Monday, January 30, 2017

সৰস্বতী পূজা, মিডিয়া ইত্যাদি...

সৰস্বতী পূজাত ইউনিফৰ্ম পিন্ধা নিপিন্ধা, সৰস্বতী পূজাত মিডিয়াক বিদ্যালয়- কলেজত সোমাবলৈ দিয়া নিদিয়া আদি কথাবোৰ দৰাচলতে সাময়িক আৰু এই সাময়িক বিতৰ্কই প্রকৃতাৰ্থত ছাত্র- ছাত্রী বা মিডিয়াৰ পৰিবৰ্তিত অনাকাংক্ষিত চৰিত্র সংশোধনত তিলমাত্রওঁ সহায় নকৰে। এই কথাবোৰ দকৈ শিপোৱা সামাজিক বেমাৰ কিছুমানৰ একেবাৰে উপৰুৱা লক্ষণ মাথো।বেমাৰৰ মুল কাৰণ বিচাৰি গুৰিত ঔষধ দিব পাৰিলে উপৰোক্ত অানুসাংগিক বিতৰ্কবোৰ আপোনা- আপোনি অদৃশ্যমান হ'ব।স্বাধীনতাৰ অৰ্থ বুজি নোপোৱাবোৰৰ হাতত স্বাধীনতা নগ্নহে হয় ই আনন্দৰ উন্মুক্ত প্রতীক নহয়।

টেট্টু



টেট্টু বনোৱা নিৰ্দয় বেজিটোৰ বিষৰ পৰা মনটোক আঁতৰাই ৰাখিবলৈ sahityarathi. com ত বেজবৰুৱা দেৱৰ গল্প দুটা মান পঢ়িব আৰম্ভ কৰিলো। টেট্টু হৈ গল আৰামত । (29/01/2017)


Friday, January 27, 2017

য়ান্নিৰ ৰং


https://www.facebook.com/photo.php?fbid=896009593863422&set=a.120037788127277.20762.100003631681908&type=3&theater

হিন্দু গৌৰৱ

মই নিজকে হিন্দু বুলি গৌৰৱ কৰাৰ মুল কাৰণ হ'ল- মই গোড়া নহয়। ধৰ্মীয় গোড়ামীয়ে এটা ধৰ্মক বিনষ্ট কৰে।প্রতিজন ধৰ্মগোড়া ব্যক্তি তেওঁৰ নিজ ধৰ্মৰেই প্রধান শত্রু কাৰণ গোড়ামীৰ বাবে তেওঁ লাহে লাহে উদাৰতা আৰু মানবীয়তাক হেৰুৱাব লগা হয় যি পৃথিবীৰ প্রতিটো ধৰ্মৰে মুখ্য দৰ্শন।

Nwes 18 চেনেলত মই গোৱা জয়ন্ত হাৰিকাৰ এটি গীত মনোজ বৰপুজাৰী ডাঙৰীয়াৰ মন্তব্যসহিতে


আমাক এখন নতুন পৃথিবী দিয়া- নববৰ্ষৰ গান Youtube & News 18 Channel

তাই এতিয়াওঁ তেনেকৈ গান গাব পৰা হোৱ নাই যদিওঁ যি গাইছে মুকলি মনেৰে গাইছে। তাইৰ লগত প্রথমবাৰৰ বাবে এটি গীত গাই, বিশেষকৈ আজিৰ দিনত, মই খুব সুখী।নতুন বছৰৰ বাবে লিখা এটা সৰু গীত।য়ান্নি আৰু মই আপোনালোকৰ বাবে গাইছো।আপোনাৰশুভ কামনা আৰু শুভ ইচ্ছাৰ বাবে সদায় তৃষ্ণাতুৰ...গীতটো আগবঢ়ালো, নববৰ্ষ সুখময়, শান্তিময়, মানবী হওঁক ২০১৭ত এখন নতুন পৃথিবীৰ আশাৰে...








