Monday, January 30, 2017

সৰস্বতী পূজা, মিডিয়া ইত্যাদি...

সৰস্বতী পূজাত ইউনিফৰ্ম পিন্ধা নিপিন্ধা, সৰস্বতী পূজাত মিডিয়াক বিদ্যালয়- কলেজত সোমাবলৈ দিয়া নিদিয়া আদি কথাবোৰ দৰাচলতে সাময়িক আৰু এই সাময়িক বিতৰ্কই প্রকৃতাৰ্থত ছাত্র- ছাত্রী বা মিডিয়াৰ পৰিবৰ্তিত অনাকাংক্ষিত চৰিত্র সংশোধনত তিলমাত্রওঁ সহায় নকৰে। এই কথাবোৰ দকৈ শিপোৱা সামাজিক বেমাৰ কিছুমানৰ একেবাৰে উপৰুৱা লক্ষণ মাথো।বেমাৰৰ মুল কাৰণ বিচাৰি গুৰিত ঔষধ দিব পাৰিলে উপৰোক্ত অানুসাংগিক বিতৰ্কবোৰ আপোনা- আপোনি অদৃশ্যমান হ'ব।স্বাধীনতাৰ অৰ্থ বুজি নোপোৱাবোৰৰ হাতত স্বাধীনতা নগ্নহে হয় ই আনন্দৰ উন্মুক্ত প্রতীক নহয়।

No comments:

Post a Comment