Showing posts with label অকব. Show all posts
Showing posts with label অকব. Show all posts

Saturday, December 8, 2012

অদৃশ্য লাভাবোৰ....



"……..পৃথিবীৰ ইতিহাসত আটাইতকৈ ভয়ানক আগ্নেয়গিৰীটোৰ উদ্গীৰণ হৈছিল ইণ্ডনেছীয়াৰ চুম্বাৱা দ্বীপত ১৮১৫ চনত। এই উদ্গীৰণ প্রাণ হেৰুৱাইছিলে প্রায় ১ লক্ষাধিক মানুহে।….

ডিচক'ভাৰী চেনেলৰ নৃতত্ত্ব বিষয়ক অনুষ্ঠানটিৰ পৰা ভাঁহি অহা কথাখিনি কিয় জানো ভাল নালাগিল। গাঢ়, উত্তপ্ত লাভা বৈ অহা ৰঙা চিকমিকয়া ছবিবোৰে নিশাৰ শান্ত অথচ ৰহস্যময় পৃথিৱীখনক আৰু ভয় লগা কৰি তুলিলে। কিবা এক বুজাব নোৱাৰা অস্বস্তিয়ে মনটো আগুৰি ধৰিলে। মন ভাল লগা বাতৰি এটা চাবলৈ বুলি ৰিমট কণ্ট্রলৰ বটনত ক্রমাৎ হেঁচা পৰিল।

“…নদীবান্ধৰ বিৰোধীতা কালিৰ পৰা অনিৰ্দিষ্ট কাললৈ বিৰোধীৰ অনশনৰ ঘোষণা…”

“ইজিপ্তৰ হিসাত্মক ঘটনাত ৭ জন নিহত…”

“…আৰ্ন্তজাতিক ক্রিকেটৰ পৰা আজি ৰিকি পণ্টিঙে সন্যাস গ্রহণ কৰে। পণ্টিঙে কয়…..”

“…ওৰাংত আজি আৰু এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ।..”

….অসহ্য। অলপ আগেয়ে দেখা লাভাৰ সাগৰখন যেন বুকুত গমগমাই উঠিল বাতৰিবোৰ দেখি। কৰবাত ফাট মেলা টোপনীৰ উভতি অহা বাটচোৱা ধোঁৱাময় কৰাৰ উদ্দেশ্যে চিনাকী নেভি কাটৰ পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল’লে নিশান্তই। নিশান্তৰ অশান্ত মনৰ লগৰী- নেভিকাট। শনিবাৰৰ নিশা দুপৰলৈকে ৰিমৰ্টৰ বটন টিপি থকা অভ্যাসটো এৰিম বুলি প্রতিটো সোমবাৰেতে পণ কৰা হয় কিন্তু কেতিয়াও হাতে কামে কামটো সফল নহয় ঠিক তাৰ “কালিৰ পৰা আৰু চিগাৰেট নাখাও” লেখীয়া কথাটোৰ দৰে। অকলে ঠকা মানুহ এটাৰ মনত অহৰহ বহু কথাই বাঁহ লবলৈ সুযোগ পায়। ভাল-বেয়া, আস্তিক-নাস্তিক,শুদ্ধ-নষ্ট সকলো চিন্তা কিন্তু মনটো যেতিয়া উদাস হৈ থাকে নিসংগতাৰ মায়াবী সাপটোৰ দংশন আটাতকৈ বিষাক্ত হয়।

নিশান্তৰ অস্থিৰ আৰু উদাস মনটোক যেন টিভিৰ ৠণাত্মক বাতৰি সমূহে আৰু উদাস কৰি তুলিলে। তাৰ শুৱণি কোঠাৰ লগতে সংলগ্ন কণমানি বেলকণিটোলৈ বুলি নিশান্ত ওলাই আহিল। কৰ্মব্যস্ত দূৰৈৰ নিয়ন লাইটবোৰ আৰু দুই এটা বাদুলীৰ বাদে সকলো নিশাৰ নিস্তব্ধতাৰ লগত একাত্ম। সকলোকে অলপ জিৰণী লাগে। সকলোকে অলপ সময় লাগে নিজৰ বাবে। টোপনীয়েই হয়তো সেইকণ সময় য’ত প্রতিজন মানুহ অজ্ঞাতসাৰে নিজৰ লগত বিলীন হয়। প্রত্যোকে একো একোখন নিজস্ব পৃথিবী অলপ সপোনৰ সৈতে সেয়ে হয়তো টোপনীৰ বুকুত সাঁচি থয় সংগোপনে।