য়ান্নিৰ লগত জীৱনত প্রথমবাৰৰ বাবে মঞ্চত গীত গালো।

য়ান্নিৰ লগত জীৱনত প্রথমবাৰৰ বাবে মঞ্চত গীত গালো। 'তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ৰ ১৯৯১ চনৰ ছাত্র সকলৰ 'সতীৰ্থ পুণঃমিলন অনুষ্ঠানত'। ভাল লাগিল। প্রথমবাৰ মঞ্চত মানুহৰ আগত য়ান্নিয়ে ভয় বা সংকোচ কৰিব পাৰে বুলি ভাব এটা মনতে আছিল মোৰ আৰুু শ্রীমতীৰ যদিওঁ আমাক পলকতে ভুল বুলি প্রতিপন্ন কৰিলে তাই।তাল মান সঠিক কৈ ৰাখি মোতকৈ অধিক আত্ম বিশ্বাসেৰে গানটি গালে আৰু গাই উঠিয়েই ক'লে, 'দেতিকা, মোৰ যে গান গাই আজি বহুত ভাল লাগিল, (...আইচক্রীম এটা দিবা হা :-D :-D :-D )'। মঞ্চৰ পৰা দেখিছিলো শ্রীমতী অলপ আবেগিক হৈ পৰিছিল 'বাপ-বেটিক' দেখি। নিমন্ত্রণ তথা জীৱনৰ এটা মনত ৰাখিবলগীয়া দিন উপহাৰ দিয়া বাবে বহু ধন্যবাদ Utpal দা, আপোনালোক দাদাসকলৰ মাজত ইমান বছৰৰ পিছত নিজকে পাই বৰ ভাল লাগিল।







নিয়মীয়া বাৰ্তা্- 26/ 01/2016


আমাৰ অসম (Amar Asam) - 21/012017


নিয়মীয়া বাৰ্তা্- 16/ 01/2016- নতুনৰ বাবে এখন পৃথিৱীৰ সন্ধানত


DD News/ DD Guwahati- চেনেলৰ বাতৰিবোৰ আমি বেয়া পাওঁ


DD News/ DD Guwahati- চেনেলৰ বাতৰি চোৱা মানুহ আজিকালি মুঠেই কম। কাৰণ এইবোৰ নিউজ চেনেলৰ বাতৰিত 'মছলা' নাথাকে। আমাৰ কথা হ'ল নিৰামিষ আহাৰ ভাল যদিওঁ আমি নাখাওঁ আৰু জানি বুজি উগ্র মছলা দিয়া আহাৰ খাই পেট বেয়া কৰি পিছত ৰান্ধনিক গালি পাৰি পাৰি আকৌ একেই মছলা দিয়া আহাৰকেই খাই থাকো কেতিয়াওঁ ভাল বুলি গ্রহণ নকৰা এক নিম্ন ৰুচিৰ অদম্য লালসাত। বেয়া পাইছে যদি এৰি দিয়ক, গালি পাৰি পাৰি মজা লৈ থকাতো ভণ্ডামী বা আৰু বেয়াকৈ ক'লে নিমখ হাৰামী।এটা কথা মই গ্যাৰেন্টি দিব পাৰো যে যদি আমাৰ নিউজ চেনেল কেইটাই সচা অৰ্থত আজিৰ পৰা কেৱল 'বাতৰি' পৰিবেশন কৰিবলৈ লয় তেনেহ'লে এটা চেনেলো মোৰ বোধেৰে এমাহৰ ওপৰ নচলিব কাৰণ তেতিয়া আমি এই মছলা নোহোৱা চেনেলবোৰ বাদ দিম DD News/ DD Guwahati- চেনেলৰ বাতৰিৰ দৰে।দোষ আমাৰ, ভুল আমাৰ...আমাৰ ৰুচিবোধৰ সৈতে খাপ নোখোৱা হ'লে আমাৰ নিউজ চেনেলবোৰ এনে ধৰণে চলিব পাৰিলেহেতেন নে?