সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল| তাৰ মানে আজিও বৰষুণ দিব| যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটা তে দমাই থৈ দিছোঁ| আনফালে অফিছলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে| আচলতে বতৰ আৰু মনৰ সংযোগ পোনপটিয়া। বতৰ ফৰকাল মানে মনো ফৰকাল আৰু বতৰ গোমা মানে মনো গোমা আৰু এটা সেমেকা মনে কাম কৰিবলৈ উদগণি নিদিয়ে। তাৰ পৰিণতিয়েই এই কাপোৰৰ দ'ম। নাই, সেমেকা মন এটাত লেতেৰা কাপোৰ এসোপা ওলমাই মই অফিচলৈ নাযাওঁ।
নিৰ্বানে ফ'ন লগাই দিলে বচলৈ বুলি। যিমান পাৰে মাতটো গহীন কৰি আৰু লাহে লাহে কৈ গ'ল-
"ছাৰ, যোৱা ৰাতিৰ পৰা জ্বৰ। এতিয়া অৱস্থা আৰু বেয়া হৈ আহিছে। অফিছ যাবলৈ অপাৰগ....."
নিৰ্বানে আৰু কিবা কোৱাৰ আগতেই ইফালৰ পৰা -
"তুমি অকলে থকা ল'ৰা। এই অৱস্থাত ঘৰত অকলে পৰি থাকিব নালাগে। চাবলৈ কোনো নাই এমাৰজেঞ্চি এটা হ'লে। তুমি চিন্তা নকৰিবা অফিচত মেডিকেল ৰুম আছে তুমি ইয়াতে আহি জিৰণি লোৱা। কিবা হ'লে আমিবোৰ আছোৱেই। মই দুজন অফিচ কৰ্মচাৰীসহ এখন গাড়ী এতিয়াই পঠাই দিম।
"..কিন্তু...কিন্তু ছাৰ...মই...."
"কোনো কিন্তু নাই। You just need to rest. We are there for you to take care. Afterall professionals are also humans.তুমি সাজু হোৱা।"
ফ'ন কাট খালে....
নিৰ্বান বহু পৰ ফ'নটো কাণতে লৈ মুখ মেলি একেথৰে ৰৈ থাকিল...
নিৰ্বানৰ অলক্ষিতে বাহিৰৰ পৰা নিগনি এটি দূৰন্ত গতিত আহি কাপোৰদ'মৰ মাজত সোমাই পৰিল......
_______________________________________________________________________________
(Santanu Changmai লৈ ধন্যবাদ সহকাৰে)
চিত্র উৎস@Ken Westphal Blog
No comments:
Post a Comment