Thursday, May 16, 2013

ককাদেউতা মুক্তিযোদ্ধা স্বৰ্গীয় বেদানন্দ শৰ্মা আৰু নীলা থালখন



 
ঘৰত আবিষ্কৃত হ'ল এক দূৰ্লভ সামগ্রীৰ। এখন ঘূৰণীয়া নীলা থাল। অতি পুৰণি থালখন দেখিয়ে কৌতুহল উপজাত মাক গৈ সুধিলো থালখনৰ বিষয়ে। মায়ে ক'লে -"এইখন তোৰ ককাদেউতাৰাই স্বাধীনতা সংগ্রামত কাৰাবাস খাটোতে কাৰাগাৰত ভাত খাবলৈ দিয়া থাল।" ককাদেউতাৰ তেজস্বী ব্যক্তিত্বৰ বিষয়ে কেৱল শুনি আছিলো। মোৰ স্মৃতিয়ে সামৰিব পৰা সময়ৰ সিপাৰেই অন্ত পৰিছিল ককাদেউতাৰ জীৱনৰ অন্তিম ক্ষণটিৰ। মই আজিৰ যুক্তিবিদ্যাৰে আৱৰা স্বাধীন অসমত যিখন থাল চুই আছো সেই একেখন থালতে পৰাধীনতাৰ সময়তে ককাদেউতাৰো হাতৰ পৰশ পৰা কথাটি ভাবি মনতো কিবা এক আনন্দত উথলি উঠিছিল। ককাদেউতাৰ বিষয়ে জনোৱাৰ লোভ সামৰিব নোৱাৰি বিভিন্নজনে ককাদেউতাৰ বিষয়ে লিখিযোৱা কথা কিছুমান এই সুযোগতে তলত হুবহু উল্লেখ কৰিলো।


“বেদানন্দ শৰ্মায়ে প্রথমখন অসমীয়া কথাছবি ৰূপকোঁৱৰৰ জয়মতীৰ এটা সৰু চৰিত্রত অভিনয় কৰিছিল,জয়মতী-ৰাজমাও আদিয়ে পিন্ধা সাজপাৰ (কিংখাপৰ ৰিহা মেখেলা আদি) আৰু গামখাৰু, ডুগডুগী, উবান্তি, জোনবিৰি, লোকাপাৰ আদি ঘৰৰ গহণাসমূহ ‘চুৰি কৰি নি” ৰূপকোঁৱৰ জ্যোতিপ্রসাদক দিছিল……….” – স্বৰ্গীয় ত্রৈলোক্য ভট্টচাৰ্য্য


“বুঢ়াচাপৰি বনাঞ্চল ৰক্ষাৰ বাবে তাহানিয়েই সেই তিনিওখন গাঁৱৰ মানুহ আৰু ককাহঁতে মিলি ‘গ্রেজিয়াৰ্চ এচ’চিয়েশ্বন’ খুলি তেজপুৰত সমবায় ভিত্তিত ‘ডায়েৰী’ গঢ়ি তুলিছিল। ককাহঁতে বুঢ়াচাপৰি বনাঞ্চলক পবিত্র জ্ঞান কৰিছিল।…এয়া আছিল ষাঠিৰ পৰা সত্তৰৰ দশকৰ কথা। তেতিয়া বেদানন্দ শৰ্মা আছিল সকলোতেই অঘোষিত নেতা। বনবিষয়াক লগত লৈ, জিলা উপায়ুক্তক সৈমান কৰাই নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজেই হাতীত উঠি এফালৰ পৰা মহতিয়াবলৈ ধৰিলে অনুপ্রবেশকাৰী শক্তিক। নিজে জুই দি খেদি পঠালে যতমানে চকুত পৰা অনুপ্রবেশকাৰীক আৰু মুক্ত কৰিলে অনুপ্রবেশকাৰী শক্তিৰ পৰা বনাঞ্চল।“– শান্তনু বৰুৱা