আমিবোৰ হ’ম’চেপিয়েন। ৫০,০০০ বছৰ পুৰণি আমাৰ স্বভিৱজাত ব্যবহাৰিক জ্ঞানৰ ম্যাদ অথচ আজিও বুজাব নোৱাৰা কিবা এক অচিন অনুভৱৰ অপ্রাপ্তিৰ এবুকু বেদনা কঢ়িয়াই ফুৰা আমিবোৰ। অপ্রাপ্তিৰ এই বেদনাৰ বুকুত পৃথিবীৰ প্রতিটো কোণত সৃষ্টি হোৱা অগণন ছবি, অলেখ কবিতা, শত সহস্র গীত, মন জোকাৰি যোৱা সংগীত। হ’ম’চেপিয়েনৰ অপ্রাপ্তিৰ বেদনাৰ মাদকতা ইয়াতকৈ আৰু কিমান সুন্দৰ হ’ব পাৰে !!? গীতা, সংহিতা, বেদ, বাইবেল, কোৰাণ, অস্তিত্ববাদ, নাজীবাদ, ত্রিকোণবাদ, ফেচীবাদ, পুঁজীবাদ, মাৰ্ক্সবাদ, সিদ্ধী প্রাপ্তিৰ আকাংক্ষা, মক্কা-মডিনা, হৰিদ্বাৰ, অমৰনাথ – এই সকলোবোৰৰ মাজত সামঞ্জস্য আছে। নাজীবাদ, ফেঁচীবাদকে ধৰি নিজ নিজ ধৰণে এই সকলোবোৰ মানুহৰ মংগলৰ উদ্দেশ্য বহন কৰে , হয়তো কোনোতো শ্রণীবিশেষ অথবা কোনোতো নহয়। নিশান্তই প্রায়ে ভাবে মানুহৰ মংগলৰ ধাৰণা অতিজৰে পৰা শ্রেণীহীন হোৱা হ’লে পৃথিবীখন হয়তো এতিয়ালৈ এক মানুহৰ সৰ্বমংগলময় পৃথিবীলে পৰিবৰ্ত্তিত হ’ল হয়। গীতাৰ লগত হিন্দুত্বৰ আৰু কোৰাণৰ লগত মুছলমানৰ সাম্প্রদায়িক পৰিচয় নথকা হ’লে মানুহৰ মংগলৰ ক্ষেত্রত এই গ্রন্থবোৰ অধিক ফলপ্রসূ ন’হল হেতেন নে? এই গ্রন্থবোৰৰ পৰিচয় যদি হিন্দুৰ-মুছলমানৰ বা খ্রীষ্টনৰ ধৰ্মীয় গ্রন্থ ৰূপে নহৈ কেৱল মানুহৰ গ্রন্থ হোৱা হ’লে? এই গ্রন্থবোৰৰ লগত সংলগ্ন সাম্প্রদায়িক পৰিচয়বোৰে যে কতবাৰ ধোৱাই গ’ল পৃথিবীৰ বুকু তপত তেজেৰে।

দুপৰ নিশা নিশান্তৰ মনটোক অজস্র আউল লগা আৰু বেবেৰিবাং চিন্তায়ে খেলিমেলি কৰি পেলালে। নেভি কাটৰ পেকেটতোৰ পৰা আন এটা চিগাৰেট উলিয়াই নিশান্তই কেতিয়া জ্বলাই আধা শেষ কৰিলে ধৰিবই নোৱাৰিলে। ‘ভগবান’ আৰু ‘অনুমতিৰ’ পুৰণা অনুসিদ্ধান্তহীন সমীকৰণটোত পুণৰ উজুতি খালে সি। 'ভগবান' আৰু 'অনুমতি' শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম' নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।

