য়ান্নিৰ লগত জীৱনত প্রথমবাৰৰ বাবে মঞ্চত গীত গালো। 'তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়'ৰ ১৯৯১ চনৰ ছাত্র সকলৰ 'সতীৰ্থ পুণঃমিলন অনুষ্ঠানত'। ভাল লাগিল। প্রথমবাৰ মঞ্চত মানুহৰ আগত য়ান্নিয়ে ভয় বা সংকোচ কৰিব পাৰে বুলি ভাব এটা মনতে আছিল মোৰ আৰুু শ্রীমতীৰ যদিওঁ আমাক পলকতে ভুল বুলি প্রতিপন্ন কৰিলে তাই।তাল মান সঠিক কৈ ৰাখি মোতকৈ অধিক আত্ম বিশ্বাসেৰে গানটি গালে আৰু গাই উঠিয়েই ক'লে, 'দেতিকা, মোৰ যে গান গাই আজি বহুত ভাল লাগিল, (...আইচক্রীম এটা দিবা হা :-D :-D :-D )'। মঞ্চৰ পৰা দেখিছিলো শ্রীমতী অলপ আবেগিক হৈ পৰিছিল 'বাপ-বেটিক' দেখি। নিমন্ত্রণ তথা জীৱনৰ এটা মনত ৰাখিবলগীয়া দিন উপহাৰ দিয়া বাবে বহু ধন্যবাদ Utpal দা, আপোনালোক দাদাসকলৰ মাজত ইমান বছৰৰ পিছত নিজকে পাই বৰ ভাল লাগিল।
No comments:
Post a Comment