Tuesday, December 25, 2012

আইঅন ভিক্টৰ এণ্টনেস্কু- ৰোমানিয়াৰ ইতিহাসৰ এক অনাকাংক্ষিত নাম



(ছবিত আইঅন এন্টনেস্কু আৰু হিটলাৰ এক বিশেষ ক্ষণত)


বিশ্ব ইতিহাসৰ ৰাজনৈতিক বা সামৰিকভাবে প্রসিদ্ধ নামবোৰৰ কথা ভাবিলে আমাৰ বহুতৰ মনলৈ হিটলাৰ, চে-গুৱেভাৰা, মাও-চে-টুঙ, ষ্টেলিনৰ অথবা ইডি আমিনৰ কথা পোনপটিয়াকৈ আহে। কিন্তু ইতিহাসৰ ধূলিৰে চাঁনি ধৰা এনে বহু নাম আৰু ঘটনা আছে যিবোৰৰ বিষয়ে সহজতে জানিবলৈ পোৱা নাযায়। ইতিহাসৰ এনে বহুকেইজন সুপ্ত নায়ক, খলনায়কৰ মাজতে এটা অতি অভিশপ্ত আৰু ক্রুৰ অধ্যায় সামঁৰি থকা নাম হৈছে আইঅন এন্টনেস্কু। আইঅন এন্টনেস্কু--- মৃত্যু বিভীষিকাৰ আন এটা নাম যাৰ নামত খোদিত আছে প্রায় ৩ লাখ ইহুদী আৰু ৫ লাখ ৰোমানিয়ান সৈন্য হত্যাৰ এক ৰক্তাক্ত ইতিহাস। এন্টনেস্কু এজন সৈন্যিক, ৰাজনীতিবিদ আৰু ২য় বিশ্বযুদ্ধৰ বেছিভাগ সময়ত ৰোমানিয়াৰ প্রধানমন্ত্রীৰূপত এজন স্বেচ্ছাচাৰী শাসক আছিল।


আইঅন এন্টনেস্কুৰ জন্ম হৈছিল ১৮৮২ চনত ৰোমানিয়াৰ পিটেষ্টি নামৰ এক সৰু অঞ্চলৰ এক অতি সাধাৰণ পৰিয়ালত। আইঅনে শিক্ষা গ্রহণ কৰিছিলে ফৰাছী সামৰিক বিদ্যালয়ত আৰু এই শিক্ষাৰ আধাৰতে ১৯০৭ লেফটেনেন্টৰ সামৰিক পদবী লাভ কৰিছিল। আইঅনৰ তিনি গৰাকী ইহুদী মহিলাৰ লগত বৈবাহিক সম্পৰ্ক আছিল। আইঅনৰ পিতৃয়েও এগৰাকী ইহুদী মহিলাক বিবাহ কৰিবৰ বাবে আইঅনৰ মাতৃৰ লগত বিবিহ বিচ্ছেদ কৰিছিলে। 


ৰোমানিয়াই অট'মেন সাম্রাজ্যৰ পৰা ১৮৭৮ চনৰ ৩ মাৰ্চ তৰিখে মুক্তি লাভ কৰিছিলে। ১৮৮১ চনত ৰোমানিয়াত প্রথম সাংবিধানিক ৰাজতন্ত্র প্রতিষ্ঠা কৰা হয় আৰু ৰজা কেৰল ১-ক প্রথমজন ৰজা হিচাপে শাসনত অধিষ্ঠিত কৰা হয়। ৰোমানিয়াৰ নতুন শাসনে স্বাধীনতা আৰু জাতিয়তাবাদত চূড়ান্তভাবে বিশ্বাস কৰিছিল আৰু প্রাধান্য দিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰোমানিয়াৰ নতুন সাম্রাজ্যৰ পৰা ৰোমানিয়াৰ বহু থলুৱালোক থকা অঞ্চল বাদ পৰিছিল আৰু তাৰে বহু অঞ্চল হাংগেৰিৰ অৰ্ন্তভূক্ত হৈছিল। 


