ভাতৃ প্রতিম বিকাশে(Bikash Das) কেতিয়াবাই কৈছিল "ৰক্তিম দা !! আমি বিহু পাতিছো। বিহু বিষয়ক লেখা এটি লাগিব কিন্তু।" মই দিম দিম বুলি কওঁতে বহুত পলম হ'লহি। কিন্তু বিহুৰ বিষয়েনো কি লিখিম? বিহুচোন প্রতিজন অসমীয়াৰ এক আত্মিক অনুভৱ, এক গৰ্ব। বেলেগে কিবা লিখিনো আৰু কি নতুন পৰিচয় কৰাম বিহুৰ। কিন্তু যেতিয়া বিহু অসমত নহৈ বাংগালুৰুত পতাৰ কথা আহে তেতিয়া কথাটো নিশ্চিতই অলপ বেলেগ হয়। অসমৰ পৰা বৃত্তি বা শিক্ষা যি তাগিদাতই নহওঁক কিয় নিলগে থকা অসমীয়াই এটি বিশেষ দিনত একগোট হৈ গঢ়ি তুলিব এন সৰু ৰঙিলী অসম এই বৃহৎ মহানগৰীৰ বুকুৰ এটা কোণত। গোট খাব এজাক শিক্ষিত আৰু কৰ্মঠ অসমীয়া বছৰটোৰ বাবে অসমীয়াত্বক নিজৰ নিভৃত কোণত উজাগৰ কৰিবলৈ। সেই বিশেষ দিনটোৰ কথা ভাবিলেই আনন্দৰে ভৰি পৰে মনটো। বাংগালুৰু বিহুৰ এইখিনিতেই গুৰুত্ব অপৰিসীম।
নতুনকৈ কোৱাৰ প্রয়োজন নাই যে বাংগালুৰুত দিনবোৰ ঘন্টা, ঘন্টাবোৰ মিনিট আৰু মিনিটবোৰ একোটা চেকেণ্ড হৈ কিমান প্রচণ্ড গতিত পাৰ হৈ যায়। প্রথমতে সকলোৰে হয়তো অসুবিধা হয়। কিছুদিনৰ বিৰতিত মহানগৰীৰ দূৰন্ত গতিৰ লগত নিজকে গম নোপোৱাকৈ বিলীন কৰি দিয়া যায়। সময়ক ৰখাব কোনে? এই চহৰত সকলো কেৱল দূৰন্ত গতিত দৌৰে। কোনো প্রথম হ'বলৈ, কোনো বৰ্ত্তি থাকিবলৈ আৰু কোনোৱে হেপাঁহবোৰ জীয়াই ৰাখিবলৈ। দেশ-বিদেশৰ এজাক কৰ্মপটু লোকৰ গতিৰ লগত, কামৰ প্রচণ্ড হেঁচাৰ মাজত লাহে লাহে শান্ত হৈ পৰে জাতীয় পৰিচয়ৰ অহকাৰং। মনটোৱে সুবিধা পালেই চটফটাই উঠে এই অহকাৰংত ডুব যাবলৈ। ঠিক যেন মনৰ মাজত উমিঁ উমিঁ জ্বলি থকা একুৰা স্বত্তিৰ জুই, সুযোগ পলেই জ্বলি উঠিব দপদপাই। এই আত্ম- পৰিচয়ৰ, অসমীয়াত্বৰ অহংকাৰ আৰু গৌৰৱৰ জুইকুৰা জ্বলি উঠে ৰঙালীৰ বতৰতে। বাংগালুৰুৰ বিহুৰ সেই বিশেষ দিনটোতে।
যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। তাৰেই নিদৰ্শন বাংগালুৰুৰ এই ৰঙালী উৎসৱ। প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয় বৃত্তিৰ তাগিদাত। দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ মাতৃভাষিক ভেকুৱাম । গত্যান্তৰ নাই। কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত। আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰা। জাতি আৰু ভাষাতকৈ নিজৰ লগতে নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব ই? কথাখিনি এই কাৰণে লিখিলো কাৰণ ৰঙালীৰ অনুভৱ আৰু আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা যান্ত্রিক চহৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব।
ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। আহঁক এই বিহুতে আমি সকলো বাংগালুৰুবাসীয়ে পণ লওঁ যে কোনো কাৰণতে আমি আমাৰ ভাষিক গৌৰৱক ম্লান হ'বলৈ নিদিওঁ। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন শিশুক "বা বা ব্লেক শ্বীপ"ৰ ঠাইত অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”। আহক নিজৰ পৰিচয় আকৌ এবাৰ চিনি অনাগত প্রতিটো দিনৰবাবে নিজা পৰিচয় সজীৱ কৰি তোলাৰ পণ লওঁ বাংগালুৰুৰ এই ৰঙালী উৎসৱতে।।
"চিৰ-চেনেহী মোৰ ভাষা জননী "
(বাংগালুৰুৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ )
No comments:
Post a Comment