অসমীয়া কোন? এই প্রশ্নটোৰ উত্তৰক কেন্দ্র কৰি প্রায়ে বিৰ্তক সূত্রপাত হয় যদিওঁ সৰ্বজন সন্মতিপ্রাপ্ত এটি সংজ্ঞা লাভ কৰাতো অসমৰ দৰে বহু জনগোষ্ঠীয়, আৰু অবৈধ প্রবজনে জুৰুলা কৰা এখন ৰাজ্যৰ বাবে সহজ নহয়।কিন্তু এই খিনিত এইটো উল্লেখ কৰিব লাগিব যে অসমীয়া জাতিয়তাবাদী ভাবধাৰাৰ জন্ম বা অসমীয়া জাতীয় চেতনা জাগ্রত হোৱা বা সময়ে সময়ে উগ্রৰূপ ধাৰণ কৰাৰ গূৰিতে যোৱা কেইবাদশকৰ কিছুমান বিশেষ প্রবজনজনিত কাৰক সন্নিহিত হৈ আছে।
বুৰঞ্জীবিদ প্রয়াত অমলেন্দু গুহ ডাঙৰীয়াৰ মতে ইংৰাজ শাসকীয় ব্যবস্থাই প্রথমে কাষৰীয় বংগীয় মুছলমান কৃষক আৰু প্রশাসনীয় সুবিধাৰ বাবে “ বেংগলী হিন্দু বাবু’ সকলকৰ অসমলৈ প্রবজন ঘটাই আৰু পৰবৰ্তি সময়ত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া কাৰ্যই বৃটিছ আমোলৰ অসমীয়া লোকসকলৰ মাজত জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ কাৰকৰূপে পৰিগণিত হৈছিল। আমি এইখিনিতে এইটো পাহৰিব নালাগিব যে বৃটিছ পৰিচালিত প্রবজনৰ এই ধাৰা প্রকৃতাৰ্থত অসমত প্রশাসনৰ আৰু কৃষিকৰ্মৰ বাবে প্রয়োজনীয় লোকৰ অভাৱৰ বাবেহে আৰম্ভ কৰা হৈছিল। প্রায় একেই কাৰণতেই ১৮৭৪ চনত বংগৰ চিলেট জিলাক অসমৰ অৰ্ন্তভূক্ত কৰা হৈছিল যি কাৰণত অসমত বাংলা ভাষী লোকৰ সংখ্যা অভূতপূৰ্ব ভাবে বৃদ্ধি পাইছিল। প্রথমে অৰণ্য, উন্মুক্ত উৰ্ব্বৰভূমি, নদীকাষৰীয় অঞ্চল আৰু পিছলৈ প্রায় সকলো অঞ্চললৈ বিয়পি পৰিছিল এই লোকসকল।পাকৈত খেতিয়ক হিচাপে এইলোকসকলে অনায়সে থলুৱা কৃষকসকলৰ বাবে এক ডাঙৰ অৰ্থনৈতিক প্রত্যাহ্বান হিচাপে দেখা দিছিলে। এই প্রত্যহ্বানে লাহে লাহে থলুৱালোকসকলৰ প্রবজনকাৰী বিৰোধী বা বিদেশী বিৰোধী মনোভাৱক শক্তিশালী কৰি তোলে।এইক্ষেত্রত অৱশ্যো বৃটিছ বিষয়াৰ উচটনি মূলক কিছূ বক্তব্যওঁ বিদেশী বিৰোধী মনোভাৱক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্রত ক্রিয়া কৰিছিলে। বিশেষকৈ C.S. Mullan, ১৯৩১ চনৰ অসমৰ লোকপিয়লৰ দায়িত্বত থকা এজন বৃটিছ প্রশাসনিক বিষয়াই মন্তব্য কৰিছিল যে যে অনাগত ৩০ বছৰত হয়তো শিৱসাগৰেই একমাত্র হয়তো এনে এখন ঠাই হ’ব য’ত এজন অসমীয়াই অসমত থকা যেন অনুভৱ কৰিব। তেওঁ আৰু উল্লেখ কৰিছিল যে অসমলৈ ক্রমাৎ বৈ থকা পূৰ্ববংগীয় মুছলমানৰ প্রবজনে অসমৰ সভ্যতা আৰু সংস্কৃতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে অসমৰ ভবিষ্যত চিৰদিনৰ বাবে সলনি কৰিলে আৰু প্রবজনকাৰীয়ে কৰা এই ক্ষতি ১৮২০ চনৰ মানৰ আক্রমণৰ ফলত হোৱা ক্ষতিতকৈ বহুগুণে ভয়াবহ। এনে মন্তব্য নিশ্চিতই জাতীয় উত্তেজনা উদ্রেককাৰী।
