Friday, November 11, 2016

কিতাপৰ টোপোলাবোৰ ডাঙৰ হ’ল, হাহিঁবোৰ নোহোৱা হ’ল





তেনেই সৰু সিহঁতবোৰ। পখিলা খেদাৰ বয়স সিহতবোৰৰ। সিহতবোৰৰ বাবে পৃথিবিখন আটাইতকৈ ধুনীয়া, ৰং-ৰহস্যৰ- আশ্বৰ্যৰ অনন্য সমাহাৰ।সিহতবোৰে কৰা নিষ্কলুস আনন্দয়ে সমাজখনৰ বুকু জুৰাই।এখন ফুলনিৰ দৰে সিহতে ধুনীয়া কৰি ৰাখে পৃথিবীখন।ধুনীয়া কৰি ৰাখে প্রতিখন ঘৰ, প্রতিজন মানুহৰ হৃদয়।উদ্বাউল বনৰীয়া চৰাইজাকৰ দৰে সিহতৰো হেপাঁহ নিৰন্তৰ উৰি ফুৰা কল্পনাৰ এখন সুন্দৰ পৃথিবীত।কিন্তু ক’ৰবাত কিবা এটা কেৰোণ লাগিল।গ্রহণ লাগিল, সিহতৰ সুন্দৰ পৃথিবীখনত।অকালতে কুজাহৈ পৰিল কণমানি সিহতবোৰ এক অসহনীয় বোজাৰ ভৰত।ক্র্রমাৎ হেৰাই হ’ল সিহতৰ হাহিঁবোৰ। চিনথেটিক হৈ পৰিল মনবোৰ কাৰোবাৰ প্রৰোচনাত।সিহতবোৰৰৰচোন সময়েই নোহোৱা হ’ল…।

শৈশবতে পিতৃ-মাতৃৰ আশাৰ হাতুৰীৰ প্রচণ্ড কোববোৰ খাই খাই সিহতবোৰে হাহিবলৈ ভয় কৰা হ’ল। হাহিলে যদি নষ্ট হয় সময়?যদি পুৰ নহয় পিতৃ-মাতৃৰ সপোন? সপোনৰ সমানুপাতিককৈ বাঢ়ি গৈ থাকিল পঢ়াশালীৰ বেগৰ ভৰ? হেলনীয়া হৈ গৈ থাকিল জীৱন।কণমানিহতৰ নিষ্পাপ শৈশৱবোৰক মুচৰি মুচৰি হত্যাকৰি সিহতৰে ভবিষ্যত গঢ়াৰ, সিহতক ‘ডাঙৰ মানুহ’ কৰাৰ কি যে এক অনন্য হেপাহ।নিজক বুজাৰ আগতেই, পৃথিবী খনক মন ভৰি চোৱাৰ আগতেই সিহতে যে বুজিব লাগে বস্তুবাদৰ নিগনদৌৰত জয়ী হোৱাৰ গোপন ৰহস্য।ল’ব লাগে মাতৃ-পিতৃৰ প্রচণ্ড গধুৰ সপোনবোৰৰৰ বোজা।সিহতৰ জীবনবোৰ ভাগৰুৱা।জীৰাবৰ যে সময় নাই সিহতবোৰৰ।পুৱাৰ পৰা নিশা ক্লান্তহৈ শুই নপৰালৈকে সিহতৰ মানিব লাগে এখন হিটলাৰী ৰুটিন।যদি সেই ৰুটিনৰ হেৰফেৰ হয় সিহঁতবোৰে তাৰ পৰিণতিৰ ভয়ত মনে মনে কান্দে।শুৱাপাটি এৰিব লাগিব সোনকালে, স্কুল পাব লাগিব সোনকালে (ন’হলে প্রথম বেঞ্চ নাপাব), ঘৰৰ পঢ়া শেষ কৰি শুব লাগিব সোনকালে, খোৱা শেষ কৰিব লাগিব সোনকালে, হ’মৱৰ্ক শেষ কৰিব লাগিব সোনকালে, মুঠতে দৌৰ, দৌৰ কেৱল দৌৰ, প্রতিখোজতে থাকিব লাগিব আগত।সিহঁতবোৰ এতিয়া নুডলভোজি প্রাণী আৰু কাৰ্টুনচৰিত্র বোৰৰ মাজত সিহতৰ নিজেই গঢ়ি লোৱা এখন বিচিত্র, সংলগ্নহীন সমাজ। মাতৃ-পিতৃৰো যে সময় নাই।তেওঁলোকৰো যে আছে এখন কাহানিওঁ শেষ নোহোৱা, কাহানিওঁ হাৰিব নুখুজা দৌৰৰ প্রতিযোগিতা। অলপ সময় সন্তানক বেছিকৈ দিলে, মৰমেৰে ঘৰত তৈয়াৰি কৰা এটা পুষ্টিকৰ টিফিন দিলে প্রতিযোগিতাত যদি পিছ পৰি ৰৈ যায় কেনেবাকৈ? নাই, ইমান ডাঙৰ ৰিস্ক লয় কেনেকৈ? হয়তো মৰমৰ সংজ্ঞা সলনি হৈছে পৰিবৰ্তিত সমাজৰ লগত।পিতৃ-মাতৃৰ মৰমৰ স্বাক্ষৰ হিচাপে সিহতবোৰে পিন্ধা বিলাসী সাজ-পোছাকবোৰৰ মাজত কুছিমুছি খাই শুই পৰা সিহতৰ নিঃসংগ মনবোৰৰ উমান লবলৈ সময়েই বা কাৰ? সেয়েহে তৰপে তৰপে খহি আহিছে আবেগবোৰ সিহতবোৰৰ মনৰ পৰা।গঢ় লৈ উঠিছে হাঁহিব নজনা, তেজ মঙহৰে জীবন্ত একো একোটা ৰবট।

