে অসম আন্দোলনক সমৰ্থন নকৰাৰ কাৰণ হিচাপে তাৰ ফলাফল আমাৰ চকুৰ আগত কিন্তু আপুনি এফালে অসম আন্দোলনক সমৰ্থন কৰে আনফালে অসমচুক্তি উলংঘা কৰি হিন্দু বেংগলীসকলক বাংলাদেশৰ পৰা আনি অসম সংস্থাপন কৰিব বিচাৰি ‘অসম প্রেমৰ’ কি চানেকী দেখুৱাইছে মোৰ বাবে ই এক দুৰ্ভে্দ্য সাথঁৰ।দৃষ্টিভংগী দুটা হ’লে সমুদ্র মন্থন সম্ভব কিন্তু দুয়োটা দৃষ্টিভংগীত যুক্তিৰ পৈণতা থকাতোও সমানে প্রয়োজন বুলিওঁ আপোনাক সোৱৰাই থ’লো।

সপ্তমত, আপুনি মন্তব্য কৰোতে দলীয় আনুগত্য অনুশীলন কৰাতো উচিত বিশেষকৈ এনে মন্তব্য যি ধৰ্মৰ ভিত্তিত সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে বা কৰিছে।বিজেপি দলে নিজেই দলগতভাবে বৰ্জন কৰা আপোনাৰ এনে মন্তব্য বা বক্তব্য যাতে আপুনি পুনৰ নকৰে তাৰ বাবে সচেতন হওঁক।এজন জ্যোষ্ঠ মন্ত্রী হিচাপে এইখিনি দলীয় আৰু সামাজিক দায়বদ্ধতাৰ চেতনা থকাতো আপুনি নিজেই প্রয়োজনীয় বুলি নাভাবেনে?

অষ্টমত, এটা অতি হাস্যস্পদ কথা। আপুনি প্রশ্ন কৰিছে “হিন্দু বাংলাদেশীক বাদ দিলে আমি এঘাৰখন জিলাত সংখ্যা গৰিষ্ঠ হ’ব পাৰিমনে? বদৰুদ্দিন আজমলক ৰখাব পাৰিমনে? - শৰ্মা ডাঙৰীয়া বদৰুদ্দিন আজমলে অসমৰ ১১ জিলাত অসমীয়া সংখ্যালঘুহৈ থকা এইখন অসমতে যে যোৱা নিৰ্বাচনত যে এক সমুচিত তিক্ত ৰাজনৈতিকশিক্ষা লাভ ৰি থৈছে আপুনি পাহৰিলে নেকি? আপুনি যি দৃষ্টিকোণেৰে কথাবোৰ কৈছে সেই দিশৰ পৰা চালে ধৰ্মৰ ভিত্তিত যোৱা নিৰ্বাচনত আজমলে অন্ততঃ বিৰোধি দলপতি হৈ বহি থকাৰ সুযোগ লাভ কৰিব লাগিছিল। কিন্তু প্রকৃততে কি হ’ল? যি নিৰ্চবানত আজমলে ধৰ্মৰ ভিত্তি কৰি অসমত চৰকাৰ গঠন কৰিব বুলি হুংকাৰ দিছিল সেই নিৰ্বাচনতে তেওঁ আটাতকৈ বেয়াকৈ বিধ্বস্ত হ’ল? ধৰ্ময়ে পাৰিলে জানো বচাব আজমলক? তেনেহ’লে আপোনাৰ কথাৰ ভিত্তি কি?

ডঃহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া মানুহ, অসমীয়া জাতি ইমান নিশকতীয়া হ’লনে যে এতিয়া বাংলাদেশৰ পৰা ১-১.৫ লাখ হিন্দু আহিলেহে আমি ৰক্ষা পৰিম? নে যুক্তৰাষ্ট্রৰ দৰে অন্য দেশৰ অভ্যন্তৰীন সমস্যা সমাধান কৰিব পৰাকৈ আমি  শক্তিশালী আৰু স্বাবলম্বী হৈ উঠিলো? শৰ্মা ডাঙৰীয়া যদি সঁচাকৈ জাতিৰ হীত চিন্তা কৰে, যদি সঁচাকৈ অসমীয়া সংখ্যালঘু হ’ব বুলি চিন্তিত তেনেহ’লে দুটা কাম নিষ্ঠাৰে কৰিবলৈ চৰকাৰখনক উদগণি দিয়ক প্রথম, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি অসম-বাংলাদেশ সীমান্ত চীল কৰক।দ্বীতিয়, এন.আৰ.চি ৰ কাম নিখূঁটকৈ সম্পাদন কৰি ‘৭১ৰ পিছৰ লোকক বিতাড়িত কৰক।ৰাইজৰ বহু আকংক্ষিত আওঁপুৰণি এই আশা পুৰণ কৰিব পাৰিলে বিজেপিৰ যশ-গৰিমাক জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে অসমৰ লক্ষ লক্ষ জনতাই একেমুখে শলাগিব, বিজেপি অসমৰ ৰাইজৰ আপোন চৰকাৰ হৈ উঠিব।ড:শৰ্মা আপুনি প্রফুল্ল মহন্তক বাংলাদেশৰ বেংগলী হিন্দুসকলক অসমত সুমৱাবলৈ নহয় বৰং প্রধানমন্ত্রী নৰেন্দ্র মোডীক বাংলাদেশৰ বেংগলী হিন্দুসকলক অসমত নুসুমুৱাবলৈ পতীয়ন নিয়াওঁক।এইবোৰ ধাৰ-ধুৰ কৰি বাংলাদেশৰ পৰা মানুহ আনি জাতি ৰক্ষাৰ কৰিব বিচৰা অবান্তৰ চিন্তা বাদ দি বস্তুনিষ্ঠভাবে প্রয়োজনীয় দিশত সদথকভাবে জাতি উৎকৰ্ষী কামত আত্মনিয়োগ কৰক।ভাষা জাহ গ’লে ধৰ্ম নামৰ আফিংৰ নিচাত উটি বুৰি আমিবোৰ ক’লৈ, কত দূৰ যাম? অসমীয়াৰ মুখত বাংলাদেশীৰ (যি ধৰ্মৰে নহওঁক) প্রতি ৰাজনৈতিক সহৃদয়তা দেখিলে কিয় নাজানো বক্তাৰ গাত জিন্না অথবা কাৰ্জনৰ ভূতে বাহঁ লোৱা যেন অনুভৱ হয়।আপুনি ৰাইজে পাতি দিয়া, ৰাইজৰ প্রতিনিধি। ময়ো সেই ৰাইজৰে এজন সেয়েহে গণতান্ত্রিক অধিকাৰসূত্রে কথাবোৰ কোনো খোকোজা নলগাকৈ পোনপটিয়াকে সুধি পেলালো, কৈ পেলালো। আপোনাৰ ৰাজনৈতিক ব্যস্ততাসূত্রে প্রতিক্রিয়াৰ আশা তেনেই ক্ষীন যদিওঁ সত্যক প্রতিফলিত কৰিব পৰা জাতিহৈতেষী প্রত্যুত্তৰ মোৰ প্রত্যাশিত।

No comments:

Post a Comment