অথনৈতিক স্বাৰ্থত অসমলৈ প্রবজন কৰা লোকসকলৰ মাজত চাহ জনগোষ্ঠীয় আৰু নেপালী লোক সকলো আছিল কিন্তু তেওঁলোকে থলুৱা কৃষকৰ লগত প্রতিযোগিতাত নমা নাছিল আৰু পূৰ্ববংগীয় কৃষক সকলৰ দৰে থলুৱা খেতিয়কসকলৰ বাবে অৰ্থনৈতিক প্রত্যাহ্বান হিচাপে থিয় দিয়া নাছিল অথবা প্রবজিত বেংগলী হিন্দু শ্রেনীটোৰ দৰে অসমীয়া মধ্যবিত্ত শ্রেণীটোক ভূমি, ক্ষমতা অথবা জীবিকাৰ ক্ষেত্রত প্রত্যাহ্বান দিয়া নাছিল। ডঃ হীৰেণ গোহাঁই ডাঙৰীয়াওঁ উল্লেখ কৰিছে যে অসমৰ থলুৱালোকসকলৰ জাতীয় চেতনা উদ্রেককাৰী কাৰক হৈছে বৃটিছ প্রশাসনীক ব্যবস্থা আৰু সিদ্ধান্তৰ পৰিণতিত নিজৰ ভৃমিতে নিস্প্রভ, একাষৰীয়া আৰু ক্ষমতাহীন হৈ পৰাৰ ভয়। বাংলা অৰ্থনৈতিক অৱদমনৰ সংশয়ো আন এটা কাৰক হিচাপে তেওঁ চিনাক্ত কৰিছে। তেওঁ আৰু উল্লেখ কৰিছে যে অসমলৈ অহা বাংলাসকলৰ উগ্রজাতীয় অহংভাব আৰু অসমীয়াসকলক নিজৰ ভূমিতে নসাৎ কৰিবৰ বাবে বৃটিছসকলৰ লগত কৰা প্রৰোচনাই অসমৰ লোকসকলক ইয়াৰ বিৰুদ্ধে গোষ্ঠীগতভাবে একত্রিত কৰাত অৰিহনা যোগাইছিল। অসমত এখন সুকীয়া বিশ্ববিদ্যালয় অথবা সুকীয়া ৰেল খণ্ড স্থাপনৰ প্রস্তাবৰ প্রতি বাংলাসকলৰ সমৰ্থন নথকাতো তেওঁলোকৰ অসমীয়াসকলক বা অসমক প্রৰোচনা কৰাৰ এক উদাহৰণ হিচাপে ডঃ গোহাঁয়ে উল্লেখ কৰিছে। তাৰোপৰি অসমীয়ালোকসকলে চৰকাৰ বুলিলে চৰকাৰৰ ৰূপত এই বাংলালোকসকলৰে মুখামূখি হ’বলগীয়া হৈছিল যি অসমীয়াৰ বাবে অসন্তোষ্টিৰ এক প্রধান কাৰণ হৈছিল। আন বহু কেইজন লেখকে ডঃ গোহাঁইৰ দৰেই ‘বাংলা উগ্র জাতিয়তাবাদী’ চৰিত্রই অসমীয়াসকলকৰ মাজত জাতিয় চেতনাবোধ গঢ় দিয়াত আৰু সৱল কৰাত যথেষ্ট অৰিহনা যোগাইছিল বুলি মন্তব্য কৰিছে। উদাহৰণস্বৰূপে আন এজন গৱেষক, লেখক সজল নাগে উল্লেখ কৰিছে যে বৃটিছ সাম্রাজ্যবাদী শাসনব্যৱস্থাৰ অধীনস্থ বাংলা প্রশাসকসকলৰ মনোবৃত্তি অসমীয়াসকলকৰ প্রতি কঠোৰ আছিল আৰু অসমীয়াসকলক নিজতকৈ নীচ বা তলৰ বুলি গণ্য কৰিছিল। ১৮৩৬ চনত যেতিয়া বাংলাক অসমৰ চৰকাৰী ভাষা হিচাপে প্রতিষ্ঠা কৰা