এখন শ্রেষ্ঠ কাৰ্টুন
________________
নতুন চামৰ মাজৰে নিজকে পণ্ডিত বুলি ভবা চামটোৰ ক্ষেত্রতো ন্যনুতম আৰু সচেতন জাতীয়তাবাদী ভাৱধাৰাৰ অভাৱ দেখিলো চলিত বিতৰ্কৰ মাজত। উগ্রজাতীয়তাবাদী মনোভাৱৰ সমৰ্থন নকৰো কিন্তু উঠি অহা চামৰ সৰহ সংখ্যকে কথাবোৰৰ গুৰুত্ব আৰু তাৰ লগত জড়িত ইতিহাস আৰু আবেগক বুঢ়া আঙুলী দেখুৱাই পৰোক্ষভাবে হ'লেও অসমীয়া থলুৱা গীত-মাতৰ বীপৰিতে হিন্দী ভাষাৰ সমৰ্থনত কৰা মন্তব্যবোৰে মোক বাৰুকৈয়ে অতিস্ত কৰিলে। অনাগত দিনৰ বাবে ই এটা শুভ সংকেট নহয়। মানুহবোৰেও কথাবোৰ লওঁতে এটা অতি ভুল মনোবৃত্তিৰে লয়। পৰি থকা টকা বুটলি লওঁতে আমি সাধাৰণতে কৰ পৰা বুটলিছো সেইটো চোৱাতকৈ টকাৰ মূল্যকহে বেছি গুৰুত্ব দিওঁ ঠিক তেনেকৈ কোনো কথা কোনে কৈছে আৰু কাক কৈছে তাতকৈ প্রোজনীয় কি কৈছে আৰু কিয় কৈছে আৰু ই প্রাসংগীক হয়নে নহয় শীতল মস্তিস্কৰে তাৰ এক নিৰ্মোহ বিশ্লেষণ কৰি চোৱাটোহে। কিন্তু কথাবোৰ হ'লগৈ চূড়ান্ত খেলিমেলি। জুবিন প্রেমীসকলে চূড়ান্ত একপক্ষীয় আৰু অপৰিপক্কভাবে আক্রমণ কৰিলে পৰেশ বৰুৱাক আৰু পৰেশ প্রেমীসকলে চূড়ান্ত একপক্ষীয় আৰু অপৰিপক্কভাবে আক্রমণ কৰিলে জুবিনক। এই অসমদেশ পলকতে দুভাগ হ'ল দুটা আবেগিক দূৰ্গত। কিমান মূৰ্খ, কিমান আবেগিক আৰু কিমান দুৰ্বল-যুক্তিবাদী আমি। জুবিনক কথাখিনি যুক্তি আছে আৰু বছৰৰ প্রতিটো দিনতে তেওঁৰ এজন শিল্পীৰ স্বাধীনতা উপভোগ কৰি আহিছে কিন্তু পৰেশ বৰুৱাৰ কথা খিনি অন্ততঃ এজন আলফা নেতা বুলি নহয়, ককাইদেউৰ কথা হিচাপে লৈ হ'লেও (যিহেতু জুবিন আৰু পৰেশ বৰুৱা দুয়োজনে কোৱা মতে তেওঁলোকৰ সম্বন্ধ ককই-ভইৰ দৰে) আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ ৰাজহাড় স্বৰূপ ৰঙালী বিহুৰ কেইদিন অন্ততঃ থলুৱা গীত মাতৰ লগতে তেওঁৰ নিজৰ অসমীয়া গীত-মাত আৰু আন আন চিৰযুগমীয়া অসমীয়া গীতসমুহহে গাম বুলি পণ ল'লে ই জুবিনৰ মৰ্যদাক বহু উচ্চ স্থানৰ লৈ যোৱাৰ লগতে নতুন চামৰ বাবেও আদৰ্শনীয় হ'ব আৰু মই নিশ্চিত অনাগতদিনত তথাকথিত 'মঞ্চ বিহু'লৈ এক বৈপ্লবীক পৰিবৰ্তন আনিব যি হ'ব অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে অনবদ্য অবদান। আনহাতেদি ভাষিক সংকটৰ গৰাহত থকা অসমীয়া ভাষাটিৰ বাবে ই এক সময়ৰ তাগিদাওঁ। বিহুত কেৱল বিহু বা কেৱল অসমীয়া গীত গোৱাতো নিয়ম কৰি কোনেও তালিবানী ফটোৱা জাৰি কৰিব নোৱাৰে কিন্তু আদেশ বা আহ্বান অবিহনে যি এনে কৰে তেখেতৰ স্থিতি স্বতঃস্ফূৰ্টভাবে শ্রদ্ধেয় হয় তেখেতৰ জাতীয় মূল্যবোধৰ প্রতি থকা শ্রদ্ধাৰ বাবে। ..আৰু "যিহেতু সংগীতৰ কোনো ভাষা নাই" তেনেক্ষেত্রত বিহুত অসমীয়া গীত গালেও এই কথাফাকিৰ উলংঘা হোৱাৰ প্রশ্নই নুঠে। অসমীয়া শিল্পীসকলৰ প্রতি এটা সৰু অনুৰোধ মোৰ। "মাতৃভাষা"- মাতৃৰ বাবে কেৱল সাতোটা দিন উৎসৰ্গা কৰিবলৈ দ্বিধাবোধ নকৰিব। ই হিন্দী বিদ্বেষী মনোভাবক নুবুজায়। কেৱল জাতীয় উৎসৱ ৰঙালী বিহুক কেৱল জাতীয়ভাষাটিৰে নানা গীত-মাতেৰে সজাই-পৰাই তোলাৰ কথাটি সুস্থভাবে বিবেচনা কৰি চাওঁক এবাৰলৈ, কোনো পৰেশ বা জুবিৰ পক্ষ নোলোৱাকৈ। কথাবোৰৰ উচিত উত্তৰে আপোনালোকৰ মনৰ দুৱাৰত টোকৰ মাৰিব। কেৱল 'চিকনি চামেলি' 'জেপেবী বাঈ' গাবলৈ অনুৰোধ কৰা সস্তীয়া শ্রোতাৰ অনুৰোধৰ দাবীক মনলৈ নানিব কথাখিনি বিবেচনা কৰোতে।...এইখিনিতে আৰু এটা কথা ন'কলে কথাখিনি অসম্পূৰ্ণ হ'ব- 'অসমীয়া ৰাইজ, সংবাদমাধ্যমক আপোনালোকৰ কেচাঁ আবেগবোৰ বেচি-বেচি অযথা বিৰ্তকৰ সূত্রপাত ঘটাই আৰু বেপাৰ কৰিবলৈ নিদিব।"
-ৰক্তিম-
কাৰ্টুন সৌজন্য: অসমীয়া প্রতিদিন
https://www.facebook.com/ractim.goswami.3/posts/297894537008267?notif_t=like
https://www.facebook.com/ractim.goswami.3/posts/297894537008267?notif_t=like
অতি সুন্দৰ ব্লগ..
ReplyDelete