Friday, March 29, 2013

চহৰীয়া জীৱন , "চিৰ-চেনেহী মোৰ ভাষা জননী " আৰু অলপ ভাষিক সচেতনতা

যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। বাংগালুৰুকে ধৰি ডাঙৰ চহৰত কাম কৰা প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয়। মুলতঃ ইংৰাজী। বৃত্তিৰ তাগিদাত গতিকে গত্যান্তৰ নাই।দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ 'মাতৃভাষিক ভেকুৱাম' কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত। 

আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত (মধ্যবিত্তীয়ও) গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি দৈনন্দিন জীৱনতো ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰাতো। জাতি আৰু ভাষাৰ উপৰিও নিজৰ আৰু নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব এই অদ্ভুত প্রচেষ্টাই? কথাখিনি এই কাৰণে লিখিলো যে কিছুদিন পিছতে অসমৰ বাহিৰৰ প্রায় প্রতিখন চহৰতে ৰঙালী বিহু উদযাপন কৰা হ'ব। আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ এই অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা আন সৰু বৰ যান্ত্রিক চহৰবোৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব। ইংৰাজী এটা গ্লবেল ভাষা আৰু জীৱনত আগুৱাবলৈ এই ভাষা আয়ত্ব কৰাটো অতিকৈ প্রয়োজনীয় কিন্তু তাৰ বাবে মাতৃভাষাক আহুঁতি দিয়াতো কালিদাসে ডালত বহি গছ কটাৰ লেখীয়া এক মূৰ্খামী। ই এক ঘাটক মানসিকতা।

ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন অসমীয়া পিতৃ-মাতৃয়ে নিজ শিশুক "বা বা ব্লেক শ্বীপ" "জনি জনি" ৰ উপৰিওঁ অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”।

(বাংগালোৰৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ "বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা" ৰ একাংশ অলপ সালসলনি কৰি নতুন শিৰোনামা সহ তুলি দিলো।)

-ৰক্তিম-

No comments:

Post a Comment