হৈছিল তেতিয়া এই ক্ষেত্রত বাংলা প্রশাসকসকলৰ বা চৰকাৰী বিষয়ববীয়া বা কৰ্মচাৰীসকলে সেইসময়ৰ ডেপ্যুটি কমিশ্যনাৰ হেনৰী হ’পকিনসক অসমীয়া ভাষাক বাংলাৰে এটা উপভাষা বুলি চক্রান্তমূলকভাবে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। ঠিক একেদৰেই অপূৰ্ব বৰুৱায়ো তেখেতৰ অসমৰ মধ্যবিত্তীয় ৰাজনীতি বিষয়ক গ্রন্থত বাংলাসকলক কেৱল অসমত বাংলাভাষা জাপি দিয়াৰ বাবেই নহয় বৰং অসমীয়াৰ মাজত বাংলাবিৰোধী মনোভাব গঢ় দিয়াৰ বাবেওঁ জগৰীয়া কৰিছে। অৱশ্যো তেওঁ অসমীয়া-বাংলাৰ মাজৰ এই পৰিস্থিতিৰ বাবে অৰ্থনৈতিক কাৰকক জগৰীয়া কৰা নাই। তেওঁ উল্লেখ কৰিছে এইদৰে-
“While the tea garden labourers did
not add to the pressure on land in rural Assam because they more or less
confined themselves to the tea plantations, the Nepalis settled down in
villages and thus there was every possibility of their coming into conflict
with the Assamese peasants. But what saved the situation was that the Nepalis
slowly got assimilated with the Assamese. So did the tea garden labourers so
much so that a new dimension was added to the Assamese culture by the tea
garden labourers …The conflict that exists between the indigenous Assamese
population and the immigrant Bengali in Assam is generated because of the
resistance of the latter to the process of assimilation.”
সঞ্জীব বৰুৱা ডাঙৰীয়াই তেখেতৰ “India against Itself”- নামৰ গ্রন্থত অন্য এক অতি গুৰুত্বপূৰ্ণ দিশ উনুকীয়াই দিছে।তেওঁ উল্লেখ কৰিছে যে বৃটিছ শাসনৰ কালছোৱাত অসমক বৃটিছ প্রশাসনে কেৱল বংগৰ এক প্রান্তীয় ভুখণ্ড বুলি ধৰি লৈছিলে আৰু এইটো কথা অসমত বাংলাক ৰাজি্যক ভাষা কৰা আৰু ১৮৭৪ত চিলেটক অসমৰ অৰ্ন্তভুক্ত কৰাৰ সিদ্ধান্তৰ পৰাই প্রতীয়মান হয়।তেওঁ আৰু উল্লেখ কৰিছে যে বৃটিছ প্রশাসনে যি দৰে বেংগলৰ পৰা অসমলৈ হোৱা অনুপ্রবেশক উৎসাহিত কৰিছিল আৰু যি দৰে অসমৰ ভু-খণ্ডৰ চাৰিসীমা অকাঁ হৈছিল সি অসমৰ জনগাথঁনিৰ এনেধৰণৰ এটা সন্তোলন ৰক্ষা কৰিছিল যি অসমীয়া ভাষাটোক বৃটিছ ৰাজৰ সময়ত আৰু তাৰ পিছতো বিৰ্তকৰ এক কাৰণত পৰিণত কৰি দোদুল্যমান অবস্থাত ৰাখিছিল।
