Wednesday, March 20, 2013

মিত্রদেব মহন্ত দেৱৰ জীৱন, সাহিত্য আৰু কীৰ্তি- এক চমু আলোকপাত


(মিত্রদেব মহন্ত দেৱক তেখেতৰ মৃত্যুৰ দিনটোত সুঁৱৰি)



"চিৰ চেনেহী মোৰ ভাষা জননী" - মিত্রদেব মহন্ত বুলিলে সাধাৰণতে অসম সাহিত্য সভাৰ মুকলি অধিবেশনৰ এই উদ্বোধনী গীতটিৰ কথাই পোনচাতে মনলৈ আহে মিত্রদেব মহন্ত,অসমীয়া সাহিত্য সংস্কৃতিৰ বিশাল আকালখনত এক চিৰ জ্যোতিষ্মান তৰা অসমৰ সাহিত্য, সংগীত, শিক্ষা, নাটক আদি দিশসমূহত মিত্রদেব মহন্তদেৱৰ অবদান চিৰ নমস্য মিত্রদেব মহন্তদেৱ একেৰাহে আছিল এজন সাহিত্যিক, গীতিকাৰ, অভিনেতা, সু-গায়ক, নাট্যকাৰ, ধৰ্ম,কলা আৰু সংস্কৃতিৰ সাধক, হাস্যৰসিক, কীৰ্তি শিক্ষক এই সকলো মহান গুণৰ উপৰিও তেওঁৰ অনবদ্য দখল আছিল সংস্কৃত, ইংৰাজী, বাংলা  আৰু হিন্দী ভাষাত

মিত্রদেব মহন্ত দেৱৰ জন্ম হৈছিল ১৩ জুন, ১৮৯৪ চনত যোৰহাট সৰ্বাইবন্ধাৰ লেটুগ্রাম সত্রত তেখেতৰ পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আৰু মাতৃ আছিল স্বৰ্গীয় বগীতৰা দেৱী পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আছিল সত্রাধিকাৰ মিত্রদেব মহন্ত দেৱৰ শিক্ষা জীৱনৰ আৰম্ভণি হয় হেজাৰী প্রাথমিক বিদ্যালয়ত ১৯০৪ চনত প্রাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্তি কৰে  মহন্ত দেৱে সু খ্যাতিৰে  ১৯১২ চনত প্রৱেশিকা আৰু ১৯১৪ চনত কটন মহাবিদ্যালয়ৰ পৰা আই. পাচ কৰে সংস্কৃতত অনাৰ্চসহ বি. শ্রেণীত মহন্ত দেৱে যদিও নামভৰ্তি কৰিছিল আৰ্থিক দূৰাবস্থাৰ বাবে তেখেতৰ এই আশা আধাতে সামৰিবলগীয় হয়
মিত্রদেব মহন্ত দেৱৰ কৰ্ম জীৱন আৰম্ভ হয় ১৯১৫ চনৰ জানুৱাৰী তাৰিখে যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত ১৯৩৭ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধিক্ষক নিযুক্ত হয় ১৯৪৭ চনত মহন্ত দেৱে গোলাঘাট চৰকাৰী হাইস্কুলৰ  প্রধান শিক্ষকৰ গুৰু দায়িত্বত অধিষ্ঠিত হয় ১৯৫০ চনত কৰ্ম জীৱনৰ পৰা অৱসৰ লৈ তেওঁ  ধৰ্মীয় পৰম্পৰাক শিৰোধাৰ্য্য কৰি  লেটুগ্রাম সত্রৰ সত্রাধিকাৰৰ দায়িত্ব লৈ সত্র পৰিচালনাত মনোনিবেশ কৰে

১৯২০ চনত মিত্রদেব মহন্ত দেৱ শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ চুপহা সত্রৰ সত্রাধিকাৰ স্বৰ্গীয় দেবদত্ত মহন্তৰ একমাত্র কন্যা  স্বৰ্গীয়া লক্ষ্মীপ্রিয়া দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয় বিবাহোত্তোৰ কালছোৱাত  মহন্ত দেৱ এটি পুত্র (স্বৰ্গীয় মোক্ষদেৱ) আৰু তিনি কন্যা(আইধান, অণু আৰু ৰেণু) পিতৃ হয়

সংস্কৃতিবান আৰু ধৰ্মীয় আচাৰ ব্যবহাৰেৰে পুঞ্জীঁভূত এখন ঘৰত জন্মলভা হেতুকে মিত্রদেব মহন্ত দেৱে সহজাত ভাবে বহুখিনি পাইছিল এই বিষয়ে নগেন শইকীয়া দেৱে  "মিত্র দেৱ মহন্তৰ ৰচনাৱলী"  'ভূমিকা' শিতানত এই বুলি উল্লেখ কৰিছে- " সৰুৰে পৰা নিজৰ সত্রত পুৱাতে উঠি গা-পা ধুই গোসাইঘৰৰ বাবে ফুল তোলা, পিতৃ-পিতামহৰ লগত বহি নামঘৰত প্রসংগ কৰিবলৈ শিকা, প্রত্যোক বছৰ শংকৰ দেৱৰ তিথিকে ধৰি বিভিন্ন উপলক্ষ্যত আয়োন কৰা ভাওঁনাত ভাওঁ  লোৱা সত্রীয়া জীৱনত চৰ্চা কৰিব লগীয়া গীত-মাত, সুৰ সঞ্চাৰ শিকা, সত্রীয়া নৃত্যৰ বাবে মাটি আখৰাৰ অনুশীলন কৰা, পদ্ধতিগতভাবে খোলবাদন শিক্ষা কৰা, এই আটাইবিলাকে তেওঁৰ ব্যক্তিত্বৰ বৈশিষ্টতা লাহে লাহে গঢ়ি তুলিছিল আধ্যাত্মিক, নৈতিক আৰু সাংস্কৃতিক শিক্ষাৰ মচিব নোৱাৰা সাঁচ তেওৰ মনত সৰুতেই বহিছিল তেওঁৰ পৰবৰ্তী কালৰ ৰচনাসমূহৰ মাজত আমি এই প্রভাৱৰ ফল বিৰিঙি থকা দেখিবলৈ পাওঁ"

