Saturday, March 4, 2017

আকৌ এবাৰ? আমি সাজু নে?

'বিজেপি'- ক ভোট দিবলৈ মানা কৰিছিল গোঁহাই ছাৰে। আধা-পকা self-proclaimed, পক্ষপাতদুষ্ট বুদ্ধিজীবি এচামে তেওঁক হিয়া উজাৰি কৰ্কথনা কৰাই নহয় 'ভদ্র ভাষাতে অশ্রাব্য গলি- গালাজ' কৰিলে, প্রায় অপদস্থই কৰিলে আক্ষৰিক ভাবে। এতিয়া ৰং, আদৰ্শৰ কথাবোৰ বাদ দি ঘটি থকা ঘটনাবোৰ দেখি লাগিছে তেওঁ পুণৰবাৰ অসমীয়া অথবা অসমীয়াৰ ভবিষ্যত সৰ্ম্পকে সঠিক কথাই কৈছিল আৰু আমি আকৌ বুজাত ভুল কৰিলো।কংগ্ৰেছৰ কু- শাসনত দগ্ধ পৰিবৰ্তনকামী অসমীয়া ৰাইজক বিজেপিয়ে অনায়সে, সফলভাবে পতিয়ন নিয়ালে, পৰিস্থিতি যিহেতু বিজেপিৰ অনুকুল আছিল । মোৰ খং বেছি সেইসকল অল্পপক্ক, self-proclaimed, TV and Talk show framed ভণ্ড বুদ্ধিজীবীৰ ওপৰত যি বিজেপি ১০০% চৰকাৰ হোৱাৰ ওমান পায় মুনাফা আদায়ৰ নামত আগতৈয়াকৈ বিজেপিৰ হৈ ডাঙৰ, ডাঙৰ প্রবন্ধৰে প্রচাৰেই নহয় বৰং তেওঁলোকৰেই সন্মানীয় জ্যোষ্ঠ হীৰেণ গোঁহাই ছাৰক মত প্রকাশৰ অধিকাৰ ব্যবহাৰ কৰাৰ বাবেই আৰু নিজক অনাগত চৰকাৰৰ বিশ্বাসী অনুগত সজাবলৈ পৰ্যামানে শালীনতৰ সীমা চেৰাই অপদস্ত কৰিলে। এতিয়া সেইসকল লাহে লাহে নিমাত- কাৰণ আন একো নহয় তেওঁলোকৰ গৰাকী বিজেপি চৰকাৰৰ ওভতা নাচ।এতিয়া চৰকাৰৰ কামৰ কথা ওলালেই তেওঁলোক এখোজ দুখোজকৈ পিছুৱাই 'comfort zone' নামৰ গাতটোত সোমাই।আমি অসমীয়া জাতিটো যেন গান্ধীৰ সেই বান্দৰ কেইটাৰ থিক ওলোটা সদাই যেন - 'বেয়া ক'ম, বেয়া চাম, বেয়া শুনিম'।ফটা Intellectual ৰঙীন কাগজত মেৰিয়াই এই বেয়াবোৰ কৰিবলৈ আমি আমৰ গৰাকী বুলি ভুল কৰা এই মুধাফুটা বুদ্ধিজীবীচামেই যেন আমাক উদগণি দিছে।কি এক 'elite শ্রেণীৰ দেশদ্রোহী' এইসকল।ইৰাক ধৰ্মীয় গোড়ামীৰ এখন যুঁজত জিকিল, আমাক কোনে বচাব নে আমি বৰে বাৰে কৰা ভুলৰ প্রায়শ্চিত্ত আশ্যম্ভাবী এইবাৰ।

No comments:

Post a Comment