অদৃশ্য লাভাবোৰ....

"……..পৃথিবীৰ ইতিহাসত আটাইতকৈ ভয়ানক আগ্নেয়গিৰীটোৰ উদ্গীৰণ হৈছিল
ইণ্ডনেছীয়াৰ চুম্বাৱা দ্বীপত ১৮১৫ চনত। এই উদ্গীৰণ প্রাণ হেৰুৱাইছিলে প্রায়
১ লক্ষাধিক মানুহে।….
ডিচক'ভাৰী চেনেলৰ নৃতত্ত্ব বিষয়ক
অনুষ্ঠানটিৰ পৰা ভাঁহি অহা কথাখিনি কিয় জানো ভাল নালাগিল। গাঢ়, উত্তপ্ত
লাভা বৈ অহা ৰঙা চিকমিকয়া ছবিবোৰে নিশাৰ শান্ত অথচ ৰহস্যময় পৃথিৱীখনক আৰু
ভয় লগা কৰি তুলিলে। কিবা এক বুজাব নোৱাৰা অস্বস্তিয়ে মনটো আগুৰি ধৰিলে। মন
ভাল লগা বাতৰি এটা চাবলৈ বুলি ৰিমট কণ্ট্রলৰ বটনত ক্রমাৎ হেঁচা পৰিল।
“…নদীবান্ধৰ বিৰোধীতা কালিৰ পৰা অনিৰ্দিষ্ট কাললৈ বিৰোধীৰ অনশনৰ ঘোষণা…”
“ইজিপ্তৰ হিসাত্মক ঘটনাত ৭ জন নিহত…”
“…আৰ্ন্তজাতিক ক্রিকেটৰ পৰা আজি ৰিকি পণ্টিঙে সন্যাস গ্রহণ কৰে। পণ্টিঙে কয়…..”
“…ওৰাংত আজি আৰু এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ।..”
….অসহ্য। অলপ আগেয়ে দেখা লাভাৰ সাগৰখন যেন বুকুত গমগমাই উঠিল বাতৰিবোৰ
দেখি। কৰবাত ফাট মেলা টোপনীৰ উভতি অহা বাটচোৱা ধোঁৱাময় কৰাৰ উদ্দেশ্যে
চিনাকী নেভি কাটৰ পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল’লে নিশান্তই।
নিশান্তৰ অশান্ত মনৰ লগৰী- নেভিকাট। শনিবাৰৰ নিশা দুপৰলৈকে ৰিমৰ্টৰ বটন
টিপি থকা অভ্যাসটো এৰিম বুলি প্রতিটো সোমবাৰেতে পণ কৰা হয় কিন্তু কেতিয়াও
হাতে কামে কামটো সফল নহয় ঠিক তাৰ “কালিৰ পৰা আৰু চিগাৰেট নাখাও” লেখীয়া
কথাটোৰ দৰে। অকলে ঠকা মানুহ এটাৰ মনত অহৰহ বহু কথাই বাঁহ লবলৈ সুযোগ পায়।
ভাল-বেয়া, আস্তিক-নাস্তিক,শুদ্ধ-নষ্ট সকলো চিন্তা কিন্তু মনটো যেতিয়া উদাস
হৈ থাকে নিসংগতাৰ মায়াবী সাপটোৰ দংশন আটাতকৈ বিষাক্ত হয়।
নিশান্তৰ অস্থিৰ আৰু উদাস মনটোক যেন টিভিৰ ৠণাত্মক বাতৰি সমূহে আৰু উদাস
কৰি তুলিলে। তাৰ শুৱণি কোঠাৰ লগতে সংলগ্ন কণমানি বেলকণিটোলৈ বুলি নিশান্ত
ওলাই আহিল। কৰ্মব্যস্ত দূৰৈৰ নিয়ন লাইটবোৰ আৰু দুই এটা বাদুলীৰ বাদে সকলো
নিশাৰ নিস্তব্ধতাৰ লগত একাত্ম। সকলোকে অলপ জিৰণী লাগে। সকলোকে অলপ সময় লাগে
নিজৰ বাবে। টোপনীয়েই হয়তো সেইকণ সময় য’ত প্রতিজন মানুহ অজ্ঞাতসাৰে নিজৰ
লগত বিলীন হয়। প্রত্যোকে একো একোখন নিজস্ব পৃথিবী অলপ সপোনৰ সৈতে সেয়ে হয়তো
টোপনীৰ বুকুত সাঁচি থয় সংগোপনে।
আমিবোৰ হ’ম’চেপিয়েন। ৫০,০০০ বছৰ
পুৰণি আমাৰ স্বভিৱজাত ব্যবহাৰিক জ্ঞানৰ ম্যাদ অথচ আজিও বুজাব নোৱাৰা কিবা
এক অচিন অনুভৱৰ অপ্রাপ্তিৰ এবুকু বেদনা কঢ়িয়াই ফুৰা আমিবোৰ। অপ্রাপ্তিৰ এই
বেদনাৰ বুকুত পৃথিবীৰ প্রতিটো কোণত সৃষ্টি হোৱা অগণন ছবি, অলেখ কবিতা, শত
সহস্র গীত, মন জোকাৰি যোৱা সংগীত। হ’ম’চেপিয়েনৰ অপ্রাপ্তিৰ বেদনাৰ মাদকতা
ইয়াতকৈ আৰু কিমান সুন্দৰ হ’ব পাৰে !!? গীতা, সংহিতা, বেদ, বাইবেল, কোৰাণ,