মিত্রদেব মহন্ত দেৱৰ সৃষ্টি আৰু প্রতিভাৰাজীৰ পৰিধি আছিল খুব বিশাল অসমীয়া সাহিত্যৰ জগত খন তেওঁ গীত-কবিতা-পদ্য, গল্প, নাটক, শিশু সাহিত্য আৰু আন আন বিভিন্ন ভিন্নসুৰী লেখনীৰে চহকী কৰি থৈ গৈছে তেখেতৰ উল্লেখযোগ্য গ্রন্থপঞ্জী সমূহ '- লেকলৌ লানি (১৯১৫), কুকুৰীকণাৰ আঠমঙলা (১৯১৮), চন্দ্রহাৰ (১৯১৮),  বিয়া-বিপৰ্য্যয় (১৯২৪), জ্ঞানলহৰী (১৯২৪), ধ্রুৱ (১১৯২৫), মৌ মহাভাৰত (১৯২৫), মোহননভোগ (১৯২৫), নিবোকা ৰজা (১৯২৮), 'হাগী বিহুৰ সুৱাগী নাম (১৯২৯), অসমীয়া ধৰ্মাচাৰ্য্যৰ উপাধি (১৯৩০), ব্রিটিচ সাম্রাজ্যবাদৰ বুৰঞ্জী (১৯৩১), প্রহ্লাদৰ (১৯৩৫), টেঙৰ-ভেঙৰ (১৯৩৫), এটা চুৰট (১৯৩৫), ভা কূট-কূট (১৯৪৮),জুনজুনি (১৯৫৫), স্বৰ্গ নে মৰ্ত্য (১৯৭০), মৰণ দুৱাৰ (১৯৮০)  মিত্রদেব মহন্ত দেৱৰ অন্যান্য বহু ৰচনা অপ্রকাশিত ' এজন সংগীত শিল্পী হিচাপে মিত্রদেব মহন্ত দেৱে হিচ মাষ্টাৰ্চ ভইচ কোম্পানীৰ যোগেদিও অনেক গীত, হুঁচৰি আদি ৰেকৰ্ড কৰিছিল তেওঁৰ লেখত ল’বলগীয়া গীতি পুঁথি দুখন ' 'গীত শতদল' আৰু 'ৰণ ৰঙ্গিনী'  তেখেতে ৰচনা কৰা জনপ্রিয় গীতসমূহৰ ভিতৰত "চিৰ চেনেহী মোৰ ভাষা জননী" আৰু 'তাইৰ মোৰ প্রিয়া পানেশৈ' গীত দুটি উল্লেখযোগ্য

আজীৱন ৰংগমঞ্চৰ লগত জড়িত থকা মিত্রদেব মহন্ত দেৱে ১৯৬১ চনত তেখেতৰ অভিনয়ৰ বাবে ৰাষ্ট্রপতি স্বৰ্গীয় . ৰাজেন্দ্র প্রসাদৰ হাতেৰে " সংগীত নাটক অকাদেমি" বটা লাভ কৰে মিত্রদেব মহন্ত দেৱ ১৯৩২ চনৰ পৰা বছৰৰ বাবে 'অসম সাহিত্য সভা' সহ:সম্পাদক হোৱাৰ লগতে দুৱাৰকৈ উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈছিল মিত্রদেব মহন্ত দেৱে ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰে ১৯৭০ চনত তেও যোৰহাট প্রাথমিক শিক্ষা পৰিষদৰ অধক্ষ্যৰ পদত নিয়োজিত হয়  মিত্রদেব মহন্ত দেৱৰ  জীৱনজোৰা সাধনাক স্বীকৃতি জনাই ১৯৮২ চনত অসম সাহিত্য সভাই এইজন নমস্য ব্যক্তিক প্র্ত্যাশিত ভাবে "সাহিত্যচাৰ্য্য" উপাধিৰে সন্মানিত কৰে

এইজনা পুৰোধা ব্যক্তিয়ে যোৰহাটৰ লেটুৰাম সত্রত ১৯৮৩ চনৰ ২৬ মাৰ্চ তাৰিখে অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ পথাৰখনৰ অপূৰণীয় ক্ষতি কৰি জীৱনৰ ৰঙ্গ মঞ্চৰ পৰা মেলানি মাগে


_____________________________________________________________
*লেখাটি যুগুটাওঁতে "মিত্র দেৱ মহন্তৰ ৰচনাৱলী" প্রমুখ্যে আন আন কেইবাখনো গ্রন্থৰ সহায় লোৱা হৈছে



No comments:

Post a Comment