'ধৰ্মান্তৰ' এতিয়াৰ কথা নহয়। মই ব্যক্তিগতভাবে ২০০১ চনতে নিজৰ অনুসন্ধিৎসুক মনটোক বশ কৰিব নোৱাৰি স্ব-ইচ্ছাৰে মোক বৰে বাৰে ধৰ্মান্তৰ কৰিবলৈ চেষ্টা কৰা ল'ৰাজনৰ লগত গৈ গোটেই প্রক্রিয়াটোক মাজত সুমাই ভিতৰখন বুজি আহিছিলো। চকু কপালত উঠিছিল এচাম শিক্ষিত অসমীয়া ডেকাক বাইবেল হাতত লৈ প্রাৰ্থনা কৰি থকা দেখি। লগতে চালি জোঁকাৰি চাইছিলো ISCON । এইবোৰ ধৰ্মীয় তথা সমাজিক-বিভেদকামী ভাইৰাচ। এই ভাইৰাচে সৃষ্টি কৰা বেমাৰ লিভাৰৰ অসুখৰ নিচিনা। গম নোপোৱাকৈ তলে তলে দ্রুত গতিত বাঢ়ি আহে। আমি সচাঁ অৰ্থত সজাগ হওঁ মানে ইতিমধ্যোই বহু দেৰি হয়গৈ। এওঁলোকৰ লক্ষ্য যদিওঁ সমাজৰ সৰহ সংখ্যক লোক তথাপিওঁ "ধৰ্মান্তৰৰ নামত অন্ন-বস্ত্র-বাসস্থান' ক্রয় কৰিবলৈ সাজু থকা দৰিদ্রচামেই তেওঁলোকৰ প্রথম আৰু সহজ লক্ষ্য। অৰুণাচলৰ ভিতৰৰ বহু অঞ্চলত এনে দৰিদ্র শ্রেণীৰ এক অতি মোটা সংখ্যক লোকৰ ধৰ্মান্তৰ হোৱা কথা বহু বছৰৰ আগেয়ে পঢ়িছিলো। ISCON ৰ পৰা মোকো কৈছিল যে যিহেতু মোৰ শিক্ষা স্নাতোকোত্তৰ পযৰ্ন্ত গতিকে মোক তেওঁলোকে অনায়সে বিদেশ পঠাব পাৰিব। চিনাকী দুটামান উদাহৰণো দিলে। ধৰ্মৰ দালাল সকলে ধৰ্মান্তৰৰ বাবে ধৰ্মক অস্ত্র হিচাপে ব্যবহাৰ কৰি মানুহৰ ধৰ্মভীৰুতা আৰু আৰ্থিক দূৰাবস্থাৰ সুযোগ লয়। হয়তো তেওঁলোকৰ 'Sales & Marketing' প্রতিস্থানবোৰৰ দৰে 'Target' ও থাকে চাগৈ। তাতে 'লক্ষ্য-ভূমিৰ' থলুৱা ভাষাটি শিকি ল'ব পাৰিলেটো কথাই নাই। উৰিষ্যাৰ পাদুৰী-পুত্রৰ ঘটনাতো হয়তো এতিয়াওঁ বহুতে পাহৰা নাই....ক্ষমতালোভী-অৰ্থলোভী পৃথিৱীৰ বৰ বৰ দানৱৰ হাতৰ পৰা যীশু-কৃষ্ণ কোনো সাৰি যোৱা নাই..........."পানীৰ তলৰ কাঁইটৰ পৰা সকলো সাবধান"।
চিত্র উৎস:blog.beliefnet.com
No comments:
Post a Comment