Friday, January 27, 2017

DD News/ DD Guwahati- চেনেলৰ বাতৰিবোৰ আমি বেয়া পাওঁ


DD News/ DD Guwahati- চেনেলৰ বাতৰি চোৱা মানুহ আজিকালি মুঠেই কম। কাৰণ এইবোৰ নিউজ চেনেলৰ বাতৰিত 'মছলা' নাথাকে। আমাৰ কথা হ'ল নিৰামিষ আহাৰ ভাল যদিওঁ আমি নাখাওঁ আৰু জানি বুজি উগ্র মছলা দিয়া আহাৰ খাই পেট বেয়া কৰি পিছত ৰান্ধনিক গালি পাৰি পাৰি আকৌ একেই মছলা দিয়া আহাৰকেই খাই থাকো কেতিয়াওঁ ভাল বুলি গ্রহণ নকৰা এক নিম্ন ৰুচিৰ অদম্য লালসাত। বেয়া পাইছে যদি এৰি দিয়ক, গালি পাৰি পাৰি মজা লৈ থকাতো ভণ্ডামী বা আৰু বেয়াকৈ ক'লে নিমখ হাৰামী।এটা কথা মই গ্যাৰেন্টি দিব পাৰো যে যদি আমাৰ নিউজ চেনেল কেইটাই সচা অৰ্থত আজিৰ পৰা কেৱল 'বাতৰি' পৰিবেশন কৰিবলৈ লয় তেনেহ'লে এটা চেনেলো মোৰ বোধেৰে এমাহৰ ওপৰ নচলিব কাৰণ তেতিয়া আমি এই মছলা নোহোৱা চেনেলবোৰ বাদ দিম DD News/ DD Guwahati- চেনেলৰ বাতৰিৰ দৰে।দোষ আমাৰ, ভুল আমাৰ...আমাৰ ৰুচিবোধৰ সৈতে খাপ নোখোৱা হ'লে আমাৰ নিউজ চেনেলবোৰ এনে ধৰণে চলিব পাৰিলেহেতেন নে?

No comments:

Post a Comment