অবাধ প্রবজনৰ বাবে ১৯ শতিকাৰ কালছোৱাত ৰোমানিয়াত ইহুদীলোকৰ সংখ্যা ভয়ানকভাবে বৃ্দ্ধি পাইছিলে। ১৮৯৯ নত এই সংখ্যা ২৬৯,০০০ আছিল আৰু ১৯৩৯ত এই সংখ্যা ৭৬০০০০ হৈ পূৱ ইউৰোপত ৰোমানিয়া ইহুদীলোকৰ তৃতীয় শ্রেষ্ঠ বসতিস্থল হৈছিলগৈ। এই ইহুদীসকলক লাহে লাহে বহু ৰোমানিয়ানলোকে এক অৰ্থনৈতিক ভাবুকি ৰুপে লবলৈ আৰম্ভ কৰে আৰু বহু ইহুদীলোকক ৰোমানিয়াৰ নাগৰিকত্ব গ্রহণৰ পৰা বঞ্চিত কৰা হয়। 


২য় বিশ্বযুদ্ধৰ সময়ছোৱাত এক চূড়ান্ত ৰাজনৈতিক বিপৰ্য্যয়ৰ মধ্যাহ্নত আইঅন এন্টনেস্কুক ইতিমধ্যো প্রমাণ কৰি অহা ৰাজনৈতিক আৰু সামৰিক দক্ষতাৰ বাবে ১৯৪০ চনৰ ৫ চেপ্তেম্বৰত দেশৰ প্রধানমন্ত্রীৰ পদৰ বাবে মনোনীত কৰে। ৰোমানিয়াত ইতিমধ্যো ৰাজতন্ত্র বিফল হৈছিল। শাসনত অধিষ্ঠিত হৈয়ে আইঅনে জামাৰ্নীৰ প্রত্যক্ষ সহযোগত ৰোমানিয়াত National Legionary Government ৰ প্রতিস্থা কৰে। ৭ অক্টোবৰত জামাৰ্নীয়ে ৰোমানিয়াত প্রবেশ কৰে আৰু আইঅনে ২৩ নবেম্বৰত ২য় বিশ্বযুদ্ধত 'এক্সিচ পাৱাৰ'ৰ হৈ জামাৰ্নী, ইটালী আৰু জাপানক সহযোগৰ আস্বাসনেৰে যুদ্ধত যোগদান কৰে। ইতিমধ্যো ইহুদীসকলৰ ওপৰত অন্যায় আৰম্ভ হৈছিল আৰু তেওলোকক ছোভিয়েট ৰাচীয়াৰ গুপ্তচৰ সন্দেহত অতিশৰ্য্যা চলোৱা হৈছিল। 



পৰবৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান'ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত প্রায় ১৯৪১ চনৰ ২১ৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ৫৪০০০ ইহুদীক হত্যা কৰা হৈছিল। ৰোমানিয়ান বাহিনীয়ে তাৰ পিছত অডো নামৰ অঞ্চলত ১ লাখ , লাচিত ১৩ হাজাৰ ইহুদীক বৰ্বৰভাবে হত্যা কৰে। ইহুদী হত্যাৰ আন দুটা ৰোমানিয়ান কনচেনট্রেচন কেম্প হৈছে ড'মানেভকা, পিচ'ৰা আৰু আখমেটচিটকা। কোৱা হয় যে যুদ্ধৰ পূৰ্বৰ ৭৬০০০০ জন ইহুদীলোকৰ ৪২০০০০ জনে আইঅন এন্টনেস্কুৰ শাসন কালত অমানবীয় মৃত্যুক সাবটি লৈছিল। পিছলৈ যুদ্ধৰ পৰিণতি হিটলাৰৰ বিপৰীতে যোৱা দেখি আৰু দেশৰ অৰ্থনীতিৰ কথা চিন্তা কৰি আইঅন এন্টনেস্কুয়ে প্রায় ৩ লাখ ইহুদীক নাজী কনচেনট্রেচন কেম্পলৈ পঠিয়াবলৈ কৰা হিটলাৰৰ অনুৰোধ প্রত্যাখান কৰিছিল। 


১৯৪৬ চনৰ ১ জুনত যুদ্ধজনিত বহু ভয়ানক আৰু হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগত ৰোমানিয়ান পিপলচ ট্রিবিউনেলে আইঅন এন্টনেস্কুক মৃত্যু দণ্ডৰে দণ্ডিত কৰে।

No comments:

Post a Comment