Friday, March 22, 2013

অণুগল্পৰ সৰ্ন্দভত মোৰ কিছু ক'ব লগা


অণু গল্প সৰ্ন্দভত বহুতো আলোচনা-বিলোচনা হ'ল বা হৈ আছে। কোনোৱে ক'লে নিৰ্দিষ্ট কিছু বৈশিষ্ট থাকিলেহে এটা গল্প হয় আৰু এই নিয়ম অণু গল্পৰ ক্ষেত্রটো প্রযোজ্য। কথাটো হ'ল বাকী সমসাময়িক সাহিত্যৰ কথা যদি বাদ দিওঁ, অসমীয়াত অণু গল্পৰ চৰ্চা বা সৰল ভাষাত অণু গল্পৰ চৰ্চাৰ ধুমুহা প্রথম বা প্রকটভাবে এই অকব-ৰ মঞ্চতে হৈছে আৰু ইয়াৰ প্রবণতা ক্রমাৎ তীব্রতৰ হৈছে। মোৰ যদি ভুল হোৱা নাই এই প্রচেষ্টাৰ আভাষ মই প্রথম ৰণজিৎ কুমাৰ বৰা অণুগল্প আৰুLuckiiee Ahmed ৰ ২ মিনিটৰ গল্পত দেখিছিলো।হয়তো প্রায় ৬ মাহ বা তাতোধিক সময় হ'ল এই পৰম্পৰাৰ আৰম্ভণি হোৱা। অকব ৰাইজে এই ধাৰাক সন্মতি দি উৎসাহেৰে আকোৱালি লোৱাই নহয়, যি যেনেকৈ পাৰা অণু গল্প বিপ্লবৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি আহিল।এতিয়া অণুগল্পৰ প্রতি ৰাইজৰ আসক্তিৰ তীব্রতা সকলোৱে বুজিছে। অকবৰ এইটো এটা 'অতি-বিশাল' সফলতা।



এতিয়া নিয়মৰ কথালৈ আহো। আন আন বহু যুগান্তকাৰি সাহিত্য ধাৰাৰ দৰেই অসমীয়া অণুগল্পই অকব-ৰ মজিয়াতে হওঁক লাগে কোনো নিদিৰ্ষ্ট নিয়মৰ তাগিদা অবিহনে এক নিজা ৰূপত গঢ় লৈ উঠিছে। বহু সংখ্যক অণুগল্পই অতি কম শব্দত আৰু সাধাৰণ গল্পৰ থাকিব লগা বৈশিষ্ট বৰ্হিভূতভাবে একোটা অতি তত্বগধূৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। এই খিনিতেই অণুগল্পৰ সাৰ্থকতা নহয় জানো? মোৰ ব্যক্তিগত চিন্তা ধাৰাৰে যিখিনি বুজি পাইছো তাৰ পৰা এইখিনিকে কব বিচাৰো যে ছুটি গল্প আৰু অণুগল্প ৰ মাজত 'গল্প' শব্দটো যদিও উমৈহতয়া তথাপিও দুয়োৰে প্রকাশ ধৰ্মীতা আৰু চৰিত্রৰ মাজত বৃহৎ পাৰ্থক্য আছে আৰু সেয়ে ছুটি গল্পৰ বৈশিষ্টসমূহ অণুগল্পত থাকিব লাগিব বুলি বা জাপি দিব বিচৰা কথাষাৰ যুক্তিসংগত বুলি নাভাবো। 




অসমীয়া অণুগল্পৰ স্থিতি এইসময়ত তেনেই থুনুকা যদিও ই সৰহ সংখ্যক সাহিত্যৰসিকৰ সদৰ্থক সুৱাদৰ বাবে লাহে লাহে হ'লেও এটি স্বাস্থ্যবান ৰূপত গঢ়লৈ উঠা সকলোৰে দৃষ্টিগোচৰ হৈছে। ই আমাৰ বাবে, অকবৰ বাবে আৰু অসমীয়া সাহিত্যৰ বাবে সুখবৰ। মোৰ বোধেৰে অযথা চাৰিত্রিক বৈশিষ্টৰে অণুগল্পবোৰক উপচাব চেষ্টা কৰিলে অণু গল্পৰ স্বাভাবিক ধাৰা নষ্ট হ'ব লগতে এই ধাৰা স্তব্ধ হোৱাৰ সম্ভাবনাো নুই কৰিব নোৱাৰি। আমি এই কথা সদায় মন ৰখা উচিত যে প্রাকৃতিক সৃষ্টি সময়ৰ তাগিদাতেই নহওক কিয় সদায় উত্তম আৰু চিৰন্তন।




অণু গল্প নিজৰ স্বাভাবিক গতিত ধাৱমান হৈ নিজৰ চৰিত্র স্বাধীনভাবে নিজেই নিৰ্ধাৰণ কৰিলেহে অসমীয়া সাহিত্যত এক নতুন আৰু সবল ধাৰা আশা কৰিব পৰা যাব। স্বভাবিকতেই অণুগল্পকাৰসকলৰ সচেতন আৰু সুসংগঠিত প্রচেষ্টাই অণুগল্পৰ মাৰ্গ নিদৰ্শন কৰিব।



-ৰক্তিম-

*অকব- "অসমীয়াত কথা-ববতৰা"- ফেচবুক গোট

No comments:

Post a Comment