অস্তিত্ববাদ, নাজীবাদ, ত্রিকোণবাদ, ফেচীবাদ, পুঁজীবাদ, মাৰ্ক্সবাদ, সিদ্ধী
প্রাপ্তিৰ আকাংক্ষা, মক্কা-মডিনা, হৰিদ্বাৰ, অমৰনাথ – এই সকলোবোৰৰ মাজত
সামঞ্জস্য আছে। নাজীবাদ, ফেঁচীবাদকে ধৰি নিজ নিজ ধৰণে এই সকলোবোৰ মানুহৰ
মংগলৰ উদ্দেশ্য বহন কৰে , হয়তো কোনোতো শ্রণীবিশেষ অথবা কোনোতো নহয়।
নিশান্তই প্রায়ে ভাবে মানুহৰ মংগলৰ ধাৰণা অতিজৰে পৰা শ্রেণীহীন হোৱা হ’লে
পৃথিবীখন হয়তো এতিয়ালৈ এক মানুহৰ সৰ্বমংগলময় পৃথিবীলে পৰিবৰ্ত্তিত হ’ল
হয়। গীতাৰ লগত হিন্দুত্বৰ আৰু কোৰাণৰ লগত মুছলমানৰ সাম্প্রদায়িক পৰিচয় নথকা
হ’লে মানুহৰ মংগলৰ ক্ষেত্রত এই গ্রন্থবোৰ অধিক ফলপ্রসূ ন’হল হেতেন নে? এই
গ্রন্থবোৰৰ পৰিচয় যদি হিন্দুৰ-মুছলমানৰ বা খ্রীষ্টনৰ ধৰ্মীয় গ্রন্থ ৰূপে
নহৈ কেৱল মানুহৰ গ্রন্থ হোৱা হ’লে? এই গ্রন্থবোৰৰ লগত সংলগ্ন সাম্প্রদায়িক
পৰিচয়বোৰে যে কতবাৰ ধোৱাই গ’ল পৃথিবীৰ বুকু তপত তেজেৰে।
দুপৰ
নিশা নিশান্তৰ মনটোক অজস্র আউল লগা আৰু বেবেৰিবাং চিন্তায়ে খেলিমেলি কৰি
পেলালে। নেভি কাটৰ পেকেটতোৰ পৰা আন এটা চিগাৰেট উলিয়াই নিশান্তই কেতিয়া
জ্বলাই আধা শেষ কৰিলে ধৰিবই নোৱাৰিলে। ‘ভগবান’ আৰু ‘অনুমতিৰ’ পুৰণা
অনুসিদ্ধান্তহীন সমীকৰণটোত পুণৰ উজুতি খালে সি। 'ভগবান' আৰু 'অনুমতি' শব্দ
দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া 'কৰিব পায়' বা 'কৰিব
নাপায়' নিয়মবোৰ ভগবান নাথাকিলে নাথাকিল হয় নেকি? তেনে ক্ষেত্রত মানুহে
সকলো কাম কৰিলেহেতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত
নিয়ম হ'লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা
শৃংখলাকেন্দ্রিক নিয়ম বনালেহেতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই 'ধৰ্ম'
নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানবীয় শক্তিৰ প্রয়োজন আৰু
যাক 'ভগবান' নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে 'অনুমতি'ৰ প্রশ্নটো।
….. নিশান্তই খালী চিগাৰেটৰ পেকেটতো খুচৰি খুচৰি ভাৱৰ এখন
অনন্য পৃথিবীত ডুব গৈছিল। ডাঙৰকৈ পাৰ্টি মিউজক লগাই জোৰেৰে পাৰ হৈ যোৱা এখন
চিদানৰ শব্দত নিশান্ত বাস্তবলৈ ঘূৰি আহিল। ৰাতি পুৱাও পুৱাও। নিয়ন
লাইটবোৰৰ পোহৰ আকাশৰ কোমল ৰঙা ৰঙৰ লগত লাহে লাহে মিলি গৈছে। পুৱতি নিশাৰ
প্রথম কাউৰীটোৱে কা কা শব্দ কৰি আনবোৰক পুৱাৰ বতৰা দিবলৈ বুলি তাৰ চকুৰ
আগেদি উৰা মাৰিলে। ক্লান্ত হৈ পৰা নিশান্তয়ো দেহ এৰি দিলে তাৰ চিনাকী
শেতেলীত। সি এতিয়া একাত্ম হ’ব নিজৰ লগত। একাত্ম হ’ব তাৰ টোপনীৰ বুকুত
সংগোপনে সাঁচি থোৱা সপোনবোৰৰ লগত য’ত নাথাকিব কোনো ইজিপ্তৰ বা ইজৰাইলৰ কোনো
হিসাত্মক ঘটনাত, কাজিৰঙাৰ মৃত গড়, নদীবান্ধ, কচব অথবা ৰিকি পন্টিং।
সকলোকে অলপ সময় লাগে নিজৰ বাবে।
No comments:
Post a Comment