….. নিশান্তই খালী চিগাৰেটৰ পেকেটতো খুচৰি খুচৰি ভাৱৰ এখন অনন্য পৃথিবীত ডুব গৈছিল। ডাঙৰকৈ পাৰ্টি মিউজক লগাই জোৰেৰে পাৰ হৈ যোৱা এখন চিদানৰ শব্দত নিশান্ত বাস্তবলৈ ঘূৰি আহিল। ৰাতি পুৱাও পুৱাও। নিয়ন লাইটবোৰৰ পোহৰ আকাশৰ কোমল ৰঙা ৰঙৰ লগত লাহে লাহে মিলি গৈছে। পুৱতি নিশাৰ প্রথম কাউৰীটোৱে কা কা শব্দ কৰি আনবোৰক পুৱাৰ বতৰা দিবলৈ বুলি তাৰ চকুৰ আগেদি উৰা মাৰিলে। ক্লান্ত হৈ পৰা নিশান্তয়ো দেহ এৰি দিলে তাৰ চিনাকী শেতেলীত। সি এতিয়া একাত্ম হ’ব নিজৰ লগত। একাত্ম হ’ব তাৰ টোপনীৰ বুকুত সংগোপনে সাঁচি থোৱা সপোনবোৰৰ লগত য’ত নাথাকিব কোনো ইজিপ্তৰ বা ইজৰাইলৰ কোনো হিসাত্মক ঘটনাত, কাজিৰঙাৰ মৃত গড়, নদীবান্ধ, কচব অথবা ৰিকি পন্টিং।

সকলোকে অলপ সময় লাগে নিজৰ বাবে।

Saturday, November 17, 2012

সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি


ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা  অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও। 

অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই। 


এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।



মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))



অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। 



-সকলোলৈকে ধন্যবাদ জনালো।



-ৰক্তিম-

Thursday, November 15, 2012

প্রকাশ পালে মোৰ সম্পাদনাৰে ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ "সাহিত্য.অৰ্গ"



   অসমীয়াত কথা- বতৰা গোটৰ আলোচনী প্রকাশ বিষয়ক টোকা (http://www.xahitya.org/)



"এই নৱেম্বৰ, সেই নৱেম্বৰ' থীমৰ বহুতো অগতানুগতিক ভিন্নসুৰী লিখনিৰ মেটমৰা বোজাৰে পৰিপূৰ্ণ সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ সংখ্যাটি সম্পাদনা কৰিছে ৰক্তিম গোস্বামীয়ে (Ractim Goswami)৷ তেখেতৰ শক্তিশালী সম্পাদনাৰে সমৃদ্ধ সাহিত্য ডট্ অৰ্গৰ নতুন সংখ্যাটি আপোনালোকলৈ আগবঢ়াই দিয়া হ'ল ৷ অনিচ্ছাকৃত ভুল-ত্ৰুটী দেখিলে আঙুলিয়াই দিলে বাধিত হ'ম ! কৰ্মব্যস্ত জীৱনৰ মাজতো সময় উলিয়াই আগবাঢ়ি অহা সম্পাদক গোস্বামী দেৱৰ লগতে সকলো লেখক আৰু সম্পাদনা প্ৰক্ৰিয়াত জড়িত সকলোলৈকে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো৷ 

ৰাইজে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ফে'চবুক, ইমেইল বা আন মাধ্যমৰৰ দ্বাৰা সাহিত্য ডট্ অৰ্গক প্ৰচাৰ কৰক৷ পঢ়ক আৰু পঢ়ুৱাওক "সাহিত্য ডট্ অৰ্গ" ৷ গৰ্বেৰে কওক "চিৰ চেনেহী মোৰ ভাষা জননী" ৷

Friday, October 19, 2012

সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে


দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো। 

অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো। 

বিষয় বস্তু সম্পৰ্কে
_____________

নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:

-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ

যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে। 

আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।

সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।

শ্রদ্ধা সহকাৰে...

-ৰক্তিম-

https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like