Friday, November 25, 2016

ক্ষুদ্র চিন্তা

অপৰিকল্পিত ভাবে "Elephant Corridor'-ত ৰেলৰ আলি স্থাপন কৰাৰ বাবে ৰেলৰ খুন্দাত আজি বহু বছৰ ধৰি দিপৰ বিলত বহু হাতী মৰিল। কাহানিওঁ ইমান প্রতিবাদ নেদেখিলো যিমান প্রতিবাদ অলপতে তেজপুৰৰ কাষৰীয়া পতঞ্জলিৰ বাবে আবন্টিত ভূমিত দুৰ্ঘটনাত মৃত্যু হোৱা হাতীটোৰ ক্ষেত্রত দেখিলো। মানুহ হঠাৎ ইমান পশু- প্রকৃতি প্রেমী হৈ উঠা দেখি অলপ বিচূৰ্তি খালো। এই পশু- প্রকৃতি প্রেম ভাল কথা কিন্তু এই অনুভৱ দুৰ্ঘটনাত বা মানুহৰ হিংসাৰ বলি হোৱা পৃথিৱীৰ প্রতিটো হাতী বা পশুৰ প্রতি সমভাবে, নিস্বাৰ্থ ভাবে থকা উচিত। এটা নিৰ্বোধ হাতীৰ অকাল মৃৃত্যুক 'ৰাজনৈতিকৰণ' বা নিজৰ ব্যক্তিগত ক্ষোভ প্রকাশৰ আহিঁলা কৰা কাৰ্য সমৰ্থনযোগ্য নহয়। পতঞ্জলিৰ বিৰুদ্ধে প্রমীলাৰাণী ব্রহ্মৰ এজাহাৰ এক উচিত পদক্ষেপ।

No comments:

Post a Comment