Saturday, November 17, 2012

সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি


ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা  অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও। 

অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই। 


এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।



মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))



অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। 



-সকলোলৈকে ধন্যবাদ জনালো।



-ৰক্তিম-

No comments:

Post a Comment