উপৰোক্ত অতি সংক্ষিপ্ত আলোচনাৰ পৰা এটা কথা স্পষ্ট হয় যে আহোম ৰাজত্বৰ পিছত বৃটিছৰ যি প্রশাসনিক পৰিবৰ্তনে অসমক ধোৱাই নিছিল সেই পৰিবৰ্তনৰ মোকাবিলা কৰিব পৰা মানব সম্পদ মানৰ আক্রমণে গ্রাস কৰা অসমত নাছিল আৰু সেয়েহে দুশবছৰৰ পূৰবে বৃটিছ প্রশাসনৰ লগত পৰিচিত বংগীয়মুলৰ লোকসকলক আমদানি কৰি অসমত বৃটিছৰ প্রশাসনিক ভেটি সৱল কৰাৰ বাদে নিশ্চিতই কোনো উপায়ো নাছিল।এই আমদানীকৃত বংগীয়মুলৰ লোকসকলৰ ভাষিক আগ্রাসন তথা ক্রমবৰ্দ্ধমান হাৰত বৃদ্ধি পোৱা পূৰ্ব বংগীয় প্রবজনৰ ধাৰাৰ পৰাই অসমীয়াৰ জাতীয় চেতনাৰ এক জোৱাৰ আৰম্ভ হয় বুলি ক’লে নিশ্চিই ভুল কোৱা ন’হব।
পৰবৰ্তী সময়ত
বিশেষকৈ দেশ বিভাজনৰ সময়ত, ১৯৫০ৰ সময়ৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত, বাংলাদেশৰ জন্মৰ সময়ত লক্ষ
লক্ষ লোকে অসমত প্রবেশ কৰিলে। পৰিস্থিতিৰ নিয়ম মাফিক মোকাবিলা কৰিবলৈ সময়ে সময়ে আইন
প্রণয়ন বা চুক্তি আদি সম্পাদিত কৰা হ’ল।IMDT-য়েই হওঁক বা নেহেৰু-লিয়াকট চুক্তি, অসম চুক্তিয়েই হওঁক বা ইন্দিৰা-মুজিবুৰ চুক্তি – প্রবজন কিন্তু নৰখিল বৰং এতিয়ালৈকে
বৈধ-অবৈধ ভাবে নিৰন্তৰ চলি থকা পূৰ্ব বংগীয়মুলৰ লোকৰ প্রবজনে ক্রমাৎ অসমক দশোদিশে জুৰুলা কৰি আহিছে।তাৰ পিছত
আকৌ ভূতৰ ওপৰত
দানহৰ দৰে
বৰ্তমান চৰকাৰে কেৱল ধৰ্মৰ ভিত্তিত পুণৰ কেইবালাখো বাংলাদেশী ‘হিন্দু’ শৰণাৰ্থীৰ বোজা পুণৰ মুৰ পাতি লোৱাৰ যো-জা চলাইছে। অসমৰ নিচিনা এখন ৰাজ্যত য’ত কেৱল
প্রবজনৰ বাবেই ক্রমাৎ ভয়াবহ আৰু চিন্তনীয় হাৰত ভৌগলিক, জনগোষ্ঠীয়, ভাষিক জটিলতা বাঢ়ি আহিছে তেনেক্ষেত্রত
বৰ্তমান চৰকাৰৰ এই পদক্ষেপ কিমান যুক্তি সংগত আৰু ভবিষ্যতৰ বাবে কিমান
নঞৰ্থক পদক্ষেপ হ’ব সেইটো সহজেই অনুমেয়। কংগ্রেছৰ বহু বছৰীয়া শোষণৰ
ভোক্তভূগী হোৱাৰ পিছত উপায়ন্তৰ হৈ অসমৰ ৰাইজে বহুল ভোট প্রদানেৰে ‘পৰিবৰ্তন’ৰ সপোন
দেখুওৱা ভাৰত যুক্তৰাষ্ট্রৰ আন এটি ৰাষ্ট্রিয় দল বিজেপিক ‘পৰিবৰ্তন’ৰ বাবেই শাসনৰ বাঘজৰী
সপি দিলে।অসমত জনসংখ্যাৰ বিস্ফোৰণ আৰু অসমৰ জনাথঁনিৰ অভূতপূৰ্ব পৰিবৰ্তনৰ সংকেত ইতিম্যোই
২০১১ চনৰ লোকপিয়লে স্পষ্টকৈ দি থৈছে।প্রবজিত বিশেষকৈ পূৰ্ব বংগীয় মুলৰ লোকসকলৰ লগত ক্রমাৎ বাঢ়ি অহা অৰ্থনৈতিক, ৰাজনৈতিক, ভূমি
কেন্দ্রক বিবাদ আদিৰ পৰিপেক্ষিতত প্রবজন ৰোধৰ বাবে এক শক্তিশালী