আজি কালি অল-ৰাউণ্ডাৰ ন’হলে লাভেই বা কি? অকল পঢ়ি শুনিওঁ লাভ নাই।পঢ়া-শুনাত ভাল হোৱাৰ লগত খেল, গান- নাচ, চিত্রশিল্প সকলোতেই থাকিব লাগিব, নাম কৰিব লাগিব সকলোতে।প্রতিভা থাককেই বা নাথাকক। সন্তানৰ পচণ্ড- অপচণ্ডৰটো কথাই নাহে। মুঠতে বিভিন্ন প্রতিযোগিতাত সন্তানৰ বুকুত যিমান বিজয়ৰ মেডেল ওলমাব পাৰিব, পিতৃ- মাতৃক সিমানেই সফল বুলি ধৰি লোৱা হ’ব। মুঠতে চেপি- খুন্দি কুহিঁয়াৰ ডালৰ ৰস উলিয়াই পান কৰি আনন্দ ল’ব লাগে, লাগে কুহিঁয়াৰ ডালৰ দশা যিয়েই নহওঁক।কিন্তু সকলো ক্রিয়াৰ প্রতিক্রিয়া থাকে আৰু বোধহয় এনে এক কৃত্রিম-মুল্যহীন সফলতাৰ লালসাৰ বাবে বাঢ়ি অহা আবেগিক সম্পৰ্কৰ  দুৰত্বৰ বাবেই হয়তো ক্রমাৎ বাঢ়ি গৈছে ‘Old Age Home’বোৰ অথবা কৈশোৰ আত্মহত্যাৰ ঘটনা।

পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ এক আত্মিক সম্পৰ্ক। পিতৃ- মাতৃয়ে কাহানিওঁ নিজৰ অতৃপ্ত আশাৰ বোজা সন্তানৰ কোমল মনত সপি দিয়া উচিত নহয়।এটা সম্পৰ্কৰ সফলতাৰ  মাপকাঠি কাহানিওঁ পোৱা-নোপোৱাৰ বা দিয়া-নিদিয়াৰ সৰ্বমুঠ হিচাপ নহয় বৰং এটা সম্পৰ্কৰ সফলতাৰ  মাপকাঠি সম্পৰ্কটোৰ মাজত সোমাই থকা আন্তৰিকতা, আস্থা আৰু শ্রদ্ধা। এটা মানবী সম্পৰ্কত এই আন্তৰিকতা, আস্থা আৰু শ্রদ্ধা স্বতঃস্ফূৰ্ট ভাবে  গঢ় লৈ নুঠে নহয় বৰং সম্পৰ্কতো পাৰস্পৰিকভাবে নিষ্ঠাৰে পালন কৰিলেহে এই আন্তৰিকতা, আস্থা আৰু শ্রদ্ধা গঢ় লৈ উঠে।পিতৃ- মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ ক্ষেত্রত এই নিষ্ঠা পিতৃ- মাতৃয়ে পদে পদে প্রদৰ্শন কৰাটো সন্তানৰ মানসিক আৰু আবেগিক বিকাশৰ বাবে অতি প্রয়োজনীয় আৰু এনে কৰিলেহে কালক্রমতত ই পিতৃ- মাতৃ আৰু সন্তানৰ মাজৰ সু-সম্পৰ্কৰ এক মুখ্য কাৰক হ উঠে।

সমাজখনৰ উত্তৰপুৰুষ আমৰ চাৰিওঁফালে থকা আমাৰ এই শিশুজাক।এখন সুস্থ সমাজ গঢ় দিবৰ বাবে আমাক এজাক ‘Winner’ নহয় এজাক সুস্থ মানবীয় অনুভূতি, মুল্যবোধেৰে পৰিপুষ্ঠ ‘মানুহ’ লাগে যি ভবিষ্যতে আমাৰ সমাজখনৰ সুস্থ দিক নিৰ্ণয় কৰিব পাৰিব।সিহঁতক প্রাণখূলি হাহিব দিয়ক। AC কৃত্র্রিম বতাহৰ পৰিবৰ্তে কোনো বাকৰিৰ বায়ু-পানী-ধূলি-বালিৰ অভ্যস্ত কৰক।সিহতবোৰক মুকলিকৈ উশাহ ল’ব দিয়ক, ঘুৰাই আনক আমাক ধুনিয়া কৰি ৰখা সিহতৰ হাঁহিবোৰক। আমি কিয় পাহৰি যাওঁ জীৱনক কোনো বস্তুৰে জয় কৰিব নোৱাৰি বৰং জীবনত জয়ী হ’বলৈ প্রয়োজন মাথো এটি সুন্দৰ মনৰহে।

No comments:

Post a Comment