মানুহে দাবী কৰা নিজৰ সততাবোৰ পৰস্থিতি সাপেক্ষ হ'লে সততাৰ দাবীত পলকতে ভণ্ডামীৰ আঁচল উৰে। এখন ভাৰ্চুৱেল পৃথিৱীত ক্ষুদ্র আৰু তুচ্ছ স্বাৰ্থৰ মোহত বিলীন হৈ থকাজনো সততে সততাৰ পূজাৰী বুলি দাবী কৰিবলৈ কুন্ঠাবোধ নকৰে। বাস্তবত হাতে-কামে নকৰা কামবোৰ যে এই ভাৰ্চুৱেল পৃথিৱীত কথাৰে সমাধা কৰিব পাৰি। দূৰ্ভিক্ষ, দৰিদ্রতাৰ ফট'বোৰ চেয়াৰ কৰি পলকতে যে গাব পাৰি মানবীয়তাৰ জয়গান এইখন পৃথিৱীত। গাত ৰ'দ নপৰা আমাৰ আধা খাৰ খোৱা আধা বিলাতী দেহটোৰ কোমল আঙুলীৰে নিগনিটো টিপি টিপি কৰা সামাজিক ন্যায়ৰ দাবীবোৰ বা ভাৰ্চুৱেল পৃথিৱীৰ কাণিয়া আন্দোলনবোৰে জন্ম দিয়া ভাৰ্চুৱেল বিপ্লবীবোৰৰ ক্রমবৰ্দ্ধমান শাৰীৰিক (কৰ্মৰ) উদাসিনতাৰ আৰঁলৈ ভাৰ্চুৱেলিটিয়ে দৌৰাব লাগিছে ৰিয়ালিটিৰ নামৰ এটি গাধ। সততে কেৱল কথাৰ বলতে নাম আহৰণ কৰিব পৰা বুলি 'সদনাম' থকা এই পৃথিবীৰ 'প্রফাইলে' উছন নিয়াইছে আমাৰ 'পৰিচয়'- ভাৰ্চুৱেল পৃথিৱীত দুৰ্বলতাবোৰ পলকতে ঢাকিব পাৰি শব্দৰ ৰঙীন বাগিছাৰে, এখন সুন্দৰ 'প্রফাইল পিকচাৰেৰে'- বাস্তবৰ কেনা লগা আত্ম পৰিচয়ৰ ফুটা চকাটিৰ অসংখ্য চলিউশ্যন সাৱটি ৰখা এইখন ভাৰ্চুৱেল পৃথিৱী। ভাৱ হয় সম্বন্ধবোৰ, ভালপোৱাবোৰ, তথাকথিত সামাজিক কামবোৰ বাৰু প্রযুক্তিবিদ্যাৰ অভাৱতেই অতদিন অপব্যয় হৈ আছিল নেকি? নে মানৱ আৰু মানবীয়তাৰ প্রকৃত স্থানেই এই ভাৰ্চুৱেল পৃথিৱী? নে আমাৰ দেহত অতীজৰে পৰা প্রযুক্তি বিদ্যাৰ জীন্ খোদিত আছিল যি ভাৰ্চুৱেল পৃথিৱীখনৰ সৃষ্টিৰ লগে লগে দশোদিশে জাগ্রত কৰি তুলিছে আমাৰ সমস্ত বিপ্লবী, কবি, শিল্পী, সমাজসংস্কাৰী সত্ত্বাবোৰক। কাগজ হেৰাল, পেন হেৰাল, ৰেডিঅ' হেৰাল, সেউজ ঘাঁহ হেৰাল, পথাৰ হেৰাঁল, নৈ হেৰাল, মৰম হেৰাল, পৰিয়াল হেৰাল, প্রেয়সী হেৰাল, সপোন হেৰাল, কাম হেৰাল, মাটি হেৰাল....ন' প্রব্লেম। সকলোৰে সমাধান ভাৰ্চুৱেলিটিৰ আসক্তি।
ভাৰ্চুৱেলিটিৰ শপত মই সঁচা কৈছো.......
'ভালো ভাল বেয়াও ভাল ভাওঁ নধৰিলে পয়মাল'।
No comments:
Post a Comment