স্থিতি আৰু নীতি গ্রহণ কৰাতো ৰাইজে বিচৰা ‘পৰিবৰ্তন’ৰ প্রথম চৰ্ত আছিল।নিৰ্বাচনৰ সময়ত
কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে ২০১৭-ৰ ভিতৰত ধুবুৰী সীমান্ত চীল কৰা হ’ব বুলি প্রতিশ্রুতি
দিছিলে কিন্তু ধুবুৰী সীমান্ত চীল কৰি যদি অবৈধ ভাবে সোমাব বিচৰা বাংলাদেশীলোক সকলক
(যি ধৰ্মৰে নহওঁক কিয় বাংলাদেশৰ লোকক বাংলাদেশী বুলিয়েই জানো বা সেইবুলি কোৱা হয়)চৰকাৰীভাবে
নিমন্ত্রনেই কৰা হয় তেন্তে সীমান্ত চীল কৰাৰ প্রয়োজনেই বা কি?ভিত্তিবৰ্ষ প্রথমে ১৯৫১
আৰু পিছলৈ ২০ বছৰ পিছুৱাই চুক্তিত ১৯৭১ কৰাৰ পিছতো ১৯৭১ ৰ পিছৰ হিন্দু বাংলাদেশীক যদি
কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব প্রদান কৰে তেনেহ’লে ই অসম তথা অসমীয়াৰ জাতিসত্ত্বাতৰ লগতে
ভাৰতীয় গণতন্ত্র তথা যুক্তৰাষ্ট্রীয় ব্যবস্থাত এক প্রচণ্ড কুঠাৰাঘাট হ’ব।প্রসংগক্রমে
নৰেন্দ্র মোডী ডাঙৰীয়াই ২২ফেব্রুবৰী, ২০১৪ত শিলচৰ চহৰৰ ৰামনগৰত এখন নিৰ্বাচনী সভাত
উদ্দাত্ত কন্ঠেৰে এই সন্দৰ্ভত কৰা মন্তব্য পাঠকৰ বিবেচনাৰ বাবে আগবঢ়লো - “আন দেশত দূখ,
কষ্ট পাই থকা হিন্দু সকলৰ প্রতি আমাৰ দায়িত্ব আছে।তেওঁলোক ক’লৈ যাব? ভাৰতবৰ্ষই তেওঁলোকৰ
বাবে একমাত্র স্থান।আমাৰ চৰকাৰে তেওঁলোকক যাতনা দি যাব নোৱাৰে। আমি তেওঁলোকক ইয়াত সংস্থান
দিম”। আন দেশৰ নাগৰিকৰ দুখত জৰ্জৰিত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়া আপুনি বহু দশকজুৰি
প্রবজনে ৰাজহাড় ভঙা আপোনাৰ দেশৰে অসম নামৰ ৰাজ্যখনত বসবাস কৰা অসমীয়া জাতিটোৰ দুখ-শোকৰ
কথা কেতিয়া বুজিব? কেতিয়া সন্মান কৰিব অসমীয়া জাতিসত্ত্বাক? নে অসমীয়াই পুণৰ বিজেপি
চৰকাৰৰ নামত নতুন বটলত পুৰণা মদেই পালে?মুখমন্ত্রী ডাঙৰীয়া আপুনি ‘জাতীয় নায়ক’ৰ মুকুট
পিন্ধাৰ কিমান যোগ্য তাক অসমীয়া ৰাইজৰ আগত
প্রমাণ কৰাৰ ইয়াতকৈ হয়তো উত্তম সময় নাই।এই লেখা প্রস্তুত কৰি থকাৰ মাজতে আকস্মাত ৩ আগষ্টৰ প্রতিদিন কাকৰ এটি বাতৰি ছবিসহ চকুত পৰিল
“স্ববং চৰকাৰৰ উদ্যোগতে অসমত পুণৰ বাংলাভাষাৰ প্রচলন, তেজপুৰত ঘৰে ঘৰে বিতৰণ লোকগণনাৰ
বাংলাভাষাৰ ফলক”। আমাৰ আজিৰ এই অবস্থাৰ বাবে আমি বৃটিছ প্রশসনকেই চিৰকাল জগৰীয়া কৰি
দায়িত্ব সাৰিম নেকি?
No comments:
Post a Comment