“সেই সময়ত অসম ৰাজ্যৰ মুখ্যমন্ত্রী আছিল স্বৰ্গীয় বিষ্ণুৰাম মেধি। তেতিয়া অসমৰ ৰাজধানী আছিল চিলং। এদিনাখন মুখ্যমন্ত্রী মেধি ডাঙৰীয়াই তেওঁকচিলঙলৈ মাতি নি কৈছিল, ‘বেদা! স্বাধীনতা আন্দোলনৰ তুমি এজন মুক্তিযোদ্ধা, ৰাজনৈতিক নিৰ্য্যাতিত; দেশ স্বাধীন হ’ল। তোমাক পুৰস্কাৰ হিচাপে মই কিবা এটা দিব বিচাৰিছোঁ। তোমাক কি লাগে কোৱা। তাৰ উত্তৰত তেঁও নিঃসংকোচে কৈছিল –দাদা! মোক একো নালাগে। আপোনালোক মন্ত্রী, এম. এল.এ হৈছে হওঁক। মই দেশৰ কাৰণে ত্যাগ কৰিছো তাৰ প্র্তিদান নিবিচাৰো। তথাপি মুখ্যমন্ত্রী ডাঙৰীয়াই মৰম কৰি ক’লে, নহয় বেদা! মই তোমাৰ নামত চিনেমা হলৰ পাৰ্মিট এখন দিওঁ তুমি না নকৰিবা। তোমাৰ পৰিবাৰ বা ল’ৰাৰ নামতে লোৱা। বেদাবাবুয়ে সেই কথাওঁ অস্বীকাৰ কৰি অবশেষত ক’লে-‘যদি দিব খূজিছে দাদাৰ নামতে (মহাদেব শৰ্মা) দিয়ক। তেতিয়া মুখ্যমন্ত্রী ডাঙৰীয়াই ক’লে, তেখেতৰ নামত দিব নোৱাৰিমই তোমাৰ নামতহে দিম। এইবুলি কৈ হুকুম কৰি বেদানন্দ শৰ্মাৰ নামত ‘চিনেমা হ’লৰ পাৰ্মিট এখন দিয়াই দিলে। আচৰিত কথা! দৃঢ়মনা এই পুৰুষ গৰাকীয়ে লগে লগে পাৰ্মিটখন তেওঁৰ জ্যোষ্ঠ ভাতৃ স্বৰ্গীয় মহাদেব শৰ্মাদেৱলৈ পৰিবৰ্তন কৰি লিখি দিয়ে।……..অসমৰ মুক্তি যোদ্ধাসকলেওঁ আন্দোলনত (ভাষা) যোগদান দিছিল। অকল যোগদান কৰাই নহয়, প্রতিবাদকল্পে ভাৰত চৰকাৰে সন্মান কৰি দিয়া তাম্রপত্র আদিওঁ ঘূৰাই দিছিল। তাম্রপত্র ঘূৰাই দিয়া প্রথমজন ব্যক্তি আছিল বেদানন্দ শৰ্মা।“ – স্বৰ্গীয় মহেন্দ্রনাথ শৰ্মা শাস্ত্রী


“…নিজৰাপাৰৰ ঘৰত গৈ খুড়া বেদানন্দ শৰ্মাৰ চিঠিখন অমৰ দাৰ হাতত দি ভয়ে ভয়ে বহি থাকোতেই ভূপেনদায়ে শোৱা কোঠালৈ মাতি পঠালে আৰু নিমন্ত্রণ গ্রহণ কৰি খুড়াৰ খবৰ ল’লে আৰু সাংস্কৃতিক অনুস্থানত নিশা দুই বজালৈকেগীত পৰিবেশন কৰিলে। সেইদিনা বুজি উঠিছিলো খুড়াৰ লগত ভূপেন দাৰ সম্পৰ্ক কিমান নিবিড়”।– বাসুদেৱ শৰ্মা


‘….মাত্র এবাৰ যদি ককাদেউতাৰ লগত কথা পাতিব পাৰিলোহেতেন’-এই হেপাহটো আজীৱন মনত অপূৰ্ণ হৈ ৰ’ব। স্মৃতিৰ গহ্বৰত প্রায় বিলীন হ’ব ধৰা অসমৰ এই সুযোগ্য পুত্রজনৰ দৰে আন কতজন যে জাঁহ গ’ল সময়ৰ বালিত, যি প্রকৃতাৰ্থত এক জাতীয় ক্ষতি। 

No comments:

Post a Comment