Tuesday, October 21, 2014

'শিলে শিলে'- গীত

ভালুকপুং গৈছিলো আজি, প্রকৃতিৰ মাজত অলপ সময় কটাবলৈ, গীত গাবলৈ।১২ বছৰ পুৰণি মোৰ গীত এটি সাধাৰণভাবে ৰেকৰ্ড কৰি পেলালো। কৰ্ডৰ অলপ খেলি মেলি হৈছে যদিও শুনিব পৰা হোৱা বুলি ভাৱ হোৱাত গীতটি  ৰাইজলৈ আগবঢ়ালো, এক সুদীৰ্ঘ বিৰতিৰ অন্তত। ভাল পালে সুখী হ'ম..... 

(C) ractim goswami

Friday, October 3, 2014

হেপল'গ্রুপ আৰু ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰৰ এজাক ক'লা বিষাক্ত পৰুৱা (১৬)

মাটিৰ টুকুৰাবোৰ থাৰম'কলৰ দৰে পানীত উপঙি ফুৰে। ৰুটিৰ টুকুৰাত আশ্রয় আৰু খাদ্য দুয়োটাৰ সন্ধানত থুপ খোৱা এজাক ক'লা বিষাক্ত পৰুৱা। নিজৰ ভাগ বিচাৰি কৰা অন্তহীন যুঁজৰ পৰিণতিত চিৰাচিৰ হোৱা ক্ষুদ্র ক্ষুদ্র ৰুটিৰ টুকুৰাত, X আৰু Y ক্র'মজ'মৰ উপস্থিতিৰে সমৃদ্ধ সৰু সৰু একোটা পৰুৱাৰ দলে নিজৰ একোখনকৈ পৃথিৱী গঢ়াত মনোনিবেশ কৰিলে। এক ভয়ানক কম্পনত এক সমৃদ্ধ পৃথিবী সামৰি ৰখা টুকুৰাবোৰ আকৌ চিটিকি আহি একলগ হ'ল। X আৰু Y ক্র'মজ'মবোৰ বিস্ফোৰণ হৈ যেনি তেনি সিঁচৰিত হৈ পৰিল।

এডাম, ঈভৰ পাপৰ পৰিণাম নেকি এইয়া? এনেকৈনো ধ্বংস হয় নে কষ্টৰে গঢ়া একোখন পৃথিবী? আহ্...প্রভু ৰামচন্দ্রৰ সংসাৰৰ বৃত্তান্তত লুকাই আছে নেকি নুশুকুৱা ৰক্তাভ নাভী? নাঃ নাঃ এইবোৰ আবেগ। বি প্রেকটিকেল... ডাৰউইনবাদ, বাস্তববাদ, বিবৰ্তনৰ বুকুতে সকলো সংশয় সমাধিস্থ। ডাৰউইনবাদ, বেদ, ৰামায়ণ, ধৰ্মাৱতাৰ পাপমোচনকাৰী যিশু এই সকলো মানিলেওঁ হ'ম 'কাফেৰ'। ব্রহ্মাণ্ডই ধৰ্ম? নে ৰুটিটুকুৰাবোৰ? নে X আৰু Y ক্র'মজ'মৰ নাঠঙ উণ্ডাম নৃত্য যি নৃত্যৰ আঁৰত লুকাই আছে প্রতিজন ধৰ্মাৱতাৰৰ সৃষ্টিৰ ৰহস্য, ৰহস্য একোখন দেশৰ, একোটা জাতি-জনজাতিৰ, জনগোষ্ঠীৰ।

মোৰ আদিপুৰুষ আৰু তোমাৰ আদিপুৰুষ একেই। দুয়ো বিজুলীৰ চিকমিকনিত একেটা গুহাটে কুচিমুচি খাই সোমাই আছিল কোনোবা কালৰাত্রিত। একেজনী হৰিণীৰে কেঁচা মঙহ চোবাইছিল। একে ভাষাই কৈছিল। বুদ্ধি উদয় হ'ল,

সেয়ে তুমি ইজৰাইলত, মই পেলেষ্টাইনত, 
মই আমেৰিকাত, তুমি আফগানিস্থানত, 
মই ভাৰতত তুমি পাকিস্থানত।


পৰুৱাবোৰে X আৰু Y ক্র'মজ'মৰ পুণৰ যোৰা পাতিছে ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰত।

নষ্ট্রড'মাচে কৈছে এক ভয়ানক কম্পন আকৌ হ'ব...


-ৰক্তিম-
০৩ অক্টোবৰ/১৪
তেজপুৰ